শিল্পকলা : ব্যৱহাৰিক দিশ আৰু ৰুচিবোধৰ বিৱৰ্তন

 

দেৱকৃষ্ণ বৰুৱা

 

 

হাজাৰ
হাজাৰ বছৰ ধৰি শিল্পকলাই মানুহক মুগ্ধ কৰি অহাৰ লগতে মানুহক সৌন্দৰ্যপ্ৰিয় প্ৰাণী
হিচাপে
, চিন্তাশীল, আৱেগ-অনুভূতিশীল প্ৰাণী হিচাপে বা মানুহ
আন প্ৰাণীতকৈ পৃথক প্ৰাণী হিচাপে প্ৰতিষ্ঠা কৰি আহিছে৷ মানুহবিশেষে নন্দনতাত্ত্বিক
বোধৰ ক্ষেত্ৰত ভেদ থাকিব পাৰে
; কিন্তু স্বভাৱতে আমি সৌন্দৰ্যপ্ৰিয়৷
পাছলৈ সংজ্ঞা নিৰ্মাণৰ স্বাৰ্থত কলাক চাৰুকলা আৰু কাৰু কলা- এই দুটা ভাগত ভাগ কৰা
হ’ল আৰু চাৰুকলাক প্ৰাধান্য দিয়া হ’ল যদিও আমি এই কথা স্বীকাৰ কৰি ল’বই লাগিব যে
কাৰুকলা বা ব্যৱহাৰিক কলাৰ মাজেদিয়েই শিল্পকলাৰ আৰম্ভণি৷ আৰু এটা কথা মানি নল’লে
উপায় নাই যে পাছলৈ ললিত বা চাৰু কলাৰ আখ্যা পোৱা সেই কলায়ো কিন্তু যুগ যুগ ধৰি
ব্যৱহাৰিক ক্ষেত্ৰ এখনৰ বাবেই কাম কৰি থাকিল৷

সি যি
কি নহওক
, সেই আলোচনা পাছলৈ থৈ ক’ব পাৰোঁ যে সকলো মানুহেই সৌন্দৰ্যপ্ৰিয় আৰু
সেয়ে আপাত দৃষ্টিৰে চাবলৈ গ’লে সকলো মানুহেই 
শিল্পী৷ আমি খোৱা বস্তুবোৰ জুতি লগাই ৰান্ধিলেই খাব পাৰোঁ
, কিন্তু
সিবিলাক আমি সুন্দৰকৈ পৰিৱেশন কৰোঁ
; দোকানৰ মিঠাইবোৰ, ঘৰত পোৰা পিঠাবোৰ
ফুল-তেঁতেলিৰ সাঁচ দি ধুনীয়া নকৰিলেও সুস্বাদু হ’ব পাৰে
; মুখত সোমোৱাৰ পাছত
তাৰ কোনো ৰেহ-ৰূপেই নোহোৱা হৈ যায়
, তেন্তে সিবোৰ আমি সুন্দৰকৈ গঢ়োঁ কিয়?
আমি
পিন্ধা কাপোৰসাজ
; সেইযোৰ ভিন্নৰঙী নহ’লেও, সিবোৰত 
নানা ধৰণৰ বন কৰা নহ’লেও সিবোৰে আমাৰ প্ৰয়োজনীয়তা ঠিকেই পূৰাব৷ যুদ্ধ কৰিবলৈ
ব্যৱহাৰ কৰা তৰোৱালখন
, বৰটোপটোতোচোন আমি ফুল-তেঁতেলিৰে অলংকৃত কৰি লওঁ৷ কিয়? আমি
থকা ঘৰটো সুন্দৰকৈ নাসাজিলে সি স্বাস্থ্যকৰ নহ’ব নেকি
? বা পূজা-অৰ্চনাৰ
বাবে সজা মঠ-মন্দিৰবোৰৰ ডিজাইন সুন্দৰ নহ’লে
, আকাশচুম্বী চূড়াৰে জিলিকাই নুতুলিলে ভগৱান সন্তুষ্ট নহ’ব নেকি? তেন্তে কিয় এই
আয়োজন আৰু আড়ম্বৰ
? আচলতে আমি কেৱল জীয়াই থকাতকৈ জীৱনৰ আন এক অৰ্থৰ সন্ধানত থাকোঁ৷ আমি
জীয়াই থাকিবলৈ
, শৰীৰৰ বৃদ্ধি আৰু তাক তৃপ্ত কৰিবলৈ যিদৰে খাদ্য গ্ৰহণ কৰোঁ, তেনেকৈ
মনক তৃপ্ত কৰিবলৈ এক ৰুচি গঢ়ি তোলোঁ৷ জীৱনৰ এই সদৰ্থক ৰুচিবোধেই হৈছে কলা৷ বিজ্ঞানক
এৰি যেনেকৈ আমি কোনো কথা ভাবিব নোৱাৰোঁ
, তেনেকৈ কলাক এৰায়ো আমি জীৱনৰ কথা ভাবিব
নোৱাৰোঁ৷ আমাৰ দৈনন্দিন কামৰ মাজত দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবোৰৰ মাজত কলা
বিৰাজমান৷ আমি নিজকে ধুনীয়া কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীসমূহ
, সিবোৰৰ
ব্যৱহাৰ
; নাটকচিনেমাৰ অংগসজ্জা, সিবোৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা
প’ষ্টাৰ-বেনাৰবোৰ
, বজাৰত পোৱা সামগ্ৰীসমূহৰ বিভিন্ন ডিজাইনৰ পেকেটবোৰ, চাহ
খোৱা কাপটো
, পানীখোৱা বটলটো, ভাত খোৱা থালখন, আমি ব্যৱহাৰ কৰা
যান-বাহনবোৰ আদি সকলোতে কলাক ব্যৱহাৰ কৰি আহিছোঁ৷

