বচা বকুল

 ৰমানন্দন বৰা


ছাব্বিছ


দহ দিন পাৰ নৌ
হওঁতেই ঘটনাটো ঘটিল৷

দাউ দাউকৈ জ্বলি
উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল চাপৰিৰ
মানুহৰ হুলস্থুল লাগিল৷ জুই… জুই…

সঁচাকৈয়ে একুৰা
ভয়ঙ্কৰ জুয়ে পোহৰ কৰি তুলিছে নতুন চাপৰিৰ আকাশ৷ আটাইবোৰ মানুহে ঘৰৰ কাম এৰি
সেইফালে চাই হায়ৈ-বিয়ৈ কৰিবলৈ ধৰিলে৷

বেণুৰ বুকুৱে
ঢপঢপাবলৈ ধৰিলে৷ কেনেকৈ জুই লাগিল
? কোনোবাই জ্বলোৱা নাইতো!

এইটো এনেকুৱা
এটা ঘটনা ঘটিল যে বেণুহঁতৰ আটাইবোৰ পৰিকল্পনা শেষ কৰি পেলাব পাৰে
? জুইকুৰা নিজে লাগিব পাৰেনে?

বেণুৱে দঢ়াই
দঢ়াই কৈছিল
, কাৰো একো অনিষ্ট নকৰিবলৈ৷ মোলোকাহঁতৰ দৰে গৰম তেজৰ লৰাবোৰেও তাৰ কথা মানিয়েই একো নকৰাকৈ আছিল৷ বছা গাঁৱৰ কোনোবাই কামটো কৰিলে
নেকি
? এইখন গাঁৱৰ সহায় নোলোৱাকৈ তাৰ পৰা এনেকুৱা এটা
সাংঘাতিক কাম কৰিবলৈ কোনে সাহস কৰিব
?

জুপুৰিকেইটাত
ডেৰ কুৰি মানুহ আছিল৷ মানুহবোৰৰ কি হ
? কাৰোবাৰ
কিবা হ
ল যদি কোনো নাবাচে৷ চবকে পুলিচে ধৰিব৷

বেণুৰ চটফটনি
বাঢ়ি আহিল৷

 জুইকুৰা বাঢ়ি আহিছে৷ এটা শুকান মৰ্‌মৰনি বাঢ়ি
আহিছে৷ ফাগুনমহীয়া বতাহজাকে জুইকুৰা এইফালে আনিছে৷ ফট্‌ফট্‌কৈ বাঁহ ফুটিছে৷ নতুন
চাপৰিৰ জুইকুৰাই বন জুইৰ ৰূপ ল
ব এতিয়া৷ দুটা চাপৰিৰ মাজত দুটা সৰু
সৰু খান্দা৷ শুকান বতৰ
, শুকান ঘাঁহ-বন৷ জুই বিয়পিবলৈ কেতেপৰ৷

সি ঘৰৰ পৰা ওলাই
গাঁৱৰ মাজ পালেগৈ৷ ল
ৰা-বুঢ়া আটাইবোৰ গৰুবাটটোত থূপ পাতি আছে৷
সকলোৰে মুখত আতঙ্ক
, দুশ্চিন্তা!

তাৰ চিন্তা
শক্তি যেন বিকল হৈ আহিছে৷ কাকো সন্দেহ কৰিব নোৱাৰি
, কিন্তু কাকো
সন্দেহৰ পৰা বাহিৰত থ
ব নোৱাৰি৷ কি ভাবিছিল কি হ?

বেণুৰ বাবে এটা
সাংঘাতিক দু
শ্চিন্তাৰ কাৰণ হৈ জুইকুৰা মাজৰাতিলৈকে জ্বলিল৷ তাৰ পৰা
লাহে লাহে জুইৰ বল টুটি আহিল৷

সেই ৰাতি বেণু
শুব নোৱাৰিলে
, পাহিতাও৷

বেণুৱে পুৱাতে
গৰু-গাইৰ জাঁজ সামৰিলে৷ নতুন চাপৰিৰ জুইকুৰাৰ সবিশেষ বাতৰি ল
বলৈ
তাৰ উচপিচ লাগি আছিল৷ এনেতে ম
হৰ খুঁটিৰ পৰা অহা মহেনে দুটামান বাতৰি দিলে৷

জুই
কেনেকৈ লাগিল কোনেও নাজানে
? মানুহৰ হানি-বিঘিনি নাই হোৱা৷
উলুৱনি ডৰা সমূলি পুৰিলে৷

ট্ৰেক্টৰখন?”

