ডব্লিউ বি. য়েট্‌ছৰ কবিতা আৰু প্ৰতীক

 

ৰমানন্দন বৰা




কুৰি শতিকাৰ
আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্‌লাৰ
য়েট্‌ছৰ জীৱন আৰু কৰ্ম বৈচিত্ৰময়৷ লণ্ডনত শিক্ষা লাভ কৰি
, লণ্ডনত থাকি,
জন
কীট্‌ছ
, উইলিয়াম ৱৰ্ডছৱৰ্থ, উইলিয়াম ব্লেক আদি ইংৰাজ কবিৰ দ্বাৰা
প্ৰভাৱিত হৈও জন্মভূমি আয়াৰলেণ্ডৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ বুকুৰ মাজত পুহি ৰখা য়েট্‌ছৰ
কাব্য-চেতনাত ‘আইৰিশ্ব’ সত্ত্বা সদা সক্ৰিয় হৈ আছিল৷  তেওঁ আছিল আইৰিশ্ব সাহিত্যৰ পুনৰুত্থানৰ
অন্তৰালৰ এজন অগ্ৰণী ব্যক্তি৷

আধুনিক
প্ৰতীকবাদী কবিতাৰ অগ্ৰণী কবি হিচাপে য়েট্‌ছক বিচাৰ কৰিবলৈ যাওঁতে পোনতেই তেওঁৰ
আইৰিশ্ব- সংযোগৰ বিষয়ে আলোচনা কৰা প্ৰয়োজন হৈ উঠে৷ কাৰণ আয়াৰলেণ্ডৰ ডাব্‌লিনত জন্ম
গ্ৰহণ কৰা কবিগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে জন্মৰ পিছতে লণ্ডনলৈ গুচি আহিছিল যদিও তেওঁ
শৈশৱ আৰু চেমনীয়া কালৰ বিদ্যালয় বন্ধৰ দিনবোৰ ককাক-আইতাকৰ সৈতে শ্লিগ’ নামৰ ধুনীয়া
সৰু ঠাইখনত কটাইছিল৷ ইয়াৰ স্মৃতি
, প্ৰাকৃতিক সৌন্দৰ্য, আয়াৰলেণ্ডৰ
লোক-কৃষ্টি
, লোক-সাহিত্য, অতিপ্ৰাকৃতিক
পুৰাকথা আদিয়ে সৰুতেই য়েট্‌ছৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল৷ পৰৱত¹ কালত তেওঁক কবিতাৰ
মাজত এইবোৰ একোটা প্ৰতীকৰ ৰূপত প্ৰতিভাত হৈছিল৷ পিতৃ-মাতৃৰ এংল’-আইৰিশ্ব
প্ৰটেষ্টাণ্ট ধৰ্মবিশ্বাসৰ ফলত দেশখনৰ বহু গণ্য মান্য ব্যক্তি উইলিয়ামৰো ঘনিষ্ঠতা
আছিল৷ উল্লেখযোগ্য যে পিতৃৰ যুক্তিবাদী চিন্তাৰ প্ৰভাৱ আৰু ডাৰউইনৰ
বিৱৰ্তনবাদ-বিতৰ্কৰ পৰৱত¹ বৌদ্ধিক জোকাৰণিৰ ফলত তেওঁ গোড়া খ্ৰীষ্টান ধৰ্মবিশ্বাসৰ
পৰা আঁতৰি আছিল আৰু ব্ৰহ্মতত্ত্বৰ সন্ধানত ব্ৰতী হৈছিল৷ যাইকি নহওক আয়াৰলেণ্ডৰ
প্ৰভাৱ তেওঁৰ কবিতাত কেনেদৰে পৰিছিল সেই কথা অনুভৱ কৰিবৰ কাৰণে এটা উদাহৰণেই
যথেষ্ট৷ লেডী গ্ৰেগৰী নামৰ এগৰাকী মহিলাৰ আতিথ্যত য়েট্‌ছ বহু কাল কুল পাৰ্ক [
Coole]
নামৰ
ঠাইত বাস কৰিছিল৷ তেওঁ সেই ঠাইৰ ‘থুৰ বেলিলি’ নামৰ এটা নৰ্মান কেছ্‌ল কিনিছিল৷
তেওঁৰ ‘টাৱাৰ’ কাব্য সংকলনতে নহয় অন্যান্য কবিতাটো এটা মুখ্য প্ৰতীক হিচাপে
ব্যৱহৃত হৈছিল৷ আন এগৰাকী আইৰিশ্ব কবি ইভা গ’ৰ-বুথৰ  জৰ্জিয়ান মেনচনত থাকোঁতে কবি য়েটছে ‘আইৰিশ্ব
গ্ৰেট হাউছ’ৰ পৰম্পৰা দেখি অতি অভিভূত হৈছিল আৰু আইৰিশ্ব অভিজাত গৃহ পৰম্পৰা তেওঁৰ
কবিতাৰ এটা বিষয় হৈছিল৷ 
These Are
the Clouds, Upon a House Shaken by the land Agitation, The people, The New
faces, Cool park ১৯২৯, Cool park And Ballylee আদি কবিতা তাৰ
নিদৰ্শন৷

