গোৱিন কুমাৰ খাউণ্ড


অৱশেষত শৰৎ
শৰ্মাই  সৰগী বন্ধ কৰাৰ সিদ্ধান্ত ল
ʼলে।

জৰিগুৰিৰ মানুহৰ
প্ৰতিবাদত সেওমানি সৰগী বন্ধ কৰিবলৈ ওলোৱা নাই ওলাইছে নিজৰ ল
ৰাটোক
ৰক্ষা কৰিবলৈহে। বহুতেই পৰামৰ্শ দিছিল এইবুলি
,  সৰগী বন্ধ কৰিলেহে আপুনি আগৰ দৰে
মানুহৰ মৰম-চেনেহ পাব। শৰ্মাই কিন্তু কাৰো কথালৈ মন দিয়া নাছিল। সৰগী বন্ধৰ চৰ্ত
ৰাখিছিল মাথোঁ নিজৰ ল
ৰাটোৰ ওচৰতহে। চৰ্ত সেই এটাই আছিলমদ খোৱা বন্ধ
কৰিব লাগিব।

শৰ্মাৰ
চৰ্তটো  শুনি মিলিটেৰীয়ে  ভালেই পাইছিল। নিজৰ ল
ৰাটো মদাহী
হোৱাতহে গা লৰিছিল শৰ্মাৰ। দুই-চাৰিজনৰ মতে অম্লান মদাহী নোহোৱাহেঁতেন শৰ্মাই
কেতিয়াও সৰগী বন্ধ নকৰিলেহেঁতেন। ফটা মুখৰ পৰা সেই কথা বাহিৰ হোৱাৰ পাছত পৰ্টেল
দুটামানে সেই একেটা কথাকে চেপেটা কৰি আছে। নিজৰ ঘৰত জুই নজ্বলালৈকে যে অসমীয়াৰ
চেতন নাহে সেই কথা আকৌ প্ৰমাণিত হোৱা বুলি টেটুফালি ফুৰিছে বহুতে। শৰ্মাৰ ল
ৰাটো
মদ খাই মৰোঁ মৰোঁ হোৱাৰ পাছতো দধী লেখাৰুৰ মুখৰো মাত নাই। লেখাৰুৰ ৰঘুমলা চৰিত্ৰক
লৈয়ো বু-বু বা-বা। লেখাৰুৰ মৰণ নাই। চৰকাৰ যাৰেই নাথাকক ৱাইন শ্ব
ʼ
চলি থাকিব। কলেজলৈ ল
ৰা-ছোৱালী আহিয়েই থাকিব। দুখ মাত্ৰ এটাই
একালৰ বহতীয়া সাংবাদিকবোৰৰ চকু গজিছে । আগৰ দৰে দধী লেখাৰুক সিহঁতে বিশিষ্ট
সাহিত্যিক
, শিক্ষাবিদ, বুদ্ধিজীৱী বুলি
হোৱাই-নোহোৱাই বাতৰি নিলিখা হ
ল।সভা- সমিতিবোৰতো এলাগী হৈ পৰা
লেখাৰুৱে সেয়ে ৰাজনীতিৰ পথাৰলৈ পোনপটীয়াকৈ মন মেলিছে। বাধা মাত্ৰ শৰৎ শৰ্মাহে।
সেয়ে আজিকালি শৰ্মাৰ পৰা নিলগত থাকি ৰেহ-ৰূপ লক্ষ্য কৰি আছে।ৰাজনীতিৰ জোৰত
,
ক্ষমতাৰ
বলত
,ধনৰ খকত

