হিতে বিপৰীত

 সঞ্জীৱ সভাপণ্ডিত


এইবাৰৰ বিশ্ব পৰিৱেশ
দিৱসৰ দিনাখন
(//২০২২)
গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ
যাবলগীয়াত পৰিছিলোঁ৷ স্কুলীয়া ল
ৰাছোৱালীৰ
লগত কিছু সময় কটাব পাৰিম বুলি মনটো ভাল লাগি আছিল৷ ওচৰতে এটা জলপ্ৰপাত আছে৷ এখন বিয়াগোম
হাবি আছে৷ এখন বিল
হ্ৰদসদৃশ জলাশয়ো আছে৷ সমতলপাহাৰীয়া মিশ্ৰিত ঠাই৷ মাইলৰ পাছত মাইল জলাহভূমি, ঢেৰ
সৰু
বৰ নিজৰা৷ সেৰেঙা জনবসতি৷ জনগাঁঠনি মূলতঃ বা প্ৰধানকৈ জনজাতীয়৷

যাওঁতে পাই যায় এখন
চাহ
বাগিচাতাতে থকা এটা কলঘৰ৷ মানুহবিলাকৰ আহলবহল বাৰীঘৰ৷ তাতে আছে মোৰদিকচৌ
বনত পলাশ
নামৰ চিনেমাখনৰ দৃশ্যায়নৰ এক স্থান– আগৰ দিনৰ
ভাষাত 
বাগিচাৰ এটা ‘কুলী লাইন বা বৰ্তমানৰ ভাষাত চাহবাগিচাৰ মজদুৰ কলনি৷

অকণমান একোটা দুকুঠলীয়া ঘৰ৷ সামান্য একোখন বাৰী৷ ঘৰটোৰ দেৱাল পকী ইটাৰ৷ খুঁটাবোৰো ইটাৰ৷ চালখন সেই বৃটিছৰ
দিনৰ টংটঙোৱা টিনৰ৷ চাহাববিলাক অহা
যোৱা কৰাৰ বাটত নপৰা ঘৰবস্তি৷ লেতেৰাপেতেৰাকৈ থকা মানুহৰ এলেকা৷ গাহৰিমানুহমদমূৰ্গীকাজিয়া-পেচাল,চিঞৰবাখৰপেল-পেল লৰাছোৱালী একেলগে থকা
ঠাই৷ নিমখীয়া ফিকা চাহ
ৰঙা ফুলি (মদ), বুধুৱাচ্‌মীৰ নিজা ঘৰ৷

এইখন বাগান পাতিছিল
এজন বৃটিছে৷ যৌন অভিসাৰ চলাইছিল এজনী বাগানীয়া লচ্
পচী দীপলিপ গাভৰুৰ
লগত৷ এটা সময়ত ডেকা বৃটিছৰ দৈহিক
জৈৱিক তাড়না মনৰ তাড়নালৈ ৰূপান্তৰিত
হৈ পৰিছিল৷ তেওঁলোক দুয়োৰে সন্তান জন্ম হৈছিল৷ আন বহুতৰ দৰে এইজন ডেকাই কিন্তু তাইক

পৰিত্যাগকৰি গুচি যোৱা নাছিল৷ গুচি গৈছিল ইংলেণ্ডলৈগা চামৰাৰ মানুহৰ মাজত কলা চামৰাৰ পত্নীক লৈ সমাজচ্যুত হোৱাৰ আশংকাত বা অজুহাতত৷ কিন্তু তাৰ আগতে তেওঁ
এই বাগানখন খুলি তেওঁৰ পত্নীক তাৰ মালিকনী কৰি থৈ গৈছিল, সাত পুৰুষলৈ আৰ্থিক সমস্যা
অনাটনৰ পৰা মুক্ত কৰি থৈ গৈছিল৷ বুকুত দুখবেদনাবাস্তৱতাউদাৰতাসাহসিকতাৰ এক মিশ্ৰিত
অনুভূতিৰে সেই ঠাইখন পাৰ হৈ গৈছিলোঁ৷

এনেকুৱা বহুত কাহিনীৰে
ভাৰাক্ৰান্ত মোৰ মনটোৱে পখিলী মেম
ৰঙিলী মেম, মালতী মেম আদিৰ কথা অতিক্ৰমি চিপচিপীয়া বৰষুণৰ মাজেৰে যেতিয়া ঠাইটুকুৰাত উপস্থিত
হৈছিলোঁগৈ
, তেতিয়া মোক এটা সৰু হলঘৰৰ পিনে আগবঢ়াই লৈ যোৱা যৈছিলকাৰণ বৰ্ষাবিঘ্নিত পৰিস্থিতিত তাৎক্ষণিকভাৱে মুকলি আকাশৰ তলৰ পৰা হলঘৰটোৰ
ভিতৰলৈ সভাৰ স্থান সলনি কৰা হৈছিল৷

চশমাৰ
পানী মচি মচি সোমাই যাওঁতে মোক বহিবলৈ দিয়া চকীৰ পিছফালে আঁৰি থোৱা বেনাৰখনলৈ মোৰ চকু
গৈছিল
প্ৰায় এক ডজনমান বিভিন্ন সংগঠনৰ নামকিছুমানৰ নাম শুনা, বেছিভাগৰে নুশুনাসকলো যেন প্ৰকৃতি সংৰক্ষণৰ কাৰণেই জন্ম লোৱানিয়োজিত
আৰু উপস্থিত৷

