ৰমানন্দন
বৰা


(যোৱা সংখ্যাৰ পাছৰ পৰা)

চাৰি

 

উৰুকা মানেই
আনন্দ ভৰা ব্যস্ততাৰ দিন৷ আগন্তুক বিহুটো পিঠা-পনা
, গা-গামোচা,
পা-পৰিষ্কাৰ, সেৱা-সৎকাৰেৰে সজাই পৰাই তোলাৰ
প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময় উৰুকা৷ তাতে যদি ব
হাগৰ বিহু
হয়
, তেতিয়া কথাই নাথাকে৷ তিৰোতাৰ কামেই বেছি হয, যদিও মুনিহৰো তৰণি নাথাকে৷ চিৰা-পিঠা খুন্দাৰ কামটো সপ্তাহ চেৰেক আগৰ পৰাই
আৰম্ভ হয়৷ ঢেঁকীশালত বেণুৱেও নবৌয়েকহঁতক পালচ মান ঢেঁকী দি সহায় নকৰিলে নহয়৷ শুকান
খৰি গোটাই দিয়া
, ধান ভাপত দিয়া আদিবোৰ এই কেইদিন বেছি জোৰদাৰ
হয়৷

উৰুকাৰ দিনা
পুৱাতে সি গাই খীৰাই গৰুকেইটা গোহালিৰ পৰা উলিয়াই পথাৰৰ ফালে খেদি পঠালে৷ এইটোৱেই
নিয়ম৷ বলধ দুহালৰ ঘাঁহ লগাই এৰাল দিয়া হয়৷ পলসুৱা দলনি পথাৰত গৰুৰে হাল বাব
নোৱাৰি৷ কলাফুলীয়া বোকা৷ সেই কাৰণে মহাজনে এহাল ম
হ ৰাখিছে৷ সেইহালৰ যতনৰ ভাৰো বেণুৰ ওপৰতে৷ এইখিনি তাৰ নৈমিত্তিক কাম৷ হাললৈ যাবলৈ হলে
ইয়াৰ এফাল কাম ৰজিতে কৰে৷ সি মহাজনৰ ঘৰত হাজিৰা কৰা মানুহ৷ হালৰ দিনত কাহিলিপুৱাতে
মহাজনৰ ঘৰত উপস্থিত হোৱা তাৰ বহুদিনীয়া নিয়ম৷ আনটো হালোৱা সৰুপাই
, অলপ সোৰোপা৷ তাৰ পলম হয়৷ উৰুকাৰ দিনা এইবোৰ নৈমিত্তিক কাম কৰি অঁটাই নবৌয়েকে
দিয়া গাখীৰ চাহটোপা খাই থাকোঁতেই সেইফালৰ পৰা মাত আহিলেই
, “বেণু,
ৰঙা মাটিখিনি সোনকালে আনি দিবিচোন৷ বগী অহাৰ কথা৷বগীয়ে মহাজনৰ ঘৰৰ মজিয়া ৰঙাকৈ মচিব৷

