এক আচৰিত সৌভাগ্য

সঞ্জীৱ
সভাপণ্ডিত

মোৰ গান হওক 

গীতিকাৰগায়কজনে গানটো লিখিলে, সুৰ
দিলে, গাই দিলে৷

সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷
গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷

কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷ কোনো মানুহক
লৈ‍ লিখা নাই৷ কোনো সময়ক লৈ লিখা নাই৷ গীতিকাৰ
গায়কশিল্পীৰ
সমুখত দেখা দি থকা চিৰন্তন কথাবিলাকক লৈয়ে এই গানটো সৃষ্টি হৈছে আৰু জীয়াই আছে৷

এই গানটোত আনে কি শুনিলে-নুশুনিলে মই নাজানো৷
কিন্তু মই শুনিলোঁ যে গায়ক শিল্পীজনে গান গাবলৈ কৈছে৷

সেই তেতিয়াৰে পৰা মোৰ চিন্তা৷

মইতো গায়ক নহয়৷ তেনেহলে
মই কেনেকৈ গাম৷ মোৰ গান কোনে লিখিব
, কোনে সুৰ দিব আৰু মোক সেই কণ্ঠস্বৰ কোনে দিব?

এই প্ৰশ্নই যে মোক অহৰহ আমনি কৰি আছে, সেই কথা মই ঘুণাক্ষৰেও কাকো
জানিবলৈ নিদিলোঁ৷ কিন্তু মনে মনে মই মোৰ অনুসন্ধান অব্যাহত ৰাখিলোঁ৷
ফাংশ্বনবিলাকলৈ যাওঁ৷ তাত গায়ক
গায়িকাবিলাকে কেনেকৈ গান গায়
মই খুব মগ্ন হৈ চাই থাকোঁ৷ কিন্তু বুজি হ
লে একোকে নাপাওঁ৷

কি আচৰিত কথা? ইমান টান নে?

১৯৭৪ চনত কটন কলেজত এজন ছিনিয়ৰ লৰাই
ষ্টেজত অকলে এটা গান গাইছিল৷ লগত কোনো যন্ত্ৰ
সংগীত সংগী নাছিল৷ ষ্টেজটোৰ
ঠিক মাজত থিয় হৈ দুয়োখন হাতেৰে নিজকে সাবটি তেওঁ মুকেশৰ সেই গানটো গাইছিল

‘‘নেইনা মাৰে, সাঁঝ চতায়ে, দেখে লাখ স্বপনে

সচ্ছ হেই কহী, হংগে য়া নেহী, 
জানে না
 য়হা৷’’

তেওঁৰ সমুখত বহি আছিল মস্ত ৰঙা ফোঁট এটা লৈ
তেওঁ ভাল পোৱা ছোৱালীজনী
একে কলেজতে পঢ়া৷

সেইদিনাৰ পাছত মই লৰাজনক
আৰু কেতিয়াও মঞ্চত গান গোৱা দেখা নাই৷ পেছাত তেওঁ গায়ক নহ
লগৈ৷
মই ৰাস্তাই
ঘাটে কেতিয়াবা কেতিয়াবা দেখোঁ৷ কৰবাত
চাকৰি
বাকৰি কৰে চাগে৷ অৱস্থাপাতি সিমান ভাল যেন নালাগে৷

কিন্তু মোৰ মানত সেই ১৯৭৪ চনৰে পৰা তেওঁ গায়ক
হৈ থাকি গ
ল৷ তেওঁ বোধকৰোঁ কোনোদিনে নিজে একো গানো লিখা নাছিল৷ সুৰকাৰ
বুলিও ভাব নহ
ল তেওঁক৷

বোধকৰোঁ প্ৰেমৰ তাড়নাতে তেওঁ এদিন মঞ্চত উঠিছিল, বোধকৰোঁ গানটোৱে কোৱা
কথাখিনি তেওঁৰো ক
বৰ মন গৈছিল৷ কৈ দিলে৷ এহেজাৰমান লৰাছোৱালীৰে
ঠাহ খাই থকা প্ৰেক্ষাগৃহটোত তেওঁৰ দৃষ্টি একান্তভাৱে নিবদ্ধ হৈ আছিল সেই এখন মুখৰ
ওপৰতে৷ হয়তো বহুতৰ চকুত পৰিছিল৷ যি যেনেকৈ বুজিছিল
, বুজিছিল৷

