কিছু সাহিত্যিক চিন্তা-দুঃচিন্তা

 

আমাৰ সমাজখনত আন আন ক্ষেত্ৰৰ লোকসকলতকৈ সাহিত্যিক-গায়কৰ সমাদৰ বেছি৷
একেদৰেই আন আন ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী লোকতকৈ আমাৰ সমাজত সাহিত্যিক আৰু গায়কৰ
সংখ্যাটো ডাঙৰ৷ উপৰি উক্ত প্ৰথমষাৰ কথাৰ আঁৰৰ কাৰণটো হৈছে
, সাহিত্যিকসকলৰ লেখা আমি
পঢ়িবলৈ পাওঁ
, পঢ়ি
আনন্দ লাভ কৰোঁ বা আমাৰ চিন্তাক তেওঁলোকে বিশেষ মাত্ৰালৈ উন্নীত কৰে৷ একেদৰেই
গায়কসকলেও আমাক মনোৰঞ্জনৰ খোৰাক যোগায়৷ দ্বিতীয়ষাৰ কথাৰ আঁৰৰ কাৰণটো কিছু অপ্ৰিয়৷
সেইটো হৈছে
, আন আন
ক্ষেত্ৰত কাম কৰি পৰিচিতি অৰ্জন কৰিবলৈ যিমান শ্ৰমৰ প্ৰয়োজন হয় সিমান শ্ৰম এই দুখন
ক্ষেত্ৰত নকৰিলেও হয় বুলি সংশ্লিষ্টসকলৰ সৰহ অংশৰে এটা বদ্ধমূল ধাৰণা আছে৷ সেয়েহে
ইমান বুজন সংখ্যক সাহিত্যিকেৰে অসমখন উপচি আছে যদিও সৰ্বভাৰতীয় ক্ষেত্ৰত অসমীয়া
সাহিত্য চৰ্চা কৰি থকা মানুহখিনিৰ বিশেষ স্থান নাই৷ গায়কসকলৰ বেলিকাও ছবিখন একেই৷
আন আন ক্ষেত্ৰত গোটেই জীৱন কাম কৰিও মানুহ এজন বিশিষ্ট হৈ উঠিবগৈ নোৱাৰে৷ কিন্তু
তিনি-চাৰিটা কবিতা লিখিলেই একোজন ব্যক্তি বিশিষ্ট কবি হৈ পৰা দেখা যায়৷

এলবেয়াৰ কেম্যু নামৰ বিশ্বপ্ৰসিদ্ধ ফৰাচী লেখকজনে বিশ্বকাপ ফুটবলো
খেলিছিল৷ অৰ্থাৎ তেওঁ কেৱল লেখক নাছিল৷ পিছে আমাৰ অসমৰ বহু লোক আছে যিসকলে কৰাৰ
ভিতৰত সাহিত্য সৃষ্টিহে কৰে৷ বিশেষকৈ কবিতা লিখাৰ ক্ষেত্ৰত আমাৰ মানুহৰ উদ্যমটো
লক্ষ্য কৰিবলগীয়া৷ পিছে কবিতাই লিখক বা গল্পই লিখক
, তাৰ কাৰণে প্ৰয়োজনীয় ভেঁটিটো যদি শক্তিশালীকৈ গঢ়ি
লোৱা নহয় তেন্তে সাহিত্যৰ উদ্দেশ্য কাহানিও সফল নহয়৷ সাহিত্যৰ উদ্দেশ্যনো কি
? একেবাৰে সৰলভাৱে কবলৈ হলে মানুহক বাট দেখুওৱাটোৱেই
সাহিত্যৰ উদ্দেশ্য৷ পিছে যিসকলে নিজে বাট বিচাৰি পোৱা নাই সেইসকলে আনক বাট দেখুৱাব
কেনেকৈ
? ওপৰত যি
ভেঁটি নিৰ্মাণৰ কথা কোৱা হৈছে সেই ভেঁটিটোৰ ঘাই কেঁচামাল হৈছে যি ভাষাৰে লিখা হয়
সেই ভাষাটো যথাসম্ভৱ শুদ্ধভাৱে আহৰণ কৰাটো৷ পিছে আমাৰ বহু লেখকে শুদ্ধকৈ নিজৰ
ভাষাটো লিখিব নাজানে৷ দ্বিতীয়তে লিখাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় বিচাৰি উলিয়াব পাৰিব
লাগিব৷ কিন্তু সকলোৱে লিখি থকাবোৰকে আকৌ এজনে লিখিব লাগে কিয়
? অৱশ্যে পুৰণি বিষয়ক নতুনকৈ
বিশ্লেষণ কৰিব খুজিলে তাতো নতুনত্ব ফুটি উঠে৷ কিন্তু সকলোৱে যেনেকৈ ভাবিছে
তেনেকৈয়ে ভাবি পুৰণি বিষয় একোটাক সাহিত্যৰ যোগেদি দাঙি ধৰাৰ কোনো যুক্তি থাকিব
নোৱাৰে৷ তাৰ পাছত আহিব বিষয়টোক দাঙি ধৰাৰ কাৰিকৰী কৌশল৷ কোনশ্ৰেণীৰ পাঠকৰ কাৰণে
লিখা হৈছে এইটো প্ৰশ্নই নিৰ্ণয় কৰে লিখাৰ কৌশলটো বা শৈলীটো৷

