বচা বকুল

 ৰমানন্দন বৰা


দুই

 

খেতি
কৰিছিল৷  বেণুৱে খেতি কৰিছিল৷ নতুন চাপৰিত
নতুন মাটি ভাঙি নতুন ধৰণেৰে বেণুৱে খেতি কৰিছিল৷

নতুন চাপৰিত
জন্মি মহাজন আৰু ক
লীয়া মহাজনৰ যুটীয়া দখলদাৰী আশাৰ মূৰত
চেঁচা পানী পৰাৰ পিছৰ কথা৷

বহুত দিন য
মাটি ত
তে পৰি থাকিল৷ মহাজনে মুকলি কৰা মাটিত নকৈ নল-খাগৰি
গজিল৷ হাবি ডাঠ হ
ল৷ বকুল চাপৰিত মাটিৰ অভাৱ নাছিল৷ বেণুৱে
আন সকলোৰে লগত তাতে খেতি কৰি সুখে-শান্তিৰে খাই আছিল৷ হ
লেও
তলে তলে আবাদী মাটিবোৰ তেনেকৈ পৰি থকাত তাৰ মনটো ভাল নালাগিল৷ কেনেবাকৈ খেতি কৰিব
পাৰিলে বৰ ভাল হ
লহেঁতেন বুলি তাৰ মনত চিন্তা এটা এটা অনবৰতে
লাগি আছিল৷ পাহিতাই বাধা দিয়ে৷ ভগৱানে যি দিছে সেয়াই হ
ব৷
আকৌ মাটি ভাঙি পিট মাৰিব নালাগে৷

কিন্তু এদিন
সুযোগ আহিল৷ বেণুৰ লিক্‌লিকাই থকা মনটোৱে বিচৰা সুযোগটো হাততে ধৰা দিলে৷

প্ৰথম কথাটো
উলিয়াইছিলহি বছা গাঁৱৰ হীৰেশ্বৰৰ পুতেক জীৱনে৷ সি তাক দদাই বুলিয়েই মাতে৷ হীৰেশ্বৰ
বেণুতকৈ ভালেমান ডাঙৰ হ
লেও জীৱন বেণুতকৈ অলপহে সৰু৷

দদাই,
খেতি কৰাত তোমাৰ নাম আছে৷ এই অঞ্চলত এক নম্বৰৰ খেতিয়ক৷ আমাৰ সংগঠনৰ
ছাৰ সকলেও তোমাৰ কথা জানিছে৷ তুমি আমাৰ লগত খেতি কৰিবলৈ যাব লাগে৷

ত বুলিলি? ”

নতুন
চাপৰিত৷ আমি মাটি ভাঙিছোঁ৷ তুমি ঘাই খেতিয়ক হৈ আমাৰ মাষ্টৰ হ
ব লাগে৷

জীৱনৰ কথাত
বেণুৰ মনটো উগুল-থুগুল লাগিল৷ নতুন ল
ৰাবোৰে খেতি কৰিবলৈ লৈছে,
তাতকৈ ভাল কথা কি হব পাৰে৷ তাতে আকৌ তাক
মাষ্টৰ পাতিছে
, খেতিৰ মাষ্টৰ৷ কিন্তু সি মানুহ হল এটা, বকুল চাপৰিৰ খেতিতে সি মানুহ লগাব লাগে৷
এতিয়া নতুন চাপৰিৰ খেতিখন গাত লগাই ল
লে তাৰ নাজল-নাথল,
কলৰ-জপৰখনহে হব নেকি?

ইয়াৰ
খেতিৰ বাবে চিন্তা নকৰিব৷ আমাৰ ট্ৰেক্টৰ
, আমাৰ মানুহে
আটাইবোৰ কাম কৰি দিব৷ চিন্তা কৰিব নালাগে৷ আমাৰ সংগঠনৰ আৰু কেবাখনো পাম আছে ৷

