বৰ্ণাশুদ্ধিৰ তিতা-কেঁহা কিছুমান

গীতাৰ্থী গোস্বামী

এই মানুহজনীয়ে অলপ বেছি কৰে।
তেওঁহে যেন সকলো বানান জানে! ইমান কষ্ট কৰি এসোপা লিখিলোঁ
, এওঁ
আক
বানানত ভুল ধৰে!মই বৰ্ণাশুদ্ধি
দেখুৱাই দিয়া একাংশ মানুহৰ ধাৰণা এয়া। হয়
, মই সঁচাকৈ বহুত
কথা নাজানো। তথাপি আখৰ-জোঁটনিৰ ভুলবোৰ
  চকুত পৰে। চকুত পৰিলে শুধৰাই দিবলৈ মন যায়। 

অসমীয়া ভাষাৰ
শব্দবোৰৰ বৈয়াকৰণিক গঠনৰ বিষয়ে মোৰ সামান্য পঢ়া-শুনা আছে। কাৰণ মই সংস্কৃত ভাষা
অধ্যয়ন কৰিছোঁ। অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ গৈ কিছুদূৰলৈ ভাষাতত্ত্বৰ জ্ঞানো লাভ
কৰিছোঁ।

সংস্কৃত
ভাষাৰ দুটামান কথা কওঁ – ছাত্ৰঃ মানে এজন ছাত্ৰ
, ছাত্ৰৌ  মানে দুজন ছাত্ৰ আৰু ছাত্ৰাঃ
মানে দুজনতকৈ অধিক ছাত্ৰ। বালা মানে এজনী ছোৱালী
, বালে মানে
দুজনী ছোৱালী আৰু বালাঃ মানে দুজনীতকৈ অধিক ছোৱালী। এতিয়া বালাঃ শব্দটো ক
ৰবাত পালে পুংলিঙ্গ বহুবচন নে স্ত্ৰীলিঙ্গ বহুবচন কেনেকৈ জানিব? তাৰ বাবেও আপোনাৰ পঢ়া-শুনা লাগিব। এই যে এটা বিসৰ্গই এটা শব্দৰ অৰ্থ সলনি
কৰে এই নিয়ম সকলো ভাৰতীয় ভাষাতে চলে।
 

সংস্কৃতৰ
প্ৰতিটো আখৰৰ অৰ্থ আছে। যেনেকৈ ক মানে বিষ্ণু
, খ মানে আকাশ, গ মানে গতি, ঘ মানে ঘণ্টা, মেঘমালা
আদি। প্ৰতিটো আখৰতে এটা এটা অৰ্থ সোমাই থকা সংস্কৃত হৈছে পৃথিৱীৰ একমাত্ৰ ভাষা।
প্ৰতিটো শব্দৰ বানান আৰু উচ্চাৰণতো শক্তিৰ একোটা ভাগ সোমাই আছে। শব্দক সেই কাৰণেই
ব্ৰহ্মবুলি কোৱা হয়। মন্ত্ৰৰো শক্তি সেয়ে।

ৰাৱণ
শব্দৰ অৰ্থ ৰোদন। কৈলাশ পৰ্বতটো দাঙি ধৰি নিজৰ পৰাক্ৰম দেখুওৱাৰ
ধৃষ্টতা কৰাৰ বাবেই শিৱই সেই পৰ্বতেৰেই তেওঁৰ আঙুলি চেপি ধৰিছিল। প্ৰচণ্ড বিষত
চিঞৰি চিঞৰি ৰাৱণে তেতিয়া শিৱতাণ্ডৱ স্তোত্ৰ পাঠ কৰিছিল। চিঞৰা বাবেই তেওঁৰ নাম হ
ল ৰাৱণ। তেনেদৰে ৰামশব্দটোত
লুকাই আছে এটা যোগাসনৰ ভঙ্গী।
ৰাবুলি
শৰীৰৰ সমস্ত অপশক্তি বাহিৰ কৰি দিয়াৰ পাছত
বুলি ভাল শক্তিবোৰক শৰীৰৰ ভিতৰত সঞ্চিত কৰা হয়। এনেদৰেই প্ৰতিটো শব্দৰ
আঁৰত সোমাই আছে একোটা বৈজ্ঞানিক বা দাৰ্শনিক ধাৰণা। বৰ্ণাশুদ্ধিয়ে সেই বৈজ্ঞানিক
বা দাৰ্শনিক ধাৰণা
 ধ্বংস কৰে।