এই কথাবোৰৰ প্ৰতি সচেতনতা অৱলম্বন কৰিলেই এজন ব্যক্তিয়ে স্থিৰ কৰিব
পাৰে
, তেওঁ
লিখা উচিত নে অনুচিত৷ প্ৰসঙ্গক্ৰমে উদাহৰণ এটা দাঙি ধৰিব খুজিছোঁ৷

প্ৰখ্যাত জাৰ্মান কবি ৰাইনাৰ মাৰিয়া ৰিল্কেক এজন অনুজ কবিয়ে কিছু
কবিতা চাই দিবলৈ দিছিল৷ ৰিল্কেক অনুজ কবিজনে সুধিছিল
, তেওঁৰ কবিতাবোৰ ভাল হৈছে নে
হোৱা নাই৷ লগতে তেওঁ জানিব খুজিছিল
, তেওঁ বিভিন্ন কাকত-আলোচনীলৈ পঠোৱা কবিতাবোৰ প্ৰকাশ নোহোৱাৰ কাৰণ কি হব পাৰে? ৰিল্কেই সেই উদীয়মান
কবিজনলৈ এলানি চিঠি লিখিছিল৷ তাৰে প্ৰথমখন চিঠিত ৰিল্কেই লিখিছিল
,  

তুমি মোক
সুধিছা তোমাৰ কবিতাবিলাক ভাল হৈছেনে
? তুমি মোক সুধিছা৷ ইয়াৰ আগতেও তুমি বহুতক সুধিছা৷ তুমি সেইবোৰ
আলোচনীলৈ পঠিয়াইছা৷ আনৰ লগত তুলনা কৰিছা৷
¸ কোনো সম্পাদকে যেতিয়া তোমাৰ প্ৰয়াসক স্বীকৃতি দিয়া নাই তুমি বৰ
অশান্তিত
 ভুগিছা৷
এতিয়া যিহেতু তুমি মোক উপদেশ দিবলৈ অনুমতি দিছা মই তোমাক এই আটাইবোৰ কথা ত্যাগ
কৰিবলৈ অনুৰোধ কৰিছোঁ৷ তুমি সন্ধান কৰিছা বাহিৰত৷ তুমি এইটো কামেই কৰিব নালাগিব৷
কোনেও তোমাক উপদেশ দিব নোৱাৰে
,
সহায় কৰিব নোৱাৰে;
কোনেও৷ কেৱল এটাই পথ আছে৷ নিজৰ ভিতৰলৈ যোৱা৷ সেই কাৰণটো বিচাৰি
উলিওৱা
, যি তোমাক
লিখিবলৈ অনুপ্ৰাণিত কৰিছে
; বিচাৰি উলিওৱা
তোমাৰ অন্তৰৰ অন্তঃস্থলীলৈ ই শিপাইছেনে
; তোমাৰ আত্মাক সোধাঁ এইটো লিখিব নোৱাৰিলে তোমাৰ মৃত্যু হবনে? সৰ্বোপৰি, নিশা
আটইতকৈ নীৰৱ মুহূৰ্তত নিজকে সোধাঁ
মই লিখিমনে? এটা গভীৰ
উত্তৰ বিচাৰি অৱগাহন কৰা৷ যদি উত্তৰটো সদৰ্থক হয়
, তোমাৰ অতি ব্যাকুল প্ৰশ্নটোৱে বিচাৰি পোৱা উত্তৰটো
যদি শক্তিশালী আৰু পোনপটীয়া হয় যে
মই লিখিবই লাগিব’;
