ৰমানন্দন বৰা


এঘাৰ

 

পুৱাতে খবৰটো
বকুল চাপৰিত ৰজন্‌জনাই গ
ল৷ বোপাৰাম বিষয়াৰ চোতালত মানুহে জুম
বান্ধিলে৷

নিশাটো কাৰো
চকুত চকু নালাগিল৷ পাহিতাই প্ৰথমে চিঞৰি কান্দিছিল যদিও
, পাছলৈ চকুপানী টোকা নাই৷ মানুহটো যে ঘূৰি আহিছে, সেইটোৱেই
ডাঙৰ কথা৷ গাত লগা ঘা এদিন ভাল হ
ব৷ কিন্তু কেতিয়াবা মনটো
পতিয়াবলৈ টান৷

পৰিয়ালৰ সৰু লৰা
বীৰেনে কাউৰীপুৱাতে মুলুক বুঢ়াৰ ওচৰলৈ গ
ল৷ বুঢ়াই বাহিমুখেৰেই দৰৱ গোটাই দিলে৷

ৰাতি এবাৰ তেল
পোৰা হ
, এবাৰ কেটাহি পোৰা হল আৰু
জালুকৰ গুৰি ঘাত ঘঁহি দিয়া হ
ল৷ ঘা যাতে নপকে, বহলি নাযায় তাৰ বাবে এই ব্যৱস্থা৷ শুকনি দৰৱ মুলুক বুঢ়াইহে দিব পাৰে৷

বেণুক বাঘে ধৰা
খবৰটো মহেনৰ ম
হৰ খুঁটি পালেগৈ৷ সি নৰেনক লৰালৰিকৈ ঘৰলৈ পঠিয়াই নিজে
ককিলা চাৰিআলিত বহা
কম্‌পান্‌দাডাক্টৰৰ
ওচৰলৈ চাইকেলখন লৈ কোবতে গ
ল৷ এবছৰমান হৈছে- চাৰিআলিত জন্মি
মহাজনৰ খেৰ মহলৰ দাঁতিতে দুকোঠলীয়া ঘৰ এটাত ডাক্টৰ এজন বহে৷ তেওঁৰ নাম-ধাম সঠিককৈ
নাজানিলেও ককিলাৰ মানুহে বৰা কম্‌পান্‌দা নাইবা কম্‌পান্‌দা ডাক্টৰ বোলে৷ মহেনে
মানুহজনকে নহয়
, তেওঁৰ কামৰ নমুনাও দেখিছে৷ যোৱা মাঘত বৰআলিৰ
মঙলাক ম
হে খুঁচি থকা-সৰকা কৰোঁতে মানুহে তাৰ আশা এৰি দিছিল,
এই বৰা কম্‌পান্‌দা ডাক্টৰে চিকিৎসা কৰি ভাল কৰিলে৷ সেইটো মঙলাই
এতিয়া হাল বাই খেতি কৰি খাই আছে৷ সাধাৰণ জ্বৰ নৰিয়াতো বাদেই নাৰেঙী হোৱা শিশুৱাৰ
ঘৈণীয়েকক তেৱেঁই বচাই থৈছে৷ ককিলা অঞ্চলত বৰা কম্‌পান্‌দাৰ নাম ৰৈ-বৈ গৈছে৷ বাঘে
আঁচুৰি যোৱা বেণুৰ চিকিৎসাও এইজনৰ হতুৱাই কৰোৱালে সোনকালে আৰোগ্য হ
ব৷ এই বিশ্বাসতে মহেন বৰা কম্‌পান্‌দাৰৰ ওচৰ পালেহি৷ সি তেওঁক সবিশেষ ভাঙি
লে, সি যিমান শুনিছে সিমানখিনি৷

ওখ-পাখ, শকত-আৱত, বহল মুখৰ বৰা ডাক্টৰৰ মুখত এটা হাঁহি অনবৰত
লাগি থাকে৷ সেইটোকে দেখি এলাপেচা ৰোগৰ পিলাই চমকি যায়৷ বিষ্ণু দূতৰ আগমনত যমদূতে
অজামিলক এৰি থৈ যোৱাৰ দৰে বৰা ডাক্টৰৰ আগমনত বেমাৰে ৰোগী এৰি পলাই পত্ৰং দিয়ে৷