বেণুৱে ভোগদৈৰ
পাৰৰ পৰা বাছি বাছি ৰঙা মাটি এভাৰ আনি পিৰালিত থ
লেহি৷ কাঠনিত পৰি
থকা বগীতৰা এজোপাৰ দুটা প্ৰকাণ্ড ডাল কাটি আনি ফালিলেহি৷ বিহুৰ দিনকেইটা সি এইবোৰ
কামত হাত নিদিয়ে৷ খৰি চাঙত শুকান বাঁহ ফালি দ
মাই থোৱা আছে৷
কাঠ খৰিও আছে৷ বগীতৰাখিনি অতিৰিক্ত জমা৷ ক
বতো নোৱাৰি৷
মহাজনৰ ঘৰত এইবাৰ ট্ৰেক্টাৰৰ ভোজ চলিয়েই আছে৷ চ
ত ফুলা তামোল
কেইথোকামান সি হাঁকুটিয়াই পাৰিলে৷ তামোল কেইজোপা কাকিনী হৈছে৷ জাত এৰিবলৈ ধৰিছে৷ হ
লেও
বুঢ়া তামোলৰ মাজে মাজে এইখিনিৰেও কাম চলিব৷ গাঁৱৰ হুঁচৰিযোৰা আহিলে এপোন মান
তামোলৰ শৰাধ ততালিকে হয়৷ আটাইকে কিমান আটকীয়া বুঢ়া তামোল খুৱাবা৷ ক
লাই মহাজনৰ পাণ-তামোলৰ বাৰীখন আচুতীয়া, মূল বাৰীৰ দক্ষিণফালে৷ অশুচি গাৰে
যাতে কোনো বাৰীখনলৈ যাব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা৷ ৰ
দঘাই পাণ মচমচীয়া হয়৷ বেণুৱে মৈটাৰে উঠি পাণ এখাং পাৰিলে৷ আগবেলাতে এইখিনি কৰি সি
দুপৰীয়া ভাত খোৱালৈ আজৰি হ
ল৷ এৰালত দিয়া বলধহালক হোলাটোত
পানী খুৱাই খুঁটি লৰাই বন্ধাৰ পাছত সি আজৰি৷ কাইলৈ গৰু বিহুৰ বাবে নতুন পঘা
,
তৰা পঘা মহাজনে নিজে গুণিয়াই থৈছে৷ জাগত দিবলৈ ভাং কেইজোপামান সি
কুবিয়াই থৈছে৷ গতিকে তাৰ পাছবেলাটোত আন কাম নাই৷ সি নিজৰ কাম কৰিব৷

বেণুৰ নিজৰ বুলি
কেইটামান কাম অৱশ্যে আছে৷ ম
হৰ শিঙৰ পেঁপাটো মিঠাতেল ঘঁহি চিকুণাই
থৈছে৷ জাৰণিৰ পৰা আনি নল এডালো কাটি থৈছে৷ চুপহিটো চাঁচিবলৈ বাকী আছে৷ সেইটোতকৈ
ডাঙৰ কথা কাপ্‌টন বুঢ়াৰ ওচৰত টনাবলৈ দিয়া ঢোলটো আনিবগৈ লাগে৷ প্ৰায় তিনি মাইল
বাট৷ মহাজনৰ চাইকেলখন নহ
লে অহা-যোৱা কৰোঁতেই বেলাটো যাবগৈ৷
ঢোলটো মহাজনৰে৷ তেওঁৰ ডেকা কালতে পূৰঠ
কঁঠালৰ মজ্জা খুলি কৰা খোলা৷ তেওঁ ডেকা বয়সত বিহুটো বুলি ঢোল একোচাপৰ বাইছিল৷
আজিকালি সেইবোৰলৈ মন নকৰা হ
ল৷ খোলাটোৱে ধোঁৱা চাঙত ঠাই লৈ
আছিল৷ বেণু অহাৰ পাছত ঢোলটোৰ কদৰ বাঢ়িল৷ সোমাল চ
ততে সি
মহাজনক কয়- ঢোলটো চোৱাব লাগে৷ মহাজনেও তাৰ হাততে ৰূপ দহ টকাৰে সৈতে কাপ্‌টন বুঢ়াৰ
তালৈ দি পঠিয়ায়৷ তাৰ পাছৰ পৰা ঢোলটোৱে প্ৰত্যেক বিহুতে প্ৰাণ পাইছে৷ ঢোলটোৰ প্ৰতি
যিহেতু মহাজনৰ টান এটা আছে, গতিকে কাপ্‌টন বুঢ়াৰ ঘৰলৈ যাবলৈ তেওঁৰ চাইকেলখন পাব
বুলি বেণুৱে ভাবিলে৷ নহ
লে মহাজনে চাইকেলখন হাতছাড়া নকৰে৷