তেন্তে এই প্ৰয়োজনটো অনুসৰি জীৱনটোক গঢ়ি লোৱা৷ তোমাৰ জীৱনটোৱে
আটাইতকৈ নিৰুদ্বিগ্ন আৰু তুচ্ছ সময়তো তোমাৰ এই তাগিদাটোৰ এটা লক্ষণ বা সাক্ষ্য
ফুটাই তুলিব লাগিব৷ তাৰ পাছত প্ৰকৃতিৰ কাষ চাপি যোৱা৷ পৃথিৱীৰ প্ৰথম মানুহ এটাৰ
নিচিনাকৈ ক
বলৈ
আৰম্ভ কৰাঁ
তুমি কি
দেখিলা
, কি
অভিজ্ঞতা হ
, কি ভাল পালা, কি হেৰুৱালা৷ … কিন্তু
তোমাৰ নিজৰ মাজত
, তোমাৰ
ভিতৰৰ নিঃসংগতাৰ মাজত অৱগাহন কৰোঁতে এনেকুৱাও হ
ব পাৰে যে তুমি কবি হোৱাটো বাদ দিব লগা হৈছে৷ মই
কৈছোঁৱেই
, এইটো অনুভৱ
কৰা দৰকাৰ যে কোনোবাই যদি নিলিখাকৈ জীয়াই থাকিব পাৰে
, তেন্তে তেওঁ লিখাৰ প্ৰয়াস
নকৰাই ভাল (ৰমানন্দন বৰাৰ অনুবাদ)৷

আমাৰ এটা স্বভাৱ আছে, মই লিখোঁ মানে মই সকলো বিষয়ক লৈ লিখিব পাৰোঁ৷ এইটো ভুল ধাৰণা৷ কাৰণ
সকলো মানুহ সকলো ক্ষেত্ৰৰে বিশেষজ্ঞ নহয়
,
নোৱাৰে৷ একেদৰেই সকলো মানুহ এশ শতাংশ বিশুদ্ধ হ
বও নোৱাৰে৷ এই যে অসম্পূৰ্ণতা, লেখকসকলে ইয়াক মৰ্মে মৰ্মে
উপলব্ধি কৰা উচিত৷
 

কিন্তু সাম্প্ৰতিক সময়ৰ আমাৰ লেখকসকলে মৰ্মস্থলী পৰ্যন্ত সত্যক ধাৰণ
কৰিব নোৱাৰে৷ ফলত লিখা কামটো তেওঁলোকৰ কাৰণে মানসিক যন্ত্ৰণাৰপৰা মুক্তিলাভৰ উপায়
হৈ নুঠেগৈ৷ ফলত
, তেওঁলোক
নিজৰ সৃষ্টিক লৈ খুবেই সন্তুষ্ট হয়৷ ফলত তেওঁলোকে শ্ৰেষ্ঠ সৃষ্টিৰ কাৰণে নিজকে
প্ৰস্তুত কৰিব লাগিব বুলি পাহৰি যায়৷ ফলত আমাৰ সাহিত্যৰ উত্তৰণমুখী গতি বিশেষ
সন্তুষ্টিদায়ক নহয়৷

ওপৰৰ অনুচ্ছেদটোত এটা কাৰ্যৰ ফল এটাই আন অনেক ফল সৃষ্টি কৰা বুলি
দেখুওৱা হৈছে৷ কাৰবাৰটো পাৰমাণৱিক বোমাৰ কাৰিকৰীত প্ৰয়োগ কৰা শৃঙ্খল বিক্ৰিয়াৰ দৰে
, গণিতৰ পৌনঃপুনিক অঙ্কৰ দৰে৷
সাহিত্য চৰ্চা কৰিবলৈ আগ বঢ়াসকলে এইবোৰ দিশৰ প্ৰতি সাৱধাণতা অৱলম্বন কৰিলে মঙ্গল৷

