নীলোপল বৰুৱা


বসু বৰুৱাই চক খাব লাগিছিল৷

নিয়ম মাফিক৷

নাখালে৷

অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷
মিছিল মানে কি আৰু- দহ পোন্ধৰটা মানুহৰ‌ জুম এটা৷ বিশৃংখল৷ বিসদৃশ৷ বেমানান৷

হাতত পৰশু কুঠাৰৰ নিশকতীয়া মডেল‌ এটা লৈ
ম‌ইনা আলি৷

লীডত আছে৷

নিজকে গৰীয়া বুলি কয় সি৷ জনাবোৰে জানে
সি মৈমনচিংগা৷ পুৰণি মাটিৰ বাচনৰ দৰে গাটো গোন্ধায়৷ বাসত্তৰ হুৰৰ নিটোল স্তন, চিলেট
আৰু অসম মিলি এখন ৰাষ্ট্ৰ আৰু মিজানুৰৰ এক্সিডেণ্টত মৰণ- এই তিনিটাৰ বাদে তাৰ অন্য
বাসনা অন্য প্ৰাৰ্থনা কিছু নাই৷

: বাইফাৰ চাৰ৷ বাইফাৰ… বাইফাৰ৷ এই মস্ত৷

নহুষ ঠাকুৰে হাত দুখনৰে সৰীসৃপৰ জোখ এটা দেখুৱালে৷
জেওৰা খৰিৰ দৰে দেহাটোৰে নহুষ ঠাকুৰ সৰু চকটোৰ একমাত্ৰ নাপিত৷ বাবাটোৰ জন্মৰ চুলি সিয়েই
খুৰাইছিল৷ বৰকৈ কন্দা বাবে কুকিছ বিস্কুট এটা আনি দিছিল ফৰমুদ বেকাৰীৰ পৰা৷

: আৰে ভাই..বাইফাৰ নহয় বে’ !! ভাইপাৰ৷ ভাইপাৰ৷
ৰাছেল ভাইপাৰ৷

সেইটো ইউনুচ ভেংৰা৷ তাৰ হাতত মাছ ধৰা পাঁচশিৰীয়া
জোং এডাল৷ ইউনুচৰ বাঁও গালখন বেছিকৈ ফুলিছে৷ টিউমাৰ এটা কেইবছৰমান আগতেই ধৰা পৰিছিল৷
কোনোবাই ক’লে খৰকিয়াই নিদিবি৷ কেঞ্চাৰ হৈ যাব৷ ইউনুচৰ বাঁওগালখন মধুৰীআম এটাৰ দৰে
ফুলা৷ বৃন্দাই তাক হালধি আৰু বিষহৰিৰ মলম এটা দিছিল৷ বিৰিণাৰ বাবে অনা হৈছিল৷ তাইৰ
বে’ডচ’ৰৰ নিচিনা কিবা এটা হৈছিল৷ লহকৰ ডাক্টৰে লিখি দিছিল৷

: বিৰাট ডাংগৰ চাঁপ৷ এনেকে লিক্ লিককৈ আপোনাৰ
চোতালেদি সোমাই আহিছে৷

ইউনুচে সৰু পকী চোতালখনলৈ সোমাই আহিব পৰা
বাটটোৰ ফালে দেখুৱালে৷ গেটখনৰ তলৰ ফালে গ্ৰীলখনত ফাক আছে৷ কিন্তু নহুষে দেখুউৱা জোখৰ‌
সাপ সোমাব পাৰিব নে সন্দেহ আছে৷

চৌপাশ পকী দেৱালেৰে আৱৰা বসু বৰুৱাৰ সৰু চোতালখন৷
জান্তি মিস্ত্ৰীয়ে বনোৱা৷ আহাহা… গন্ধৰ্বৰ দৰে হাত দুখন তাৰ৷ লেপথেপীয়া চিমেণ্ট ঢালি
লৈ নিমজকৈ কৰণী চলোৱাৰ ভংগিমাটোত বৃন্দা মুগ্ধ হৈ পৰিছিল৷ বৃন্দাৰ চাৱনিটোৱে কিছু পৰিমাণে আহত‌ কৰি‌ তুলিছিল বসু বৰুৱাক৷ বসু বৰুৱাই বৰ‌ আয়াসেৰে উপভোগ কৰিছিল সেই জ্বলন৷

: খুৰা, সাপডাল আপোনাৰ ঘৰৰ ভিতৰলৈ সোমাব লাগিব… আৰুতো বেলেগ ফালে সোমাব পৰা জাগা নাই..