তেতিয়াৰ পৰা মই এটা কথা বুজিছিলোঁ যে গায়ক হবলৈ
লে প্ৰেমিক হব লাগে৷

১৫ বছৰ বয়সৰ পৰা ৬২৬৩
বছৰ বয়সলৈ মই প্ৰেমত নাই পৰা বুলি কোৱাটো মিছা কথা হ
ব৷
প্ৰেমৰ অনুভূতি হৈছে৷ এবাৰেই হৈছে বুলি কোৱাটোও মিছা কথা হ
ব৷
কিন্তু ক
তো লিপিট খাই লাগিবলগা নহ
বা লাগি ধৰিব নোৱাৰিলোঁ৷ নিজেও নোৱাৰিলোঁ
, আনকো ৰাখিব নোৱাৰিলোঁ৷ কিন্তু সেইবুলি মোক সেই
গানটোৱে বা গানটোৰ
 আহ্বানটোৱে আমনি নকৰাকৈ নাথাকিল৷

এনেতে এদিন এজন চিত্ৰকৰভাস্কৰ্যশিল্পীয়ে
কিছুমান গায়কক লৈ কিছুমান ছবি অঁকা দেখিলোঁ৷ তাৰ আগতে ছবিক লৈ গান লিখা পাইছিলোঁ৷

কেনেকৈনো কৰে জানিবলৈ বৰ মন গৈছিল৷ সেই
শিল্পীজনৰ ওচৰত তেওঁ কাম কৰা চাই থাকোঁতে মোৰো হঠাৎ ভাব হ

যে গান নাগালেও হয় দেখোন৷ গানৰ পৰা যদি ছবি হয়
, তেনেহলে গানৰ সলনি অন্য কামো
দেখোন হ
ব পাৰে!

ভাবি চালোঁ, গানৰ পৰা খেল হ
পাৰে নেকি
?

১৯৮৬ চনৰ মেক্সিক বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত
ছে‍মি
ফাইনেলত আৰ্জেণ্টিনাৰ ডিয়েগ মাৰাডনাই
ইংলেণ্ডৰ বিপক্ষে যিটো গ
ল দিলেপ্ৰায় একক প্ৰচেষ্টাৰে, সেইটো মোৰ গানৰ নিচিনা লাগি গৈছিল৷ যিটো গলক ‘The
Goal of the Century’
 বুলি কবলৈ
মহান ফুটবল খেলুৱৈ বা টিপ্পনীকাৰসকলে কুণ্ঠাবোধ নকৰিলে৷ সেই গ
লটো
এটা শিল্পকৰ্ম বুলিয়ে মোৰ ভাব হ
ল৷

তেনেকুৱাতে মই Infosys-ৰ অধ্যক্ষ নাৰায়ণমূৰ্তিৰ এটা
ভাষণ শুনিবলৈ পালোঁ
 গুৱাহাটীৰ Administrative
Staff College-
ত৷
তাতে শুনিলোঁ আৰু বুজিলোঁ যে বুদ্ধি কৰি ভাবি
চিন্তি নিজৰ কাম এটা নতুন
ধৰণেৰে যেনে-তেনে কৰিব পৰাটোও এটা গান গোৱাৰ নিচিনাই কথা৷

লগে লগে মোৰ মনটো কিবা ভাল লাগি গল৷
তেতিয়াৰে পৰাই মই আধা ঘণ্টা লোৱা বাট ২৫ মিনিটত পাবলৈ চেষ্টা কৰা হ
লোঁ৷
১,০০০ টকা খৰচ পৰিব পৰা কাম ৭০০ টকাত কৰিবলৈ চেষ্টা কৰা হ
লোঁ৷
প্ৰথমতে কৰিব নোৱৰা বুলি ভবা কাম নেৰা হ
লোঁ৷

অনৱৰতে কিবাকিবি কামৰ অংক কৰি থাকিলেহে ভাল লগা
ল৷ খং উঠিলেও মোৰ ভাল লগা হল৷
উকা কাগজখনত মই কিবাকিবি শব্দ সংযোজন কৰি কৰি গৈ থাকিলেও মোৰ ভাল লগা হ
ল৷
মোৰ লেখাত বিতুষ্ট হৈ উষ্মা প্ৰকাশ কৰা পাঠকৰ কথাও মোৰ গান যেনহে লগা হ
ল৷

মুঠতে মই যতে-ততে
গান দেখা হ
লোঁ, শুনা হলোঁ৷
মানুহে ভাবিব পাৰে গান মানুহে দেখে নেকি
? দেখে৷

এইবোৰ আক্ষৰিক কথা নহয়৷ কামৰ মাজতে ছন্দ লুকাই
থাকে৷ সকলো কাম কঠুৱা নহয়৷ বহুত কামৰ মাজত বহুত কোমলতাও লুকাই থাকে৷