অসমীয়া ভাষাত
সমোচ্চাৰণ হোৱা বহুত শব্দ আছে। উচ্চাৰণ একে হ
লেও শব্দবোৰৰ অৰ্থ সম্পূৰ্ণ
বেলেগ। হাত মানে শৰীৰৰ অংগ আৰু হাট মানে বজাৰ। এতিয়া শৰীৰৰ অংগ বুজাবলৈ যদি আমি
হাটলিখোঁ তেনেহলে কেনেকৈ হ?
 

কিছুমান শব্দ
সন্ধিযুক্ত হৈ থাকে। সেই শব্দবোৰত সন্ধিৰ নিয়মমতে বানান হয়।
’/’ৰ পাছত বিসৰ্গ থাকিলে বিসৰ্গটো হৈ যায়। যেনে – নমঃ + কাৰ = নমস্কাৰ, পুৰঃ + কাৰ = পুৰস্কাৰ আদি। কিন্তু পৰিষ্কাৰ, আৱিষ্কাৰ,
অনুষ্ঠান, প্ৰতিষ্ঠা আদি শব্দত হয়। পৰিস্থিতি, পৰিস্ফুট,
পৰিসীমা আদি শব্দত হয়।
এইবোৰ স্বাধীন শব্দ। সন্ধিযুক্ত নহয়। এইবোৰ শব্দত ষত্ববিধিও নাখাটে।
 

বিশেষণৰ পৰা
ভাববাচক
  বিশেষ্যলৈ  নিওঁতে শব্দৰ প্ৰথম স্বৰবৰ্ণটো
বৃদ্ধি হয়। বৃদ্ধি মানে
’, ‘
আৰু

’/’থাকিলে আ হয়। যেনে  বৰ্ষ – বাৰ্ষিক, শৰীৰ – শাৰীৰিক, সপ্তাহ – সাপ্তাহিক আদি। ’/’  থাকিলে ঐ হয়। যেনে দিন – দৈনিক, বিমান – বৈমানিক আদি। তেনেদৰে শব্দৰ প্ৰথম স্বৰটো ’/’ থাকিলে ঔ হয়।
যেনে সুন্দৰ – সৌন্দৰ্য
, ভূমি – ভৌমিক আদি।

প্ৰাচুৰ্য, সৌন্দৰ্য
আদি বিশেষ্য শব্দ। তাকো আকৌ বিশেষ্য কৰিবলৈ বহুতে
সৌন্দৰ্যতা
প্ৰাচুৰ্যতালিখে। সুন্দৰতা, প্ৰচুৰতা লিখিব পাৰে। তেনেকৈ সত্ব এক গুণ। সত্ব গুণ থকা মানুহ সাত্বিক।
সাত্বিকতা কেতিয়াও নহয়।

কিছুমান শব্দৰ
ইকাৰ বা ঈকাৰৰ নিৰ্দিষ্ট নিয়ম নাই। এই শব্দবোৰ পঢ়ি পঢ়ি মনত ৰাখিব লাগে।
দীপ
শব্দটোত ঈকাৰ আছে। গতিকে দীপাৱলি, দীপালি,
দীপক আদি দীপযুক্ত সকলো শব্দৰে প্ৰথমে ঈকাৰেই হব। অলি/অলী’,
  বা আৱলি/আৱলী
দুয়োটাই শুদ্ধ। গতিকে দীপালী বা দীপাৱলী বুলিও লিখিব পাৰি।

মৰ্য্যদা
শব্দটো ভুল। ইয়াৰ শুদ্ধ ৰূপ হ
ল মৰ্যাদা। গিৰি মানে পৰ্বত আৰু গিৰী মানে
মালিক। মালিক বা গৃহস্থ বুজাবলৈ ব্যৱহাৰ কৰা সকলো শব্দতে গিৰী হ
ব। যেনে – ডেকাগিৰী। কিন্তু পাহাৰ বুজাবলৈ গিৰিহে হব।
যেনে – নীলগিৰি।