শিল্পকলা
কাক বোলে
? এই প্ৰশ্নৰ উত্তৰত বহু সমালোচক- পণ্ডিতে নানা মত আগবঢ়াইছে৷
শিল্পকলাৰ সংজ্ঞা বিচাৰ এই আলোচনাৰ উদ্দেশ্য নহয়
; সেয়ে এই মতবিলাকৰ
ভিত্তিত এটা কথাই ক’ব পাৰি যে শিল্পকলা মানুহৰ অভিজ্ঞতা
, কল্পনা আৰু
অনুভূতিৰ সুন্দৰ প্ৰকাশ৷ দৰাচলতে যিকোনোধৰণৰ সংজ্ঞাই আধুনিক ধ্যান-ধাৰণাৰ ওপৰত
প্ৰতিষ্ঠিত৷ বিশেষকৈ শিল্পকলাৰ জন্মৰ লগত এনে সংজ্ঞাসমূহৰ কোনো পোনপটীয়া সম্পৰ্ক
নাই৷ মানৱ-সভ্যতাৰ বিকাশ
, মানুহৰ চিন্তা-চেতনা, ৰুচিবোধৰ
যি উত্তৰণ ঘটিছে
, তাৰ ভিত্তিতেই শিল্পকলা সম্পৰ্কে মানুহৰ ধ্যান-ধাৰণা বা ইয়াৰ সংজ্ঞা নিৰ্মাণ হৈছে৷ আদিম কলাত কল্পনাৰ স্থান আছিল যদিও সেই কল্পনাৰ উদ্দেশ্য সুকীয়া
আছিল৷ কোনো নন্দনতাত্ত্বিক বোধ বা অনুভূতি সঞ্চাৰণৰ যোগেদি আনন্দ প্ৰদানৰ তাগিদাত
আদিম মানুহে গুহাৰ বেৰত ছবি আঁকিছিল বুলি ভাবিব নোৱাৰি৷ খোৱা আৰু জীয়াই থকাই যিটো
সময়ত মানুহৰ একমাত্ৰ উদ্দেশ্য আছিল
, সেই সময়ত কোনো উন্নত ৰুচিবোধৰ তাগিদাত
শিল্প সৃষ্টি কৰিছিল বুলি ক’বলৈ টান৷ যাক আমি আজি কলা বুলি কৈছোঁ
, সেয়া
হয়তো তেওঁলোকৰ বাবে আছিল নিতান্তই ব্যৱহাৰিক জীৱনৰ কিছু অংশ বা জীৱন-যুঁজৰ কিছু
সমীকৰণ৷ পৃথিৱীৰ বিভিন্ন ঠাইত আৱিষ্কৃত গুহাচিত্ৰবোৰেই হৈছে শিল্পকলাৰ প্ৰাচীনতম
চানেকি৷ মৌখিক ভাষা সৃষ্টিৰ পূৰ্বেই আদিম মানৱে কিহৰ তাড়নাত তেওঁলোকে বাস কৰা
গুহাৰ বেৰত সেই চিত্ৰবোৰ আঁকিছিল
? এই চিত্ৰবোৰত সাধাৰণতে আমি কি দেখা পাওঁ?
কিছুমান
জীৱ-জন্তু
, যিবিলাক তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰিছিল; কিছুমান দলীয়
চিকাৰৰ দৃশ্য৷ হয়তো এইবোৰ তেওঁলোকৰ বাবে আছিল চিকাৰৰ কিছুমান কাৰ্যপন্থা বা আঁচনি৷
সেইদিনত মানুহ আছিল একপ্ৰকাৰৰ বন্য চিকাৰী প্ৰাণী৷ আজিও আমি জাক পাতি চিকাৰ কৰা
জন্তু
, যেনে সিংহ, হায়েনা, বনৰীয়া কুকুৰৰ
মাজত চিকাৰৰ কিছুমান আঁচনি দেখিবলৈ পাওঁ৷ মানুহে যিহেতু সেই সময়তে মানসিক আৰু
শাৰীৰিকভাৱে বিৱৰ্তনৰ এক বিশেষ পযাৰ্য় লাভ কৰিছিল
, তেওঁলোকে
পোনপটীয়াকৈ চিকাৰক্ষেত্ৰত সেই আঁচনি বা পৰিকল্পনা ব্যৱহাৰ নকৰি তেওঁলোকে বাস কৰা
গুহাৰ বেৰত আঁকি কি জন্তু কেনেকৈ চিকাৰ কৰিব সেইবিষয়ে একোটা পৰিকল্পনা কৰিছিল৷
অথাৰ্ৎ তেওঁলোকৰ বাবে ছবিয়েই আছিল তেওঁলোকৰ বাবে বৰ্ণনা বা ব্যাখ্যাৰ ভাষা৷ নাইবা
তেওঁলোকে বিশ্বাস কৰিছিল যে শক্তিশালী জীৱ-জন্তুবোৰক বশ কৰা চিত্ৰৰ যোগেদি দলৰ
মনোবল বা আত্মবিশ্বাস বৃদ্ধি হ’ব আৰু
চিকাৰসমূহ দুৰ্বল হৈ পৰিব৷ ভাবিব পাৰি যে এনে বিশ্বাসৰ ফলতে পিছলৈ মানুহৰ মনলৈ
যাদুবিদ্যাৰ ধাৰণাটো আহিছিল৷ পিছৰফালৰ কিছুমান গুহাত চিকাৰৰ দৃশ্যৰ বিপৰীতে কেৱল
জীৱ-জন্তু বা ঘাঁহ-বন
, গছ-গছনিৰ চিত্ৰ পোৱা যায়৷ এই চিত্ৰবোৰৰপৰা প্ৰকৃতি সম্পৰ্কে আন এক
বিশ্বাসৰ কথা অনুমান কৰিব পাৰি৷ হয়তো তেওঁলোকে প্ৰকৃতিত ক্ৰমে কমি অহা জীৱ-জন্তুৰ
প্ৰজনন শক্তি বৃদ্ধি
, গছ-গছনিবোৰৰ বৃদ্ধি বা পুনৰ উৎপাদনৰ কথা চিন্তা কৰিছিল৷ ইয়াৰপৰাই
হয়তো উৰ্বৰতা বা ভূমি পূজাৰ ধাৰণা আহিছিল৷ প্ৰকৃতিয়েই যিহেতু তেওঁলোকক সকলো
প্ৰয়োজনীয় বস্তুৰ যোগান ধৰে
, সেয়ে প্ৰকৃতিক তেওঁলোকে মাতৃৰূপে জ্ঞান
কৰিবলৈ লৈছিল আৰু পিছৰফাললৈ প্ৰকৃতি বা মাতৃৰ চিত্ৰ বা মূৰ্তি নিমাৰ্ণ কৰি পূজা
কৰিবলৈ লৈছিল৷ বহুঠাইত দেখিবলৈ পোৱা নৃত্য-গীত
, বাদ্যৰ চিত্ৰই এনে
পূজা বা যাদু-মন্ত্ৰৰ পৰম্পৰা যে তেতিয়াই আৰম্ভ হৈছিল তাকে প্ৰমাণ কৰে৷ পিছলৈ
প্ৰকৃতিৰ নানা পৰিঘটনালৈ লক্ষ্য কৰি হয়তো বেলেগ বেলেগ শক্তিৰ কথা মনলৈ আহিছিল আৰু
সিবোৰৰ একোটা ৰূপ কল্পনা কৰি পূজা কৰিবলৈ লৈছিল৷ ইয়াৰপৰাই ভিন্ন দেৱতাৰ ধাৰণাৰ
উৎপত্তি হয় আৰু কালক্ৰমত তাৰ ভিত্তিতে ধম
¹য় পৰম্পৰাৰ সূচনা হয়৷

