শিশু কবিতা অক্টোবৰ

 শিশু কবিতাঃ

লতা আৰু ককা

স্বপ্নালী কলিতা
এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ল’লে
ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে |
ককাই বোলে হেৰৌ লতা !
ক’লৈ যাৱ তই ?
এৰাবাৰীৰ আমৰ তলত 
ভূতৰ আপোন ঘৰ |
ককা, ককা কিনো কোৱাঁ !
সকলোবোৰ মিছা,
যোৱাৰ ভয়ত কিয় তুমি
মিছা মাতি আছা !
ভূতৰ ঘৰত বহি আমি আমৰ জুতি ল’ম,
ৰাহি হোৱা দুটা বাৰু ভূতলৈও থ’ম |
আমাৰ স্কুলৰ ৰাতুল ছাৰক 
তুমি যদি চিনা,
তেনেহ’লে ছাৰে কোৱা
কথাখিনি শুনা |
বিজ্ঞানে আমাক দিছে নতুন নতুন দান,
ভালদৰে চিনি-বুজি লোৱাই আমাৰ কাম |
ভূত বুলি একো বস্তু পৃথিৱীতেই নাই,
ভয়ৰ বাবে সকলোৱে ভূত দেখা পায় |
সেয়ে ককা, ব’লা ব’লা, এৰাবাৰীলে যাম,
গছে-বনে কথা হোৱা উলাহেৰে চাম |
পকা আমৰ ৰঙা ডালত হাঁকুটি লগাম,
আমৰ কলি চুপি চুপি বনৰ শোভা চাম |
লতাৰ কথা শুনি ককাৰ হোৰাল মুখৰ বাক্,
খোজ ল’লে মনে মনে পিঠিত উঠাই লতাক।                    

ঠিকনা 

বৰটিং নাওশলীয়া
জিলা-গোলাঘাট(অসম)
পিন-৭৮৫৬২৬
ফোন নং-৯১০১৮৪০৭৫৭
—————————-

বানানৰ পদ্য

প্ৰদীপ পাটগিৰি 

নোমলে আনিলে নোমাল কুকুৰ
দেখিবলৈ বৰ ভাল,
পাল খুৰাই নৈত মেলিছে নাও
তৰি দিছে শুকুলা পাল ৷

ছাইৰ বিশাল স্তুপ চাই
অন্তৰত লাগিল দুখ,
সকলোবোৰ চাই হৈ গ’ল
সকলোৰে সকৰুণ মুখ ৷

পুখুৰীত চিপ বাই আছিলোঁ
চিপ চিপ বৰষুণত তিতি,
ডাঙৰ বাই ক’ৰবাৰ পৰা
দৌৰি আহিল লৈ ফুলাম ছাতি ৷

ধোৰা সাপ ধৰা মানুহজন
হেনো মায়ঙৰ যাদুকৰ,
গৰমৰ বন্ধত গুৱাহাটীলৈ যাম
চাম চিৰিয়াখানা, যাদুঘৰ ৷

   

ঠিকনা 

গাঁও   বাৰাপেটা

ডাক   মইনামাতা-৭৮১৩১৫, বাকসা, অসম

ফোন   ৮৪৭৪০ ২১৫২৫

—————————-

( কিশোৰৰ কবিতা)

 বানানৰ পদ্য
সংকল্পজিৎ শইকীয়া 
                 (১)
অকণ ভায়েক মদনৰ
পঢ়াত বৰ চোকা,
সি প্ৰায়েই খায় ব্ৰাহ্মী,
লাই,লফা,পালেং,চুকা।
                (২)
অকণে এটা সপোন দেখিলে
বিছনাত পৰি পৰি,
সপোনত দেখিলে সি
এজনী ধুনীয়া পৰী।
                (৩)
ককায়েকে ৰাখীক পঢ়াইছিল
মহানগৰত ৰাখি,
ৰাখী বন্ধনত পিন্ধালে তাই
ধুনীয়া ৰঙীন ৰাখী।
                (৪)
বৰাচাউল খাই অফিচলৈ 
গ’ল আমাৰ বৰা,
বৰাৰ দুটা ল’ৰা ছোৱালী
জোন আৰু তৰা।
……
ঠিকনা 
দশম শ্ৰেণী. চকী উচ্চ মাধ্যমিক বিদ্যালয়
গাঁও: চাংচকী
ডাক: দক্ষিণ চাংচকী, নগাঁও-৭৮২৪২৬,অসম
ফোন: ৯৯৫৭৩৬০১১৭ বা ৮৪৮৬৬৪১৮৭৮ 
ই মেইল: mazumderbornali96@gmail.com
ফেচবুক: bornali mazumder
—————————-

যুদ্ধ

হজৰত আলী

দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি, 
আইতাই তামোল চোবায় চপক চপক কৰি। 

কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি,

লাঠিৰ লগত যুদ্ধ কৰোঁতে কাপোৰ পৰিল খহি ৷

নাতিয়ে কয়, আইতা সাধু এটা কোৱাঁ,
পাৰিলে এবাৰ মোক কোলাত তুলি লোৱাঁ ৷

আইতাই কয় নাতিপোনা লৰ মাৰি আহাঁ,
তোমাক সাধু কোৱাটো মোৰ প্ৰতিদিনৰ বেহা ৷

ককাই আহি পাটীত বহি নাতি ল’ৰাক মাতে,
ককা-আইতাই গল্প কৰে নাতি ল’ৰাৰ স’তে ৷

আইতাৰ সাধু নাতি ল’ৰাই ভাল বুলি কয়,
ককাই মিছা খং কৰি পেন্দোৱাকৈ চায়।৷

বুঢ়া তুমি নাতি ল’ৰাক খং কিয় কৰাঁ,
তোমাৰ স’তে যুদ্ধ হ’ব যদি এনে কৰাঁ।

কঁকাল বেঁকা হৈছোঁ বুলি নাভাবিবা বুঢ়ী,
তোমাৰ নাতি মোৰো নাতি লব লাগে গঢ়ি।

……..

ঠিকনা :  

গাঁও আৰু ডাক :  নায়েৰ আলগা – ৭৮৩৩৪৮

জিলা : ধুবুৰী, অসম

ম’বাইল : ৮৬৩৮৬২৩১২০

—————————-

অ-ফলাৰ পদ্য়

গীতাঞ্জলি বৰকটকী  ভাগৱতী

অ-ই ক’লে অসমৰ অকণ-অকণি আমি
আ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।
ই-য়ে সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজে
ঈ-য়ে বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলেয
উ-ৱে সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱাঁ
ঊ-ৱে ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱাঁ।
ঋ-য়ে বোলে ঋষি থাকে আশ্ৰমত ঋক্ জপ কৰি
এ-ই ক’লে এদিনত কেইঘণ্টা, চোৱাচোন ঘড়ী।
ঐ-য়ে বোলে ঐৰাৱত দেখি ভয় নাখাওঁ আৰু
ও-ৱে কয় ওখ ওক গছৰ পাত  ছিঙিব নোৱাৰোঁ।
ঔ-ৱে বোলে ঔ-টেঙাৰ চকলা খাওঁ নিমখ সানি
অ-ফলাৰ আখৰ পঢ়ি নাপাওঁ আমনি ৷
ঠিকনা ঃ 
বি ভি এফ্ চি এল্ উচ্চতৰ মাধ্যমিক বিদ্যালয়
নামৰূপ, শাখা-গ
ডাক   পৰ্বতপুৰ, িজলা ডিব্ৰুগড়, অসম