সাহিত্য সমাজৰ দাপোণ

 মনমী ভট্টাচাৰ্য

 

আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক
স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী
, “সাহিত্য সমাজৰ দাপোন।” সমাজৰ আবেগ অনুভূতি, আশা
নিৰাশা
, হা– হুতাশ হেনো প্ৰতিফলিত হয় সাহিত্যত
। সেই বয়সত
সমাজ মনত ৰাখিবলগীয়া সংজ্ঞা মাথোঁ
, 
তেনেস্থলত কথাষাৰৰ যথাৰ্থতা বুজাৰ সামৰ্থ্য ক’ত! লাহে লাহে নিয়ম আৰু বাধ্য–বাধকতাৰ
মাধ্যমেৰেই সমাজ মূ
ৰ্ত হৈ উঠে মানসপটত
। তেনে সাহিত্য
পঢ়াৰ সৌভাগ্য ঘটে
, য’ত সমাজ প্ৰতিবিম্বিত হয়,
সমাজ আৰু সাহিত্যক ৰিজাই চোৱাৰ সামান্য প্ৰয়াস কৰোঁ
। কেতিয়াবা
সাহিত্যৰ ছাত্ৰী হিচাপে
আৰু প্ৰায়ে সাধাৰণ পঢ়ুৱৈ হিচাপে। ভাষা–সাহিত্যৰ ছাত্ৰী হিচাপে বৌদ্ধিক অথবা কলাত্মক দিশ গমি চোৱাৰ প্ৰৱণতা জাগে। কিন্তু
এগৰাকী সাধাৰণ পাঠকৰ অনুভৱক কিছুমান সৃষ্টিয়ে জোঁকাৰি যায়
, বাৰে বাৰে আহি টোকৰ দিয়ে জ্ঞানেন্দ্ৰিয়ত, কোনো উপন্যাসৰ
প্ৰতিখিলা পাতে মনলৈ আনে
“সাহিত্য সমাজৰ দাপোন”
। তেনে উপন্যাসত
পূৰ্ণাংগ জীৱন
‌চিত্ৰিত হয়। 

মোৰ পাৰিপাৰ্শ্বিকৰ সমসাময়িক
পৃথিৱী
ক
অংকিত কৰা উপন্যাস গীতিকা শইকীয়াৰ “সৰা ফুলে কথা
ক
’লে”( ২০২০), পঢ়িলোঁ৷
 উপন্যাসখন পঢ়ি উঠি হোৱা কিছু অনুভৱ কাপত নিগৰাব খুজিছোঁ
। 

“সৰা ফুলে কথা ক’লে” উপন্যাসখনত জীৱন্তৰূপত প্ৰতিবিম্বিত হৈছে বহুকেইখন
সমাজ
, উন্মোচিত হৈছে বহু স্তৰৰ বহু দিন; যেন পাঠকৰ চাক্ষুষ অভিজ্ঞতা
।
সাংবাদিকতাৰ
ৰঙীন গতিশীল জগতৰ পৰা বিধ
ৱাৰ উকা স্তব্ধ জগতখনলৈ, বাহ্যিকতাৰ
প্ৰৰোচনাত পিছলিব খোজা অসমীয়া সমাজখনৰ পৰা ৰক্ষণশীল উত্তৰ ভাৰতৰ সমাজলৈ
, দাৰিদ্ৰৰ কবলৰ নিচলা সমাজৰ পৰা বিলাসিতাৰ ভৰত দোঁ খোৱা অভিজাত সমাজলৈ;
বহু মুখাৰ আঁৰৰ মুখ, বাহ্যিকতাৰ আঁৰৰ অনুভৱ আন্ধাৰৰ
বাট বুলি পোহৰলৈ বেঙা মেলিছে
। 