জেৰমিয়াচ নাগ৷ সৰ্পভয়ত ভূৰু কোঁচ খাই আছে৷

ৰাতি খোৱা লাওপানীৰ‌ গোন্ধ তাৰ‌ মুখৰ‌ পৰা
যোৱাই নাই৷ এইমাত্ৰ শ ফুট তলৰ পৰা খান্দি উলিওৱা ফছিল এটাৰ‌ দৰে গাৰ ৰং৷

সৰু জুমটোৱে ভাবিছিল বসু বৰুৱাই চক্ খাব৷

প্ৰচণ্ড চক্ এটা৷

দেহা সিৰসিৰাই যোৱাকৈ৷ কঁপি উঠিব মানুহটো৷
নাঃ৷ নাখালে৷ জুমটো হতাশ হৈছে৷

সৰু চহৰখনে চক্ খাবলৈ এৰি দিছে কাহানিবাই৷
গতানুগতিকভাৱেই চলি থাকে৷

হাজাৰীৰ দোকানৰ পিছফালে লাচ এটা ওলাইছে৷ ফুলকুমলীয়া
ছোৱালী এজনীৰ৷ দৰহিছে৷ গেলা‌ গোন্ধ এটা ওলাইছে৷

নাঃ চহৰখনে চক্ খোৱা নাই৷

গোন্ধটো ৰৈ গৈছে দুই চাৰিদিন৷

প্ৰাৱল্যটো নাই৷

ৰূদলে আগৰ দৰেই ক’লা তেলত কচুৰী ভাজিছে৷

: টাটকা চাটনী আছে বাবু৷ চাখি চাওক… চাখি
চাওক… এই মিথিলা, বচুবাবুৰ কাৰণে এক প্লেট কচুৰী লগা… আৰে বসুবাবু কি ক’ব… ইন্সান
জানোৱাৰ হৈ গৈছে দিন ব দিন৷ দাঁত থাকা জানোৱাৰ৷

সিমানেই৷

ৰাউতৰ সৰুটো পুতেক৷ চোকা আছিল ল’ৰাটো৷ দুই
মহলাৰ পৰা তললৈ মুৰ দি পৰি গৈছে৷ থেতেলা খাই গৈছে মেডুলা অবলংগটা৷ একো কথাই নাছিল৷
ফে
চবুকত ট্ৰ’ল কৰিলে তাক৷

জঁপিয়াই দিলে৷ প্ৰাৱল্যটো নাথাকিল৷

চহৰখনে চক্ নাখায়৷

মাজে মাজে ধনচিঙৰ মাকৰ মাতত চহৰখনে পেৰেডাইম
সলায়ই৷ মাক কেছাৰহপী আছিল‌ চাগৈ৷ কাৰ্বিসকলৰ ৰুদালী৷ মানুহ মৰিলে প‌ইচাৰ বিনিময়ত কন্দা
তিৰোতা৷

কেতিয়াবা তাই চিঞৰি চিঞৰি কান্দে৷‌ সুৰ লগাই
লগাই৷

… সেই বাটে যাবি… পাহাৰ এটা পাবি …

আৰু আগলৈ যাবি গছ এজোপা পাবি…

গছৰ তলতে তোলৈ বিচনী আছে…

বা ল’বি…

গৈ থাকিবি… গৈ থাকিবি…

কৰুণ মাত এটা৷ পুৰণি বেহেলা এখন৷ এই যেন মৃত্যুদণ্ডৰে
দণ্ডিত কয়দী এজনে ফাঁচীৰ আগৰাতি বজাইছে৷ জীৱনত কেতিয়াও বাদ্যৰ সৈতে তেওঁৰ পৰিচিতি
নাই৷ শেষ ইচ্ছা কি সুধি দিওঁতে ফচকৈ কৈ দিলে, বেহেলা বজোৱা..