নতুন চাপৰিত লৰাহঁতৰ
আয়োজন বেণুৱে ভবাতকৈ ডাঙৰ৷ সি ভাবিছিল কামটো মৃতকৰ জলপান খুওৱা সকাম এটাৰ সমান হ
ব চাগৈ, কিন্তু এতিয়া হলগৈ বৰ
সবাহটো৷ দুখন ট্ৰেক্টৰ৷ মাটি কেইপুৰা ভাঙিছিল তাৰ হিচাপ বেণুৱে লোৱা নাছিল৷ কিন্তু
ভাল লাগিছিল তেজাল ল
ৰাহঁতৰ উদ্যম দেখি৷ কাম কৰা লৰাবোৰ থকা খেৰ-বাঁহৰ মজবুত ঘৰটোতে বেণুৰ বাবেও এখন চাং ঠিক হল৷ আটাইবোৰ লৰাই ছাৰ বুলি মতা অলপ আদহীয়া মানুহজনে
লে, “ককাইদেউ, আপোনাৰ
কথা সকলো শুনিছো৷ এয়া মাটি
, এয়া মানুহ৷ সাৰ, বীজ যিমান লাগে সিমান পাব৷ মাথোঁন এই পামখন আদৰ্শ পাম কৰি তুলিব লাগে৷

আয়োজনটো দেখি
বেণুৰ একপ্ৰকাৰ পিলাই চমকিছিল৷ ট্ৰাকত বীজ আনিছে
, সাৰ আনিছে৷ এখন
ছালিৰ তলত পৰ্বত সমান কৰি দ
মাই থৈছে৷ সি পাৰিবনে এই আটাইবোৰ
ব্যৱহাৰ কৰিব
? ৰহমান ছাৰৰ শিক্ষাহে তাৰ মূলধন৷ ইমান ডাঙৰকৈ
চিন্তা কৰিব পাৰিবনে সি
? এইবোৰ এথানি হলে কম ডাঙৰ কথা নহব৷

ছাৰ
সি মানুহজনক এই বুলিয়েই মাতিলে৷ কৃষি বিভাগৰ
মানুহৰ পৰামৰ্শ হ
লে ভাল হব৷

মোক
কেপ্টেইন বুলিলেই হ
ব৷ কৃষি বিশেষজ্ঞ ৰহমান আমাৰ লগত
ওতপ্ৰোতভাৱে আছে৷ তেখেতেই আপোনাৰ কথা ক
লে৷ পামৰ কোন ঠাইত কি
ব আপুনি নিৰ্ধাৰণ কৰিব৷ এজন লৰাই
সেইমতে এখন মেপ আঁকিব৷ আমি সকলোৱে আলোচনা কৰি সিদ্ধান্ত ল
ম৷

বেণুৱে না
বুলিবলৈ একো নাছিল৷ মনত পুহি ৰখা হেঁপাহ এটা মাটিত গজাই তুলিবলৈ পাই তাৰ মনত ৰং
লাগিছিল৷ তাৰ বেছি ভাল লাগিছিল যেতিয়া জানিছিল যে এইখন এখন সমবায় পাম
, কাৰো ব্যক্তিগত সম্পত্তি নহয়৷ ইয়াত লাভালাভ সংগঠনলৈ যাব৷ দেশৰ বাহিৰত থকা
ডেকাহঁতৰ ভৰণ-পোষণৰ উপৰি গাঁৱত ৰাষ্টা-ঘাট বন্ধা
, জিৰণি চৰা সজা আদি কামবোৰ কৰিব পাৰিব৷

নতুন চাপৰিৰ
নতুন ল
ৰাবোৰে পতা নতুন পামখনত বেণুৱে নিজৰ এটা সপোন বাস্তৱ ৰূপ দিবলৈ বিচাৰিলে৷

বেণুৰ নেতৃত্বত
পামৰ ল
ৰাহঁতে নিজে নিজে কামবোৰ ভগাই লয় আৰু কঠোৰ পৰিশ্ৰম কৰে৷ এখন মাটি খন্দা
ডাঙৰ গাড়ী আনি এঠাইত এটা পুখুৰী খন্দোৱা হ
ল দুপুৰামান
মাটিকালিৰ৷ বিঘা বিঘা বিলাহী
, বেঙেনা, কবি,
লাই, মূলা, ধনীয়া,
গুটিৰ পৰা গজা পিয়াজ, মটৰ মাহ, বেলেগ বেলেগ জাতৰ কলপুলি গাড়ীয়ে গাড়ীয়ে আনি ৰোৱা হল৷
নেমুৰ বাগিছাখন পতা হ
, এহেজাৰ মান
পুলিৰ৷ পোন্ধৰশ তামোল পুলি চাৰিও ঢাপত ৰোৱা হ
ল৷ মুঠতে
সাধাৰণ মানুহে ভাবিব নোৱাৰা ডাঙৰ পাম এখন আৰম্ভ হ
ল৷ বেণুৰ
আহৰি নোহোৱা হ
ল৷

