অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ

 জ্যোতি খাটনিয়াৰ

 

মানুহৰ
অৱয়বক
(Human Figure) বাদ দি যেন একোৱেই ভাবিব নোৱাৰোঁ৷ আকৌ সেইবোৰৰ
মাজলৈ ঘূৰি আহোঁ৷
শিল্পৰ ৰসাস্বাদনত শিল্পীৰ সৈতে কথোপকথন কিমান
গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে মতৰ ভিন্নতা থাকিলেও
, এতিয়ালৈকে যি
কেইজন অসমীয়া শিল্পীৰ কামৰ সৈতে আত্ম
সংযোগ স্থাপনৰ চেষ্টা কৰিছোঁ,
তেওঁলোকৰ সৈতে কথা পাতি বেছ উপকৃত হৈছোঁ৷অৱয়বৰ
নিৰন্তৰ উপস্থিতি
’– দৰাচলতে এটা শক্তিশালী ধাৰণা৷ কাৰণ অৱয়ব
মানেই জীৱনৰ পূঞ্জীভূত
(Pent-up) এটা ৰূপ, সঞ্জীৱনী সুধা৷ কি নাই এই ৰূপত, এই ৰূপৰ হাতত ধৰি অলপ
আগুৱাই গ
লেই আমি পাওঁ ৰূপ কল্পনাৰ এক অপূৰ্ব জগত, ভাৱবিন্যাস আৰু সম্ভাৱনীয়তাৰ নানান তৰপীয়া উন্মেষ৷ শীতৰ কুঁৱলী ফালি অহা কোমল সূৰ্যৰ কিৰণৰ দৰেই 
উমাল তাৰ উপস্থিতি,
নাইবা গ্ৰীষ্মৰ বিয়লিৰ মলয়াৰ দৰেই দৰেই 
স্নিগ্ধ তাৰ উপস্থিতি৷

শিল্পী অনুপ কুমাৰ
শৰ্মা

(জন্ম: /১১/১৯৬৬)-ৰ এক ব্যক্তিগত কথোপকথনৰ উদ্ধৃতিৰে এই লেখাৰ আৰম্ভণি৷
তেওঁৰ শিল্পৰ কৰ্মৰ অন্তৰ্মুখী জীৱন আৰু তাৰ মাজেদি আমালৈ আগবাঢ়ি অহা কথা
বতৰাৰ সৈতে হোৱা পৰিচয়ৰ এক চমু আভাসেই এই নাতিদীৰ্ঘ টোকাটোৰ বিষয়বস্তু আৰু
ইয়াৰ পৰিসৰ৷ চকুৰ আগৰ যিবোৰ ঘটনা
, জীৱনযাত্ৰাৰ
টুকুৰা ছবি মন
মগজুৰ আগেৰে আৰু মাজেৰে অহাযোৱা কৰি থাকে, সেইবোৰকে অনুপ শৰ্মাই বুটলি লৈছে৷ তেওঁৰ
মনত দোলা দিছে এনেবোৰ ফৰ্মে
, যিবোৰৰ মাজেদি তেওঁ ব্যক্তিগত
(Individual) আৰু সামূহিক (Universal) চেতনাবোধ
সংপৃক্ত
(Saturated) ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷

তেওঁৰ বাবে কেনভাছখন
এখন চলন্ত নৌকাৰ দৰে৷ প্ৰকৃতি এটা নিৰ্দিষ্ট উদ্দেশ্যৰ সমষ্টি নহয়৷ এইখিনিতে পৰম্পৰাগত
ৰোমাণ্টিকসকলৰ সৈতে তেওঁৰ গভীৰ পাৰ্থক্য৷ প্ৰকৃতি তেওঁৰ বাবে
surrealist-সকলৰ spring board-অৰ লেখিয়া৷ এই প্ৰকৃতিয়ে (নদী, সাগৰ, চলমান জলৰাশি,
দ্বীপ, উপত্যকা আদিয়ে) তেওঁক
এক নিৰন্তৰ শক্তিৰ যোগান ধৰে
, অনুভূতিৰ এক মৰ্মস্পৰ্শী তীব্ৰতাক
তেওঁৰ কেনভাছলৈ
, ৰেখাকৰ্মলৈ কঢ়িয়াই আনে, যিবোৰ তাত সংযোগ কৰে এক অতলস্পৰ্শী গভীৰতাক৷ এই গভীৰতা
মনৰ এক বিশেষ পৰ্যায়ৰ
; লগতে ই জ্ঞান আৰু আনন্দ দুয়োৰে এক সুষম
সমন্বয়৷

