বাকিংহামৰ পৰা নৱাবৰ দেশলৈ

অব্যক্ত নিৰ্বাণ
ৰাজখোৱা

জাহাজৰ ডেকৰ পৰা
সূৰ্যাস্ত চোৱাৰ এটা অদ্ভুত আমেজ আছে৷ এই আবেলি পৰতে জলপৰীসদৃশ শিহুবোৰে জাহাজৰ
কাষে কাষে নাচিবলৈ আৰম্ভ কৰে৷ মাজে মাজে একোজাক পৰিভ্ৰমী চৰায়েও ভুমুকি মাৰে৷
সিহঁতৰ মধুৰ মাতে নিৰ্জনতা ভেদি ঘুমটিৰ জড়তা ভাঙে৷
 

নিয়মমতে মই আজি
ৰাতিপুৱাই লক্ষ্যস্থান পাবগৈ লাগিছিল৷ কিন্তু আফ্ৰিকাৰ কেম্পত নাৱিকবোৰে তাৰ
স্থানীয় মদিৰা খাই প্ৰায় এদিন শুয়েই কটালে৷ এতিয়া কেপ্টেইনে কোৱামতে
, আমি
কালিলৈ ভাৰত পামগৈ৷ বহু বছৰ সেই মচলাৰে ভৰা ভাৰতীয় বজাৰত ঘূৰা নাই৷ যাৰ কাৰণে এটা
দিন অতিৰিক্তকৈ লৈ আনিছিলোঁ৷ কিন্তু নাৱিকবোৰৰ খঁকে সকলো পণ্ড কৰি দিলে৷ যাৰ কাৰণে
এইবাৰ চিধাই কামত ধৰিবগৈ লাগিব৷ আৰু কাম শেষ হোৱাৰ লগে লগে বাকিংহামত হাজিৰ হ
বগৈ লাগিব৷
কেতিয়াবা ভাবোঁ
এখন আত্মজীৱনী লিখোঁ৷ কিন্তু সেইখন প্ৰকাশ হোৱাৰ লগে লগেই
চাকৰি যাব
, আৰু চাকৰি যোৱাৰ লগে লগেই ক্ৰিষ্টানাও যাব৷
কিন্তু এতিয়া আবেলিৰ বতাহ উপভোগ কৰি কৰি আত্মজীৱনীৰ কথা ভাবি লাভ নাই৷ ইতিমধ্যেই
মাতাল নাৱিকসকলে মোক তললৈ মাতিছে৷ এইখিনি সময়ত হেনো মৃত নাৱিকসকলৰ আত্মা ডেকত বহি
থকা যিকোনো মানুহৰ গাতে সোমাই পৰে৷ গতিকে মই গ’লোঁ৷ কাইলৈ একেবাৰে নৱাবৰ মহলতেই
আত্মজীৱনীৰ কথা ভাবিমগৈ৷

ৰাতিপুৱা ৬.৩০
বজাত আমি ভাৰতৰ কোনোবা এটা বন্দৰত জাহাজ ৰখালোঁ৷ এই বন্দৰলৈ মই আগতে কেতিয়াও অহা
নাই৷ কাৰণ মই সদায় আৰৱ সাগৰৰ বন্দৰবোৰতহে নামো৷ বংগৰ সাগৰত মই কেতিয়াও নমা নাই৷
সেই অজ্ঞাত ঠাইত এখন অজ্ঞাত বজাৰক পিঠিফলীয়া কৰি জাহাজৰ পৰা মোক আগবঢ়াই নিবলৈ ৰৈ
আছিল বিদ্যাৰাম চেটাৰ্জী৷ বাঙালী মানুহ
, বেচ  জ্ঞানী মানুহ আৰু কেম্ব্ৰিজত মোৰ ভাল বন্ধু
আছিল৷ ৰামৰ দেউতাকে লণ্ডনত ব্যৱসায় কৰে
, কিন্তু তাৰ মাক
বঙ্গতে তাকে৷ গতিকে সি সেই অজান ঠাইৰ বিষয় ভালকৈ জানে৷ সি মোতকৈ প্ৰায় তিনি বছৰ
ডাঙৰ বুলি জানিও দুয়োখন হাতত চাৰিটা বেগ লৈ লৈ জাহাজৰ পৰা নামি আহোঁতে
 হেই ৰাম বুলি তাক
সম্বোধন কৰিলোঁ৷ ইংলিছ স্বভাৱ৷ কিন্তু নিজতকৈ ডাঙৰ মানুহক নামেৰে সম্বোধন কৰাটো
মোৰ বাবে ভাৰতত এক ধৰণৰ বদ অভ্যাস৷ সকলো কথা বাদ দি আমি বজাৰখনত ঘূৰিবলৈ আৰম্ভ
কৰিলোঁ৷ বিভিন্ন মচলা
, শাক-পাচলি, শুকান
মাছ-মাংসৰ গন্ধ লগ হৈ যি বীভৎস গোন্ধ প্ৰকট হয়
, সেয়াই
ভাৰতীয় বজাৰৰ বৈশিষ্ট্য৷ সেই বজাৰৰ মাজে মাজে গৈ গৈ আমি এখন ঘোঁৰাগাড়ীত উঠি
বিভিন্ন কথা-বতৰাৰ পাতনি মেলিলোঁ৷ ৰাজনীতিৰ কথা
, যুদ্ধৰ
কথা
, নৱাবৰ কথা৷ এইবোৰ কথা পাতি পাতিয়েই আমি গৈ
পালোগৈ নৱাবৰ ৰাজমহল৷
 

