বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক

বীৰবলৰ ডেকা কালৰ কথা৷

এদিন দৰবাৰত বহি থাকোঁতে  শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই
দৰবাৰত আছেনে
?

সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা
আৰম্ভ হ
ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি গাৰ ছালত পানীজোলা ফুটালে, আন কোনোবাই আকৌ হাতী একোটাক ভুকুৱাই মাৰিব পাৰিম বুলি কৈ তাকে কৰি
দেখুৱাবলৈ গৈ হাঁহিয়াতৰ পাত্ৰ হ
ল৷

বীৰবলে প্ৰতিযোগিতাত ভাগ লোৱাৰ
কোনো লক্ষণ নেদেখুউৱাত শ্বাহেনশ্বাহে ক
লে,

     
মহামন্ত্ৰী বীৰবল! সকলোৱে কিবা নহয় কিবা
কৰিছে৷ পাৰক বা নোৱাৰক
, যত্নতো কৰিছে! তুমি ইমান উদাসীন হৈ থাকি
প্ৰমাণ কৰিছা যে তুমি আচলতে এজন ভীৰু
, কাপুৰুষ৷

ইমান গঞ্জনা শুনিও বীৰবলে একো নামাতিলে৷ মাথোঁ কলে,

      
জাহাপনা, কাইলৈৰ দিনটো মোক
ছুটী লাগে৷

পাছদিনা শ্বাহেনশ্বাহ আৰু বাকীসকল
সভাসদ দৰবাৰত ব্যস্ত হৈ থাকোঁতে বীৰবল শ্বাহেনশ্বাহৰ অন্দৰ মহলৰ হাৰেমত অৰ্থাৎ
ৰাণীসকলৰ ভিতৰ চ
ৰাত প্ৰৱেশ কৰিব খুজিলে৷ প্ৰহৰীয়ে বাধা
দিয়াত বীৰবলে অৰ্থপূৰ্ণ হাঁহি এটা মাৰি ক
লে যে বেগম চাহেবাই
নিজেহে তেওঁক লগ ধৰিব খুজি মাতি পঠাইছে৷ এইবুলি প্ৰহৰীৰ হাতত সোণৰ মোহৰ এটা দি
বীৰবল ৰাণীৰ মহলত প্ৰৱেশ কৰিলে৷

সেই কালত মোগল শ্বাহেনশ্বাহসকলৰ ৰাণী
অৰ্থাৎ বেগম চাহেবাসকল বাহিৰলৈ ওলোৱাৰ নিয়ম নাছিল৷ আনকি ৰজাৰ আটাইতকৈ মৰমৰ
ৰাণীগৰাকীয়েও ৰাজ দৰবাৰখন গচকি পোৱা নাছিল৷ বীৰবলে এই নিয়মটোকে ভংগ কৰাব খুজিলে
মহাৰাণী চাহেবাৰ দ্বাৰা৷

মহাৰাণী যোধা বেগম খুব ধুনীয়া আছিল৷ তদুপৰি
তেওঁ আছিল শ্বাহেনশ্বাহৰ খুব মৰমৰ৷

বীৰবল গৈ মহাৰাণীৰ সম্মুখত
উপস্থিত হ
লগৈ৷ মহাৰাণী আচৰিত হল৷ তেওঁ
নিজকে সুধিলে
, বীৰবলৰ কিবা বেয়া মতলব আছে নেকি বাৰু?

      
বেগম চাহেবা! মই আজি শ্বাহেনশ্বাহৰপৰা ছুটী
লৈছো৷

বীৰবলে অৰ্থপূৰ্ণ চাৱনি এটাৰে মহাৰাণীক কলে,

      ভাবিলোঁ, আজিৰ দিনটো আপোনাৰ লগতে
কটাওঁ৷ সঁচা কথা কৈছোঁ বেগম চাহেবা
, আপোনাতকৈ সুন্দৰী নাৰী
আছে বুলি মই বিশ্বাস নকৰোঁ৷ আপুনি যদি দয়া কৰি শ্বাহেনশ্বাহক এৰি মোৰ লগত বিয়া হয়
তেন্তে মই অতি আনন্দিত হ
ম৷

মহাৰাণীয়ে ভাবিলে, কথা দেখোন বিষম! স্বয়ং শ্বাহেনশ্বাহৰ প্ৰিয় মন্ত্ৰীজনাই এনেকৈ পাটৰাণীজনীক
ভালপোৱাৰ প্ৰস্তাৱ দিবলৈ আহিছে৷ তাকো কৰিছে শ্বাহেনশ্বাহৰপৰা ছুটী লৈ…৷ এই কথাই কথা
নহয়৷ শ্বাহেনশ্বাহক এই মুহূৰ্ততে জনাই এওঁক উচিত শাস্তি দিয়াব লাগিব৷
ভাবি ভাবি মহাৰাণীৰ চকুপানী ওলাল৷ বহাৰপৰা উঠি তেওঁ ভিতৰ দুৱাৰেদি ৰাজ
দৰবাৰলৈ খোজ ল
লে৷ আচলতে খোজ লোৱা নাই, তেওঁ এক প্ৰকাৰ কুকুৰ লৰহে ধৰিলে৷

বীৰবলো পিছে পিছে গল৷

ৰাজ দৰবাৰত বেগম চাহেবাক দেখি শ্বাহেনশ্বাহ আচৰিত হ

      আৰে! ই কি? বেগম চাহেবা তুমি?

      
জাহাপনা, বীৰবলে মোক… বীৰবলে মোক … মহাৰাণীয়ে আৰু একো কব নোৱাৰিলে৷ তেওঁক
শোকে খুন্দা মাৰি ধৰিলে৷

তেনে সময়তে বীৰবলে মাত লগালে,

    জাহাপনা, ভুল হলে ক্ষমা কৰিব৷ আচলতে মই বেগম চাহেবাক এই দৰবাৰলৈ আনি এটা অসাধ্যহে সাধন
কৰিবলৈ যত্ন কৰিছিলোঁ৷

বীৰবলৰ কথা শুনি বেগমে শ্বাহেনশ্বাহলৈ
চালে৷ লগে লগে দুয়ো হাঁহিবলৈ ধৰিলে৷ সভাসদসকলেও হাত চাপৰি বজালে৷

সকলোকে বীৰবলে শ্ৰদ্ধাৰে অভিবাদন
জনালে৷

(২২)

বীৰবলে ধঁপাত খাইছিল৷ আনহাতে
আকবৰে খাইছিল পাণ৷ আকবৰে ধঁপাত খোৱাক লৈ বীৰবলক অনেক কথা শুনাইছিল৷ কিন্তু পাণ
খোৱা কাৰণে বীৰবলে আকবৰক খুব প্ৰশংসা কৰিছিল৷ সেই প্ৰশংসা যে আচলতে প্ৰশংসাৰ ছলেৰে
কৰা নিন্দাহে
শ্বাহেনশ্বাহ আকবৰেও নুবুজাকৈ থকা নাছিল, বুজিছিল৷
কিন্তু বীৰবলৰ নিচিনা তেওঁ
ৰতো জিভাৰ আগত সৰস্বতী বহি থকা নাই
যে তেওঁ বাক্‌‌যুদ্ধত বীৰবলক হৰুৱাব পাৰে!