লেখকসকলে নিজকে প্ৰশ্ন সোধা উচিতমই কিয় লিখিম? মই কি
লিখিম
? মই
কেনেকৈ লিখিম
? মই কাৰ
কাৰণে লিখিম
? মই এনে
কি
, কেনেকৈ
লিখিম যি কাৰণে পঢ়ুৱৈয়ে পঢ়িব
?
উত্তৰবোৰ হব লাগে
ক্ৰমে এনে
মই যি
লিখিম সি নতুন হ
ব লাগিব৷
যদি সি নতুন নহয়ো
, তেতিয়া
মই [সেই পুৰণিকে] নতুন ধৰণে লিখিব লাগিব৷ মই যি লিখিম সি তাৰ ৰূপটোৱে দাবী কৰাধৰণৰ
ব লাগিব৷
মই পঢ়ুৱৈক সন্তুষ্ট কৰিব লাগিব
,
তেওঁলোকক চিন্তাৰ খোৰাক, মনোৰঞ্জন আৰু সাঙ্কেতিকভাৱে জীৱনৰ দিকদৰ্শন দিব পাৰিব লাগিবতেতিয়াহে মোৰ লেখা তেওঁলোকে
পঢ়িব৷ অন্যথা মই লিখা উচিত নহয়৷ কাৰণ মই যিহেতু লিখোঁ মানুহৰ কাৰণে
, গতিকে মই এখন বৃহৎ পঢ়ুৱৈ
সমাজৰ মুখপাত্ৰস্বৰূপ৷ গতিকে মই কেৱল মোৰ নিজৰ দৃষ্টিভঙ্গীৰে নিজৰ জীৱনৰ কথাকে কৈ
থাকিলে নহ
ব৷

সৃষ্টিৰ বেলিকা এই দৃষ্টিভঙ্গীটো খুব কম সংখ্যক লোকেহে গ্ৰহণ কৰা
দেখা যায়৷ সম্ভৱতঃ সেয়েহে আমাৰ সমালোচনাৰ ক্ষেত্ৰতো বাচ-বিচাৰ
, স্পৃশ্য-অস্পৃশ্যৰ ছয়াময়া
খেলা এখন চলি থাকে৷ শেহতীয়াকৈ আধুনিক অসমীয় সাহিত্যৰ এখন
ইতিহাসগ্ৰন্থ দেখা পালোঁ যত লেখকসকলক সময়ৰ অনুক্ৰম
অথবা তেওঁলোকৰ সাহিত্যিক অৱদানৰ গুৰুত্ব একো ফালৰপৰাই সজোৱা হোৱা নাই৷ বহু
গুৰুতপূৰ্ণ লেখকক তাত উপেক্ষা কৰা হৈছে আৰু সাধাৰণতে অসমীয়া সাহিত্যৰ পাঠকসকলে
নামকে নুশুনা বহু
লেখকক সেইখন ইতিহাসৰ গ্ৰন্থস্থান দিয়া হৈছে৷ এনে
ইতিহাসৰ গ্ৰন্থই ভৱিষ্যতৰ অসমীয়া সাহিত্যৰ পঢ়ুৱৈসকললৈ কি থৈ যাব তাকে ভাবি
চিন্তাত পৰিবলগীয়া হৈছে৷

এতিয়া আকৌ কবিতাৰ প্ৰসঙ্গলৈ উভতিছোঁ৷ শেহতীয়া কেইটামান বছৰত
সামগ্ৰিকভাৱে অসমীয়া কবিতাৰ মান দ্ৰুতগতিত হ্ৰাস পাইছে৷ অথচ সমগ্ৰ অসমতে কবিতাৰ
সন্মিলনৰ সীমা-সংখ্যা নাই৷ বিভিন্ন সংস্থা-সংগঠনে কবিতাক জনপ্ৰিয় কৰিবৰ কাৰণে
ৰাস্তাই-ঘাটে
, চোতালে-পিৰালিয়ে
কবিতাৰ মেল পতাও দেখি আহিছোঁ৷ পিছে সাহিত্যৰ আন কোনো ৰূপৰে (
Genre) জনপ্ৰিয়কৰণাথে
বা প্ৰচাৰাৰ্থে এনে উদ্যোগ লোৱা নহয়৷ ইমান প্ৰচাৰ অভিযানৰ পাছতো কবিতাৰ জনপ্ৰিয়তা
হ্ৰাস পোৱা বুলি কবিসকলৰ মনত আশঙ্কা জাগিছে কিয়
?

