ড০ চন্দ্ৰধৰ চমুৱা
(যোৱা সংখ্যাৰ পিছৰ পৰা)
(বিশ)
বৰচ’ৰাত
নিতৌ মেল বহে ৷ এনে এটা দিনৰে কথা :
আজি আকৌ কেইটামান অভিযোগৰ বিচাৰ
আছে। নাম-ৰূকতে বন্দী কৰি অনা এটা মানুহ আৰু এজনী তিৰোতাৰ দুটা সুকীয়া সুকীয়া
বিচাৰ,
তাৰ শাসনকৰ্তা খুন্-টঙে নিষ্পত্তিৰ বাবে
পঠাইছে। এই তি-পামতে চাউডাঙে বন্দী কৰা আন এটা অপৰাধীও আছে।
ইফালে ৰজা আজি বৰ ব্যস্ত। নতুন
ঠাইৰ নৈ-বিল, জান-জুৰি আদিৰ গতি-বিধি দিনৌ ভালকৈ নিৰীক্ষণ কৰিবৰ
কাৰণে মানুহ নিয়োগ কৰি ৰখা হৈছে৷ এই মানুহবিলাকৰ পৰা নানা
তথ্য লৈ ছ্যুই আলোচনাত বহে; আৰু আজিও
তেনে আলোচনাতে নিমজ্জিত ৷ পানীৰ গতি, গভীৰলৈকে মাটিৰ গঠন,
কোন ঠাইৰ পানী কেনেকুৱা, বালিত সোণ আৰু অন্য
ধাতুৰ কণিকা কিমান পৰিমাণে আছে, ক’ৰবাত
লো পোৱা যায়নেকি, এইবোৰ খবৰো সি লৈ
আছে। কোন ঠাইৰ ভাতৰ সোৱাদ কেনে, চোচোঙানে গহীন, একে আকাৰৰ একেবিধ পাচলি কোন ঠাইত পাতল হয়, বিভিন্ন
নৈ, বিলৰ সম পৰিমাণৰ পানী লৈ ওজন কৰি কোনখনৰ কিমান পোৱা গ’ল তাৰ হিচাপো সি লয়। বেছি ওজন থকা পানীত বেগেৰে সাঁতুৰিব নোৱাৰি, কম ওজন থকা পানীত পাৰি৷
ৰণৰ সময়তে হ’ক বা অন্য কাৰণতে হ’ক সাঁতুৰিবলৈ হ’লে মানুহে
এইবোৰ কথা জনিব লাগিব। ভাত-পানী, শাক–পাচলি,
ফল-মূলৰ সোৱাদৰ তাৰতম্যৰ লগত মানুহৰ স্বাস্থ্যৰ
সম্পৰ্ক আছে বুলি ৰজাই নিজে, বিষয়া-ডাঙৰীয়া আৰু চাও ম’
পুৰোহিতসকলে বিশ্বাস কৰে। সেইবাবেই এইবোৰ তথ্য
চাৰিওফালৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি
পণ্ডিতৰ হতুৱাই লিখাই থোৱা হয়!