শিল্পকলাৰ
ইতিহাসৰ বিষয়ে আলোচনা কৰা আমাৰ এই আলোচনাৰ উদ্দেশ্য নহয় যদিও এই কথাকেইষাৰ
উনুকিওৱাৰ অৰ্থ হৈছে এইটো প্ৰতিপন্ন কৰা যে এক ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ মাজেৰেই
কলাৰ জন্ম হয় আৰু এই ব্যৱহাৰিক দিশটো হাজাৰ বছৰজুৰি শক্তিশালীৰূপত মানৱসমাজত বৰ্তি
আছে৷ কালক্ৰমত মানুহ গুহাৰপৰা ওলাই আহি ঘৰ সাজি
, গাঁও পাতি বাস
কৰিবলৈ ধৰিলে৷ ইতিমধ্যে বনৰীয়া ফল-মূল
, জীৱ-জন্তু কমি আহিছিল৷ গতিকে সিবোৰৰ
সংৰক্ষণ
, পুনৰ উৎপাদনৰ কথা তেওঁলোকে ভাবিলৈ ধৰিলে৷ ফলত জন্তু ঘৰচীয়া কৰা,
খেতি-বাতি
কৰাৰ পৰম্পৰা আৰম্ভ হ’ল৷ ইয়াৰ লগে লগে সমাজৰ ধাৰণা সৃষ্টি হ’ল৷ সৃষ্টি হ’ল সামাজিক
নীতি-নিয়মৰ৷ শীত-তাপৰপৰা ৰক্ষা পাবলৈ তেওঁলোকে যি বস্ত্ৰসদৃশ বস্তু ব্যৱহাৰ কৰিছিল
,
সেই
বস্তুবিধ লাহে লাহে লজ্জা নিবাৰণৰ বাবেও ব্যৱহাৰ হ’বলৈ ধৰিলে৷ গুহাৰপৰা ওলাই অহাৰ
বহুবছৰলৈকে যিহেতু ধাতুৰ আৱিষ্কাৰ হোৱা নাছিল
, তেতিয়াও তেওঁলোকে
শিল
, জন্তুৰ হাড়, শিং, দাঁতৰপৰাই অস্ত্ৰ
নিৰ্মাণ কৰিবলগীয়া হৈছিল৷ কিন্তু পুৰণি প্ৰস্তৰ যুগতকৈ এই যুগ অৰ্থাৎ নৱপ্ৰস্তৰ
যুগৰ মানুহৰ অস্ত্ৰবোৰ উন্নত হৈ উঠিছিল৷ এইক্ষেত্ৰত অস্ত্ৰৰ তীক্ষ্ণতা বা ব্যৱহাৰ
উপযোগিতাৰ উপৰি তাক দেখনিয়াৰ কৰিবলৈও তেওঁলোকে যত্ন কৰিছিল৷ অৰ্থাৎ মানুহৰ মনত
লাহে লাহে সৌন্দৰ্যবোধৰ জন্ম হৈছিল৷ সেই সময়তে তেওঁলোকে অস্ত্ৰৰ হাতনি আদিত অলংকৰণ
কৰিবলৈ লৈছিল৷ অস্ত্ৰ-শস্ত্ৰৰ দৰে পিন্ধা বস্ত্ৰসমূহো অলংকৃত কৰা হৈছিল৷  

নৱপ্ৰস্তৰ
যুগতে মানুহে মাটিৰ ইটা বা ইটাসদৃশ শিলাখণ্ডৰে ঘৰ সাজিবলৈ শিকিছিল৷ এই ঘৰবোৰত
তেওঁলোক গুহাজীৱনৰপৰা লৈ অহা দেৱালচিত্ৰৰ পৰম্পৰা বতাৰ্ই ৰাখিছিল৷ প্লাষ্টাৰ কৰা
ঘৰৰ বেৰত তেওঁলোকে চিকাৰৰ দৃশ্যৰ উপৰি স্থিৰ ৰূপত থকা ষাঁড়
, হৰিণ,
বাঘ
আদিৰ ছবিয়ে তেওঁলোকৰ বিশ্বাস
, জীৱপ্ৰেম আদিৰ কথা ভাবিলৈ দিয়ে৷ ভাবিলে
আচৰিত লাগে যে সেইসময়তে মানুহে প্লাষ্টাৰৰ ব্যৱহাৰ জানিছিল আৰু মানুহৰ মুখত তাৰ
প্ৰলেপ দি চকুত শামুকৰ খোলা ব্যৱহাৰ কৰি মানুহৰ প্ৰতিৰূপ পুনৰ্নিৰ্মাণ বা সংৰক্ষণ
কৰিছিল৷ এয়াই হয়তো প্ৰতিকৃতি কলাৰ আৰম্ভণি৷ এই পৰম্পৰা পিছৰ যুগত গ্ৰীচ আদিত গঢ়
লৈ উঠা প্ৰতিকৃতি চিত্ৰ-ভাস্কৰ্যৰ পথপ্ৰদৰ্শক বুলি ভাবিবৰো থল আছে৷

এনেদৰেই
মানুহৰ বিশ্বাস আৰু সেই বিশ্বাসে নিৰ্মাণ কৰা ব্যৱহাৰিক ক্ষেত্ৰ এখনৰ যোগেদি
শিল্পকলাই জন্ম লাভ কৰি তাৰ বিৱৰ্তন আৰু বিকাশৰ পথ এটা বাছি লয়৷ যেতিয়া মানুহে
দলীয় জীৱনৰ উত্তৰণ ঘটাই ৰাজকীয় জীৱনত প্ৰৱেশ কৰিলে
, নানা বিশ্বাসৰ
আধাৰত ধম
¹য় চিন্তাৰ বিকাশ ঘটিবলৈ ধৰিলে, তেতিয়া এই বিকাশ
প্ৰক্ৰিয়া খৰতৰ হৈ পৰিল
; কিন্তু তেতিয়াও ইয়াৰ ব্যৱহাৰিক দিশটোৱেই
বিশেষ গুৰুত্ব লাভ কৰি থাকিল৷ বিভিন্ন ধম
¹য় বিশ্বাসে গঢ়ি তোলা দেৱ-দেৱীৰ
ৰূপকল্পনাত শিল্পকলাক ব্যৱহাৰ কৰা হ’ল৷ এই প্ৰতিৰূপবোৰে মানুহৰ মনত দেৱ-দেৱী
সম্পৰ্কে বিশ্বাস অধিক গাঢ় কৰি তুলিলে৷ লগে লগে ধম
¹য় ক্ষেত্ৰখনত
শিল্পকলাই বিশেষ গুৰুত্ব লাভ কৰিবলৈ ধৰিলে আৰু তাৰ যোগেদিয়েই ই বিকাশৰ এক স্বৰ্ণময়
পথ গ্ৰহণ কৰিলে৷ স্বাভাৱিকভাৱে এইক্ষেত্ৰত শিল্পীসকলে পৃষ্ঠপোষকতাও লাভ কৰিবলৈ
ধৰিলে৷ ধম
¹য় আৰু ৰাজকীয় ক্ষমতাৰ ভিত্তিত সমাজত দুই শ্ৰেণী মানুহৰ প্ৰতিপত্তি
বাঢ়ি আহিল৷ সেই দুই শ্ৰেণী হ’ল শাসকীয় শ্ৰেণী আৰু ধম
¹য় নেতাসকল৷ ৰজা
আৰু ধম
¹য় নেতাসকল ঈশ্বৰৰেই অংশ বুলি মানুহে বিশ্বাস কৰিবলৈ ল’লে বা সেই
বিশ্বাস মানুহৰ মনত সুমুৱাই দিয়া হ’ল৷ কাজেই দেৱতাৰ লগতে সেই দুই শ্ৰেণী লোক
শিল্পকলাৰ যোগেদি জীয়াই থকাৰ পথ এটা নিৰ্মিত হৈ পৰিল৷ এনে প্ৰক্ৰিয়াৰ মাজেদি
খ্ৰীষ্টপূৰ্ব ছয়-সাত হাজাৰ বছৰৰপৰা খ্ৰীষ্টীয় সপ্তদশ অষ্টাদশ শতিকালৈকে শিল্পকলাক
এই দুই শ্ৰেণীৰ লোকে একচেতিয়াভাৱে ব্যৱহাৰ কৰি থাকিল৷ এই সময়ছোৱাত সাধৰণ মানুহৰ
ব্যক্তিজীৱন আৰু লোকজীৱনে বিশেষ স্থান পাবলৈ সক্ষম নহ’ল৷ অৱশ্যে এই পৰম্পৰাৰপৰা
দূৰৈত থাকি সাধাৰণ লোকৰ যি সাংস্কৃতিক জীৱন এটা গঢ় লৈ উঠিছিল
, তাৰ
যোগেদি ব্যৱহাৰিক কলাৰ আন এক পৰম্পৰাই গঢ় লৈ বিকাশ লাভ কৰিছিল
, যি
প্ৰক্ৰিয়া এতিয়াও চলি আছে৷ এই বিষয়ে পিছত আলোচনা কৰা হ’ব৷

