ৰমানন্দন বৰা

ষোল্ল

পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা
নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা সেইটো নতুন কোমল জীৱটিয়ে সহিব পাৰিবনে
, জন্মদাত্ৰী মাতৃয়ে সহিব পাৰিবনে? যদি কিবা অঘটন হয়? আশংকাত তাৰ মনটো আন্ধাৰ হয়৷

নাই নাই৷ ভয় কৰিব লগা একো নাই৷ যুগে যুগে পৃথিৱীলৈ এনেকৈয়ে মানুহ আহিছে৷ সকলো
ভগৱানৰ বস্তু৷ তেৱেঁই ৰাখিব৷ সৃষ্টি ৰক্ষা কৰিব৷ সি মনক সা
ন্ত্বনা দিয়ে৷ সাহস লয়৷

কিন্তু…

সি জনাতেই বহু কেইজনী পোৱতী মাকে চকু মুদিছে প্ৰসৱ যন্ত্ৰণাত৷ বহুত কেঁচুৱা
মৃত হৈছে বা জন্মৰ পিছত মৰিছে৷ বৰা কম্‌পান্‌দাৰ কথাই সঁচা নেকি
?

আমাক অনবৰত বীজাণুৱে আৱৰি আছে৷ বতাহত উৰি ফুৰিছে মানুহক মাৰিব পৰা এই অদৃশ্য
শত্ৰুবোৰ৷ অলপ দুৰ্বল হ
লেই ইহঁতে
আমাক আক্ৰমণ কৰিব পাৰে৷ কেঁচুৱাকতো কথাই নাই৷

জুইৰ আঙঠাই নেৰাখে৷ বগৰী জেঙেও নাৰাখে৷

কাঁচি, কটাৰী একোৱে এই
বীজাণুবোৰক মাৰিব কাটিব নোৱাৰে৷ যদি জন্মতে মাকৰ গৰ্ভৰ পৰা ওলাই আহোঁতে কেঁচুৱাটোৰ
কিবা অসুবিধা হয়
? ধাই কাক মাতিব? বগী বাইক? নাই, তেনে এজনী মানুহৰ
হাতত পাহিতা আৰু আহিব লগা সন্তানটো কেনেকৈ সুৰক্ষিত বুলি সি ভাবিব
?

বহুত জল্পনা-কল্পনা চলিল৷ পাহিতাৰ লগতো, সোণ জেঠাইৰ লগতো৷

মেঘৰ পুতেকেই হওক বা ৰদৰ জীয়েকেই
হওক৷ পাহিতাৰ জীৱনটো আচল কথা – বেণুৱে ভাৱে৷ সি মহেনৰ পৰামৰ্শ ল
লে৷ মনে মনে তাৰ ভয় আছিল৷ ডাক্টৰৰ হতুৱাই ঘৈণীয়েকক ভাল
কৰোৱালে সমাজৰ বাকী মাইকী মানুহবোৰৰ মাজত বা কি বু-বু বা-বা হয় কোনে জানে
? সোণ জেঠায়েও নিশ্চিতকৈ কোনো কথা কোৱা নাই৷ গতিকে মহেনৰ
পৰামৰ্শই ঘাই৷

কোনো চিন্তা কৰিব নালাগে৷ বৰা কম্‌পান্‌দাৰে এজনী নাৰ্চ লগত
লৈ আহিব৷ ঘৰতে কামটো কৰিব পৰা হ
ব৷

বৰা কম্‌পান্‌দাৰে ইতিমধ্যে কেবাবাৰো পাহিতাৰ ওজন লৈ গৈছে৷ কিবা কিবি
ঔষধ-পাতিও খাবলৈ দি গৈছে৷ তাই খাইছেও৷ মহেনৰ কথাত এটা চিন্তাৰ ওৰ পৰিল বুলি বেণুৱে
ভাৱিলে৷ এটা নতুন কাম কৰা হ
ব৷ গাঁওখনত
প্ৰথম৷

