ৰমানন্দন বৰা

তিনি

বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ
দাঁতিৰ জাৰণি
, হাবি ভাঙি পাতি লোৱা গাঁওখন
আজিৰ পৰা ডেৰশ বছৰ পুৰণি৷

সময়ৰ হিচাপটো বৰ দৰকাৰী নহয়৷ কাৰণ গাঁওখনক সময়ৰ সোঁতে বৰকৈ সলনি কৰিব পৰা
নাই৷ সেই পাতনিৰে পৰা মানুহখিনিয়ে যি বিচাৰি ইয়ালৈ আহিছিল আজিও সেইবোৰকে বিচাৰে –
মাটি
, ভেটি, খেতি৷

মাটিত সোণৰ সোলেং বিচৰা মানুহবোৰে হয়তো সময়ৰ গতি বুজি পোৱা নাছিল, নতুবা সময়ক প্ৰত্যাহ্বান জনায়ে ইয়ালৈ আহিছিল৷ ইয়াৰ পলসুৱা
মাটিত জীৱনৰ মাদকতা বিচাৰিছিল৷ মানুহবোৰ বেলেগ বেলেগ ঠাইৰ পৰা আহিছিল৷ বেলেগ
বেলেগ সময়ত আহিছিল৷ পূৰ্বৰ ঠাইৰ নামেৰে নিজৰ চুকটোৰ নাম দি লৈছিল – কৰঙা চুক
,
চৰাইবহীয়া, চাৰি গঞা, টীয়কীয়া,
তিতাবৰীয়া৷

গাঁওখনৰ কাষেদিয়ে বৈ গৈছে ভোগদৈ৷ আহোম স্বৰ্গদেউৰ মহামন্ত্ৰী পূৰ্ণানন্দ
বুঢ়াগোহাঁয়ে ভোগ দি বোৱাই অনা নৈ৷ বুকু বৰ বাম৷ সদায় ঘোলা পানী৷ পাহাৰৰ ৰঙা মাটিৰ
মৰমখিনি ভৈয়ামৰ দুয়োপাৰে সিঁচি যোৱা নৈখনে কোনো বাধা মানিব নোখোজে৷ বছা গাঁৱৰ
মানুহখিনিক লৈ ভোগদৈৰ আজলমথ ধেমালিৰ অন্ত নাই৷ কেনি পাতে
, কেনি ভাঙে উৱাদিহ পোৱাই টান৷ তথাপি কাৰো একো আক্ষেপ নাই৷ ভোগদৈয়ে পাতেহেমানুহৰ মুখে মুখে৷ প্ৰতি বছৰে বানে
 মাটি পুতি বাম কৰে৷ ভোগদৈৰ পলসত খেতি লহপহকৈ বাঢ়ে৷ গোজ
মাৰিলেই গছ-বন দাও দাওকৈ বাঢ়ি আহে৷ এনে মাটি আৰু ক
ত পাবা?
ভোগদৈৰ পলসনিৰ পৰা ব্ৰহ্মপুত্ৰৰ কঁহুৱা জাৰণিলৈকে বহুত মাটি আবাদী পৰি
আছিল৷ যিয়ে যিমান পাৰিলে ভাঙিলে৷ মৌজাদাৰ আৰু লাট চাহাবৰ ওচৰলৈ গৈ নিজৰ নামত লিখোৱাই ল
লে৷ নিজৰ বাহুবলৰ ওপৰতে সকলো নিৰ্ভৰ কৰিলে৷ এহেজাৰ এক নম্বৰৰ টাটা
কোম্পানীৰ কোৰ অকমাণ
, দেহীহঁতৰ বাহুৰ জোৰত বুটী হল৷

মাটি ওলাল৷ অগাধ কাঠনি ভাঙি গাঁও
পাতিলে
, ন-ভাঙনি মাটিৰ গোন্ধে সকলোকে মতলীয়া
কৰিলে
, যেনেকৈ পাট গাভৰু পাহিতাৰ দেহাৰ গোন্ধে বাউল কৰিছিল
বেণুক৷