মিটিং চলি গ– হেনাহুঁচাকৈ বক্তাই কথা কৈ গইংৰাজী শব্দৰ পয়োভৰত স্কুলীয়া ছাত্ৰছাত্ৰী তথা গাঁৱৰ অজলাঅবলা মানুহবিলাক থৰ লাগিলতেওঁলোকৰ ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হোৱা ডেকাডেকা, গাভৰুগাভৰু বিশেষজ্ঞ
(expert)-ৰ মুখত শুনি গ Environment
day, Earth day, Water day, Sparrow day, Vulture day, River day, Arid land day,
Rainwater day  আদি ইটোৰ পাছত
সিটো উৎসৱেই নে দিৱসেই নে কিবাকিবিবোৰৰ কথা৷ বতাহ
ধুমূহাঘূৰ্ণীবতাহ অথবা বামাৰলিয়ে কোবাই যোৱাৰ নিচিনাকৈ মানুহবিলাক
হতচকিত হৈ ৰ
ল৷ বুঢ়াসকলে ভাবিলেইমানবোৰ
কথা নজনাকৈ তেওঁলোকেনো জীৱনটো কেনেকৈ কটালে
! সৰু সৰু লৰা-ছোৱালীবিলাকে ভাবিলে, ইমানবোৰ কথা নজনাকৈ তেওঁলোকে বাৰু জীৱনটো কেনেকৈ কটাব!

মোক কিবা এষাৰ কবলৈ
দিয়াত মই ক
লোঁ যে আপোনালোকৰ ইয়াত গছেই গছ৷ ইয়াত আৰু কি গছ ৰুব !
ৰোৱে যদি টকা আহিবলৈকে ৰোৱক৫০/৬০ জোপামানকৈ আমলখি, অমৰা, শিলিখা,
ভোমোৰা, কৰ্দৈ; ১০/২০ বিঘামানকৈ আদা, হালধি, কচু,
বেত, টেঙামৰা; ৫ মাইলমান
বাট জুৰি সোণাৰু
, কৃষ্ণচূড়া, ৰাধাচূড়া,
এজাৰ; ১০০ জোপামানকৈ কঠাল, চজিনা, নেমু, থেকেৰা আদি বা হাজাৰ
হাজাৰ বাঁহ
জাতি, ভলুকা, মকাল, কাকী, বিজুলী বাঁহ৷ গছৰ পৰা
উপাৰ্জন কৰিব লাগিব৷ গছক লৈ ব্যৱসায় কৰিব লাগিব৷ এপ্ৰিল
মে
 মাহত
সোণাৰু
, কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ ফুলিলে এই পাঁচমাইল ঠাইত যি নান্দনিক দৃশ্য সৃষ্টি হ, সেইটো চাবলৈকে ইয়ালৈ মানুহ আহিব– Cherry
Blossom
চাবৰ বাবে মানুহ শ্বিলং বা জাপানলৈ যোৱাৰ দৰে বা Maple গছৰ
পাতৰ শোভা চাবলৈ আমেৰিকাৰ কিছুমান ঠাইত মানুহে ভিৰ কৰাৰ দৰে৷

ফলবিলাকৰ পৰা ইয়াত
দৰৱ প্ৰস্তুতিৰ কেঁচামাল তৈয়াৰ হ
ব পাৰিব৷ ধোঁৱা ওলোৱা ফেক্টৰী নোহোৱাকৈও
এই কাম হ
ব৷ মানুহৰ সমাগম বাঢ়িলে, ব্যৱসায়িক
কাম
কাজ বাঢ়িলে ইয়াত প্ৰদূষণৰ আশঙ্কা বাঢ়িব৷ আপোনালোকে পেট্ৰডিজেল ব্যৱহাৰ হোৱা যন্ত্ৰ বা গাড়ী নিষিদ্ধ কৰি দিব৷

আপোনালোকক কিছুমান
মানুহে গছ কাটিবলৈ হাক দিছে৷ সেইবোৰ নুশুনিব৷ কাঠ নোহোৱাকৈ কাৰো নচলে৷ গছ কাটিব লাগিব
; কিন্তু গছ ৰুবও লাগিব৷ আমি গুৱাহাটীৰ মানুহে আপোনালোকক যিকোনো কথা কওঁএইটো নকৰিব, সেইটো নকৰিব বুলি; কিন্তু আমাৰ আচলতে এইবোৰ কথা কবৰ কোনো নৈতিক অধিকাৰ
নাই৷ পাহাৰ কাটি
, খালবিল পুতি,
নলানৰ্দমানৈজানজুৰি পূতিদুৰ্গন্ধময় বিষাক্ত কৰি এখন ধুনীয়া ঠাইৰ
সৰ্বনাশ কৰি এতিয়া আমি আপোনালোকক এইটো নকৰিব, 
সেইটো নকৰিব বুলি কবলৈ আহিছোঁ৷ আমাৰ নিচিনা মানুহক আপোনালোকে বিশ্বাসত নলব৷

কৈ থাকোঁতে মই তলে
তলে ভাবিও থাকিলোঁ- ইমানবোৰ অনুষ্ঠানপ্ৰতিষ্ঠানসংগঠনৰ কি কাম ইয়াতএই সৰু ঠাইখনত, যে আটায়ে ভেনা মাখি পৰাদি পৰিছেহি! সকলোকে ফটো উঠিবলৈ লাগে, বহুত
কাম কৰিছে বুলি বাঃ বাঃ ল
বলৈ লাগে৷ তেওঁলোকে আপোনালোকৰ ইয়াৰ বেয়া পানী নাখায়৷ দেখিছেনে এই
টেবুলৰ ওপৰৰ সৰু সৰু পানীৰ প্লাষ্টিকৰ বটলবিলাক
খালী কৰি ইয়াত
দলিয়াই পেলাই থৈ যাবলৈ 
!   