এটা অপূৰ্ব বিশাল
মহল৷ কিন্তু যিমানবোৰ আশা কৰি আহিছিলোঁ
, সিমান নেদেখিলোঁ৷
মোগলসকলৰ ৰাজপ্ৰসাদ
, দৰবাৰ দেখাৰ পাছত, মোৰ
বাকিংহাম পেলেচো ভাল নলগা হৈ পৰিল৷ এই মহলটো সাজোঁতে বেচেৰা নৱাবৰ আৰ্থিক সমস্যা হ
ল চাগৈ৷ বাৰু, প্ৰথম
আমি পাব্লিক হলটোলৈ গ
লোঁ৷
মোগলসকলে ইয়াক দৰবাৰ বা দিৱান-ঈ-খাছ বুলি কয়৷ তাত সকলো মন্ত্ৰী-মহামন্ত্ৰীৰ লগতে
স্বয়ং নৱাব হাজিৰ৷ মোৰ নিজকে এম্বেছে‍দৰ যেন লাগিবলৈ আৰম্ভ কৰিলে৷ বুকু ফিন্দাই
নৱাবৰ ফালে এখোজ-দুখোজকৈ আগবাঢ়িলোঁ৷ অলপ আগলৈকে চিঞৰ-বাখৰ হৈ থকা দৰবাৰত মই ভৰি
দিয়াৰ লগে লগে নিৰ্জনতাই হেঁচা মাৰি ধৰিলে৷ সকলোৰে দৃষ্টি মোলৈ
, অকল
মোলৈ৷ এইবোৰ কথা ভাবি থাকোঁতে কেতিয়া যে মই নৱাবৰ কাষ পালোঁগৈ
, মই নিজেই
গম নাপালোঁ৷ তেওঁক সম্ভাষণ জনালোঁ৷ আৰু তেওঁৰ নিজৰ ভাষাত কিবাকিবি বকিবলৈ আৰম্ভ
কৰিলে৷ ৰামে মোক সকলো ইংৰাজীত বুজাই দিলে৷ ইংৰাজৰ দেশৰ পৰা নৱাবৰ ওচৰলৈকে ভ্ৰমণ
কৰাৰ কাৰণ কি
? নৱাবৰ অদ্ভুতভাৱে গল্‌গলীয়া মাতত থত্‌মত্ খাই
মই ক
বলৈ
ধৰিলোঁ
‘‘ইংলেণ্ডৰ ৰাণীৰ আদেশত মই মহলৰ দক্ষিণ-পূব ফালৰ অৰণ্যৰ এটা
ধাৰণা ল
বলৈ
আহিছোঁ৷ যাৰ কাৰণে মই আপোনাৰ অনুমতি ল
বলৈ আহিছো৷’’ 

সেই সকলো কথা ৰামে নৱাবক বুজাই দিলে৷ এক মুহূৰ্তৰ
কাৰণে নৱাবে চকুকেইটা ডাঙৰকৈ মেলি ৰৈ থাকিল৷ তাৰ পাছত তেওঁ নিজৰ ভাষাত কিবাকিবি ক
লে আৰু মন্ত্ৰীসকলৰ লগে লগে নৱাবেও এক ধৰণৰ আড্ডাৰ
হাঁহি মাৰিলে৷ তাৰ পাছত অকল হাত এখন জোকাৰিয়েই মোক বিদায় দিলে৷ ভাবিছিলোঁ আজি ৰাজ
অতিথি হৈ থাকিম৷ ময়োতো কম অহংকাৰী নহয়৷ নৱাবৰ ফালে এবাৰো নোচোৱাকৈয়ে দৰবাৰৰ পৰা
গুচি আহিলোঁ৷ লগত ৰাম
, নিঃশব্দে, নীৰৱে৷ ভাবি ললোঁ অনুমতি পাই গলোঁ, ৰাজ
অতিথি হ

নোৱাৰিলেও
, ৰামৰ অতিথি হলোঁ৷ নিশাটো ৰামৰ লগত ৰাম খাই আড্ডা মাৰি
কটালোঁ৷ কাইলৈ ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিব লাগিব৷
 

বন্দুক মোহাৰি
মোহাৰি দিনটো আৰম্ভ কৰিলোঁ৷ সেই অটব্য অৰণ্যত দুটা বন্দুক অতি প্ৰয়োজনীয়৷ লৈছোঁ
এটা ৱি‍ন্‌চে‍ষ্টাৰ ৰাইফল আৰু
  এটা
ফ্লিণ্টল

পিষ্টল৷ ৰামৰ ওচৰ-পাঁজৰৰ মানুহবোৰৰো বিশ্বাস
, তাত হেনো
কেইবাটাও মানুহ খোৱা বাঘ আছে৷ মই হ
লে কোনো জীৱক মাৰিব নিবিচাৰোঁ৷ মোৰ ভয় তাত বাস কৰা আদিম
মানুহবোৰলৈহে৷ সেই জংঘলত হেনো কুকুৰনেচীয়া বাঘৰ লগত এটা সৰু ল
ৰা থাকে৷ এবাৰ সি
গাঁৱৰ ম
হ আৰু
কুকুৰনেচীয়া বাঘৰ সহায়ত গাঁৱৰ ওচৰতে এটা মানুহ খোৱা বাঘক মাৰিছিলে৷ এইবোৰ লোকৰ
কথা। কিন্তু তাত আদিম মানুহ আছে বুলি মই নিশ্চিত৷ গতিকে এই দুয়োটাৰ অতি প্ৰয়োজন৷
ৰাতিপুৱা ৫.৩০ বজাত মই যাত্ৰা আৰম্ভ কৰিলোঁ৷ এটা ঘোঁৰাকে সাৰথি হিচাপে বাছি‍ ল
লোঁ৷ ঘোঁৰাটোৱে
অন্ততঃ ঢোলপেটীয়া ৰামতকৈ সোনকালে অহা-যোৱা কৰিব পাৰিব৷ মোৰ বোধেৰে অৰণ্যখন ইয়াৰ
পৰা অত্যন্ত দূৰৈত৷ গতিকে এইটোও খাটাং নহয় যে সেই ঠাই আচলতে নৱাবৰ ৰাজ্যৰ ভিতৰত
পৰিছে নে নাই৷
 

গোটেই দিন ঘোঁৰা
চেঁকুৰাই চেঁকুৰাই সেই শুকান মৰুভূমিৰ দৰে উপত্যকা পাৰ হোৱাৰ পাছত লাহে লাহে
পৰিৱেশ হালধীয়াৰ পৰা সেউজীয়া হ
বলৈ আৰম্ভ কৰিছে৷ গছ-গছনি বাঢ়িবলৈ আৰম্ভ কৰিছে৷ মোৰ
বুজিবলৈ বাকী নাই
, অৰণ্যখন ওচৰ চাপি আহিছে৷ লাহে লাহে আন্ধাৰ হবলৈ ধৰিছে৷
ভাবিছিলোঁ কেইবা দিনো লাগিব অৰণ্যখন পাবলৈ৷ কিন্তু একেদিনাই ইয়াৰ ওচৰ পোৱাটো এক
ধৰণৰ চমৎকাৰ৷
 