কবি হিচাপে
য়েটছৰ মূল বিষয়বস্তুবিলাকৰ ভিতৰত এটা হ’ল যুক্তি আৰু কল্পনা৷ কবি উইলিয়াম ব্লেকে
কৈছিল যে যুক্তিয়ে বিভাজন কৰে
, কল্পনাই লগ লগায়৷ উইলিয়াম বাটলাৰ
য়েটছেও কল্পনাৰ ওপৰত অধিক বিশ্বাস কৰিছিল৷ কল্পনাৰ জৰিয়তে তেওঁ গভীৰ-মনস্তত্ত্ব
প্ৰৱেশ কৰিছিল৷ এখন ৰচনাত তেওঁ কৈছে- ‘আমাৰ চিন্তা আৰু কল্পনাবিলাক প্ৰায়েই চকুৰে
নেদেখা এটা জোনবাইৰ গুপুত জোৱাৰবিলাকৰ পৰা ছিটিকি আহে৷’[
Our thoughts and
emotions are often but spray flung up from the hidden tides that follow a moon
no eye can see.’ –  The Autumn of the
Body) এই বাক্যশাৰীত ব্যৱহাৰ কৰা moon  য়েটছৰ বাবে জীৱন ৰহস্যৰ প্ৰতীক৷ তেওঁ
বিশ্বাস কৰিছিল যে প্ৰাচীন বিশ্বাস
, ব্ৰহ্মতত্ত্ব আনকি যাদুবিদ্যা আৰু
অতিপ্ৰাকৃতিক বিদ্যা চৰ্চাৰ জৰিয়তে মানুহে মানৱীয় গুণ আৰু দক্ষতাৰ সচেতন বিকাশ আৰু
প্ৰয়োগ কৰিব পাৰে৷ তেওঁ বুদ্ধিৰ বিপৰীতে আত্মাই বিদ্ৰোহ কৰাটো বিচাৰিছিল (
revolt
of the soul against the intellect) ৷ হিন্দু ধৰ্মৰ ব্ৰহ্মতত্ত্বই কোৱাৰ
দৰে য়েটছে ব্যক্তিগত আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰিছিল৷ তেওঁৰ
Per Amica,
ট্ট
Vision (book III), The words upon the Window -pane আদি কবিতাত
প্ৰকাশিত ধাৰণা অনুসৰি পৃথিৱীত একোটা জীৱন কটোৱাৰ অভিজ্ঞতাৰে আত্মাই অন্য এটা
অৱতাৰৰ বাবে সাজু হয়৷ ১৯০১ চনত তেওঁ যাদুবিদ্যাৰ দুটা ঘাই কথাঘোষণা কৰে – প্ৰথম
কথা
, আমাৰ মনৰ পৰিসীমা সদায় অস্থিৰ৷ দ্বিতীয়তে, এটা মনৰ
মাজতে  বহুত মনে অৱস্থান কৰিব পাৰে আৰু
আমাৰ স্মৃতিবিলাক এটা বৃহৎ স্মৃতিৰ অংশ মাথোন৷ এই বৃহৎ স্মৃতিক
Anima Mundi
বোলা
হৈছে৷ য়েটছৰ কবিতাত প্ৰতীক সম্পৰ্কে আলোচনা কৰোঁতে এই খিনি কথা আগতীয়াকৈ জনাটো
জৰুৰী৷ মন কৰিব লগীয়া কথাটো হ’ল যে য়েটছৰ দৰে আধুনিক কালৰ কবি এজনে আধুনিকতাই আনি
দিয়া নিঃসঙ্গতা
, অমানৱীয়তা, অস্থিৰতা,
শোষণ-শাসন,
জীৱনৰ
দুখময় অৱস্থিতি আদিৰ ফলত বীতশ্ৰদ্ধ হৈ এইবোৰৰ সমাধানৰ বাবে  কবিতাৰ জৰিয়তে নিজাববীয়া অনুসন্ধান কৰিছিল৷
নগৰীয়া জীৱনৰ কংক্ৰিটৰ কঠিন পথ এৰি থৈ তেওঁ ইনিছফ্ৰিলৈ গৈ তাত হ্ৰদৰ পানীৰ ঢৌৱে
কোমল পাৰত হেন্দোলনি তোলা চাবলৈ বিচাৰিছিল৷