 

                     **     **     **

 

বেণুৰ নতুন ঘৰখনত এটা অভাৱ আঁতৰিল৷ মানুহৰ অভাৱটো৷ বছা গাঁৱৰ গৰুজাক চৰাবলৈ
পাঁচটাকৈ গৰখীয়া ল
ৰা – লৰা মানে ডেকা, বেণুৰ ঘৰত ঘৰুৱা আলহী৷ সিহঁতে নিজে ৰন্ধা-বঢ়া কৰি খায়৷ চৰা ঘৰতে শোৱে৷ দিনটো গৰু চৰায়৷ গধূলি ঘৰখন মুখৰ কৰি ৰাখে৷
পাহিতাৰ ভাল লাগে৷ সিহঁতক ৰান্ধি-বাঢ়ি খুৱাবলৈ মন যায়৷ কিন্তু দেহাটোৰ বাবে
নোৱাৰে৷ তদুপৰি সিহঁতৰ চৰু-কেৰাহী সৰু৷ সোণ জেঠাইৰ ঘৰৰ পৰা ভোজ ৰন্ধা টৌ-কেৰাহীও
ব্যৱহাৰ কৰিবলৈ দিগদাৰ৷ হেন জানি
, সিহঁতৰ ৰন্ধা-বঢ়া নিজা৷ কিন্তু ভঁৰাল আৰু বাৰী একেখন৷ বেণুৱে ৰাতিপুৱাই পথাৰলৈ
ওলাই যায়৷ দুপৰীয়া ভাত সাজ তাইৰ সৈতে খায়৷ পিছবেলা তাইৰ লগতে কটায়৷ মেঘৰ পুতেক
বেলিৰ জীয়েকৰ কথা পাতে৷ তাইক সুখত ৰাখিবলৈ যত্ন কৰে৷ গধূৰ বস্তু দাঙিবলৈ নিদিয়ে৷
পানী-দুনি সিয়েই যোগাৰ কৰি থৈ যায়৷ তাই প্ৰকৃততেই সুখত আছে৷ তথাপি মনত কেতিয়াবা
দুখ এটাই ভূমুকি মাৰেহি৷ তাই আজি মাক হ
বলৈ ওলাইছে৷ এই সময়ছোৱাত যদি তাইক জন্ম দিয়া মাকজনী ওচৰত থাকিলেহেঁতেন৷ কিমান
ভাল লাগিলহেঁতেন৷ তাইৰ বাবে সাহসৰ বন্তি হৈ যদি তাইৰ কাষত তাইৰ মাক থাকিলেহেঁতেন
!

সেই আশ্ৰয়ৰে পৰা, সেই সাহসৰ উৎসৰ পৰা
তাই আঁতৰি আহিছে৷ নিজেই আঁতৰি আহিছে৷ তাৰ বাবে কাকো দোষ দিব নোৱাৰে৷ তাই এতিয়া
সুখত আছে৷ বেণু আনক সুখ দিব পৰা পুৰুষ৷ তথাপি…. আইৰ সমান হ
ব কোন? ভোগদৈৰ বানপানীৰ ফলত এইবাৰ বছা গাঁৱৰ মানুহখিনিৰ লগত সম্পৰ্কবোৰ আকৌ থানথিত
লাগিছে৷ তাইৰ বৰদেউতাকেও বেণুক সহজভাৱেই লৈছে৷ তাইৰ মাক-দেউতাক
, ককায়েকহঁতেও লবনে বাৰু! পাহিতাই ক্ষীণ আশা কৰে৷

                     **     **     **

অৱশেষত বৰা কম্পাউণ্ডাৰ নিজৰ চাইকেলত আৰু মহেনৰ চাইকেলৰ কেৰিয়াৰত উঠি এগৰাকী
নাৰ্চ আহিল৷ মাৰিয়া৷