অসমীয়া ভাষাৰ
প্ৰথম পুৰুষৰ ক্ৰিয়াত অতীত আৰু বৰ্তমান কালত চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়৷ যেনে
  লোঁ,
খালোঁ, কৈছোঁ, খাইছোঁ
আদি৷ অনুনাসিক বৰ্ণত প্ৰথম পুৰুষৰ ক্ৰিয়া হ
লেও চন্দ্ৰবিন্দু
নাখাটে। যেনে – নাজানো।
  হওক,
যাওক, খাওক আদি শব্দত চন্দ্ৰবিন্দুৰ প্ৰয়োগ
নহয়।

ওপৰত আৰু
উপৰি
, ওমলা আৰু উমলিছে, ওভতা আৰু উভতিছে। 

হেমকোষ ৰচনা
কৰাৰ সময়ত যোগাযোগ বা যাতায়াতৰ সুব্যৱস্থা নথকা বাবে কেৱল মুখেৰে কোৱা কথাৰ
ভিত্তিতে বেছিভাগ শব্দ লিখিব লগা হৈছিল৷ অসমীয়া ভাষাৰ উচ্চাৰণ বিভ্ৰাটৰ বাবে শুনা
শব্দবোৰৰ আখৰ-জোঁটনি সকলো সময়তে শুদ্ধ নাছিল৷ সেয়েহে বৈয়াকৰণিক ব্যাখ্যাও নাছিল বা
আছিল যদিও শুদ্ধ নাছিল৷
 

অশ্ ধাতুৰ
অৰ্থ খোৱা৷ এই প্ৰসংগত সুন্দৰ এটা উদাহৰণ আছে৷ পলাশ এবিধ ফুল৷ ফুলপাহ ইমানেই
ধুনীয়া যে কাৰোবাৰ মুখেৰে এই শব্দটো স্বতঃফুৰ্তভাৱেই ওলাই আহিছিল৷ পল মানে মানুহৰ
মাংস আৰু অশ্ মানে খোৱা৷ অৰ্থাৎ যাৰ সৌন্দৰ্যই মানুহক শেষ কৰি দিয়ে৷ গতিকে হিন্দু
ধৰ্ম মতে শিশুৰ মুখত ভাত দিয়া অনুষ্ঠানটো হ
ল অন্নপ্ৰাশন৷ কিন্তু হেমকোষত
আছে অন্নপ্ৰাসন্ বুলি৷

হেমকোষৰ আন
এটা ভুল শব্দ হৈছে – ৰামধেনু৷ প্ৰকৃততে ধেনু মানে গাই গৰু৷
  ৰামৰ ধেনু নহয় ধনু হব লাগে৷ গতিকে ৰামধনু হব লাগে৷

অধ্যাপক
দেৱেন দত্তই কৈছে – এই যে মানুহবোৰে শংকৰদেৱৰ ওপৰত বা মহাত্মা গান্ধীৰ ওপৰত ৰচনা
লিখে
, সেইটো ভুল৷ মানে ওপৰত বুলি নকৈ বিষয়ে বা সম্পৰ্কে বুলি কব লাগে৷ কাৰণ আমি শংকৰদেৱৰ ওপৰত উঠি ৰচনাখন লিখা নাই৷ দত্তদেৱৰ এই কথাত
যুক্তি আছে। তথাপি কথাটো এনেদৰে ভাবিব পাৰি – ভাষাৰ কিছুমান উপাদান পৰম্পৰাগত৷
হেমকোষৰ মতে
ওপৰতমানে তলৰ ওলোটা৷
তলৰ বিপৰীত দিশত৷
  বিষয়ে
বা সম্পৰ্কে অৰ্থতো
ওপৰতব্যৱহৃত হয়৷
যেনে
  তেওঁ
মাক – দেউতাকৰ ওপৰত বেয়াকৈ কৈছে৷ এয়া হেমকোষৰ উদাহৰণ৷

দত্তদেৱে
নিজে কৈছে –
অসমীয়া ভাষাৰ ওপৰত ইংৰাজী ভাষাৰ আধিপত্যৰ বাবেই In/On আদিৰ ঠাইত অসমীয়াই ওপৰত লিখিবলৈ ললে৷  