এদিন ৰাজধানীৰপৰা আঁতৰৰ এখন ঠাইলৈ
যাবলগীয়াত পৰিছিল শ্বাহেনশ্বাহ৷ লগত গৈছিল বীৰবল৷ এক্কা গাড়ী এখনত বহি দুয়ো প্ৰকৃতিৰ মনোৰম
দৃশ্য উপভোগ কৰি কৰি গৈ আছে৷ এবাৰ আকবৰে দেখিলে
, বাটৰ কাষতে এখন
ধঁপাতৰ বাৰী
; তাতে এটা গাধ চৰি আছে৷ এই কথাও আকবৰৰ চকুত পৰিল
যে গাধটোৱে তলৰ ঘাঁহহে খাইছে
; ধঁপাতৰ পাত এখিলাও খোৱা নাই৷

বাদশ্বাহে কলে,
চোৱাঁচোন বীৰবল! গাধয়ো ধঁপাত নাখায়৷

বীৰবলে সেইফালে চালে আৰু কলে,
হয় জাহাপনা! গাধইহে ধঁপাত নাখায়!

আকবৰে আৰু কথা বিচাৰি নাপালে৷

(২৩)

মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়?

এদিন দৰবাৰত উত্থাপিত এই
প্ৰশ্নটোৰ উত্তৰ উপস্থিত সভাসদসকলৰ কোনেও শ্বাহেনশ্বাহ সন্তুষ্ট হোৱাকৈ দিব নোৱাৰিলে৷

সেইদিনা আককিবা কাৰণত দৰবাৰলৈ বীৰবল পলমকৈ গৈছিল৷ তেওঁ দৰবাৰত উপস্থিত হওঁতে শ্বাহেনশ্বাহে বাকী সভাসদসকলক ককৰ্থনা কৰি আছে৷ বীৰবল পোনছাটেই সোমাই নগৈ প্ৰকাণ্ড স্তম্ভ
এটাৰ আঁৰ হৈ শ্বাহেনশ্বাহৰ কথা শেষ হোৱালৈ ৰল৷ শ্বাহেনশ্বাহে কৈ আছে

      
তোমালোকক মিছাতে মই ৰাজভঁৰালৰ সোণৰ
মোহৰবোৰ হাজাৰে হাজাৰে দৰমহা দিছোঁ৷ এই সামান্য প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰাঁ
, ইফালে দাবী কৰাঁ যে তোমালোকতকৈ জ্ঞানী আৰু বুধিয়ক এই জগতত কোনো নাই! ধি্‌‌ক
তোমালোকৰ জ্ঞান-বুদ্ধিৰ অহংকাৰ! ছেঃ আজি দৰবাৰত বীৰবলো নাই নহয়! তেওঁ থকা হ
লে এক টিলিকিতে এইটো প্ৰশ্নৰ উত্তৰ দিলেহেঁতেন৷ তেওঁৰ সফলতাত তো তোমালোকৰ
কম ঈৰ্ষা নহয়৷ তেওঁৰ জ্ঞান-বুদ্ধিৰ স্বীকাৰ কৰিবা দূৰৈৰ কথা
, তেওঁক তোমালোকে হিংসাহে কৰা!

শ্বাহেনশ্বাহ ৰল৷
দৰবাৰ কাঁহ পৰি জীণ গৈছে৷ শ্বাহেনশ্বাহে আৰু কিবা কয় নেকি শুনিবলৈ ৰৈ একো নোকোৱা যেন
দেখি বীৰবল সোমাই গ
ল আৰু শ্বাহেনশ্বাহক অভিবাদন জনাই নিজৰ আসনত
বহিলগৈ৷ দৰবাৰ তেনেই থম্‌থমীয়া৷ বীৰবলে কাৰণটো বুজিছে
, কিন্তু
একো নুবুজাৰ ভাও ধৰি তেওঁ সুধিলে
,

      জাহাপনা! কিবা গুৰুতৰ বিষয়ৰ আলোচনা চলি আছিল যেন
পাওঁ! ময়ো ভাগ ল
ব পাৰিম নেকি?

      
তুমিও মানে?
– শ্বাহেনশ্বাহে আচৰিত হৈ কলে তোমাৰ বাহিৰে মোৰ সোঁৱে-বাঁৱে আছে কোন বীৰবল?

      
সোধক জাহাপনা৷ মোৰ জ্ঞান-বুদ্ধিৰে আপোনাক
সন্তুষ্ট কৰিব পাৰিলে মই আনন্দিত হ
ম৷

আকবৰে সুধিলে,

      
মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়?
এই প্ৰশ্নটোৰ উত্তৰ এইসকল সভাসদৰ এজনেও দিব নোৱাৰিলেহে
!

বীৰবলে ভাবিলেশ্বাহেনশ্বাহৰ মন ভাল লগোৱাৰ আৰু বাকীসকল সমজুৱাৰ কটা ঘাত চেঙাতেল মৰাৰ এইটো
উত্তম সুবিধা৷ তেওঁ ক
লে,

      জাহাপনা! মই সাধাৰণ মানুহ৷
বিদ্যা-বুদ্ধিতো মই নিচেই সামান্য৷ গতিকে মই সকলো মানুহৰ কথা ক

নোৱাৰিম৷ কিন্তু আপোনাকে ধৰি এই সভাৰ উপস্থিতসকলৰ হাতৰ তলুৱাত নোম নোহোৱাৰ কাৰণটো
মই বিচাৰি পাইছোঁ৷

      কোৱাঁ বীৰবল! আমাৰ কথাকে কোৱাঁ৷ – শ্বাহেনশ্বাহে অনুমতি দিলে৷ বীৰবলে চাৰিওফালে এবাৰ চকু পিৰিকিয়াই চালে আৰু কবলৈ ধৰিলে, 

     জাহাপনা! আপুনি পৃথিৱীৰ গৰাকী, ৰাজ-ৰাজেশ্বৰ৷ লৰালিৰেপৰা আপুনি ধন-সোণকে দান কৰি
আহিছে
, পুৰস্কাৰকে দি আহিছে৷ এতেকে আপোনাৰ হাতত ধন-সোণৰ
ঘঁহনি ইমানেই খাইছে যে তাত আৰু নোম গজাৰ উপায় নাই৷

আকবৰে গোঁফকোছাৰ তলেদি মিহি হাঁহি
এটা মাৰিলে আৰু সুধিলে
,

      
আৰু তোমাৰ?

    জাহাপনা! বীৰবলে কবলৈ
ধৰিলে
, আপুনি দিয়া ধন-সোণৰ পুৰস্কাৰ মই ইমানেই পাইছোঁ যে সেইবোৰ লওঁতে লওঁতে মোৰ হাতৰ তলুৱাত গজিবলৈ নোমে সুবিধাই নাপালে৷

আকবৰে আকৌ এবাৰ হাঁহিলে আৰু
সোঁহাতখনেৰে সভাসদসকললৈ ইঙ্গিত কৰি সুধিলে
,

      
 আৰু এওঁলোকৰ?

   জাহাপনা! বৰ দুখ লাগে যে মই পুৰস্কাৰ পোৱা দেখি
মোৰ এই মান
নীয় সহকৰ্মীসকলে অনবৰতে হাত মোহাৰি
থাকিবলগীয়া হয়৷ আপুনিয়েই কওক
, অনবৰতে মোহাৰি থকা হাতৰ তলুৱাত
বাৰু নোম গজিব কেনেকৈ
?