সকলো কাম তেওঁলোকেই কৰিলে৷ বেণু আৰু সোণ জেঠাইৰ কাম হল তেওঁলোকে কোৱা মতে পৰিষ্কাৰ পানী, চাবোন, গৰম পানী, পৰিষ্কাৰ কপাহী
কাপোৰ আদি যতনাই থকা৷ চিন্তাৰ বাবেই নেকি জেঠাইৰ ওঁঠৰ পৰা চুৰট আঁতৰ হোৱা নাছিল
সেইদিনা৷ বেণুৰ চিন্তাত মলিন মুখখন দেখিয়েই চাগে বৰা কম্পাউণ্ডাৰে ক
লে, “চিন্তা নকৰিবা, এতিয়া খানা গোটোৱা৷
ৰাতিৰ খানা দবল হ
ব লাগিব৷

সকলো চিন্তাৰ ওৰ পেলাই সেইদিনাই আবেলি বেণু-পাহিতাৰ সন্তানে পৃথিৱীৰ মুখ
দেখিলে৷ এটা ল
ৰা সন্তান৷ মেঘৰ লৰা৷

এটা নতুন জীৱনৰ আৰম্ভণি৷

এটা পৰম্পৰাৰ ধাৰাবাহিকতা৷

কোমল গুলপীয়া এটা কণমানি মানুহৰ আকৃতি৷ মূৰ ভৰ্তি কিচ্‌কিচিয়া চুলি, হাত-ভৰিৰ জাং দীঘল, অকণ অকণ আঙুলি কেইটা দীঘল সজীয়া৷ এটা পুতলা যেন৷ তাৰ তেঞা
তেঞা কান্দোনত কোঠাটোৰ বতাহখিনি মিঠা হৈ উঠিল
, ৰঙীন হৈ উঠিল আৰু পৰিয়ালটোৰ আটাইৰে মুখত হাঁহিৰ ফাকু গুৰি
সানি দিলে৷

কম্পাউণ্ডাৰ লগত অহা মাৰিয়া নামৰ নাৰ্চজনীৰ গুণ সকলোৱে ললে৷

বেণুৰ ঘৰখন মুখৰ হল৷ ৰাতিলৈ
বৰালি মাছৰ ভোজ হ
ল৷ বৰা কম্পাউণ্ডাৰ
আৰু নাৰ্চ মাৰিয়াক পৰিয়ালৰ হৈ ফুলাম গামোচা আৰু তামোল-পাণেৰে শৰাই আগবঢ়াই মান ধৰা
ল৷ ৰাতি দুয়ো সোণ জেঠাইৰ ঘৰতে থকাৰ
ব্যৱস্থা হ
ল৷

ভোজ খাই থাকোঁতে সিদ্ধান্ত হল – মাৰিয়া
দুদিন মান পাহিতাৰ চোৱা-চিতা কৰিবলৈ ইয়াতে থাকিব৷ কথা শুনি পাহিতাই যেন সৰগ ঢুকি
পালে৷

বাইদেউ, আপুনি আমাৰ লগত থাকিম বুলি শুনি বৰ ভাল লাগিছে৷অকণমানিটোক পিয়াহ খুৱাব নজনা নতুন মাকজনীক সহায় কৰিবলৈ
আহোঁতে নাৰ্চক তাই ক
লে৷

ছাৰে কৈছে যেতিয়া থাকিব লাগিব৷ মই বেয়া নাপাওঁ৷ আপোনালোকে
বা কেনেকুৱা পায়৷
সুন্দৰকৈ অসমীয়াতে
কৈছে যদিও মাৰিয়াৰ মাতৰ গতটো সিহঁতৰ মানুহতকৈ অলপ বেলেগ৷

এই বগী ছোৱালীজনীক পাহিতাৰ বৰ ভাল লাগিল – তাইৰ বহু জনমৰ সখীয়েক যেন লাগিল৷