এনে কিছিমান গভীৰ আলোচনাত ব্যস্ত থাকোঁতেই
ভূতৰ ওপৰত দানহৰ দৰে ওলালহি নাম্ৰুক্ আৰু তি-পামৰ নিষ্পত্তিৰ বাবে
অনা এই বিচাৰ কেইখন ৷ অৱশ্যে বিচাৰত অপৰাধীক বেছি সোধ-পোছ কৰিবলগীয়া নাই, কাৰণ নিজ নিজ ঠাইত সেইবিলাকৰ বিচাৰ হৈ আছে, ৰায়বোৰহে
সংশ্লিষ্ট শাসনকৰ্তাই দিব নোৱাৰাত অপৰাধীক ৰজাৰ ওচৰলৈ পঠোৱা হৈছে। বিচাৰ মতে এটা অপাৰাধীৰ মৃত্যুদণ্ড হ’ব লাগে। কিন্তু মৃত্যুদণ্ডৰ ৰায় কেৱল ৰজাইহে দিব পাৰে। প্ৰথমে তাকে চ’ৰালৈ অনা হ’ল। প্ৰায় ডেৰকুৰি বছৰীয়া যুৱক। ভয়-বিহ্বল শেঁতা মুখ । ৰজালৈ চাই সি
দীঘল দি পৰিল; তাৰ পাছত আঁঠু লৈ বহিল৷ কুন্হাই এজনে নাম-ৰুকৰ
পৰা পঠোৱা পত্ৰখন পঢ়ি চালে। চিঠি মতে অপৰাধী লম্পট
লোক। মাত্ৰা ইমান চৰিল যে অৱশেষত সি নিজৰ বৌৱেককো বলাৎকাৰ কৰিছে৷
এক নৰপিশাচলৈহে যেন সকলোৱে চাই
আছে। ৰজাও খন্তেক মৌন হৈ ৰ’ল। পবিত্ৰ
পু-লান-চি শাস্ত্ৰত এই সম্পৰ্কে পূৰ্ব পুৰুষৰ নিৰ্দেশ কি ছ্যুই চিন্তা কৰিলে। তাৰ মনলৈ আহিছে। শাস্ত্ৰত লেংডনৰ
নিৰ্দেশনা আছে : ককাই-ভাইৰ পত্নীক বলাৎকাৰ কৰা লোকৰ কলিজাত চুৰি
বহুৱাব লাগে। সি অপৰাধীৰ ফালে আকৌ এবাৰ চালে, তাৰ পাছত
মন্ত্ৰী কুন্হাই দুজনলৈ।
“কুন্হাইসকলে তাক সোধকচোন
ককায়েক-বৌৱেকে তাক ক্ষমা কৰিছেনে নাই।” ছ্যুই সকলোৰে পৰা
মুখখন এফলীয়া কৰি মাত লগালে। তেতিয়া কুন্হাই থাও-মুঙবান্-ৰই এ অপৰাধীক সুধিলে। সি মিছা মতাৰ প্ৰমাণ হ’ল। ইফালে
ৰাজদ্বাৰত তাৰ হৈ এষাৰ ক’বলৈও কোনো নাই। এতিয়া কথা হ’ল কোনোবাই ক্ষমা কৰকেই বা নকৰকেই, ই এটা গুৰুতৰ
অপৰাধ ৰূপে গণ্য হৈছে।
তথাপি কিছু দ্বিধা-দুৰ্বলতাই ছ্যুৰ
অন্তৰখনত ক্ৰিয়া-প্রতিক্ৰিয়া কৰি আছে৷ মৰম কৰি এই মানুহটোক মৃত্যুদণ্ডৰ পৰা
ৰেহাই দি অন্য শাস্তি দিবনে বিধি অনুসৰি ব্যৱস্থা ল’ব?… নাই নহয়, সকলোতকৈ ওপৰত
আছে বিধি-বিধান ৷ অন্তৰৰ কোমলতাত সেইবোৰ উটুৱাই দিলে সি কেনেকৈ ৰজা হৈ দেশ শাসন
কৰিব? ৰজা ৰজাই, বিধান বিধানেই। মনটো
সি দৃঢ় কৰি ল’লে আৰু আদেশ শুনালে :
“সহোদৰ বুলিলে বুলিবলৈ
নাই। তেনে সহোদৰৰ সংসাৰত বিঘিনি ঘটোৱা আৰু নাৰী বলাৎকাৰ অক্ষমণীয় অপৰাধ।
চাউডাংহঁতে ইয়াক মৰিশালিৰ কাষলৈ নি গছত বান্ধি কলিজাত লগাকৈ চুৰি বহুৱাই দিয়কগৈ”
সৈনিক চাউডাংহঁতে অপৰাধীক
টানি বাহিৰলৈ লৈ গ’ল।
এইটো ছ্যু-কা-ফাৰ জীৱনৰ তৃতীয়টো
মৃত্যুদণ্ডৰ নিৰ্দেশ। এটা নিৰ্দেশ দিছিল মঙ্-মিতত থাকোঁতে, দ্বিতীয়টো ডয়-কাও-ৰঙত লগা যুদ্ধৰ বন্দীৰ প্ৰতি।
অপৰাধীক বধ্যশালালৈ উলিয়াই
নিয়াৰ পাছত দ্নুই কুন্হাইসকলক সুধিলে :
“যদি এয়া বলাৎকাৰ নহৈ
সহবাস হ’লহেঁতেন তেন্তে কি শাস্তি হ’লহেঁতেন
বুলি আপোনালোকে ভাবে?”