চৰাইবহীয়া চুবুৰীৰ কলাই ধানে
ধানে ইমানেই আতন্তিয়াৰ হৈ উঠিছিল যে তেওঁক আন মানুহে ক
লাই
মহাজন বুলিয়েই মাতিবলৈ ল
’লে৷ গাঁওখনৰ আনজন জন্মি মহাজনৰ লগত ফেৰ মাৰিব পৰা মানুহ কলাই মহাজন৷ কলাইৰ উদ্‌গতিৰ আঁৰত আছিল বেণু৷ সি
তেওঁৰ দূৰ সম্বন্ধীয় মাহীয়েক নে জেঠায়েকৰ ল
ৰা৷ পেটে-ভাতে
খাই থাকিবলৈকে টান পৰিয়াল এটাৰ পৰা পেট এটা আঁতৰিলেও বহুত উশাহ পোৱা যায়৷ সেয়ে বেণু
লাই মহাজনৰ ঘৰত বনকৰা সোমালহি৷

বেণু প্ৰথম আহোঁতে কলাই মহাজন
হোৱা নাই৷ তাৰ মনটোৱে পাখি মেলিবলৈ আৰম্ভ কৰিছিলহে মাথোন৷ কিন্তু এখন ডেউকাৰে উৰিব
পাৰি জানো
? লাই নিজে এখন ডেউকা৷ বাৰী
পাতিব লাগে
, নতুন মাটি ভাঙিব লাগে, নতুন
মাটিত শইচ লগাব লাগে
, ৰোৱা-তোলা কৰিব লাগে৷ আকৌ নতুন মাটি
নিজৰ নামত লগাবলৈ লাট মণ্ডলৰ অফিচলৈ অহা-যোৱাখন আছেই৷ গতিকে স্ব
প্নবিলাসী কলাই এখন ডেউকাৰে কেৱল ঢপ্‌ঢপাই থকাৰ দৰেহে
হৈছিল৷ দূৰ সম্পৰ্কীয় লটা-পটা ল
ৰা এটাক লগত পালে, যদি লৰাটো সৎ, কৰ্মী আৰু
সাহসী হয় তেন্তে উৰিবলৈ বিচৰা ক
লাইৰ আনখন ডেউকা সিয়েই
হোৱাটো স্বাভাৱিক৷ ক
লায়ে বেণুক লগত লৈ আনোতে নিজৰ ভাই
বুলিয়েই আনিছিল৷ আনকো তেনেদৰেই কৈছিল৷

বেণু মো ভাই, মো সোঁহাত৷মানুহৰ আগত বেণুৰ বিষয়ে যেতিয়া মহাজনে এনেকৈ কয় তেতিয়া তাৰ বুকুখন গৰ্বত
ফুলি উঠে৷ সি দুগুণ উৎসাহেৰে কামত ধৰে৷ এক কথাত মহাজনে তাক এটা সন্মান প্ৰদৰ্শন
কৰে৷ ক
লায়ে আনবোৰ কাম কৰা মানুহক কৰা আচৰণ বেণুৰ লগত কেতিয়াও নকৰে, আমা বেণুবুলিহে কয়৷ তথাপি বেণুৱে সদায় এটা সীমা
মানি চলে৷ বেণুক নিজৰ ভাই বুলিলেও ক
লাই মহাজন যে তাৰ মালিক
সেই কথা সি কোনোদিনে পাহৰা নাছিল৷ অৱশ্যে সম্বোধনটো সদায় 
ককাইদেউআছিল৷ সোনকালেই সি মহাজনৰ খেতি-খোলাৰ মূল তদাৰকী মানুহটো হৈ পৰিছিল৷

এই বেণুকে মুহিলে পাহিতাৰ পাটগাভৰু চঞ্চলতাই৷ বেণু-পমিলাৰ কথা বছা গাঁৱৰ
ইতিহাসৰ লগত এনেকৈ জড়িত হৈ আছে যে নোকোৱাকৈ পাৰ হ
ব নোৱাৰি৷