I will arise
and go no, for always night and day

I hear lake
water lahping with low sounds by the shoreজ্ব

While standing
on the roadway, or on the pavement grey,

I hear it in
the deep heart’ব্দ core.

                      (Lake Isle of
Innisfree)

প্ৰতীকবাদী
কবিতাৰ জন্মভূমি হ’ল ফৰাচী দেশ৷ এই ধাৰাৰ এগৰাকী বাটকটীয়া
, বিশ্ববন্দিত কবি
ষ্টিফেন মালাৰ্মেক য়েটছে পেৰিছত লগ পাইছিল৷ সেই সময়ত য়েটছে ফৰাচী ভাষা নাজানিলেও
মালাৰ্মেৰ প্ৰতীকবাদী ব্যাখা আৰু তত্ত্ব বিষয়ে 
তেওঁৰ বন্ধু আৰ্থাৰ চাইমনৰ পৰা ভালদৰে জানি লৈছিল৷ প্ৰতীকবাদী কবিতাই তেওঁক
আকৰ্ষণ কৰিছিল৷ সেইবাবে তেওঁৰ  বিচাৰত
প্ৰতীকবাদ হৈ উঠিছিল ‘একমাত্ৰ আন্দোলন যি নতুন কথা কৈছে৷’ [
The only
movement that is saying new things] কিন্তু য়েটছক মূলতে প্ৰচলিত ধাৰাৰ
এগৰাকী প্ৰতীকবাদী কবি হিচাপে ক’লেই যথেষ্ট নহয়৷ কাৰণ তেওঁৰ কবিতাবোৰ আয়াৰলেণ্ডৰ
জাতীয় মাটি-পানী-সংস্কৃতিৰে এনেদৰে সম্পৃক্ত যে অন্য ইউৰোপীয় সাহিত্যৰ দৃষ্টিেৰ
বিচাৰ কৰিবলৈ অসুবিধা৷ ফৰাচী প্ৰতীকবাদক তেওঁ নতুন ৰূ
¸প-ৰস-গন্ধ দি
আয়াৰলেণ্ডৰ বুকুলৈ আনিলে৷  আইৰিশ্ব পুৰাকথা
,
বিশ্বাস
আৰু পৰম্পৰা তেওঁৰ কবিতাৰ প্ৰতীকৰ উৎস হৈ উঠিল৷ সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি য়েটছৰ
প্ৰথম অৱস্থাৰ কবিতাবিলাক যাদুকৰী দেশৰ কবিতা হৈ উঠিল৷ পুৰাকথাৰ বুকুৰ পৰা তেওঁ
এনেকুৱা সমল কবিতালৈ তুলি আনিলে যে সাধাৰণ পাঠকসকল চমৎকৃত হৈ উঠিল৷