আন্ধাৰৰ পৰা পোহৰলৈ, নিৰাশাৰ পৰা আশালৈ মাথোঁ বৈপৰীত্যৰ সোঁত নবয়, ইপাৰৰ
পৰা সিপাৰ হ
’ব পৰাকৈ এখন অদৃশ্য সাঁকো থাকে, সদৰ্থক দৃঢ়তা আৰু অধ্যৱসায়ৰ সাঁকো
। “সৰা ফুলে কথা
ক
’লে” আশাবাদৰ ৰেঙণি মাথোঁ নহয়,
সুস্থ বৈষম্যহীন ভৱিষ্যতৰ বলিষ্ঠ সপোন
। পংকিলতাৰ
জীৱনক সমাধিস্থ কৰি প্ৰোজ্জল পৰিচয় আদৰি লোৱাৰ আলাপ
, নখে মাটি লেখা সৰলতাক সময়ৰ ৰ’দে পুৰি প্ৰগতিশীল সত্তালৈ
উত্তৰণ ঘটোৱাৰ কথকতা
“সৰা ফুলে কথা ক’লে”
। 

উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰৰ
পটভূমি বৃন্দাবনৰ অচিনাকি পৃথিৱীখন
।
সেই
পৃথিৱীখনৰ সতে প্ৰথম চিনাকি মামণি ৰয়ছম গোস্বামীৰ
“নীলকণ্ঠী ব্ৰজ”ৰ(১৯৭৬) জৰিয়তে। সামগ্ৰিক
দৃষ্টিত উপন্যাস দুখনৰ কিছু সামঞ্জস্য আছে
; উভয়ে বাস্তৱধৰ্মী,
নাৰীকেন্দ্ৰিক উপন্যাস, অসমৰ ভৌগোলিক সীমা নেওচা
পটভূমি
, সমাজৰ বিভিন্ন দিশৰ ভণ্ডামি আৰু ভ্ৰষ্টাচাৰৰ নিৰ্ভীক
অংকন ইত্যাদি
। অথচ
“সৰা ফুলে কথা ক’লে” উপন্যাসখনত
“নীলকণ্ঠী ব্ৰজ”ৰ কোনো সুস্পষ্ট চাপ পৰিলক্ষিত
নহয়
। মামণি
ৰয়ছমৰ কাপৰ সেই বৌদ্ধিক
, ইতিহাস সংপৃক্ত বৰ্ণনা আৰু গীতিকা শইকীয়াৰ জীৱনমুখী
শব্দৰাজিক তুলনা কৰাৰ ধৃষ্টতাও নাই এই সাধাৰণ পাঠকৰ
। এয়া মাথোঁ
উভয়তে অণুৰনন ঘটা জীৱন চুই যোৱা কিছু সংবেদনশীলতাৰ উনুক
। 

দশকৰ ব্যৱধানে  সংস্কাৰজীৰ্ণ সমাজৰ ৰক্ষণশীল ভুৱা  নৈতিকতাৰ ভেঁটিক সজোৰ ঢকা দিব পৰা
নাই
। নাৰীৰ
হিয়া মনৰ চাকনৈয়া যেন চিৰন্তন
।
বৃন্দাবনৰ
গলিবোৰত সেই ৰংহীন যৌৱন
, অস্থি চৰ্মসাৰ প্ৰৌঢ়ত্ব,  নিৰ্বাক বাৰ্ধক্য একেইতো আছে। ‘নীলকণ্ঠী ব্ৰজ’ত চিত্ৰিত হৈছে  খুপৰিৰ ক্ষুধাতুৰ ৰাধেশ্যামী, প্ৰেতাত্মাসদৃশ ভিক্ষাৰীৰ
দল
, কুষ্ঠৰোগীৰে ভৰা কংকালসাৰ বৃন্দাবন
। “মানৱতা আৰু
জীৱনৰ প্ৰতি ভ্ৰূকুটি দেখুৱাই থকা
” মৃত্যুৰ নগ্নতা
। অথচ এই
বিধ্বস্ততাৰ মাজতো প্ৰতিধ্বনিত হয় প্ৰাচীন মন্দিৰৰ
“অন্তঃকৰণ স্পৰ্শ কৰিব পৰা ভাষা”। ‘সৰা ফুলে কথা
ক
’লে’-ত নৈতিক অৱক্ষয়ৰ দিশটো মূখ্যভাৱে
উন্মোচিত হৈছে
।
হয়তো
অধিক সক্ৰিয় হৈছে দুষ্টচক্ৰ
, অধিক নিৰ্লজ্জ হৈছে সময়। 