সকলো চেতকৰ
কাৰণেই সম্ভৱ হৈ উঠিছে৷ চেতক! ৰামৰ ঘোঁৰাটো! তাৰ যিমান দূৰ মনত পৰে
, প্ৰাচীন
ভাৰতৰ অশোক সম্ৰাটৰ ঘোঁৰাটোৰ নামো চেতক আছিল৷ কিন্তু ইয়াৰ লগত বুকেফালা নামটোহে
মিলে৷ বাৰু
, এতিয়া আন্ধাৰ হৈছে আৰু মই এখন অৰণ্যৰ মাজত এখন
নদীৰ পাৰে পাৰে সভ্যতা বিচাৰি ফুৰিছোঁ৷ চাৰিওফালে যেতিয়া এটা মানুহৰো চিন-চাব দেখা
পোৱা নাযায় তেতিয়া আমি সদায় নদীৰ পাৰে পাৰে খোজ দিব লাগে৷ কাৰণ গাঁওবোৰ অৰ্থাৎ
মানৱ সভ্যতা সদায় এখন নদীৰ পাৰতেই আৰম্ভ হয়৷
 

নদীৰ পাৰে পাৰে
গৈ গৈ মই পালোঁগৈ এখন
 টিপিকেল
ভাৰতীয় গাঁও৷ মানুহবোৰে নিজৰ গাঁওখনকে পৃথিৱী বুলি ভাবি আছে৷ সৰু-ডাঙৰ ভালেমান
ঘৰেৰে সেইখন এখন মৰমলগা গাঁও৷ সকলো মানুহেই নিজৰ নিজৰ কামত ব্যস্ত৷ যেতিয়া
তেওঁলোকে মোক প্ৰথমবাৰৰ বাবে দেখিলে
, তেতিয়া বৰ বেছি
ভ্ৰূক্ষেপ কৰা যেন নালাগিল৷ কিন্তু যেতিয়া তাৰে এগৰাকী বৃদ্ধাই মোক দেখিলে
, তেওঁ
সকলোকে মাতি আনিলে আৰু গাঁৱত হৈ-হাল্লা আৰম্ভ হ
ল৷ সকলোৱে মোক মালাৰ ওপৰত মালা, মালাৰ
ওপৰত মালা পিন্ধাবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকৰ ভাষা আছিল হিন্দী আৰু অলপ উড়িয়া ভাষাৰ
মিশ্ৰণ৷ গতিকে তেওঁলোকে কি কৈছিলে
, মই অলপ অলপ
বুজিছিলোঁ৷
 

তাৰে এজনে কৈছিলে ‘এঁৱেই আমাৰ ৰজা!
মহাৰাজে প্ৰথমবাৰ আমাৰ গাঁৱত ভৰি দিছে৷ এইটো আমাৰ বাবে গৰ্বৰ কথা! ব
লা তেওঁক দাঙি
মীৰাবাইৰ ঘৰলৈ লৈ যাওঁ৷
’’ এই বাক্যষাৰ শুনাৰ লগে লগে ন বুলি
চিঞৰিলোঁ৷ কিন্তু সিহঁতে কি ইংৰাজী বুজিব! সকলোৱে মোক দাঙি মীৰাবাই নামৰ বৃদ্ধা
এগৰাকীৰ ঘৰলৈ লৈ গ
ল৷ তেৱেঁই
গাঁৱৰ আটাইতকৈ ধনী ব্যক্তি৷ এই বিধৱাৰ গিৰীয়েকে হেনো এসময়ত ৰজাৰ সৈন্য আছিল৷ তেওঁ
হেনো বগা মানুহৰ হাতত মৃত্যুবৰণ কৰিছিল৷ বগা মানুহ মানে পটুৰ্গীজবোৰেই হ
ব লাগিব৷ সেইবোৰে
কোনো ঠাইলৈয়ে যাবলৈ নেৰে৷ বা ফৰাচীও হ
ব পাৰে৷ সেই বিধৱা বৃদ্ধাই মোক অতি আদৰ-সাদৰ কৰি তেওঁলোকৰ
পৰম্পৰাগত খাদ্যৰে মোক এসাঁজ খুৱালে৷ আহাৰ খোৱাৰ সময় সৱৰে একেই৷ ৰাতিৰসাঁজ খোৱাৰ
পাছত গোটেই গাঁওখন নিটাল মাৰে৷ কিন্তু গাঁৱৰ পৰা অলপ দূৰৈত থকা বটগছ এজোপাত
বুদ্ধদেৱসদৃশ গাঁওবুঢ়াই সেই সময়ত আড্ডা আৰম্ভ কৰেহে৷
 

বিভিন্ন
বাৰে-বিংকৰা কথাৰ লগতে বলদেৱ চিকাৰীৰ মিছা কাহিনীৰে পৰিপূৰ্ণ সেই আড্ডাস্থলী৷
কেতিয়াবা সৰু সৰু ল
ৰা-ছোৱালীও
মৰসাহ কৰি
, নিশা সেই আড্ডাস্থলীলৈ যায়৷ সিহঁতৰ মতে সিহঁত
যায় শিকিবলৈ৷ ময়ো অলপ শি
কোঁগৈ বুলি
লোঁ৷ গৈ সেই
অৰণ্যখনৰ বহুত কথা মই জানিব পাৰিলোঁ৷ চিকাৰী বলদেৱৰ মুখত শুনিলোঁ সেই কুকুৰনেচীয়া
মানুহৰ পোৱালিটোৰ কথা৷ কেনেকৈ সি এটা দুৰ্দান্ত মানুহ খোৱা বাঘক হত্যা কৰিছিল৷
বলদেৱ চিকাৰীৰ মতে সেই বাঘটো এটা ভূত বাঘ৷ আৰু সিহে, মানে বলদেৱেহে সেই বাঘটোক
মাৰিব পাৰিলে৷ কিন্তু বাঘৰ আত্মা গৈ হেনো সেই ল
ৰাটোৰ গাত সোমালগৈ৷ যাৰ কাৰণে লৰাটোৱে
কুকুৰনেচীয়া এটাক কৈ বলদেৱক খেদি নিজেই বাঘৰ ছাল চেলাই অদৃশ্য হৈ গ
ল৷ সেই বাঘটোৰ
মূৰত নগদ টকাৰ পুৰস্কাৰ আছিল হেনো৷
 