ৰূপৰ এই অহাযোৱা,
ৰূপবোৰৰ নিৰন্তৰ উপস্থিতি, তাৰ বিভিন্ন ধৰণৰ আন্তঃসংযোগ
(inter-connectivity)-এইবোৰ আমাক সহজেই মনত পেলাই দিব পাৰে, ভাৰতীয় চিন্তাত প্ৰভাৱশীল পঞ্চ স্কন্ধলৈ৷ এইপঞ্চ স্কন্ধ
পাঁচ প্ৰকাৰৰ পৰিৱৰ্তনশীল উপাদানৰ সমষ্টি৷ সেইবোৰ হ : () দেহৰ বিভিন্ন আকাৰ
(ৰূপ); () সুখ, দুখ, বিৰাগৰ অনুভূতি (বেদনা);
() নাম, বোধ ইত্যাদিৰ প্ৰত্যক্ষ
(সংজ্ঞা); () অতীতৰ অভিজ্ঞতাৰ
সংবেদন উৎপত্তি কৰা প্ৰবৃত্তি
(সংস্কাৰ), আৰু চৈতন্য (বিজ্ঞান)৷ বৌদ্ধ দৰ্শনত
পাছৰ চাৰিটা উপাদানক নাম বোলা হয়৷ এই চিন্তাত সেয়েহে
, মানুহক
নামৰূপৰ সমষ্টি বুলি ধৰা হৈছে৷ অনুপ কুমাৰ শৰ্মাৰ
হাতৰ অংকন
, ৰূপৰেখাৰ সমন্বয়, কেনভাছত ভাঁহি অহা জগতএই সকলোবোৰে এনেধৰণৰ এক চেতনা
স্ৰোতৰ সৃষ্টি কৰে৷

তেওঁ বাচি লয় সেইবোৰ
সমষ্টিৰ বিন্যাস
(arrangement of constitution), যিবোৰৰ যোগেদি
তেওঁ অনুভূতি আৰু প্ৰবৃত্তি উভয়েৰে সঞ্চাৰ কৰিব পাৰে৷ উদাহৰণস্বৰূপে
, শিল্পকৰ্ম ()টোৰ কথাই আমি কব পাৰোঁ৷ প্ৰবহমান জলৰাশিত জীৱন আৰু তাত সংৰোপিত বস্তুপুঞ্জই কঢ়িয়াই অনা বতৰা বহু
তৰপীয়া৷ শৰ্মাৰ ছবিৰ আমাক মনোযোগ আকৰ্ষণ কৰা দৃশ্যৰাজিৰ আঁৰত আমি চাৰিটা কথা বিচাৰি
পাব পাৰোঁ৷