বেণুৱে মহাজনক
বাৰীত নেদেখি
, নিজৰ কোঠাত বিচাৰিলে৷ তাতো নাই, চাইকেলখনো
নাই৷ উৰুকাৰ হাটৰ পৰা অহাই নাই নেকি
? কিন্তু ইমান বেলি হবতো নালাগে৷ পুৱাতে উৰুকাৰ হাট বহে৷ দুপৰীয়ালৈ হাট ভাগে৷ মহাজনে পৰিয়ালৰ
আটাইলৈকে চোলা-কাপোৰ উৰুকাৰ হাটৰ পৰাই কিনে৷ হালোৱা-হজুৱা আটাইলৈকে বনিয়ন চোলা এটা
লেও আহে৷ মহাজন ককাইদেউ অহা নাই
যেতিয়া কাপ্‌টন বুঢ়াৰ তালৈ যোৱাটো দেৰি হ
ব৷’ – বেণুৱে ভাৱিলে৷ এই সময়কণ কি কৰা যায়? দীঘলতি মাখিয়তী
কাইলৈ বাৰীৰ ঢাপৰ পৰা কোব মাৰি কাটি আনিলেই হ
ব৷ পেঁপাটোকে
ঠিক কৰা হওক৷ মনটো কিবা উৰুঙা উৰুঙা লাগিছে৷ কুলিৰ মাতটো তাৰ বুকুৰ মাজত বাজিবলৈ
ধৰিছে৷ হেঁটুলুকা চৰাইটোৱে দুপৰীয়াটো মায়াময় কৰি তুলিছে৷ একোতে মনটো বহুৱাব পৰা
নাই সি৷ শেষত সি দাখন লৈ বাঁহৰ কামি এডালকে অজানিতে চাঁচিবলৈ ধৰিলে৷ ঘপহকৈ তাৰ মনলৈ ভাব আহিল
গাঁৱৰ বিহুৱতী কেইজনীমানলৈ গগণা কেইপাতমানকে সজা হওক৷ পুখুৰী পাৰতে বহি সি এপাত
এপাতকৈ চাৰিপাত গগণা সাজি উলিয়ালে৷ তাৰ পাছত পুখুৰীৰ পৰা মাটি তুলি সুতুলী চাৰিটা
সাজি ৰ
দত শুকাবলৈ দিলে৷ কিবা কাৰণত পেঁপাৰ কামটো কৰা নহল৷

ইতিমধ্যে কলাই
মহাজনে বিহুৰ বজাৰ লৈ ঘৰ পালেহি৷ বাৰান্দাৰ আৰামী চকীখনত জিৰণি লওঁতেই বেণুৱে
ঢোলটোৰ কথা উলিয়ালে৷ মহাজনে জেপৰ পৰা ৰূপ দহ টকা উলিয়াই তাক দিলে৷ চাইকেলখনৰ কথা
সুকীয়াকৈ সুধিব লগীয়া নহ
ল৷ কাপোৰ সলাই বেণুৱে চাইকেলেৰে
কাপ্‌টন বুঢ়াৰ ঘৰলৈ পেদেল ঘূৰালে৷

গধূলি হোৱাৰ আগে
আগে ঢোল লৈ বেণু ঘৰ পালেহি৷ গৰু-গাইৰ লেথা সামৰি সি বাৰান্দাৰ চুকত বহি পেঁপাটোৰ
যুৰীয়াটো ঠিক কৰিবলৈ ধৰিলে৷ তাৰ বৰ মৰমৰ পেঁপা৷ পিতলেৰে বন্ধোৱা৷ এসময়ত সি
পেঁপাটোত কলি এটা বজাব পৰা কৰিলে৷ ঘৰৰ ভিতৰত পেঁপা বজালে বাকীসকলে ভাল নাপাব বুলি
সি ভঁৰাল ঘৰৰ ফালে গৈ পেঁপাত ফুঁ দি ইটো কলিৰ পিছত সিটো কলি বজাই গ

পানীতে ঘূৰিলে           পানীৰে পৰুৱা

         আকাশত ঘূৰিলে বগ৷

মনৰে কথাটি            মনতে ঘূৰিলে

        বলৈ
পোৱা নাই লগ৷৷

 

মতা মহৰ
বেজাৰত      মাইকী ম

বেছিলোঁ

        লাখুটি তুলিলো চালত৷

তোমাৰ বেজাৰত         ঘৰ-বাৰী এৰিলোঁ

        শালমনে চেপিলে গালত৷৷

কিবা এটাই  তাক আচ্ছন্ন কৰি কৰি তুলিছে৷ মনটো উৰুঙা উৰুঙা৷
এটা গোন্ধে তাৰ কলিজাখন যেন একেবাৰে শালি পেলাইছে৷ তগৰ জোপা গধূলি বেছিকৈ আমোলমোল
গোন্ধায় নেকি
? সি ভাবিলে- হয় তগৰজোপাৰ গোন্ধ বিয়পি পৰিছে৷ 