কি যে অদ্ভুত
টিপিকেল ভাৰতৰ কাহিনীবোৰ! অৱশ্যে কাহিনীবোৰতেতো সোমাই থাকে বিভিন্ন ৰস
, বিভিন্ন
তথ্য৷ মোৰ লক্ষ্য হ
, অৰণ্যখনৰ চাৰিওফালে
ঘূৰি-পকি আকৌ নৱাবৰ মহলতেই ওলোৱা৷ সেই অৰণ্যযাত্ৰা কেনেকুৱা হ
, সেই কথা
আড্ডাতেই জানিব পাৰিলোঁ৷ তেওঁলোকৰ মতে
, ৱেইন গংগা নদীৰ
কোনোৱা এটা পাৰত কেইবা হাজাৰ বছৰ আগৰ পৰা বাস কৰা আদিবাসী মানুহ কিছুমান থাকে৷
সিহঁতৰ পৰা সাৱধানে থাকিব লাগিব হেনো৷ সিহঁতে বোলে মানুহক জীয়াই জীয়াই পুৰি পেলায়৷
বাৰু
, সকলো দেখা যাব, এই ৱি‍নচেষ্টাৰটো
থাকিলে কি চিন্তা! নিশাটো বিভিন্ন কাহিনী ক
লোঁ৷ তেওঁলোকে নৰ্ছ মিথজি‍ৰ কাহিনীবোৰ শুনি বৰ ভাল পালে৷ কাৰণ নৰ্ছ মিথজি‍ৰ দেৱতাসকলৰ
ইণ্ডিয়ান মিথ
জি‍ৰ দেৱতাসকলৰ
লগত মিল আছে৷ যি নহওক
, কেইটামান কাহিনী কৈয়ে মই সামৰিলোঁ৷ অ এটা কথা
থাকি গৈছে
, সেই অৰণ্যক উত্তৰৰ শেষ অংশত ৰক্তাক্ত ডাকুবোৰ
থাকে হেনো৷ ডাকু অৰ্থাৎ ডকাইত৷ সেই ঠায়েদি যিয়ে যায়
, সিয়েই
ডাকুৰ হাতত মৰে হেনো৷ সকলো দেখি অনুভৱ হৈছে
, যেন মোৰ গুলী
কমহে হ
বগৈ৷

পুৱতি নিশাই মই
যাত্ৰা আৰম্ভ কৰিলোঁ৷ জানুৱাৰি‍ মাহৰ কুঁৱলিয়ে গোটেই পৰিৱেশটো মায়াৱী কৰি তুলিছিল৷
চেতকৰ পিঠিত উঠি কুঁৱলি ফালি
, লাহে লাহে
অৰণ্যখনৰ ভিতৰলৈ সোমাই গ
লোঁ৷
অৰণ্যৰ অলপ ভিতৰলৈ গ
লে এখন
প্ৰকাণ্ড বিল পোৱা যায়৷ মোৰ লগতেই কেইবাজনো মাছমৰীয়া বিললৈ যাবলৈ যো-জা কৰিছিল৷
ৰাতিপুৱা এই সময়তেই কেতিয়াবা
 হেনো বাঘে মাছমৰীয়া মানুহবোৰক টানি লৈ যায়৷ গতিকে ৱি‍নচেষ্টাৰটো
কান্ধত সাজু কৰি লৈছোঁ৷ চেতকে ঠাণ্ডা অনুভৱ কৰিছে বুলি তাৰ গাত কম্বল এখন মেৰিয়াই
দিলোঁ৷ তেতিয়া মোৰো অলপ গৰম লাগি থাকিব৷ হঠাৎ নিদ্ৰাত মগ্ন চৰাইবোৰ চিঞৰি চিঞৰি
উৰি যাবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ চিঞৰত কিবা এটা সংকটৰ ইঙ্গিত থকা যেন লাগিল৷ তেনেতে
চেতকো আগবাঢ়িবলৈ অমান্তি হ
বলৈ
আৰম্ভ কৰিলে৷ মোৰ বুজিবলৈ বাকী নাই যে এটা বাঘ মোৰ ওচৰে-পাঁজৰেই আছে৷ চেতকক আৰু
আগলৈ যোৱাত বাধা দিলোঁ৷ এঠাইত ৰৈ ৱি‍নচেষ্টাৰটো সম্পূৰ্ণকৈ ল
ড কৰি ললোঁ৷ সেই ভয়াৱহ
পৰিৱেশত
, গাৰ কঁপনিত হাতৰ পৰা গুলী দুটামানো থল্‌থল্‌কৈ‍
সৰি পৰিল৷ গুলীকেইটা বুটলিবলৈ চেতকৰ পিঠিৰ পৰা নামোতেই শুনিলোঁ পানীত মাছমৰীয়াৰ
জালৰ চৰক্‌কৈ‍ হোৱা শব্দ৷
 

কিন্তু কাণ থিয়
কৰি গুলীকেইটা বুটলি শেষ কৰাৰ পাছতেই শুনিলোঁ মাছমৰীয়া এজনৰ কাতৰ চিঞৰ৷ মনত অলপ
সকাহ পালোঁ৷ কাৰণ বাঘে এবাৰ চিকাৰ ধৰাৰ পাছত আকৌ বেলেগ এটা চিকাৰ নধৰে৷ তাক আক্ৰমণ
কৰিলেহে সি আকৌ হিংস্ৰ হ
ব৷
কিন্তু যেতিয়া সেই একে ফালৰ পৰাই
 ঐ বাঘ ঐ বাঘ’ বুলি শুনিলোঁ, তেতিয়া
বুজিলোঁ যে মানুহজন কেনেবাকৈ ৰক্ষা পৰিল৷ আৰু তেতিয়াহে বুজিলোঁ যে সেই ঠাইত তেতিয়া
জীৱ বুলিবলৈ অকল মই আৰু চেতকহে আছোঁ৷
 