তাত
নাছিল
?”

মানুহবোৰ
লৈ গ?”

নাজানো৷

ট্ৰেক্টৰখন নাই, মানুহবোৰ নাই- বেণুৰ চিন্তাত নতুন জঁট লাগিল৷ ডেৰকুৰি মানুহ কলৈ যাব? জন্মি মহাজনৰ ঘৰলৈ? নে
চাপৰিৰ কোনোবাখিনিত প্ৰাণ বচাই লুকাই থাকিল৷ ট্ৰেক্টৰখনে সদায় সেই ঠাইতে কাম কৰি
থাকে৷ সেইখন বা কালি ক
ত থাকিল?

যেই হওক,
মানুহৰ হানি নোহোৱাটোৱেই আটাইতকৈ ভাল কথা৷ খেৰ-বাঁহৰ জুপুৰিকেইটা কোনো কথা নাই৷
আকৌ সাজিব পাৰি৷ উলুখেৰ পুৰিলেও আকৌ গজালি ওলাব৷ তাৰ মনটো অলপ শান্ত হ
ল৷

দুই মহাজনে
সুদাই এৰিবনে
? উৰহী খং ফটা কথাত জাৰে কিজানি৷ ধনী মানুহবোৰ এনেও তলে
পুতল৷ ক
ত কেনেকৈ ফান্দ পাতে ধৰা টান৷

                     *      *      *

 

সাতাইছ

লাই
মহাজন খঙত অগ্নিশৰ্মা হ
ল৷

জন্মি মহাজনে
প্ৰমাদ গণিলে৷

লাৰ্বাং তাৰ্বাং
কুকুৰ ধূলি কেইটাৰ ইমান সাহস৷ যাৰ যহত শাখা সেন্দুৰ
, তাকে পাতে ভেকোলা
এন্দুৰ৷

ভোগদৈৰ
মাথাউৰি বান্ধিছে৷ তহঁতক কাম উলিয়াই দিছিল কোনে
? নগদ টকা
চুবলৈ পাইছিলি কাৰ যহত
?

মাহ-সৰিয়হৰ তলী
ট্ৰেক্টৰেৰে চহাই দিছোঁ মই৷ এতিয়া মাথাউৰি বান্ধিব৷ কাম কৰিবলৈ তহঁতকে
দিয়ালোহেঁতেন৷ পিছে লাভ নাই৷ আজিকালি উপকাৰীক অজগৰেহে খায়৷

যিমান পাৰি
সিমান নম্ৰ
, ভদ্ৰ হৈ অকণমানে কলে, “ককাইদেউ, আপোনাৰ উপকাৰ কোনো কালে পাহৰিব নোৱাৰো৷
কোনোবাই পাহৰিলে খাই পাত ফলাহে হ
ব৷ আমি অশলাগী নহওঁ৷ এতিয়াও
ককাইদেৱে যি কৰিছে
, ভাল কৰিছে৷ গাঁওখনৰ কোনোবাই জানো এইবোৰ
কথা আগতীয়াকৈ চিন্তা কৰিছে৷ পাৰিছে জানো
? নোৱাৰে৷ ককাইদেৱেহে
নতুন বা-বাতৰি পায়৷ এতিয়া
, আমাৰ আপত্তি একো নাই, ত মাটি ভাঙিছে, যিমানখিনি
ভাঙিবগৈ পাৰি
, তাত আমাকো বুকুৰ মাজত সুমুৱাই লবলৈহে খাটিছো৷