ইংৰাজী, সংস্কৃত
আৰু অসমীয়া একেটা ভাষা পৰিয়ালৰ পৰা অহা৷ উদাহৰণ –
अस्तिIs- আছে৷
উচ্চাৰণ একে৷ গতিকে কিছুমান প্ৰয়োগ একে৷
 

তোমাৰ
ওপৰত মোৰ অধিকাৰ আছে৷
এই বাক্যটোত ওপৰত শব্দটোৰ ঠাইত কি
ব্যৱহাৰ কৰিব পৰা যাব
? একো নাই৷ এই ক্ষেত্ৰত ওপৰত উঠি অধিকাৰ দেখুওৱা নাই।এনেদৰেই ওপৰতশব্দটো আমি ব্যৱহাৰ কৰি আহিছোঁ৷

আমি বানান, শব্দৰ
প্ৰয়োগ আদি সম্পূৰ্ণ শুদ্ধ কৰিলেও এটা কথা পাহৰা উচিত নহয় যে ভাষা হ
ল ভাব প্ৰকাশৰ মাধ্যম৷ ভাষাৰ ক্ষেত্ৰত অতীজৰ পৰা চলি অহাৰ প্ৰসংগও থাকে।
 

শিশু এটিয়ে
যেতিয়া পেটৰ বিষত কান্দি থাকে
, অথচ কব নাজানে,
তেতিয়া মাকে শিশুটিৰ পেটত এবাৰ সোঁকাণখন এবাৰ বাঁওকাণখন লগাই শুনে৷
তেতিয়া পেটৰ বিষ ভাল হয়। তাকে কাণসাৰ দিয়া বুলি কয়। আমি
কাণসাৰ
দিয়া শব্দটো ব্যৱহাৰ কৰোঁ গুৰুত্ব দিয়া অৰ্থত৷ মাকে গুৰুত্ব দিলেহে
শিশুটিক কাণসাৰ দিয়ে। এইবোৰ হৈছে ভাষাৰ পৰম্পৰা।

ফেচবুক
বা আন সামাজিক মাধ্যমত
  বহুতো
মানুহ আছে
, যিয়ে সাধাৰণ কিবা এটা লিখিলেও আপলড কৰে। মানুহৰ মন্তব্য আৰু লাইকে সঞ্জীৱনীৰ কাম কৰি তেনে লেখকসমূহক
অনুপ্ৰেৰণা দিয়ে। ই অসমীয়া সাহিত্যৰ বাবে অত্যন্ত সুখবৰ।

কিন্তু বহুতো
মানুহে বানানৰ শুদ্ধতা সম্পৰ্কে সচেতন নহয়। মই ফে
চবুকৰ সন্মিলনসমূহত
তেনে বহুত মানুহ লগ পাইছোঁ। সেই অনুষ্ঠানবিলাকৰ বৰমূৰীয়াও বহুত আছে
, যি সাধাৰণ বানান কিছুমানো ভুল কৰে। সৰুতে বানান ভুল কৰা মানুহক পঢ়াত চোকা
নহয় বুলি ভাৱিছিলোঁ। কিছুমান মানুহে আধুনিক সাহিত্যৰ সকলো উদ্ভাৱন নিজে কৰা বুলি
ফুটনি মাৰি থাকে। ফে
চবুকৰ অণুগল্প,
মেটাফিজিক্সকে আদি কৰি সমস্ত তেওঁলোকৰ উদ্ভাৱন। ইজনে বোলে মই
উলিয়াইছোঁ
, সিজনে বোলে মই উলিয়াইছোঁ…। কাক বিশ্বাস কৰিম ?
যিয়েই নহওক তেনে কথাৰ ফুলজাৰি মৰা লোকসকল বানানৰ শুদ্ধতা ৰক্ষাৰ
ক্ষেত্ৰত সাৱধান হ
ব লাগে। আমাৰ কথা বেলেগ। আমি শিকাৰুহে।
কোনোবাই ভুল শুধৰাই দিলে আগ্ৰহেৰে তাক গ্ৰহণ কৰোঁ।