প্ৰথমতে, শিল্পীজনাই আমাৰ দৃশ্যমান বস্তুপুঞ্জৰ অস্তিত্ব তেওঁৰ শিল্পকৰ্মলৈ আনিছে৷ দ্বিতীয়তে,
ইয়াৰ সংৰচনাৰ জৰিয়তে আমাৰ মনোজগতৰ ওপৰত তাৰ প্ৰভাৱ দেখুওৱা হৈছে৷ তৃতীয়তে,
আমাৰ পৰিচিত বস্তুপুঞ্জক নতুন বা প্ৰয়োজনীয় ধৰণেৰে বিন্যাস কৰি লোৱা
হৈছে৷ আৰু চতুৰ্থতে
, ব্যৱহৃত অৱয়ব, ৰূপ
আৰু ৰেখাৰ বিন্যাসেৰে আহি পৰা যতন
, প্ৰতীকসমূহক এক সামগ্ৰিক আৰু
সুসংহত ৰূপ দিয়াৰ প্ৰয়াস৷ এই চাৰিটা দিশে শৰ্মাৰ শিল্পকৰ্মক এক গতি আৰু আয়তন প্ৰদান
কৰিছে৷ উদাহৰণস্বৰূপে
, তলৰ নীলাৰ বিভিন্ন Tone ৰ শিল্পকৰ্মটোৰ কথা কব পাৰি৷ এই শিল্পকৰ্মটোক নীলা ৰংটোৱে এক বিশিষ্ট গতি প্ৰদান কৰিছে৷ ই অকল ৰং
হৈয়ে থকা নাই
; ই সৃষ্টি কৰিছে এক ধ্বনিময় তন্ময়তাৰ৷ দৰ্শকৰ দৃষ্টি (gaze)
ইয়াত দৃঢ়পিনদ্ধ নহৈ, এক ধৰণৰ জিলিঙনিৰ মাজলৈ সোমাই
গৈছে৷ কেউটা ৰূপে এক ধৰণৰ কথোপকথনৰ সৃষ্টি কৰিছে৷ কেনভাছখন এক সুনিৰ্দিষ্ট অৰ্থত আকৰ
হৈ থকা নাই
; ই প্ৰসাৰিত হৈছে বহুধাবিভক্ত অৰ্থৰ সমষ্টিলৈ৷
দৰ্শকে এনে কেনভাছৰ সন্মুখত থিয় হৈ
কিবা আন এক দিশলৈ
নিজৰ মনোযোগ ধাৱিত হোৱা বুলি অনুমান কৰিব পাৰে৷ আনকি দৰ্শকে অৰ্থৰ পুনৰুদ্ধাৰ
(retrieve) কৰাৰ সম্ভাৱনাও এনে শিল্পকৰ্মই বহন কৰে৷ শিল্পীৰ অভিজ্ঞতা,
শিল্পকৰ্মটোৰ নিজা জীৱন আৰু দৰ্শকৰ অভিজ্ঞতা– এই
সকলোবোৰে ইয়াক এক বিশিষ্ট অনুভূতিৰ অংশীদাৰ কৰি তুলিছে৷ শিল্পকৰ্মটোত অন্তৰ্নিহিত এক
ঐক্য
(Unity)- সন্ধান আছে৷ প্ৰত্যেকটো মানৱীয়
অৱয়ব
(Human Figure)- ইয়াত শংকা বা উৎকণ্ঠাৰ অস্থিৰ জগতখনত পৰা
আঁতৰি গৈছে৷ শিল্পীয়ে দৰাচলতে
নীলাৰঙৰ
জৰিয়তে সেইটোকে সফলতাৰে প্ৰতিপন্ন কৰিছে৷ ব্যক্তিগত ৰূপবোৰে
(যি অকল মানৱীয় অৱয়বতে সীমাৱদ্ধ হৈ থকা নাই, প্ৰকৃতিৰ আন
কিছু সম্পদকো কেনভাছৰ ভিতৰুৱা কৰি তুলিছে
) এক সাৰ্বজনীন
সূক্ষ্মৰ ফালে গতি কৰিছে৷ বৌদ্ধ দৰ্শনৰ যোগাচাৰ চিন্তাত ‘আলয় বিজ্ঞানৰ এক বিশেষ ধাৰণা আছে৷ তাত সমুদায় তথ্যপাতি সংৰক্ষণ আৰু এক প্ৰক্ৰিয়াৰ মাজেৰে, আজিকালিৰ তথ্যপ্ৰযুক্তিৰ ‘Process’ কৰা বুলি, আগুৱাই নিয়া হয়৷ তথ্যৰ সৈতে মনৰ এই সংযোগ, তাৰ পাছত এই
তথ্য আৰু তাৰ সৈতে সংলগ্ন জ্ঞানৰ মন্থন
, ৰবাত স্মৃতিৰ বিশাল আয়োজন (যি হয়তো নিদ্ৰিত অৱস্থাৰ মাজেৰেও
আহিব পাৰে
)– এই কেনভাছত তাৰ যেন কিছু বতৰাও আছে৷


