নীলিম কুমাৰৰ কবিতাৰ পৰা গজি উঠা কবিতা

 বেদান্ত নাথ

 

আ‌ঙ্গিক আৰু বিষয়-বস্তুৰ নতুনত্বৰে কবি উৰ্মি জুলী শইকীয়াই অসমীয়া
কবিতাত নিজৰ এক পৰিচয়‌ গঢ়ি তোলা আমি দেখিবলৈ পাইছোঁ। উৰ্মি জুলীৰ কবিতাসমূহ
সমসাময়িক কবিসকলতকৈ বিশেষকৈ মহিলা কবিসকলতকৈ কিছু পৃথক। কবি উৰ্মি জুলীৰ
প্ৰায়বোৰ কবিতাত সামাজিক-ৰাজনৈতিক
 স্থিতাৱস্থাৰ
বিৰুদ্ধে প্ৰতিবাদৰ এক ধ্বনি শুনিবলৈ পোৱা যায়। নাৰীবাদী কবি হিচাপেও উৰ্মি জুলী
শইকীয়াই নিজৰ পৰিচয় দিছে৷‌ কবিৰ ‘চৰাইবোৰে ভাবিছে আমিও অৰণ্য’ কবিতা পুথিখনৰ
মাজেদি কবিৰ প্ৰতি আমাৰ এই ধাৰণা অধিক দৃঢ় হৈছে। কিন্তু আজি আমি আলোচনা কৰিবলৈ
লোৱা প্ৰসঙ্গটো পৃথক৷ উৰ্মি জুলী শইকীয়াই পৃথিৱীৰ কোনেও ক’তো কাহিনীও নকৰা কাম
এটাৰ মাজেৰে হঠাতে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত জোকাৰণি এটাৰ সৃষ্টি কৰিছিল। ২০২২
চনত উৰ্মি জুলী শইকীয়াৰ ‘এদিন‌ মোৰ ঘৰলৈ‌ আহিবা য’ত মোৰ জন্ম হৈছিল সেই দুখৰ ঘৰটো
চাই
  যাবা’ শীৰ্ষক কবিতা পুথিখন প্ৰকাশ হৈ
ওলায়৷ ইয়াৰ
 আগলৈকে অসমৰ পাঠকসকলৰ উৰ্মি জুলী
শইকীয়াৰ কবিতাৰ স’তে
  পৰিচয়
নাছিল৷ লগে লগে খেনোৱে অসন্তুষ্টি
  দেখুৱালে, খেনোৱে আকৌ জাঙুৰ খাই উঠিল৷ তাৰমাজতে
সমালোচক অৰিন্দম বৰকটকীৰ নাতিদীৰ্ঘ পাতনি আৰু কবি
, ঔপন্যাসিক, সমালোচক মৃদুল শৰ্মাই “যুৰীয়া
বাক্যৰে নামকৰণৰ‌ দিশৰ পৰা এইখন প্ৰথম অসমীয়া কিতাপ” বুলি মতামত আগবঢ়াই উৰ্মি
জুলী শইকীয়াক জটিল সময়ছোৱাত অলপমান সকাহ দিলে। “পৃথিৱীৰ কোনো ভাষাতে এনে ধৰণৰ
প্ৰচেষ্টা আগতে কোনেও দেখিবলৈ পোৱা নাই” বুলি
  কবি নীলিম কুমাৰেও উৰ্মি জুলী শইকীয়াৰ প্ৰশংসাত সোচ্ছাৰ হৈ উঠা দেখা
গ’ল। বাদ-বিবাদৰ মাজতো কিতাপখন পাঠকে আদৰি লোৱাটো আছিল সেই সময়ৰ এটা ইতিবাচক দিশ৷
ই আমাক অসমীয়া পাঠকৰ ৰুচিবোধৰো উমান দিয়ে৷ এইখিনিতেই স্বাভাৱিকতে মনলৈ অহা
প্ৰশ্নটো হ’ল উৰ্মি জুলী শইকীয়াই এনে কি কৰিলে যে অসমীয়া কবিতাৰ জগতখনতে জোকাৰণি
তুলি গ’ল৷

