নতুন বছৰৰ চিন্তা

নতুন বছৰ বোলা
ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই
আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও নতুন হৈ ৰৈ থকা নাই
, নাথাকেও৷ তথাপি, মানুহৰ সৃষ্টিশীল
সৌন্দৰ্যকামী
, মঙ্গলকামী মনে
সকলোৰে মঙ্গল কামনা হোৱাকৈ আনন্দ কৰেই
; কাৰণ ফূৰ্তিপানী
অকণ খোৱাৰ উপলক্ষ্য এটা অন্ততঃ লাগে! মন কৰাসকলে কৰিছে যে আজিকালি অন্ততঃ অসমত
ফূৰ্তিৰ অন্যতম অংগ হৈছে সুৰা আৰু গাহৰিৰ মাংস৷ এনেকুৱা মন্তব্যও মদ গাহৰিৰ মাংস
নোখোৱাসকলে শুনিবলগীয়া হয় : ‘তোমালোক বৰ ব’ৰ দেই! ফূৰ্তি কৰিবও নাজানা!!’ কিমধিকম্‌!!

নতুন বছৰটোৱে
ব্যক্তিগত জীৱন তথা সমাজ জীৱনলৈ শান্তি-সমৃদ্ধি-সম্প্ৰীতি আদি মানুহে কল্পনা কৰি
ভাল পোৱা ভালৰো ভাল কথাবোৰ আহি সকলোৰে সুখৰ জোল বোৱাই দিয়কহি বুলি কামনা কৰা হয়৷
উৎসৱমুখৰ উস্মাৰে উচ্ছাৰণ কৰা হয় এনে কিছুমান আপাত কাব্যিক অথচ অৰ্থহীন তথা ভৱিত
¸ব্যহীন বাক্য : ৰ)
নতুন বছৰে আটাইলৈকে কঢ়িয়াই আনক সোণালী সুদিন
; ২) নতুন বছৰতে
অৱসান হওক দুঃস্বপ্নৰ দিনলিপি৷ ইত্যাদি৷

এনে বাক্য উচ্চাৰণৰ
সময়ত ইহঁতক বৰ অৰ্থপূৰ্ণ যেন লাগে যদিও নতুন বছৰটো পুৰণি হৈ গৈ থাকি যেতিয়া নতুনকৈ
আৰু এটা নতুন বছৰ আৰম্ভ হ’বৰ হয়
, তেতিয়া উভতি চালে
এনে বাক্যবোৰে আমাক জিভা উলিয়াই
, চকু টেলেকা কৰি
আমাক সিঞাৰে৷ কাৰণ
, এনে বাক্যবোৰক
অৰ্থহীন অথবা তাৎপৰ্যহীন কৰি তোলাসকল আন কোনো নহয়
; সেইসকল মানুহেই– জীৱশ্ৰেষ্ঠ! কুকুৰ-মেকুৰী আদি জীৱ-জন্তুৰ বছৰৰ ধাৰণাই নাই, নতুন-পুৰণিতো দূৰৰ কথা৷ এতেকে ইহঁতক ইতিকিং কৰাৰ সাহসো কোনেও কৰিব নোৱাৰে–
জীৱশ্ৰেষ্ঠ মানুহেও!

আচলতে উপৰি উক্ত
ধৰণৰ বাক্যৰ বেঁকা অৰ্থ এটাও হয় : আয়ুস কমি অহাৰ অনুপাতে কৰিব নোৱাৰা কামৰ
তালিকাখন দীঘল হৈ যোৱাৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া
, তাকে যেন ওলগনি জনোৱা হয়! অৱশ্যে যিহেতু মানুহ আশাবাদী, এতেকে বাকী থকা জীৱনৰ অংশটোৰ সফল-প্ৰশান্ত অগ্ৰগতি কামনা কৰাটোও মানৱীয়
দুৰ্বলতা বুলিয়ে চিহ্নিত হয় আৰু এই দুৰ্বলতাৰ বাবেই মানুহে জীৱনক অৰ্থপূৰ্ণ কৰি
তুলিবলৈ যত্ন কৰে বুলিও ভবা হয়৷

পিছে জীৱন কেতিয়া
অৰ্থপূৰ্ণ হয়
? যেতিয়া প্ৰয়োজন
শূন্য হয়
, তেতিয়াহে৷ অতি দুখলগা সত্য এইটোৱেই যে মানুহ কেতিয়াও
প্ৰয়োজন শূন্য হৈ নপৰে৷ সি বৈষয়িক সম্পদ আহৰণৰ দিশতে হওক বা মহান অৰ্থত নিজকে
প্ৰকৃতি তথা মানুহৰ সেৱাত নিয়োগ কৰাৰ দিশতে হওক৷ তথাপি নতুন বছৰ উপলক্ষ্যে আমি
ইজনে সিজনৰ মঙ্গল কামনা কৰোঁ৷ নেতিবাচক দৃষ্টিৰে ইয়াৰ এটা বেলেগ প্ৰৱণতাও আছে :
‘আনৰ মঙ্গল কামনা কৰিলেহে আনে মোৰ মঙ্গল কামনা কৰিব!’ শেহতীয়াকৈ এই ধৰণৰ মানসিকতাই
হৈ উঠিছে সুলভ৷

