নিৰু দত্ত
তৰাং
পানীত খল্খলায়
পুঠি মৰঠী খলিহনা
বেংবোৰে
ঠেং মেলি
সিহঁতক দিয়ে গৰিহণা।
ব’হাগ
মাহৰ ন-পানী
এইবাৰ উজান নুঠিল
তলি ওলোৱা
পুখুৰী
খালৈ মাছে নভৰিল।
থিয়
সাঁতোৰ চিলনী সাঁতোৰ
ক’তনো দিবি বোপা?
পথাৰ দিলে
ছিঁৰাল ফটা
শুকালে চেঁচোৰৰ শিপা।
কৰ’নাৰ
ভয়ত মানুহ লুকাল
আলিবাটো হ’ল শূন্য
টুনু মুনু
ৰুণুক জুনুক
ম’বাইলৰ কৃপাত ধন্য।
গুগ্ল
মীট ডাউনল’ড কৰি
চকু ৰাখে ম’বাইলত
শ্ৰেণীকোঠাত
ছাৰ-বাইদেউ
ছাত্ৰ-ছাত্ৰী ঘৰৰ
টেবুলত।
কালৰো কাল
বিপৰীত কাল
বানপানী নহয় যমকাল
হাতেৰে
চুলেই বিয়পে বেমাৰ
চিধাই পহুচায়
ইন্তেকাল।
ঠিকনা
:
:
ডাক :
সৰুপথাৰ
সৰুপথাৰ
পিন :
৭৮৫৬০১
৭৮৫৬০১
গোলাঘাট,
অসম
অসম
যোগাযোগ :
৭০০২২৪১১৪৫
৭০০২২৪১১৪৫