এইবাৰ আকবৰে হাঁহি সামৰি ৰাখিব
নোৱাৰিলে৷ তেওঁ হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে৷ সভাসদসকলে লাজত মূৰ দাঙিব নোৱৰা হ
ল৷

(২৪)

এবাৰ কিবা কথাত শ্বাহেনশ্বাহ আকবৰৰ খং
উঠি বীৰবলক ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ দিলে৷ বীৰবলেও স্থিৰ কৰিলে যে এইবাৰ
তেওঁ আকবৰক বিপদত পেলাইহে এৰিব৷ কাৰণ আগে-পাছেও ৰজাই তেওঁক খেদি দিয়ে আৰু দুদিনৰ
পাছতে বিপদত পৰি মানুহ পঠাই ঘৰৰপৰা মতাই নিয়ে৷ এইবাৰ জাহাপনাক তেনে সুবিধা দিয়া নহ
,
তেওঁ থিৰাং কৰিলে৷

ঘৰতে সোমাই থাকিলেহে মতাই নিব!
এইবাৰ জাহাপনাক এনে সুবিধা নিদিওঁ৷ এইবুলি বীৰবলে ছদ্মবেশ ধৰি বেলেগ এখন ৰাজ্যলৈ
গুচি গ
ল৷

ইফালে বীৰবলহীন ৰাজসভাখন আকবৰৰ
তেনেই
নিৰস আৰু শূন্য শূন্য লাগিবলৈ ধৰিলে৷ গতিকে তেওঁ বীৰবলৰ ঘৰলৈ মানুহ পঠিয়ালে৷

বাৰ্তাবাহক ঘূৰি আহি কলেহি

      
 বীৰবলৰ ঘৰৰ দুৱাৰত এটা প্ৰকাণ্ড তলাহে ওলমি আছে৷

আকবৰ বিবুধি হল৷
লৈ গল মানুহটো? ছেঃ বৰ বেয়া কথা হল৷ মই তেওঁক ইমান বেয়াকৈ কব নালাগিছিল৷ মানুহটোৱে বাৰু মনত কমটো আঘাত পাই দেশান্তৰী হলনে? ক্ষমা খুজিবলৈও উপায় নাই! কি কৰোঁ? আকবৰৰ মনত অনুশোচনা হবলৈ
ধৰিলে৷

কিছুদিন যোৱাৰ পাছত আকবৰ অধৈৰ্য হ
আৰু বিভিন্ন দেশলৈ বীৰবলৰ সন্ধানত মানুহ পঠালে৷

দৰবাৰত আকবৰক ৰাজ্যশাসনত অমনোযোগী
যেন দেখি বাকীসকল সভাসদে বিবিধ উপায়েৰে তেওঁৰ মন যোগাবলৈ যত্ন কৰিব ধৰিলে৷ কিন্তু
আটাইখিনি ফুটুকাৰ ফেন৷ বীৰবল বীৰবলেই৷ শিল জানো সোণ হ

পাৰে
?ৰা চৰাইৰ পাখি দুটিমান গাত
গুজি ল
লেই জানো কাউৰীটো কাউৰী গুচি মৰা
হৈ পৰিব
?

শ্বাহেনশ্বাহে সদায়ে বাটচৰালৈ
চাই থাকে
: জানোচা বীৰবল আহিছেই! পিছে নাই! এটা এটাকৈ
আটাইবোৰ মানুহ ঘূৰি আহিল
; বীৰবলৰহে ছাঁটোও কোনেও দেখা নাপালে
হেনো৷

আকবৰে বুজিলে, বীৰবলে ওচৰৰ কোনোবা ৰাজ্যতে ছদ্মবেশ ধৰি আছে৷ নহলে
মানুহটো বতাহৰ লগত মিলি যাব কেনেকৈ
?

গতিকে আকবৰে এটা বুদ্ধি পাঙিলে৷
কাকতীৰ হতুৱাই ওচৰ-পাজৰৰ আৰু দূৰৰো চিনাকি ৰজাসকলৰ প্ৰতি তেওঁ চিঠি এখন লিখালে৷
চিঠিখনৰ সাৰমৰ্ম হ
ল যে শ্বাহেনশ্বাহ আকবৰে গঙ্গা আৰু যমুনা নৈৰ
বিয়া পাতিছে৷ বিয়ালৈ সকলো ৰাজ্যৰ ৰজাই যাতে নিজৰ নিজৰ ৰাজ্যৰ নৈবোৰক পঠায়!

চিঠি পাই সকলো ৰজা হতভম্ব হল৷
ইখন ৰাজ্যৰ ৰজাই আনখন ৰাজ্যৰ ৰজালৈ আনকি খবৰো পঠালে বোলে হিন্দুস্তানৰ সম্ৰাট
আকবৰৰ মানসিক ৰোগ হৈছে! এৰা
, আকবৰ বলিয়া হল!

পিছে এখন ৰাজ্যৰ ৰজাৰপৰা আকবৰলৈ
এখন চিঠি আহিল৷ চিঠিত লিখা হৈছে
: যিহেতু আমাৰ ৰাজ্যৰ নৈবোৰে আপোনাৰ
ৰাজ্যলৈ যোৱা বাট-পথবোৰ চিনি নাপায়
; গতিকে বাট দেখুৱাই নিবলৈ
আপোনাৰ ৰাজ্যৰ পুখুৰী এটাকে যদি ইয়ালৈ পঠাই দিয়ে তেন্তে আমাৰ আটাইবোৰ নৈকে বিয়া
খাবলৈ পঠাই দিব পাৰোঁ৷

চিঠিখন পঢ়ি আকবৰৰ মুখমণ্ডল
হাঁহিৰে উজলি উঠিল৷ তেওঁ বুজি পালে
, এইখন চিঠি নিশ্চয় বীৰবলৰ বুদ্ধিমতেই লিখা হৈছে!

লগে লগে তেওঁ নিজে সৈন্য কেইজনমান
লৈ সেইখন ৰাজ্য পালেগৈ৷ সেই ৰাজ্যৰ ৰজাক লগ ধৰি সুধি-পুচি তেওঁ বীৰবলক উদ্ধাৰ
কৰিলে৷

আচলতে বীৰবল ছদ্মবেশী পণ্ডিত এজন
হৈ সেইখন ৰাজ্যৰ ৰাজসভাতে আছিল৷

(২৫)

শ্বাহেনশ্বাহৰ বাসভৱনৰ দুজন ৰক্ষীয়ে
বীৰবলক ভাল নাপাইছিল আৰু সৰু সুৰা অপকাৰ কৰি তেওঁক মাজে সময়ে আমনি কৰি আহিছিল৷
এদিন বীৰবলে সিহঁতক শাস্তি দিবলৈ মন কৰিলে৷

সেইদিনা দৰবাৰ বহা নাছিল৷
ৰাতিপুৱাৰেপৰা ভালেখিনি চিন্তা-ভাৱনা কৰি বীৰবলে এটা কবিতা ৰচনা কৰিলে আৰু আবেলি
পৰত চোলাৰ জেপত কবিতাটো লৈ ৰাজভৱনলৈ বুলি খোজ দিলে৷