পাহিতা হল কলাই মহাজনৰ ককায়েক ভালীৰামৰ নুমলীয়া জীয়েক৷ তেতিয়া তাইৰ ভোগদৈৰ পলসে জীপাল
কৰা মনটো ফাগুনৰ পছোৱাত লিহিৰি বনৰ দৰে হালি জালি উৰণীয়া হোৱা বয়স৷ নৈ ঘাটলৈ কাপোৰ
ধুবলৈ যাওঁতে সিপাৰৰ বাঁহজোপালৈ এনেয়ে তধা লাগি চাই থকা
, মুনিচুনি
বেলিকা উৰি যোৱা বগলী জাকলৈ চাই বিভোৰ হোৱা বয়স তেতিয়া৷ কাৰোবাৰ কথা এনেয়ে ভাবি
ভাল লগা
, লগৰ কেইজনীৰ লগত কাৰোবাৰ কথা পাতি ভাল লগা, কথাৰ মাজে মাজে দুই এটা মন ভাল লগা খোচ নিজলৈ সাঁচি লোৱা বয়স পাহিতাৰ৷

খেতিয়কৰ ছোৱালী পাহিতা৷ দেউতাক ভালীৰামৰ মৰম আৰু শাসন দুয়োটাৰে মাজত, দুজনীকৈ বায়েক আৰু দুটাকৈ ককায়েকৰ সৈতে ডাঙৰ হোৱা পাহিতাৰ
পাটগাভৰু মনটোত খোপনি পুতিবলৈ গাঁৱৰ ল
ৰাবোৰে বৰ আসৈ
নাপাইছিল৷ তায়ো সহজে নিজক পাতলাই দিয়া বিধৰ ছোৱালী নহয়৷ আবুৰ ৰাখি চলিব জানে তাই
, মান ৰাখি কথা কব জানে৷ তথাপি তাৰ মাজতো সপোনৰ
ৰাজকুমাৰৰ ছবি এখনে তাইৰ মনৰ মাজত অগা-ডেৱা নকৰা নহয়৷ শুকুলা পাখি লগা ঘোঁৰাত অহা
ৰাজকুমাৰৰ সপোন তাই কোনো দিন দেখা নাই৷ ভোগদৈ পাৰৰ কোনোবা এখন গাঁৱৰ পলসুৱা পথাৰত
গুটীয়া ম
হৰ হাল বোৱা, আটিল পূৰঠ
কলাফুল
, কোৰ মাৰোঁতে ফুলি উঠা বহল বাহুৰে পাহোৱাল কোনোবা খেতিয়ক
ডেকাৰ সপোনেই তাই দেখে৷ মৰমিয়াল সেই ডেকাৰ বহল বুকুৰ মাজত সোমাই নিজকে সকলো
বিপদ-বিঘিনিৰ পৰা ৰক্ষা পাবলৈ বিচাৰে তাই৷ কল্পনাৰ সাগৰত নাও মেলে তাই আৰু সেই নাও
আহি লাগেহি বেণুৰ ঘাটত৷

বেণু তেতিয়া চফল ডেকা৷ পাহিতাৰ প্ৰতি তাৰ কোনো বিশেষ ভাৱ নাছিল৷ মালিক
ককাইদেউৰ ককায়েক ভালীৰাম ককাইদেউৰ ছোৱালী পাহিতা তাৰ বাবে ভনীয়েক৷ দূৰ সম্বন্ধীয়
লগা-ভগা হোৱাৰ সূত্ৰে সি ভালীৰামকো ডাঙৰ ককাইদেউ বুলি মাতিছিল৷ ক
লাইৰ পৰা পোৱা আদৰৰ মাত সি ভালীৰামৰ পৰাও পাইছিল৷ কিন্তু সুন্দৰকৈ
চলি থকা সমধবোৰ
, নিজা গতিত চলি থকা তাৰ কাম-কাজবোৰ এজাক
বৰদৈচিলাই তেনেই থানবান কৰিলে৷ বতাহছাটি সি নভবাকৈয়ে আহিছিল৷ পমিলাই আগতে
ভাবিছিলেনে নাই
, সি নাজানে৷