    এদিন‌ মোৰ ঘৰলৈ‌ আহিবা য’ত মোৰ জন্ম হৈছিল সেই
দুখৰ ঘৰটো চাই
  যাবা’ৰ
কবিতাসমূহৰ নিৰ্মাণৰ পৃষ্ঠভূমি আছিল নীলিম কুমাৰৰ কিছু সংখ্যক কবিতা৷ অৰ্থাৎ থোৰতে
ক’ব পাৰি এই কবিতাসমূহ নীলিম কুমাৰৰ কবিতাৰ পৰা গজি উঠা কবিতা৷ নীলিম কুমাৰৰ
কবিতাৰ জগতখনৰ ৰস আস্বাদন কৰি
, নীলিম
কুমাৰৰ কবিতাত বাৰে বাৰে বিচৰণ কৰি
, পৰিভ্ৰমণ
কৰি অনুভূত হোৱা ভাৱনাৰ পৰাই উৰ্মি জুলী শইকীয়াই কবিতাখিনিৰ নিৰ্মাণ কৰিছে৷ এটা
ভাষাৰ যুগ নিৰ্ণয়কাৰী এজন কবিৰ কবিতাক এনেদৰে পুংখানুপুংখভাৱে অধ্যয়ন কৰি তেওঁৰ
সৃষ্টিত বিচৰণ কৰি তাৰ পুনৰ নিৰ্মাণৰ চেষ্টা এটা অতি দুৰূহ কাম৷ এনে ধৰণৰ দুঃসাহসিক
প্ৰচেষ্টাই মুকলি কৰা কবিতাৰ বিভিন্ন দিশসমূহৰ আলোচনা অসমীয়া কবিতাত দেখিবলৈ পোৱা
নাই বুলিয়েই ক’ব পাৰি৷ আমি ‘প্ৰৱাহ’ আলোচনীত পূৰ্বৰ এটা প্ৰবন্ধত এই বিষয়ে কিছু
আলোচনা কৰাৰ প্ৰয়াস কৰিছিলোঁ৷ পুনৰ এই প্ৰবন্ধত নীলিম কুমাৰৰ এটা কবিতা আৰু তাৰ
পৰা সৃষ্টি হোৱা উৰ্মি জুলী শইকীয়াৰ এটা কবিতা সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়াস
কৰিলোঁ৷

‘শূন্যতাৰ স’তে’ (নীলিম কুমাৰ)

    দূৰত শাৰী শাৰী পাহাৰৰ পিঠিবোৰ জিলিকি আছে৷

চৌদিশে গছ বিৰিখৰ অসংখ্য সেউজীয়া। পাহাৰীয়া এটা নদী। নদীৰ দুয়োপাৰে
    ঘাঁহ আৰু নল খাগৰিৰ জোপোহা।

ওপৰত আকাশ৷ বতৰ ফৰকাল হ’লেও চপৰা চপৰ মেঘ।

নদীৰ ওপৰত সৰ্বাংগ কাঠৰ দলং। দলঙৰ তলৰ পানীতো‌ মেঘ৷ প্ৰতিবিম্ব আকাশৰ৷
প্ৰতিবিম্বৰ মাজেৰে পানী বৈ গৈছে। আৰু চিৰাচৰিত এই দৃশ্যটো পুৰণি নকৰিবলৈ দলঙৰ
ৰেলিঙত মই বহি
  আছোঁ।

মোৰ প্ৰতিবিম্ব দলঙৰ তলৰ স্বচ্ছ পানীত৷ দলঙৰ তলেৰে  আৰু মোৰ প্ৰতিবিম্বৰ মাজেৰে নাচি নাচি পানী বৈ
গৈছে৷

মাজে মাজে মই মূৰ জোকাৰি মোৰ প্ৰতিবিম্বটোকো লৰাওঁ, জোকাৰোঁ৷ এনেদৰে দলঙৰ তলত মোৰ প্ৰতিবিম্বই

পানীৰ স’তে খেলি থাকোঁতে হঠাৎ দেখিলো আৰু এটি প্ৰতিবিম্ব৷ এগৰাকী
নাৰীৰ। সেই প্ৰতিবিম্বই মোৰ প্ৰতিবিম্বৰ হাতত ধৰিলে৷ অথচ দলঙৰ ৰেলিঙত বহি থকা মইজন
অকলে৷ কোনেও মোৰ হাতত ধৰি থকা নাই। তেতিয়াই মই তেওঁক চিনি পালো৷ মই তেওঁক লৈ
আহিলো মোৰ তেজেৰে লিপা ঘৰটোলৈ৷

পৰিশিষ্ট : আপুনি ভাবিছে তেওঁ কোন

         ‌     ‌শূন্যতা নহৈ তেওঁ কোন হ’ব পাৰে ?