ডাক্টৰক লগত লৈ
মহেন ঘৰ পায়হি মানে মুলুক বুঢ়াই দিয়া ঔষধ বেণুক খুওৱা হৈছে৷ কানি অকণমান
ঘাবিলাকত ঘঁহি দিয়া হৈছে৷ গোট খোৱা মানুহবোৰে চোতালতে ৰ

লগাই বহি তামোলৰ বঁটাটোৰ সদ্ব্যৱহাৰ কৰি কথা পাতি আছে৷

বলৈহে, লতামাকৰী বাঘে চল পালে হাতীও চিকাৰ কৰে৷ বেণুৰ
ভাগ্য ভাল কাৰণেহে…
” সেয়া দেবেন৷ কথাৰ মাজত জোৰ দিবলৈ
অবাইচটো সুমুৱাই কয়৷

বাঘৰ
আঁচোৰ বৰ বেয়া দেই৷ ঘা শুকালেও ঘাটি থাকি যায়৷
” – সেয়া
কেৰকণ বিশেষজ্ঞৰ মন্তব্য৷

আমাৰ
মুলুক কাইৰ দৰবে একেবাৰে জনি মৰি দিব পাৰে
, চাই থাকিবি৷
দীঘলাৰ কথা৷

বেণু
জোৰী মানুহ কাৰণেহে…

ঘৰখন সাজিবলৈ
লওঁতেই মানুহটোৰ এনেকুৱা অথন্তৰ হোৱাত আটায়ে দুখ পাইছে৷ ইফালে মানুহজনী হৈছে গা-ভাৰী৷
জেঠায়েকৰ পৰিয়ালটোয়ে আৱৰি আছে কাৰণেহে৷ বৰ ভাল মানুহ দেই৷ নহ
লে
আজিকালি কোনে কালৈ চায়৷ বেণু মানুহটো কামিলা
, মতি-গতি ভাল৷
তাৰ ভাল দিন আহিব৷

ডাক্টৰ এজন
অহাটো বৰ সৰু কথা নহয়৷ চাপৰিয়াল মানুহৰ বেমাৰ-আজাৰ হ
লে
গাঁৱলীয়া ঔষধ
, তন্ত্ৰ-মন্ত্ৰই ঘাই ভাৰসা৷ মুলুক বুঢ়াই এইবোৰ কথাত ৰাইজখনক ইমান দিনে তাৰি আছে৷ বকুল চাপৰিয়েই নহয়, পূবে
ককিলা
, পশ্চিমে বাঁহবাৰীলৈকে তেওঁৰ খিয়াতি আছে৷ বকুল চাপৰিৰ অকল এজনী মানুহকেই চিভিললৈ নিয়া হৈছিল, গোলাপৰ মাকক৷ বৰ বেমাৰে পাইছিল৷ চিভিলতো নাবাচিল৷ এনেয়ে মানুহজনীয়ে মৰিবৰ সময়ত
কষ্টখন খালে৷ টকা-সিকাও ভালেখিনি খৰচ হ
ল৷ ডাক্টৰে বেমাৰ ভাল
কৰা উদাহৰণ বকুল চাপৰিত নাই৷ তথাপি মহেনে ডাক্টৰ মাতি আনিছেগৈ৷ সেই কাৰণে কথাটো উলাই
কৰিব পৰা বিধৰ নহয়৷