দশকৰ ব্যৱধানত টাঙ্গা, ম’হৰ গাড়ীক নেওচা দি সুচল হৈছে যাতায়ত। জীৱনৰ পৰিবহনো সলনি হৈছে।
তৰান্বিত
হৈছে জীৱনক সদৰ্থক পথেৰে চালিত কৰি সময়ক জিনি যোৱাৰ মানসিকতা
। ‘নীলকণ্ঠী ব্ৰজ’-ৰ ‘সৌদামিনী’ হাৰি যায় জীৱনৰ ওচৰত
আৰু
‘সৰা ফুলে কথা ক’লে’ ৰ ‘ৰাধিকা কৃষ্ণন’ নতুন আভাৰে উদ্ভাসিত হয়
। 

‘সৰা ফুলে কথা ক’লে’ উপন্যাসখনত আশাবাদৰ সঞ্চাৰণ ঘটিছে। আশাবাদ
সঞ্চাৰণৰ প্ৰতিটো প্ৰক্ৰিয়াত মূখ্য অনুঘটক এগৰাকী দায়িত্বশীল নিকা সাংবাদিক
, জোনালী।
উপন্যাসখনৰ
প্ৰেক্ষাপটত সাংবাদিকতাৰ ভিতৰচৰা
, বহু কাহিনী উপকাহিনী
জঁট নলগাকৈ গুঠি যোৱা হৈছে সমান্তৰাল আৰু সাৱলীলভাৱে
। নীলা আভৰণ
পিন্ধি থাকে আকাশৰ শূন্যতা
, অনন্য আধুনিক ৰূপচৰ্চ্চাৰ আঁৰত থাকে একোখন কুন্ধচ
মুখ
, মিঠা মাতে ঢাকিব খোজে তিতা মন
। ৰক্ষণশীল
ধৰ্মপ্ৰাণ সমাজৰ পশ্চাৎ প্ৰতিবেশী হৈ থাকে একোখন নিষিদ্ধ জগত
। সংস্কাৰৰ
দৈন্যত পিষ্ট
, কদৰ্য, পংকিল সেই জগত। সেই পংকিলতাত
পদুম ওপজাব খুজিছে লেখকে
। 

‘সৰা ফুলে কথা ক’লে’ কোনো কল্পিত কাহিনী নহয়। উপন্যাসখনৰ
ভেঁটি লেখকৰ স্বআৰ্জিত বাস্ত
ৱ অভিজ্ঞতা। লেখকে অনুসন্ধানমূলক
সাংবাদিকতাৰ অভ্যন্তৰ আপোচবিহীনভা
ৱে উদঙাই দিছে জোনালীৰ
মাধ্যমেৰে
। সংবেদনশীল
জোনালীৰ বাবে খবৰৰ বিক্ৰী জীৱন নহয়
; জোনালী জীৱনৰ খবৰ ৰাখিব
পৰা
, অনুভৱৰ দাম দিব জনা সাংবাদিক
। সমগ্ৰ উপন্যাসখন
দৰাচলতে এক সংবেদনশীল অনুভৱৰ কথকতা
। উপন্যাসখনৰ
কেন্দ্ৰীয় চৰিত্ৰ ৰাধিকা কৃষ্ণন জীৱনৰ খলা বমাৰ উজুটিত নিজকে চম্ভালি প্ৰজ্ঞাৰ আলোকেৰে
উদ্ভা
সিত হৈছে। 

উপন্যাসখনত অন্তঃসলিলা হৈ বৈ
ৰৈছে এগৰাকী সাংবাদিকৰ উত্তৰণ
, দৃঢ়ৰ পৰা দৃঢ়তৰ ব্যক্তিত্বলৈ,
প্ৰেমিকাৰ পৰা স্বাভিমানী নাৰীলৈ
। ৰাধিকাক
সাহসৰ বৰ্ম পিন্ধাই ৰাধিকা কৃষ্ণন সজাবলৈ একোগৰাকী জোনালীৰ প্ৰয়োজন
। প্ৰয়োজন
নেগীজীৰ লেখীয়া স্থিতপ্ৰজ্ঞ বটবৃক্ষৰ যিয়ে সংকটকালত উশাহ আৰু ছাঁ যোগান ধৰে
। উপন্যাসখন
যদিও নাৰীকেন্দ্ৰিক
, সবল পুৰুষ চৰিত্ৰৰ সুদৃঢ় স্থিতি মন কৰিবলগীয়া। উপন্যাসখনত
নাৰী
–পুৰুষ উভয়ৰ ভিন্ন চৰিত্ৰ অংকিত হৈছে। 