সি যি
কি নহওক
, উল্লিখিত দুই শ্ৰেণীৰ লোকৰ মাজত অমৰত্বৰ যি ধাৰণা গঢ় লৈ উঠিছিল, সেই
ধাৰণাক প্ৰতিষ্ঠা কৰিবলৈ শিল্পীসকল একপ্ৰকাৰ ব্যৱহাৰ হ’বলৈ ধৰিলে৷ ৰজা আৰু
ৰাজপৰিয়ালৰ লোকসকলক চিৰস্থায়ী কৰি ৰাখিবলৈ তেওঁলোকৰ প্ৰতিকৃতি নিমাৰ্ণ হ’বলৈ ধৰিলে
,
ৰাজ
অট্টালিকা বা ৰাজহুৱা প্ৰাসাদ
, স্মৃতিসৌধবোৰত তেওঁলোকৰ প্ৰতিমূৰ্তি
নিমাৰ্ণ হ’বলৈ ধৰিলে৷ আনহাতে ধম
¹য় অনুষ্ঠানবোৰত ধম¹য় কাহিনীৰ ভিত্তিত
চিত্ৰ অংকিত হ’বলৈ ধৰিলে
, ভাস্কৰ্য নিমাৰ্ণ হ’বলৈ ধৰিলে৷ ধম¹
গৃহসমূহত দেৱ-দেৱীৰ কাহিনী সম্বলিত চিত্ৰ-ভাস্কৰ্যৰ লগতে ধম
¹য় নেতাসকলৰ
চিত্ৰ-ভাস্কৰ্যয়ো ঠাই অধিকাৰ কৰি ল’লে৷ এই পৰম্পৰাৰ এটাই ইতিবাচক দিশ
, সেয়া
হৈছে গুহাৰ বেৰত শিলেৰে কাটি
, জীৱ-জন্তুৰ তেলমিশ্ৰিত প্ৰাকৃতিক ৰঙেৰে
অঁকা
,  অপৈণত অ:াত
শিল্পীৰ হাতত জন্ম লোৱা চিত্ৰকলাই এক বিপুল সম্ভাৱনাৰে বিকাশৰ এক উচ্ছ শিখৰত
প্ৰতিষ্ঠা লাভ কৰিলে৷ ব্যৱহাৰিক কলাৰ এই পৰম্পৰাৰ বাবেই মিছৰৰ পিৰামিড
, গ্ৰীক
ভাস্কৰ্য
, ইটালিৰ চিত্ৰ-ভাস্কৰ্যৰ দৰে পৃথিৱীৰ বিভিন্ন ঠাইত সৰ্বকালৰ শ্ৰেষ্ঠ
স্থাপত্য-ভাস্কৰ্য
, চিত্ৰসমূহ নিমাৰ্ণ হ’ল; যাৰ ভিত্তিত পুৰণিকালতে শিল্পকলাক
ললিতকলা আৰু ব্যৱহাৰিক কলা হিচাপে দুটা প্ৰধান ভাগত ভাগ কৰিব পৰা হৈছিল৷ লোককলা
হিচাপে জন্ম লৈ এসময়ত ললিতকলাৰ মযাৰ্দা লাভ কৰা এই কলাৰ ব্যৱহাৰিক দিশটোৰ ওপৰত আমি
বিশেষভাৱে আলোকপাত কৰাৰ এক বিশেষ কাৰণ আছে৷ শিল্পকলাই ৰাজকীয় আৰু ধম
¹
গণ্ডীৰ মাজত সোমাই পৰাত ইয়াৰ বিকাশ সুনিশ্চিত হ’ল সঁচা
, কিন্তু কিছুমান
নীতি-নিয়মৰ মাজত কাম কৰিবলগীয়া হোৱাত শিল্পীসকলে স্বাধীনভাৱে কাম কৰিব পৰা নাছিল৷
শিল্পীৰ কাৰিকৰী প্ৰতিভাৰ বাদে নিজৰ কল্পনা
, স্বকীয়
চিন্তা-ভাবনাক তেওঁলোকে কামত লগাব পৰা নাছিল৷ সাধাৰণ লোকৰ জীৱন
, সুখ-দুখে
কেতিয়াও শিল্পকলাত বিশেষ স্থান পোৱা
নাছিল৷ নৱজাগৰণৰ আগলৈকে শিল্পীসকলক সম্পূৰ্ণৰূপে মন্দিৰ বা গীজাৰ্ই নিয়ন্ত্ৰণ
কৰিছিল৷ সেই সময়ত শিল্পীৰ ইমানেই স্বাধীনতা নাছিল যে কোন স্থানত কোনখন ছবি কেনেকৈ
আঁকিব
, তাৰ পৰ্বতীত কি ৰং ব্যৱহাৰ কৰিব, মেৰীৰ কোনখন
কাপোৰৰ ৰং কি হ’ব সেই পৰ্যন্ত পোপে ঠিক কৰি দিছিল৷ আনকি শিল্পীয়ে শৰীৰতত্ত্ব
অধ্যয়ন কৰিবলৈ হ’লেও পোপৰ অনুমতিৰ প্ৰয়োজন হৈছিল৷ মাইকেল এঞ্জে
ল’ৱে ছিষ্টাইন
গীজাৰ্ৰ চিলিঙত ছবি অঁকাৰ আগতে ওঠৰবাৰ মানুহৰ শৰীৰ ব্যৱচ্ছেদ কৰাৰ অনুমতি পাইছিল৷
সেয়ে এঞ্জে
ল’ৰ এনাটমী ইমান নিখুঁত আছিল৷