দৰাচলতে ফৰাচী
প্ৰতীকবাদৰ সংস্পৰ্শলৈ অহাৰ আগৰ পৰাই য়েটছে উইলিয়াম ব্লেক
, পাৰ্চি বিছী
শ্বেলী
, গ্ৰেবিয়েল ৰছেটিয়ে গঢ় দিয়া কবিতাৰ আধাৰত কবিতাত প্ৰতীকৰ সৰবৰহী
প্ৰয়োগ কৰিছিল৷ তেওঁ গুপ্ত বিদ্যাৰ বহু গ্ৰন্থ অধ্যয়ন কৰিছিল আৰু
Dublin
Lodge of the Theosophical Society ৰ সদস্য হৈছিল৷ মাডাম ব্লাভাৎস্কীৰ
সান্নিধ্যলৈ আহি তেওঁ
Anima Mundi বা ‘বিশ্বাত্মা’ ধাৰণাটোত গভীৰ বিশ্বাস
কৰিবলৈ লৈছিল৷ তেওঁ ভাবিছিল যে প্ৰতীকৰ ব্যৱহাৰৰ যোগেদি তেওঁ নিজৰ মাজত
বিশ্বাত্মাক জগাই তুলিব পাৰে বা বিশ্বাত্মাৰ স্তৰলৈ নিজকে উন্নীত কৰিব পাৰে৷
সেইবাবে তেওঁ বিশ্বাত্মাৰ সৈতে সংযোগকাৰী মতবাদ
, লক্ষণ বা চিহ্নক
মতবাদ
, যাদুকৰী মন্ত্ৰ মতবাদ আদিৰ সৈতে জড়িত হৈ পৰিছিল৷ য়েটছে বিশ্বাস
কৰিছিল যে কাব্যিক প্ৰতীকৰ যোগেদি গভীৰ সত্যত উপনীত হ’ব পাৰি৷ তেওঁৰ বাবে বস্তুগত
বাস্তৱতা বিশৃংখল প্ৰতীকৰ সমাহাৰ৷ কবিয়ে এনে প্ৰতীকবোৰক নিৰ্দিষ্ট ভাৱে ৰেহা লগাই
আধ্যাত্মিক প্ৰতীকৰ ৰূপ দিব পাৰে৷ এই ক্ষেত্ৰত য়েটছৰ আদৰ্শ কবি আছিল ব্লেক আৰু
শ্বেলী৷ এওঁলোক দুয়োজনেই গুপ্তবিদ্যা চৰ্চাকাৰী কবি বুলি জনা যায়৷

এনেবোৰ কাৰণতে য়েটছৰ
কবিতাত ব্যৱহৃত প্ৰতীকবিলাকৰ অৰ্থ গুপ্তবিদ্যাৰ মাজত সোমাই আছে৷ ঘাইকৈ তেওঁৰ প্ৰথম
অৱস্থাৰ কবিতাবিলাকত৷ ইয়াৰ জৰিয়তে কবিয়ে বিশ্বাত্মাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ
যত্ন কৰিছে৷ উদাহৰণস্বৰূপে
,  আইৰিশ্ব
পুৰাকথাৰ পৰা তুলি অনা প্ৰতীকী চৰিত্ৰ অইচিন বা এঙ্গাচ
, এখন ৰঙা কাণ থকা
চিকাৰী কুকুৰ
, শিং নথকা বগা হৰিণা, সাগৰৰ মাজৰ
দ্বীপ আদিৰ মৰ্মাৰ্থ আছে গুপ্তবিদ্যাৰ মাজত৷ ঠিক একেদৰে কিছুমান সাধাৰণ
গুপ্তবিদ্যাৰ প্ৰতীক য়েটছৰ কবিতাত সঘনে ব্যৱহৃত হয়
, যেনে- গোলাপ,
ক্ৰছ,
ভেঁটফুল,
পক্ষী,
পানী,
গছ,
চন্দ্ৰ,
সূৰ্য
আদি৷ তেওঁ ‘
The Rose’ সংকলনটোৰ কবিতাবিলাকত ‘ৰ’জ’ৰ বিভিন্ন প্ৰতীকী
অৰ্থ পোৱা যায়৷ যেনে-‘
The Rose of Peace’ কবিতাটোত গোলাপক পাৰ্থিৱ প্ৰেমৰ প্ৰতীক
হিচাপে ব্যৱহাৰ কৰা হৈছে৷ কবিতাটোত আৰ্চ-এঞ্জেল মাইকেলে (পাৰ্থিৱ) সৌন্দৰ্য দেখি (গোলাপ
যাৰ প্ৰতীক) তেওঁৰ ওপৰত ঈশ্বৰে আৰোপ কৰা সকলো দায়িত্ব পাহৰি সৌন্দৰ্যময়ীৰ কাৰণে
তৰা-খটুৱাই এটা মুকুট সাজিছে৷ ঈশ্বৰেও তেওঁৰ কাৰণে স্বৰ্গ আৰু নৰকৰ মাজতে ‘ৰ’জী
পীচ’ সাজি দিছে৷

And  God would bid His warfare cease,

Saying all
things were well

And softly make
a rosy peace,

A  peace of Heaven with Hell.

