দাৰ্জিলিঙৰ আপেলমুখীয়া ছোৱালীজনী

অংগনা চৌধুৰী

একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম
সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ থকা বাটটোহে৷ মেট্ৰিক
পৰীক্ষা দি উঠি মা
দেউতাৰ সৈতে প্ৰথমবাৰ দাৰ্জিলিঙলৈ অহাৰ কথা মোৰ
মনত পৰি পৰি গৈ থাকিল৷ অত বছৰৰ মূৰত পুনৰ আহিছোঁ স্বামী আৰু পুত্ৰৰ সৈতে। হোটেলত
বয়
বস্তু থৈ কিছু সময় জিৰণি লৈ খোজ কাঢ়ি কাঢ়ি মূল বজাৰখনলৈ
ওলাই আহিলোঁ৷ ওপৰা-উপৰিকৈ থকা দোকানবোৰ
, ঠেক গলি, বজাৰৰ অ
পেলনীয়া বস্তুৰ দ
 সকলো একেই আছে৷ অৱশ্যে নতুনকৈ হোৱা শ্বপিং মল, ৰেষ্ট্যুৰেণ্ট অদিও চকুত
পৰিল৷ কিন্তু সেয়াতো আৰু সৌন্দৰ্যবৰ্ধক নহয়৷ তাৰ অগতে ভিতৰুৱা বাট
পথবোৰ
যদি উন্নত কৰা গ
লহেঁতেন তেতিয়াহলে
পৰ্যটকৰ বাবে বেছি সুবিধাজনক আৰু আকৰ্ষণীয় হ
লহেঁতেন কিজানি! সি যি নহওক, বাহিৰতে ৰাতিৰ আহাৰ কৰি আমি
হোটেললৈ উভতিলোঁ৷ আমাৰ কোঠাটোৰ খিৰিকীয়েদিয়েই কাঞ্চনজংঘা দেখা যায়৷ পুৱা সূৰুয
উঠাৰ দৃশ্যৰ ফট’ খিৰিকীৰ কাষত বহিয়েই তুলিব পৰা যাব বুলি কেমেৰাৰ বেটাৰি‍ চাৰ্জত
দি শুই পৰিলোঁ৷

পখীৰ কাকলিত পুৱা যেতিয়া সাৰ পালোঁ, বিছনাৰ পৰাই দেখা পালোঁ
বৰফেৰে আবৃত চিৰশুভ্ৰ কাঞ্চনজংঘাৰ মাজেৰে সূৰুয উঠাৰ দৃশ্য৷ লগে লগে কেমেৰা হাতত
লৈ ধৰি থ
লোঁ তাক  ক্লিক্‌, ক্লিক্‌, ক্লিক্
মনত পৰিল প্ৰথমবাৰ আহোঁতে সূৰ্য উদয় চাবলৈ ৰাতি দুই-আঢ়ৈ বজাতেই কঁপি কঁপি উঠি
টাইগাৰ হিল্‌ছলৈ বুলি টেক্সিত উঠা
, তাতে টুৰিষ্টৰ ভিৰৰ মাজত কফি খাই খাই পুৱা
হোৱালৈ বাট চোৱাৰ কথা৷ সেই আমেজ কিন্তু বেলেগ আছিল৷

