মূল :  আলবেয়াৰ কে’মু  ( ফ্ৰাঞ্চ, সাহিত্যৰ ন’বেল বঁটা প্ৰাপক, ১৯৫৭)

অনুবাদ : ড° ৰঞ্জিত দত্ত

ঘৃণাৰ মাজতে

মই বিচাৰি পাইছিলোঁ

মোৰ ভিতৰত লুকাই থকা 

অজেয় প্ৰেম।

চকুৰ পানীৰ মাজতেই

মই বিচাৰি পাইছিলোঁ

মোৰ দুৰ্জেয় হাঁহিবোৰ।

সকলো বেমেজালিৰ মাজতেই,

বিচাৰি পাইছিলোঁ  মনৰ মাজত

এক অনাবিল শান্তি।

উপলব্ধি কৰিছিলোঁ

যেন সকলো শীতৰ মাজতেই 

বিচাৰি পাইছিলোঁ মই 

হেজাৰ বসন্তৰ কোলাহল।

আৰু সিয়েই মোক সুখী কৰে

কাৰণ পৃথিৱীখনে যিমানেই 

কঠিন  কিবা এটা

মোলৈ  ঠেলি নিদিয়ক কিয়,

মোৰ ভিতৰতো আছে 

এনে শক্তিশালী কিবা এটা,

এনে ভাল কিবা এটা, 

যিয়ে  ঠেলি পঠিয়াই দিয়ে

এই সকলোবোৰ পিছলৈ।