মৃতকক বাট দেখুৱাবলৈ কন্দা তিৰোতাজনীৰ কৰুণ
মাতটোৱে ভীতিগ্ৰস্ত কৰে ঠাইটুকুৰাক৷ মৰণ মূল৷ মৰণ মেইন৷

চহৰখনে চক্ নাখায়৷ মাথোঁ অন্তিম সত্যটো বুজি
উঠাৰ ভাও জোৰে৷

বসু বৰুৱাই চক খাবলৈ এৰি দিছে কাহানিবাই৷
এনেকুৱাও নাছিল যে বসু বৰুৱাই স্থিতপ্ৰজ্ঞতা মাকৰ পেটতে লৈ আহিছে৷ 

জুমটো কিংকৰ্তব্যবিমূঢ়৷

কি কৰে৷

বেতৰ চকীখনত বসু বৰুৱা নিথৰ৷ মোটামুটি নিস্পলক৷
মাত্ৰ ৰবট এটাৰ দৰে বাওঁ হাতৰ কেঞা আঙুলিৰ নখটো কামুৰিছে৷ বসু বৰুৱাৰ কেঞা আঙুলিটোৰ
নখ বুলিবলৈ নাই৷ মঙহত কামোৰ পৰিছে৷ তেজ ওলাই আহিছে৷

লহকৰ ডাক্টৰক দেখুৱাওঁতে কৈছিল এইটো মোৰ কে
নহয়৷ কোনোবা মানসিক ৰোগৰ চিকিৎসক এজনৰ নাম দিছিল৷ আত্মহননৰ‌ প্ৰৱণতা বোলে৷ বৃন্দাই
নিনিলে৷ যিকোনো সময়ত বসু বৰুৱাই কেঞা আঙুলিটো কামুৰি দিছে৷ কামোৰিছে মানে!! চোবাই দিছে৷
এটা প্ৰপাৰ আত্মহনন৷ যিটো ‘হে’ পৰভু… মাৰি নিনিয়া কিয়’ৰ তেনেই বিপৰীত আৱাহন৷
 

বসু বৰুৱাৰ জীৱনটো যদি তিনিটা অধ্যায়ত ভাগ
কৰা যায়- প্ৰথম অধ্যায়টোৰ‌ নাম সোমবাৰ হ’ব৷ দ্বিতীয়টো চাবোন আৰু তৃতীয়টো…৷

এস্… যাওক এইবোৰ৷ তৃতীয়টোৰ নামকৰণ কৰা নাই
বসু বৰুৱাই৷ নামকৰণ কৰিবলৈ তৃতীয় অধ্যায়ত একো নাই৷

ইমান নামনাচ জীৱন‌ এটা৷ ঘড়ী চাওঁতেই পাৰ
হৈ যোৱা৷ ঘনে পাকতি ঘড়ীটো চাই থকাৰ‌ বদনাম আছে বসু বৰুৱাৰ!
 

বৰকেৰাণী বৰাইতো কৈয়েই পেলায়- বসুদেউ..আস্তে… আপোনাৰ
টাইম আহিব৷ কোনো‌ নৰমণিচ এনে নাই, যাক ঈচৰে সময় দি পঠিওৱা নাই৷ ব’লক..চাহ একাপ একাপ
একাপ হৈ যাওক৷ নৰকততো ৰমণীৰ দোকান‌ নাই৷ না… ফৰমুদ বেকাৰীৰ খাস্তা পাব৷ কেঁচা গাখীৰ
কেঁচা গাখীৰ গোন্ধোৱা!

কেঞা আঙুলিৰ ক্ষতটো!!৷

নখ কামুৰি কামুৰি মঙহলৈ দ হৈ গৈছে কেঞা আঙুলিটো৷
বিষাদ এখন চিপৰাং, নতুবা বটালি৷ খুলি খুলি গৈ আছে বসু বৰুৱাৰ কেঞা আঙুলি৷ বৃন্দা থকালৈকে
অন্ততঃ কোনোবাই কৈছিল- কি বাচ্ছা পোৱালিৰ নিচিনা কৰে৷ ভাগ্যক মানি ল’ব লাগে৷ ভাগ্য
ভাগ্য‌ই৷ পাইথোগ
ৰাছ নতুবা ‘ভগৱানৰ ফৰ্মুলা’ৰ দৰে ই ধ্ৰুৱক৷ বৃন্দা গণিতৰ‌আছিল৷ 