ব্ৰেকফাষ্ট কৰি উঠি ৰক্ গাৰ্ডেনলৈ বুলি ওলালোঁ
টেক্সি এখন লৈ৷ ইমান ঠেক পাহাৰীয়া ভাঁজৰ কেঁকুৰিবোৰত তাৰ টেক্সি ড্ৰাইভাৰে কেনেকৈ
যে ইমান বেগত টাৰ্নিং লৈ তললৈ নমাই নিয়ে… দেখি বুকু কঁপি যায়৷ তেওঁলোকে এই কামত
পাকৈত যদিও মই মাজে মাজে কৈ উঠোঁ
 – ‘‘ধীৰে
চলাঅ
 ভাইয়া’’৷ তাৰ নাম হল ৰাজু৷ সি মোৰ মাত নুশুনে, কাৰণ গাড়ীত তেতিয়া ফুল
ভলিউমত নেপালী গীতৰ তোলপাৰ৷ ৰক্
 গাৰ্ডেন পোৱাৰ আগে আগে এটা কেঁকুৰিত সি গাড়ীখন
ৰখালে৷ হঠাতে বাটৰ দাঁতিত অপেক্ষাৰতা দীঘল ফুলাম ফ্ৰক পিন্ধা আপেলৰ দৰে ৰঙা গালৰ
গাভৰু ছোৱালী এজনী দেখোন আমাৰ গাড়ীত পুতুক্
কৈ উঠি সমুখৰ আসনত বহি ললে৷
আমি কিবা কোৱাৰ আগতেই ৰাজুৱে ক
লে ‘‘মেৰা পেহচান কা হেঁ৷ থোৰা
আগে উতৰ জায়েগী৷ ড
ণ্ট মাইণ্ড হাঁ ছাৰ, মেডাম৷’’ আমি একো নকলোঁ, কাৰণ ৰক্ গাৰ্ডেন প্ৰায়
পাবৰে হৈছিল৷ পাৰ্কিঙত গাড়ী ৰখোৱাৰ লগে লগে আমি নামি গ
লোঁ৷
ছোৱালীজনী আগছিটতে বহি থাকিল৷ ভাবিলোঁ লাহে
ধীৰে পইচাপাতি
দি কথা
বতৰা পাতি নামি যাব বোধহয়৷ গাৰ্ডেনত ঘূৰোঁতেপকোঁতে
কিমান সময় পাৰ হয় ধৰিবই নোৱাৰি৷ বৰ ভাল লাগে তাৰ পৰিৱেশ৷ আৰু টিলা এটাৰ ওপৰত যে
জিৰণি লোৱা বেঞ্চ এখন আছে
, যাৰ পিছফালে জলপ্ৰপাত আৰু আগফালে ফুলনি; ইছ্‌… সঁচাকৈয়ে সৰগ যেন লাগে৷

ৰক্ গাৰ্ডেনৰ পৰা আমাৰ চাহৰ বাগিচা চাবলৈ যোৱাৰ
কথা৷ সেয়ে বেছি দেৰি আৰু তাত বহি নাথাকি বাহিৰলৈ আহিলোঁ৷ দূৰৈৰ পৰা দেখিলোঁ আমাৰ
টেক্সিৰ ভিতৰত আপেলমুখীয়া ছোৱালীজনী আছেই বহি আৰু মাজে মাজে ৰাজুৰ আউল
বাউল
চুলিখিনি ঠিক কৰি দিছে৷ সিও দেখোন নিজৰ টিফিন বক্সৰ পৰা কিবা উলিয়াই তাইক খুৱাই
দিছে৷ অ
 কথা তাৰমানে বেলেগ! আমি গৈ টেক্সিৰ ওচৰ পোৱাত সিহঁতে থত্‌মত্‌ খাই চিধা হৈ বহিল৷ পৰিৱেশটো
সহজ কৰিবলৈ ৰাজুৱে জোখতকৈ অলপ বেছি ডাঙৰকৈ হাঁহি মাৰি সুধিলে
— ‘অৰে ছাৰ, মেডাম, কেইচা লগা গাৰ্ডেন? চলিয়ে, অব হম আপকো টি গাৰ্ডেন দিখায়েগা৷’’

আমি পিছৰ ছিটত বহিলোঁ৷ মই সৰুৰে পৰা চাহ বাগিচাৰ পৰিৱেশতেই ডাঙৰ
হোৱা৷ দেউতা যিহেতু চাহ বাগিচাৰ অফিচত কৰ্মৰত আছিল
, মোৰ বাবে এয়া কোনো নতুন
দৃশ্য নাছিল৷ কিন্তু দাৰ্জিলিঙৰ পাহাৰত হোৱা এঢলীয়া চাহ বাগিচাৰ সৌন্দৰ্য অইনতকৈ
বেলেগ আৰু মনোমোহা৷