আমাৰ
ভাৰতৰো শিল্পকলাৰ এক সোণালী ঐতিহ্য আছে৷ বিভিন্ন মন্দিৰ
, দৌল-দেৱালয়সমূহক
কেন্দ্ৰ কৰি ভাৰতবৰ্ষত বিশেষকৈ স্থাপত্য আৰু ভাস্কৰ্যকলাৰ প্ৰভূত বিকাশ সাধন
হৈছিল৷ কোণাৰ্কৰ সূৰ্য মন্দিৰ
, খাজোৰাহো, মহাবলিপুৰম;
আমাৰ  অসমৰো উমানন্দ, কামাখ্যা,
পৰ্বতীয়া
, দেওপাহাৰ, মালিনীথান আদিৰ স্থাপত্য-ভাস্কৰ্য বিদেশী শিল্পানুৰাগীৰো আকৰ্ষণৰ
কেন্দ্ৰ৷ হিন্দু ধৰ্মৰ লগতে বৌদ্ধ ধৰ্ময়ো ভাৰতত শিল্পকলাৰ বিকাশৰ ক্ষেত্ৰত এক
বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ আমি আটায়ে অজন্তা
, ইলোৰা আৰু বাঘ
গুহাৰ কথা জানো৷ অৱশ্যে ইলোৰাৰ গুহাসমূহত কেইবাটাও ধম
¹য় ধাৰণাৰ সংমিশ্ৰণ
ঘটিছিল৷ ভাৰতৰ অজন্তা-ইলোৰাৰ শিল্পধাৰাৰ দৰে কিছুমান ধাৰাত অৱশ্যে দেৱ-দেৱী বা ধম
¹
আখ্যানৰ লগতে সাধাৰণ মানুহৰ জীৱনচযাৰ্ প্ৰতিফলিত হোৱাটো এটা লক্ষণীয় দিশ৷

ধৰ্মী
শিল্পকলাৰ সমান্তৰালভাৱে ৰাজকীয় পৃষ্ঠপোষকতাতো শিল্পকলাৰ প্ৰভূত বিকাশ সাধন হৈছিল৷
আনকি বহু মঠ-মন্দিৰৰ কাম ৰাজপৃষ্ঠপোষকতাতে সমাধা হৈছিল৷ ভাৰতৰ বিভিন্ন ৰাজপৰিয়ালৰ
আমোলত নিমাৰ্ণ হোৱা ৰাজমহল
, ৰাজতন্ত্ৰসমূহৰ কীৰ্তিস্তম্ভ, স্মৃতিসৌধ
আদিত ভাৰতীয় শিল্পকলাৰ উজ্জ্বল চানেকি এতিয়াও জিলিকি আছে৷ ভাস্কৰ্যৰ দৰে চিত্ৰকলাৰ
ক্ষেত্ৰতো বিভিন্ন ধাৰাৰ যোগেদি ভাৰতে এক গৌৰনময় ইতিহাস ৰচি থৈছে৷ এই আটাইবোৰ
উদাহৰণৰ মাজত আমি কিন্তু শিল্পকলাৰ ব্যৱহাৰিক দিশ এটা প্ৰকট হৈ থকা দেখিবলৈ পাওঁ৷

সি যি
কি নহওক
, নৱজাগৰণৰ লগে লগে শিল্পকলাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনে দেখা দিলে৷
ধম
¹য় গণ্ডিৰপৰা শিল্পী আৰু শিল্প মুক্ত হৈ এক নতুন পথৰ সন্ধানত অগ্ৰসৰ
হ’ল৷ এতিয়া আৰু ছবি বা ভাস্কৰ্য ধম
¹য় বাণী প্ৰকাশৰ মাধ্যম হৈ নাথাকিল;
নাথাকিল
কেৱল ৰজা-মহাৰজা বা স
zান্ত লোকৰ একচেতিয়া সম্পত্তি হৈ৷ ছবি বা ভাস্কৰ্যত ধম¹
আখ্যান
, সামন্ত বা যুদ্ধ-বিগ্ৰহৰ উপৰি সাধাৰণ মানুহৰ সুখ-দুখ, প্ৰতিকৃতি
আৰু মুক্ত প্ৰাকৃতিক পৰিৱেশে মুক্তভাৱে স্থান পাবলৈ ধৰিলে৷ শিল্পীৰ চিন্তা আৰু
ৰুচি সলনি হ’ল
, সলনি হ’ল সাধাৰণ দৰ্শকৰো ৰুচিবোধ৷ আগতে শিল্প-সাহিত্যত যি সাধাৰণ
মানুহ আৰু প্ৰকৃতি
þ ধম¹য় ভাবধাৰাক উজ্জ্বল কৰি তোলাৰ স্বাৰ্থত ব্যৱহৃত হৈছিল, সেই
মানুহ আৰু প্ৰকৃতিয়ে মুক্তভাৱে শিল্পী-সাহিত্যিকৰ কামৰ যোগেদি প্ৰকাশ লাভ কৰিবলৈ
ধৰিলে৷ আমি সকলোৱে জানো যে ইটালিৰ শিল্পকলাৰ নৱজাগৰণৰ ক্ষেত্ৰত লিঅ’নাৰ্ড দ্য
ভিঞ্চি
, মাইকেল এঞ্জেল’, ৰাফেল আদিকে ধৰি বহুতো শিল্পীয়ে এই আন্দোলনৰ নেতৃত্ব দিছিল৷ আমি মনত
ৰখা উচিত যে  শিল্পকলাৰ নৱজাগৰণ বা
নৱন্যাসবাদ কোনো ষ্টাইল বা শৈলীগত ধাৰা নহয়
, ই নতুন
বিষয়বস্তুৰে সুসজ্জিত এক প্ৰকাশভংগী আৰু এক অভূতপূৰ্ব ৰুচিবোধৰ আৰম্ভণি বা জাগৰণ৷
ই শিল্পীৰ লগতে সাধাৰণ মানুহক নতুন দৃষ্টিৰে চাবলৈ শিকালে আৰু শিল্পকলাৰ
সাৰ্বজনীনতাক প্ৰতিষ্ঠা কৰিলে৷ শিল্পকলাৰ ক্ষেত্ৰত ৰুচিবোধৰ বিৱৰ্তনৰ ই এক
অভূতপূৰ্ব সূচকৰূপে পৃথিৱীৰ ইতিহাসত চিহ্নিত হৈ ৰ’ল৷

