স্ৰোতস্বিনী তামুলী


যোছেফ মাৰাকৰ কটা যোৱা ভৰিখনত

শুকান পাতৰ খৰমৰণি

 

বাঘজানৰ মানুহবোৰৰ চকুত

শিমলুৰ ৰঙা

 

মোৰ মূৰৰ ওপৰত

ফটফটীয়া

নীলাতকৈও নীলা আকাশ

 

এয়া

মোৰ ফাগুন

তলসৰা!