একা-বেঁকা পথেৰে আমি পুনৰ আগ বাঢ়িলোঁ৷ চাহ
বাগিচা চোৱাৰ ভিউ পইণ্টত যেতিয়া আমি নামিলোঁ
, তেতিয়াও গাড়ীত আপেলমুখীয়া ছোৱালীজনী বহিয়েই
থাকিল৷ মোৰ চকুৱে চকুৱে পৰাত তাই লাজ লাজকৈ তলমূৰ কৰিলে৷ আমি সেউজ চাহ বাগিচাৰ
মাজে মাজে গৈ ফট’ তুলিলোঁ
, তাতে থকা সৰু সৰু টিষ্টলত
লোকেল টি খালোঁ
, ‘দাৰ্জিলিং টি’-
পেকেট কিনিলোঁ আৰু এই সকলো কৰি যেতিয়া ঘূৰি আহোঁ, দেখোঁ যে গাড়ীত অথনিৰ দৰেই দুয়ো
প্ৰেমালাপত ব্যস্ত৷ আমাৰ অৱশ্যে খং উঠাতকৈ হাঁহিহে উঠিল৷ ৰাজুৱে তাৰ মানে বুদ্ধি
কৰি ভাড়াও মাৰিছে লগতে ডেটিঙো চলাইছে৷ আমাৰ এওঁ ডাঙৰকৈ কাহ এটা মাৰি আগজাননী দিলে
যে আমি আহি পালোঁহি৷ সিহঁতে তৎক্ষণাৎ কিছু আঁতৰি বহিল৷ আমি বহাৰ পাছত ৰাজুৱে
সেমেনা
সেমেনিকৈ এওঁক কলে ‘‘ছাৰ আই এম ভেৰী ছৰী৷
আপলোগো নে পাৰ্ছনেল গাড়ী মংগৱায়া থা
, পৰ হমনে দুচৰা পেচেঞ্জাৰ ভী উঠা লিয়া৷ পৰ য়ে না
দুচৰা ষ্টপ্ মে উতৰ জায়েগী
, ণ্ট ৱৰী৷’’

এইবাৰ মই মাত লগালোঁ ‘‘পেছেঞ্জাৰ ক্যিউ বোল ৰহে হো? য়ে তো তুম্‌হাৰা ৱ হেঁ না? মতলব গৰ্লফ্ৰেণ্ড হেঁ না?’

সি লাজত ৰঙালা
পৰিলে৷ এইবাৰ আপেলমুখীয়া ছোৱালীজনীয়ে কওঁ
নকওঁকৈ কলে — ‘‘হাঁ, য়ে তো দিনৰাত
টেক্সী চলাতা হেঁ৷ টাইম হী নহী মিলতা কহী ৰেস্তোৰাঁ য়া দুচৰা জগহ বেঠনে কে লিয়ে৷
ইচিলিয়ে
  ৰী
মেডাম
’’

মই মিচিকিয়াই কলোঁ ‘‘আৰে কোয়ী বাত নেহী৷ অব চলো
ৰাজু
, নেক্সট্ কাহাঁ জানা হেঁ৷

আমাৰ অভয় প্ৰদানত দুয়ো যেন সকাহ পালে৷ ৰাজুৱে টেক্সিৰ
মিউজিক ছিষ্টেমত পুনৰ উচ্চগ্ৰামত নেপালী গীত লগাই দিলে৷ ভাষা বুজি নাপালেও অনুধাৱন
কৰিলোঁ
, হয়তো সেয়া আছিল প্ৰেমৰেই গীত৷

মৎস্য লালসা :

পুৰীৰ সাগৰ তীৰত যে ঢৌবোৰৰ অহাযোৱা
চাই কিমান সময় বহি আছিলোঁ গমকে নাপাওঁ৷ এইকেইদিন আহি পোৱাৰে পৰা জগন্নাথ মন্দিৰ
, কোনাৰ্কৰ সূৰ্য মন্দিৰ, চিলিকা হ্ৰদ, আন আন বিচ্চ্‌সমূহ ভ্ৰমণ কৰি
আজিহে আজৰি হৈ এনেকৈ অলসভাৱে বহিছোঁ৷ সাগৰৰ ঢৌৰ গৰ্জন শুনি বহি থাকিলে মোৰ
দৈনন্দিন জীৱনৰ একো কথাই ভাবিবলৈ মন নাযায়৷ অকল এই বিশাল আকাশ
, বিশাল সাগৰ আৰু অন্তহীন
সৌৰজগতৰ ৰহস্যময়তাৰ কথাহে মনলৈ আহে৷

এনেবোৰ কথা ভাবি থাকোঁতেই অনুভৱ হ
যে মোৰ ভোক লাগিছে৷ তাৰ পাছত অনুভৱ হ
ল যে ভোক আচলতে মোৰ এনেয়ে
লগা নাই৷ সমুদ্ৰতীৰৰ পুৰাতন বতাহত ক
ৰবাৰ পৰা উটি অহা ভজা মাছৰ
গোন্ধ নাকত লগাতহে পেটটো কলমলাইছে৷ এইটি ভোক নহৈ লোভো হ