ৰাজভৱনৰ প্ৰথমজন ৰক্ষীয়ে বীৰবলক
বাধা দিলে
, বোলে জাহাপনাই এতিয়া জিৰণি লৈছে৷ বীৰবলে কলে বোলে, ভাই মোক সোমাবলৈ দিয়া৷ আজি জাহাপনাই মোক যি
পুৰস্কাৰ দিব তাৰে পূৰাপূৰি আধা মই আজি তোমাক দিম৷

তেতিয়া পুৰস্কাৰৰ আশাত ৰক্ষীজনে
তেওঁক সোমাবলৈ দিলে৷

দ্বিতীয়জন ৰক্ষীয়েও তেওঁক বাধা
দিলে আৰু তেৱোঁ প্ৰথমজনক কোৱা কথাখিনিকে কৈ গৈ আকবৰৰ ওচৰ পালেগৈ৷

     জাহাপনা! অসময়ত আমনি কৰিছোঁ, ক্ষমা কৰিব৷ আচলতে মই এনেকুৱা এটা সুন্দৰ কবিতা লিখিলোঁ যে সেইটো প্ৰথম
আপোনাকে শুনাবলৈ বুলি মই উধাতু খাই আহিছোঁ৷

আকবৰে কবিতা শব্দটো শুনিয়েই
উৎসাহী হৈ উঠিল৷ বীৰবলে তেওঁক কবিতাটো শুনালে৷

আকবৰ প্ৰসন্ন হৈ বীৰবলক এশটা সোণৰ
মোহৰ দিবলৈ ধনভঁৰালীক নিৰ্দেশ দিলে৷ বীৰবলে ক
লে,

       জাহাপনা, আজি মোক সোণৰ মোহৰ
পুৰস্কাৰ নালাগে৷ মোক আজি এশটা সৌকাৰ কোব দিয়ক৷

বাদশ্বাহ আচৰিত হ
যদিও বীৰবলৰ কথাতে মান্তি হ
ল৷ তেতিয়া সৌকাধৰাক লৈ বীৰবল
ৰক্ষী দুজনৰ ওচৰত উপস্থিত হ
ল৷ দুয়োজন ৰক্ষীকে পঞ্চাছটাকৈ
সৌকাৰ কোব দিয়াই উঠি বীৰবলে বাদশ্বাহলৈ চাই ক
লে;

      
জাহাপনা! আনৰ সম্পত্তিলৈ লোভ কৰা মানুহক ভগৱানে
এনেকুৱা শাস্তিয়েই নিদিয়েনে
?

বাদশ্বাহে হাঁহিলে৷

সেইদিনাৰপৰা ৰক্ষী দুজনে বীৰবলক
অপকাৰ কৰা দূৰৰে কথা
, তেওঁৰ নামটো শুনিলেও ভয়ত কঁপি থাকিবলৈ ললে৷

(২৬)

      
 এই কথাই কথা নহয়৷ তাক ভালকৈ এশিকনি দিব লাগিব৷ ভাবি ভাবি দৰবাৰৰপৰা বীৰবল ঘৰলৈ আহি আছিল৷ দৰবাৰত ঘটা ঘটনাটো মনত পৰাত
তেওঁৰ গা-মন তেনেই
জ্বলি উঠিল৷

ঘটনাটো হ
এনেকুৱা
: শ্বাহেনশ্বাহৰ নাপিতটোৱে বীৰবলক সমূলি দেখিব নোৱাৰে৷
সেইবুলি সি যে মহামন্ত্ৰী বীৰবলক প্ৰাণে মৰাৰ বুধি সাজিব পাৰে
, এই কথা বীৰবলে সপোনতো ভবা নাছিল৷ পিছে বীৰবলে নভবাখিনিকো সি পাষণ্ডই ভাবিলে৷

দৰবাৰলৈ আহি নাপিতটোৱে শ্বাহেনশ্বাহক
লেহি,

      
 জাহাপনা! যোৱাৰাতি মই এটা বৰ দুখ লগা সপোন
দেখিলো৷

শ্বাহেনশ্বাহে জানিবলৈ বিচৰাত সি কলে
যে আকবৰৰ স্বৰ্গগামী পিতৃ-পিতামহসকলে বৰ দুখ কৰিছে৷ দুখৰ কাৰণ
, আকবৰে তেওঁলোকৰ খবৰ-খাতি নোলোৱা হল৷

নাপিতৰ কথাই আকবৰৰ মনৰ দুৰ্বল
অংশতে আঘাত হানিলে৷ কেনেকৈনো স্বৰ্গগত উপৰি পুৰুষৰ খবৰ ল

পাৰি জানিব খোজাত নাপিতে ক
লে যে ৰজাই নিজৰ খুব বিশ্বাসী,
মৰমৰ, মৰ্যাদাসম্পন্ন লোক এজনক স্বৰ্গলৈ পঠাই
দিব লাগে৷

জীয়া মানুহকনো স্বৰ্গলৈ পঠাব পাৰি
কেনেকৈ
? শ্বাহেনশ্বাহৰ এই প্ৰশ্নৰো উত্তৰ সি ঠিক কৰি আনিছিল :
বোলে খৰি-খেৰ এদ
ম গোটাই তাৰ মাজতে মানুহজনক বহুৱাই জুই দি
দিব লাগে৷

তাৰ পাছতে প্ৰশ্ন হ,
কাক পঠাব লাগে৷

নাপিতে কলে,

      
 জাহাপনা, গোটেই দেশখনৰ ভিতৰত
আপোনাৰ মৰমৰ আৰু বিশ্বাসী লোক এজনেই আছে! সেইজন হ

প্ৰধানমন্ত্ৰী বীৰবল৷ তেখেতৰ মৰ্যাদাও আপোনাৰ ঠিক পিছতেই!

বাকী সভাসদসকলেও যিহেতু বীৰবলক
দেখিব নোৱাৰিছিল
; গতিকে বাটৰ হুল আতঁৰোৱাৰ আশা এফেৰি দেখি
তেওঁলোকেও নাপিতৰ মততে হয়ভৰ দিলে৷ অগত্যা বিশেষ চিন্তা-ভাৱনা নকৰাকৈয়ে শ্বাহেনশ্বাহে
বীৰবলকে স্বৰ্গলৈ পঠাবলৈ সিদ্ধান্ত কৰিলে৷

বীৰবল তেনেই শলঠেকত
পৰিল৷ পিছে সন্ধিৰ বাঁহ যে বুধিৰেহে কাটিব পাৰি তেওঁ বাৰুকৈয়ে জানে৷ সেয়েহে তেওঁ ক
লে,

      
 জাহাপনা! আপোনাৰ উপৰি পুৰুষসকলৰ খবৰ-বাতৰি লবলৈ
মোক নিৰ্বাচন কৰি আপুনি যথাৰ্থতে মোক সম্মানিত কৰিছে৷ পিছে জাহাপনা
, মোক পঠোৱাৰ প্ৰস্তুতি চলে মানে মোক এমাহৰ ছুটী লাগে৷