কুন্হাই
থাও-মঙ্-কাঙ্-ঙানে ক’লে যে এনে ক্ষেত্ৰত অপৰাধীক ঘাটে-পানীয়ে নিষেধ কৰাৰ বিধান আছে।
নাম্-ৰুকৰ অপৰাধীক নিয়াৰ
পাছত আন এটাক অনা হ’ল। সি এই ঠাই তি-পামৰে।
সি তাই মানুহ নহয়। চাউডাঙে তাক ধৰি আনিছে, গোচৰীয়াসকল
পিছে পিছে আহিছে, তাৰ ওপৰত অভিযোগটো হৈছে : সি নিজে ভাৰ
নকঢ়িয়ায়, খৰি-কাঠ নাকাটে; ধান-চাউল,
ধন-বিত দিম বুলি মানুহক খটুৱায়, শেষত দাবি-ধম্কি দি পঠাই দিয়ে ।
তাক ধৰি অনা হ’ল
যেতিয়া বিচাৰ কৰিবই লাগিব। আচলতে এনেবোৰ বিচাৰ অঞ্চলৰ দায়িত্বত থকা বিষয়া বা
ডাঙৰীয়াৰ অধীনস্থ। গতিকে নিজৰ চ’ৰাতে কুন্হাইজনে এনেবোৰ বিচাৰ কৰি দণ্ড বিহিব পাৰে। ছ্যুই এই বিষয়ে সকলো মন্ত্ৰী- বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰি কলে যে ৰজাৰ বৰচ’ৰাত এইবোৰ বিচাৰো
কৰিবলৈ হ’লে বাকীবোৰ কাম নিসিজিব। কথাটো সকলোৱে বুজিলে আৰু
মূৰ দুপিয়ালে, কিন্তু যিহেতু অপৰাধীক অনাই হ’ল, ৰজাই দুয়োপক্ষকে সোধ-পোছ কৰিবলৈ কুন্হাইসকলকে ক’লে। তেওঁলোকে উভয় পক্ষৰ উক্তিবোৰ শুনিলে, সাক্ষীৰ
কথাও শুনিলে। অপৰাধ প্রমাণিত হ’ল। ৰজাই ৰায় দিলে : ইয়াক অৰণ্যলৈ খেদা হ’ক। ই কোনো গাঁৱত মানুহৰ মাজত বাস
কৰিব নোৱাৰিব, ই সমাজত বাস কৰাৰ উপযোগী নহয়; তাই শাস্ত্ৰ লিক্ লাই-এ তাকেই কয়।” চাউডাংহঁতে তাক
গঁতিয়াই উলিয়াই নিলে। তাক গাঁও-ভুঁইৰ বাহিৰ কৰি অৰণ্যত মেলি থৈ অহা হ’ব।
ইয়াৰ পাছত আহিলে অন্য এক অপৰাধীৰ
বিচাৰ কিন্তু এইবাৰ অপৰাধী যে নাৰী ! পিছে এই নাৰী সম্পৰ্কত যিখন বিচাৰ অনুষ্ঠিত হ’ল
সেইখনে ছ্যুৰ সুদীৰ্ঘ যাত্ৰাপথৰ বিশেষ এখন ছবি মনৰ মাজত
উজাৰি দিলে। অ’ত ত’ত পাতি অহা অস্থায়ী
বাসস্থান, পুৰুষ-নাৰীৰ নানা হাঁহি-ধেমালি,
খেতি-বাতি, হাঁহ-কুকুৰা পালন, অৰণ্যৰ পৰা শাক-পাত সংগ্ৰহ, চিকাৰৰ সন্ধান, বিলত নামি মুনিহ-তিৰোতাই পল–জুলুকিৰে
মাছ ধৰা এই সকলোবোৰ ছবিয়েই তাৰ মনৰ মাজত অগা-ডেৱা কৰিব