 সমাজখন, ৰাইজখন ভাগ কৰি কৰি ঘৰতে এতিয়া দুভাগ-তিনিভাগ
হৈ পৰিল শৰ্মাৰ পৰিয়াল। সেয়ে দধী লেখাৰুৱে সুযোগ লৈ দুফলা হকে-বিহকে মাতি
ফুৰিলেও লেশমানো কোনেও সন্মান নকৰে। মালিকৰ দোহাই দি অসন্তোষৰ জিভাখন উলিয়াই কিবা
ʼলেও মুখতে ধৰে। সেই আগৰ দৰে টি.ভিৰ সাংবাদিক লৰা কেইটাও বাইট
এটা বিচাৰি দৌৰা-দৌৰি কৰি নুফুৰে।কলেজৰ প্ৰিন্সিপাল হিচাপে ছাত্ৰ-ছাত্ৰীৰ কথা
নাভাবি সাংবাদিকৰ চিণ্ডিকেট চলোৱাৰ বাবে বুকুৰ আপোন সাংবাদিককেইটাও শত্ৰু হৈ
পৰিছে। সিহঁতৰ দুই-এটাই নিজে নিউজ নকৰি বাকীবোৰক পিঙাই থাকে। ফে
চবুকত ইটোৰ-পাছত
সিটোৱে কলেজত হোৱা দুৰ্নীতি
, ভিতৰুৱা কন্দলৰ আপডেট দি
থাকে।ইটোৰ-পাছত সিটোকৈ যেতিয়া ফুটা ওলাবলৈ ধৰিলে লেখাৰুৱে কিমানৰ মুখ বন্ধ কৰিব।
সেয়ে মুখেৰে নামাতে যদিও জৰিগুৰিৰ পৰা নিৰ্বাচন খেলাৰ অংকটো ওপৰ লেভেলত কৰি আছে।
যি কোনো দলৰ টিকট পালেই ৰণ শিঙা বজাই দিব বুলি কৈ আছে। সেয়ে শৰ্মাৰ সৈতে ভিতৰি
ভিতৰি খুব এটা ভাল নহয়।

শৰ্মাৰো সেই
একেটা অৱস্থা। ঘৰখনতে এতিয়া তিনিটা প্ৰাণীৰ তিনিটা মত।পুতেকে অসম চুক্তিৰ কথা ক
লে,
বাপেকে
কাৰ কথা কয়। ঘৈণীয়েকে সকলো আঁচনি বন্ধ কৰি
বান্দৰ প্ৰতিৰোধ আঁচনিৰ কথা কয়। পুতেকৰ শ্লোগান অসম চুক্তি অসমীয়াৰ ৰক্ষা কৱচ
,
বাপেকৰ
শ্লোগান
কাঅসমীয়াৰ ৰক্ষা কৱচ আৰু মাকৰ শ্লোগান বান্দৰ
নিয়ন্ত্ৰণ কৰক অসমীয়াক ৰক্ষা কৰক। এই লৈ ঘৰখনত বিৰাট হৈ চৈ। আজিকালি আগৰ দৰে
শৰ্মানীৰো ৰেক
ৰ্ড ভাল নহয়। তাতে ঘৰ এৰি ক্ষন্তেকো

বান্দৰৰ বাবে
ওলাই যাব নোৱাৰে। আগতে নেকিব বোলা বনকৰা ল
ৰা এটা আছিল যদিও এতিয়া তাকো এৰিব লগা
ল পুতেকৰ বাবে। ঘৰতে মিঞা-মুছলমানক আশ্ৰয় দি মুছলমানৰ বিৰুদ্ধে
হুংকাৰ দি ফুৰাটো ভাল কথা নহয় বুলি পুতেকে সঁকিয়াই দিয়াত শৰ্মাৰ ঘৰত কাম কৰিবলৈ
কোনো নাহে এতিয়া। মাজতে আকৌ বিহাৰী এটা ওলাইছিলহি যদিও পুতেকে নীলৰ অস্ত্ৰপাত
দেখুৱাই
ঐ বিদেশী হুচিয়াৰবুলি খেদি পঠালে। নীল ঢুকুৱাৰ পাছত
অস্ত্ৰপাত মিলিটেৰীয়ে লৈ যাব খুজিছিল যদিও অম্লানে আনি  নিজৰ কোঠাত সজায় ৰাখিছে। অম্লানৰ বাবে সেইপাত
কেৱল মাত্ৰ অস্ত্ৰ নহয় অসম আন্দোলনৰ সাক্ষী। এগৰাকী স্বাভিমানী অসমীয়াই বিদেশী
মুক্ত অসম বিচাৰি গঢ়াই লোৱা এখন স্বাধীনতা প্ৰিয়াসী তৰোৱাল। থলুৱা অসমীয়াক
সুৰক্ষা দিয়াটোহে চৰকাৰ আৰু দল-সংগঠনৰ প্ৰধান কাম বুলি ভাবে অম্লানে। মিলিটেৰীৰ
হাতৰ পৰা অস্ত্ৰপাত আনিবলৈ যোৱাৰ দিনা মিলিটেৰীয়েও সেই একেটা কথাকে কৈছিল-
এই
নেতাবোৰে অসমীয়াৰ জাতি- মাটিৰ কথা কয় যদিও ভিতৰি ভিতৰি ইহঁত দগাবাজ। জাতিটোক
পংগু কৰি ক
ত সাৰিব সিহঁত। নীল মৰি গʼলেও
অসম আন্দোলনৰ অস্ত্ৰপাত মামৰে খাই শেষ কৰিব পৰা নাই। এইপাতেৰে  প্ৰথমে মই তোমাৰ দেউতাৰাকে বধিম।