সংস্কৃতত
এডাল
কাৰো যদি কৰবাত ভুলতে লগাই
দিয়া হয়
, সি গোটেই বাক্যটোৰ অৰ্থ সলনি কৰি পেলায়। অসমীয়া
ভাষাৰো মূল যিহেতু সংস্কৃত ভাষাই
, গতিকে অসমীয়া বানানৰ
ক্ষেত্ৰতো মানুহ সাৱধান হোৱা উচিত। প্ৰয়োজন সাপেক্ষে এখন অভিধান লগত ৰাখি ল
ব লাগে। জীৱনৰ সম্পূৰ্ণ শিক্ষা ইংৰাজী মাধ্যমত গ্ৰহণ কৰা ব্যক্তিৰ কথা
সুকীয়া। তেওঁলোকে অসমীয়া লিখিবলৈ চেষ্টা বা আগ্ৰহ কৰাটোৱেই অসমীয়াৰ বাবে গৌৰৱৰ
বিষয়। কিন্তু চৰকাৰী স্কুলত
, চৰকাৰী কলেজত, অসমীয়া মাধ্যমত পঢ়ি অসমীয়া ভাষা শুদ্ধকৈ লিখিব
নোৱৰাটো লাজৰ কথা যেন অনুভৱ হয়।

অসমীয়া ভাষা
সংস্কৃতমূলীয়। ইয়াৰ বৰ্ণমালাত থকা গোটেইবোৰ বৰ্ণ মূলতঃ সংস্কৃতৰ বৰ্ণ। সংস্কৃতৰ
বৰ্ণমালা উচ্চাৰণৰ স্থান অনুযায়ী শব্দত ব্যৱহাৰ হয়৷
  অসমীয়াত উচ্চাৰণ অনুযায়ী বৰ্ণ লিখিবলৈ গলে বহুকেইটা বৰ্ণ লোপ পাব৷ 

অসমীয়া ভাষাত
আৰু ’ , আৰু ’, 
বৰ্গ আৰু বৰ্গ আৰু ’, ‘’, আৰু ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ এই ’, ‘আৰু বৰ্ণক আমি যিদৰে কণ্ঠৰ পৰা উচ্চাৰণ কৰোঁ তেনেদৰে
ভাৰতৰ কোনো ভাষাত ইয়াক উচ্চাৰণ কৰা নহয়৷ সেয়েহে অনা অসমীয়া মানুহে
ৰ উচ্চাৰণ কৰিব নোৱাৰে৷

যদিও ’,
আৰু বৰ্ণৰ উচ্চাৰণৰ পাৰ্থক্য নাই তথাপি লিখিত ভাষাত এই বৰ্ণকেইটাৰ বা আন আন
বৰ্ণৰো নিৰ্দিষ্ট নিয়ম অনুসৰি বানান নিৰ্ধাৰণ কৰা হয়৷
 

ষত্ববিধি মতে
’, ‘আৰু ৰ পাছত থকা ’ ‘হয়৷ 

ণত্ববিধি
মতেও কিছুমান বৰ্ণৰ লগত
’ ‘হয়৷

দীৰ্ঘ
উচ্চাৰণত দীৰ্ঘ বৰ্ণ ব্যৱহাৰ হয় যদিও আমি কওঁতে
দীঘলআৰু বিনয়ৰ উচ্চাৰণত দুয়োটাতে
হ্ৰস্ব উচ্চাৰণ কৰোঁ৷ ভাৰতৰ আন ভাষাবোৰত এই সমস্যা নাই৷

সংস্কৃত বা
হিন্দীত বৰ্ণবোৰৰ উচ্চাৰণ এনেদৰে হয় –
’- cha, ’-  chha, ‘’- sa, ‘’- sha, ‘’-  shha আদি৷ আমাৰ বৰ্ণমালাত এনেদৰে উচ্চাৰণৰ
নিয়ম পালিব নোৱাৰি৷ বিশেষকৈ
’, ‘
আৰু বৰ্ণৰ অদ্বিতীয়
উচ্চাৰণ শৈলীৰ বাবে আমাৰ বৰ্ণমালাখনো অদ্বিতীয়৷ সেইবাবেই অসমীয়া ভাষাত বানান ভুলৰ
সংখ্যাও বেছি৷