ইমানবোৰ মানুহৰ ভৰিৰ
গছকতে আপোনালোকৰ বাট
পথৰ ঘাঁহবন মৰি শেষ হ, তেওঁলোকৰ গাড়ীৰ উৎপাততে আপোনালোকৰ বাটপথ ভাঙিছিঙি গাঁতময় হব৷

এই মানুহবিলাক একো
আপোনালোকৰ মৰমত ইয়ালৈ অহা নাই৷ তেওঁলোকৰ বেলেগ একো কাম নাই৷ একোটা
NGO খুলি লৈছে৷ চৰকাৰ বা কৰবাৰ পৰা টকা পাইছে৷ বহুত কোম্পানীয়ে
টেক্স বচাবৰ কাৰণে এইবিলাক কাম কৰোৱায়৷ কাম এটকাৰ কৰে
খৰচ ১০০০
টকাৰ কৰে
প্ৰচাৰ ১ লাখ টকাৰ কৰে !

মই নোকোৱাকৈ ভাবি
থকা কথাৰ কাৰণেই বোধকৰো Waste Management-অৰ মানুহৰ আৰু একো কোৱা নহল৷ পৃথিৱীখন কেৱল সেউজীয়া কৰিবলৈ বিচৰাসকলো তাপ মাৰিলে৷ পৃথিৱীত যেন অন্য একো
ৰং নায়েই
, তেওঁলোকে তেনেকুৱা কৰি দিবলৈ বিচাৰে৷ বাল্টিটিনকোৰখন্তি সকলোতে সেউজীয়া
synthetic enamel paint  মাৰি
তেওঁলোকে পৃথিৱীখন সেউজীয়া কৰিবলৈ বিচাৰে৷ ক
ৰবাৰ কৰবাৰ পৰা এই মানুহবিলাকে ডিগ্ৰী লৈ আহে৷ এনেকৈ কথা কয় যেন তেওঁ তালৈ যোৱাৰ
কাৰণে গাওঁবাসীহে ধন্য হোৱা উচিত৷ সৰ্বজান্তা৷
Arrogant৷ আমাৰ মন-মানসিকতাত জীন নোযোৱা ধৰণৰ কৰবাৰ বিজতৰীয়া ধ্যানধাৰণা কিছুমান আমাৰ অজ্ঞ মানুহৰ ওপৰত জাপি
দিবলৈ বিচাৰে৷ আমাৰ মানুহে যেন একো নাজানেই 
! একো নজনাকৈয়ে যেন
আমাৰ মানুহবিলাক আজিলৈকে জীয়াই আছে৷

তেওঁলোকে Laptop-ipad লৈ যায়৷ Audio-visual presentation লৈ যায়৷ পৰিসংখ্যা
তেওঁলোকৰ ওঁঠত৷ ইংৰাজী তেওঁলোকৰ মাতৃভাষা
হৈ পৰে ! কাপোৰেকানিয়ে তেওঁলোক বৰ impressive

নিজৰ ভেঁটি টনকিয়াল
নোহোৱাবিলাকক
তেওঁলোকে উৰুৱায়েই নিব যেন !

এই NGO বিলাকক সকলোৱে প্ৰশ্নবোধক বিশ্লেষণ আৰু পৰ্যালোচনাৰ দৃষ্টিৰেহে প্ৰথমে চাব
লাগে৷ বহুতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাম কৰি আছে মনে মনে৷ বহুতে ইছলামীয় মৌলবাদ সম্প্ৰসাৰণৰ
কাম কৰি আছে মনে মনে৷ বহুতে ক
লা টকা বগা কৰি আছে৷ বহুতে সমুখৰ
চাক
চিক্যৰ নেপথ্যত Money laundering, call girl
racket, Human trafficking, বিদেশৰ চোৰাংচোৱা হৈ কাম কৰি আছে৷ আকৌ বহুত NGO-ৰ জমা-খৰচৰ হিচাপনিকাচৰ 
কোনো audit হোৱা নাই৷ কৰপৰা টকা আহিছে, লৈ গৈছে,
কোনেও নাজানে৷

দেখাত NGO ব্যৱস্থাটো ভালেই– Non Government Organization৷ চৰকাৰী
বিভাগবিলাকে সকলো কাম কৰিব নোৱাৰে, মূলতঃ মানুহৰ অসুবিধাৰ কাৰণে৷ যেনে
, AIDS
সচেতনতা অভিযান চৰকাৰে কিমান কৰিব ? গতিকে
NGO-ক জড়িত কৰায়, তেওঁলোকে মেল-মিটিং পাতেসমল ব্যক্তিৰ হতুৱাই কথা কোৱায়চিনেমা নিৰ্মাণ
কৰি
 মানুহক দেখুৱায়বাইচাইকেলবাইক ৰেলী পাতেবহুত কিবাকিবি কৰে৷ এইবিলাকলৈ আনকি
Bill Gates & Melinda Gates Foundation-অৰ টকাও আহে৷ কৰ্মকৰ্তাসকল
বিদেশলৈকো ফুৰিবলৈ যায়৷

এনেদৰেই পৰিৱেশ দপ্তৰ, শিক্ষা দপ্তৰ, স্বাস্থ্য দপ্তৰ, সামাজিক কল্যাণ (Social Walfare), শিশু কল্যাণ (Child Walfare) আদি অনেক দপ্তৰ বা মন্ত্ৰণালয়ে
অনেক
NGO-ক স্বীকৃতি দি আঁচনি অনুযায়ী টকা-পইচা দি চৰকাৰী উদ্দেশ্য সফল কৰিবলৈ নিয়োগ কৰে৷ টকাৰ অংকটো ভাল৷ সেই কাৰণে বহুতে এই অংকতে
মচগুল হৈ থাকে৷