একেবোৰ লৰা
বেছি দিন পামত নাথাকে৷ সলনি হৈ থাকে৷ সিহঁত ৰাতি ৰাতি আহে
, ৰাতি
ৰাতি যায়৷ সিহঁতৰ লগত হাথিয়াৰ থাকে বুলি জীৱনেই তাক কৈছিল৷ সিহঁতে নিজৰ জন্মভূমিৰ
কাৰণে যুদ্ধ কৰে৷ বেণুৱে কোনোদিন নিজৰ চকুৰে এটাও হাথিয়াৰ নেদেখিলে৷ তথাপি কথাটো
জনাৰে পৰা ল
ৰাহঁতৰ লগত মিলামিছা কৰাত অলপ দূৰত্ব ৰাখিবলৈ
ধৰিলে৷ পামখন হ
ব লাগে৷ সেইটোৱেই বেণুৰ চিন্তা৷

পামখন হলফলকৈ
বাঢ়ি আহিবলৈ ধৰিলে৷ মানুহে ইমান ডাঙৰ খেতি আগতে কেতিয়াও দেখা নাছিল৷

 

কিন্তু মানুহে
পাতে
,
বিধাতাই ভাঙে৷

সেই দিনটো
কেনেকৈ আহিল বেণুৱে কোনো উমান পোৱা নাছিল৷ টালি-টোপোলা লৈ হুৰমূৰকৈ ল
ৰাবোৰ
ব্ৰহ্মপুত্ৰৰ ফালে দৌৰিবলৈ ধৰিলে৷ বেণুকো ততাতৈয়াকৈ আঁতৰি যাবলৈ ক
লে, “অপাৰেচন হ, অপাৰেচন৷ এনিমি আহিছে৷

ব্ৰহ্মপুত্ৰৰ
বুকুত সাজু কৰি ৰখা হাত নাৱত উঠি ল
ৰাবোৰ নিমিষতে কলৈ গল বেণুৱে নাজানিলে৷

 চাৰিও দিশৰ পৰা গুপগাপ শব্দবোৰে বেণুক আগুৰি
ধৰিলে৷ অকস্মাৎ দহটামান ৰাইফল লোৱা সেনাই বেণুক বেঢ়ি ল
লে৷
এটাই তাৰ কপালত ৰাইফলটো টোঁৱাই সুধিলে
, “দুছৰে লোক কাহা
হ্যেয়
?” কি কৈছে একো নুবুজাৰ কাৰণে আৰু ভয়তে বেণুৰ মাত
নোলাল৷ ডিঙিটো ভয়তে শুকাই কৰ্কৰীয়া মাৰিলে৷

নিৰ্বাক বেণুৰ
কঁকালত কোনোবা এটাই এটা গোৰ মাৰিলে
, সি মাটিত লুটি খাই পৰিল৷
তাৰ পিছত ছেদভেদ নোহোৱাকৈ গোৰ
, ৰাইফলৰ কুন্দাৰ কোব৷ তাৰ
শৰীৰৰ হাড়-মূৰ ভাগি যেন গুৰি হৈ গৈছে৷ মুখেৰে হোলোকা হোলোকে তেজ ওলাবলৈ ধৰিলে৷
এজাক সেনাৰ মাজত সি যেন এটা ফুটবল৷ অৱশেষত বেণুৰ চেতনা হেৰাল…

 

*      *      *

 

দাইটি,
পৰশুৰামে মাকক কাটিলে কেলেই? এনেকুৱা কুযশ
আৰ্জিলে
? ” মহেনৰ মাতত পৰশুৰ সম্বিত ঘূৰি আহিল৷ ভাঙৰ খোলাত
কথাৰ পকনীয়া৷ প্ৰশ্নটোৰ উত্তৰ নাৰায়ণ দাইটিৰ ওচৰত নাছিল৷ তেওঁৰ মোচৰ তলেদি ফেলেককৈ
হাঁহি এটা ওলাই আহিল –

লীলা,
পৰভুৰ লীলা নৰ মনিছে কেনেকৈ বুজিম? ”

প্ৰশ্নটো পৰশুৰ
মনটো ঘূৰিবলৈ ধৰিলে৷ পৰশুৰামে মাকক কিয় কাটিলে
? একৈশ বাৰ পৃথিৱী পৰ্যটন
কৰি ক্ষত্ৰিয়ক কিয় কাটিলে
? সমন্ত ক্ষত্ৰিয়ৰ দোষ কি আছিল?
সন্ত্ৰাসবাদী আছিল নেকি পৰশুৰাম? এনেজনক ভগৱান
বুলিবৰ কাৰণ কি
?