ধৰিলে। কুন্হাইসকলে সোধ-পোছ কৰোঁতে ছ্যুই তেওঁলোকলৈ আৰু অপৰাধীৰ মুখলৈ মাজে মাজে চাই থাকিল। আৰম্ভণিৰ পৰা
শেষলৈকে।
++ ++ ++
আৰম্ভণি খাম্-য়াঙতেই।
খৰালি নাম-য়াং বিলৰ কাষ এটা ঘেৰি
লৈ মানুহবোৰে পল চবিয়াইছে। পুৰুষবিলাকৰ
কঁকালত একোটা জাঙিয়া, জাঙিয়াৰ ওপৰত একোখন গামোচা বা টঙালি, কোনোৱে একোখন তিয়নী কাপোৰকে ভালকৈ
মেৰাই পিন্ধিছে। পোন্ধ নাই। গাবোৰ উদং। মূৰত কাৰোবাৰ খোপা, কাৰোবাৰ
গামোচাৰ পাগ। কঁকালত খালৈ নাইবা বেতৰ লানি জৰি৷ তিৰোতাবোৰে বুকুত মেথনি মাৰি মেখেলা পিন্ধিছে– বিবাহিতা-অবিবাহিতা
সকলোৱে। কঁকালত কোনোজনীৰ টঙালিৰ দৰে একোখন কাপোৰ, কোনোজনীৰ নাই। গাত কাৰো চোলা নাই। প্ৰত্যেকে খোপা বান্ধিছে।
খোপাৰ ওপৰত কোনোজনীয়ে ফচৌ কাপোৰ একোডোখৰ মেৰাই বান্ধিছে, সৰহখিনিৰ
সেয়া নাই। পুৰুষ-তিৰোতা সকলোৰে ওঁঠ তামোলৰ পিকেৰে ৰঙা। পাৰতে খাই লোৱা তামোল।
বিলৰ দেৱতাক গুৱা-পাণ দি তুতি-প্ৰাৰ্থনা কৰি সকলোৱে গাঁঠিৰ তামোল-চালি খাই বিলত
নামিছে। সকলোৰে মুখত হাঁহি। মানুহৰ জাকটো ঢেৰা চৰাইৰ দৰে
নামি বিলৰ কাষটো তিনিওফালৰ পৰা ঘেৰি লৈ পল চবিয়াই চবিয়াই গৈ আছে। তিৰোতাজনীৰ পলটোত ডাঙৰ মাগুৰ এটা পৰিল। এনেকুৱা যে পিছল মাছটো! তাই বহুপৰ যুঁজি আছে
ধৰিবলৈ। সেয়ে নাংজনী শাৰীটোৰ পাছ পৰিল। তাইকে দেখি এটাই পিছ পৰি দিলে। “এ, ধৰি দেচোন মাছটো” তাই ক’লে। সি হাঁহি মাৰি কাষ চাপি আহিল। তাই পলটোৰ মুঠিটোত ধৰি আছে। তাইৰ গাতে গা লগাই সি পলটোৰ ভিতৰত
হাত ভৰাইছে। দুপাকমান হাতখন ঘূৰাই ক’লে, “গ’ল এ৷” তাই হতাশ হৈ হাতখনৰ
মুঠিটো ঢিলাই পলটো দাঙি আনিব খুজিছে।
তেতিয়া সি বাওঁহাতখনেৰে তাইৰ হাতখনত থাপ মাৰি মুঠিটোত হেঁচি ধৰি কৈছে, “ৰ’বি ৰ’বি, পাইছোঁ।” তাই বুজিলে আচলতে সি ধেমালিতে কৈছিল মাছটো গ’ল বুলি৷ পিছ মুহূৰ্ততে সি হাতখন এপাক ঘূৰাই বোকাৰ মাজৰ পৰা মাছটোৰ ডিঙিত
ধৰি উলিয়াই আনিলে। শকত মাছটোৱে জোৰেৰে গাটো এছাৰি বোকা-পানীৰে দুয়োটাৰে গাল-মুখ