সেয়া
আছিল চতুৰ্দশ-পঞ্চদশ শতিকাৰ কথা৷ তাৰ প্ৰায় দুশ-তিনিশ বছৰ পিছত ১৮৭৪ চনত পেৰিছত
শিল্পৰুচিৰ পৰিৱৰ্তনৰ এক চমৎকাৰী ৰূপ দেখিবলৈ পোৱা গ’ল৷ এচাম নতুন শিল্পীয়ে অনুভৱ
কৰিলে যে নৱজাগৰণৰ যোগেদি শিল্পীসকল গীজাৰ্ তথা ধম
¹য় কতৃৰ্ত্বৰপৰা
ওলাই আহিছিল সঁচা
, কিন্তু তেওঁলোকে ধম¹য় বিষয়বস্তু আৰু প্ৰকাশভংগীৰপৰা
সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাছিল৷ এনে চিন্তাৰদ্বাৰা অনুপ্ৰাণিত হৈ এদল শিল্পীয়ে
বিষয়বস্তু
, প্ৰকাশভংগী এই আটাইবোৰৰে আমূল পৰিৱৰ্তন সাধি এক নতুন চিত্ৰশৈলী দাঙি
ধৰিলে৷ সমালোচকসকলে যাৰ নাম দিলে ইম্প্ৰেছনিজম৷ এইদল শিল্পীৰ ভিতৰত আছিল ক্ল’ড মনে
,
এডৱাৰ্ড
মানে
, ৰেন’ৱাঁ, আলফ্ৰেড চিচলে, কেমিল পিছাৰ’, পল চেজান, ভিণ্টচেণ্ট
ভেন গগ ইত্যাদি৷ এওঁলোকে পৰম্পৰাগত দেৱ-দেৱীৰ অলৌকিক কাহিনী
, জাতীয়
বীৰ
, যুদ্ধ-বিগ্ৰহৰ দৃশ্য, বাস্তৱানুগ ৰূপকল্পক সমূলি কেনভাছৰপৰা
আঁতৰাই পঠিয়ালে৷  তেওঁলোকে বাস্তৱৰ যি
বস্তু যেনেদৰে দেখিলে তেনেদৰে তাৰ ক্ষণিক মুহূৰ্ত ধৰি ৰাখিবলৈ ল’লে৷ কফি হাউচৰ
দৃশ্যাৱলী
, বেশ্যা, মদ্যপায়ী, খেতি-বাতি, ব্যৱসায় আদি সকলো বস্তু ছবিৰ বিষয় হৈ
পৰিল৷ পানীত হোৱা পোহৰৰ বিচ্চুৰণ বহু শিল্পীৰ প্ৰিয় বিষয় হৈ পৰিল৷ ৰঙৰ ব্যৱহাৰৰ
ক্ষেত্ৰতো তেওঁলোকৰ কামত অভিনৱত্ব ফুটি উঠিল৷ সাধাৰণতে ৰঙৰ মিশ্ৰণ নকৰাকৈ তেওঁলোকে
এটা প্ৰাথমিক ৰং আন এটাৰ ওচৰত বিন্দু বা ৰেখাৰে বিন্যাস কৰি এক অপূৰ্ব বৰ্ণচয়ন
ৰচনা কৰিছিল৷ ৰং আৰু দেহাৱয়ৱক মসৃণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰা নাছিল
, ৰঙক
নিজৰ গতিত এৰি দিছিল বিস্তৃতভাৱে৷ এনেদৰে মনচ্ছায়াবাদীসকলে সমালোচকৰ কথাকো নেওচি
ছবি দৰ্শনৰ অভি:তা আৰু ৰুচিবোধ সলনি কৰি শিল্পকলাৰ ক্ষেত্ৰত এক নতুনৰ দুৱাৰ মুকলি
কৰি দিলে৷

ইম্প্ৰেছনিষ্টসকলৰ
পাছতেই ১৯০৫ চনত পেৰিছত আন এক চিত্ৰধাৰাৰ সূচনা হ’ল৷ এইদল শিল্পীৰ ছবিৰ বাস্তৱ
ৰূপৰ বিকৃতকৰণ
, উত্তেজনাপূৰ্ণ ৰং, সমতলীয় বৰ্ণচয়ন দেখি ভ’চেল নামৰ সমালোচক
এজনে তেওঁলোকক ফ’ৱ
, অথাৰ্ৎ বন্যজন্তুৰ দল বুলি কটু সমালোচনা কৰিলে৷ তেতিয়াৰেপৰা এই
চিত্ৰশৈলীটো ফ’ৱিজিম নামেৰে জনাজাত হৈ পৰিল৷ এই দলৰ কেইজনমান শিল্পী হ’ল অঁৰি
মাটিছ
, আঁড্ৰে ডেঁৰা, ম’ৰিছ ভ্‌লামিক, জৰ্জ ৰুঅ’
ইত্যাদি৷ এওঁলোকে আচলতে প্ৰাকৃতিক পৰিৱেশৰ অনুকৰণৰপৰা ফালৰি কাটি আহি এক নতুন
ৰূপবিন্যাসৰ যোগেদি কিছুমান ইমেজ সৃষ্টি কৰিব বিচাৰিছিল৷ অনুকৰণৰ বিপৰীতে তেওঁলোকে
নিজেই ছবি এখনৰ প্ৰকৃত স্ৰষ্টা হ’ব খুজিছিল৷ তেওঁলোকৰ মতে বিষয়ৰ হুবহু চিত্ৰণ
শিল্পীৰ চৰম লক্ষ্য হ’ব নোৱাৰে
, লক্ষ্য হ’ব লাগে ৰং আৰু ৰেখাৰ সহযোগত
ৰূপৰ সজ্জাবিন্যাসহে৷ মুঠতে ৰূপ-ৰেখা আৰু বৰ্ণৰ সাৰ্থক মিলনৰ যোগেদি মানুহৰ
আৱেগ-অনুভূতিক সঞ্চাৰ কৰিব পৰাটোৱেই তেওঁলোকৰ চিত্ৰ প্ৰধান বৈশিষ্ট্য আছিল৷
তেওঁলোকে সকলো পৰম্পৰাগত ব্যাকৰণৰ নীতি অমান্য কৰি বাস্তৱত দেখা ৰূপসমূহ ভাঙি তাক
ছন্দময় ৰূপত নতুনকৈ সংৰচন কৰিছিল৷ দৰাচলতে তেওঁলোকৰ কামৰ মাজতেই বিমূৰ্ত কলাৰ
অংকুৰণ ঘটিছিল৷

প্ৰথম
বিশ্বযুদ্ধৰ সময়ত যুদ্ধৰ ভয়াৱহতা
, আতংক আৰু অনিশ্চয়তাই সৃষ্টি কৰা অৰাজক
পৰিস্থিতিয়ে মানুহক দুৰ্দশাগ্ৰস্ত কৰি তুলিছিল৷ বিশেষকৈ সামাজিক বৈষম্যই শিল্পসকলক
বিদ্ৰোহী কৰি তুলিছিল৷ এনে পৰিস্থিতিৰ বিশ্লেষণ
, মানুহৰ জীৱন আৰু
চৰিত্ৰ দাঙি ধৰাটো শিল্পীসকলে নিজৰ কৰ্তব্য বুলি ভাবিছিল৷ তেওঁলোকৰ ছবিত প্ৰকাশ
পাইছিল মানুহৰ মনৰ আৱেগ
, উত্তেজনা আদি বিভিন্ন মানসিক অৱস্থা৷
আনকি প্ৰকৃতিকো তেওঁলোকে যথাযথ ৰূপত অংকন নকৰি তাক মানুহৰ মানসিক অৱস্থাৰ
ধাৰক-বাহক ৰূপে ব্যৱহাৰ কৰিছিল৷ তেওঁলোকৰ সৃষ্টিত সদায় দেখা গৈছিল আতংক আৰু শোকৰ
ছাঁ
, যেন তেওঁলোকে বাস কৰিছিল এক ধবংসমুখী পৃথিৱীত৷ এডভাৰ্ড মুংখৰ ‘চিঞৰ’
ছবিখনত চিঞৰৰ অভিব্যক্তি ফুটি উঠা মানুহজনৰ মুখাৱয়ৱৰ লগতে সমগ্ৰ পৰিৱেশটোকে তাৰ উত্তেজনাই
প্ৰভাৱিত কৰিছে৷ এই শিল্পীসকলৰ বাবে ভাবেই আছিল প্ৰধান বস্তু
; তাক
প্ৰকাশ কৰিবলৈ যাওঁতে ৰূপ বা অৱয়ৱৰ যদি বিকৃতি ঘটিছে সেইটো সেইটো চিন্তনীয় বিষয়
নহয়
; বৰং সেই বিকৃতিক ভাব প্ৰকাশৰ সহায়ক ৰূপেহে তেওঁলোকে ব্যৱহাৰ কৰিছিল৷
ভাব প্ৰকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বাবেই এই শিল্পীসকলে সৃষ্টি কৰা এই ধাৰাক
প্ৰকাশবাদ বা এক্‌ছপ্ৰেছনিজিম বোলা হৈছিল৷ উল্লেখযোগ্য যে ছবিৰ যোগেদি আৰম্ভ হোৱা
এই ধাৰাই সংগীত
, নাটক, গল্প, উপন্যাস, কবিতা, চিনেমা আদিকো আজিও প্ৰভাৱিত কৰি আহিছে৷ সেয়ে ৰুচিবোধৰ বিৱৰ্তনৰ
ক্ষেত্ৰত এই চিত্ৰশৈলীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷

শিল্পৰুচিক
এক বিশেষ মাত্ৰা দিয়া আন এক পাশ্চাত্য চিত্ৰশৈলী হৈছে কিউবিজিম৷ এই শৈলী পল চেজানৰ
ধাৰণাসম্ভূত যদিও ইয়াক প্ৰতিষ্ঠা কৰে পাবলো পিকাছ’ৱে৷ পল চেজানে সকলো বস্তুতেই
জ্যামিতিক ৰূপৰ আভাস দেখিবলৈ পাইছিল৷ তেওঁৰ শেষৰফালৰ নৈসৰ্গিক চিত্ৰসমূহত দেখা যায়
শংকু
, গোলক, চুঙা আদি স্থাপত্যিক গুণ৷ পল গঁগাৰ চিত্ৰৰ আদিমতা, ছুঁৰাৰ
বৈজ্ঞানিক দৃষ্টিভংগী আৰু আফ্ৰিকাৰ লোককলাৰ সৰলতাই কিউবিষ্টসকলক প্ৰেৰণা যোগাইছিল৷
কিউবিষ্ট শিল্পীসকলৰ প্ৰধান উদ্দেশ্য হ’ল সত্যৰ অন্বেষণ৷ কোনো বস্তুৰ
বৈশিষ্ট্যসমূহ বিশ্লেষণ
, আৱিষ্কাৰ কৰি জ্যামিতিক ৰূপত ভাঙি
শূন্যস্থানৰ যোগেদি তাক তেওঁলোকে পুননিমাৰ্ণ কৰিছিল৷ এই ভঙা-গঢ়াৰ মাজত তেওঁলোকে
বৈয়াকৰণিক যুক্তি মানি চলা নাছিল
; মানি চলিছিল বস্তুসত্তা বা তাৰ
অস্তিত্বক৷ সেয়ে ই অনুকৰণ নহয় অনুভৱৰ বস্তু হৈ পৰিছিল৷ পিকাছ’ৱে কৈছিল
, ‘‘মই যি
দেখোঁ সেইটো নেআঁকোঁ
; মই যি জানো তাকেহে আঁকোঁ৷ কুৰি শতিকাৰ শিল্পকলাৰ বিকাশৰ ক্ষেত্ৰত
আটাইতকৈ প্ৰভাৱশালী আৰু প্ৰখ্যাত শিল্পীজন হৈছে পাবলো পিকাছ’৷ কিউবিজিম ধাৰাটো
আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ বৰঙণি আছিল অতুলনীয়৷ স্পেইনৰ গৃহযুদ্ধৰ আধাৰত ১৯৩৭
চনত অংকিত পিকাছ’ৰ লা গোৱেৰ্নিকা [ন্ত্ৰ
Guernica] ছবিখনে সমগ্ৰ
বিশ্বতে আলোড়ন সৃষ্টি কৰিছিল৷ ছবিখনত যুদ্ধ বিভীষিকা ইমান সাৱলীল আৰু মনোজগত
আলোড়িত কৰিব পৰাকৈ ফুটি উঠিছে যে শিল্পকলাৰ ইতিহাসত কোনো চিত্ৰই তাৰ ঠাই ল’ব
নোৱাৰে৷ পূৰ্বৰ ছবিত যুদ্ধৰ ছবি প্ৰতিফলিত হৈছিল
; কিন্তু এই চিত্ৰই
যুদ্ধৰ যি প্ৰভাৱ
, ইয়াৰ ভয়াৱহতা আৰু আতংক প্ৰতিফলিত কৰিছে, তাক বাস্তৱানুগ
ছবিৰদ্বাৰা প্ৰকাশ কৰাটো সম্ভৱ নহয়৷ ছবিখনত ব্যৱহৃত মানুহ
, জন্তু আৰু সকলো
বস্তুকে কিউবিক ফৰ্মত ভাঙি পেলোৱা হৈছে৷ ভগ্ন টুকুৰা-টুকুৰ ৰূপবোৰে দৰ্শকৰ মনত
সভ্যতাৰ এক বিখন্দিত ৰূপ দাঙি ধৰিছে৷ ছবিখনত থকা ষাড়টোৱে নাৎচি বাহিনীৰ পাশৱিকতা
,
ঊধবৰ্মুখে
আৰ্তনাদ কৰি থকা ঘোঁৰাটোৱে স্পেইন দেশখনক আৰু এখন হাতৰ সৈতে লেমটোৱে শিল্পীৰ
বিৱেকক প্ৰতিনিধিত্ব কৰিছে
, যি সেই ভয়াৱহ পৰিস্থিতিক আলোকপাত কৰিছে৷

বিষয়বস্তুৰ
অধ্যয়ন আৰু বিশ্লেষণৰ যোগেদি এক নৱ্য ৰুচি প্ৰৱৰ্তন কৰা আন এক পাশ্চাত্য চিত্ৰশৈলী
হৈছে ভৱিষ্যবাদ বা ফিউচাৰিজম৷ এই শৈলীৰ শিল্পীসকলৰ লক্ষ্য আছিল গতিশীল বস্তু এটা
একেসময়তে একেখন কেনভাছতে ধৰি ৰখা৷ তাকে কৰিবলৈ যাওঁতে তেওঁলোকে গতিশীল বস্তু এটা
বিভিন্ন দিশৰপৰা অধ্যয়ন কৰিছিল৷ চিনেমাত গতিশীল বস্তু এটা দেখুৱাবলৈ যেনেকৈ তাৰ
বহুতো ফটো তুলিবলগীয়া হয়
, তেনেকৈ ভৱিষ্যবাদীসকলেও গতিশীল বস্তু
এটাৰ বিভিন্ন ভংগীক একেখন ছবিতে ধৰি ৰাখিছিল৷ তাকে কৰিবলৈ যাওঁতে ব্যাকৰণ
, বিশেষকৈ
পৰিপ্ৰেক্ষিতক সমূলি আওকাণ কৰিছিল৷ উদাহৰণ স্বৰূপে দৌৰি থকা ঘোঁৰা এটাৰ ঠেং আৰু
শৰীৰৰ বিভিন্ন ভংগী বা পযাৰ্য়বোৰ
, চিৰিয়েদি নামি অহা মহিলা এগৰাকীৰ
পদসঞ্চালনৰ বিভিন্ন মুদ্ৰাবোৰ বা কোঠা এটাৰ চাৰিওফালৰ দৃশ্যসজ্জা তেওঁলোকে একেলগে
ধৰি ৰাখিছিল৷