শ্বাহেনশ্বাহেও ছুটী মঞ্জুৰ কৰিলে৷

দুদিনমান ঘৰতে বহি বহি চিন্তা কৰি
বীৰবলে এটা বুদ্ধি উলিয়ালে৷ যিখন ঠাইত তেওঁক পুৰিবলৈ খৰি খেৰ জমা কৰা হ
,
সেই ঠাইলৈ নিজৰ ঘৰৰ ভিতৰৰ পৰা এটা সুৰংগ খন্দোৱাবলৈ বীৰবলে মনস্থ
কৰিলে৷ কথা মতেই কাম৷ পষেক মানৰ ভিতৰতে ৰাতি ৰাতি কুৰিজন বনুৱা লাগি বীৰবলৰ ঘৰৰ
শোৱনী কোঠাৰপৰা সেই নিৰ্দিষ্ট ঠাইলৈ এটা সুৰঙ্গ খান্দি উলিয়ালে৷

ইতিমধ্যে ঠাইখনত খৰি-খেৰ দমোৱা
হৈছিল৷ পৰ্বতাকাৰ ধাৰণ কৰা কাঠ-খৰিবোৰৰ মাজেদিও মানুহ এজন তললৈ নামি সুৰঙ্গইদি
বীৰবলৰ ঘৰলৈ মনে মনে গুচি আহিব পৰাকৈ ব্যৱস্থা কৰা হ
ল৷

ইমানখিনি কাম এমাহৰ ভিতৰতে হৈ
উঠিল৷ এমাহৰ পাছৰ নিৰ্দিষ্ট দিনটোত শ্বাহেনশ্বাহৰপৰা বিদায় লৈ কৰ্মীবোৰে পাতি দিয়া
জখলাইদি বীৰবল খৰিৰ দ
মটোৰ ওপৰত উঠিল৷ শ্বাহেনশ্বাহৰ নিৰ্দেশত সেৱকে
খৰিত জুই
জ্বলাই দিলে৷

দাউ দাউকৈ জ্বলি উঠা লেলিহান জুইৰ মাজেদি গৈ বীৰবল যে নিজৰ ঘৰ পালেগৈ কোনেও গমকে
নাপালে৷

নাপিতটোৱে বীৰবল মৰা পৰিল বুলি
ভাবি মনে মনে খুব আনন্দ পালে৷

আকবৰৰহে ভাল নলগা হল৷
বীৰবলহীন ৰাজ দৰবাৰখন তেওঁৰ মনত শ্মশান শ্মশান লাগিল৷ সদায়ে তেওঁ বাটলৈ চাই থকা হ
: জানোচা বীৰবল আহি পায়হি!

শ্বাহেনশ্বাহে বাট চাই থকা দেখি
নাপিতটোৱে মনে মনে হাঁহে আৰু নিজকে কয়
: মৰা মানুহনো ঘূৰি আহেনে?

পিছে আহিল! এদিন বীৰবল স্বৰ্গৰপৰা ঘূৰি আহি আকৌ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰ পালেহি।

নাপিতটোৰ মূৰত বিনা
মেঘে বজ্ৰপাত ঘটাই এদিন ডাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপ লৈ বীৰবল আহি দৰবাৰ পালেহি৷ এমাহমান
ঘৰতে পুথি-পাঁজি পঢ়ি-শুনি সেইদিনা মলিয়ন সাজ এজোৰ পিন্ধি বীৰবল শ্বাহেনশ্বাহক দেখা
কৰিবলৈ আহিল৷

আকবৰ আনন্দিত হল৷
বীৰবলক তেওঁ উপৰ্যুপৰি উপৰি পুৰুষৰ খবৰ সুধিবলৈ ধৰিলে৷

বীৰবলে কৈ গ
: ভাল, ভাল৷ আটায়ে পৰম সুখত আছে৷ পিছে
জাহাপনা! তেওঁলোকৰ বিশেষকৈ পুৰুষসকলৰ কাৰণে এটা বৰ দুখজনক কথা হৈছে৷

      
 সেইটো কি? সেইটো মই দূৰ কৰিব
পাৰিমনে বীৰবল
?

      
 পাৰে জাহাপনা! আপুনি ইচ্ছা কৰিলে নোৱৰা কাম কি
আছে৷

      
 কোৱাঁ৷ তেওঁলোকৰ দুখৰ কাৰণ কোৱাঁ৷ বুলি কৈ আকবৰে বীৰবলৰ মলিয়ন কামিজটোত চকু পৰাত কৈ উঠিল,

      
তেওঁলোকৰ কাপোৰ ধোৱা ধোবা নাই?

      
 আছে
জাহাপনা!

      
 তেন্তে তোমাৰ কামিজটো ইমান লেতেৰা কিয়?

      
 জাহাপনা! মই স্বৰ্গলৈ যাওঁতে কানি-কাপোৰ একোকে
নিয়া নাছিলোঁ নহয়৷ সেয়েহে একেযোৰকে পিন্ধোতে পিন্ধোতে অলপ লেতেৰা হৈছে আৰু৷

      
 ঠিক আছে৷ বীৰবল, কোৱাঁ, মোৰ পিতৃ-পিতামহৰ দুখৰ কাৰণ কি?

বীৰবলে আটাইলৈকে এবাৰ চালে আৰু
লাহে লাহে নিজৰ ডাঢ়ি-চুলিত হাত ফুৰাই ফুৰাই ক
বলৈ ধৰিলে,

      
 দেখিছে জাহাপনা! এই কেইদিনতে মোৰ চুলি-ডাঢ়িৰ
অৱস্থা কি হৈছে
? এতিয়া আপোনাৰ পিতা শ্বাহেনশ্বাহ হুমায়ুন বা আপোনাৰ
ককাদেউতাক শ্বাহেনশ্বাহ বাবৰৰ ডাঢ়ি-চুলিৰ অৱস্থা কি হৈছে কল্পনা কৰকচোন! তেখেতলোকে
আপোনাৰ আটাইতকৈ দক্ষ ক্ষৌৰকাৰজনক অতি সোনকালে স্বৰ্গলৈ পঠাই দিবলৈ কৈছে৷

নাপিতটো ওচৰতে আছিল৷ সি মুহূৰ্ততে
বীৰবলৰ বুদ্ধিৰ ওচৰত পৰাস্ত হোৱা বুলি হাড়ে হাড়ে বুজিলে৷

কেইদিনমানৰ পাছত বীৰবলক স্বৰ্গলৈ
পঠোৱাৰ দৰেই নাপিতকো পঠোৱা হ
ল৷ পিছে নাপিততো আৰু বীৰবল নহয়!