অকণমানৰ বিনয়ী
সুৰে অকণমান কামত দিলে৷ ক
লাই মহাজনৰ ক্ৰোধৰ চোক অলপ কমিল৷ আত্মীয়তাৰ
মাত এটাৰে তেওঁ ক
লে, “চা অকণমান,
তহঁতক এৰি মই কলৈ যাম, কি
কৰিম
? যি কৰিছো তহঁতক লৈয়ে কৰিছোঁ৷ সেয়া সিবাৰ নামঘৰৰ কাৰণে
যি কৰিছোঁ তহঁতৰ বাবেই কৰিছোঁ৷ এইবাৰ খেতি চবৰে গ
লেইহেঁতেন
মইহে এগ্‌লিকেলচাৰক খাটি-লুটি তহঁতৰ খেতিখন পতাইছোঁ৷ বিনামূলীয়াকৈ বীজ পাইছ
,
পথাৰ আনে চহাই দিছে৷ তহঁতে ফচল খাব লাগে৷ এনে সুবিধা পাবি কৰবাত? মোৰ ট্ৰেক্টৰখন আছে কাৰণেহে৷ ভাটীৰ গাঁওকেইখনৰ
মানুহে কি পাইছে সুধিবিচোন৷
তেওঁৰ কথাকেইটাই সমবেত ডেকামখাৰ
পৰা অকুণ্ঠ সমৰ্থন পোৱা দেখি মহাজনে অধিক দৰদী মাতেৰে ক
লে,
নতুন চাপৰিৰ মাটি ভোগদৈপৰীয়া মাটিৰ নিচিনা নহয়৷ শুকান বালি৷ তাত
কিবা ভুল কৰিয়েই খেতি-খোলা পাতিবলৈ ল
লোঁ নেকি! বাৰু যিয়েই
হওক
, তাৰ কাম-বনবোৰ তহঁতেই কৰিবি৷ মই নগদ ধন দিম৷ চিন্তা
নকৰিবি৷

এইবাৰ কাৰো
সমৰ্থন নাই৷ আটাইবোৰ মনে মনে ৰ
ল৷ কলাই মহাজনে
গোপন চকুৱে আটাইবোৰৰ মুখবোৰ ভালকৈ চালে৷ আটাইবোৰে ভিতৰি ভিতৰি যেন খং এটা পোহ দি
আছে৷

বিপিনে
পোনপতীয়াকৈ কথাটো ক
লে, “মানে দদাইদেউ,
আমি সকলোৱে মিলি সমবায়খন কৰিছোঁ যেতিয়া ভাগও সমানে হওক৷
ট্ৰেক্টাৰখনৰ হকে আপুনি আৰু জন্মেজয় দদাইদেৱে যেনিবা অলপ বেছিকৈ ল
ব৷

বিপিনে কথাষাৰ কবলৈহে
পালে
, লাই মহাজনৰ ৰুদ্ৰ জ্বলি উঠিল,
হেৰতই কত শুনিলি?
সমবায়? তহঁতক লৈ সমবায়? সমবায়
মানে কি জাননে
? যি সমানে বব পাৰে৷ মানে খৰচৰ বোজাটো বব পাৰিব
লাগিব সমানে সমানে
, তেহে৷ কলে বেয়া
নাপাবি
, তহঁত জন্মি বা মোৰ জোৰৰো নহ,
ফেৰৰো নহব৷ আমি খৰচৰ বোজা সমানে বহন কৰিছোঁ৷
ট্ৰেক্টৰৰ টকা সমানে সমানে৷ মানুহ ৰাখি কাম কৰাইছোঁ৷ খৰচ সমানে সমানে৷ এইটোৱেই
সমবায়৷

কোৱাইদৌ,
কাঅ ঘঅত আমা নামবোও আছে৷ সেই কাঅণেহে আমি
বিচাইছোঁ৷
মিনাৰামৰ কথাত জ্বলা জুইত ঘিঁউ পৰিল৷

কোনে
লে? তই দেখিছ? নিজৰ
নামটো লিখি চহীটো মাৰিব নোৱাৰ৷ যিটি কথা নক
বি৷ মুখখন থাকিল
বুলি ছাগলীৰ নিচিনা নবলকিবি৷

কথাবোৰে ভদ্ৰতা
আৰু নম্ৰতাৰ পোচাক খুলি নাঙঠ হৈ পৰিল যেতিয়া পোনে পোনে নাঙঠ কৈ কোৱাই ভাল বুলি
মঘূৱাই মুখ পাতি ধৰিলে
,

আমাক
নজনোৱাকৈ আমাৰ নাম দি সমিতি পাতিলে৷ আমাৰ নামৰ সমিতিৰ নামত চৰকাৰে আধা দামতে
ট্ৰেক্টৰখন দিছে৷ আমাৰ নামতে শইচৰ বীজ
, সাৰ যি যত লাগে চৰকাৰে দিব৷ দুজনকতো নিদিয়ে৷ এতিয়া আমাক তাৰ ভাগ লাগিব৷ নহলে আমি বহি নাথাকো৷