আকৌ, চিয়েল মিডিয়াৰ যোগেদি মাজে
মাজে কবি বা প্ৰাক্তন কবি (যাৰ প্ৰকৃত কবিতা ৰচনাৰ দক্ষতা ইতিমধ্যে শেষ হোৱাৰ ফলত
নিজকে নিজে অনুকৰণ কৰি আছে তেনে কবিসকলক প্ৰাক্তন কবি বোলা হৈছে) আচৰিত ধৰণৰ কথা
একোষাৰ প্ৰকাশ কৰি পঢ়ুৱৈসকলৰ দৃষ্টি আকৰ্ষণ কৰিব খোজে৷ তেনে লোকে জনাব খোজে যে
তেওঁ এতিয়াও সক্ৰিয়৷ প্ৰকৃততে অসমত
, চিয়েল
মিডিয়াৰ যোগেদি সাহিত্য সম্পৰ্কীয় কিছুমান এনে বিষয়ক লৈ আলোচনা চলাই থকা হয় যিবোৰ
আলোচনাৰ কোনো প্ৰয়োজন নাই৷ ৰাইজে মন কৰিও নকৰে যে অসমীয়া কবিতাই আজি পৰ্যন্ত এটা
আন্দোলনৰ ৰূপ ল

নোৱাৰিলে৷ কিন্তু আলোচনাবোৰ এনেকুৱা হয় যেন পৃথিৱীখনে অসমীয়া কবিতালৈ চাই আছে
কবিতাৰ উত্তৰণৰ বাবে’! 

আৰু কবিতাক পঢ়ুৱৈৰ ওচৰ চপোৱাৰ কথা কিয় বেলেগে ভাবিব লাগে? গ্ৰন্থমেলা, বাণিজ্য মেলা, শতবাৰ্ষিকী, সোণালী জয়ন্তী, সাহিত্য সভাৰ অধিৱেশন আদিকৈ
যিকোনো সমাৱেশতে কবি সন্মিলন একোখন অনুষ্ঠিত হয়েই৷ এনে সন্মিলনবোৰত আকৌ কবিতা
পঢ়াৰ ধুম উঠে য

প্ৰতিজনেই নিজৰ ৰচনাৰ পাঠ আনে শুনাটো বিচাৰে অথচ নিজে আন কাৰো ৰচনাৰ পাঠ শুনিবলৈ
প্ৰস্তুত নহয়৷ এনে মানসিকতাৰে কবিসকলে অসমীয়া কবিতাক এটা আন্দোলনৰ ৰূপ দিব কেনেকৈ
? এই যে কেৱল নিজকে প্ৰচাৰ
কৰাৰ মনটো
, ইয়াৰ
মানে হৈছে কবিসকল নিজৰ সৃষ্টিক লৈ আশংকাগ্ৰস্ত৷ পঢ়া-শুনা নকৰি কেৱল কবিতা লিখিবলৈ
যোৱাসকলৰ মনত এনে আশংকা হ
বই৷
শুদ্ধ অসমীয়া বাক্য লিখিব নজনা মানুহেও আজিকালি ইখনৰ পাছত সিখন কবিতাপুথি উলিয়ায়!
 