ইয়াত সৌন্দৰ্যৰ
শান্তিময় ৰূপ আৰু উৎকান্তিৰ প্ৰেৰণা
, পাৰ্থিৱ আৰু স্বগ¹য় অৱস্থানৰ সমন্বয়
আদি ‘গোলাপ’ প্ৰতীকৰ যোগেদি প্ৰকাশিত হৈছে৷ ‘
The Rose of Battle’ কবিতাত
য়েটছে এগৰাকী ক’লা বৰণীয়া সুন্দৰী নাৰীক প্ৰতীক হিচাপে তুলি ধৰিছে
, যাৰ
সৌন্দৰ্যই যুঁজাৰুসকলক যুদ্ধৰ পৰা আঁতৰাই আনিব পাৰে৷ এই নাৰীয়ে আয়াৰলেণ্ডকে
সূচাইছে বুলি সমালোচকসকলে ক’ব খোজে৷

প্ৰতীকৰ
বৈশিষ্ট্যই হ’ল যে একেটা প্ৰতীকৰ পৰা এশজন মানুহে এশটা বেলেগ বেলেগ অৰ্থ উলিয়াব
পাৰে৷ এই দিশৰ পৰা য়েটছৰ ‘‘
The Wind Among the Reeds’ ’ সংকলনৰ
কবিতাবিলাকে সফলতাৰ চূড়ান্ত স্তৰত উপনীত হৈছে বুলি আৰ্থাৰ চাইমনে মত দিছে৷ ইয়াৰ
প্ৰতিটো কবিতাই একোটা অব্যক্ত ধাৰণা  বা
মুড কঢ়িয়াই আনে৷ ইয়াৰ কবিতাবোৰ আইৰিশ্ব পুৰাকথা
, লোককথা আৰু
প্ৰেম
, সৌন্দৰ্য, আকুলতা আদি বিষয়ৰ সৈতে সম্পৃক্ত৷ পুৰাকথাৰ
বিভিন্ন চৰিত্ৰ যেনে
, এঙ্গাচ, চিধে, এইধ,
হানৰাহান
আদি এই কবিতাবিলাকত লোককথা আৰু পুৰাকথাৰ পৰা উঠি আহিছে৷ কবিতাবোৰত প্ৰাকৃতিক আৰু
অতিপ্ৰাকৃতিক দৃষ্টিৰে মানৱ জীৱনক চোৱা হৈছে
, য’ত বাস্তৱতা
আৰু অতিবাস্তৱতা মিলিত হৈছে৷

য়েটছৰ কবিতাত
প্ৰতীকৰ প্ৰয়োগ সম্পৰ্কে বিস্তৃত আলোচনাৰ পৰা বিৰত থাকিলেও তেওঁৰ কেইটামান মুখ্য
প্ৰতীকৰ কথা কোৱাটো প্ৰয়োজনীয়৷ ‘টাৱাৰ’ (অসমীয়া ৰূপান্তৰ ‘স্তম্ভ’ শব্দই যযাৰ্থ
বহন কৰিব নোৱাৰে বুলি ধাৰণা কৰা হৈছে৷) য়েটচৰ এটা বহুল ব্যৱহৃত প্ৰতীক৷
The
Tower, The wild Swans at Coole, ট্ট Dialogue of Self and Soul,
Symbols আদি কবিতাত একোটা গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে ব্যৱহাৰ হোৱা ‘টাৱাৰে’
কেতিয়াবা নিসংগতা
, কেতিয়াবা সাধাৰণ লোকে ঢুকি নোপোৱা উৎকৃষ্টতা,
কেতিয়াবা
উৎকৃষ্ট মনীষাৰ স্বৰ্গপ্ৰাপ্তিৰ সাধনা আদি বুজাইছে৷ একে সময়তে য়েটছে কুল পাৰ্কত
কিনি লোৱা বাস্তৱতাৰ টাৱাৰটোও বুজাইছে৷
A Dialogue of Self and Soul কবিতাটোত
আকৌ টাৱাৰটো হৈ উঠিছে ৰাতি প্ৰতীকী প্ৰকাশ৷ ইয়াত আত্মাই কবিক প্ৰাচীন চিৰিটোৰ
টাৱাৰটোৰ ওপৰলৈ উঠি আহিবলৈ আহ্বান কৰিছে৷ ৰাতিটো হৈ পৰিছে অজ্ঞানতা
, পাৰ্থিৱ
মোহৰ প্ৰতীক৷ প্ৰাচীন চিৰিটো হ’ল সাধনাৰ পথটো৷ কবিতাত আত্মা মুখামুখি হৈছে চাটোৰ
তৰোৱালৰ সৈতে
, য’ত তৰোৱালখন হৈছে যুদ্ধ আৰু সেইখন মেৰিয়াই
থোৱা ফুলবছা কাপোৰখন হৈছে প্ৰেমৰ প্ৰতীক৷