আপোন মনে পেঁপা
বজাই থাকোঁতে সি অনুভৱ কৰিলে তাৰ পিছফালে ক্ষীণ আন্ধাৰত যেন কোনোবা ৰৈ আছে৷ কোন
? ঘৰৰ মানুহবোৰ কামে কামে৷ এইখিনি বেণুৰ নিজা সময়৷ কোন আহিব পাৰে? ভালকৈ ঘূৰি চাই দেখিলে পাহিতা৷ সি অলপ আচৰিত হল৷
অলপ শিহৰিত হ
ল৷

পাহি
! তই !’

নতুন
ট্ৰেক্টৰ চলোৱা নতুন ড্ৰাইভাৰক নতুন দায়িত্ব এটা দিব খুজিছোঁ৷
’ – চতুৰ চাৱনি আৰু কৌতুকময় সুৰত পাহিতাই উত্তৰ দিলে৷

কি?’

চালে
বুজিবা৷
এইবুলি পাহিতাই লুকুৱাই অনা কাগজেৰে মেৰিওৱা টোপোলা এটা তাৰ হাতত গুজি দি ততাতৈয়াকৈ সেই ঠাইৰ পৰা আঁতৰি গল৷

বেণু ভেবা
লাগিল৷ তাৰ বুকুখন ধান বনাদি বানিবলৈ ধৰিলে৷ গাটো কিবা গৰম গৰম লাগিল৷ এসোঁতা গৰম
তেজ তাৰ ভৰিৰ পৰা কাণলতিলৈকে বৈ গ
ল৷ তগৰৰ গোন্ধে তাক বেঢি ধৰিলে৷ পাহিতাই কি কলে? কি দিলে?
কিয় তেনেকৈ দিলে?

সি লৰালৰিকৈ
নিজৰ কোঠালৈ আহিল৷ ফিটাডাল পকাই লেম্পটোৰ পোহৰ বঢ়াই লৈ সি কাগজৰ টোপোলাটো খুলিলে৷
উত্তেজনাত তাৰ হাতখন কঁপিছিল
, বুকুখনো৷ কোনো গাভৰুৰ কোনো উপহাৰ
পোৱা নাই৷ আজি পাহিতাই তাক এটা উপহাৰ দিছে৷ গোপনে
, তাৰ মানে?
ৰবাত কোনোবাই ঢোল এটা কোবাইছে৷ খৰ চাপৰ৷

ঘেনিদিঘেন দাখি
দাখি

ঘেন ঘেনা খিতি
ঘেন

দাখি দিঘেন দাখি
দাখি…..

তগৰ ফুল বচা এখন
গামোচা
,
ৰঙা এখন ৰুমাল আৰু পদুম ফুল বচা এটা গাৰু গিলিপ৷ সুগন্ধি আতৰ ছটিয়াই
থোৱা আছে৷ এটা অচিনাকী অথচ টানি ধৰা গোন্ধে তাৰ চিন্তাক যেন বিকল কৰি তুলিব৷

দিধেনিতি গিঘেন
দাখি দাও

ঘেনখিতি ঘেনদাও
দিঘেনিতি ঘেন দাও

তাখি দিঘেনিতি
ঘেন দাও….

আস!
তাৰ মানে
, তাৰ মানে !! পাহিতাই তাক
ভালপোৱা জনাইছে৷

উপহাৰ কেইপদ
বুকুত সাবটি সি বিছনাত বাগৰ দিলে৷ লেম্পৰ পোহৰটো কমাই ল
লে৷ এটা অনাবিল
আনন্দই তাক আচ্ছন্ন কৰি তুলিলে৷ একো নকৰি বিছনাতে পৰি থাকিবলৈ তাৰ মন গ
ল৷ অযুত ভাবনাই তাক জুমুৰি দি ধৰিলে৷

পাহিতাই কি ভাবি
তাক এই কেইপদ উপহাৰ দিলে৷ ভালপোৱাৰ বাদে আন ভাব হ
বওতো পাৰে৷ নাই
নাই৷ ইয়াৰ আন অৰ্থ থাকিবই নোৱাৰে৷

নিজকে বৰ
ভাগ্যৱান যেন লাগিল বেণুৰ৷ পুৰুষ পুৰুষ লাগিল৷ নাৰীক আকৰ্ষণ কৰিব পৰা পুৰুষ৷

কিন্তু … উচিতনে? তাৰ কি আছে? আনৰ ঘৰৰ লগুৱা৷ তাইক লৈ কেনেকৈ সংসাৰ
তৰিব
?