বছা গাঁৱৰ ইতিহাসৰ মনত ৰাখিব লগীয়া এটা ঘটনা৷ এটা লেখৰ কাম…

বছা গাঁৱৰ মানুহে যুগে যুগে খেতি কৰিছে৷ কেৱল এই গাঁৱেইনে? চৌফালে নাম শুনা, চকুৰে দেখা নেদেখা,
যিমান গাঁও এই মুলুকত আছে সকলোতে মানুহে খেতিয়েই কৰে৷ গাঁও মানেই খেতি৷
বিভিন্ন ঠাইৰ পৰা মানুহবোৰে লুইত আৰু ভোগদৈৰ মাজৰ এই ঠাইডোখৰত নিগাজীকৈ বাস কৰিবলৈ
লোৱাৰ মূল কথা হ
ল খেতি৷ পলসুৱা মাটিৰ আঠা৷ কোনোবাই এহাল
বলধেৰে যদি খেতি চপাইছে আন কোনোবাই তিনি-চাৰিহালেৰে৷ সোমাল ব
হাগত মাটি চহাবলৈ আৰম্ভ কৰি শাওনত ৰোৱা শেষ আকৌ আঘোণৰ শেষ নাইবা পুহৰ পহিলাতে
ধান চপোৱা অন্ত৷ এই পৰিক্ৰমাৰে চলি থকা কৃষিকৰ্ম কোনো সালসলনি নোহোৱাকৈ চলি থাকে৷
কিন্তু পৰিৱৰ্তন আহিল৷ তাৰ প্ৰথমটো খোজ ক
লাই মহাজনৰ পৰাই আৰম্ভ হল৷

*       *       *

 

তৰ বিহুলৈ চাৰি
দিন বাকী 
আছিল৷ মন উৰোঁ উৰোঁ কৰা বতৰত কলাই মহাজনৰ মনটোও
থৌকি-বাথৌ৷ পুৱাতে তেওঁ নিজে হাম্বাৰ চাইকেলখন লৈ যোৰহাট নগৰলৈ ওলাল৷ বেণু আৰু ৰজিতক
গুণেশ্বৰৰ বাছত উঠি আহিবলৈ দিলে৷ বেণুৰ হাতত এটা টোপোলা৷ তাত কি আছে সি নাজানে৷ মাথোন
সাৱধানে ৰাখিবলৈ বাৰে বাৰে সঁকিয়াই মহাজন আগবাঢ়িল৷ নগৰলৈ যোৱা বাটটো তেনেই
ওখোৰা-মোখোৰা৷ মাজে মাজে শিল দিয়া৷ মাজে মাজে একো একো ঠাইত প্ৰকাণ্ড গাঁত৷
ইঞ্জিনটোৱে প্ৰকাণ্ড বাছখন টানি নিওঁতে বেগ ল
ব নোৱাৰে৷
ইফালে পাণ জপাদি মানুহ জাপি নিয়ে৷ চাৰিআলিত উঠিলে বহিবলৈ পোৱা টান৷ ভিতৰত যিমান
যাত্ৰী
, বডীৰ ওপৰতো সিমান৷ ভাগ্যে বেণু আৰু ৰজিতে বহিবলৈ
পালে৷ গুণেশ্বৰৰ হেলৌ-হেচৌ বাছখন নগৰ পায়গৈ মানে হাম্বাৰ চাইকেলত যোৱা ক
লাই মহাজনো একে সময়তে নগৰ পালেগৈ৷ শংকৰ চিনেমা হলৰ কাষতে বাছখন ৰয়৷ ওচৰতে
থকা বৰা চাহ দোকানত চাহ-চিংৰাৰ জুতি লৈ মানুহবোৰ ইফালে সিফালে যায়৷ ক
বই লাগিব, বছা গাঁৱৰ মানুহে টাউন গৈ পায়েই বৰা হোটেলৰ চাহ-চিংৰা খায় আৰু
কাম-বন সামৰি বাছত ঘূৰি অহাৰ আগে আগেও খায়৷ ঘৰলৈ মিঠাইৰ টোপোলা একোটাও আনে৷ বছা
গাঁৱৰ প্ৰতিজন মানুহক বৰা চাহ দোকানীয়ে চিনি পায়
, খবৰ ৰাখে,
খাতিৰ কৰে৷ বহুতৰ বাবে যোৰহাট হেন নগৰত বৰাদানিজৰ মানুহ৷ বাৰু সেই অনা কথা পাছলৈ থৈ কলাই মহাজনৰ নগৰ যাত্ৰাৰ কথালৈ আহোঁ৷