 মহেন লৰাটো অলপ বেলেগ গঢ়ৰ৷
নতুন কিবা এটা পালে
, সেইটোৰ কাৰণে সি বৰ হাবিয়াস কৰে৷
পুৰণাবোৰৰ ওপৰত তাৰ বৰ বিশ্বাস নাই৷ আগতেও
ঘৰখনত তাৰ এই স্বভাৱটোক লৈ কেবাবাৰো উখনা-উখনি হৈছে৷ প্ৰতিবাৰেই তাৰ কথাহে ৰজে৷
তাক চাইকেল এখন লাগে
, নহলে খুঁটিলৈ
অহা-যোৱা কৰিবলৈ বহুত সময় লাগে৷ মাক-বাপেকৰ মতে চাইকেল নালাগে
, কিন্তু সি ললে৷ মহৰ গাখীৰ
বেচা পইচাৰেই তিনিশ টকা দি টাউনৰ নিৰ্মল চাইকেল মাৰ্টৰ পৰা নতুন হাৰকিউলিছ্ চাইকেল
এখন কিনি ল
লে৷ একে কথা এটা ৰেডিঅকিনোতেও৷
দেশৰ বাতৰি পাবলৈ ৰেডিঅটো লব বিচাৰিছোঁ, গান-বাজনা শুনি সময় খৰচ কৰিবলৈ নহয়৷ অ
আজৰি সময়ত গান-বজনাও শুনিলোঁ যেনিবা, কিনো
ৰামায়ণখন অশুদ্ধ হ
?” অৱশ্যে দুয়োটা
বস্তু পাছলৈ ঘৰখনৰ সম্পদেই হ
ল৷ সি মোনা এটাত ভৰাই চাইকেলৰ
হেণ্ডেলত ওলমাই ৰেডিঅ
টো লগত লৈ ফুৰে৷ সি খুঁটিলৈ অহা-যোৱা
কৰোঁতে বাটৰ দাঁতিৰ ৰাইজে বিনামূলীয়াকৈ ৰেডিঅ
ৰ গীত-মাত
শুনিবলৈ পায়৷ ঘৰত থকা সময়তো ঘৰৰ আটাইখনে শুনে৷ কোনেও বেয়া পাইছোঁ বুলি নকয়৷ ৰেডিঅ
টো মহেনৰ উপস্থিতিৰ সংকেত হৈ পৰিল৷ ঘৰত ৰেডিঅবাজি
আছে মানে মহেন ঘৰত আছে
, ৰাস্তাত ৰেডিঅ
মাত শুনিছা মানে মহেন আহিছে বা মহেন গৈছে৷ জাৰ দিন
, জহৰ দিনৰ
কথা নাই
, পুৱা পাঁচ পঞ্চলিছ বাজিল মাত্ৰক মহেনৰ ৰেডিঅৰ মাত ওলাল৷ আঘোণ মহীয়া মৰণাৰ ধানৰ মুঠি কাটোঁতে, ঘূৰাওঁতে,
ওখোনিয়াওঁতে ৰেডিঅবন্ধ নহয়, পথাৰত হাল বাওঁতেও গছৰ ডালত নাইবা বাঁহৰ খুঁটিত ওলমি মহেনৰ
ৰেডিঅ
বাজি থাকে৷ ঘৰলৈ এটা দেৱাল ঘড়ী সিয়েই আনিছে৷ চৌবিছ
ঘণ্টাত এবাৰ চাবি দিব লাগে৷ কাঁটা কেইডালৰ উপৰি ঘণ্টা মতে টং টং কৈ বেল বাজে৷
ঘড়ীৰ কাঁটাকেইডাল কেনেকৈ থাকিলে কিমান বাজে ঘৰৰ মানুহক মহেনে শিকাইছে৷

বোপাৰাম বিষয়াই
ডাক্টৰজনক আথে-বেথে ভিতৰলৈ নিলে৷ ডাক্টৰক মাতিব লাগিব বুলি তেওঁ নিজে ভবা নাছিল
, মহেনে ভাবিছে যেতিয়া উপায় নাই৷ তদুপৰি ঘৰলৈ অহা অতিথি৷ যিয়েই হওক সন্তুষ্ট
মনেৰে বিদায় দিব লাগিব৷ সোণ জেঠায়ে চাহ-তামোলৰ যা-যোগাৰ কৰিবলৈ খৰখেদা কৰা দেখি
বৰা কম্‌পান্‌দাই ক
লে, “চাহ-তামোল
পাছতো হ
, ৰোগী ক? এবাৰ চাই লওঁ৷