পাৰে৷

আচলতে চৌদিশে চালি লগোৱা ঠেলাগাড়ীবোৰত ষ্ট
লৈ লৈ বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে সাগৰীয় মাছ ভাজি আছে৷ ওপৰত ছটিয়াই দিয়া হৈছে চাট্
 মচলা৷
মই হিপ্ন
টাইজ হোৱা মানুহৰ দৰে তেনে এখন দোকানৰ ওচৰলৈ উঠি গলোঁ৷
দোকানখনত ঘৈণীয়েকে মাছবোৰ বেচনত লেটিয়াই গৈছে
, গিৰিয়েকে ভাজিছে আৰু পুতেকে কাগজৰ প্লেটত
গ্ৰাহকক দি গৈছে৷

মই মিছামাছখিনিলৈ আঙুলি টোঁৱালোঁ৷ অকণমান সময়
অপেক্ষা কৰিব লাগিব বুলি কৈ তেওঁলোকে মোক প্লাষ্টিকৰ চকী এখন বহিবলৈ বুলি
ইঙ্গিতেৰে দেখুৱাই দিলে৷ তাতে বহি মই মানুহবোৰৰ আলেখ
লেখ
চাবলৈ ধৰিলোঁ৷ তেনেতে‍
চাৎকৈ শব্দ কৰি মই খাবলগীয়া
মিছামাছকেইটা কেৰাহীৰ গৰম তেলত পৰিল৷ কাষতে এখন এলুমিনিয়ামৰ প্লেটত বেলেগ মাছ
কেইটুকুৰামান ভাজি থোৱা আছে৷ ল
ৰাটোৱে ইফালেসিফালে
চাই মোৰ বাহিৰে অন্য কোনো গ্ৰাহকক নেদেখি তাৰে এটুকুৰা মাছ খাবলৈ বুলি হাতখন আগ
বঢ়ালে৷ হঠাৎ কেনেকৈনো জানো মাকৰ চকু পৰিল
, চিলনীয়ে থাপ মৰাৰ দৰে খপ্কৈ
ধৰি পেলালে নহয় তাৰ গোপনে আগ বাঢ়ি যোৱা
  হাতখন৷ সি থত্‌মত্ খালে৷ মই মাকৰ মুখলৈ চালোঁ৷ যদিও তেওঁ মুখেৰে
পুতেকক ধমক্ দিয়া নাই
, চকুকেইটা কিন্তু একদম
অমৰাগুটীয়া কৰি টেলেকা
টেলেক চাৱনিৰে যেনেকৈহে চালে, তাতে সি তাপ মাৰিলে৷ দৃশ্যটো
দেখি মোৰ নিজৰ শৈশৱলৈ মনত পৰিল৷ সৰুতে আলহী আহিলে মায়ে চাহৰ লগত খাবলৈ মাজতে এখন
বহল প্লেটত কেক্
, মিঠাই, বিস্কুট, পিঠা আদি সমূহীয়াকৈ যেতিয়া
উলিয়াই দিয়ে
, তেতিয়া ময়ো আগেভাগে
বলৈ এনেকৈ হাত মেলিলে মায়ে টেলেকাটেলেককৈ
চাইছিল৷ তাৰ অৰ্থ এইটোৱেই আছিল যে আগতে আলহীক খাবলৈ দেচোন
, তাৰ পাছত ঘৰৰকেইটাই লবি৷
কিন্তু এওঁলোকৰ পৰিস্থিতি আৰু অলপ বেলেগ৷ এওঁলোকে গ্ৰাহকক বিক্ৰী কৰিবলৈ সেয়া সাজু
কৰিছে
, ঘৰৰ লৰাছোৱালীয়ে খাই থৈ দিলে ব্যৱসায় চলিব কেনেকৈ!