কিছু সংখ্যক কবিয়ে ওৰে জীৱন কাব্যলক্ষ্মীৰ সাধনা কৰিও পৰিকল্পিত
কবিতাটো লিখিব নোৱৰাৰ যাতনা প্ৰকাশ কৰি নিজকে ব্যৰ্থ কবি বুলি কয় আৰু নিজৰ বহু ভাল
সৃষ্টিকো অপঁইতা বুলি তেনে লেখাৰ কাৰণে ওৰেটো জীৱন অস্বস্তিত ভোগাৰ উদাহৰণ আছে৷
তাৰ বিপৰীতে সম্প্ৰতি কবিতাকে সহজ সাহিত্য বুলি ভবাৰ প্ৰমাণ ফুটি উঠিছে
  ঘৰে ঘৰে
নহ
লেও
চুবুৰীয়ে চুবুৰীয়ে
গজি উঠাঅথচ নিজৰ ভাষাটোকে শুদ্ধকৈ
লিখিব নজনা এচাম লোক৷ এনে বহু লেখা কাকত-পত্ৰত প্ৰকাশো পায়
যিবোৰ চূড়ান্তভাৱে
পঢ়ুৱৈসকলক বুৰ্বক বুলি ধৰি লৈ সৃষ্টি কৰা সাহিত্যৰ প্ৰতিও ইতিকিংসূচক কিছুমান
শব্দৰ অৰ্থহীন বিন্যাস মাত্ৰ৷ এইখিনিতে এটা প্ৰশ্ন হয়
, এই যে সকলো জানিও একোজন
সম্পাদকে কবিতা বুলি অৰ্থহীন আখৰ এগাল ছপা কৰিবলগীয়া হয়
, ইয়াৰ কাৰণ কি? ভাল লেখা নাই নেকি? নে সম্পাদকে কবিতা সম্পৰ্কে
কোনো ধাৰণা নোহোৱাকৈয়ে কাম কৰি গৈ আছে
?

কবিতাক মানৱতাৰ কণ্ঠস্বৰ বোলা হৈ আহিছে৷ বিশ্ববিশ্ৰুত কবিসকলে একো
একোটা শব্দৰ সন্ধানতে জীৱন পাত কৰি আহিছে৷ অথচ আমাৰ মুলুকত
তুমি ভাত খালানে? মই খোৱা নাই৷বা উশাহতো তুমি নিশাহতো তুমি৷
গাড়ীখন চলাই গ
লেও
তুমি৷ এক্সিডেণ্ট কৰাৰ পাছতো তুমি
ধৰণৰ কথা লিখি কিতাপ ছপা কৰি ৰাতিটোৰ ভিতৰতে নিজকে বিশিষ্ট কবি বুলি
ভাবি লোৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে৷

এনে বিশিষ্ট কবিসকল কিমান বিশিষ্ট তাৰো প্ৰমাণ আছে৷ সকলো বিদ্যাৰে
একোটা মূল্য থাকে৷ সেই হিচাপত কবিতাৰো মূল্য আছে৷ এনে অৱস্থাত আমাৰ কবিসকলে নিজে
নিজৰ কাৰণে সভা আয়োজন কৰিবলগীয়া হৈছে কিয়
? তেওঁলোক যদি বিশিষ্টই তেনেহলে তেওঁলোকক ৰাইজে মাতিব নহয়৷ বিপৰীতে কেৱল গাঠিৰ ধন ভাঙি, সময় খৰচ কৰি কবিতা গাই গাই
এফালৰপৰা আনফালে ঘূৰি ফুৰা মানুহৰ সংখ্যাটোৱে আমাক আমাৰ কবিতাৰ ভৱিষ্যৎ সম্পৰ্কত
উদ্বিগ্ন কৰি তোলে৷

কবিতা লিখা মানুহ মানেই কবি নহয়৷ বহু সময়ত কবিতা লিখা লোক একোজন
সমাজত আতঙ্কস্বৰূপো হৈ উঠে৷ পুনৰুল্লেখ নিস্প্ৰয়োজন যে কবি সন্মিলনবোৰতো প্ৰায়ে দেখা যায়
, প্ৰত্যেকে নিজৰ লেখাটোক আনে
শুনাটোহে বিচাৰে
, আনৰ লেখা
শুনিবলৈ নিবিচাৰে৷ যজ্ঞেশ্বৰ শৰ্মাই ব্যঙ্গভাৱেই
কবি টোৰটোৰাৱ কিয়?’
বোলা কবিতাটোত লিখিছিল এনেকৈ

   … দুৱাৰমুখৰ তামোলজোপা থিয়;

         তাকে কবলৈ আকৌ এটা নতুন কবি

    লাগিছে
বাৰু কিয়
?

হেৰ’ কবিতোক
লাগিছে কিয়
?

দিনে-ৰাতিয়ে
তইনো বাৰু টোৰটোৰাৱ কিয়
?

        এইদৰে
টোৰটোৰাৱ কিয়
? 