এতেকে নাপিত সঁচাকৈয়ে স্বৰ্গলৈকে গলগৈ৷

(২৭)

তুৰস্কৰ সম্ৰাটে হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰৰ পণ্ডিতসকলৰ কথা প্ৰায়েই শুনে৷ মাজে মাজে তেওঁৰ মনত খেদ ওপজে
নিজৰ ৰাজ্যৰ পণ্ডিতসকলৰ কথা ভাবি৷ বিশেষকৈ বীৰবল নামৰ বুদ্ধিয়ক আৰু জ্ঞানী
পণ্ডিতজনৰ নিচিনা অন্ততঃ এজন লোক যদি তুৰস্কৰ ৰাজসভাত থাকিলেহেঁতেন!
সম্ৰাটে ভাবিলে৷

পিছে নিজৰ উজীৰ-নাজিৰসকলে সম্ৰাটক
বুজালে যে বীৰবল তেনেই সামান্য পণ্ডিত৷ বুধিৰ বেলিকাও বীৰবল তুৰস্কলৈ আহিলে তেনেই
ঠোঁট-মুখ চেলেকি উভতি যাবলগীয়াতহে পৰিব৷

অৱশেষত সম্ৰাটে আকবৰলৈ চিঠি
লিখিলে
: কমেও দহদিনৰ কাৰণে বীৰবলক তুৰস্কলৈ পঠাওক৷ নহলে
তুৰ্কী সেনাই হিন্দুস্তান আক্ৰমণ কৰি ছাৰখাৰ কৰি পেলাব৷

অগত্যা আকবৰেও বীৰবলক দুদিনমান
বিদেশ ফুৰি আহিবলৈ পঠালে৷ বীৰবলেও বুজিলে যে তুৰস্কৰ সম্ৰাটে নি
শ্চয় তেওঁৰ বুধি-বৃত্তিৰ পৰীক্ষা নোলোৱাকৈ নাথাকে৷

তেওঁ যি ভাবিছিল সেয়া ষোল অনা
সঁচা বুলি প্ৰমাণিত হ
ল৷ কাৰণ, ৰাজধানী
চহৰত সোমোৱা মাত্ৰকে তেওঁক দুজন কটকী আহি ক
লেহি যে চুলতানে
তেওঁক পোনেই দৰবাৰলৈকে মাতি পঠাইছে৷ তেঁৱো কিবা এটা বুজি পালে আৰু ৰং মনেৰে ৰাজ
দৰবাৰলৈ সোমাই গ
ল৷

কিন্তু ই কি?
সিংহাসনত দেখোন চুলতান নাই! সভাসদসকলেও তেওঁক একোকে কোৱা নাই৷ বীৰবলক অপ্ৰস্তুত
কৰাৰ ফাকটি!

যি হ
ল৷ বীৰবলে চাৰিওফালে চালে৷ এজন সভাসদৰ ওচৰলৈ গৈ তেওঁ কলে,

      
 চুলতান, আপুনি সিংহাসনতহে বহিব
লাগে! এনেকৈ চুচুক্‌ চামাক্‌‌ কৰি সভাসদসকলৰ মাজত লুকাই থাকিব লাগে কিয়
?

সঁচাকৈ, সেইজনেই আছিল চুলতান৷ তেওঁ ততালিকে উঠি গৈ সিংহাসনত বহিলগৈ৷ বাকী
সভাসদসকলে বীৰবলক প্ৰশংসা কৰিলে৷ চুলতানে সুধিলে
,

      
 বীৰবল ডাঙৰীয়া, মই লুকাই থাকোঁতে
আপুনি কেনেদৰে চিনি পালে যে ময়েই মই
? আগে-পাছেতো আপোনাৰ আৰু
মোৰ দেখা-সাক্ষাৎ হোৱা নাই!

বীৰবলে কলে,
পৰ্যবেক্ষণ শক্তিৰ বলতে মই আপোনাক চিনি উলিয়ালোঁ মহামান্য চুলতান৷
আপুনি পিৰিক্‌ পাৰাক্‌কৈ বাকীসকলৰ পিনে চাই আছিল আৰু বাকীসকলে আটায়ে কেৱল আপোনাৰ
পিনেই চাই আছিল৷

(২৮)

দিল্লীত এজন প্ৰখ্যাত চিত্ৰকৰ
আছিল৷ বিশেষকৈ প্ৰতিকৃতি অঁকাত তেওঁৰ খ্যাতি দেশে-বিদেশে ৰজন্‌জনা হৈ পৰিছিল৷
দেশ-বিদেশৰ অনেক ৰজা-মহাৰজাই তেওঁক নিমন্ত্ৰণ কৰি নিজৰ নিজৰ প্ৰতিকৃতি অঁকাই
লৈছিল৷ সম্ৰাট আকবৰ আছিল প্ৰতিভাক শ্ৰদ্ধা জনাব জনা ব্যক্তি৷ সেয়ে তেওঁ চিত্ৰকৰজনক
মাটি-ভেটি
, লগুৱা-লিগিৰী দি চিত্ৰকলাৰ চৰ্চা
কৰিবলৈ সুবিধা কৰি দিছিল৷

দিল্লীতে এজন সদাগৰ আছিল৷ মানুহজন
আছিল মহা কৃপণ৷ শুকান জেওৰা খৰি এডাল চেপিলে ৰস ওলাব পাৰে
, কিন্তু সেই সদাগৰৰ হাতেৰে ফুটাকড়ি এটাও এনেয়ে সৰি নপৰে৷ বিলাসিতা কৰিবলৈ
তেওঁৰ বৰ মন
, পিছে বিলাসিতাৰ নামত ধন খৰচ কৰিবলৈ তেওঁ নাৰাজ৷

সেই বিশ্ববিখ্যাত চিত্ৰকৰৰ হতুৱাই
নিজৰ প্ৰতিকৃতি এখন অঁকাবলৈ তেওঁৰ বৰ আশা আছিল৷ কিন্তু চিত্ৰকৰজনক ধন দিব লগা হ

বাবে তেওঁ মনৰ আশা মনতে সামৰি যত্ন কৰি আছিল
: কি বুধিৰেনো
ধন খৰচ নকৰাকৈ ছবিখন অঁকাই ল
ব পৰা যাব৷

ভাবোঁতে ভাবোঁতে তেওঁৰ মনত
কুটবুধি এটাই উখল-মাখল লগালে৷ সেয়ে এদিন গৈ তেওঁ চিত্ৰকৰৰ বহা পালৈগৈ৷

      
 তুমি বোলে খুব সুন্দৰ প্ৰতিকৃতি আঁকিব পাৰাঁ?

      
 ঈশ্বৰৰ অনুগ্ৰহত যত্ন কৰি কৰি পৰা হৈছোঁ আৰু৷

      
 তুমি এখন ছবিত কিমান ধন লোৱাঁ?

      
 এহাজাৰ স্বৰ্ণমুদ্ৰা৷

      
 তোমাক মই দহ হাজাৰ স্বৰ্ণমুদ্ৰা দিম৷ কিন্তু মোৰ
ছবিখন অবিকল হ
ব লাগিব৷ সামান্য বিকৃত হলেও
তুমি ধন নোপোৱাঁ৷

      
 ঠিক আছে৷ চিত্ৰকৰে কলে৷

সেই চুক্তিমতেই কেইবাদিনো যত্ন
কৰি চিত্ৰকৰে প্ৰতিকৃতিখন আঁকি উলিয়ালে৷ ছবিখন দিবলৈ তেওঁ যেতিয়া সদাগৰৰ ঘৰলৈ গ

তেতিয়া সদাগৰে আগৰপৰা পাঙি থোৱা বুধি মতেই ক
লে,

      
 নাকটো বেঁকা হল দেখোন! কি ছবি
আঁকিছা এইখন
?