অৱশ্যে এই NGO-বিলাকৰ কিছুমানে ভাল কামো কৰি আছে৷ কিন্তু সৰহভাগেই নিজৰ আৰ্থিক ভেটি আৰু সামাজিক
ভাবমূৰ্তি টনকিয়াল কৰাৰ কামতহে নিমজ্জিত৷

এই ঘটনাৰ তিনিদিনপাছত মই এখন বিশ্ববিদ্যালয়ৰ
এটা আলোচনাত অংশ লবলৈ যাব লগা হৈছিল৷ তাৰে
এজন শিক্ষকে মোক কিছুদিনৰ আগতেই প্ৰস্তাৱটো দি আমন্ত্ৰণ জনাইছিল৷ আগতেই সন্মতি দি থৈছিলোঁ কাৰণে নিৰ্দিষ্ট সময়ত মই গ
লো৷ অধ্যাপকজন মোৰ চিনাকি কাৰণে মই
বিশেষ একো সোধা নাছিলোঁ
যদিও বিষয়বস্তুটো মোক জনোৱা হৈছিল– Prevention of violence against woman৷ গতিকে মই সেইমতে কথা কেইটামান
জুকিয়াই নিছিলোঁ৷
 

কথাবতৰাবোৰ
আৰম্ভ হোৱাৰ আগতেই মই বুজি উঠিছিলোঁ যে ইয়াতো সেই
NGO-ৰ মাতব্বৰিতাই চলিব এতিয়া৷ গতিকে মই নিজকে সংযত কৰি ললোঁ৷ ইজনৰ পাছত সিজন বক্তাই
সজোৰে বিভিন্ন পৰিসংখ্যাৰ মাধ্যমেৰে বিভিন্নজনৰ উক্তিৰে পৃথিৱীত মাইকী মানুহবোৰক
যে মতা মানুহবিলাকে মাৰি
কাটিধৰ্ষণলুণ্ঠনউপান্ত কৰি শেষ কৰি পেলাইছে, সেইবিলাক প্ৰত্যয় হোৱাকৈ উপস্থাপন কৰি গল৷ যুদ্ধৰ সময়ত
সততেই ধৰ্ষণৰ বলি হোৱা
, forced বৈধৱ্য, গৃহহাৰা হৈ অকলেই সন্তানৰ দায়িত্ব লব লগা হৈ বিধ্বস্ত
হৈ পৰাৰ কৰুণ কাহিনী
; উগ্ৰপন্থীৰ আক্ৰমণতো হোৱা তদ্ৰুপ অৱস্থা,
মাদক দ্ৰব্য তথা নিচাসক্ত হৈ স্বামীয়ে কৰা অত্যাচাৰত জৰ্জৰিত হোৱা,
স্বামীৰ বিৱাহ বহিৰ্ভূত সম্পৰ্কৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি,
কৰ্মস্থলীত হোৱা যৌন নিৰ্যাতন, সামাজিকভাৱে হোৱা
নাৰী নিৰ্যাতন
, পুৰুষৰ লোলুপ চাৱনিৰ চিকাৰ হোৱাৰ কথাবোৰ উত্থাপিত
হৈ গ
ল অনৰ্গলভাৱে৷

মোৰ এনে যেন লাগিবলৈ
ধৰিলে যে ময়ো এই সকলোবোৰৰ কাৰণে জগৰীয়া 
! কাৰণ, অৱলীলাক্ৰমে সকলোৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিল পুৰুষবিলাক৷ গাৰ্হস্থ্য হিংসাৰ ক্ষেত্ৰতো পুৰুষেই প্ৰধানকৈ জগৰীয়া বুলিও প্ৰতিপন্ন কৰা
ল৷

মই বৰ অস্বস্তিত
পৰিলোঁ৷ হঠাৎ মোৰ নিজৰ চিন্তা আৰু শব্দবিলাক আঁতৰি গ
ল৷ সেই সময়ত মই যেন মহাশূন্যতহে ওপঙি পৰিলোঁ৷

ইফালে মঞ্চত চকীটেবুলৰ
টনা আঁজোৰাত মই বুজি উঠিলোঁ যে এতিয়া মোক কিবা ক
বলৈ মাতিব৷ মই
ভয় খাই উঠিলোঁ
কি কম এতিয়া?

কিন্তু হঠাৎ দেখোন
এখন তথ্যচিত্ৰ দেখুৱাবলৈ আৰম্ভ কৰি দিলে
; গাড়ী এখন অঁকোৱাপকোৱা পাহাৰীয়া শিলাময় ৰাস্তাৰেভঙাছিঙা আৱাসস্থলৰ মাজেৰে বিভিন্ন মানুহক লগ ধৰি গৈ গৈ
ধুনীয়া ধুনীয়া দৃশ্য দেখুৱাই দেখুৱাই
কথা কৈ কৈ গৈ থাকিল৷ কিছুমান
ঠাই মোৰ চিনাকি
কিছুমান মানুহৰ কথা মোৰ জনাগতিকে ময়ো ৰস পাই পাই গৈ থাকিলোঁ৷ মোৰ মনটো ভাল লাগিবলৈ ঠিক ধৰোঁতেই হঠাৎ কেমেৰা
গৈ এখন নৈ পালেগৈ
তাৰ পৰা নৈপৰীয়া মানুহৰ জীৱনতাৰ পৰা গৈ এটা নদীবান্ধতাৰ পাছত প্ৰতিবাদী কৰ্যসূচীতাৰ পাছত অখিল গগৈতাৰ পাছত আৰু এজন
তাৰ পিছত বিভিন্ন বাতৰি কাকতৰ  খবৰৰ ক্লিপিংতাৰ পাছত গোটেই বৃহৎ নদীবান্ধ বিৰোধী কাৰবাৰ !   