‘সৰা ফুলে কথা ক’লে’ ভণ্ড কুটিল সমাজব্যৱস্থাৰ বুকুত সোধোৱা এক প্ৰচণ্ড
গোৰ
। দুই
দশক জুৰি উত্তৰ ভাৰতৰ সতে এই পাঠকৰ অন্তৰংগ চিনাকি
। সাংবাদিকতাৰ
শেনচকু অবিহনেও সংবেদনশীলতাৰ বিতচকুৱে বহু কথা প্ৰত্যক্ষ কৰে
। পৰিসংখ্যাইও
সাক্ষ্য দিয়ে
। দ্ৰৌপদীৰ
দোহাই দি হাৰিয়ানাৰ কিমান ঘৰত বহু ভ্ৰাতৃয়ে এগৰাকী পত্নী ভগাই লয়
। তেজ মঙহৰ
সেই পুতলা অত্যাচাৰত বিধ্বস্ত হয়
, অথচ চিৰাচৰিত পুৰুষতন্ত্ৰৰ
বিৰুদ্ধাচৰণ কৰাৰ শক্তি গোটাব নোৱাৰে
। মাথোঁ উশাহৰ নাম জীৱন হয়, ক্ষুধাপূৰ্তিৰ নাম জীয়াই থকা। ২০০১ চনত
হাৰিয়ানাত প্ৰতি এহেজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা আছিল ৮৬১
। ২০১১ চনৰ
পিয়লত সেই অনুপাত ১০০০
:৮৭৯। সমগ্ৰ ভাৰততে
এই অনুপাত সৰ্বনিম্ন
।
বৰ্তমান
পৰিসংখ্যা হয়তো কিছু উন্নত হৈছে
, কিন্তু মানসিকতাৰ বিশেষ
পৰি
ৱৰ্তন লক্ষ্যণীয় হোৱা নাই
। যিসকল অভিভাৱকে
ভ্ৰূণ হত্যা নকৰে
( যি কাৰণেই নহওঁক) তেওঁলোকেও
বেছি দিনলৈ জীয়ৰীৰ বোজা সহিব নোৱাৰে
। এয়া যেন
জয়াল অৰণ্যৰ হিংস্ৰ নৰখাদকৰ মাজত হৰিণা প্ৰতিপালন কৰাৰ মানসিক চাপ
। সেই ভৰ
সহিব নোৱাৰি
( বা নুখুজি) জন্মদাতা কিম্বা
অভিভাৱকে যৌতুকেৰে চুক্তি কৰে সেই হৰিণাৰ
। দীঘল ওৰণিৰে
ঢকা এটি তেজ মঙহৰ দেহ
, কেঁচা উপভোগৰ দেহ। ওৰণিৰ ফাঁকেৰে
কোনে জুমি চাব এহাল ৰুক্ষ চকুৰ অদাহ্য কথকতা
! বিদ্ৰোহৰ স্ফুলিংগ হয়তো
থাকে কিছুপৰ
, সময়ে নুমাই যায়
। 

