ৰচনা পাঠক

কাহানিও কাকো তই তেহেলে যা নোবোলা

বৰনৈৰ বুকুত হঠাতে কাৰ কাৰ মাত

পানীয়ে গিলিলে

কেইজনী নিমাতী মাকৰ চকুপানী নেদেখিলে কোনেও

কাৰ কাৰ উকি উৰি গ’ল ইথাৰত

কোন বীৰৰ কিৰিলিত জমি উঠিল মৃত্যুৰ উসৱ

লোহাৰ জাহাজো ভাগে। এইখনতো পঁচা কাঠৰ

পুৰণি নাও। সুৰাৰ ভৰত আতুৰ নাৱিক 

হিচাপী পানীৰ মালিক

ভগা সমাজত বগলীবোৰ জিলিকেই 

হৰ্ডিঙতো আঁকি থোৱা থাকে বাটে-ঘাটে

এতিয়া বিচাৰি নোপোৱা মৃতদেহবোৰ ঢাকি

কঁহুৱাই চাপৰি উপচাই তৰি দিছে চন্দ্ৰতাপ

আহাঁ, লুইতৰ চাপৰিত কঁহুৱা ফুলা চাওঁগৈ