চিনেমা শেষ হল৷ আকৌ এবাৰ টেবুল-চকী টনাঅঁজোৰা চলিল৷ মোক আৰু এজনক মঞ্চলৈ আদৰি নিয়া হল৷ এজন  Moderator-ও ওলাল তাৰ মাজতে আৰু বিভিন্ন কথাৰ অৱতাৰণা কৰাৰ অন্তত মোলৈ এটা পোনপটীয়া প্ৰশ্ন
উত্থাপিত হ
– What do you have to say regarding developmental
agenda of the Government and the future of the ethnic people? চৰকাৰৰ উন্নয়নমূলক
আঁচনি আৰু জনজাতীয় মানুহখিনিৰ ভৱিষ্যৎ সন্দৰ্ভত মই কি ভাবোঁ 
?

মোৰ ইতিমধ্যেই খং
উঠি আহিছিলেই৷ আমন্ত্ৰণ কৰিছিল এটা বেলেগ বিষয়বস্তুৰ কথাক লৈ৷ এতিয়া উলিয়াইছে আন কিবা
এটা৷ লগে লগে মই বুজি উঠিলোঁ যে এই
NGO-টোৰে এইবোৰ কাৰচাজি৷

তথাপি খং সামৰি
মই ক
লোঁ যে তথ্যচিত্ৰখনত কেৱল মানুহক ভয় খুওৱা হৈছে৷ একপক্ষীয় মতামত দাঙি ধৰা হৈছে৷
যিসকল অভিযন্তাই বান্ধটোৰ বিভিন্ন দিশ ডিজাইন কৰিছে
, তেওঁলোকে
কি কয়
মানুহৰ আশংকাসমূহ নিৰ্মূল কৰিবলৈ তেওঁলোকে কি ব্যৱস্থা
লৈছে
সেইবোৰ দিশো ইয়াত সন্নিৱিষ্ট কৰিব লাগিছিল৷ মই নিজে এজন অভিযন্তা
হিচাপে ভাবোঁ যে কাৰিকৰী বিষয় কাৰিকৰী বিশেষজ্ঞইহে চম্ভালিব লাগে৷ ঠেলাৱালা
ৰিক্সাৱালা সকলোৱে structurally ইমান complex
বিষয় একোটাত বিশেষজ্ঞৰ দৰে মাত মতা উচিত নহয়৷ যেনেকৈ আমি বেমাৰআজাৰৰ ক্ষেত্ৰত ডাক্তৰৰ ওপৰত ঘপহকৈ মাত নামাতোঁ, তেনেকৈ
এনেবোৰ ক্ষেত্ৰত সংশ্লিষ্ট মানুহৰ মতামতহে প্ৰয়োজনীয়৷ ১৯৫০-অৰ দশকত সজা চীনৰ

3 Gorges Dam বা ১৯৬০-অৰ দশকত সজা কৰবাৰ নদী বান্ধৰ নিৰ্মাণশৈলীতকৈ অজি
২০২০
২২ চনৰ বান্ধৰ নিৰ্মাণশৈলী নিশ্চয় অধিক উন্নত প্ৰযুক্তিৰ
আৰু নিৰ্ভৰযোগ্য৷ গতিকে তথ্যচিত্ৰ হিচাপে সঠিক চিনেমাখন হৈছে বুলি ক
ব নোৱাৰি৷ তদুপৰি বিকাশ তথা প্ৰগতিৰ কাৰণে বিজুলী শক্তি লাগিবই৷ জলবিদ্যুৎ
প্ৰকল্পত স্থানীয় মানুহ স্থানচ্যুত হোৱাটো অৱধাৰিত কথা৷ ইয়াত জনজাতীয় বুলি বেলেগ কথা
নাই৷ মানুহখিনিৰ
পুনৰ সংস্থাপনৰ বাবে চৰকাৰে নিশ্চিতভাৱে ব্যৱস্থা
ব আৰু লব লাগিব৷ তেওঁলোকৰ ভৱিষ্যৎ তেনেকৈয়ে
সুৰক্ষিত হ
ব৷

মোৰ কথাত NGO-ৰ ফালৰ মানুহবিলাক বেছ অসন্তষ্ট হল৷ তেওঁলোকে মোক চৰকাৰী
ভাষ্যৰ সমৰ্থক বুলি ক
লে৷ সেই তথ্যচিত্ৰ বোলে মেলবৰ্ণচিকাগতো প্ৰশংসিত হৈছে৷ গতিকে মই কোন তেনেকৈ কবলৈ ! দিল্লীয়ে অৰুণাচলৰ পৰা বিজুলী নি উত্তৰ ভাৰতৰ ঘৰ
পোহৰ কৰিবগৈ৷ এইবোৰ শোষণ নহয় কি 
? এইবোৰ প্ৰকৃতি ধ্বংস নহয় কি ?