                                      
এই কবিতাটোত নীলিম কুমাৰে বিভিন্ন চিত্ৰকল্পৰ
প্ৰয়োগেৰে‌ এখন ছবি আঁকিছে। শাৰী শাৰী গছ। নদীৰ দুয়োপাৰে ঘাঁহ। নল খাগৰিৰ
জোপোহা। পাহাৰ। ফৰকাল আকাশৰ চপৰা-চপৰ মেঘ৷ দলঙৰ ৰেলিং৷ দলঙৰ তলতো প্ৰতিবিম্বৰ
আকাশ। প্ৰতিবিম্বৰ মাজেৰে বৈ যোৱা পানী৷ কেতিয়াও পুৰণি নোহোৱা চিৰাচৰিত মনোৰম
প্ৰকৃতিৰ এখন ছবি৷ অথচ “সেই দৃশ্যটো পুৰণি নকৰিবলৈ দলঙৰ ৰেলিঙত মই বহি আছোঁ” বুলি
কোৱা কথাটোৱে আমাক এটা ইঙ্গিত দিয়ে। এই ইঙ্গিত নি:সঙ্গতাৰ ইঙ্গিত। শূন্যতাৰ
ইঙ্গিত‌। এই নি:সঙ্গতা কবিৰ ব্যক্তিগত। পাছ মুহূর্ততে
  এই নি:সঙ্গতা অধিক স্পষ্ট হৈ উঠিছে যেতিয়া কবি
দলঙত বহি আছে অকলশৰে আৰু কবিৰ প্ৰতিবিম্বৰ মাজেৰে বৈ যোৱা পানীলৈ চাই আছে৷ কবিয়ে
দলঙৰ ওপৰত মূৰ জোকাৰি লৰাই দলঙৰ তলৰ প্ৰতিবিম্বটোক লৰাইছে
, জোকাৰিছে।

    ইয়াত পষ্টম’ডাৰ্ন কবিতাৰ বৈশিষ্ট্যসমূহৰ
সাৰ্থক প্ৰতিফলন দেখিবলৈ পোৱা গৈছে৷‌ সহজ চিত্ৰকল্পৰ ব্যৱহাৰ
, ভাষাৰ সৰলীকৰণ, চিত্ৰকল্পৰে একোখন ছবিৰ নিৰ্মাণ কৰা, প্ৰতীকৰ সৰলতা, ব্যক্তিগত
অভিজ্ঞতাৰ প্ৰাধান্য
, ব্যক্তিগত সুখ-দুখৰ উদযাপন…

এই কথাটো ইতিমধ্যে‌ সকলোৱে মানি লৈছে যে নীলিম কুমাৰ অসমীয়া কবিতাৰ ষ্টম’ডাৰ্ন  যুগটোৰ
সকলোতকৈ‌ প্ৰভাৱশালী কবি৷ তাতকৈ আগবাঢ়ি এনেকৈও ক’ব পাৰি যে তেওঁৰ আঙুলিত ধৰিয়েই
অসমীয়া কবিতালৈ ষ্টম’ডাৰ্ন কবিতাৰ ধাৰণা আৰু কৌশলৰ আগমন ঘটিছে৷ কবিতাটোৰ শেষত পানীত
প্ৰতিবিম্বিত হোৱা তেওঁৰ হাতত ধৰি থকা অথচ দলঙৰ ওপৰত দেখা নোপোৱা অদৃশ্য
নাৰীগৰাকীৰ প্ৰতীকেৰে কবিয়ে তেওঁৰ জীৱন বিয়পি‌ থকা শূন্যতাৰ কথাকে বুজাইছে৷ যি
প্ৰতিমুহূর্ত‌ তেওঁৰ লগে লগে থাকে, যাক কবিৰ বাহিৰে আন কোনেও দেখিবলৈ নাপায়৷ শেষত
তেজেৰে লিপা ঘৰটোলৈ লৈ অহাৰ কথা উল্লেখ কৰি কবি নীলিম কুমাৰে তেজৰ ঘৰটোৰ মাজেৰে
তেওঁৰ ব্যক্তিগত যন্ত্ৰণাদগ্ধ জীৱনটোৰ কথাই ইঙ্গিত দিছে। নীলিম কুমাৰৰ এই
মৰ্মস্পৰ্শী কবিতাটোৰ পৰাই উৰ্মি জুলী শইকীয়াৰ
  ‘শূন্যতাৰ স’তে -২’ কবিতাটোৰ জন্ম হৈছে৷ অতি আকৰ্ষণীয় কথাটো হৈছে
নীলিম কুমাৰে য’ত কবিতাটো শেষ কৰিছে উৰ্মি জুলী শইকীয়াই তাৰ পৰা কবিতাটো আৰম্ভ
কৰিছে৷ ইয়াত উৰ্মি জুলীয়ে নিজকে শূন্যতাৰূপী নাৰীজনীলৈ ৰূপান্তৰিত কৰিছে৷‌