খঙত একো ক
নোৱাৰা হৈ ক
লাই মহাজনে বাওঁহাতৰ চাৰিটা আঙুলি মুঠি মাৰি
বুঢ়া আঙুলিটো থিয় কৰি নচুৱাই নচুৱাই ক
লে, “চা মঘূৱা, ঘেণ্টাটো কৰিবি৷ ঘেণ্টাটো৷ যা তহঁত গোটেই
জাক মিলি মোৰ আৰু জন্মিৰ কি বাল ছিঙ চাই ল
ম৷ কেলেহুৱা মখাই
সমবায় পাম খোলে
? নেগুৰ কটা শিয়াল৷ ৰাজ সভা লাগে৷ যাগৈ যা৷
কোন বাপেৰে লগাইছে তাৰ ভৰি চেলেকি থাকগৈ৷ মোৰ ওচৰলৈ কোনোদিন নাহিবি৷ মনত ৰাখিবি
,
নগাৰ চাঙ তলেহে বাট৷ফোৰোহনি মাৰি বাৰাণ্ডাৰ পৰা কলাই মহাজন ভিতৰলৈ সোমাই গল৷

কথা নবঢ়াই লৰাহঁতৰ
দলটো মহাজনৰ বাৰা
ণ্ডাৰ পৰা নামি ঘৰমুৱা হল৷ সিহঁতৰ জয় হলনে পৰাজনয় হ?
মহাজনক জোকাই লোৱাটো ভাল হল নে বেয়া হ? সিহঁতে তাৰ একো উৱাদিহ নাপালে৷ এটা কথাই
আটাইকেইটাই ভাবিলে
, “বোকাত নামিলো যেতিয়া মাছ ধৰিবই লাগিব৷
এনেই পানী ঘোলা কৰিলে নহ
ব৷

                     *      *      *

 

নতুন চাপৰিত ঘৰ
জ্বলা খবৰটো বকুল চাপৰিত বুলিয়েই নহয়
, বছা গাঁও, উজনিত ককিলা, নামনিত কলবাৰীলৈকে পিছদিনা পুৱাই বিয়পি
পৰিল৷ এচাটি ডাৱৰে এফালৰ পৰা ছানি ধৰাৰ দৰে খবৰটোৱে ছানি ধৰিলে৷ তিনি-চাৰিটা
পদূলিৰ মূৰে মূৰে মানুহৰ জুম বান্ধিল৷ ব্ৰহ্মপুত্ৰৰ ঘাটে ঘাটে মানুহৰ মাজত আলোচনা
চলিল৷ পুৱা ভাগতে জয়ৰাম উকীলেও কথাবোৰ মানুহৰ মুখেদি শুনিছিল৷ দুপৰীয়ালৈ ক
লাই শইকীয়া তেওঁৰ ঘৰ ওলালেগৈ৷ দেওবাৰৰ বন্ধত উকীল বাৰীৰ কামত লাগি আছিল৷ কলাই শইকীয়াক আথে-বেথে বহিবলৈ দি ভিতৰলৈ চাহৰ বাবে ঘৈণীয়েকক চিঞৰটো মাৰি
আৰম্ভ কৰিলে –

কথাটো
মই শুনিছোঁ শইকীয়া কেনেকৈ হ
?”

পোনপটীয়াকৈ কব নোৱাৰি৷ কিন্তু আমাৰে কাৰোবাৰ কাম যেন
লাগিছে৷ সিদিনা কেইটামান ল
ৰাই বিষয়টো লৈ মোৰ লগত তথিবাদ
কৰিছিল৷