মই বাৰে প্ৰতি কবলৈ
চেষ্টা কৰিলোঁ যে এই কোঠাটোত জ্বলি থকা লাইটৰ বিজুলী ত্ৰিপুৰাৰ পালটানা থাৰ্মেল প্ৰকল্পৰ
পৰা আহিছে নে তামিলনাডুৰ কল্পকম আণৱিক বিদ্যুৎ শক্তি প্ৰকল্পৰ পৰা আহিছে নে অসমৰ নামৰূপ
থাৰ্মেলৰ পৰা আহিছে ক
ব নোৱাৰি; কাৰণ আজিকালি
বিদ্যুৎ
National Power Grid-অৰ পৰা আহে৷ অসমৰ বিদ্যুতৰ চাহিদা
১২০০ মেগাৱাট
; কিন্তু অসমৰ নিজা বিদ্যুৎ উৎপাদন মাথোঁ ৩৫০ মেগাৱাটহে৷
বাকী বিদ্যুৎ ভাৰতৰ অন্য ঠাইৰ পৰাহে আহে৷ এইবোৰ কথাত মিছামিছি আৱেগ সৃষ্টি কৰি লাভ
নাই৷
Technical matters should be viewed only technically৷ নামনি
সোৱণশিৰী বান্ধটোৰ ক্ষেত্ৰত আমি
বিচাৰ কৰিবলগীয়া প্ৰশ্নোত্তৰকেইটা
– () বান্ধটো
নিৰাপদ হ
বৰ বাবে ডিজাইনটোৰ সকলো parameter বিবেচনা কৰি ডিজাইন কৰা হৈছে নে নাই; () বান্ধটোৰ নামনিত (downstream) মানুহ তথা অন্য জৈৱ বৈচিত্ৰ্যৰ ক্ষয়ক্ষতি ন্যূনতম কৰিবৰ কাৰণে কি কি ব্যৱস্থা
লোৱা হৈছে
; () ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত
ক্ষতিপূৰণ দিয়া হৈছে নে নাই আৰু
 () বাৰিষা
অত্যধিক বৰষুণ হ
লে পানী এৰাৰ ব্যৱস্থাটো কেনে হব ?

জলবিদ্যুৎ আমাক লাগিবই৷
কিন্তু মানুহ তথা প্ৰকৃতিৰ ওপৰত বেছি প্ৰতিকূল প্ৰভাৱ নপৰাকৈ৷ কয়লা বা গেছভিত্তিক বিদ্যুৎ প্ৰকল্পবিলাকে
সাংঘাতিক প্ৰদূষণ কৰে৷ সেইবিলাক কমাব লাগে৷ জলবিদ্যুৎ
সৌৰবিদ্যুৎবায়ুবিদ্যুৎ-আণৱিক বিদ্যুৎ আদি বঢ়াব লাগে৷

মোৰ কথা NGO-টোৰ Agenda-ৰ বিপৰীত দিশত যোৱা দেখি তেওঁলোক অধৈৰ্য হৈ
উঠিল৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
, জামিয়া মিলিয়া ইছলামিয়া
বিশ্ববিদ্যালয় আদিৰ পৰা শিক্ষা লোৱা এনেকুৱা মানুহবোৰে নিজৰ এজেণ্ডাৰ
বাহিৰৰ সকলো কথাকেই বেয়া দেখে৷ কিছুমান বিদেশী ৰাষ্ট্ৰৰ কিছুমান অনু্ষ্ঠান
প্ৰতিষ্ঠানৰ পৰা ভাৰতক কোঙা কৰিবলৈ বা ভাৰতক বেয়া বুলি দেখুৱাবলৈ তেওঁলোকে
টকা পায় অনুদান বা
scholarship হিচাপে৷ দেখাত  তেওঁলোকৰ সকলো ভাল– অধ্যয়ন, গৱেষণা সকলোখিনি জনহিতকৰ কাম যেন
লাগে৷ কিন্তু ভিতৰি কথাবিলাক চব চিধা
সৰল নহয়৷ পৃথিৱীখনক চোকা
আৰু টেঙৰ মানুহে বৰকৈ পুতলা নচুওৱা দি নচুৱাই আছে৷ আমি বুজিবই নোৱাৰোঁ৷ বাহিৰৰ মোহৰ মৰা
কিবা এখন পালেই
আমাৰ এওঁলোক’ ‘আন্তঃৰাষ্ট্ৰীয়
আৱাজ
হৈ উঠে৷ এওঁলোকে মোক্ষত্ব পোৱা যেন পায়৷

 কিন্তু এওঁলোকে আৰু লগতে আমিও বুজা
উচিত যে বগা চামৰাৰ স্বীকৃতিবিলাক আজি সমগ্ৰ পৃথিৱীতে প্ৰশ্নৰ মুখামুখি হৈছে৷ তেওঁলোকৰ কথাই আজি
আৰু বেদবাক্য হৈ থকা নাই। আনহে নালাগে, বেদকে মানুহে আজি প্ৰশ্নৰে থকা
সৰকা কৰিছে৷

মূল বিষয়ৰ পৰা ফালৰি
কাটি অহাৰ কাৰণে মই ইতিমধ্যে মন কৰিছিলোঁ যে ল
ৰাছোৱালীবোৰ
অস্বস্তিত পৰিছে
সিহঁতৰ চকুৱেমুখে সন্দেহদ্বিধা প্ৰকট হৈ পৰিছে৷