তেনেদৰে শৰ্মাৰ এখন
কেনভাছত এক ঔদ্যোগিক পৰিমণ্ডলত মানুহৰ অস্তিত্ব আৰু ইয়াৰ আনুষংগিক প্ৰশ্নসমূহৰ বলিষ্ঠ
উপস্থাপন আছে৷ ছবিৰ আগ্ৰহী দৰ্শকে এই ক্ষেত্ৰত গীয়ৰ্গীঅ
দ্য ছিৰিকো (Giorgio de chirico’ ১৯৮৮১৯৭৮) আৰু অতি সহজে ছালভাডৰ ডালিলৈ (Salvador
Dali; ১৯০৪১৯৮৯) মনত পেলাব
পাৰে৷ ছিৰিকোৰ
‘Hallucinatory and dream-like intensity’-ৰ ৰেশ
আমি শৰ্মাৰ দুয়োটা শিল্পকৰ্মতে অনুভৱ কৰোঁ৷ নীলা ৰঙেৰে সিক্ত কেনভাছে যদি সৃষ্টিৰ আগমুহূৰ্তৰ
এক অপেক্ষাৰত মুহূৰ্তক ধৰি ৰাখিছে
, তেনেহলে আনটো শিল্পকৰ্মই (৩ নং) জীৱনৰ
বহুল ঘটনা প্ৰৱাহৰ মাজত উৎকণ্ঠা অন্তৰ্মুখী দৃষ্টিকোণ
, বিৰোধাভাষৰ
স্পষ্ট বাৰ্তা আছে৷ স্পষ্টকৈ সপোনৰ আভাস
; কিন্তু এই সপোনৰ অন্তঃলয়
বুজাটো সহজ নহয়৷ মহান চিন্তাবিদ ছিগমণ্ড ফ্ৰয়ডক যেতিয়া ছাৰৰিয়েলিষ্টসকলৰ সপোন সম্পৰ্কীয়
এখন সংকলনত লিখিবলৈ কোৱা হ
, তেতিয়া তেওঁ
এই প্ৰসংগত নিজৰ অপাৰগতা প্ৰকাশ কৰি এনেদৰে ক
লে, “a
mere collection of dreams, without the dreamer’s association, without knowledge
of the circumstances in which, they occurred, tells me nothing and I can hardly
imagine what it would tell anything.” অৰ্থাৎ সপোন আৰু তাৰ সৈতে আনুষংগিক
বিষয়
, পৃষ্ঠভূমিৰ সংযোগইত্যাদিৰ এক শৃংখলে
সপোনৰ বিষয়বস্তু নাইবা তাৰ অৰ্থক আমাৰ বাবে তাৎপৰ্যপূৰ্ণ কৰি তোলে৷ শিল্পী অনুপ কুমাৰ
শৰ্মাৰ কেনভাছত সপোন এক বিশৃংখল
, আন্তঃগাঁথনি শূন্য কাৰবাৰ নহয়৷
ই অভিজ্ঞতাৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ বাৰ্তা বহনকাৰী
, অভিজ্ঞতাৰ বহল
পথাৰত তাৰ শক্তিশালী উৰণ৷ ইয়াত ভাবনা নিয়ন্ত্ৰিত আৰু পৰীক্ষণৰ কাঠামোৰ মাজেৰে সৰকি
অহা৷ স্মৰ্তব্য যে শিল্পী শৰ্মা কিছুদিন মাজুলীত আছিল
; সত্ৰীয়া
সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ মুখাশিল্পই তেওঁৰ মনোজগত চুইছিল৷ তেওঁৰ হাতত অৱয়বসমূহে
সেয়েহে আন এক অৰ্থ 
সংপৃক্তৰূপে বহন কৰে৷ স্মৃতি আৰু বিস্মৃতিৰ
আন্তঃসংযোগৰ স্থলীৰূপত তেওঁ এই শিল্পকৰ্মসমূহত ভূমুকি মৰাৰ সুযোগ নথকা নহয়৷ তেওঁৰ ছবি
প্ৰায়ে ফৰ্ম আৰু
স্পে
চৰ  বিশেষ সমন্বয় বুলিও কব পাৰি৷ তেওঁ কোৱা মতে তেওঁ প্ৰতিদিনে
ৰং আৰু ৰেখাৰ সৈতে কিবা এটাৰ ৰূপ দি
, নানান অৱয়ব, প্ৰতীকক গতিশীল ধৰণেৰে সংযুক্ত কৰি তাৰ মাজেৰে এটা সক্ৰিয় আৰু অংশগ্ৰহণকাৰী
(Participatory)
মনক তুলি ধৰি এই মনৰ সৰলস্পৰ্শী চেতনাৰ ৰূপান্তৰে এক
ধাৰাৱাহিকতাকেই প্ৰতিপন্ন কৰে৷ বস্তুপুঞ্জৰ অৱস্থান আৰু উপস্থিতি দৰ্শকৰ বাবে নিজৰ
মনৰেই ক
ৰবাত নহয় কৰবাত ফট্ফটীয়া দাপোণ হৈ পৰে

(দ্ৰষ্টব্য : প্ৰবন্ধৰ সৈতে সম্পৰ্কিত শিল্পী অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্মৰ ছবি শিল্পকলা শিতানত।)

ভ্ৰাম্যভাষ : ৮৪৭২০৫১৩৩৯