‘‘মেডাম,
আপকা অৰ্ডাৰ ৰেডি৷
’’— মাতষাৰত মোৰ সম্বিৎ আহিল৷ কাগজৰ প্লেটত গৰম গৰম
মিছামাছ আহি গ
ল৷ মই হাত বাউল দি লৰাটোক
পুনৰ ওচৰলৈ মাতিলোঁ৷ ভাবিলোঁ একেলগে ভগাই খোৱা যাওক৷
 

পুৰীৰ সাগৰৰ মনত থাকক নাথাকক, মোৰ মনত থাকি যাব এনেকৈ ভগাই
খোৱাৰ সুখ৷

কাঠমাণ্ডুত কাঠচিতীয়া : 

কাঠমাণ্ডুত পশুপতিনাথ মন্দিৰৰ গাতে লাগি বৈ আছে
বাগমতী নদী৷ অগণন ভ্ৰমণকাৰীৰ আহ
যাহ৷ বেছিভাগেই বিদেশী
পৰ্বতাৰোহী৷ হিমালয়ৰ পাদদেশত থকা এই ধুনীয়া ঠাইখনে চুম্বকৰ দৰে আকৰ্ষণ কৰে
সৌন্দৰ্যপিপাসুৰ মন৷ তাৰ পৰা বৌদ্ধস্তূপ
, গাৰ্ডেন অৱ ড্ৰিম্‌ছ আৰু বজাৰসমাৰ কৰি ঘূৰি ফুৰি গধূলি
পৰতহে হোটেলত সোমালোঁহি৷ ভাগৰে জুমুৰি দি ধৰাত ভাবিলোঁ ৰাতিৰ সাঁজ সোনকালে খাই
বিছনাত বাগৰ দিম৷ হোটেলৰ কোঠাৰ সৈতে সংলগ্ন বেলকনিৰ পৰা চৌহদৰ ফুলনিখন আৰু বহাৰ
বাবে ৰখা আৰামদায়ক ব্যৱস্থাৰ চকী আৰু ছাতিবোৰ দেখা যায়৷ আমাৰ কাষত কেইবাটাও কোঠা
অধিকাৰ কৰি বহুজনীয়া পৰিয়াল এটি আছেহি৷ অৰ্থাৎ খুড়াক
, বৰদেউতাক, পেহীয়েকৰ পৰিয়াল সকলো দল
বান্ধি আহিছে৷ প্ৰায় গোটেই ফাৰ্ষ্ট ফ্ল
ৰটো তেওঁলোকৰ কব্জাত বুলিয়েই
ব পাৰি৷ সেয়ে হয়তো মাজে মাজে
আমাৰ দৰে নিমাখিত প্ৰাণীও যে এটা কোঠাত আছোঁ
, সেই কথাটো পাহৰিয়েই যায় তেওঁলোকে৷ ফলত একেবাৰে
ঘৰত কৰাৰ দৰেই হৈ
হুলস্থূল চলিব ধৰিছে৷ সৰুবোৰৰ ধুপধাপকৈ
দৌৰা
দৌৰি লগতে আকৌ ডাঙৰবোৰৰ চিঞৰি চিঞৰি আড্ডা৷  মাজে মাজে কিবা কথাত খুব জমিলে মাৰিছে
অট্টহাস্য৷
 

হয়, একেলগে দলেবলে আহিলে খুব স্ফূৰ্তি হয়
আৰু হোৱা উচিতো৷ কিন্তু অলপ আনৰ সুবিধা
অসুবিধাৰ প্ৰতিও নজৰ ৰাখিলে
ভাল৷

সি যি কি নহওক, ৰাতিৰ সাঁজ খাই লোৱাৰ
উদ্দেশ্যে আমি ডাইনিং হললৈ গ
লোঁ৷ বিশেষ ব্যঞ্জন একো
অৰ্ডাৰ নিদি সাধাৰণ দাইল
ভাত আৰু চিকেন্ কাৰীৰ অৰ্ডাৰ দিলোঁ৷ ৰাতি অলপ
পাতলকৈ খালে গাটো ভাল লাগি থাকে৷ অৰ্ডাৰৰ খাদ্য আহে মানে আমি চকীতে হেলান দি
পাছদিনাৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলোঁ৷ হেন সময়তে ডাইনিং হললৈ সদলবলে
সেই বৃহৎ পৰিয়ালটি সোমাই আহিল আৰু আহিয়েই চাৰি
পাঁচখন মেজ লগ লগাই দীঘল কৰি
দিবলৈ ৱেইটাৰক অৰ্ডাৰ দিলে৷ সেইমতে কৰি দিয়াত তেওঁলোক বহিল আৰু কেইবাখনো মেনু
খুজিলে৷ মেনুকেইখন ভালেখিনি সময় হাতে হাতে সোঁফালৰ পৰা বাঁওফাল অৰু বাঁওফালৰ পৰা
সোঁফাললৈ ঘূৰিব ধৰিলে৷ প্ৰায় প্ৰতিপদ খাদ্যবস্তুকেই তেওঁলোকে বহুত দাম
, বহুত দাম বুলি নাকচ কৰা শুনা
ল৷ যিকেইপদ বাকী থাকিল সেই কেইপদ আকৌ পেহীয়েক, বৰমাক আদি কোনো কোনোৰ
অপ্ৰিয়৷ মুঠতে এখন সাংঘাতিক পয়মাল৷ মই নিজেই মেনুখন ঘূৰাই
পকাই
চালোঁ৷ দেখো ক
তোতো একো উদ্ভট দাম লেখা নাই৷ 

