কিম্বদন্তি শিল্পী, তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

 ৰুদ্ৰ সিংহ মটক

 

বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা

লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি 

দেখা পালোঁ ,

দেখা পালে নক্ষত্ৰমণ্ডলী আৰু মোৰ পৃথিৱীৰ  কোটি কোটি  মানুহে

 

জুবিন ! আমি জানো যিসকল তোমাৰ শতৰু সেই সকল

আমাৰো শতৰু,  সূৰ্য
আৰু সভ্যতাৰো চিৰ
কালৰ শত্ৰু

 

তোমাৰ মৃত্যুক লৈ কত প্ৰচাৰ কত অপপ্ৰচাৰ !

নৰাধমহঁতে চিঞৰ-বাখৰ কৰাৰ দৰে পেৰাগ্লাইদিঙত তোমাৰ

মৃত্যু হোৱা নাছিল স্কুবা ডাইভিঙত তোমাৰ মৃত্যু হোৱা নাছিল

ড্ৰাউনিঙত অথবা সেই পুৰণি বেমাৰ চ্ছিজাৰতো

তোমাৰ বুকুৰ শেহ উশাহ স্তব্ধ হৈ যোৱা নাছিল  চিৰদিনলৈ

 

তোমাৰ পৰা মোৰ জানিবৰ মন অ’ জুবিন !

শেষবাৰ সমুদ্ৰলৈ ঠেলি দিয়াৰ আগমুহূৰ্তত

মাইকেল জেকচনৰ দৰেই তোমাৰ খাদ্যতো বাৰু

               বিহ
দিয়া হৈছিল নেকি ?

 

পানীৰ পৰা তুলি অনাৰ পিছত তোমাৰ ওঁঠ নীলা হৈ গৈছিল

হাতবোৰ ভৰিবোৰ হেনো নীলা পৰিছিল ….

ব্ৰুটাছৰ দৰেই  হয়তো
সিদ্ধাৰ্থও  আছিল চৰম

             বিশ্বাসঘাটক, ইতিহাসৰ জঘন্যতম হত্যাকাৰী

 

অসমবাসীৰ কিঞ্চিতো সন্দেহ নাই অ’ জুবিন!

তোমাক হত্যা কৰা হ’ল দেশত নহয় বিদেশৰ নীল সমুদ্ৰগৰ্ভৰ সুদূৰ লাজাৰাছ  দ্বীপত

দৰাচলতে তুমি ক্ষমতালোভী কোনো দানবৰ শীতল মগজুৰ

ষড়যন্ত্ৰৰ বলি হ’লা নেকি বাৰু? নে ৰাজনৈতিক ভ্ৰষ্টাচাৰে জিঘাংসাৰ
হাতোৰাৰে

মেলি দিয়া জটিল-কূটিল সাংস্কৃতিক  সন্ত্ৰাসবাদৰ??…..

 

তুমি আছিলা সকলো ধৰ্মৰ উৰ্ধত দুঃসাহসী এজন মুক্ত মানব

পৃথিৱীৰ এন্ধাৰে স্পৰ্শ কৰিব নোৱাৰা ধ্ৰুৱৰ দৰে  এটা চিৰভাস্বত নক্ষত্ৰ

মধ্যযুগীয় অন্ধ ঈশ্বৰৰ অস্তিত্ব নেমানিছিলা তুমি,

কিম্বদন্তি শিল্পী তুমি
সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

 

জুবিন জুবিন জুবিন !

তুমি নিজকে কাঞ্চনজঙ্ঘা বুলি কৈছিলা,

কিন্তু  আমাৰ দৃষ্টিত  তুমি আকাশতকৈয়ো ওখ

চিৰ উচ্ছল ভালপোৱাৰ সাগৰে আবৰি আছিল
তোমাৰ হৃদয়

 

দুস্কৃতিক জনতাৰ শতৰু বুলি
চিঞৰি চিঞৰি ক’ব পৰা তুমি চিৰ সুন্দৰ

সংস্কৃতিৰ পূজাৰী

মৰিও অমৰ হ’লা,- তুমি 
আমাৰ মান আমাৰ অভিমান

আই অসমীৰ ওখ বুকুৰ তুমি হিল্লোলিত স্বাভিমান

 

                   
                          ০০০০

 

ভ্ৰাম্যভাষ – ৭০০২৩০৩৮৮২