ভঙুৱাহঁতৰ
চিলিমৰ ধোঁৱা যেনেকৈ ঘূৰি ঘূৰি ওপৰলৈ উঠি গৈছে৷ পৰশুৰ চিন্তাও তেনেকৈ পকাই পকাই
যেন মগজুৰ ওপৰলৈ উঠি উঠি যাওঁ যাওঁ কৰিছে…

 

*  *  *

 

তিনি

 

একেখিনি মাটি৷
মানুহ বেলেগ৷

নল মৰে, গজালি ওলায়৷ পুৰণি মূঢ়াটো নতুন পোখাৰে ডাঙৰ আৰু দৃঢ় হয়৷ পোতন দহয়৷

নতুন চাপৰিত কি
কালিকা আছে কোনে জানে
? বছা গাঁৱৰ দুই মহাজনৰ খেতি-খোলা পতাৰ আশাত
চেঁচা পানী পৰিল৷ সংগঠনৰ সমবায় খেতি পুলিতে উভাল খালে৷

তথাপি মাটিয়ে
মানুহক যুগে যুগে আকৰ্ষণ কৰি আহিছে৷ মাটিৰ দেহা মাটিতে মিলিব বাবেই নেকি
? কোনে জানে?

খেতিয়ক-মন এটা
বছা গাওঁ বা বকুল চাপৰি মানুহৰ মনত সদায় সজাল ধৰি থাকে৷ ডেকাহঁতৰ মনতো৷

কলেজৰ দেওনা পাৰ
হৈ বছা গাঁৱৰ ডেকা দল এটা এনেই অকামিলা হৈ বহি আছিল৷ ঠিক অকামিলা নহয়
, সিহঁতৰ জোখাৰে সিহঁতৰ জনাখিনি লগাই কাম কৰিবলৈ একো নাই৷ চৰকাৰে পোন্ধৰ
বছৰলৈ চাকৰি নিদিওঁ বুলি দুৱাৰ বন্ধ কৰিলে৷ দিল্লী আৰু দিছপুৰৰ ঈশ্বৰ দুজনে মিলি অতি
তিতা মৌ-চুক্তি এখন কৰি তাৰ ভাপত আটাইকে ভাজিছে৷ চৰকাৰী হস্পিটেলত কপাহকণ
, বেণ্ডেজ ছটি কিনিবলৈ টকা নাই, স্কুলবিলাকত চকমাটি
ডাল কিনিবলৈ ফুটা-কড়ি নাই৷ স্কুলঘৰবোৰ জহি খহি গৈছে
, শিক্ষকে
মাহ-বছৰ ধৰি দৰমহা নোপোৱাকৈ আছে৷ গেলামালৰ দোকানীয়ে চৰকাৰী কৰ্মচাৰীক মাহেকীয়া
বাকী নিদিয়া হৈছে – এনেকুৱা আন্ধাৰ-মুন্ধাৰ পৰিৱেশত আশাৰ টিপচাকি একোটা জ্বলাই
ৰাখিছিল নতুনকৈ শিক্ষিত এই ডেকা দলটোৱে৷

কিবা এটা কৰিব
লাগে
?
এইটো সিহঁতৰ অন্তৰৰ পৰা উজাৰি অহা চিন্তা৷ একো নকৰাকৈ থকা মানে অপচয়
সিহঁতৰ শিক্ষা
, সিহঁতৰ শক্তিৰ৷ তদুপৰি, সিহঁততকৈ তলৰ চাম লৰা-ছোৱালীয়ে মাক-বাপেকক প্ৰশ্ন
কৰিবলৈ ধৰিছে – পঢ়ি কি লাভ
? পৰশুদা, নৰেনদাহঁতে
পঢ়ি-শুনি কি ডালনো পাইছে
? পৰশোৱে এম. এ পাছ কৰিও একো চাকৰি
বাকৰি নাই৷