গোটেই পৰিৱেশটো
নিৰ্জন হৈ পৰিল৷ ইমানেই নিৰ্জন যে মই চেতকৰ কুকুৰ ধপ্‌ধপনি স্পষ্টকৈ শুনিবলৈ
পালোঁ৷ চাৰিওফালে চকু ফুৰাই এবাৰ চাই ল
লোঁ৷ তেনেতে মোৰ পি‍ছফালৰ জোপোহাৰ আঁৰত দেখিলোঁ দুটা জিলিকি
থকা চকু৷ দুপাৰি চিক্‌চিকীয়া বগা দাঁত৷ মই এটা মূৰ্তিৰ দৰে স্থিৰ হৈ ৰৈ দিলোঁ৷
যিটো মোৰ বোধেৰে মোৰ ভুল আছিল৷ চকুৰ পলকতে বস্তুটোৱে মোৰ গাৰ ফালে এটা প্ৰকাণ্ড
জাঁপ মাৰি দিলে৷ তেতিয়াই মোৰ চকুত পৰিল
, সেই বস্তুটোৰ আচল
ৰূপ৷ দীঘল দীঘল নোম থকা এখন কোমল ছাল৷ ছালত ঢেঁকীয়াৰ পাতৰ দৰে দীঘল ক
লা লা চিন, যেন এখন
এবষ্ট্ৰেক্ট্ ছবি৷ তাৰ এটা আঙুলিৰ সমান দীঘল তীক্ষ্ণ নখ মোৰ চকুৰ পৰা অকল দুই
ইঞ্চিমানহে দূৰত আছিল৷ এটা বাঘ! সি জাঁপ মাৰোঁতেই মই তাৰ তলেদি সৰকি তাৰ ফালে
যিমান পাৰোঁ গুলীয়াবলৈ ধৰিলোঁ। কেইবাটাও গুলীৰ এটাও তাৰ গাত নালাগিল
, কিন্তু
সি গুলী ফুটাৰ শব্দত ভয় খাই সেই ঠাইৰ পৰা পলাই গ
ল৷ 

বাঘৰ বিষয়ে অকল
পঢ়িছোঁ
, কিন্তু কেতিয়াও চকুৰে দেখা নাই৷ আজি দেখিলোঁ, আৰু বাঘৰ
বিফল চিকাৰীও হ
লোঁ৷
বাঘটো আকৌ ঘূৰি অহাৰ আগতেই মই চেতকৰ পিঠিত উঠি সেই প্ৰকাণ্ড বিলৰ পাৰৰ পৰা আঁতৰিলোঁ৷
লাহে লাহে অৰণ্য ডাঠ হ
বলৈ
ধৰিলে৷ গছ-গছনি
, লতা-কাঁইটে মোক চাৰিওফালৰ পৰা বেঢ়ি ধৰিলে৷
এনেকুৱা গভীৰ অৰণ্য মই জীৱনত এবাৰো দেখা নাই৷ সৰু জুৰি এটাৰ কাষত অলপ ৰ
লোঁ৷ সেইটো বৰ
ৰহস্যময় জুৰি৷ সেই জুৰিৰ কাষতে অসংখ্য প্ৰজাতিৰ ফুল লহ্‌পহ্‌কৈ‍ ফুলি আছে৷ সেই
সময়তেই কেইবাজাকো হৰিণাই নিজৰ অকণমানি পোৱালিবোৰক লৈ পানী খাবলৈ আহিছিল৷ কি
স্বৰ্গতুল্য দৃশ্য! ওখ ওখ গছৰ মাজত বনৰীয়া ফুলৰ এখন ফুলনি৷ আৰু সেই ফুলনিৰ মাজেদি
বৈ গৈছে এটা জুৰি৷ সেই জুৰিতেই বনৰ সকলো পশু-পক্ষীয়ে পানী খাবলৈ আহে৷ চেতকক পানী
খাবলৈ এৰি দি মই ওখ গছ এজোপাৰ ওপৰত উঠিলোঁ যাতে মই হৰিণা জাকক ভয় খুৱাই নিদিওঁ৷
গছৰ ওপৰৰ ডাল এটাত বহি মোৰ বটলত থকা পানী খাই হৰিণাজাকৰ ফালে চাই চাই মনতে ছবি
আঁকিবলৈ‍ ধৰিলোঁ৷ তেনেকুৱাতে এটা প্ৰকাণ্ড ভালুকৰ প্ৰৱেশ ঘটিল৷ সেই দীঘল নোম থকা
ভালুকটোৱে একো নকৰাকৈ জুৰিৰ পানীত গৈ পৰি দিলে৷ আৰু ডাঙৰকৈ এলাহৰ ভাব বুজোৱা চিঞৰ
এটা মাৰিলে৷ তাক দেখি হৰিণাকেইটাই কিন্তু ভয় নাখালে‍৷ কাৰণ সিহঁতে জানে যে ভালুকে
হৰিণা চিকাৰ নকৰে৷ অতি বেছি দৰকাৰ হ
লেহে কেতিয়াবা খায়৷ ভালুকক দেখি হৰিণা পোৱালিবোৰ পানীত নামি
ভালুকক আমনি কৰিবলৈ‍ ধৰিলে৷ ভালুকে বিৰক্তিৰে গুঁজৰি-গুমৰি পোৱালিবোৰক খেদিবলৈ‍
ধৰিলে৷ কি মনোৰম দৃশ্য!
 

এই দৃশ্য উপভোগ
কৰি কৰি আৰু এঢোক পানী খাওঁ বুলি বেগৰ ফালে মূৰ কৰি চাওঁতে দেখিলোঁ এজাক বান্দৰে
মোৰ বেগ খুলি-মেলি তেনেই তহিলং কৰিলে৷ ভাগ্য ভাল, কাৰণ এই কান্ধত লোৱা বেগটোত মই
অকল পানীৰ বটল আৰু কলম হে ৰাখোঁ৷ সিহঁতে বেগৰ পৰা কলমবোৰ উলিয়াই নাকে-মুখে ভৰাবলৈ
আৰম্ভ কৰিলে৷ বান্দৰৰ থাপৰ খোৱাতকৈ পানীৰ বটলটো হাতত লৈ বেগটো তাতেই এৰি গুচি
আহিলোঁ৷ তাৰ পাছত জুৰিৰ পৰা বটলত পানী ভৰাই চেতকৰ পিঠিত উঠি
 পুনৰ যাত্ৰা
আৰম্ভ কৰিলোঁ৷ এটা সময়ত মোৰ চাৰিওফাল পাহাৰে আৱৰি ধৰিলে৷ মই সোনকালে জুই জ্বলাবলৈ
কাঠ খৰি গোটালোঁ৷ আৰু এঠাইত এটা সৰু টেণ্ট সাজিলোঁ৷ আজি খাবলৈ একো বিচাৰিবলগীয়া নহ
ল কাৰণ মীৰাবায়ে
মোৰ বাবে এসাঁজ দি পঠাইছিল৷
 