 হিমানী আইতাই মুখতে ধৰিছিল- থোৱাঁ থোৱাঁ বুলি ।

তুমি
কথা নক
ʼবা।মিলিটেৰীয়ে খং কৰিছিল।

কি
কৰিব পাৰিলা তোমালোকে! আমাৰজনে অসম আন্দোলনৰ বিৰোধিতা কৰোঁতে কংগ্ৰেছী বুলি ঘৰতে
মাৰিবলৈ-কাটিবলৈ আহিছিলা দেখোন। এতিয়া
?”

 মিলিটেৰীৰ মুখৰ মাত নাইকিয়া হৈ পৰিছিল।
জৰিগুৰিৰ কণকলতা যেন আকৌ ৰাজপথলৈ ওলাই আহিছিল আহ ঐ আহ বুলি চিঞৰি। অসম আন্দোলনৰ
নেতাবোৰেই এতিয়া কংগ্ৰেছী হৈ মিঞাৰ সুৰক্ষা বিচাৰি ৰাজপথ কঁপাই তোলে। কংগ্ৰেছে
মিঞাক ঘৰ-ভেটি দি ভোটৰ ভেঁটি গজগজীয়া কৰিব খোজে। হিন্দুত্বৰ নামত যাগ-যজ্ঞ কৰি
লেটিং পিন্ধিব খোজাবোৰে বাংলাদেশী বুলি মিঞা- মুছলমানৰ ঘৰত বুলড্ৰেজাৰ চলাই
অসমীয়াক সুৰক্ষা দিয়া বুলি ৰাও চিঞৰ জোৰে। অসম আন্দোলনৰ ৰক্ত নদীত স্নান কথাবোৰে
কাআইনৰ 
যোগেদি অনা অসমীয়া-বহিৰাগতৰ সুৰক্ষা বিচাৰি থলুৱাক পেটে- ভাতে মাৰিব খোজে।
স্বাধীনতাৰ স্বপ্ন দেখা ডেকাবোৰ কঁকাল বেঁকা কৰি ঘূৰি ফুৰে। হাবিত থকাবোৰে
বিবৃতিৰে অসমৰ স্বাধীনতা যুদ্ধৰ গদা ঘূৰাই থকাৰ সময় থলুৱা জাতি-জনগোষ্ঠীৰ
নেতাবোৰক মাথোঁ আগৰ শাৰীত বহিবলৈ চকী একোখন লাগে। নিজৰ মানুহখিনিক আগত লৈ বেছিভাগ
জনজাতীয় নেতাই এসাঁজ ভাত
, বিলাসী বাহন, চাহবাগান,
ৰিজৰ্ট
, ভূমি দখলৰ সপোন দেখাৰ সময়ত বিদেশী-বহিৰাগতই অসমীয়াক পদপিষ্ট কৰি
আহিছে যদিও এইসকল নেতাৰ হুচ নাই গাত। মাথোঁ বোবা মানুহৰ সমদলত চামিল হৈ গৈছে
অসমীয়া মানুহ এচাম ধুৰন্ধৰৰ নেগুৰত ধৰি।

   বিয়াগোম নেতা-মন্ত্ৰীবোৰৰ লৰা-ছোৱালী
ক’ত পঢা-শুনা কৰে কোনোবাই জানেনে
? ” মৃগাংকই এদিন অম্লানক সুধিছিল।