বিমূৰ্ত
কলা আধুনিক শিল্পকলাত এক অভূতপূৰ্ব সমযোজন৷ 
প্ৰকৃত বিমূৰ্ত কলাত কোনো শৰীৰাৱয়ৱ বা বিষয়বস্তু নাথাকে
; নাথাকে
কোনো প্ৰাকৃতিক বাস্তৱানুগ দৃশ্য৷ ই ৰূপ-ৰং আৰু ৰেখাৰ সমাহাৰ৷ ই কোনো নিৰ্দিষ্ট
অৰ্থ বহন নকৰে
; বৰং এক অসীম, অনিৰ্দিষ্ট অৰ্থ, ধাৰণা বা আইডিয়াৰ
প্ৰতি নিৰ্দেশ কৰে৷ বিমূৰ্ত শিল্পীয়ে ৰূপ (ফৰ্ম)-ৰং-ৰেখাৰ অপূৰ্ব বিন্যাসৰ যোগেদি
দৰ্শকৰ মনত এক অনিবৰ্চনীয় আনুভূতিক ক্ষেত্ৰ তৈয়াৰ কৰে৷ ই দৰ্শকক নিজৰ ৰুচি অনুসৰি
ছবিখন বুজিবলৈ
, ভাবিবলৈ আৰু অনুভৱ কৰিবলৈ দিয়ে৷ চাই ভাল লগাটোৱেই শিল্পকলাৰ প্ৰথম
চৰ্ত৷ বিমূৰ্ত কলাৰ প্ৰধান কাম হৈছে এই ভাল লগাৰ মাজেদি দৰ্শকৰ অনুভূতিৰ সঞ্চাৰ
কৰা৷ বিমূৰ্ত কলাই মানুহৰ মন বহু সময় ধৰি আলোড়িত আৰু ৰোমাঞ্চিত কৰি ৰাখে৷ আনহাতে
বিমূৰ্ত কলাই যিহেতু এক ঐন্দ্ৰজালিক পৰিমণ্ডল
(Illusionist environment) সৃষ্টি
কৰে
, সেয়ে দৰ্শকভেদে ছবি একোখনে দান কৰা অনুভৱখিনিও ভিন্ন হৈ পৰে৷ অথাৰ্ৎ
দৰ্শকে ছবি এখন নিজৰ মতে গ্ৰহণ বা ব্যাখ্যা আগবঢ়াব পাৰে৷ ইয়াত শিল্পীজনৰ ভাব বা
অনুভৱখিনি মুখ্য বা গুৰুত্বপূৰ্ণ হৈ নাথাকে৷ মানে বিমূৰ্ত কলাৰ দৰ্শক এজন সদায়
 স্বাধীন৷
কথাখিনি আধুনিক কবিতাৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য৷

কেইটামান
পাশ্চাত্য চিত্ৰশৈলীৰ চমু আভাস ইয়াত এইবাবেই দাঙি ধৰা হ’ল যে এই শৈলীবোৰে মানুহৰ
মনত যুগ যুগ ধৰি শিপাই থকা পৰম্পৰাগত শিল্পকলা সম্পক
¹য় ধাৰণাক সলাই
শিল্পী তথা শিল্পৰসিকৰ ৰুচিৰ ক্ষেত্ৰত অভূতপূৰ্ব প্ৰভাৱ পেলাই আহিছে৷ বৰ্তমান
শিল্পকলাৰ ক্ষেত্ৰত যি মিশ্ৰ পদ্ধতি বা শৈলী আমি দেখিবলৈ পাওঁ বা যিবিলাক নতুন
পৰীক্ষা নিৰীক্ষা দেখিবলৈ পাওঁ
, সিবিলাক এই শৈলীবোৰৰ প্ৰভাৱৰপৰা
সম্পূৰ্ণভাৱে মুক্ত নহয়৷

আধুনিক
শিল্পকলাৰ ক্ষেত্ৰত এক সঘনে শুনিবলৈ পোৱা অভিযোগ হৈছে
, ই দুবোৰ্ধ্য৷
বহুতে কয় যে তেওঁ আধুনিক কলা বুজি নাপায়৷ কিন্তু ওপৰত কৈ অহাৰ দৰে কলাৰ প্ৰধান
চৰ্ত হৈছে
, প্ৰথম দৰ্শন-শ্ৰৱণ-পঠনতে ই আমাৰ মনত আনন্দ দিব পাৰিব লাগিব৷ সেয়ে গান
এটা যিমান অৰ্থবহ নহ’লেও
, যদি শ্ৰুতিমধুৰ নহয়, সি
আমাক আকৰ্ষণ নকৰে
, যিমান সাৰুৱা কথা নাথাকিলেও সৰস নহ’লে আমি সাহিত্য অধ্যয়ন নকৰোঁ৷
গতিকে চিত্ৰ-ভাস্কৰ্য আদিৰো অৰ্থ গৌণ বিষয়৷ ইয়াৰ সৌন্দৰ্যই ইয়াৰ অৰ্থ
,
দিয়া অনুভৱখিনিয়েই ইয়াৰ বাতাৰ্ বা বাণী৷ সেয়ে আমি সকলো ছবিতে অৰ্থ বিচাৰি হাবাথুৰি
খোৱাৰ প্ৰয়োজন নাই৷ ছবি এখনৰ ৰং আৰু ৰূপৰ বিন্যাসে আপোনাৰ মনত যি অনুভূতি জগাই
তুলিব সিয়েই আপোনাক তৃপ্ত কৰিব পাৰে৷ সকলো আধুনিক কবিতা সকলোৱে নিশ্চয় বুজি নাপায়
,
তেনেকৈ
আজিকালি গল্প-উপন্যাস
, নাটকো বুজি নোপোৱাৰ অভিযোগ শুনা নাযায়৷ কিন্তু সিবিলাকে আমাৰ মনত
আনন্দ নিদিয়ে বুলি আমি ক’ব নোৱাৰোঁ৷ সিবিলাকে আমাৰ চিন্তা-চেতনাক জগাই তুলি মনত এক
নতুন ধাৰণাৰ সঞ্চাৰ কৰে৷ শিল্পকালাৰপৰা তাতকৈ আমি বেছি বিচৰা উচিত নহয়৷

এনেকৈয়ে
ভাষাহীন-অনাখৰী মানুহৰ মাজত সৃষ্টি হোৱা ব্যৱহাৰিক কলাই নানা বৌদ্ধিক স্তৰ পাৰ হৈ
আহি ৰুচিবোধৰ নানা বিৱৰ্তনেৰে আজি এক বিশাল পৰিসৰ লাভ কৰিছেহি৷

***

ফোন : ৭০৮৬১৭০৬২৩