আনে নাজানিলেও হাতীবৰুৱাই জানে
মহাজনৰ বিশেষ উদ্দেশ্য৷ এমাহমানৰ আগতে ক
লাই
মহাজন তেওঁৰ ওচৰলৈ আহিছিল৷

‘‘মাচ্‌ট’, কাম এটা কৰোঁ বুলি ভাবিছো৷’’

‘‘কি কাম ককাইদেউ?’’

‘‘টেক্‌টা এখন লওঁ বুলি ভাবিছোঁ৷ এগেলিকেছাৰপা মানুহজন
কেবাদিনো আহিছিল৷ এই কাগজ কেইখন দি গৈছে পূআই দিব লাগে৷ সস্তাতে দিব বুলিছে৷ আধা
দামতে কিবা চাপচিটি দিব বোলে৷
’’

মানুহজনৰ মুখখন উজ্জ্বল হৈ উঠিছিল৷ হাতীবৰুৱাই তেওঁৰ কথাত নতুন উৎসাহ আৰু
উদ্যমৰ বুজ পালে৷

‘‘বৰ ভাল কথা ককাইদেউ৷ কেঁকোৰা নাঙলেৰে আৰু কিমান দিন খেতি
কৰিবা৷ যুগৰ লগত চলিব লাগে৷
’’

 শলাগনিত তেওঁ বৰ ভাল পালে৷ এই
অঞ্চলত এতিয়ালৈকে খেতি কৰাৰ সেই সাধন কাৰো নাই৷ তেৱেঁই ইয়াৰ প্ৰথম অধিকাৰী হোৱাৰ
গৌৰৱ ল
ব খুজিছে৷ তেওঁৰ অঘোষিত প্ৰতিদ্বন্দ্বী
জন্মেজয় শইকীয়া ওৰফে জন্মি মহাজনৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিছে৷ হাতীবৰুৱাৰ ওচৰলৈ
আহি চৰকাৰী কাগজ-পত্ৰবোৰ ঠিক কৰোঁতে ক
লাই মহাজনৰ ঘৰৰ
জেঠীটোৱেও গম পোৱা নাছিল৷ যোৰহাট নগৰলৈ গৈ তেওঁ নিজে কৃষি বিভাগৰ জিলা বিষয়া দামোদৰ
শৰ্মাৰ লগত কথা পাতিছে৷ গ্ৰামসেৱক ভূৱন গোস্বামীকো তেওঁ শপত খুৱাই লৈছে – যদি
টেক্‌টাখন ল
বই লাগে, আনে গম পাব
নোৱাৰিব৷ আনে জুঠা কৰা বস্তু তেওঁ নলয়
, কামত নলগায়৷ ভূৱন
গোস্বামীয়েও সেই শপত আখৰে আখৰে পালন কৰিছে৷ কাৰণ
, তেওঁ জানে
ট্ৰেক্টৰ এখন লোৱাৰ দৰে ডাঙৰ কাম এটা ক
লাই শইকীয়াৰ দ্বাৰাহে
সম্ভৱ
, তাৰ বাবে তেওঁ যোত্ৰৱান – ধনেৰে আৰু মনেৰে৷ জন্মেজয়
শইকীয়া ভাল খেতিয়ক, ধনাঢ্যও, কিন্তু মনটো হ
ল পুৰণিক সাবটি
থকা৷ এইবোৰ পৰিৱৰ্তন তেওঁ সহজে আদৰি নল
ব৷ এতেকে কলাই শইকীয়াকে উৎসাহিত, প্ৰোৎসাহিত, লোভিত, প্ৰলোভিত কৰিবলৈ ভূৱন গোস্বামীয়ে বহুদিন যত্ন
কৰিলে৷ যাৰ সুফলত ক
লাই শইকীয়া বা আমাৰ কলাই মহাজন আহি হাতীবৰুৱাৰ ওচৰত
উপস্থিত৷ এইবোৰ কাগজ-পত্ৰ লিখালিখি কামত হাতীবৰুৱাৰ বাদে দ্বিতীয় এজন নাই৷