চিত্ৰকৰে ছবিখন ঘূৰাই আনিলে৷ ঘৰত
বহুপৰ একেৰাহে চায়ো তেওঁ নাকটো বেঁকা হোৱা নেদেখিলে৷ ছবিখন একেদৰেই পাছদিনা সদাগৰৰ
ঘৰলৈ নিয়াত সদাগৰে ক
লে,

      
 ওঁ, নাকটো এতিয়া ভাল হৈছে৷
কিন্তু এই চকুটো অলপ গণ্ডগোলীয়া হোৱা নাইনে
? এইটো ঠিক কৰি
দিবা৷

চিত্ৰকৰ পুনৰ উভতিল৷ সেইদিনাও
চিত্ৰকৰে ছবিখনত অকণো বিকৃতি দেখা নাপালে৷ পাছদিনা পুনৰ সেইখন লৈ তেওঁ সদাগৰৰ ঘৰ
পালেগৈ৷ সদাগৰে পুনৰ একেদৰেই ক
লে৷ মুঠতে সদাগৰৰ মতে ছবিখন ভাল হোৱা
নাই৷

তাৰ পাছতে সদায়ে একেটা ঘটনাই
ঘটিল৷ প্ৰতি দিনেই সদাগৰে ছবিখনৰ কিবা নহয় কিবা এটা খুঁত উলিয়ায় আৰু চিত্ৰকৰক বিফল
মনোৰথ কৰি ঘূৰাই পঠায়৷

চিত্ৰকৰে বুজিলে, আচলতে সদাগৰৰ ধন দিবলৈ মন নাই৷ তেওঁ চিন্তা-ভাৱনা কৰি অৱশেষত বীৰবলৰ কাষ
চাপিল৷

আদিৰপৰা অন্তলৈ গোটেইখিনি কথা
শুনি বীৰবলে চিত্ৰকৰক এটা পৰামৰ্শ দিলে৷

পাছদিনা চিত্ৰকৰ পুনৰ গ
সদাগৰৰ ঘৰলৈ৷ এইবাৰ তেওঁ চিত্ৰখন কাপোৰেৰে মেৰিয়াই লৈ গ
ল৷
সদাগৰক চিত্ৰখন দিয়াত সদাগৰে কাপোৰৰ আৱৰণ গুচালে৷ কিন্তু আৰে! ই কি
? এইখনতো চিত্ৰ নহয়, এখন দাপোণহে!

      
 সদাগৰ মহোদয়, আপোনাৰ অবিকৃত প্ৰতিকৃতি
এইখনেই৷ এতিয়া মোক দহ হাজাৰ স্বৰ্ণমুদ্ৰা আৰু ইমানদিনে কৰা লটিঘটিৰ বাবদ আৰু
দুহাজাৰ স্বৰ্ণমুদ্ৰা
মুঠ বাৰ হাজাৰ স্বৰ্ণমুদ্ৰা আদায়
দিয়ক৷ অন্যথা মই শ্বাহেনশ্বাহৰ দৰবাৰলৈ যাম৷

সদাগৰৰ মুখে তেনেই কেঁহেৰাজ বটাৰ
বৰণ ধৰিলে৷ লাজে অপমানে তেওঁ চিত্ৰকৰক ধন-বিত দি বিদায় দিলে৷

(২৯)

এবাৰ শ্বাহেনশ্বাহৰ টান নৰিয়া হৈছিল৷
দেশ-বিদেশৰ নানান কবিৰাজ-বেজ জ্ঞানীয়েও তেওঁৰ নৰিয়া ভাল কৰিব পৰা নাছিল৷

অৱশেষত আকবৰে জীয়াই থকাৰ আশাকে
এৰিব খুজিলে৷ পিছে তেনে সময়তে এজন কবিৰাজ আহি দেখিলে যে মহাৰাজৰ আচলতে
জ্বৰহে হৈছে! সাধাৰণ জ্ব, অথচ
অসাধাৰণ ৰোগী! গণ্য-মান্য লোকে হাঁচি এটা মাৰিলেও গোটেইখন ৰৌজাল-বৌজাল লাগে৷
আকবৰৰো সাধাৰণ
জ্বৰকে অসাধাৰণভাৱে জটিল ৰোগ বুলি ভাবি বিবিধ
দৰব-জাতি খুৱাই থকা কাৰণে তেখেতৰ শৰীৰ বেছিকৈ দুৰ্বল হৈ পৰিছে!

কবিৰাজজনৰ কথা আকবৰে কিন্তু
বিশ্বাস নকৰিলে৷ তেওঁৰ মতে তেওঁ কিবা মাৰাত্মক ৰোগত ভোগাটোৱেই সত্য৷

অৱশেষত কবিৰাজে বীৰবলৰ শৰণাপন্ন
হৈ আটাইবোৰ কথা ভাঙি-পাতি ক
লে৷ তেতিয়া বীৰবলে কবিৰাজজনক কাণে
কাণে এটা বুধি দিলে৷

পাছদিনা কবিৰাজজন পুনৰ আহিল আৰু
বাদশ্বাহক ক
লে,

      জাহাপনা, মোক ক্ষমা কৰিব৷ কালি
আপোনাৰ ৰোগটো চিনাক্তকৰণত মই ভুল কৰাটো হয়৷ ঘৰলৈ গৈ নানান পুথি-পাঁজি পঢ়ি দেখিলোঁ
যে হয়
, আপোনাৰ নৰিয়া জটিল৷ পিছে আশা এৰিবলগীয়া নাই৷ এটা
বস্তু খালেই আপোনাৰ অসুখ নোহোৱা হ
ব৷

      
বস্তুটো কি?
সম্ৰাটে অধৈৰ্য হৈ সুধিলে৷

      
 এগিলাছ মাথোঁ বলদৰ গাখীৰ৷ সেইটো ঔষধ যোগাৰ
নোহোৱালৈকে আপোনাক মই এইকেইটা ঔষধ খাবলৈ অনুৰোধ কৰিছোঁ৷
এইবুলি কবিৰাজে শ্বাহেনশ্বাহৰ দাসীৰ হাতত জ্বৰৰ দৰব আৰু
সেইখিনি খোৱাৰ নিয়ম বুজাই দি গুচি গ
ল৷ সম্ৰাটে তেওঁক দিব
খোজা মাননিও তেওঁ নল
লে৷ মাথোঁন কলে
যে সম্ৰাট আৰোগ্য হ
লেহে তেওঁ বক্‌‌ছিছ লবলৈ আহিব৷

শ্বাহেনশ্বাহে মুহূৰ্ততে বীৰবলক মতাই
পঠালে৷ বীৰবলো আহি হাজিৰ হ
লহি৷

    বীৰবল, মোক এগিলাছ বলদৰ গাখীৰ
লাগে৷

      
বলদৰ গাখীৰ?
জাহাপনা
, বলদেতো গাখীৰ নিদিয়ে!

     বীৰবল, মই কোনো কথাই নুশুনো৷
তুমি মোক অনেক বিপদৰ মুহূৰ্তত সহায় কৰিছা৷ এইটো বিপদো পাৰ কৰাৰ দায়িত্ব তোমাৰ৷

      
 কিন্তু জাহাপনা!

