ভেলেকী–মেলেকী

 দ্বীপৰাজ

 

ধন্যবাদ! এইখিনিতে
শেষ হওক ! ৰসতে নামষাৰ থ
লে গাজি-মগুৰ

সোৱাদো বাঢ়িব।

সোতোৰা ফুল, খৰাং,
শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে

কটা পূৰ্ণিমাৰ পোহৰ
ইয়াৰ পাছত সমাপ্ত ।

ধুমুহাত উভলি পৰা
বসন্তৰ শেষৰজোপা এজাৰ এয়া ।

পায়খানাত সোমাওঁতে
ইটাৰ বেৰ খহি পৰা দৃশ্য ইয়াৰ পাছত আৰু

নাথাকে!

 

কবিতাৰ নামত আটাইতকৈ
বেয়া কবিতাটো, ফুটা পাইপৰ পানীত

মহানগৰীৰ জাম, ৰিক্সাৰ
চকা চদকা খোৱা আজিতেই শেষ ।

 

যদি লাগে বজাৰত একুৰা
জুই কি কৰিম আতা?

     
ছাইখিনেৰে চৰু মাজিবি

ঘটে যদি আজিতে দুৰ্ঘটনাবোৰ
কি হ’ব আবু ?

     
তেজ মচি গছ ৰুবি

 

বুকুৰ বৈণী বোলো
শুনিছা – হাতৰ বুঢ়া আঙুলিটোতে বাটৰুৱাৰ

দেমাকি। নেঠু কিনিবলে
ৰাতাৰাতি পঞ্চায়তত ভিৰ । গুৰুপাকী

চাহকাপ আজি বোলে
অফাৰৰ আশীৰ্বাদ …

তাকে দেখি খেনোই
ফোন পে’ৰ স্কেনাৰক মুখ বিকটাই দিছে। আজি

ভালুক বধি এক চিলিমত
শিৱ বাবাক বৰ আঁহতৰ তলত শুৱাই দিম

 

দায়-দোষ এৰিবা ৰাইজ
৷ খৰিকাৰে এতিয়া দাঁতত লাগি থকা মঙহৰ

গুৰি ঘুকুটিয়াম৷
চিকা গোন্ধ মুখত লৈ চুমা যাচিলে ৰাতিবোৰে

ফেউৰা৷ পচতীয়াৰ
ঠানিৰে দীত মাজিবলৈ গৈ অক্সিজেন বিৰোধী

মই হ’ব নোৱাৰোঁ ।

 

এঙাৰ বিচাৰি গৈ চুই
দিওগে’ যদি বাৰদিনীয়া চুৱা?

 

তেতিয়াটো গোৱৰৰ
দাম ইমান বাঢ়িব ইমান বাঢ়িব

লাগিলে চুৱা পাতনিৰেই
কাঠি-ঘৰ মছি আনা গোৱৰ নহ
লে চব

নেচেল !!