সংস্কৃতত
উষ্ম বৰ্ণ তিনিটা – স
, , ষ। তিনিওটা বৰ্ণৰ উচ্চাৰণ
বেলেগ বেলেগ।
বৰ্ণটো কণ্ঠৰ পৰা
ওলোৱা গৰম বায়ুৱে জিভা আৰু দাঁতক স্পৰ্শ কৰাৰ ফলত
  উচ্চাৰিত  হয়।
উচ্চাৰণ কৰোঁতে জিভাই তালু স্পৰ্শ কৰে আৰু
উচ্চাৰণ কৰোঁতে জিভাই মূৰ্ধ বা মুখৰ উপৰিভাগ স্পৰ্শ কৰে। তেনেকৈ আৰু বৰ্ণ দুটাৰ উচ্চাৰণো বেলেগ বেলেগ।

অসমীয়া ভাষাত
এই বৰ্ণবোৰ প্ৰায় একে ধৰণেৰে উচ্চাৰণ কৰা হয়। সেয়ে প্ৰায়বোৰ অসমীয়া পুৰোহিতৰ
মন্ত্ৰোচ্চাৰণ ভুল হয়। আটাইতকৈ ডাঙৰ কথাটো হ
ল যে অসমীয়া পুৰোহিতে অসমীয়াৰ
দৰেই স
, , ষ আদি উচ্চাৰণ কৰে। উচ্চাৰণ
সলনি হ
লে বানান সলনি হয়, আৰু বানান
সলনি হ
লে অৰ্থ সলনি হৈ যায়।

যিহেতু এজন
পুৰোহিতে গৃহস্থৰ হৈ এটা পূজা সম্পাদন কৰে
, সেইমতে সংকল্প লয়, গতিকে পূজাভাগৰ সম্পূৰ্ণ দোষ, গুণ বা তাৰ ফল
ব্ৰাহ্মণজনে লাভ কৰে
| কাৰণ শব্দই ব্ৰহ্ম।
 

কাণ্ডাত্
কাণ্ডাত্ পুৰোহন্তি পুৰুষ পুৰুষ সহস্ৰেণ শতেন চ
– এই
মন্ত্ৰটো আমি যদি চাওঁ-
 ৰ পিছৰ আৰু দুয়োটা মূৰ্ধণ্য বৰ্ণ, আনহাতে
দন্ত্য। পুৰুষৰ মুৰ্ধণ্য আৰু সহস্ৰেণৰ
দন্ত্য। শেষৰ টোৰ
উচ্চাৰণ ইংৰাজী
  tcha  ৰ দৰে হব।
এই কথাবোৰ শিকি লৈ যি পূজা-অৰ্চনাত ধৰিছে তেওঁ নিঃসন্দেহে সফল পুৰোহিত হ
ব পাৰিছে।

অসমৰ সংস্কাৰ, সংস্কৃতি,
ভাষা, সাহিত্য, ইতিহাস,
শাস্ত্ৰোপলব্ধি নজনাকৈ বহুতে নিজকে ডাঙৰ বোলায়। দেশৰ ইতিহাস সলাব
খোজা মানুহে দেশৰ ইতিহাস নাজানে
, কিতাপৰ প্ৰুফ ৰিডিং কৰিব
খোজা মানুহে দেশৰ মানে বানান ভুল কৰে।
 

এনেকৈ নহব৷
কিছুমান কথা আমি সলাব লাগিব। নিজকে আমি এটা প্ৰশ্ন কৰি চোৱা উচিত- আমি যিবোৰ বিষয়ত
সততে মাত মাতোঁ
, সেইবোৰ বিষয়ত অলপ অধ্যয়ন কিয় কৰিব নোৱাৰোঁ ?
কোনোবাই ভুলকৈ ভাষাটোৰ শব্দ কলে শুধৰাই দিব
পৰা ক্ষমতা আমাৰ থকা উচিত৷

ডাঙৰ ডাঙৰ
কবি কিছুমানৰ বাক্য গাঁঠনি দেখিলে হতচকিত হওঁ। দেখাক দেখি একাদশী কৰা কুকুৰ
হোৱাতকৈ আমি শিকি লৈ ব্ৰহ্মজ্ঞ কিয় হ
ব নোৱাৰোঁ ? 