এই কবিতাটোত কবিয়ে কেৱল কবিতাৰ নামত কিম্ভূত-কিমাকাৰ বস্তুসৃষ্টি কৰা কবি নামধাৰী
মানুহখিনিক ব্যঙ্গ কৰাই নাই৷ একে সময়তে তেওঁ কবিতাৰ নামত যে চিৰকাল একোবোৰ মানৱ
অভিজ্ঞতাকে একেবোৰ শব্দৰেই
, একে
মানুহ নামৰ পাঠকসকলৰ কাৰণেই লিখি অহা হৈছে সেইটো কথাও স্পষ্টকৈ কৈছে৷ এনে কবিতা
পঢ়ি তাৰ অন্তৰ্নিহিত তাৎপৰ্যক ইতিবাচক মনোবৃত্তিৰে গ্ৰহণ কৰিব পাৰিলে ভৱিষ্যতৰ
কবিসকলে নিজৰ কাব্যসাধনাক উচ্ছতৰ পৰ্যায়লৈ উন্নীত কৰিব পাৰিব বুলি অনুভৱ কৰোঁ৷
পিছে ইণ্টাৰনেট ব্যৱস্থাৰ জৰিয়তে গঢ় লৈ উঠা নব্য সামাজিক মাধ্যমবোৰত কবিতাৰ নামত
কিবাকিবি লিখি নিকট সান্নিধ্যৰ লোকসকলৰপৰা [সেইসকলৰ সকলোকে কবিতাৰ চমজদাৰ পাঠক
বুলি আশা কৰিবও নোৱাৰি] বাঃ বাঃ লাভ কৰাৰ ফলত তেনে কবিতা লিখা লোকসকলৰ মনত গঢ় লৈ
উঠা আত্মশ্লাঘাৰ প্ৰসঙ্গটোও আছে৷ এনে আত্মশ্লাঘাই মানসিক আত্মৰতিৰ ৰূপ লোৱাৰো
প্ৰমাণ ভালেমান আছে৷

শেহতীয়াকৈ ছচিয়েল
মিডিয়াত প্ৰতীকৰ ব্যৱহাৰ সম্পৰ্কে তপত আলোচনা চলিছে৷ যিজনে প্ৰথমে বিষয়টো অৱতাৰণা
কৰিছিল তেওঁৰ কথাৰ লাচটো ধৰিব নোৱৰাকৈয়ে বহুতে কোৱাকুই কৰিবলৈ আৰম্ভ কৰি দিলে যে
কবিতাক প্ৰতীকৰপৰা মুক্ত কৰিবৰ সময় আহিল৷ আচলতে অতি ব্যৱহাৰৰ ফলতে একোটা প্ৰয়োগ
কবি প্ৰসিদ্ধি বা ক্লিশ্যে (
Cliche)
হৈ পৰে৷ গতিকে এনে ধাৰা ভুল যে প্ৰতীক ব্যৱহাৰ বন্ধ কৰিব লাগে৷ আচলতে
আমি ব্যৱহাৰ কৰা প্ৰতীকবোৰ নতুন হ
ব লাগে, নতুন
নতুন চিত্ৰকল্প সৃষ্টি কৰিব লাগে
,
সকলো কাব্যিকতা নতুনত্বৰ তাৎপৰ্য বহন কৰিব পৰা হব লাগে৷ এনেকৈহে ভাষা একোটা
নতুনহৈ উঠে৷