সোমবাৰ অধ্যায়টোত চকৰ‌ প্ৰধান ৰাস্তাটো পকী
হৈছিল৷

ষাঁড়গৰু এটাৰ‌ দৰে নোদোকা চেহেৰাৰ বিধায়কজনে
উদ্বোধন কৰিছিল ৰাস্তাটো৷ নোকনোকাই নোকনোকাই ভাষণটোত কৈ গৈছিল- আলি-পদূলি পকা প্ৰগতিৰ
ঘুৰিব চকা৷

বুন্দিয়া আৰু কেঁচাবুটৰে ভৰা কাগজৰ প্লেট
একোখন হাতত লৈ মানুহবোৰে ৰ‌ লাগি চাইছিল বিধায়কৰ পিছফালে থকা ব
ডিগাৰ্ডজনক৷ হীনমন্যতাৰ
চাৱনি৷ প্ৰকাণ্ড মোচ একোছাৰে সুদৰ্শন যুৱক এজন৷ বিধায়কলৈ অহা প্ৰতিটো গুলী বুকু পাতি
ল’বলৈ ৰাজী সুদৰ্শন যুৱকজন৷ মাত্ৰ ল’ৰাজনৰ নাকটো শৃংগ এটাৰ‌ দৰে ওখ৷ অলগৰ্ধ‌ এটাৰ জীৱন
ৰক্ষাৰ দায়িত্বৰ চেপাত দিনে দিনে জোঙা হৈ যোৱা‌ মঙহ এটুকুৰা৷

ৰাস্তাটো পকা হ‌ওঁতে বসু বৰুৱা‌ অলপ ওফন্দি
গৈছিল- বুইছা বৃন্দা… প’শ্ব এৰিয়া এটা হ’ব আমাৰ ঠাইকণ৷ চাই থাকাঁ৷

অধ্যায়টো যদি সোমবাৰ হ’ল‌হেঁতেন আৰু যদি বৃন্দা
জীয়াই থাকিলহেঁতন..৷ সন্মুখৰ বিশৃংখল আৰু চক্ পিয়াসী জুমটোক উদ্দ্যেশ্যি ক’লেহেঁতেন-

: ৰাইজখন আহিছে… এনেয়েনো ক’ত আহে… চাহকে
এটোপা বনাওঁ৷ বহকচোন আপোনালোক৷

সাপৰ লিকলিকনিটো কিছু সময়লৈ পাহৰি মানুহবোৰ
অস্বস্তিত পৰিলহেঁতেন৷

কম সাদৰীনে মানুহজনী৷

সাপ খেদা মানুহলৈ চাহ৷

বৃন্দা এনেয়েও সাদৰী আছিল৷ ইউনুচ ভেংৰাই নিজ
মুখেৰে চ
কটোত কৈ ফুৰিছিল৷

… একদম ভাল আত্মা আছিল৷ ঈশ্বৰৰ আপোন৷ ইমান
ফচাফচ কি লাচ জ্বলে৷ কাকো আমনি কৰা নাই৷ দুই কুইণ্টল খৰিত লাচ্ ফিনফিনিয়া৷ একবাৰেই
কাটিব লগা হৈছে!! মাইৰী, এক চিকুট পানী মৰা নাই৷ মা কচম… এনেকা লাচ জিন্দেগীত জ্বলোৱা
নাই৷

বৃন্দাৰ এই স্বভাৱটো বোৱাৰীয়েক ৰিকিয়ে বেয়া
পাইছিল৷

: আজে বাজে মানুহক চাহ খুউৱাৰ কি প্ৰয়োজন৷
যত্তচব..৷

ঘৰজেউতি গুচি যায় এনেকুৱা কুলক্ষণীয়া কাণ্ডত…

এনেই মৰ্বিড নেকি ঘৰটো…৷

ডাঠ মৰ্বিডিটি৷

চটচটকৈ শ্লিপাৰৰ শব্দৰে ৰিকি দুই নম্বৰ ৰুমটোলৈ
গুচি‌ যায়৷ আগতে তাই তেনেকুৱা নাছিল৷ বাবাটোৰ প্ৰেমিকা হৈ থাকোঁতে বহুবাৰ‌ পাইছিল‌
বৃন্দাই৷
 