সদ্যহতে বহুতৰ
ক্ষেত্ৰত প্ৰতিযোগিতা লক্ষ্য কৰা গৈছে : কোনে কিমানটা ‘নিউ য়েৰ উইছ’ কৰা মেছেজ
পঠালে আৰু কিমানটা নিজে আনৰ পৰা পালে! দুবছৰ মানৰ পূৰ্বলৈ মেছেজৰ ঠাইত আছিল
গ্ৰীটিং কাৰ্ড (
Greeting Cards)৷ প্ৰশ্ন হ’ল, এনে মানসিকতাত
সঁচাকৈয়ে কাৰোবাৰ কল্যাণ কামনা নিহিত হৈ থাকে নে
? যদি থাকেই, তেনেহ’লে একত্ৰিছ
ডিচেম্বৰৰ দিনা শুভকামনাৰ আদান-প্ৰদান কৰা বন্ধুদ্বয়ৰ মাজত এক জানুৱাৰীৰ দিনাই
দ্বন্দযুদ্ধ হৈ মূৰ ফলাফলি হয় কিয়
?

আচলতে ‘দেখাক দেখি
উঠিল গা
, কেঁতুৰিয়ে বোলে মোকো খা’ বুলি আনৰ চংভাও আয়ত্ত কৰি
তাৰ সহায়ত নিজকে আধুনিক বুলি জাহিৰ কৰিবলৈ গ’লে তাত নিজৰে ফোঁপোলামি (
Hollowmanship) প্ৰকাশ পায়৷ এনেকৈ আয়ত্ত কৰা আধুনিকতা আচলতে আধুনিকতা
নহয়৷ আধুনিকতাৰ এটা উচ্ছতৰ দাৰ্শনিক মাত্ৰা আছে৷ আধুনিকতা কাৰ্য-কাৰণ সম্পৰ্ক
আধাৰিত যুক্তিবাদ
, বিজ্ঞানমনস্কতা, সুস্থ সামাজিক সম্পৰ্ক ৰক্ষা তথা দায়িত্বজ্ঞান, ধৰ্মনিৰপেক্ষতা আদিৰ সৈতে সম্পৰ্কিত৷ দামী মটৰ গাড়ী এখন কিনি চলালেই নহ’ব, লগতে সেই গাড়ীখন চলোৱা বাট-পথবোৰৰ উন্নতি হ’বও লাগিব৷ সেই বাটেদি যোৱা
বাটৰুৱাসকলক আমনি নকৰি (পাৰিলে সহায় কৰি) নিজে আগবাঢ়ি যোৱাৰ আনন্দটো আমি
সামগ্ৰিকভাৱে আজিলৈকে অনুমানেই কৰিব পৰা নাই৷ আমি জ্ঞাপন কৰা শুভেচ্ছাৰ বিনিময়ত
নিজে দামী গাড়ীখন কিনিব পৰা হোৱাৰ প্ৰাৰ্থনা এটাহে যেন প্ৰচ্ছন্ন হৈ থাকে৷ কথাটো
এনেকুৱা : ‘সকলো মৰক
, মই যাতে ৰক্ষা
পৰোঁ৷’

বছৰেকৰ বিহুৰ দিনা
অসমীয়া মানুহে ইজনে সিজনক ওলগ জনোৱাৰ যিটো নিয়ম আছিল সেইটো আজিকালি স্কুলীয়া
ল’ৰা-ছোৱালীৰ বিহুৰ বিষয়ক ৰচনাখনৰহে এদনীয়া সম্পত্তি হ’ল৷ আজিৰ সময়ত পত্নীয়ে
স্বামীক বিহুৰ দিনা গামোচা এখনো দিব নোৱাৰে
, কিন্তু
বিশ্ববিখ্যাত ‘থাৰ্টি ফাৰ্ষ্ট
ৰ পাৰ্টিত নিজহাতে গিৰীয়েকক বিলাতী সোমৰস পান কৰাব
পাৰে৷ শুনিছোঁ
, সাধাৰণতকৈও আগবাঢ়ি
অসাধাৰণভাৱে ‘আধুনিক’ হ’ব খোজাসকলৰ পত্নীয়ে পতিক বা পতিয়ে পত্নীক এনেকুৱা
উপলক্ষ্যত ৰাতিটোৰ কাৰণে নতুন পত্নী এগৰাকী বা পতি এজনো উপহাৰ দিয়াৰ নিয়ম প্ৰচলিত
হৈছে৷ অৰ্থাৎ শৰীৰ থকালৈকে ভোগ কৰাঁ
, উপভোগ কৰাঁ!