এদিনৰ কথা৷ মোৰ এটা বৰ দৰকাৰী কাম চলি আছিল৷
ৰাতি নমান বজাতহে শেষ হোৱাৰ কথা
; তাকো একে লেথাৰিয়ে চলি থাকিলেহে৷ তিনিজন লৰাক
কামটোত লগাই থৈছিলোঁ৷ আটাইকেইজন প্ৰয়োজনীয় মানুহ৷ অপৰিহাৰ্য৷ কিন্তু গধূলি পাঁচ
বজাত এজন ল
ৰাৰ ঘৰৰ পৰা খবৰ আহিল সি তৎক্ষণাত ঘৰলৈ যাব লাগে৷
উপায় নাই
 তাক যাবলৈ দিলোঁ৷ চিন্তাক্লিষ্ট হৈ বহি থাকোঁতে ৮ মান বজাত ড্ৰিল মেচিনটোও
বেয়া হৈ থাকিল৷

কথাটো ভবামতে নহল৷
ৰাতি টোপনি নাহিল৷ কিন্তু পুৱা ৫ বজাতে সেই ল
ৰাটো ঘৰৰ পৰা আহি ওলালহি৷
লগত আৰু এটা ল
ৰা লৈ, যাৰ হাতত সকলো হাথিয়াৰ আছিল৷ কাম জনা লৰা৷
মোৰ কৰ্মচাৰীজনৰো বোলে ৰাতি টোপনি নাহিল
কামটোৰ কথা ভাবি৷

৯ মান বজাতে কামটো হল৷
সংগীতৰ আৰোহণ
, অৱৰোহণ, দ্ৰুত তাল, বিলম্বিত তাল, অন্তৰা, মুখৰাৰ নিচিনা কথা নহয়নে
বাৰু
? সংগীতত কোমলতা থাকে৷ কামতো৷ সংগীত এবাৰ পাগত উঠিলে নিজে নিজে গতি লয়৷ ঠিক
তেনেকৈ কাম জুতিত উঠিলে নিজে নিজে গতি লয়৷

একেবাৰে অংকৰ নিচিনা৷ ১+=২-টোও
খাটাংকৈ হয়
; ২২÷=.১৪২৮৫৭১৪-টোও
খাটাংকৈ হয়
; খাটাং উত্তৰ ওলায়৷ ভুল কথা এটা সঁচা বুলি ধৰি
লৈ তাক পাছত ভুল বুলি প্ৰমাণ কৰি শুদ্ধ উত্তৰটো উলিওৱা হয়৷ এইটো গণিত-বিজ্ঞানৰ এটা
সূত্ৰই৷

অংকৰ উত্তৰ ওলালে যেনেকৈ ভাল লাগে, কাম শেষ হলেও
তেনেকৈ ভাল লাগে৷ ভাল লগাটোৱেই আনন্দ
, যেনেকৈ গানে আনন্দ দিয়ে৷

গানে আনন্দ দিবলৈ মনটোও যেনেকৈ তেনেকুৱা হ
লাগিব
, তেনেকৈ কামে আনন্দ দিবলৈ তাত গান বিচাৰিব জানিবও লাগিব৷ তাৰ কাৰণে ভাগ্যও
লাগে৷ সকলো মানুহৰ হাতত কাম নাথাকে৷ হাতত কাম নথকা মানুহ বৰ দুৰ্ভগীয়া৷ দুয়োখন হাত
, দুয়োটা চকু, দুয়োখন কাণ আৰু বুকুখন
কামেৰে ভৰপূৰ হৈ থকাটো বৰ কপালৰ কথা৷ কাম নাথাকিলে বিচাৰি বিচাৰি আনিব লাগে৷ কাম
বিচাৰিবলৈ মন যোৱাটোও ভাগ্যৰ কথা৷ সকলোৱে কাম নিবিচাৰে৷ সকলোৱে কাম চিনি নাপায়৷
সকলো কাম আকৌ কামো নহয়৷
 The Tao of
Physics-

লেখক ফ্ৰিট্‌জ
ফ কাপ্ৰাই কোৱাৰ নিচিনাকৈ মানুহ মাৰিবলৈ বোমা
নিৰ্মাণ কৰাটো কাম নহয়৷ ঠিক তেনেকৈ ল
ৰাছোৱালীৰ
মুখত ভাত দিবলৈ গঁড় হত্যা কৰাটো কোনো কাম নহয়
, যেনেকৈ গানৰ ভিডিঅ এটা কৰিবলৈ হাবি এখনত জুই
লগোৱাটো একো কাম নহয়৷

এই পৃথিৱীত বেছিভাগ মানুহেই কাম নকৰে৷ কাম কৰি
আনন্দ নাপালে তাক কাম কৰা নোবোলে৷