চহৰখন গাঁৱলৈ লৈ নাহিবা

ৰণ্‌জিত গগৈ

 

কোনোটোৱে কতো
একেদৰে একে হৈ থকা নাই

খতিখনহীনভাৱে বলিয়েই আছে চিনাকী বতাহজাক অচিনাকি হৈ

 

পুৰণিকলীয়া মানুহবোৰ এজন এজনকৈ
ধূলি আৰু ধোঁৱাৰ স
তে

হঠাৎ নোহোৱা হোৱাৰ পৰাই বুকুখনৰ কৰবাত
কেনেকৈ

শূন্যতাই বহলাই বহি ললে
বুজাব নোৱাৰোঁ৷

 

গাঁওখনৰ বুকুৰ পৰা গাঁওখন গুচি
গৈছে ক
ৰবালে

কেতিয়াবাৰে পৰা৷ চহৰখন চহৰৰ পৰা
ক্ৰমে ক্ৰমে গাঁওমুখী হোৱালে
 চাই

এনে লাগে যেন মানুহমখাকে হেৰুৱাই
পেলাম কাহানিবা

মৰিবলেও জীৱলেও সঁচ নাভাবি আৰুনো
কি ভাবিব পাৰি
?

 

জীপাল আৰু উমাল মানুহবোৰে এদিন
ঠাহ খাই থকা গাঁওবোৰৰ

কোনোবা কোণত বহিও সজীৱ আৰু দুৰন্ত
ডেকাৰ দৰেই

মেৰাই-মহতীয়াই আছিল প্ৰতিজন আবাল বৃদ্ধ-বণিতা৷

 

চহৰৰ বুকুত নিতে ওখ ওখ হৈ অহা
কংক্ৰিটৰ ঘৰবোৰত

মুকলিমুৰীয়া মানুহবোৰৰ উশাহবোৰ
পোহনীয়া বিদেশী কুকুৰবোৰৰ দৰেই

ৰবাত বন্দী হৈ ৰয়
চেগা-চোৰোকাকৈ৷ চকু চাট মাৰি অহা 

চৌখিন ছিখ্‌লাজনীৰ দৰেই সাজিছে আৰু সজাইছে নিজকে
নিজে

ফালি ছিৰি এটা সপোন৷ উঃ যি আছিল
কিমান আপোন

যান্ত্ৰিকতাই কেউফালেৰে চেপি-খুন্দি আনোতে আনোতে

আমি মখাচোন ক
এদিন ছেদেলি-ভেদেলি হৈ

নিশ্চিহ্ন হৈ পৰিম বুজাব লাগে নে
বুজিব লাগে
?

 

বাৰুকৈয়ে বতাহ এজাক বুকুলৈকে বলা
নাই বুলি

কেনেকৈ নভবাকৈ নিবোকা হৈ থাকিব
পাৰোঁ

থৰ্‌থৰণি এটাই যেতিয়া বুকুত অহ্‌ৰহ
কঁপনি এটা তুলিয়েই থাকে

 

জীয়া কেঁচা যন্ত্ৰণাৰ শৃংখলা এটাৰে
লুতুৰি-পুতুৰি হৈ

এই পাৰ হৈ আহিলোঁ কি নাই, জীৱনৰ নতুন আদিপাঠ এটা লৈ

আমি জানো পোহৰ হ
পাৰিম নে পোহৰাই ৰাখিব পাৰিম

কাৰোবাৰ জীৱনৰ এফাল৷

কোনো আঁচনি নাই আমাৰ জীৱনৰ
তুলাচনীত

 

গাঁৱৰ পদুলিবোৰত সেমেকা ধূলিৰ
গোন্ধ এটাই

বুকুত সৰিয়হ ফুলা পথাৰৰ ছবি এখন
হৈ

চিক্‌চিকিয়া কৰি তোলে আবেলি আবেলি

 

এটা সময়ত, এনেকুৱা দিনবোৰেই আমাক সজাই-পৰাই

চৌখিন কৰি তুলিছিল, যিবোৰ আছিল আমাৰ সাতামপুৰুষীয়া

 

চহৰখন চহৰতে থাকক৷ ঘৰখন উদং কৰি

কি উকি মাৰিবা? চোতাললৈকে চহৰময় এতিয়া

চপলা পথাৰখন

 

সকলো গাঁৱেই পোহৰ হওক

বাট-পথ, ধূলি-বালি জিলিকি উঠক পোহৰৰ বদান্যতাৰে

আৰু চহৰৰ চিক্‌মিকনিবোৰ চহৰতে
থাকক

গাঁৱৰ পৰাই ঠন ধৰি উঠক গাঁওবোৰ৷