গতিকে মই কথাৰ লাচতে
বাগৰ মাৰি মূল কথালৈ উভতি আহিলোঁ যে
নাৰীৰ প্ৰতি হিংসা
বিষয়টোৰ ক্ষেত্ৰত আমি অনবৰতে বৰ উগ্ৰ মতবাদ পোষণ কৰাটো ঠিক কথা নহয়৷
বিশেষকৈ গাৰ্হস্থ্য হিংসাৰ ক্ষেত্ৰত আমি যথেষ্ট সতৰ্ক হ
ব লাগে৷
পুৰুষকে অনৰবৰতে খলনায়কো সজাব নালাগে৷ প্ৰত্যেক গৃহস্থীতে অলপ এৰা
ধৰা, মানে accommodative দৃষ্টিভংগী নাথাকিলে সংসাৰ টিকি
নাথাকে৷ পুৰুষ
নাৰীৰ সম্পৰ্কটো একেবাৰে স্বৰ্গীয়
(perfect) নহয়৷ বিছনাৰ সমস্যা– সন্তানক লৈ সমস্যা– সমাজক লৈ সমস্যা– পৰিয়ালক লৈ stress- উপাৰ্জনক লৈ সমস্যা– সময়ৰ টনাটনিক লৈ সমস্যা– ঘৰলৈকে বিয়পি পৰা কৰ্মস্থলীৰ সমস্যা আদি বহুত প্ৰাপ্তিঅপ্ৰাপ্তিঅশান্তিৰ আৱেগিক কথা থাকে৷ গতিকে যথেষ্ট এৰাধৰা বুজাবুজি নাথাকিলে নহয়৷

এই প্ৰসংগতে মই আজিৰ
পৰা প্ৰায় ১০০ বছৰৰ আগৰ ৰসৰাজ বেজবৰুৱাই লিখা
ভদৰীগল্পটোলৈ মনত পেলালোঁ৷ এই গল্পটো জাৰ্মানীৰ স্কুলীয়া পাঠ্যপুথিত সন্নিৱিষ্ট
কৰিছিল বুলি জাৰ্মানীৰ ক
নত থকা ড০ নিৰোদ
কুমাৰ বৰুৱাই এবাৰ প্ৰান্তিকত লিখিছিল৷ গল্পটোত ভদৰীয়ে কেঁচা খৰি এসোপা ফুঁৱাই ফুঁৱাই
জুই একুৰা জ্বলাবলৈ চেষ্টা কৰি আছিল। ইফালে
গিৰীয়েক পথাৰৰ পৰা আহি পাইছিল
। টিকাফটা দত কাম কৰি কৰি, ভোক-ভাগৰত লেবেজান
হৈ
মূৰৰ ওপৰৰ ৰদত পিঠি ডেই গৈছিল
ভৰিৰ তলৰ পানী উতলি আছিলদেহৰ বাহিৰত ৰদৰ জুইপেটৰ ভিতৰত ভোকৰ জুই– ভাত
নোহোৱা দেখি হালৰে ওখনা
ওখনিখন হৈছিলখঙৰ ভমকত যি তাইক কোব মাৰি দিছিল– কাজিয়াৰ হুলস্থূলত ওচৰচুবুৰীয়া গোট খাইছিলহি– কোনোবাই পুলিচকো খবৰ দিছিল– পিছে ভদৰীয়ে পুলিচক কৈছিলগিৰিয়েকে তাইক একো কৰা নাইতাইহে মজিয়াত পিছলি পৰোঁতে মৈদাখনত খুন্দা খাই তাইৰ কপালখনত কাটিছিলকথা সিমানতে শাম কাটিছিল৷ কথা বহু দূৰলৈকে যাব
পাৰিলেহেঁতেন
– জেলহাজোতৰ্টকাছাৰীচিৰদিনৰ বাবে দ্বন্দ্ব, সম্পৰ্কত ফাঁট মেলা বা হয়তো বিবাহ
বিচ্ছেদ৷
 

এইটো এটা ঘৰুৱা গাৰ্হস্থ্য
হিংসাৰ কথা বুলিও ল
ব পাৰি বা গিৰীয়েকঘৈণীয়েকৰ
মাজৰ
accommodative adjustment বুলিও ধৰি লব পাৰি৷ পশ্চিমীয়া দেশবিলাকত সামান্য টিভিৰ প্ৰগ্ৰেম
এটা চোৱাক লৈ
গিৰিয়েকে চাবলৈ বিচাৰে কিবা এটা, ঘৈণীয়েকে চাই আছে আন এটা– শেষত কজিয়াই বিবাহ বিচ্ছেদৰ পৰ্যায় পৰ্যন্ত পায়গৈ৷ সেই পটভূমিত ভদৰী গল্পটোৱে বহন কৰা গাৰ্হস্থ্য সহনশীলতাৰ
উদাহৰণটো প্ৰণিধানযোগ্য বুলিয়েই চাগে জাৰ্মানীত সেইটো ল
ৰাছোৱালীক পঢ়িবলৈ দিয়া হৈছিল৷

প্ৰকৃততে সেয়া আছিল
ক্ষণিকৰ উত্তেজনা বা খঙৰ ভমক৷ তাত নাছিল কোনো সাংঘাতিক ক্ৰূৰতা বা জিঘাংসাৰ মনোভাব
, নাছিল কোনো অবিশ্বাসৰ বীজ বা কিবা পোতক তোলাৰ বিকৃত বাসনা৷ আজিৰ দৃষ্টিৰে চালে
হয়তো কথাটো ঘৰুৱা হিংসাৰ
(domestic violence) শাৰীতে পৰিব পাৰে৷
ভদৰীৰ সমস্যাটো গিৰীয়েকে বুজিব লাগিছিল বুলিও প্ৰশ্ন উত্থাপিত হ
ব পাৰে৷
সি কৰাটোহে কাম
, ভদৰীয়ে ঘৰৰ সকলো লেদেনা ওকটাখিনি একো কামেই নহয়
নেকি বুলিও যুক্তি দিব পাৰি৷ ভদৰীয়ে উপাৰ্জন নকৰে বাবেই তেনে ব্যৱহাৰ কৰিলে বুলিও কোনোবাই
ব পাৰে৷

কিন্তু ১০০ বছৰীয়া
পুৰণি সহজ
সৰল গ্ৰাম্য জীৱনত এনে ঘটনাই গিৰীয়েকৰো যে মনৰ পৰিৱৰ্তন
নঘটাইছিল কোনে ক
ব পাৰে ? ‘ইস্, তাই মোৰ গাত আঁচোৰ এটাকে পৰিবলৈ নিদিলে পাই ! মই জে
ললৈ
লে কণমানি গেঠুক লৈ তাই কেনেকৈ চলিলেহেঁতেন বাৰু ! আৰু এনে কাম কেতিয়াও নকৰোঁ বুলি সি অনুশোচনাত দগ্ধও নিশ্চয় হৈছিল !