কিছুমান
অসমীয়া শব্দ আমি প্ৰতিদিনেই ভুলকৈ ব্যৱহাৰ কৰি আহিছোঁ। তাৰ ভিতৰত আটাইতকৈ ভয়ানক
শব্দটো
,
যি শব্দই ৰঘূমলাৰ দৰে ভাষাটোক ছানি ধৰিছে, সেই
শব্দটো হ
ল- যোনে। এই শব্দটো অসমীয়া ভাষাত নাই৷ জোনেমানে জোনটোৱে। যোনি আছে৷ মানে মহিলাৰ যৌনাংগ৷
 

আৰু দুটা
শব্দ হ
ল- অহাকালি আৰু যোৱাকালি। অসমীয়া ভাষাত অহাকালি, যোৱাকালি
বুলি একো শব্দ নাই। কালি মানে পাৰ হৈ যোৱা দিনটো আৰু কাইলৈ মানে আহি থকা দিনটো।
 

কিছুমান
শব্দৰ বানান সততে ভুল হ
লেও মানি লব পাৰি। আচলতে শব্দ
এটাৰ সঠিক বানানেহে তাৰ সঠিক অৰ্থ প্ৰকাশ কৰে। বানান শুদ্ধ কৰিবলৈ অলপ পঢ়া – শুনা
কৰিব লাগে।

কিছুমান
বিশেষণ পদত
তালগাই বিশেষ্য  কৰাৰহে নিয়ম। গুণটোৰ নাম নম্ৰতা’ (বিশেষ্য পদ) আৰু এই গুণ থকা মানুহজন নম্ৰ’ (বিশেষণ পদ)।

অসমীয়া ভাষাত
সকৰ্মক আৰু অকৰ্মকৰ উপৰিও সমাপিকা আৰু অসমাপিকা বুলি ক্ৰিয়াৰ দুটা ভাগ কৰা হৈছে।
যদি এটা বাক্যত দুটা ক্ৰিয়া থাকে
, যিটো ক্ৰিয়াই বাক্যটো সমাপ্ত কৰে তাক
সমাপিকা আৰু যিটো ক্ৰিয়াই বাক্যটো সমাপ্ত নকৰে তাক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয়।
অসমাপিকা ক্ৰিয়াৰ শেষত
হয় আৰু
সমাপিকা ক্ৰিয়াৰ শেষত
হয়। উদাহৰণ –
সি ভাত খাই স্কুললৈ যায় (ইয়াত খাই অসমাপিকা আৰু যায় সমাপিকা ক্ৰিয়া)।

সন্ধিৰ
নিয়মমতে শব্দৰ শেষত থকা
বৰ্ণৰ পাছত আন স্বৰবৰ্ণ
থাকিলে
’ ‘হৈ
যায়। সেয়েহে তই + ও = তয়ো
, মই + ও = ময়ো। তেনেকৈ ৰ পাছত আন স্বৰবৰ্ণ থাকিলে ’ ‘হৈ যায়। যেনে – দেউ + এ
= দেৱে
, সাধু + এ = সাধুৱে আদি। এনে ধৰণৰ ব্যাকৰণৰ বহুতো
নিয়মৰ অধীনতহে শব্দৰ বানান নিৰ্ধাৰণ হয়।
 

সাহিত্য
চৰ্চালৈ যোৱাৰ আগতে ব্যাকৰণ আৰু অভিধান পঢ়িলে এই ভুলবোৰ নাথাকিব।
 

আমি আশাবাদী।
আন কিতাপ পঢ়াৰ আগতে দৈনিক অভিধান এখনৰ কেইটামান পৃষ্ঠা পঢ়িলে বহুত শব্দৰূপৰ
শুদ্ধতা তথা শব্দবোৰৰ সাংস্কৃতিক ইতিহাস সম্পৰ্কে ধাৰণা হ
ব আৰু
ভাষাটোৰ উন্নতি সাধন হ
ব।

 

ভ্ৰাম্যভাষ : ৮৬৩৮৯২১৫২৩