লাই
মহাজনৰ পৰা আদ্যোপান্ত বিৱৰণ উকীলে শুনিলে৷ বৈদ্য
, ডাক্টৰ
আৰু উকীলক মিছা কথা ক
ব নালাগে বোলা কথাষাৰ মহাজনে জানিছিল৷
সেই কাৰণে সমবায় সমিতি ভুৱাকৈ গঠন কৰি জন্মি মহাজন আৰু তেওঁ চাপৰিৰ মাটিখিনি নিজৰ
কৰাৰ চিন্তাটো পুলিয়ে পোখাই উজাৰি জয়ৰাম উকীলক ক
লে৷ লৰাহঁতৰ লগত হোৱা তৰ্ক-বিতৰ্কও সবিশেষ জনালে৷ এতিয়া মহাজনৰ উদ্দেশ্য এখন
মোকৰ্দমা  তৰিব লাগে গহীনকৈ৷ ঘৰ জ্বালি আৰু
প্ৰাণে মৰাৰ ষড়যন্ত্ৰৰ অভিযোগ লগ লগাই শক্তিশালী হ
ব লাগিব৷
তেওঁৰ লগত মুখ চলোৱা কেলেহুৱা কেইটাক এশিকনি দিব পাৰিব লাগিব৷ নহ
লে তেওঁৰ মান-সন্মান মাটিত মিহলি হল বুলি ধৰিব৷

জয়ৰাম উকীলে
ভালকৈ ভাবি-চিন্তি আন্তৰিকতাৰে উত্তৰ দিলে –

শইকীয়া,
কেছ এখন তৰিব পাৰি৷ পুলিচৰ হতুৱাই দুই-এটাক এৰেষ্ট কৰাবও পাৰি৷
সেইবোৰে সমস্যাটো সমাধান নকৰে৷ বৰং শত্ৰুতা বাঢ়িবহে৷ বেয়া নাপাব৷ কেছটোৰ
ভিত্তিটোত গোলমাল আছে৷ কাৰণ
, যিসকলৰ চহী লৈ আপুনি সমবায়খন
পাতিছে
, তেওঁলোকে যদি কয় তেওঁলোকক নজনোৱাকৈ চহী লোৱা হৈছে৷
তেন্তে পাল্লাখন আপোনাৰ পালে ভাৰী হ
ব৷ সমিতিখনেই ভুৱা বুলি
প্ৰমাণিত হ
লে তাৰ নামত আপুনি বা আপোনালোক দুজনে পোৱা
সুবিধাবোৰ চৰকাৰক ঘূৰাই দিব লাগিব৷ আনকি ট্ৰেক্টৰখনো৷ মাটিখিনি আপোনাৰ নামত
নামজাৰী কৰিব নোৱাৰে৷ সেইখিনি সমিতিৰেই হৈ থাকিব
, এটা চৰ্তত
যে তাত স্থায়ী নিৰ্মাণ নহ
ব খেতি কৰিব পাৰিব আৰু চৰকাৰে নতুন
জাননী দিলে ঘূৰাই দিব লাগিব৷

ইতিমধ্যে
উকিলনীয়েও আগবঢ়াই যোৱা চাহবাতি চেঁচা হৈছিল৷ তেওঁ ভালপোৱা তিলপিঠাটোও সেইদিনা
মহাজনৰ বাবে তিতা যেন লাগিছিল৷

চিন্তা
কৰি চাওক শইকীয়া৷ সাপো মৰক লাঠিও নাভাগক৷ সিহঁতকো খেতি কৰিবলৈ সমানে মাটি ভগাই
দিয়ক৷ আচলতে সমবায়ৰ নিয়ম সেইটো নহয়৷ সমিতিয়ে কেন্দ্ৰীয় সিদ্ধান্তৰ একক নিয়ন্ত্ৰণত
খেতি কৰিব লাগে৷ তথাপি এতিয়া বাৰু নিজা নিজাকৈয়ে কৰক৷

বেয়া
নাপাব৷ কেছ চলালে মই ধন পাম
, কিন্তু জয় পৰাজয়ৰ কথা এটা আছে৷
সেয়ে আপোন মানুহ হিচাপে খোলাকৈ ক
লোঁ৷ সিদ্ধান্ত আপোনাৰ৷

লাই
মহাজনে ভাবিলে
, তেওঁ হাৰিছে৷ খুব বেয়াকৈ হাৰিছে৷ আকাশলৈ উৰিব
খোজোতে ডেউকা ভাগি মাটিত পৰি গৈছে আৰু উঠিব নোৱাৰিব৷ জন্মিৰ কথাত নহা হ
লেই ভাল আছিল৷ বেছিকৈ মুখ মেলা হল ৷ এতিয়া কোৱাৰি
ফাটিছে৷