বুৰাই পেলালে। মানুহটোৱে বিজয় গৌৰৱেৰে তিৰোতাজনীৰ খালৈটোত
মাছটো ভৰাই দিলে আৰু হাঁহি মাৰি তাইৰ গালত লাগি থকা বোকা
এচকল মোহাৰ মৰাৰ ছলেৰে চিকুট এটাও মাৰি দিলে। তই কৃত্রিম খং
এটা দেখুৱাই পিছ মূহূৰ্ততে চকু আৰু ওঁঠৰ কোণত হাঁহি বিৰিঙাই খৰখেদাকৈ শাৰীৰ মাজত
সোমালগৈ আৰু পল চবিয়াই চবিয়াই তাৰ
ফালে একোপাক ঘূৰি চাবলৈ ধৰিলে। সেইদিনা আন মাছ তাইৰ পলত নপৰিল। পিছে মানুহজনী বিবাহিতা। তাইৰ স্বামী আছে। ল’ৰা এটাও হৈছিল। এবছৰ হৈয়ে ঢুকাই থাকিল। তাৰ পাছত আৰু কোনো সন্তান হোৱা
নাই। সিঁহত দুয়ো ছ্যু-কা-ফাৰ দলত মঙ্-মিতৰ পৰাই আহিছে,
একাধিকবাৰ শিবিৰত কটাইছে, চিনাকি চেং-বাওটোক
তিৰোতাজনীয়ে বহুতবাৰ লগ পাইছে, কিন্তু কোনো দিনে কোনেও কাৰো
প্রতি ভালপোৱা ভাবৰ দৃষ্টি বিনিময় কৰা নাই। কাৰণ তাই যে বিবাহিতা। আৰু বিবাহিতা নাৰীয়ে এনে ভাব মনলৈ আনিলে পাপ হয়; আৰু
সেই চেং বাওটোৰো এনে ধৰণৰ ভাবৰ এটা বান্ধোন আছে- আনৰ বিবাহিতা নাৰীৰ প্ৰতি আৰ্কষিত
হ’ব নাপায়, এয়া পাপৰ কথা। পাপৰ
পৰিণতি ভয়ংকৰ।
কিন্তু আজি হঠাতে মাগুৰ মাছটোৰ
লগত সিঁহত দুয়োটিৰে মনৰ ভিতৰত বাহ বান্ধি থকা পুলকবোৰ যেন উজাৰ খাই উঠিল। এটা মুহূৰ্তৰ স্পৰ্শ আৰু দৃষ্টি-বিনিময়ৰ মাজেদি যেন ইটিয়ে সিটিক বহুতো মনৰ কথা
ক’লে।
ইয়াৰ পাছত ৰোৱা-তোলা কামত থাকোঁতে, শাক-পাত
বিচাৰি ফুৰোঁতে তাইৰ কাষেদি পাক এটা নামাৰিলে যেন তাৰ গাত সুত নালাগে। ইটো-সিটো বস্তুৰ আদান-প্রদানৰ লগত চলিল মনৰো আদান-প্রদান। নাংজনীৰ বৈবাহিক প্ৰতিপক্ষৰ অজ্ঞাতে চেং বাওটোৰ
লগত প্রেম গাঢ় হ’ল। মনৰ জুৰণিৰ লগত
দেহৰ জুৰণি বিচাৰি ফুৰোঁতে কথাটো ধৰা পৰিল নাম্ ৰুকত। তাৰ শাসনকৰ্তা খুন-টঙে
দুয়োকে ধৰাই নি বিচাৰ কৰিলে। পৰস্ত্ৰীৰ লগত সহবাস কৰাৰ
অপৰাধত সিটোক অৰণ্যলৈ খেদিলে। এতিয়া এই মানুহজনীক কি কৰা
যায়? একো মীমাংসা কৰিব নোৱাৰি তি-পামত থকা ৰজাৰ ওচৰলৈ
পঠাইছে।