            তুমি দলঙৰ ৰেলিঙত বহি থাকোঁতে

তোমাৰ কাষত বহি থকা সেই নাৰী আন‌‌ কোনো‌ নহয় ময়েই।

মোৰ নাম শূন্যতা৷ ময়েই তোমাৰ হাতত ধৰিছিলোঁ।

তুমি মোক তোমাৰ তেজেৰে লিপা ঘৰটোলৈ লৈ গৈছিলা”

          ‌‌‌‌‌‌‌                                       ‌‌(উৰ্মি জুলী)

নীলিম কুমাৰে কবিতাটোৰ শেষ কৰিছে এইদৰে

তেতিয়াই মই তেওঁক চিনি পালো। মই তেওঁক লৈ আহিলো  মোৰ তেজেৰে লিপা     ঘৰটোলৈ।”
অৰ্থাৎ ইয়াৰ পাছত কবিৰ কি হ’ল, সেই শূন্যতাৰ কৱলৰ পৰা কবিয়ে উদ্ধাৰ পালে নে নাপালে সেই চিন্তা কবিয়ে পাঠকলৈ এৰি দিছে‌। কিন্তু কবি উৰ্মি জুলী সেই শূন্যতাৰ
অনুসন্ধানত ব্ৰতী হৈছে। উৰ্মি জুলীয়ে কবি নীলিম কুমাৰক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে। কবিৰ ভাৱনাত বিচৰণ
কৰিছে‌। শেষত উৰ্মি জুলীয়ে বিচাৰি পাইছে-

    এতিয়া আকৌ দলঙৰ ৰেলিঙত তুমি মই বহি  আছোঁ।

    চিৰাচৰিত দৃশ্য পুৰণি নকৰি

বৈ গৈছে পানী আকাশ মেঘ আমাৰ প্ৰতিবিম্বৰ মাজেৰে।”

এই শূন্যতাৰ পৰা কবি মুক্ত‌ হ’ব পৰা নাই৷ এই
শূন্যতা কবিৰ প্ৰেয়সী অথবা পত্নীৰ‌ দৰে যি প্ৰতিনিয়ত কবিৰ স’তে সহবাস কৰিছে‌।
কবিৰ তেজেৰে লিপা ঘৰত৷
কবি উৰ্মি জুলীয়ে এই শূন্যতাক কবি নীলিম কুমাৰে‌
কোৱাৰ দৰে ব্যক্তিগত শূন্যতাতেই সীমাবদ্ধ কৰি
ৰখা নাই। এই শূন্যতাই ব্যক্তি-শূন্যতাৰ পৰিধি
ভাঙি এক সৰ্বব্যাপী শূন্যতাৰ ৰূপ পৰিগ্ৰহ কৰিছে৷ এই শূন্যতা যেন সকলোতে বিৰাজমান-

          দলঙৰ পানীৰ তলতো‌

সৰ্বাংগ এখন কাঠৰ দলং নদীৰ ওপৰতো‌

আমাৰ ওপৰত ফৰকাল আকাশ, চপৰা চপৰ
মেঘ ….

নল খাগৰিৰ জোপোহা আৰু‌ ঘাঁহ পাহাৰীয়া নদীৰ দুয়ো পাৰে …”

এইখিনিতেই উৰ্মি জুলী শইকীয়াৰ কবিতাৰ সৌন্দৰ্য
নিহিত হৈ আছে। ইয়াত কবি উৰ্মি জুলীয়ে নীলিম কুমাৰৰ কবিতাৰ ভাবনাৰ একে স্তৰতে
বিচৰণ কৰি নীলিম কুমাৰত লীন গৈ নীলিম কুমাৰক পুনৰ নিৰ্মাণ কৰি নীলিম কুমাৰকে
অতিক্ৰম কৰিছেগৈ। আৰু ইয়াৰ মাজতে কবি নীলিম কুমাৰেও সাৰ্থকতা লাভ কৰিছে। 

কোনো ভাষাতে
কোনো‌ কালে নোহোৱা এনে এক প্ৰচেষ্টাৰ বাবে উৰ্মি জুলী শইকীয়া সদায় প্ৰশংসাৰ‌
যোগ্য হৈ থাকিব। উৰ্মি জুলীৰ এই প্ৰচেষ্টাই অসমীয়া কবিতাৰ ক্ষেত্ৰতো এক নতুন
অধ্যায় সংযুক্ত কৰিলে। উৰ্মি জুলী শইকীয়াৰ এই দুৰূহ প্ৰচেষ্টাৰ বিজ্ঞানসন্মত
আলোচনাই কবিতাৰ অধ্যয়নৰ ক্ষেত্ৰত অনেক নতুন‌‌ নতুন দিশৰ সূচনা কৰিব৷

 ***

 

ফোন : ৭০৯৯০০৬৬৯২