বিবিধ জাগতিক প্ৰসঙ্গক লৈয়েইতো কবিতাৰ সৃষ্টি৷ সেইবুলি কবিতাৰ মাজত
ভাবৰ
  সৈতে
কোনো প্ৰকাৰে সম্পৰ্ক-সূত্ৰত বান্ধিব নোৱৰা বিষয়
¸ৰ বিবিধ অনুষঙ্গ-উদ্ধৃতিৰ প্ৰয়োগ সাম্প্ৰতিক সময়ৰ
অসমীয়া কবিতাৰ এটা ৰোগৰ লক্ষণ হৈ উঠিছে৷ তেনে প্ৰয়োগহে বন্ধ হোৱা উচিত৷ কেৱল
প্ৰতিষ্ঠিত কবি বুলি স্বীকৃতিপ্ৰাপ্ত লোকে লিখিলে বুলিয়েই এনে লক্ষণক ভাল লক্ষণ
বুলিব নোৱাৰি৷ কাৰণ পঢ়ি ভাল লগা কবিতা একোটা সঁচাকৈয়ে ভাল সৃষ্টি নহ
বও পাৰে৷ আকৌ প্ৰথম পঠনত ভাল লগা
কবিতা একোটা দ্বিতীয় পঠনত অকণো ভাল নালাগিবও পাৰে৷ এইখিনিতে কবি নৱকান্ত বৰুৱাৰ
কবিতাৰ ভৱিষ্যতনামৰ কবিতাটো মনত পৰিছে যত উদে মাছ খোৱা দেখি শিয়ালে
পানীত জাঁপ দিয়াৰ দৰে আৰ ছিগা চুলি তাৰ ছিগা চুলিৰে নেঘেৰি খোপা বন্ধাৰ দৰে কবিতা
সাজি উলিওৱাসকললৈও আছে তীব্ৰ ব্যঙ্গশেল

কিয় তোমাৰ কবিতাক লাগে টোকা আৰু ঢোকা

ঢোকাতে কল কলতে ঢোকা !

দুবৰি বনৰ ইমান লেহুকা নহয় শিপা৷

অৰ্থাৎ কবিতাত বিবিধ প্ৰসঙ্গ থাকিব পাৰে৷ 

সাম্প্ৰতিক সময়ত কবিতা লিখিবলৈ আৰম্ভ কৰাসকলে চিন্তা কৰা উচিত অসমীয়া কবিতাৰ বয়স কিমান? পৃথিৱীৰ আগ বঢ়া ভাষাবোৰৰ
সাহিত্য পৰম্পৰাৰ কবিতাৰ বয়স কিমান
? পৃথিৱীৰ আগ বঢ়া ভাষাবোৰৰ কবিতাৰ গতি-প্ৰকৃতি কেনে ধৰণৰ? সেই সকলোৰে প্ৰেক্ষাপটত
বৰ্তমানৰ অসমীয়া কবিতাৰ গতিবিধি কেনেকুৱা
? এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি ভ্ৰমি ফুৰা হয় কবিতাৰ বিশাল বিচিত্ৰ
জগতৰ যথাসম্ভৱ অঞ্চলবোৰত৷ মাজে মাজে মনলৈ আহে কিছুমান প্ৰশ্ন
, যেনে (১) আমি
জীৱন পৰিক্ৰমাত আধুনিকতা বুলিলে যি বুজোঁ সেয়া আমাৰ সমাজ জীৱনলৈ আহিছিল কেতিয়া
? সেই সময়ত পৃথিৱীৰ আগ বঢ়া
সমাজবোৰত সামগ্ৰিকভাৱে সাহিত্যৰ (গতিকে কবিতাৰো) ক্ষেত্ৰখনত কেনে কি ঘটিছিল
? (২) খুব কম সময়ৰ ভিতৰতে বহু
দূৰত্ব আতিক্ৰম কৰি বাকীবোৰৰ সৈতে শাৰী পূৰাবলৈ যাওঁতে আমাৰ সাহিত্যই (কবিতায়ো)
আলি-কেঁকুৰিৰ বহু খলা-বমালৈ ভালকৈ মন নকৰিলেই নেকি
? (৩) এতিয়াৰ আমাৰ সাহিত্য জগতৰ বাকীবোৰ আগ বঢ়া
সাহিত্য পৰম্পৰাৰ সৈতে ফেৰ মাৰিব পৰাকৈ সমৃদ্ধ হৈছেনে নাই
? যদি হৈছে, সি এক প্ৰকাৰ অভিলেখ
সৃষ্টিকাৰী ঘটনা৷ যদি নাই হোৱা
,
তাৰ কাৰণে আমি দুখ কৰা বা হতাশ হোৱা অনুচিত; বৰং দুগুণ উৎসাহেৰে নিজৰ
সাহিত্যক সমৃদ্ধ কৰিবলৈ মনোবলহে গোটাব লাগে৷ কাৰণ সেই মনোবলেহে আমাক কৰিবলগীয়া
কষ্টখিনি কৰিবলৈ প্ৰেৰণা যোগাব৷

 

4