সেয়ে মন্ত্ৰীসকলে সোধ-পোছ কৰিছে।
পুৰোহিতসকলেও নিজা বিধান দিব খুজিছে। ছ্যু-কা-ফাৰ মতে এই নাৰীৰ বিচাৰো নাম্-ৰুকতে
নিষ্পত্তি কৰিব পৰা গ’লহেঁতেন। লিক্-লাই শাস্ত্ৰ নজনাৰ কাৰণেই
নাইবা কিবা দ্বিধাগ্ৰস্ততাৰ বাবেই এই নাৰীৰ ওপৰত ব্যৱস্থা
গ্ৰহণ কৰিব নোৱৰি ইয়ালৈ পঠোৱা হৈছে।
তাই শাস্ত্ৰৰ বিধান আছে : যি তিৰোতাই পৰপুৰুষৰ লগত সহবাস কৰে বা কেলেংকাৰীত নিমজ্জিত হয় সেই
তিৰোতাক মাটিত তলমুৱাকৈ পেলাই দুয়োখন হাত পিছফালে বান্ধি ন-পুৰুষৰ দেৱতাসকলৰ ওচৰত
সেৱা জনাবলৈ বাধ্য কৰিব লাগে৷ – ছ্যুই ক’লে।
ম’লুং পণ্ডিতে এটা কথা যোগ দি ক’লে যে অকল সেয়া
কৰিলেই নহ’ব, তাইক মন্ত্ৰপুত গাখীৰেৰে গা ধুৱাব লাগিব, নহ’লে সমাজে কেনেকৈ গ্ৰহণ কৰিব!
তেনে শাস্তি আৰু শান্তিয়নীৰ বাবে
মানুহজনীক ঘৰলৈ লৈ যোৱা হ’ল! অৱশ্যে প্ৰশ্ন এটা থাকি গ’ল : এতিয়া তাইৰ গৃহস্থই বা তাইক কেনেদৰে লয়!
সেই প্রেমিক-প্ৰেমিকাৰ প্ৰেম অবৈধ
হ’লেও কিবা এটা অনুভূতিবশতঃ ছ্যুই অস্পষ্টভাৱে উচ্চাৰণ কৰিলে– ‘বেচেৰাহঁত!’ কিন্তু
পাছ মুহূৰ্ততে কৰ্তব্যৰ কথা সুঁৱৰি সুদৃঢ় হ’ল আৰু স্পষ্টভাৱে মন্তব্য কৰিলে, “গৃহস্থালিৰ শৃংখলাই হৈছে উন্নতিৰ ঘাই ভেঁটি। সেই
ভেটিত গেলা-পচা বস্তু জমা হ’লে তাৰ দুৰ্গন্ধ সমাজখনেই ভোগ
কৰে। গতিকে গৃহস্থালিত হোৱা এনে বিশৃংখলা পুলিয়ে-পোখাই উভালিব লাগিব।” মন্তব্যটো দি সি খন্তেক ৰ’ল। তাৰ পাছত সামৰণি মাৰিলে
এইদৰে :
অন্তৰ দিয়া-লোৱা কৰাত কাৰো বাধা
নাই,
কিন্তু সেই দিয়া-লোৱাত যদি কাৰোৰ অন্তৰ ভাগে তেন্তে সেই অন্তৰ ভঙাৰ
অধিকাৰো কাৰো নাই। আৰু এইখিনিতে শাসক অতিশয় কঠোৰ হ’বলৈ
বাধ্য।
মেল ভাঙিবৰ সময়ত সি মন্তব্য
কৰিলে : এনেবোৰ বিচাৰ ৰজাৰ বৰচ’ৰালৈ নানি বিষয়াসকলে ঠাইতে
নিষ্পত্তি কৰিব লাগে। ৰজাই সেই বিচাৰহে কৰিব য’ত মৃত্যুদণ্ডৰ
প্ৰশ্ন আছে। তাৰ বাবে বিষয়াবৰ্গই তাই শাস্ত্ৰবোৰ ভালকৈ চৰ্চা কৰাটো অতি প্রয়োজনীয়।