এনেবোৰ কথাৰে মই role of
understanding- need of accommodation আদি কথা বিচাৰ্য বুলি কলোঁ

কিন্তু লগে লগে মোৰ
ওপৰত কটুক্তিৰ বৰষুণ পৰিবলৈ ধৰিলে
গিৰীয়েকে ঘৈণীয়েকক মাৰ-পিট কৰাক
সমৰ্থন কৰা এইজন ব্যক্তিক আমি ধিক্কাৰ দিছোঁ
আজিৰ দিনতো এনে
মানুহ থাকেনে
ছিঃইত্যাদি ইত্যাদি৷
তেওঁলোক বোলে
appalled– হতভম্ব !

ঘটনাৰ অপ্ৰীতিকৰ সমাপ্তিত ক্ষুদ্ধ হৈ মই বেছ কৰ্কশভাৱেই কৈ উঠিলোঁযদি তোমালোকে অসমীয়াইংৰাজী একো ভাষা বুজি নোপোৱাঁ,
যদি কথাৰ essence (সাৰ) বুজি
নোপোৱাঁ
, যদি তোমালোকৰ sense & sensibility এনেকুৱা পৰ্যায়ৰে, যদি তোমালোকৰ fixed মতবাদৰ লগত গড়মিল হোৱা কোনো কথাকে গ্ৰহণ কৰিব নোৱাৰাঁ, তেনেহলে পাতাঁ কেলেই এইবিলাক ? তোমালোকে
নিজৰ
sponsored agenda promote কৰিবলৈহে ইয়ালৈ আহিছা নেকি ?
মোক তোমালোকে শিখণ্ডী সজাবলৈ বিচাৰিছা নেকি ? I am entitled
to my free thoughts as yours৷ দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে৷ কিন্তু
তাক প্ৰকাশ কৰাৰো নিয়ম আছে৷
এওঁৰ কথা শুনি মোৰ তেজ উতলি উঠিছে’– এই ধৰণৰ কথা অশোভনীয়৷

কোৱাৰ আৰু প্ৰয়োজন
নাই যে মই তাত আৰু বেছি সময় নাথাকিলোঁ৷

কিন্তু মোৰ মনত বাজি
থাকিল কেনেকৈ এই কলেজ
বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লোৱা মানুহবিলাকে মুক্ত
চিন্তা এক প্ৰকাৰ পৰিহাৰ কৰিছে
! কেনেকৈ তেওঁলোক ইচ্ছা কৰিয়ে কিবাকিবি ‘ism’-অৰ দাস হৈ পৰিছে ! কেনেকৈ তেওঁলোকে নতুন চাম যুৱকযুৱতীৰ মগজু প্ৰক্ষালন
কৰাত নামি পৰিছে 
! দিল্লীঅমেৰিকাত কিবা
পঢ়ি আহিলে বুলিয়েই মোৰ মগজুক সিহঁতৰ চোলা পিন্ধাবলৈ সিহঁতক অধিকাৰ কোনে দিলে 
!
এই তথাকথিত উন্নত দেশবিলাকে পৃথিৱীখনৰ কি সৰ্বনাশ কৰিছে আমিবোৰে নেদেখাকৈ
আছোঁনে 
! ঘৃণা বিয়পোৱা মতবাদেৰে কাৰ উপকাৰ সাধিব ! পৰিসংখ্যাৰ ফুলজাৰিৰে মানুহক আভুৱা ভঁৰাৰ দিন আৰু নাই ! Seminar,
workshop পাতি, গৱেষণা পত্ৰ লিখি তোমালোকে টকা
ঘটিব পাৰাঁ
বিশেষজ্ঞ নাম পাব পাৰাঁ, কিন্তু
তোমালোক আচলতে সমাজৰ কাৰণে ভয়ংকৰ বিহ৷

বৰ্তমান NGO কৰাটো মানে NGO গঠন কৰি সমাজৰ কাৰণে কাম কৰিছোঁ বুলি
দেখুওৱাটো এটা বৰ লোভনীয় বৃত্তি৷ টকা
পইচা প্ৰচুৰ আহে৷ কথা কৈ
ফুৰিলেই হ
ল৷ আনে, মানে নজনানুবুজা মানুহে, সৰ্বজ্ঞ পণ্ডিত পাতি দিয়াৰ পাছত তেওঁলোকে
ওপৰৰ পৰা ননমা হ
ল৷ কব নোৱৰাকৈয়ে এই এবিধ
নতুন মৌলবাদীৰ সৃষ্টি হৈছে৷ উন্নতি আৰু বিকাশৰ যাদু
কাঠি এওঁলোকৰ
ওচৰতহে আছে
এনে ধাৰণা এটা ইতিমধ্যে বদ্ধমূল হবলৈ ধৰিছে৷

ইয়াক সমালোচনাৰ অগনিৰে
পুৰি
যুক্তিতৰ্কৰ তুলাচনীৰে জুখিহে গ্ৰহণ কৰিব লাগে৷ উপকাৰ
কৰাৰ নামত এইবিলাকে আন সমস্যাহে সৃষ্টি কৰিছে৷ হিতে বিপৰীত হৈছে৷