নিজৰ কোঠাত বেণু
শুই আছিল৷ বোপাৰাম বিষয়াই তেওঁক সেইফালে আগবঢ়াই নিলে
, পিছে পিছে পাহিতা৷ মহেনো সোমাই গল৷ বোপাৰাম বিষয়া
দুৱাৰ মুখত ৰ
ল৷ ডাক্টৰে প্ৰথমে তেওঁৰ দুখন কাণত কিবা আগ
দুটা সুমুৱাই পিঠিত ঘিলা এটাৰ নিচিনা পাইপ লগা যন্ত্ৰ এটা বেণুৰ পিঠিত লগাই কিবা
শুনিবলৈ যত্ন কৰিছে৷ প্ৰথমে পিঠিৰ ফালে
, তাৰ পিছত বুকুৰ
ফালে৷ বাঁও হাতত কিবা এটা নলিচা লগা যন্ত্ৰেৰে মেৰিয়াই ফুচ ফুচ কৰি চালে
, কিবা কিবি লিখিলে৷ বেণুক মাজে মাজে সুধিলে, “উশাহ
লওঁতে কষ্ট পাইছা নেকি
?” হাতেৰে হেঁচা দি সোধে, “এইখিনিত বিষাইছে নেকি?” বেণুৱেই নাই নাইবুলি উত্তৰ দি গল৷

তাৰ পিছত তেওঁ
গামোচা ফালি বান্ধি থোৱা বেণুৰ পিঠিৰ ঘা কেইটুকুৰা চালে৷ শেষত মহেনৰ ফালে চাই
মন্তব্য দিলে
, “ভাগ্য ভাল, ঘা বিশেষ হোৱা নাই৷
হাওঁফাওঁ
, লিভাৰ, কিডনি কতো আঘাত লগা নাই৷ বাঘৰ নখে মাংসহে ফালিছে৷ সোনকালে ভাল হব৷ কিন্তু দুটা নখ বহলকৈ বহিছে, চিলাব লাগিব৷

মহেনে কি চিন্তা
কৰিলে জানিবৰ উপায় নাই৷ বোপাৰাম আৰু পাহিতাৰ চিন্তাত আউল লাগিল৷ চিলাব লাগিব মানে
? কি চিলাব? বেণুৰ পিঠিটো? বেজী
সুমুৱাই কেথা চিলোৱাৰ নিচিনাকৈ মানুহ চিলাব পাৰেনে
? চিলোৱা
উচিতনে
?

মানুহখিনিৰ মনৰ
ভাৱটো বৰা কম্‌পান্‌দাৰে ভালকৈ বুজিলে৷ তেওঁৰ অভিজ্ঞতা আছে৷ সকলোকে বুজোৱাৰ সুৰত
তেওঁ ক
লে, “চিন্তা কৰিব নালাগে৷ দুডোখৰ ঘাত চাৰিটা গাঁঠি
দিম৷ অকণো দুখ নাপায়৷ মঙহখিনি আঁতৰি থাকিলে সোনকালে নুশুকায়৷ বাঘৰ নখত বিষ থাকে৷
আমাৰ চাৰিওফালে চকুৰে নেদেখাকৈ বহুত বীজাণু আছে৷ ঘা বহলি থাকিলে বাহিৰৰ বীজাণু
ভিতৰলৈ সোমাই বেমাৰ বেছি কৰে৷ তাক চপাই আনিব লাগিব৷ তেহে নতুন মঙহ ধৰি আহিব৷

বেণু ডাক্টৰৰ
কথাত প্ৰত্যয় গ
ল৷ ঠিক আছে, আপুনি যি ভাল দেখে কৰক৷ মুঠতে সোনকালে ভাল হব লাগে৷