যি সময়ত অসমৰ
সৰহসংখ্যক মানুহৰ জীৱনত দাৰিদ্ৰ্য
, ৰোগ-ব্যাধি, কথাই পতি ৰাজপথলৈ ওলাই আহি প্ৰাপ্যৰ কাৰণে আন্দোলন কৰাটোৱেই হৈ পৰিছে অশোভনীয়
ভাগ্যলিপি
, সেই সময়ত অসমতে বিশ্ববিখ্যাত গ্ৰেগ’ৰিয়ান নতুন বছৰৰ
আদৰণী মহোৎসৱৰ নামত বিক্ৰী হৈছে কেইবা কোটি টকাৰো বিলাতী সুৰা৷ অসমৰ মানুহে নিজে
তৈয়াৰ কৰা পানীয় খাইছিল
, সি শ্ৰমজীৱী কৃষক
ৰাইজক দিছিল এই ঠাইৰ বায়ু-পানীয়ে দাবী কৰা ধৰণে কৰ্ম-উদ্দীপনা৷ অসমৰ ৰাইজে ৰঙীন
পানীয় কিনি খোৱা নাছিল৷ এতিয়া ৰাইজৰ টকা-পইচা হৈছে
, চৰকাৰী ব্যৱস্থায়ো সা-সুবিধা কৰি দি ৰাজ্যৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰিবলৈ যত্ন
কৰিছে৷ এতেকে ৰাইজে কিনি-কুটি খাইছে৷ অসমৰ বাহিৰৰ ৰাইজৰ টকা-পইচা কম কাৰণে অসমৰ
ৰাইজে তেওঁলোকক ধনী কৰিছে৷ আগৰ অসমীয়াই চাউল-আলুগুটি-দাইল-পিঁয়াজ পাঞ্জাব
, নাগপুৰ আদিৰ পৰা আনি খোৱা নাছিল৷ আজিকালি ফৰেইনৰ বস্তুৰ আদৰ বেছি কাৰণে আমি
সেইটো কৰি অসমৰ বাহিৰৰ মানুহক দেখুৱাইছোঁ৷ এতিয়া যেনিবা বিহাৰ-ৰাজস্থান-গুজৰাট
আদিক অভিধানে দিয়া অৰ্থ মতে সঁচা ফৰেইন কৰি তোলাৰ বিপ্লৱো চলিছে৷ ভাল হৈছে৷ সৰ্ব
দিশত জয় জয় ময় ময়৷ এনে জয় জয় ময় ময় অসম দেশ নতুন বছৰটোত যে ৰামৰাজ্য বা
স্বৰ্গৰাজ্য হৈ পৰাৰ দৰে যাদুকৰী পৰিৱৰ্তন এটা হৈ নপৰিব
, তাৰো কোনো নিশ্চয়তা নাই৷ পিছে তেনে পৰিৱৰ্তন যদি ৰাতিটোৰ ভিতৰতে ঘটি যায়
তেতিয়া কি হ’ব কল্পনা কৰিব পাৰি এনেকৈ : অসমত কোনেও আন্দোলন নকৰাকৈয়ে বিচৰাটো পায়৷
অসমত কোনো দল-সংগঠন
, ব্যক্তিগত লাভালাভৰ
অংকক কেন্দ্ৰ কৰি নচলে আৰু অসম্ভৱ দাবী নকৰে৷ অসমত কোনো কামতে দুৰ্নীতি বা
কেলেংকাৰী নহয়৷ অসমৰ কোনো বেকাৰ ডেকা ল’ৰাই দামী বাইক চলাই
, দামী (সুৰাতকৈও) নিচা খাই আওহতীয়া ঠাইত ৰাতি এপৰলৈ জুম বান্ধি নাথাকে৷ অসমৰ
ল’ৰা-ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থা সুস্থ আৰু গতিশীল৷
অসমৰ বাৰ্ষিক প্ৰাকৃতিক দুৰ্যোগ (বানপানী আদি) নোহোৱা হ’ল আৰু বিদ্যুৎ সৰবৰাহ
অহৰ্নিশে হৈ থকা হ’ল৷ অসমৰ কোনো মানুহে আনৰ কথা বেয়াকৈ নাপাতে
, পাতিবলগীয়াও নাই৷ ইত্যাদি৷ সপোনবোৰ বাস্তৱো কৰিব পাৰি যদিহে আমি
চিন্তা-চচাৰ্বোৰো নতুন বছৰবোৰৰ নিচিনাকৈ নতুন কৰিব পাৰোঁ৷