কথাটো মিছা নহয়৷
পৰশুৰ নিজকে বৰ অপদাৰ্থ যেন লাগে৷ সৰুৰে পৰা সি অলপ বেলেগ ধৰণেৰে ডাঙৰ হৈছে৷
মাক-বাপেকে তাক আবৰি ধৰি ডাঙৰ-দীঘল কৰিছে৷ মামীয়েক মাৰিয়াৰ স্কুলত ইংৰাজী পঢ়ি সি
দোপতদোপে ইংৰাজী সাহিত্যৰে এম.এ হ
লগৈ৷ কিন্তু কি হ? কেইটামান নম্বৰৰ বাবে নৰ্মছ নাপালে৷ কলেজৰ চাকৰিৰ
বাবে দুৱাৰ বন্ধ হ
ল৷ অৱশ্যে পদও খালী নাই৷ সিহঁতৰ দুই একে কৰবাত ফিড পেত কোনোবা কোনোবা কলেজত
সোমাইছে৷ ইংৰাজী বিভাগত সিহঁতৰ দিনত চূড়ান্ত পৰীক্ষাত এজন বা দুজনে নৰ্মছ পায়৷
কাৰণ নম্বৰবোৰ পৰীক্ষক অধ্যাপকসকলে নিজৰ জেপৰ পৰা যায় বুলি ছাত্ৰক সৰহ নম্বৰ
নিদিয়ে৷ এবাৰ দুজনমান ছাত্ৰই এই কথা মানি নলৈ আন্দোলন কৰিছিল
, সেই বছৰৰ উত্তৰ বহীবোৰ পৰীক্ষা কৰিবৰ বাবে আন বিশ্ববিদ্যালয়লৈ পঠিয়ালে৷
সেইবাৰ সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি চাৰিজনে প্ৰথম বিভাগ আৰু বিছজনে নৰ্মছ পালে৷
যিহওক প্ৰতি বছৰে আন্দোলন নহয়৷ আনফালে এঙাৰ ধুলেও বগা নহয়৷

ইউনিভাৰচিটি-ফেৰৎ
বেকাৰ পৰশুৰ মনতো আশা-নিৰাশাৰ ধুমুহাই তোলপাৰ লগাই থাকিল৷ শ্বেইক্সপীয়েৰ
, মিল্টন সেই ধুমুহাত প্ৰাণ লৈ পলাল৷ বীৰেন চাইকেল মিস্ত্ৰী হল৷ জগত বাতৰি কাকতৰ হকাৰ হবলৈ
গৈ সুদে-মূলে হেৰুৱাই ঘৰতে মূৰ সুমুৱাই বহি আছে৷ বিশ্বজিতে গেলামালৰ দোকান এখন
তৰিছে৷ বাকী খাওঁতাৰ ভৰত সেইখনৰো কেল্‌টোপ কেল্‌টোপ অৱস্থা৷

নাই
এনেকৈ নহ
ব৷ আমি আৰু নিজক প্ৰতাৰণা কৰি লাভ নাই৷

কি
কৰিবি
? আমিতো ধনী ঘৰৰ বেটা নহয় যে আমালৈ কোনোবাই চাকৰিৰ ৰঙা
দলিচা পাৰি থৈছে৷ চাকৰিটো দূৰৰ কথা কাম এটাও যদি পালোহেঁতেন৷ বুঢ়া দেউতাই আৰু
কিমান টানিব
? ”

উত্তৰবোৰ সহজ
নহয়৷ জীৱনৰ বিদ্যালয়খনৰ প্ৰতিটো প্ৰশ্নই বৰ কঠিন৷ একোটা প্ৰশ্নৰ উত্তৰ দিওঁতে দিওঁতে
জীৱনটোকেই কেতিয়াবা উছৰ্গাত দিব লগা হয়৷ কাম লাগে৷ এটা সুস্থ সবল সক্ষম মানুহ
নিষ্কৰ্মা হৈ বহি থকাটো সমাজৰ কাৰণে বৰ ভয়ঙ্কৰ কথা৷ সিহঁতৰ পূৰ্ব পুৰুষে কাম
কৰিছে৷ তেওঁলোকৰ নিজৰ শক্তি আৰু সম্ভাৱনাক কাম খটুৱাবলৈ পাইছে৷ নিজৰ যোগ্যতা
অনুসৰি কাম কৰিবলৈ পোৱাটো বৰ সৌভাগ্যৰ কথা৷ সেই সৌভাগ্য সিহঁতৰ নাই৷

আমি
বাৰু গাই নথকাকৈ কৰিয়া লৈ খিৰাবলৈ গৈছো নেকি
? ” – প্ৰসেনৰ
প্ৰশ্ন৷

এৰা,
ক-টোৰ চুক কেইটা চিনি নোপোৱা মাক-বাপেকৰ লৰা-ছোৱালী
হৈ প্ৰফেছাৰ হ
বলৈ গলে কিটো হব৷ আমি গাইও নহলোঁ, বলধো নহলোঁ, হেম্বা হলোঁ৷