খাই-বৈ শুবলৈ
ধৰোঁতেই মই কুকুৰনেচীয়া বাঘৰ চিঞৰ শুনিলোঁ৷ তাৰ ঠিক পাছতেই শুনা গ
ল আৰু এটা চিঞৰ৷
সেই চিঞৰটো শুনিবলৈ প্ৰায় মানুহৰ মাতৰ দৰেই৷ তাৰ পাছতে বস্তুটোৱে আৰু কিবাকিবি
চিঞৰ-বাখৰ কৰিব ধৰিলে৷ সেই বস্তুটোৰ মাত শুনিবলৈ সাইলাখ মানুহৰ নিচিনাই৷ যেন এটা
মানুহে কুকুৰনেচীয়া বাঘৰ লগত কথা পাতি আছে৷ তেতিয়া মোৰ মনত পৰিল চিকাৰী বলদেৱে
কোৱা সেই বিশেষ ল
ৰাটোৰ
কথা৷ নিশ্চয় সেই কুকুৰনেচীয়া বাঘৰ লগত ডাঙৰ হোৱা ল
ৰাটোৱেই হব লাগিব৷ এক মুহূৰ্তৰ কাৰণে মই লৰাটোক বিচাৰি
পাহাৰৰ ওপৰলৈ উঠি যাওঁ বুলি ভাবিছিলোঁ কিন্তু পত্নী ক্ৰিষ্টিনাৰ কথা ভাবি মই এই
দুঃসাহস নকৰিলোঁ৷ গোটেই ৰাতিটো সেই চিঞৰ কেইবাবাৰো শুনিলোঁ৷ যেন ল
ৰাটোৱে মোক
ভাবুকিহে দি আছে৷ ৰাতি অলপ দেৰিলৈকে মই
  টৰ্চৰ
পোহৰত দিনটোত দেখা ঠাইবোৰৰ অলপ
মেপ্‌ৱৰ্ক কৰিলোঁ, আৰু
ক্ৰিষ্টিনালৈ এখন চিঠিও লিখিলোঁ৷ তাইক জীৱনত আৰু নেদেখিবও পাৰোঁ৷ কাৰণ মই আছোঁ এটা
পাহাৰৰ দাঁতিত আৰু পাহাৰৰ ওপৰত এজাক কুকুৰনেচীয়া বাঘে মোক ভাবুকি দি আছে৷ কাইলৈ
সূৰ্যৰ পোহৰ দেখিবলৈ পামনে নাই তাৰো ঠিকনা নাই৷
 

সঁচাকৈয়ে আজি
পোহৰ দেখা নাপালোঁ৷ কুঁৱলীয়ে মোক চাৰিফালৰ পৰা আৱৰি ধৰিলে৷ সেমেকা পাত পৰি জুই
নুমাই যোৱাৰ বাবে ধোঁৱা সৃষ্টি হ
, আৰু সেই ধোঁৱাই কালি ৰাতি মোক অতি
আশ্বৰ্যজনকভাৱে পোক-পতংগৰ পৰা ৰক্ষা কৰিলে৷ ৰাতি ভালকৈ নোথোৱাৰ বাবে চিঠিখন সেমেকি
, কিন্তু
কি চিন্তা! ভাগ্যৰ বলত মইতো জীয়াই আছোঁ! বটলৰ পানীৰে মুখ ধুই মই আকৌ যাত্ৰা আৰম্ভ
কৰিলোঁ৷ আজি খোজকাঢ়িয়ে যাত্ৰা আৰম্ভ কৰিলোঁ
, এই পাহাৰীয়া
ৰাস্তাত চেতকক কষ্ট দিব নোৱাৰি৷ পাহাৰ দাঁতিয়ে দাঁতিয়ে বহু দূৰ পালোঁগৈ।
 

পালোঁগৈ এখন
বিশাল পথাৰ৷ পথাৰখনৰ চাৰিওফাল পাহাৰে ঘেৰি থৈছে৷ সেই পথাৰখন বহু বৰ্গ কিল’মিটাৰলৈকে
বিস্তৃত হৈ আছে৷ পথাৰখনতেই দুজাকমান বনৰীয়া ঘোঁৰা চেঁকুৰি আছিল৷ সেই বিশাল
মালভূমিৰ সেউজীয়া ঘাঁহৰ মাজে মাজে বিভিন্ন ফুল বতাহত নাচি আছিল৷ পথাৰখনৰ চাৰিওফালে
থকা পাহাৰবোৰৰ বিশাল গছবোৰে পথাৰখনত সূৰ্যৰ কিৰণ অলপ সময়লৈকেহে পৰিবলৈ দিয়ে৷ কোমল
ঘাঁহবোৰৰ ফালে চাই মই যেতিয়া মই চেতকৰ ফালে মূৰ ঘূৰালোঁ, দেখিলোঁ সি চিধাকৈ মোৰ
চকুৰ ফালে চাই আছিল।
 তাৰ চকুলৈ চায়েই
ব পাৰি, বেচেৰাৰ
ঘাঁহ দেখি লোভ লাগিছে৷ তাক ঘাঁহ খাবলৈ পাহাৰৰ তললৈ নমাই পঠিয়াই মই আকৌ পাহাৰত উঠি
দূৰবীণ লৈ সেই ঠাইডোখৰ পৰ্যবেক্ষণ কৰি কৰি মেপ্‌ৱৰ্ক কৰিবলৈ‍ ধৰিলোঁ৷ বহু সময়
দূৰবীণ ঘূৰাই ঘূৰাই দেখিলোঁ সেই দৃশ্য
, হাতত ধনু-কাঁড়
লৈ কেইবাটাও জংঘলী মানুহ ঘোঁৰাজাকৰ ফালে গৈ আছে৷
 