   অসমৰ গৰিষ্ঠসংখ‍্যক মন্ত্ৰী-বিধায়কৰ
লৰা-ছোৱালী
, জ্ঞাতি-কুটুম্ব, আত্মীয়-স্বজন হয়
বিদেশত
, নহলে ৰাজ‍্যৰ বাহিৰত থাকি পঢ়া-শুনা কৰে। বাপেকহঁতে অসমীয়াক পংগু
কৰাৰ নামত কোৰোণাৰে ধন চপাই জীয়ে-পুতেকবোৰে আমেৰিকা
, ইংলেণ্ড,
জাৰ্মান-
জাপানত সেই ধনেৰে পঢ়া-শুনা কৰে। সম্পত্তিৰ ক্ষেত্ৰটো সেই একেই কথা ।  দেশে- বিদেশে পাহাৰসম সম্পত্তি । ব‍্যৱসায়িক
সম্ৰাজ‍্যখনতো এইমখাৰ অবাধ বিচৰণ। মন্ত্ৰী-বিধায়কে নিৰন্তৰ সাধাৰণ মানুহক
ভিক্ষাৰীৰ শাৰীত বহুৱাই ৰখাব খোজে। সাম্প্ৰদায়িক সংঘাতৰ মাজত ডুবাই ৰাখিব খোজে।
ধৰ্মৰ নামত বিভেদৰ বীজ সিঁচি সাধাৰণ জনতাক জ্বলাই মাৰিব খোজে। সেয়ে মিলিটেৰীও কৈ
থাকে- মন্ত্ৰী-বিধায়কৰ ল
ৰা-ছোৱালী বিদেশত  থাকে, 
অসমৰ বাহিৰত থাকে, আন্ত:ৰাষ্ট্ৰীয় মানৰ শিক্ষানুষ্ঠানত
পঢ়া-শুনা কৰে। এতেকে অসমত হেজাৰ স্কুল বন্ধ হলেও মন্ত্ৰী-বিধায়কৰ কোনো লোকচান নাই
। শূন‍্য মাত্ৰও ক্ষতি নহয় !  ক্ষমতাৰ
স্বাৰ্থত ! মাটি-সম্পত্তিৰ লোভত পৰি ৰাজভোগ খাবলৈ জীয়াই থাকে অসমৰ নেতা-মন্ত্ৰী।

কথাবোৰ অম্লানেই কৈ গৈছিল সমুখত দেউতাকৰ
ছবিখন আগত ৰাখি। অম্লানকো দেউতাকে বাহিৰত পঢ়োৱাৰ বহু সুযোগ দিছিল কিন্তু নোৱাৰিলে
সি । সেয়ে এদিন শাসকীয় দলটোৰ যুৱ সংগঠনৰ নেতা হৈ জাতিটোৰ কবৰ খান্দি খান্দি শেষত
জৰিগুৰিত আৰম্ভ কৰিছিল সুৰাৰ বিপ্লৱ। সেই সুৰাই এফালৰ পৰা গিলি অনাৰ সময়ত দেখিছিল
শাসকসকলে চলাই অহা ভণ্ডামী। আৰু এদিন প্ৰেমত হাবু- ডুবু খাই ঘৰ এৰি গুচি গৈছিল
যদিও মৃগাংকহঁতেই ঘূৰাই আনিছিল সঠিক পথলৈ। সেয়ে এতিয়া সমাজ বিৰোধী শক্তিবোৰৰ
বিৰুদ্ধে যুঁজত নামিছে সিহঁত।

জহান্নামে যোৱা জাতিৰ কথা পাতি পাতি অম্লান
আৰু মৃগাংক আহি হিমানী আইতাৰ ঘৰ পালেহি। যোৱা কেইবাদিনো বিচনাৰ পৰা উঠা নাই হিমানী
আইতা। পুৱা-গধূলি মিলিটেৰীয়েই আলপৈচান ধৰি আছে। এতিয়া আৰু কোনেও চোভা নামানে
মিলিটেৰী আৰু হিমানী আইতাক। সকলোৱেই মুখে মুখে কয়- মিলিটেৰী নোহোৱা হ
লে
হিমানী আইতা খাবলৈ নাপায় মৰিলহেঁতেন। নিজৰ ঘৰখন বান্দৰক চমজাই মিলেটেৰী হিমানী
আইতাৰ ৰখীয়া হৈ আছে।

চোতাল পায়ে দেখিলে আৰামী বেঞ্চখনতে জুপুকা মাৰি
বহি আছে মিলিটেৰী।  কাষতে ৰং আৰু ব্ৰাছৰ
পলিথিনৰ টোপোলাটো।

বৰদেউতা।
মৃগাংকই
মাত দিলে।

বৰ
সময়তে ওলালাহি। মোৰ ৰঙৰ ফোপোলাটো বান্দৰে কি কৰিলে দেখিছনে
?’