তাইৰ ভুল হৈছে৷
তাইক শুধৰাই নতুন পথ দেখুৱাব লাগিব৷

নাই নহয়, তাইৰ প্ৰেমক প্ৰত্যাখান কৰিব নোৱাৰে সি৷ কত ভাবনাৰ চাকনৈয়াত সি কতবাৰ
উপঙিলে কতবাৰ তল গ
ল৷

বছা গাঁৱৰ
ডেকাহঁতে নতুনকৈ ছোৱাই লোৱা ঢোলবোৰ কাইলৈৰ বাবে বজাই চাইছে৷ কিন্তু মাথোন এজাক ধুমুহাই
বিধ্বস্ত কৰি গৈছে বেণুক৷ ভাল লগা
, ভয় লগা৷

বেণু …
বেণু …
’ – মহাজনৰ পৰিবাৰৰ মাতত সি চেতন হল৷

কি
? গা-মূৰ বেয়া নেকি?’

নাই
এনেয়ে৷

ভাত
বাঢ়ি মাতি আছোঁ
, আহাঁ খোৱাঁহি৷

বেণু ভাতৰ পাতত
পহিলগৈ৷ কি আঞ্জাৰে ভাত খালে সেইটোও তাৰ হিচাপলৈ নাহিল৷ এটা চিন্তাতে সি বিভোৰ –
সি কোন
?
এইখন ঘৰৰ সৈতে তাৰ সম্পৰ্ক কি? তাক কিয় কলাই মহাজনে আনিছিল? নিজৰ ভাই বুলি চিনাকি দিছিল৷
এতিয়া পাহিতাক যদি সি বিয়া কৰাবলৈ বিচাৰে এই ঘৰখনক অন্যায় কৰা নহ
বনে? পাহিতা? তাই কি দেখিলে
তাৰ মাজত
? তাই ইমান সাহসী?

সি উত্তৰ উলিয়াব
নোৱাৰে৷ সি ক
লাই মহাজনৰ ঘৰৰ কাম কৰা মানুহ নে পৰিয়ালৰ সদস্য?

আন কথা বাদ, পাহিতাক কাইলৈ সি কি বুলি ক? উপহাৰৰ
বিনিময়ত উপহাৰ দিব লাগে৷ কিন্তু কি দিব সি
? ব্লাউজ এটা?
নাই তাৰ লাজ লাগিব৷ গোন্ধ তেল এটা …, কিন্তু
তাৰ হাতত দেখোন টকা-পইচা নাই৷ টকা নিজৰ লগত ৰাখিবলৈ তাৰ কোনো গৰজ নুঠে৷ কিবা দৰকাৰ হ
লে মহাজনৰ পৰা খুজি দুই-চাৰি টকা নিয়ে৷ আচলতে সি কোনো দিন টকাৰ কথা পতা
নাই৷ টকাৰ কাৰণে সি মহাজনৰ ঘৰত থকা নাই৷ টকাৰ কাৰণে সি কাম কৰা নাই৷ সি আদৰৰ
,
মৰমৰ প্ৰতিদান হিচাপে কাম কৰিছে, আছে৷ কিন্তু
পাহিতাক নিজৰ নাক ৰাখি কিবা এটা দিব লাগিব৷ মহাজনক খুজিব নোৱাৰি৷ দেৱেনৰ দোকানৰ
কিবা কিনিবও নোৱাৰি৷ পদূলি শুঙাজাকে কিবা প্ৰকাৰে উপহাৰৰ ওৰ উলিয়াই ঢৌটোকে ৰৌটো
কৰিব৷

সি নিজে সজা গগণা আৰু সুতুলী পাহিতাক দিব৷ চাৰিওটা দিব৷ আন কাকো নিদিয়ে৷
আটাইবোৰ দিব৷ তাৰ যি আছে আটাইবোৰ…৷

(আগলৈ)