লা
চামৰাৰ পেটী লগোৱা ডাঙৰ বেগটোৰ পৰা বস্তুবোৰ উলিয়াই ডাক্টৰে কম সময়ৰ ভিতৰতে ঘা দুডোখৰ চিলাই বাকী আঁচোৰবোৰো ধুই পখালি বগা পাউডাৰ সানি বগা সেৰেঙাকৈ বোৱা ছটিযেন
কাপোৰেৰে ভালকৈ বান্ধি দিলে৷ বাউসীত বেজী এটা দিলে৷ বেণু কেঁকাই উঠিল৷
এই ৰঙা-নীলাটো দেখিছা, এইটো কেপচুল৷ ভাত খোৱাৰ পাছত
দিনে দুবাৰ আৰু এই পিলটো ৰাতি শোৱাৰ সময়ত খাব লাগিব৷
এইবুলি
পাহিতাৰ হাতত ঔষধ দুবিধ দিলে৷

কাম শেষ কৰি
ডাক্টৰে নেমুটেঙা ঘঁহি হাত ধুই চ
ৰা ঘৰত বহিলহি৷ বেগটো সামৰি-সুতৰি
টেবুলখনতে থ
লে৷ সোণ জেঠায়ে চাহ এটুপি লবলৈ তেওঁক ভিতৰলৈ মাতিলে৷ আদৰেৰে আগবঢ়াই নিলে বোপাৰাম বিষয়াই৷ ৰঙা মাটিৰে
মচি পকাই থোৱা পাকঘৰৰ মজিয়াত ঢৰা পাৰি এভাগ জলপান সজাই থোৱা আছে৷ ভজা বৰা চাউল
,
দৈ আৰু গুৰ৷ এনে অভ্যৰ্থনাৰ সৈতে আগৰে পৰা পৰিচিত কাৰণে ডাক্টৰে
বিশেষ আপত্তি নকৰিলে৷

এঃ
এইবোৰ নকৰা হ
লেও হলহেঁতেন৷তথাপি ভদ্ৰতাৰ খাতিৰত তেওঁ কথাষাৰ কলে৷

নাই
নাই তেনেই অকণমানহে দিছোঁ৷ পাৰিব ল
ব৷

ঘটিৰ পৰা পানী
লৈ চৰিয়াত হাতখন তিয়াই সুধিলে
, “মই অকলে খামনে? গৃহস্থকো…

এই
অলপতে লোৱা হৈছে৷ মই আপোনাৰ সঙ্গ দি বহিছো বাৰু৷

আটাইখিনি
ঘৰৰ নে
?”

হয়
ঘৰৰে৷ প্ৰভুৰ কৃপাত৷

জলপান খাই
থাকোঁতে ডাক্টৰে বুজাই গ
, “আপোনালোকে যিখিনি
কৰিছে ঠিকেই আছে৷ তেল পুৰিছে
, কেতাহি পুৰিছে ভাল কথা৷ এইবোৰে
বাহিৰৰ পৰা নতুন ৰোগৰ বিজাণু সোমোৱাত বাধা দিছে৷ কিন্তু ইতিমধ্যে তেজত সোমোৱা
বীজাণুবোৰ ধবংস কৰিবলৈ মই দিয়া ঔষধকেইটা নিয়মীয়াকৈ খুউৱা বৰ দৰকাৰী৷ দহ দিনৰ পাছত মই আহি
চিলাই কাটি যামহি৷

জলপান খোৱাৰ
পাছত এটা বাটিত এবাটি চাহ আৰু গুড় সোণজেঠায়ে ডাক্টৰলৈ আগ বঢ়ালে৷ শেষত তামোলৰ
বটাটোতে গোটা তামোল দুটা
, পাণ দুখিলাৰে সৈতে ৰূপ কুৰি টকা তেৱেঁই
আগবঢ়ালে৷

আপোনালোকে
জা-জলপান খুৱালে
, চাহ-তামোল খুৱালে৷ এইখিনি আপোনালোকৰ পৰা ললোঁ৷ কোনো ফিজ মোক নালাগে৷ চৰকাৰে মোক আপোনালোকৰ চিকিৎসাৰ কাৰণে ৰাখিছে৷
দৰৱ-জাতিও চৰকাৰৰ৷ মই মানুহটোও চৰকাৰৰ৷