হাৰিয়ানা মাথোঁ এক সাক্ষ্য। উত্তৰ ভাৰতৰ
প্ৰতিখন প্ৰদেশত নাৰীৰ অৱমাননা নিতান্তই সাধাৰণ
। কদৰ্যতা
শিপাই গৈ থাকে সন্তৰ্পণে
, ভিন্ন স্তৰত চৌদিশে। কিছু স্তৰত
মাথোঁ দামী বিলাসী আৱৰণে লোকচক্ষুৰ আঁৰত কৰি ৰাখে সেই কদৰ্যতা
। কিছু বাস্তৱ
মনে স্বীকাৰ কৰিব নোৱাৰি পলাতক হ
’ব খোজে। উপন্যাসখনৰ
পটভূমি মূলতঃ উত্তৰ ভাৰত
, কিন্তু পংকিল শিপাৰ বিস্তৃতি অসমলৈ প্ৰসাৰিত হৈছে
অনুখুড়ীৰ লেখীয়া চৰিত্ৰৰ মাধ্যমেৰে
। নাৰী দেহৰ
দৰদামৰ স্খলিত সমাজখন
‘সৰা ফুলে কথা ক’লে’-ত বলিষ্ঠভাৱে উদঙাই দিছে লেখকে। কঁচাইখানাৰ
বিধ
ৱাক ঢাকি ৰখা ভক্তিৰ চাদৰখন সাহসেৰে ফালি নেফানেফ কৰিছে। যেতিয়াই
বৃন্দাবনলৈ যা
ওঁ উকা মুখমণ্ডলত সৌম্যতাৰ বিপৰীতে এক ৰুক্ষতা প্ৰত্যক্ষ
কৰি আহিছোঁ
। কিছুমান
দৃষ্টিত যেন পুঞ্জীভূত জুই থাকে
, আত্মাক তাপে স্পৰ্শ কৰিব
পৰা জুই
। জীৱনৰ
প্ৰতি বীতশ্ৰদ্ধ সেই চকুত ভক্তিৰ ভাবলেশ বিচাৰি নাপালোঁ কাহানিও
। সেই জগতৰ
ভিতৰচৰা জুমি চোৱাৰ প্ৰয়াস কৰি বিফল হৈছোঁ
।
সেই
নিষিদ্ধ পৃথিৱীত সাধাৰণ লোকৰ প্ৰৱেশত কাঢ়া নিষেধাজ্ঞা
। সেই উকা
নেপথ্যত ৰং ছটিয়াইছে লেখকে
।
বৃন্দাবনত
সকলোৱে ফাকু খেলিছে
।

২০১৭ চনৰ পৰা বৃন্দাবনৰ উকা
জীৱনে ফাকু খেলাৰ খবৰবোৰ সংবাদ মাধ্যমতো প্ৰচাৰিত
। সেই ৰং
মাথোঁ বাহ্যিকতা নহৈ আভ্যন্তৰলৈ শিপাবলৈ ৰাধিকাৰ দৰেই কিছু চৰিত্ৰৰ প্ৰয়োজন যি পংকিলতাৰ
আৱেষ্টনীতো উদণ্ড
, ব্যভিচাৰী নহয়; সমাজৰ প্ৰতি
জীৱনৰ প্ৰতি অনুগত হয়
। 

কিছুমান প্ৰতিযোগিতাত দুগৰাকী
প্ৰতিযোগীৰ মাজত থকা সামান্যতম ব্যৱধানক ফটো ফিনিছ আখ্যা দিয়া হয়
, যি ব্যৱধান হয়তো বহু সময়ত খালী চকুৰে প্ৰত্যক্ষ কৰা অসম্ভৱ। জীৱনৰ বহু
যুঁজত সাফল্য আৰু বিফলতাৰ অন্তৰালত আবেগৰ ফটো ফিনিছ থাকে
, সহজে অনুমেয় নোহোৱা একো একোটা সূক্ষ্ম ব্যৱধান। এই ব্যৱধান
হ
’ব পাৰে প্ৰয়োজন আৰু বিলাসিতাৰ, গৌৰৱ আৰু অহংকাৰৰ,
আত্মমৰ্যাদা আৰু আত্মাভিমানৰ, স্বাধীনতা আৰু উচ্ছৃংখলতাৰ, সংস্কাৰ মুক্তি আৰু উদণ্ডতাৰ,
যৌন সমতা আৰু ব্যভিচাৰৰ
। ব্যৱধানবোৰ
লাহে লাহে প্ৰসাৰিত হয়
, আৰু পংকিলতাৰ শিপাই বিস্তৃতি লাভ কৰে। সূক্ষ্ম
ব্যৱধান প্ৰত্যক্ষ কৰিব পৰা সংবেদনশীলতাই মাথোঁ উত্তৰণ ঘটাব পাৰে
, জীৱনৰ আৰু সমাজৰ।