তেতিয়াই মোৰ মনত
পৰিল বটগছৰ তলৰ আড্ডাৰ কথা৷ অলপ দূৰ দূৰবীণ ঘূৰাই দেখিলোঁ ৱেইন গংগা নদীখন আৰু
জংঘলী মানুহৰ বস্তিটো৷ যেতিয়া আকৌ সেই বনৰীয়া মানুহকেইটাৰ ফালে চালোঁ, তেতিয়া
দেখিলোঁ সিহঁতে এঠাইত জোপোহাৰ আঁৰত লুকাই বনৰীয়া ঘোঁৰাজাকৰ ফালে কাঁড় টোঁৱাই আছে৷
বুকুৰ ধপ্‌ধপনি আৰু অশান্ত বতাহৰ গতিৰ লগে লগে সিহঁতৰ আঙুলি ঢিলাই যোৱা দেখিলোঁ৷
শব্দ কৰি তিনিডাল কাঁড় একেলগে বতাহত বিলীন হৈ গ
ল৷ দূৰবীণ লৈ কাঁড়কেইডালক খেদিবলৈ ধৰিলোঁ৷
বুকুৰ ধপ্‌ধপনি
, বতাহৰ হু-হুৱনিৰ মাজতে কাঁড় লগা ঘোঁৰাটোৰ কাতৰ
চিঞৰ শুনিবলৈ পালোঁ৷ দৰ্শকৰ হাতচাপৰিৰ দৰে ঘোঁৰাবোৰে দৌৰাৰ শব্দ শুনিলোঁ৷
 

কিন্তু সেই
ঘোঁৰাজাকৰ মাজত যেতিয়া চেতকক দেখিলোঁ
, তেতিয়াই মোৰ
চেতনা ঘূৰি আহিল৷ সকলো বস্তু হুৰমূৰকৈ বেগত ভৰাই মই হাতত ৱি‍ন্‌চেষ্টাৰটো লৈ চেতকৰ
ফালে দৌৰিবলৈ ধৰিলোঁ৷ মোক দেখি চেতকো মোৰ ফালে দৌৰিবলৈ ধৰিলে৷ সি মোৰ ওচৰ চপাৰ লগে
লগে জাঁপ মাৰি তাৰ লেকামডালত ধৰি তাৰ পিঠিত বহি ল
লোঁ আৰু সেই পথাৰখনৰ পৰা ওলাবলৈ চেষ্টা কৰিলোঁ৷
পথাৰখনক চাৰিওফালৰ পৰা আৱৰি ধৰা পাহাৰবোৰ এঠাইত লগ হৈছে
, ৰ পৰা বৈ আহিছে
ৱেইন গংগা নদীখন৷ নদীখনে সেই ঠাইত পাহাৰখনক কেইক্ কটাৰ দৰে কাটি দিয়ে৷ চেতকে গাৰ
জোৰেৰে দৌৰিছে
, কিন্তু জংঘলী মানুহবোৰে আমাৰ পিছ নেৰিলে৷
সিহঁতেও নিজৰ ঘোঁৰাৰ পিঠিত উঠি আমাক খেদিবলৈ ধৰিলে৷ সূৰ্য
 প্ৰায় অস্ত হওঁ
হওঁ৷ ৱেইন গংগা নদীৰ পাৰে পাৰে ঘোঁৰা চেকুৰাই আছোঁ
, পিছে
পিছে এজাক জংঘলী মানুহ৷ কি শিহৰণ! কিন্তু সেই শিহৰণ ভেদি আহিল এডাল কাঁড়
, যিয়ে মোৰ
কাণ এখন ফালি লৈ গুচি গ
ল৷ মোৰ
চেতনা হেৰাব ধৰিলে৷ মই যেনে-তেনে নিজক নিয়ন্ত্ৰণ কৰি সেই উপত্যকা পাৰ হৈ ঘন জংঘল
সোমালোঁগৈ৷ তেতিয়া ঘিট্‌মিটীয়া আন্ধাৰ৷ অলপ সময়ৰ পাছত মই চেতকৰ গাতেই চেতনা
হেৰুৱালোঁ৷ চেতক কিন্তু নৰ
, সি গৈয়ে
থাকিল৷ সেইদিনা মই একো খাবলৈ নাপালোঁ৷
 

অচেতন হৈ থকাতে
মই সপোনত দেখিলোঁ
, ক্ৰিষ্টিনা আৰু মই ডাইনিং টে‍বুলত বহি এটা
ষ্টীক খাবলৈ মাংস ছিঙিব নোৱাৰি সেই মাংসৰ টুকুৰাটোত কুঠাৰ মাৰিছোঁ
, কৰত
মাৰিছোঁ
, গেতলিং গান চলাইছোঁ, এশ কেজিৰ
বৰতোপ চলাইছোঁ কিন্তু নাই৷ এই মঙহৰ টুকুৰাটো নিছিগেহে নিছিগে৷ সেই মঙহৰ টুকুৰাটো
ছিঙিবলৈ প্ৰচেষ্টা চলাই থাকোঁতে থাকোঁতে এসময়ত মোৰ চকু মেল খালে৷
 

চকু মেলি দেখিলোঁ
এটা মস্ত মানুহে মোচ কোঁচাই কোঁচাই মোৰ ফালে চাই আছে৷ মই উচাপ খাই উঠি চাৰিওফালে
এবাৰ চালোঁ
, দেখিছোঁ দীঘল দীঘল বন্দুক লৈ এগাল মানুহে মোক
চাৰিওফাল পৰা আৱৰি ধৰিছে৷ এইবাৰ থিয় হ
লোঁ৷ দেখিলোঁ মই আছোঁ এখন প্ৰাচীন নগৰত৷ নগৰখনত বান্দৰ আৰু
এই দীঘল মোচ থকা মানুহবোৰৰ ৰাজত্ব৷ মই সেই মানুহজনক সুধিলোঁ
, ‘‘মই কত আছোঁ? তোমালোক
কোন
?’’ তেতিয়া তেওঁ কলে, ‘মোৰ নাম ৰাজপাল, এই ঠাইৰ নাম মই
নাজানো
, কিন্তু মই ইমানেই জানো যে তোমাক ৪০ জন বন্দুকধাৰী
ডাকুৱে আৱৰি আছে
, তুমি পলাব নোৱাৰা। 