তথাপি
ইমান দূৰ আহিলে৷

মহেনে
আনিছে
, আহিলোঁ৷ মহ খুঁটিৰ দৈৰ ঘট এটা
মোক খুৱালেই হ
, যেতিয়া সুবিধা হয়৷

বেৰৰ আঁৰ লৈ
কথাবোৰ পাহিতাই শুনি আছিল৷ মানুহজনে সঁচাকৈ বেণুক সোনকালে ভাল কৰিব বুলি তাইৰ
ধাৰণা হ
ল৷

বেণুক পুনৰ এবাৰ
দেখা কৰি সকলোৰে পৰা বিদায় লৈ ডাক্টৰ গ
লগৈ৷

ডাক্টৰী দৰৱৰ
অসাধাৰণ গুণ বেণুৱে নিজে পাইছে৷ বিষ কমি আহিল৷ ঘা শুকাই আহিল৷

দহ দিনৰ দিনা
বৰা ডাক্টৰ কথা মতেই বকুল চাপৰি পালেগৈ৷ বেণুৰ চিলাই কাটিলে৷ দুই এটা সৰু-সুৰা
পৰীক্ষা কৰি ক
লে, “বাঘনখৰ বিপদ আৰু নাই৷
দুৰ্বল হৈ আছা৷ দুদিন মান ভালদৰে খাই-বৈ জিৰোৱাঁ৷ জোৰ কৰি কাম নকৰিবা৷ পিঠিত হেঁচা
নেপেলাবা৷

বাধ্য ছাত্ৰৰ
দৰে বেণুৱে মূৰ দুপিয়াই তেওঁৰ কথাবোৰ শুনি গ
ল৷ মানুহজনৰ প্ৰতি তাৰ
শ্ৰদ্ধা উপজিছে৷

গাঁৱৰ মানুহৰ
ডাক্টৰী চিকিৎসাৰ ওপৰত এতিয়াও আস্থা জন্মা নাই৷ বেণুৰ আৰোগ্য হোৱা ঘটনাই হয়তো বকুল
চাপৰিৰ মানুহবোৰক নতুনকৈ ভবাব পাৰে৷ বৰা ডাক্টৰে কথাবোৰ ভাবি চালে৷ তেওঁৰ কৰিব লগা
বহুত কাম আছে৷ বেণুৰ পত্নীৰ কথাও তেওঁ চিন্তা কৰি চালে৷ এই মানুহজনীয়ে প্ৰয়োজনীয়
পুষ্টি পাইছেনে
? স্বাভাৱিক প্ৰসৱ হবনে? কেঁচুৱাটো সুস্থ-সবল হবনে? মহিলাগৰাকীৰ
মনত হয়তো কেতিয়াবা এনেকুৱা দুই এটা কথা খেলাব পাৰে
, তাৰ
বাহিৰে আন কোনো মানুহজনীক লৈ চিন্তিত নহয়৷ শুভ ফল হওক বা অশুভ ফল হওক সকলোখিনি
ভগৱানৰ ওপৰত জাপি দিয়াই গাঁৱৰ মানুহৰ কাম৷ বীজাণুৰ আক্ৰমণৰ কথা এওঁলোকক কেনেকৈ
বুজাব পাৰি৷ প্ৰসৱকালিন সমস্যা
, প্ৰসূতিৰ মৃত্যু আদি কথাবোৰ এই
মানুহবোৰে ভগৱন্তৰ লীলা বুলিয়েই ধৰি লয়৷

বেণুৰ সুস্থতাত
সন্তুষ্ট হৈ বোপাৰাম বিষয়া
, সোণ জেঠাই ডাক্টৰৰ সৈতে দুৱাষাৰ কথা
বেছিকৈ পাতিবলৈ মন কৰিলে৷ বহল চোতালখনত আটাইকেইজন গোলাকাৰে বহি কথা পাতি থাকোঁতে
বৰা ডাক্টৰে সোণ জেঠাইলৈ উদ্দেশ্য কৰি প্ৰসঙ্গটো উলিয়ালে
, “আপোনাৰ
ভতিজীৰ ভাল হোৱা দিন ওচৰ চাপিছে হ
বলা৷

ছমাহ
চলিছে
, ছাৰ৷ডাক্টৰক ছাৰবুলি কবলৈ মহেনেই
শিকাইছে৷

বলগীয়া সাৱধানতাবোৰ লৈছেনে?”