হাতী মাচটৰে ঠিক-ঠাক কৰি দিয়া কাগজ-পত্ৰ লৈ এগেলিকেছাৰত জমা দিয়াৰ
এসপ্তাহ-দহদিনমানৰ পিছত গ্ৰামসেৱক গোস্বামীয়ে কাম সম্পূৰ্ণ হ
ল বুলি জনালেহি৷ তাৰ পাছতহে কলাই
মহাজনে কথাটো ঘৈণীয়েকক জনালে৷ কলেজত পঢ়ি থকা পুতেকক তেওঁ এইবোৰৰ পৰা সাত মাইল
নিলগত ৰাখে৷

আজিয়েই সেই শুভ দিনটো আহিল৷ নগদ চল্লিছ হাজাৰ টকা বেংকত জমা দি, তাৰ কাগজ এগেলিকেছাৰত দি এখন কবুটাটেক্‌টাৰৰ
গৰাকী হ
ল কলাই শইকীয়া মহাজন৷ গাড়ীখন
চমজি লওঁতে 
লওঁতে বিয়লিয়ে হলগৈ৷ তথাপি সিমান সমস্যা নহল৷ বেণু আৰু ৰজিতক লগত নিয়াৰ কাৰণ সেইটোৱেই৷ ট্ৰেক্টৰখন ঘৰলৈ আনোতে সমস্যা
ব পাৰে বুলি তেওঁ চিন্তা কৰিছিল৷ হওঁতে এইখন চলাই আহিব পৰা
মানুহ এটা অফিচৰ পৰাই দিব বুলি গোস্বামীয়ে আগতেই কৈছিল৷ কিন্তু কামখিনি কৰোঁতে
দেৰি হ
ব পাৰে৷ ৰাতি-বিয়লি ইমানখন ৰাষ্টা অকলে কেনেকৈ আহিব?
জীৱন বৰা নামৰ এজন কৰ্মচাৰীক দায়িত্ব দিয়া হল৷
ট্ৰেক্টৰখন
বছা গাঁৱৰ লাই শইকীয়াৰ ঘৰত থৈ আহিব৷ জীৱন বৰাৰ
বাবে গাড়ীখন থৈ অহাটো ডাঙৰ কথা নহয়
, টাউনৰ পৰা বিছ কিলোমিটাৰ
বাট ৰাতি-বিয়লি অহাটোহে ডাঙৰ কথা৷ বছাৰ পৰা যাতায়াতৰ একমাত্ৰ ব্যৱস্থা গুণেশ্বৰৰ
বাছখন পুৱা ন বজাত টাউনলৈ যায়
, বিয়লি তিনি বজাত ঘূৰি আহে৷ কলাই শইকীয়াই কলে, “বআদেউ,
মো ঘঅত থাকিব৷ ঘঅলৈ ন-লখিমী লৈ যাব শুদা মুখেএ ঘূৰাই পঠিয়াম নে?
এআতি থাকি এসাজ খাই পিছদিনা পুৱাই ঘূইব৷ভাবি-চিন্তি
জীৱন বৰা মান্তি হ
ল৷ কেছাৰীৰ সন্মুখত পাণ-তামোল বেছা একে
গাঁৱৰে ল
ৰা এটাৰ আগত তেওঁ খবৰ দি পঠিয়ালে, ‘আজি ঘৰলৈ যোৱা নহব৷ ডেলিভাৰী আছে৷