তেনেতে পৰিয়ালটোৰ বৰমূৰীয়াজনে ৱেইটাৰক ওচৰলৈ
মাতিলে আৰু গহীনাই সুধিলে
‘‘আচ্ছা, য়হাঁপে খিচ্ৰী
মিলেগা ক্যা
?’’

— ‘‘নহী
মিলেগা৷
’’ ৱেইটাৰজনৰ মুখমণ্ডল কঠিন হল৷

— ‘‘হম
চবলোগোঁ কে লিয়ে খিচ্
ৰী বনা চক্তা হেঁ ক্যা৷’’

— ‘‘নহী, মেনু মে জো আইটেম হেঁ ৱহী চব
মিলেগা৷
’’

— ‘‘মেনু
কা আইটেম হমে পছন্দ নেহী হেঁ৷ খিচ্
ৰী বনানে মে ক্যা মুচকিল হেঁ?  চিৰ্ফ চাৱল অউৰ দালহিতো
একচাথ পকানা হেঁ
!’’

    ‘‘নহী হোগা।’’ ৱেইটাৰজন
নাচোৰবান্দা৷

কথাবাৰ্তাবোৰ উচ্চস্বৰত হোৱাত
হোটেলৰ মেনেজাৰ আহি উপস্থিত হ
ল আৰু অমায়িকভাৱে কলে
যে মেনুত থকাৰ বাহিৰে অন্য খাদ্য বনোৱা নহ
ব৷ পৰিয়ালটোৰ সকলোৱে
বিতৃষ্ণাত এনে ধৰণে মুখকেইখন ভেঙুচালে যে মোৰ ভাব হ

তেওঁলোকে যেন মনতে কৈছে, ‘‘এই হোটেলখনৰ কৰ্মচাৰীসকলৰ দৰে কাঠচিতীয়া মানুহ কাহানিও
দেখা নাই দেই৷ সাধাৰণ খিচিৰীকণকে বনাই খুৱাব নোৱাৰে!’’

ইতিমধ্যে আমাৰ মেজলৈ খাদ্য আহিল আৰু গৰমে গৰমে
আমি সেই তৃপ্তিদায়ক ভাত
তৰকাৰী খাবলৈ ধৰিলোঁ৷ 

এটা কথা, হিচাপী হোৱাটো নিশ্চয় ভাল স্বভাৱ, কিন্তু কৃপণ হোৱাটো ভাল নহয়৷
ভ্ৰমণকালত অতিৰিক্ত কৃপণালি কৰিলে বহু সুন্দৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হোৱা যায়৷
তদুপৰি তেনে লোকে এইটোত ইমান টকা গ
, সেইটোত সিমান টকা গ
ভাবোঁতে ভাবোঁতে সময়খিনিৰ সৌন্দৰ্য আৰু সৌৰভ একোকে উপভোগ কৰিব নোৱাৰে৷ হিচাপী আৰু
কৃপণালি দুটা বেলেগ বেলেগ স্বভাৱ৷ এবিধে সহায় কৰে আৰু আনবিধে লগায় পয়মাল৷

খাইবৈ উঠি আমি নিজৰ কোঠালৈ
যাবলৈ ওলালোঁ৷ তেতিয়াও বৃহৎ পৰিয়ালটোৰ হাত বাগৰি বাগৰি মেনুকাৰ্ডখন ঘূৰিয়েই আছিল৷