Swan বা
ৰাজহাঁহে প্ৰতীক হিচাপে য়েটছৰ কবিতাত গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে৷
Nineteen
Hundred and Nineteen কবিতাত ৰাজহাঁহক  নিসংগ আত্মাৰ লগত তুলনা কৰিছে৷ প্ৰকৃতিৰ অমৰত্ব
তথা চিৰস্থায়িত্ব আৰু সময়ে বিধ্বস্ত কৰা মানৱ অভিজ্ঞতা ৰাজহাঁহৰ প্ৰতীকৰ মাজেদি
প্ৰকাশ কৰিছে
, [Their hearts have not grown old…বা  The swan has leaped into the desolate
heaven) ,  Leda and The Swan  কবিতাত  স্বৰ্গৰ ৰজা জিউছ ৰাজহাঁহ হৈছে আৰু লেডাৰ সৈতে
সাক্ষাৎ বৰ্ণিত হোৱা কবিতাটো আয়াৰলেণ্ডৰ ৰাজনৈতিক অৱস্থা আৰু বিদেশী শক্তিৰ
বলপূৰ্বক অধিগ্ৰহণৰ প্ৰতীকী প্ৰকাশ হৈ উঠিছে৷
Coole Park And Ballylee  কবিতাত ৰাজহাঁহ প্ৰকৃতিৰ প্ৰতীক,
যি
পৰিৱৰ্তনৰ পিাৰে অৱস্থান কৰে৷ য়েটছৰ আন এটা বিখ্যাত কবিতাত ক্ষণভঙ্গুৰ মানৱ জীৱন
আৰু শিল্প-কলাৰ অমৰত্বৰ কথা কোৱা হৈছে৷ মানুহে শিল্পৰ জৰিয়তে মৰণশীল শৰীৰৰ ঊৰ্ধলৈ
আৰোহণ কৰা ধাৰণাটো ব্যাখ্য কৰা হৈছে৷ বাইজেন্‌টিয়াম এনে এডোখৰ ঠাই য’ত শিল্পৰ
সৃষ্টি আৰু তাৰ জৰিয়তে শৈল্পিক আৰু আধ্যাত্মিক উত্তৰণ সম্ভৱ হয়৷ বহু সমালোচকৰ মতে
বাইজেনটিয়াম আচলতে য়েটছৰ জন্মভূমি আয়াৰলেণ্ডখন৷

প্ৰতীকবাদী
কবিতাৰ এটা অসুবিধা হ’ল যে পাঠকক যিকোনো দিশলৈ এটা প্ৰতীকে লৈ যাব পাৰে৷ তাৰ ফলত
কেতিয়াবা পাঠকে বাট হেৰুৱায়
, কেতিয়াবা অবাঞ্চিত বাটেৰে যায়৷ ইয়াক এক
প্ৰকাৰৰ পলায়ন বুলি কোৱা হয়৷ য়েটছৰ কবিতাও 
ইয়াৰ পৰা মুক্ত নহয়৷ বিশেষকৈ আয়াৰলেণ্ডৰ লোককথা
, পুৰাকথাৰ উপৰি
গ্ৰীক আৰু কেল্টিক ইতিহাস
, শিল্প-কলাৰ সৈতে পাঠকৰ  পৰিচিতি প্ৰয়োজন হয়৷ য়েটছৰ এটা বেয়া স্বভাৱ হ’ল
যে পাঠকক আগতীয়াকৈ কোনো ইংগিত নিদিয়াকৈ তেওঁ নিজে সৃষ্টি কৰা এটা চৰিত্ৰ পুৰাকথাৰ
বিখ্যাত চৰিত্ৰৰ সৈতে একেলগ কৰি আগবঢ়াই নিয়ে
, যাৰ ফলত কবিতাৰ
দুৰুহতা বৃদ্ধি পায়৷  তথাপি য়েটছৰ কবিতাৰ
সমাদৰ যোৱা এটা শতিকা ধৰি কমা নাই৷ তেওঁৰ কবিতাই পুৰাকথা
, আখ্যান
উপাখ্যানকে ধৰি ৰাজনীতিলৈকে
, পাৰ্থিৱ প্ৰেম-প্ৰীতিৰ পৰা আত্মাৰ
সন্ধানলৈকে সামৰি লৈছে৷ আধুনিক মানুহে এটা সাৰ্বিক দৃষ্টি তেওঁৰ কবিতাত বিচাৰি
পায়৷ এই কাৰণেই য়েটছ সদায় প্ৰাসংগিক আৰু জনপ্ৰিয় কবি হৈ আছে আৰ ভৱিষ্যতলৈও থাকিব৷