সোমবাৰ শেষ হৈ গৈছে৷ বকুলফুলীয়া গোন্ধৰ সোমবাৰবোৰ৷
শান্তি সভাত উৰাই দিয়া বগা পাৰ চৰাইৰ‌ দৰে উৰি গৈছে৷ সৌ সিদিনা সোমবাৰ এটাত অৰিন্দম
নামৰ মৰম লগা মঙহ এটুকুৰা বৃন্দাৰ ওলমি পৰা পেটটোৰ‌ পৰা ওলাই আহিছে৷ (ভগৱানে মাকৰ
পেটত গুৰিয়াই থাকে৷ খুউৱ গুৰিয়ায়৷ সেই কাৰণে ডাক্টৰ খুৰাই পেট কাটি বেবীবোৰক উলিয়াই
আনে- বাবাটো৷)

চৌপাশ গুলঞ্চ ফুলৰ সুৱাসেৰে ভৰি পৰিছে৷ বসু
বৰুৱাৰ কেঞা আঙুলিৰ নখটো ধুনীয়াকৈ বাঢ়িছে৷ (নখচন্দ্ৰ আছে আপোনাৰ৷ দেৱ‌গণ৷ বিপ্ৰ বৰ্ণ৷
ৰোহিণী নক্ষত্ৰ৷ মোৰ‌ সৌভাগ্য৷ এনেকুৱা সুগন্ধী মানুহৰ সৈতে সংসাৰ- বৃন্দা)৷

সিমানতেই ‘সোমবাৰ’ অধ্যায় শেষ হৈ গৈছে৷ তড়িৎ
গতিত৷ ধাঁকৈ বসু বৰুৱা‌ সোমাই পৰিছে ‘চাবোন’ অধ্যায়ত৷

নহুষ ঠাকুৰ অলপ ক্ষুণ্ণ হৈছে৷

বসু বৰুৱাৰ উন্নাসিকতা তাৰ‌ সহ্য হোৱা‌ নাই৷

সাপে নহুষ ঠাকুৰক বহু দিন ধৰি ব্যতিব্যস্ত
কৰি ৰাখিছে৷ প্ৰায়েই সি সপোনত সাপ দেখে৷ খৎটো অলপ দীঘলকৈ ৰখা, পিছফালৰ চুলিখিনি
আশীৰ দশকৰ জনপ্ৰিয় চিনেমাৰ নায়ক এজনৰ দৰে ৰখোৱা হালৈদাই গহীনাই কৈ উঠে- সপোনৰ সাপ
দেখাৰ দুটাই ফল আছে…

হালৈদাৰ বাওঁ কান্ধখন অলপ চাপৰ৷ ৰহস্যময়তাৰ
সৈতে ঘনিষ্ঠ তেওঁৰ চকুদুটা৷ সকলো নেতা পালিনেতাই তেওঁক লগত ৰাখিবলৈ ভাল পায়৷ অকল দেৱদূতেৰে
মানুহ শাসন কৰিব পাৰে নেকি!!

: পহিলা ফলটো হ’ল..

নহুষ ঠাকুৰ আৰু অলপ হাউলি পৰে৷ ৰচুন আৰু বেয়া
চুপাৰীৰে খোৱা পাণৰ মিশ্ৰিত গোন্ধ এটা ভেলেককৈ নাকত লাগে হালৈৰ৷ কোনো প্ৰতিক্ৰিয়া
নোহোৱাকৈ হালৈয়ে কৈ উঠে-

: সাপ মানেই ছেক্স৷ সাপ ছেক্সৰ প্ৰতীক৷ দেখিছ
মানে ছেক্স পাবি৷ খাটাং৷

প্ৰতিক্ৰিয়াবোৰ সদায় চাপৰ বাওঁ কান্ধত
লুকাই পৰে হালৈৰ৷ সন্তৰ্পণে৷ সেইটোৱেই তেওঁৰ প্লাছ  প‌ইণ্ট৷ ৱাইন  শ্বপৰ লাইচেন্স, অন দা ৱে’!