ডাকু! মই মোৰ
কান্ধত চুই চালোঁ
, ৱি‍ন্‌চেষ্টাৰটো নাই৷ কঁকালত চুই চালোঁ
ফ্লিণ্টল
কটোও
নাই৷ মোৰ এই কাণ্ড দেখি ডাকুবোৰে হাঁহিবলৈ ধৰিলে৷ সেই মানুহটোৱে মোৰ ৱি‍ন্‌চেষ্টাৰ
আৰু ফ্লিণ্টল
কটো হাতত
লৈ জোকাৰি জোকাৰি মোক দেখুৱালে৷ মই ঘামিবলৈ ধৰিলোঁ৷ পিছফালে মূৰ কৰি দেখিলোঁ চেতকক
দুটা মানুহে দুফালৰ পৰা দুডাল ৰছীৰে বান্ধি আনি আছে৷ মই মানুহজনক ক
লোঁ, ‘‘আমাক ইয়ালৈ কিয়
লৈ অনা হৈছে
?’’ তেতিয়া মানুহজনে কলে, ‘কালি আমি গাঁও
এখনত ডকাইতি কৰি থাকোঁতে বগা মানুহ এজাকে গুলীয়াই গুলীয়াই খেদিলে
, তেতিয়া
গংগা নদীৰ পাৰৰ জংঘলখনেৰে আহি থাকোঁতেই তোক দেখিলোঁ৷ তইতো সিহঁতৰেই এটা হ
বি?’’ 

মই যিটো প্ৰশ্ন
সুধিছিলোঁ
, সেই প্ৰশ্নটোৰেই চিধা উত্তৰ দিয়া দেখি বুজিলোঁ
ই বপুৰা অলপ অঁকৰা ডকাইত৷ তাৰ প্ৰশ্নৰ মই উত্তৰ দিলোঁ
,নহয়, মই নৱাবৰ
দৰবাৰৰ পৰা আহিছোঁ৷
’’

‘‘অ! তই মানে নৱাবৰ চামচা৷’’— এই বুলি
কৈ মানুহজাকে হাঁহিবলৈ ধৰিলে৷
 

তেনেতে এটা গুলী
আহি চিধা ডাকু এটাৰ মূৰত সোমাই লাওখোলা ছি‍ৰাছি‍ৰ কৰি পেলালে৷ সকলো উচাপ খাই উঠিল
, তেতিয়াই
আগমন ঘটিল বগা মানুহৰ৷ সিহঁত ইংৰাজ
, নে ফৰাচী, নে
পৰ্টুগীজ আছিল
  ধৰিব নোৱাৰিলোঁ, কাৰণ
সেইটো জাত বিচাৰ কৰিব পৰা পৰিস্থিতি নাছিল৷ তেনেতে মোক বিচাৰি বিচাৰি জাকে জাকে
বনৰীয়া মানুহ সেই ঠাইত উপস্থিত হ
বলৈ ধৰিলে৷ তিনি পক্ষৰ মাজত প্ৰচণ্ড যুদ্ধ আৰম্ভ হ’ল৷ তেনেতে মই
মুখ্য ডাকুজনক পিছফালৰ পৰা আঘাত
  কৰি
পেলাই দিলোঁ৷ তেওঁ টলকিব পৰাৰ আগতেই কাষতে থকা মোৰ বন্দুক দুটা থপিয়াই ল
লোঁ৷ লগে লগে মই
মোৰ ফ্লিণ্টল
কটো লৈ
তেওঁক একে গুলীৰে স্বৰ্গলৈ নে নৰকলৈ পঠাই চেতকৰ পিঠিত উঠি ঘন জংঘলৰ মাজলৈ সোমাই গ
লোঁ৷

বহু দূৰ ঘোঁৰা
চেঁকুৰাই চেঁকুৰাই এঠাইত ৰ
লোঁগৈ৷
জোনাক নিশা৷ আকাশত তৰা৷ চেতক বেচেৰাৰ বহুত ভাগৰ লাগিছিল। সি এতিয়ালৈকে সাত
ঘুমটিমান মাৰিলে৷ মই জংঘলখনৰ কোনটো এলেকাত আছোঁ মই নাজানো
, কেতিয়া
ঘৰ পামগৈ সেইটোও নাজানো৷ ক্ৰিষ্টিনাক কেতিয়াবা লগ পাম নে নাপাম তাৰো ঠিকনা নাই৷
বাৰু দাৰ্শনিক চিন্তাবোৰ বাদ দি এতিয়া শুবলৈ ধৰোঁ৷ মোৰ শৰীৰটোৱেও সংকেত দি আছে৷
 

বহু দেৰিকৈ সাৰ
পালোঁ৷ আশ্বৰ্যজনকভাৱে আজি চেতকক জগাবলগীয়া হৈছে৷ হাত মুখ ধুই
  লক্ষ্যবিহীনভাৱে যাত্ৰা আৰম্ভ কৰিলোঁ৷ যিহেতু
আজি কোনফালে যাব লাগে সেইটোৱেই নাজানো
, গতিকে চেতকক অলপ
লাহে লাহে খোজ কাঢ়িবলৈ দিছোঁ
, বহু দূৰ গৈ
মানুহৰ হৈ-হাল্লা চিঞৰ-বাখৰ শুনিবলৈ পালোঁ৷ নিশ্চয় মানুহৰ বসতি হ
ব! অলপ সময়ৰ পাছত
সাগৰৰ শব্দও শুনিলোঁ
, আৰু জংঘল
লাহে লাহে কমি আহিবলৈ ধৰিলে৷ এসময়ত মই সাগৰখন স্পষ্টকৈ দেখিলোঁ৷ য
ত ৰৈ আছিল আমাৰ
জাহাজখন আৰু সেই মচলাযুক্ত ভাৰতীয় বজাৰখন৷ মনত বৰ অদ্ভুত ধৰণৰ উলাহ হ
বলৈ ধৰিলে৷ 

মোৰ লক্ষ্য
ইতিমধ্যে পূৰ্ণ হৈছে৷ কিমান দিনৰ পাছত যে
  ক্ৰিষ্টিনাক
লগ পাম! গোটেই জংঘল ঘূৰিলোঁ৷ এতিয়া বাকিংহামলৈ‍ যাবহে লাগে৷ কিন্তু তেতিয়া মোৰ
হঠাৎ মনত পৰিল
, মই মোৰ বেগটো খুলি চালোঁ আৰু দেখিলোঁ ইতিমধ্যে
মোৰ মেপৱৰ্কবোৰ অন্তৰ্ধান হৈছে৷

লেখকৰ ঠিকনা :

সপ্তম
শ্ৰেণী

ছেইণ্ট মেৰীজ হাইস্কুল

লখিমপুৰ:
৭৮৭০০১