আগে আগে চাইকেলত কলাই শইকীয়া মহাজন,
পিছত জীৱন বৰা ট্ৰেক্টৰ চালক, বেণু আৰু ৰজিত
ট্ৰেইলাৰৰ পিঠিত বহি সমদলে যাত্ৰা আৰম্ভ কৰিলে নতুন ট্ৰেক্টাৰ লৈ বছা গাঁৱলৈ৷ ইমানকেইটা মানুহ থাকিলে বাটতে আন্ধাৰ হ
লেও ভয় নাই৷

সমদলটো আহি আহি আধা বাট পাৰ হল৷
নগৰৰ হেমগেম নোহোৱা হ
ল৷ ট্ৰেক্টাৰখন এবাৰ চলাই চাবলৈ বেণুৰ
মনটোৱে লিক্‌লিকাই আছিল৷ ইতিমধ্যে সি সুধি সুধি
, দেখি দেখি
গাড়ীখন চলোৱাৰ বহুখিনি কথা জানি লৈছেই৷ সেইখিনি প্ৰয়োগ কৰি চাবলৈও তাৰ মনটোৱে উচ্‌পিচাই
আছে৷ মহাজন অলপ আগবঢ়াৰ সুবিধা বুজি ড্ৰাইভাৰ জীৱন বৰাক তাৰ অভিপ্ৰায় জনালে৷
প্ৰথমে অলপ কেৰ্‌ঘেৰ কৰিছিল যদিও তেওঁ বেণুক সুযোগটো দিলে৷ তথাপি তাৰ ওপৰত
সম্পূৰ্ণ এৰি নিদি নিজে তাৰ ওচৰতে বহি ল
লে৷

হেণ্ডেল দুডালত ধৰি বেণুৰ বুকুখনে ধপ্‌ধপাবলৈ ধৰিলে৷ ট্ৰেক্টৰৰ ইঞ্জিনৰ ঢপ্‌ঢপনিতকৈ
তাৰ বুকুখনহে চৰিল৷
কিলাচডাল এৰি দিওঁতে দুবাৰ ইঞ্জিনটো বন্ধ হৈ গৈছিল৷ তাৰ পিছত সহজ হল৷ সোঁফালে বাওঁফালে ঘূৰোৱাত দিগ্‌দাৰ নাই৷ পোন ৰাষ্টা, কিন্তু খলা-বমা৷ কলাই মহাজনে ড্ৰাইভাৰ সলনি হোৱা
কথাটো টং কৰে মানে বেণুৱে ইতিমধ্যে প্ৰায় তিনি কিলোমিটাৰ চলোৱাৰ অভিজ্ঞতাৰে পূৰ্ণ
হৈ উঠিছিল৷

ইতিমধ্যে দিনটোৰ ভিতৰত খবৰটো পাই বছা গাঁৱৰ মানুহবিলাকৰ মনবোৰ বৰকৈ কামত
লগাব পৰা নাছিল৷ একো নাচাওঁ বুলিও বাৰে বাৰে বাটলৈ চাইছিল৷ খবৰ এটা কৰোঁগৈ
বুলি মহাজনৰ বহল চোতাল আৰু বাৰান্দাত এজুম মুনিহ-তিৰোতা গোট খাইছিলগৈ৷ ৰামচন্দ্ৰই
লংকা জয় কৰি সীতাক লক্ষ্মণৰ সহিতে চৈধ্য বছৰীয়া বনবাসৰ পৰা ঘূৰি আহোঁতে অযোধ্যাবাসীৰ
মনত যি অধীৰ আনন্দ লাগিছিল
, বছা গাঁৱৰ মানুহৰ
আনন্দ ঠিক সিমান নহ
লেও উৎসুকতা কিন্তু কোনো গুণে কম নাছিল৷