      
 কোনো কিন্তু মই শুনিব নোখোজো৷ মোক যদি জীৱন্ত
অৱস্থাত চাবলৈ বিচাৰাঁ তেন্তে মোক এগিলাছ বলদৰ গাখীৰ আনি খুউৱাঁ৷ অন্যথা মোলৈ আশা
নকৰিবা বীৰবল৷

শ্বাহেনশ্বাহৰ কথাৰ সুৰটো তেনেই
নিশকতীয়া হৈ পৰিল৷ বীৰবলে খন্তেক চিন্তা কৰাৰ ভাও জুৰি ক
লে,

     
জাহাপনা, আপুনি মোক মাত্ৰ
দুটা দিনৰ সময় দিয়ক আৰু এই দুটা দিনত আপুনি আজিৰ কবিৰাজজনে দিয়া ঔষধকে খাই থাকক৷
দুদিনৰ পাছত মই আপোনাক বলদৰ গাখীৰ খুৱাম৷

এইবুলি বীৰবলে শ্বাহেনশ্বাহৰপৰা বিদায়
লৈ তেওঁৰ হাতধৰী লিগিৰী কেইজনীৰ ওচৰলৈ গৈ ক
লে,

      
 জাহাপনাক আগৰ দৰববোৰ নিদিবি৷ অকল আজিৰ কবিৰাজজনে
দিয়া দৰবটোহে দিবি৷

বীৰবল ঘৰ পালেহি৷

ইতিমধ্যে শ্বাহেনশ্বাহে নতুন দৰবটো
খাবলৈ আৰম্ভ কৰিলে৷

পাছদিনা বীৰবল দৰবাৰলৈ নগল৷ শ্বাহেনশ্বাহৰ লিগিৰীয়ে তেওঁলৈ খবৰ পঠিয়ালে যে নৰিয়া কমিছে৷

সেইদিনাৰ ৰাতিলৈ ৰাজ কাৰেঙৰ গাতে
লাগি থকা যমুনা নৈৰ ঘাটত তিৰোতা এজনীয়ে বৰ বৰ মাতেৰে গান গাই গাই কাপোৰ থুকুচিবলৈ
লাগিল৷ ৰজাৰ শোৱনী কোঠাটোৰ একেবাৰে তলতে নৈৰ ঘাটটো৷ এতেকে তিৰোতাজনীৰ গান শুনি
শুনি ৰজা বিৰক্ত হ
ল৷ ইমান বেসুৰা গান, তাতে
গাইছে ডাঙৰ ডাঙৰকৈ৷

বহুপৰ বহু ধৈৰ্য ধৰি কাপোৰ
থুকুচাৰ শব্দ আৰু তাল-মান নোহোৱা গান শুনি আকবৰৰ মূৰ বিষাবলৈ ধৰিলে৷ তেওঁ ততালিকে
ৰক্ষী দুজনক মাতি আনি তিৰোতাজনীক ধৰি আনিবলৈ হুকুম দিলে৷

ৰক্ষী দুজনে তিৰোতা এজনীক ধৰি
আনিলে৷ শ্বাহেনশ্বাহো শোৱনী কোঠাৰ পৰা ওলাই আহিল৷ তিৰোতাজনীক দেখা মাত্ৰেই তেওঁৰ খঙে
চুলিৰ আগত ধৰিলেগৈ৷

      
হেৰতই কেনে তিৰোতা হোঁ? এই মাজ ৰাতিখন কাপোৰ ধুবলৈ আহিছ কেলেই? কাম কৰাৰ
সময় অসময়ৰ জ্ঞানকণো তোৰ নাইনে
? তিৰোতাজনীয়ে তলমূৰকৈ কলে,

      
 অপৰাধ মাৰ্জনা কৰিব জাহাপনা! কথা হ,
আমাৰ মালিকে আজি আবেলি লৰা এটা প্ৰসৱ কৰিলে৷
কেঁচুৱাৰ লগত লাগি-ভাগি কাপোৰ-কানিবোৰ ধুবলৈ এতিয়াহে সময় ওলাইছে হুজুৰ! ভাগৰ
লাগিছে যদিও মালিকৰ কেঁচুৱা হোৱাৰ আনন্দতে মুখেদি ক

নোৱাৰাকৈয়ে দুই-এফাঁকি গীতো ওলাইছে৷

মালিকে লৰা
জন্ম দিলে!
ই কেনে কথা? 
শ্বাহেনশ্বাহে
ভাবিলে
, তিৰোতাজনী চেৰাবলিয়া নেকি?

      
 হেৰতই মোক চিনি পোৱা নাই হবলা? মিছা কথা কৈ মোৰ শান্তি ভংগ কৰা, মোৰ লগত চুপতি কৰাৰ শাস্তি কিমান ভয়াৱহ তই নাজাননে?

      
 মই মিছা কোৱা নাই হুজুৰ! আপোনাৰ যদি সন্দেহ হৈছে
তেন্তে মোৰ মালিকক মতাই আনি সুধি চাব পাৰে৷

আও! এই ইমানকৈ ন-দি কৈছে যে?
মতা মানুহৰ কেঁচুৱা জন্ম হৈছে
?

      
তোৰ মালিকে যে মিছা কথা নক
বা আনৰ কেঁচুৱা এটাকে আনি নিজৰ বুলি মোক নেদেখুৱাবহি তাৰ কি নি
শ্চয়তা আছে?

      
 আছে হুজুৰ৷ আমাৰ মালিকে কৈছে, মোৰনো লৰা জনম দি লাজ পাবলগীয়া কিটো আছে? জাহাপনাৰ সাম্ৰাজ্যত আজিকালি বলদ গৰুৱেও গাখীৰ দিয়ে হেনো!

কথাষাৰ শুনি শ্বাহেনশ্বাহ চক্‌ খাই গল৷
বলদে গাখীৰ দিয়ে
? মানে?

      
 হেৰতোৰ মালিকৰ নাম কি?

      
 জাহাপনা, মই আপোনাৰ প্ৰধান মন্ত্ৰী
বীৰবল মহাশয়ৰ ঘৰতে ইখন-সিখন কৰোঁ৷

আকবৰে বুজি পালে৷ গোটেই ঘটনাটো যে
বীৰবলৰ পৰিকল্পিত সেয়া বুজি উঠি তেওঁৰ হাঁহি উঠিল৷ ইতিমধ্যে আগদিনাৰ আবেলি সময়ৰপৰা
দৰব খাই খাই তেওঁৰ গাটোও অকণমান ভাল লাগিছিল৷ তেওঁ ক
লে,

      
 ব হব৷ তই এতিয়া কাপোৰ ধুব নালাগেমোৰ হুকুম৷ তই তোৰ
মালিকৰ ঘৰলৈ যা৷ আৰু কাইলৈ ৰাতিপুৱাতে মালিকক মই মাতিছোঁ বুলি কবিগৈ৷

তিৰোতাজনীয়ে কলে,
তেখেত আকভয়ত কঁপি আছে৷ জাহাপনাক হেনো তেখেতে
কিবা এটা আনি দিব লাগিব৷

     
হেৰতেওঁক তই কবি যে মই বিচৰা বস্তুটো ইতিমধ্যে পালোঁ৷ গতিকে তেওঁ আৰু বিচাৰিব নালাগে৷
আৰু শুন
, তই আজি ভয়-ডৰ নকৰি মোৰ আগত যিখন নাটক কৰিলি তাৰ
কাৰণেও মহাৰাণীৰ ওচৰৰপৰা কাইলৈ পুৰস্কাৰ লৈ যাবিহি যা!

এইবুলি কৈ সম্ৰাট নিজৰ শোৱনী
কোঠাত সোমাল৷ বিছনাত দীঘল দি তেওঁ ভাবিলে
বাঃ! বীৰবল কম
বুদ্ধিয়ক নহয়৷