পুলকিত নহুষ৷ দুৰ্দান্ত এটা লিক্ লিক্ ভাবনাৰে৷

: সপোনত সাপৰ সৈতে এনকাউণ্টাৰটো যিমানেই ইণ্টেন্স্
হ’ব, সিমানেই হাইপাৰ ছেক্স পাবি৷

চেলুনত বহি থকা চেঙেলীয়াবোৰে কাণ উনায়৷
জীৱনলৈ বুলি এটা ইণ্টেন্স জ্ঞান সিহঁতে মগজুত আৰোপিত কৰে৷

জেৰমিয়াছৰ বাদে বাকীবোৰ অলপ অস্বস্তিত ভুগিছে৷
ইমান শক্তিশালী, গা কোঁচ খুৱাই অনা উত্তেজনা এটা দিকভ্ৰান্ত হৈছে৷ সাপটো বসু বৰুৱাৰ
ঘৰত সোমাইছে৷ সি নিজ চকুৰে দেখিছে৷

জেৰমিয়াছ শান্ত৷ প্ৰভু যীচু আৰু বেয়া যকৃতে
তাক বহু দিনৰ পৰাই অলৰ কৰি আনিছে৷

“শান্তিপ্ৰিয়সকল আশীৰ্বাদপ্ৰাপ্ত হ‌ওক… তেওঁলোক ঈশ্বৰৰ পুত্ৰ হিচাপে অভিহিত হ’ব- মেথিউ ৫:৯”

 

: ছাৰ ভাইপাৰটো আপোনাৰ ঘৰৰ ভিতৰত সোমাইছে৷
পাক্কা৷ বেলেগ জাগা নাই যাবলৈ৷ সোমালে বিপদ আছে৷

ম‌ইনা আলীৰ উদ্বেগে পৰশু কুঠাৰখন ইহাতৰ পৰা
সিহাতলৈ অনাইছে৷ ক’লা, নীচক আৰু হিংস্ৰ হায়াতুন৷ কোনটো চুৰাত পঢ়িছিল ম’ছেৰ সেই লিচপিচিয়া,
চমকদাৰ সাপৰ কথা৷ কোনটো চুৰা!!
 

এন্ধাৰ ভাইপাৰ৷ মাজৰ কৰিড’ৰটোৰে গুচি যাব
ভিতৰলৈ৷ তিনি নম্বৰ কোঠালিৰ বাদে বাকীবোৰ বন্ধ৷ দুই নম্বৰ কোঠালিটো বাবাটোহঁত চাকৰিৰ
ঠাইলৈ গুচি যোৱাৰ পৰাই বন্ধ৷

ৰিকিৰ দম বন্ধ হৈ আহিছিল৷ ইমান বিষাদময়তাত
কি মানুহ থাকিব পাৰে৷ পোহৰ বিচাৰি গুচি গৈছে বাবাটো৷ টক্সিক টক্সিক৷

: আপনিতো আজিকালি চকুৰেও কম দেখে না ছাৰ৷
আমি চাই দিওঁ৷ বৌ জীয়াই থকাহ
লেও কথা দোচোৰা আছিল৷ বৌদি বৰ ভাল‌মানুচ ছিল৷

ম‌ইনা আলিক বৃন্দাই ঘৰৰ পুৰণা বস্তুবোৰ এনেয়ে দি পঠাইছিল৷ স্প্ৰীং ছিগা চীনামাটিৰ হিটাৰ, ৰং যোৱা চুটকেছ, পিছফালে ষ্টিকাৰ এটাত
‘অৰিন্দম, দা কিং অফ ভাইকিং’ লিখা ৰিভলভিং চকী- সকলোবোৰ ম‌ইনাৰেই আছিল৷

ম‌ইনা বিষাদময় হৈছে৷

এক পলকৰ বাবে৷ সাপডাল যদি কোঠালিটোলৈ সোমায়৷
তিনি নম্বৰ কোঠালৈ৷ কোনো বাধা নোপোৱাকৈয়ে খোঁট মাৰিব৷

বিৰিণাই জানে জানো… জানে জানো…

সাপ কি!!