অৱশেষত ঢক্‌ ঢক্‌ শব্দ কৰি ট্ৰেক্টৰখন গাঁও পালেহি৷ তাৰ পিছত কলাই মহাজনৰ চোতাল৷ মহাজনৰ ঘৈণীয়েক সাবিত্ৰীয়ে এবাল্টি
পানীৰে চকাকেইটা ধুলে, এখন নতুন গামোচাৰে
ইঞ্জিনটো মচিলে৷ শৰাই এখনত চাকি এগছি লগাই ট্ৰেক্টৰখনৰ সন্মুখত ঘূৰালে৷ কেইটামান
চাউল গাড়ীখনলৈ ছটিয়ালে আৰু থিয়ৈ থিয়ৈ প্ৰণাম জনাই আদৰণি জনালে৷

টাউনলৈ যোৱা কাপোৰ সলাই গা-পা ধুই কলাই
শইকীয়া আহি ট্ৰেক্টৰখনৰ মুখামুখিকৈ বাৰান্দাতে আৰামত বহিলহি৷ জীৱন বৰাকো হাত-মুখ
ধুই পৰিষ্কাৰ হ
বলৈ দিলে৷ তাৰ পিছত সমবেত গঞাৰ আগত টেক্‌টা পুৰাণমহাজনে আৰম্ভ কৰিলে৷ ৰাইজে আগে-পাছে
নেদেখা বস্তুটো লিৰিকি বিদাৰি চালে৷
আমাৰ বেণুও কম নহয় দেই৷
এফাল বাট সিয়েই চলাই আনিলে৷
’’ মহাজনৰ বিস্ময়ভৰা প্ৰশংসাত
বেণুৰ বুকুখন ফুলি উঠিছিল৷

ৰাতিলৈ আলহী আৰু চুবুৰীয়াক লগত লৈ কুকুৰা মাংসৰ ভোজ চলিল৷ তেতিয়াই মহাজনে
ঘোষণা কৰিলে- পৰহিলৈ ঈশ্বৰৰ নাম এষাৰ পাতিহে গাড়ী কামৰ বাবে মুকলি কৰা হ
ব৷ কথা যেনে কাম তেনে৷ উৰুকাৰ এদিনৰ আগত এইবোৰ নীতি-নিয়ম
শেষ কৰা হ
ল৷ ট্ৰেক্টৰৰ সম্পূৰ্ণ দায়িত্ব পৰিল বেণুৰ ওপৰত৷

বেণু, তো ভঅষাতহে মই টেক্‌টা লৈছোঁ৷
নহ
লে বুআ বয়সত শালিকীয়ে মাত লবলৈ
নাযাওঁ৷ সম্পূৰ্ণ দায়িত্ব তো৷ মই তেল ভওৱাৰ দায়িত্বহে ল
লোঁ৷

মহাজনে দিয়া মৰ্যাদাত বেণুৰ বুকুখন ভৰি গল৷ বিহুটো এইবাৰ আৰু ৰমক-জমক হব৷ নতুন এখন
ট্ৰেক্টৰৰ সম্পূৰ্ণ দায়িত্ব পোৱাটো কি সৰু কথা৷ হুঁচৰিত এইবাৰ তাৰ গুৰুত্ব আৰু
বাঢ়িব৷

বছা গাঁৱতে সি যোৱা দহ বছৰে বিহু দেখিছে, হুঁচৰি গাইছে, ঢোল বজাইছে৷ বিহু উৰুৱাইছে৷ চান্দা,
বৰঙণি নামঘৰলৈ থৈ হুঁচৰিত উঠা গামোচা একোখন ভাগত সিও পাইছে৷

কিন্তু এইবাৰ উৰুকাৰ দিনাখনেই গণ্ডগোলটো লাগিল৷ কৰ জানো এজাক ধুমুহা-বৰষুণে তাক তিয়াই যোৱাই নহয়, তাৰ পঁজা ঘৰটো চেলিয়াই বখলিয়াই গ

(আগলৈ)