কথাবোৰ সিহঁতৰ
মৰ্মভেদ কৰি ওলাই আহিছিল৷ এটা এটা কথাই দুখৰ এছাটি আন্ধাৰ
, এটা হুমুনিয়াহ লৈ আহিছিল৷

খেতি
কৰোঁ আহ৷
পৰশুৰ প্ৰস্তাৱটোত উৎসাহ দেখুৱাৰ জোখাৰে এটাৰো
মাত ওলাই নাহিল৷

খেতি কৰি লাভ কি? সিহঁত খেতিয়কৰে সন্তান৷ যুগে যুগে সিহঁতৰ পৰিয়ালবোৰে খেতি কৰি আহিছে৷ কিন্তু
কি পাইছে
? দুবেলা দুসাজ খাইছে৷ আকালো নাই ভঁৰালো নাই৷ খাইছে
আৰু আছে৷ য
ত আছে তাৰ পৰা ওপৰলৈ যোৱাৰ কোনো আকাংক্ষা নাই৷
কিন্তু সিহঁতে নতুন যুগৰ শিক্ষাৰ পোহৰ পোৱা ডেকা৷ পৃথিৱীখন ইমান দূৰ আগবাঢ়ি গৈছে৷
অথচ খেতিয়কসকল সেইখন পৃথিৱীৰ পৰা বহু নিলগত স্ব
›Ÿহীন
খাৱৈ এটাত পৰি ৰৈছে৷ তাৰ পৰা উদ্ধাৰ পোৱাৰ কোনো পথ কোনেও সজা নাই৷ সমাজখনৰ
, দেশখনৰ ঘাই খুটা কৃষকসকলেই চৰকাৰৰ সকলো বিভাগতে উপেক্ষিত৷ যাৰ যহত
শাখা-সেন্দূৰ
, তাকে পাতে ভেকোলা এন্দুৰ…

চা,
খেতিকেই কৰিম, অলপ বেলেগকৈ কৰিম৷ নতুন
পদ্ধতিৰে কৰিম৷

বলৈ ভাল, কৰিবলৈ বেয়া৷ তোৰ৷ ম শক্তি আছে৷ তই যিমান
পাৰ দিবি৷ কিন্তু মাটি আৰু পুঁজি
? ”

সমবায়
কৰিম৷ নতুন চাপৰিত মাটি ভাঙিম৷ আমাৰ বকুল চাপৰিত ইমান মাটি নাই৷ বছা গাঁৱৰ মাটি
ভোগদৈৰ বানে নষ্ট কৰিছে৷

পৰশুৱে কথাটো
ঘৰত উলিয়াওঁতে বেণুৰ মুখৰ পৰা কোনো মাত নোলাল৷ পাহিতাই ক
লে,
ইয়ালৈকে ইমান পঢ়িলিনে? ”

দেউতাক বেণুৰ কবলৈ
আছেনো কি
? সি মাটিক ভাল পোৱা মানুহ৷ খেতিয়েই তাৰ জীৱন৷ নতুন
চাপৰিত ন-পাম খুলিবলৈ গৈ তাৰ কামিহাড় কেবাডালো ভাগিল
, ৰাজহাড়ত
বিষ হ
ল৷ এতিয়ানো কি কব তাৰ উত্তৰ
পুৰুষক৷ সি বৰ ডাঙৰ কিবা এটা হৈ মাক-বাপেকক মূৰত তুলি থ

বুলি বেণুৱে কেতিয়াও ভবা নাই৷ কিন্তু সি আশা কৰিছিল তাৰ পুতেকে এদিন বৰষুণৰ দৰে
মাটিক ভাল পাব৷ সি মেঘৰ সন্তান হ
ব৷ পাহিতাই ভাবিছিল সি ৰদৰ সন্তান হব৷ সিহঁতৰ জীৱনটো ৰদ-ঘাই ফৰকাল কৰি তুলিব৷

পৰশুৱে মেঘ আৰু
দৰ সন্তান হিচাপে নিজকে দাঙি ধৰিবলৈ শপত ললে৷
দেউতাকৰ জীৱন জোৰা সপোন এটা সি পূৰা কৰিব পাৰিবনে
?

*   *   *