সাপৰ আকৃতি৷ তাৰ হিংস্ৰতা৷

আহাহা… বিৰিণা বিৰিণা…

ম‌ইনা আলীৰ বুকুখন বিষাই আহিছে৷

কাঠৰ টুকুৰাত মূৰ থৈ নামাজ পঢ়া ম‌ইনাৰ কপালৰ
ক’লা দাগটো বহলি আহিছে৷

: ম‌ই চাই আহোঁ ছাৰ, বিৰিণাৰ ৰূমটো৷

ম‌ইনাই ঘৰটো জানে৷

সেইদিনাও ধনচিঙৰ মাকে বিনাইছিল৷ মৃতকৰ আত্মাক
বাট দেখুৱাবলৈ৷ সুৰ টানি টানি মুখেৰে উলিয়াই দিছিল আলকতৰাৰ দৰে বিষাদ৷

কোনোবাই বাৰে বাৰে কৈছিল…ঢেলা চাবোন লাগিব৷
ঢেলা চাবোন৷ অশৌচীয়া কাপোৰ ধুবলৈ৷

বৃন্দাই সকলো যোগাৰ কৰিছিল৷ ধূতী ফালি ফটাকাণি৷
ডেটলৰে ধুই পখালি এখন‌ এখনকৈ জাপি থৈছিল৷ কোনে কৈছিল- পেটৰ চাইজ যিটো.. ছোৱালী খাটাং৷
বাবাটোক কোনোবাই শিকাই দিছিল৷ ভনীয়েৰ আহিব ভনীয়েৰ আহিব৷

চহৰখন মাৰাশ এটাৰ দৰে পৰি আছিল৷ দুটাকৈ মদগজ
ডেকা মৰিছে৷ মাৰিছে মাৰিছে৷ হাত দাঙি দাঙি ছাৰেণ্ডাৰ কৰাৰ পাছতো কপালত গুলীয়াইছে৷
থেতেলা হৈ গৈছে লাওখোলা৷

চহৰখনে চক্ খাইছিল৷

ঢেলা চাবোন বিচাৰি বসু বৰুৱা সোণমাইৰ ঘৰ ওলাইছিলগৈ৷
চ’ৰাঘৰৰে বেৰখন বৰ্গাকৃতিৰে কাটি কৰা দোকানখন তাইৰ৷ অমিতা, ঢেঁকীয়া আৰু ঘৰৰে মাটিকাঁদুৰী
মুঠি মুঠিকৈ থৈ দিয়া দোকান নামৰ চ’ৰাঘৰত খোলাকৈ বেচা মিঠাতেলৰ টিং এটাও আছিল৷ দীঘল
নাল লগোৱা এশ গ্ৰামৰ টেমা এটাৰে জুখি জুখি তেল দিয়া সোণমাইৰ চুলি এডালো পকা নাছিল৷
ঢেলা চাবোন এটা দি সোণমায়ে কন্দনামুৱা হৈ কৈছিল- পাতি প‌ইচা এটাও নাই খুচুৰাৰ নামত৷
ঘৰতে দি থৈ আহিমগৈ বাকীকেইটা৷

 

কোন আহিছিল দৌৰি দৌৰি..

কোন আহিছিল৷

… চকু মেলা নাই তাই চকু মেলা নাই…

চকুদুটা নায়েই…

এনফথেলমিয়া৷ এনফথেলমিয়া৷

লহকৰ ডাক্টৰে অলপ সময় লৈছিল৷ সমস্ত চেতনাক
একত্ৰিত কৰি দুখী হোৱাৰ ভাবৱ এটা মুখলৈ আনিছিল৷

সাধাৰণতে লহকৰ ডাক্টৰক ৰোগীৰ দুখত দুখী হোৱা
দেখা নাযায়৷

: ভাগ্য৷

সিমানেই৷

লহকৰে হাত ধুবলৈ গৰম পানী বিচৰা নাছিল৷ এনেয়ে লহকৰক যিকোনো ৰোগী চোৱাৰ‌ পাছত গৰম পানী লাগেই ৷‌ পখালি পখালি হাত ধোৱে৷