মিলিটেৰীয়ে ৰঙৰ
টোপোলাটোৰ ফালে দেখুৱাই ক
লে-

বান্দৰজাকৰ পৰা
উপাই নাইকিয়া হ
ল বুজিছা। হেৰা অম্লান কিবা এটা কৰা।

তাকেহে
খুৰা।
অম্লানে অসহায় ভাবে কলে।

এইমখা
বেমাৰতো নপৰে বুজিছা। কোনো বান্দৰৰ ডায়েবেটিছ নাই। কোনো বান্দৰৰ বোলে হাৰ্ট এটেক
নহয়। আয়ডিনযুক্ত নিমখ নাখায়
, কলগেটেৰে  ব্ৰাছ নকৰে, তথাপি কোনো
বান্দৰৰ থাইৰয়ডৰ ৰোগ বা দাঁতৰ বেমাৰ নহয়
, হাই পেচাৰ নহয়?
নমৰে
এইমখা।

অম্লানে কথাবোৰ নতুনকৈ ভাবিবলৈ আৰম্ভ কৰিলে।
এৰা বান্দৰ কোনো ৰোগত আক্ৰান্ত নহয়।সিহঁতৰ তেজত কেতিয়াও কলেষ্টেৰল বৃদ্ধি নহয়
,
কেতিয়াও
ট্ৰাইগ্লিছাৰাইড বৃদ্ধি নহয়
, কেতিয়াও ডায়েবেটিছ নহয়। সেয়ে
মিলিটেৰীক সুধিলে- বান্দৰ মৰা দেখিছেনে
?’

 আমিয়েই আগতে বহুত বান্দৰ মাৰিছিলোঁ।
মিলিটেৰীয়ে
উচাহেৰে ক
লে।

“নহয়,
বান্দৰৰ
মৰা শ ক
ʼৰবাত দেখিছেনে?”

প্ৰশ্নটোত থতমত
খালে মিলিটেৰীয়ে। আজিলৈকে ক
ʼতো বান্দৰৰ মৃতদেহ দেখিবলৈ নাইপোৱা।
এইটো কম কথা নহয়।

ভিতৰৰ পৰা কেকনি
এটা ভাহি আহিল। মিলিটেৰীয়ে পাহৰি আছিল ভিতৰত যে মৰা কাঠ পৰাদি হিমানীজনী পৰি আছে।
সেয়ে উচাপ খাই উঠি ক
লে- “সেয়া পাহৰি আছিলোঁ কেতিয়াবাই পানী
এঢোক খাও বুলিছিল।”

কথাষাৰ কৈয়ে
মিলিটেৰী ভিতৰ সোমাই গ
ল। পিছে পিছে মৃগাংক আৰু অম্লানো সোমাই গল।

                                                   ০০০

এখন জৰাজীৰ্ণ
ছবি দুচকুত লৈ অম্লানহঁত ঘূৰি আহিছিল হিমানী আইতাৰ ওচৰৰ পৰা। প্ৰেম আৰু ভালপোৱাৰ
অভয়বাণীৰে মিলিটেৰীয়ে হিমানীক আলপৈচান ধৰা দৃশ্যই মুক কৰি তুলিছিল সিহঁতক।
শোৱাতে হগা-মুতা কৰা হিমানী আইতা হটঙা মুখত যেতিয়া গিলাচটোৰে পানী বাকি দিছিল
হিমানী আইতাই অস্পষ্ট ভাবে কিবা কৈছিল। হাতখন ডাঙিব খুজিছিল।

কি কৈছে?’
মৃগাংকই
সুধিছিল।

“জয় আই
অসম বুলি ক
ব খুজিছে। পৰা নাই।মিলিটেৰীয়ে
হুমুনিয়াহ ছাৰি কৈছিল।

“মোক চিনি
পাইছেনে
?” অম্লানে সুধিছিল। হিমানী আইতাই দুচকু জপাই
দিছিল।


(আগলৈ)