চাকৰি নে স্বনিয়োজন?

 ° বুলজিৎ
বুঢ়াগোহাঁই

শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু
ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহু সংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত
প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়
 ফলত ৰাজ্যখনত নিবনুৱা
সমস্যাই গা কৰি উঠিছে৷ আমি সকলোৱে বুজা উচিত যে
 কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়৷ চাকৰিৰ বাহিৰেও
সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো
নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি৷ এই সম্পৰ্কে চৰকাৰী
, বেচৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু
ছাত্র সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি
ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ
বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ
বিষয়েও বিতংকৈ জনাব লাগে৷ তদুপৰি
, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক
দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি
 স্বনিয়োজন’-
বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভান্বিত হ
ব৷
চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয়
জীৱন নিৰ্বাহ কৰিব পাৰি, সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ
পথ বাছি‍ ল
লে নিবনুৱা সমস্যা অলপ হলেও
কমিব বুলি আশা কৰিব পাৰি৷

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ
যে
 কেৰিয়াৰৰ  ক্ষেত্রত কোনো ব্যক্তিয়েই এশ
শতাংশ সন্তুষ্টি লাভ নকৰে৷ কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ

পাৰে
, কোনোবাজন হয়তো কৰ্মস্থলীক লৈ নতুবা সহকৰ্মীক লৈ সন্তুষ্ট নহ
পাৰে ইত্যাদি৷ ব্যক্তিগত খণ্ডত সৎভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ
কৰি থকাসকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয়৷
তদুপৰি
, ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা
ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰিয়ালসকলৰ দৰে সমদৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ
কৰিব পাৰিলেহে সমাজৰ প্রত্যেকজন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ
ব৷
উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰে৷
চাকৰিয়ালৰ উপাৰ্জন সীমিত, কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানেই যত্ন কৰে,
সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্রসাৰিত কৰিব পাৰে৷
চাকৰিয়ালসকল সদায় সীমাৰ মাজত আবদ্ধ৷ চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময়
থাকে
, কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো
নিৰ্দিষ্ট সময়সীমা নাথাকে৷ সাধাৰণতে
, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয়;
কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱাটো সম্ভৱ৷

ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপন কৰিবলৈ
প্রয়োজন হোৱা বিভিন্ন ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে পৰামৰ্শ গ্রহণ কৰিবলৈ
আগ্রহী ব্যক্তিয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র
,  চৰকাৰী বিভাগ
অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ উপৰি ৰাষ্ট্রীয় আৰু ৰাজ্যিক বিত্তীয় অনুষ্ঠান
, ৰাষ্ট্রীয়কৃত বেংকসমূহত
যোগাযোগ কৰিব পাৰে৷ যেনে
ৰাষ্ট্রীয় ঔদ্যোগিক বিত্তীয় নিগম (Industrial Finance Corporation of India, https://www.ifciltd.com), ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক (Small Industries Development Bank of India, https://www.sidbi.in), ৰাষ্ট্রীয় লঘু উদ্যোগ নিগম (National Small Industries Corporation, https://www.nsic.co.in), ৰাষ্ট্রীয় কৃষি আৰু গ্রামীণ উন্নয়ন বেংক (National Bank for Agriculture and Rural Development,
https://www.nabard.org),
 ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক
(
Industrial Development Bank of India,
https://www.idbibank.in),
 নেড্‌ফি (North Eastern Development Finance Corporation Ltd,
https://www.nedfi.com),
 অসম বিত্তীয় নিগম (Assam Financial Corporation, http://www.afconline.gov.in), অসম ঔদ্যোগিক নিগম (Assam Industrial development Corporation, http://aidcltd.com), অসম লঘু উদ্যোগ নিগম (Assam Small Industries Development Corporation,
http://asidcltd.assam.gov.in),
 ভৈয়াম জনজাতি উন্নয়ন নিগম, অনুসূচিত জাতি উন্নয়ন নিগম, অন্যান্য পিছপৰা জাতি উন্নয়ন
নিগম আদি। সেইদৰে ৰাষ্ট্রীয়কৃত বেংক, যেনে
ষ্টেট বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক, অন্ধ্ৰ বেংক, বেংক
অৱ ব
দা, বেংক অৱ ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্র , কানাড়া বেংক, ৰ্পৰেশ্যন
বেংক
, চেণ্ট্রেল বেংক অৱ ইণ্ডিয়া, ডেনা ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অ’ভাছীজ বেংক, পাঞ্জাব নেচনলে বেংক, পাঞ্জাব এণ্ড সিন্দ বেংক
ছিণ্ডিকেট বেংক
, য়ুনিয়ন বেংক অৱ ইণ্ডিয়া, য়ুনাইটেড বেংক অৱ ইণ্ডিয়া, অ’ৰিয়েণ্টেল বেংক অৱ কৰ্মাচ, য়ুক’ বেংক, বিজয়া বেংক আদিৰ নিজা নিজা
কিছুমান ঋণ আৰু সাহায্য আঁচনি আছে৷

ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপনৰ বাবে
প্রশিক্ষণ প্রদান কৰা অসমৰ কেইটামান প্রতিষ্ঠান হ

১। ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠান (State Institute of Rural Development, https://sird.assam.gov.in)৷

২। আই. আই. ই. (Indian Institute of Entrepreneurship , http://www.iie.gov.in)৷

৩। চিপেট (Central
Institute of Plastic Engineering and Technology, http://www.cipet.gov.in)৷

৪। ফাইনাৰ (Federation of industries & Commerce of North Eastern region, https://finer.in)৷

৫। ভাৰতীয় উদ্যোগী বিকাশ প্রতিষ্ঠান (Entrepreneurship Development Institute of India,
https://www.ediindia.org)
  ইত্যাদি৷

অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ
তথা ব্যৱসায় হ
বিউটি পাৰ্লাৰ, নাৰ্ছাৰি‍, অসমীয়া গহনা বিক্রীৰ
প্রতিষ্ঠান
, কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান, টিভি মেৰামতি; কুকুৰা, ছাগলী, গৰুৰ ফাৰ্ম; পোহনীয়া জন্তু, চৰাইৰ বিক্রী
কেন্দ্র
, কুৰিয়াৰ ছাৰ্ভিচ, কিতাপ-আলোনী আদি বন্ধা, মাছৰ একুৱাৰি‍য়াম, কেটাৰিং ছাৰ্ভিচ, মটৰ ড্রাইভিং স্কুল, কেৰিয়াৰ কাউন্সেলিং, স্কুল আৰু কলেজৰ
ছাত্র-ছাত্রীৰ য়ুনিফৰ্ম
, এম্ব্রইডাৰি, পুতলা নিৰ্মাণ, বুক বাইণ্ডিং, ফট’ষ্টেট আৰু লেমিনেশ্বন, ডি.টি.পি., ভিডিঅ ৰেকৰ্ডিং, ট্রেভেল এজেঞ্চি, পৰ্যটন সেৱা কেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলী প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন খাদ্যদ্ৰব্যৰ
ব্যৱসায়
, ফাষ্ট ফুড, ৰেষ্ট্যুৰেণ্ট্, টেণ্ট হাউছ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰি‍, পিঠা আৰু লাড়ু প্রস্তুত, ক্রেচ, ছবি অঁকা স্কুল, গানৰ স্কুল  আদি৷

বৰ্তমান সময়ত দেখা গৈছে যে লাজ আৰু সংকোচৰ বাবে  বহু
সংখ্যক যুৱক-যুৱতীয়ে
 নিজ ৰাজ্যত কিছুমান বৃত্তিত
নিয়োজিত হ
বলৈ নিবিচাৰে; কিন্তু, বহিঃৰাজ্যলৈ‍ গৈ একে ধৰণৰ বৃত্তিতে নিয়োজিত হৈ
আছে। এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনে বৃত্তিৰ
প্রতি আগ্রহী হ
লে শাৰীৰিক, মানসিক তথা আৰ্থিকভাৱেও যে লাভান্ৱিত হ, সেই সম্পৰ্কে সজাগতা আনিবৰ
বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান
, চৰকাৰী, বেচৰকাৰী অনুষ্ঠান আৰু ছচিয়েল
নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয়৷

বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ সংগ্রহ কৰিব পৰা এটা
ৱেবছাইট হ
www.sakori.org ইয়া
স্থানীয় সংবাদপত্রত প্রকাশিত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপন আৰু বিভিন্ন কোম্পানীৰ
নিজা ৱেব্‌ছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেব্‌ছাইটবোৰত প্রকাশিত নিয়োগ বাৰ্তাসমূহ
একত্র কৰি প্ৰকাশ কৰা হয়৷ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে
জানিব বিচাৰে
, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত
ফ’ন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে৷

ঠিকনা:

কেৰিয়াৰ পৰামৰ্শদাতা তথা
সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ
অসম ডনবস্ক বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com