প্ৰথম বাৰৰ বাবে অজানিতে বসু বৰুৱাই বাওঁ
হাতৰ‌ কেঞা আঙুলিৰ নখত কামুৰিলে আৰু ‘চাবোন’ অধ্যায়ত প্ৰৱেশ কৰিলে৷

‘সোমাবাৰ’বিলাক গুচি গৈছে৷ বৃন্দা পুষ্পিতা
হোৱাৰ দিনটো সোমবাৰ (সুভগা, শহুৰেকে জগত গণকক চোৱাইছিল)৷ বাবাটোৰ জন্ম সোমবাৰ৷ ঘৰলোৱা
সোমবাৰ৷

জেৰমিয়াছ বহি পৰিছে বাৰাণ্ডাত৷

ইউনুচৰ পাঁচশিৰীয়া জোংডাল কাষতে ৷

বৃন্দা থকা হ’লে ফিল’মেনাৰ কথা সুধিলেহেঁতেন৷
ল’ৰাটোৰ বাপ্তিষ্টমা হ’ল‌নে নাই…

জৰাজোপা আছে নে… লোৱাঁ জেৰম… এইকেইটা লৈ
যোৱাঁ… ( টেঙা ষ্ট্ৰ’বেৰী, ভাটিফালৰ বেপাৰীয়ে অনা৷ বিধুম টেঙা৷ দেখাতহে ষ্ট্ৰ’বেৰী
যেন লাগে!)

বিৰিণালৈ কাপোৰ কিনোতে ৰং চ‌ইছ কৰিব লগা নহ’ল
বৃন্দাৰ৷ মাকৰ‌ পৰা পোৱা থুৰীয়াযোৰ… ৰিকিক দি দিছিল৷ ভঙাই ব্ৰেচলেট বনালে৷

মাকৰ থুৰীয়াজোৰ!!

একো‌ কৰিব লগা ন’হল৷ একোৱেই৷ ডোলদাঁহী জীয়েকৰ
মাক৷

একোৱেই কৰিব লগা নহ’ল৷

বিৰিণাৰ কানসমনীয়া বৰঠাকুৰৰ জীয়েক স্কুললৈ
গৈছে৷

বসু
বৰুৱাই কেঞা আঙুলিৰ নখ কামুৰিলে৷

শান্তি হৈছে৷

কেঞা আঙুলিৰ নখ কামুৰিলে৷

বিমোহন সংঘৰ শোভযাত্ৰা৷ মহিলা শান্তিসেনাৰ
ভাওত এজাক পাটগাভৰু পাৰ হৈ গৈছে৷

বসু বৰুৱা বসু বৰুৱা… বাওঁ হাতৰ কেঞা আঙুলিৰ
নখ কামুৰি সৌৱা…

আস্তাবলত বছৰৰ‌ পাছত বছৰ বান্ধি থোৱা‌ লেঙেৰা
ঘোঁৰা এটাৰ দৰে হিঁ-হিয়াইছে৷

নহুষ ঠাকুৰৰ‌ সাপৰ উত্তেজনা শাম কাটিছে৷ বিপৰীতে
তাৰ কলিজাত গোট খাইছে ভীতি৷

ভিতৰলৈ গৈছে‌ সাপডাল৷

ভিতৰলৈ গৈছে৷

সাপডাল উলিয়াব লাগে৷ মৰা নমৰাটো দোচোৰা কথা৷

 

বিউগল‌ এটাৰ দৰেই বাজি উঠিছে ধনচিঙৰ মাক৷

মৃতকৰ‌ আত্মাক বাট দেখুৱাবলৈ তৎপৰ হৈ উঠিছে
আশীতিপৰ মানুহজনী৷

‘… সেই বাটেৰে যাবি

পাহাৰ এটা পাবি…’

 

বসু বৰুৱাই নখ কামুৰিলে৷

বেতৰ চকীখনৰ‌ পৰা সন্তৰ্পণে উঠি পৰিল৷

দুৱাৰখন জপাই কেবাদিনো নসৰা ঘৰটোৰ ভিতৰলৈ
সোমাই গ’ল৷

ভিতৰৰ পৰা মামৰে খোৱা হুকডাল লগোৱাৰ কৰ্কশ
শব্দ এটা শুনা গ’ল৷

 

 *** 

ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