পাঁচ
মাহত এদিন পঞ্চামৃত দিয়া হ
ল৷

মাথো
এদিন কিয়
?”

প্ৰশ্নটো সোণ
জেঠাইৰ কাৰণে অবান্তৰ আছিল৷ সংসাৰখনৰে এইটো নিয়ম৷ ডাক্টৰে আকৌ কয় কি
?

পঞ্চামৃতত
যিকেইটা বস্তু তেওঁক খুৱালে সেইকেইটা এই সময়ছোৱাত সদায় নহ
লেও
নিয়মীয়াকৈ খুৱাই থাকিব লাগে৷ তেহে সন্তানে গা কৰিব
, শক্তিশালী
ব৷ বুদ্ধি-বৃত্তি ভাল হব৷

পাহিতাইও ডাক্টৰৰ
কথাবোৰ শুনি আছিল৷ মানুহজনে কোৱা কথাবোৰ তাইৰ বৰ ভাল লাগিল৷ গছে ভালকৈ সাৰ-পানী
পালেহে ফল ভাল দিব৷

সেইদিনা বৰা কম্‌পান্‌দা
যোৱাৰ পিছত পাহিতাৰ মনটো নানান চিন্তাত থৌকি-বাথৌ হ
ল৷ সিহঁত আটাইবোৰ
জাকত গৈ থকা গৰুৰ দৰে৷ নিজৰ কথাই ভালকৈ নাজানে
, আনৰ কথাতো নাজানেই৷ তাইৰ দেহাটোৰ ভিতৰত কি ঘটি আছে তাকে তাই নাজানে৷ মাথোন মাজে মাজে দুই এটা লক্ষণ,
দুই এটা উপসৰ্গই জনাই আছে যে কিবা এটা ঘটি আছে৷ তাইৰ মনটোৱে জানিছে এটা
জীৱন তাইৰ গৰ্ভত একলা-দুকলাকৈ বাঢ়ি আহিছে৷ তাতকৈ বেছি তাই একো নাজানে৷ জনাৰ দৰকাৰ নাই
বুলিয়েই ভাবি আহিছে৷ কিন্তু
; ডাক্টৰৰ কথা শুনি তাই চিন্তা
কৰিছে অদৰকাৰী বুলি ভবা বহু কথাই দৰকাৰী
, নাজানিলেও হব বুলি ভবা বহু কথাই জনা দৰকাৰ৷ তাইৰ গৰ্ভৰ সন্তানটি পৃথিৱীলৈ আহোঁতে যদি
বাধা পায় কোনে তাক সেই পথ দেখুৱাব
? কোনে জানে জীৱনৰ এই বেদনা
আৰু মধুৰতা মিহলি সময়কণতে বহুত মাইকী মানুহে চিৰদিনলৈ চকু মুদে
, কেতিয়াবা সন্তানটো হানি হয়, কেতিয়াবা দুয়োটা৷ বছা
গাঁৱত এনেকুৱা ভুৰি ভুৰি উদাহৰণ আছে৷ তাত বগীবাই আছে৷ ইয়াত
? বকুল চাপৰিত? দুকুৰি ঘৰ মানুহৰ এই নতুন চাপৰিয়াল
গাঁৱত এনেকুৱা মাইকী মানুহ আছে বুলি তাই নাজানে৷ জেঠায়েকৰ মুখতো শুনা নাই৷ তেনেহ
লে? আন গাঁৱৰ পৰা কাৰোবাক মাতি আনিব লাগিব? নে ইয়াৰ মাইকী মানুহ কেইজনীমানেই তাইৰ জীৱন-মৰণৰ সংগ্ৰামখনত সাক্ষীগোপাল
হৈ থাকিব
? কিবা এটা অঘটন ঘটিলে তেওঁলোকে কি কৰিব? – পাহিতাই মনে মনে বৰ ভয় খালে৷

(ক্ৰমশঃ)