আত্মবিভোৰ

কাব্যশ্ৰী মহন্ত

নয়নৰ ঘৰৰ দুৱাৰমুখত  কলিং বেল
টিপিব খুজিও ৰৈ গ
লোঁ৷ কোন
বা আছে ভিতৰত! সি যদি জিৰণি লৈ আছে কলিং বেলৰ শব্দই আমনি কৰে যদি
? নতুবা
শ্ৰেয়াই যদি দিনটো দৌৰাদৌৰি কামৰ অন্তত অলপ শুইছে তেন্তে
? ফ’ন এটা কৰি অহাহলেই ভাল আছিল নেকি? কিন্তু কি বুলিনো ফ’ন কৰিম
ভাবিয়েই নাপালোঁ৷ নয়নৰ অসুখৰ খবৰটো মই পোৱালৈ নয়নক লৈ শ্ৰেয়া ইতিমধ্যে দিল্লীলৈ
গুচি গ
ল৷ সেয়ে ফ’ন্য-চ’ন নকৰি
শ্ৰেয়াৰ ম
বাইলত মেছেজ এটা দিলোঁ  নয়নৰ অসুখৰ খবৰ পাইছোঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা৷
সকলো ঠিক হৈ যাব। মই পাছত ফ’ন কৰিম…
 

শ্ৰেয়াই মেছেজটো পঢ়ি চাইছিল
কিন্তু কোনো উত্তৰ দিয়া নাছিল৷ পাছত মই আনৰ মুখৰ পৰা গম পাইছিলোঁ নয়নৰ অসুখৰ খবৰ
পাই শ্ৰেয়া হেনো
 বলিয়াৰ
দৰে হৈছিল৷ দিল্লীত
 নয়নৰ
চিকিৎসকে শ্ৰেয়াকহে
 কাউন্সেলিং
বলৈ পৰামৰ্শ দিছিল৷ তাই
হেনো ৰাতি ৰাতি শুব নোৱৰা হৈছিল৷ কিবা খালেই বমি হৈ গৈছিল৷ অকলে কোঠা এটাত বহি
থাকিব লগা হ
লেই ভয়
খাইছিল৷ দুৱাৰ খুলি বাৰে বাৰে বাহিৰলৈ ওলাই গৈছিল৷ সেয়ে মই পাছত তাইক ফ’ন
চ’ন কৰা নাছিলোঁ৷

ক্ষন্তেক ৰৈ ভিতৰত কিবা
শব্দ শুনো নেকি বুলি ৰ
লোঁ৷  দুৱাৰত
টোকৰ দিব খুজি দেখোঁ দুৱাৰখন খোলাই আছে৷
 নয়ন আছ বুলি মাত এটা দি অলপ ঠেলি
দিওঁতে দেখিলোঁ ডাইনিং টেবুলত বহি আছে শ্ৰেয়া৷ সমুখত এজাপ কাগজ
, ফাইল৷ মোক দেখি তাই উঠি
আহিল৷ একদম ক
লা পৰি
গৈছে মানুহজনী৷ পিন্ধি থকা ক
লা জেকেট আৰু জীন্ছ্টোৰ বাবেই তাইক মদৰুৱা যেন দেখিছে নেকি ধৰিব
পৰা নাই৷ কিন্তু তাইৰ মুখত সদায় দেখা ক
ম্প্লেচেণ্ট্ লুকটো নাই৷ মোক বহিবলৈ দি তাই নিজেও সমুখৰ
চকীখনত শূন্য দৃষ্টিৰে বহি পৰিল৷ কি ক
ম ভাবি নাপালোঁ৷

নয়ন শুই আছে নেকি?”

শুইছিল৷ উঠিল চাগে এতিয়া৷”

ৰিয়া-ৰোহণ?”

ৰিয়াৰ পৰীক্ষা নহয় অহা সপ্তাহৰ পৰা৷ ৰোহণ
ষ্টেডিয়ামলৈ গৈছে৷”

মই যেন অলপ তত্ পালোঁ৷
ৰোহণ ষ্টেডিয়ামলৈ গৈছে যেতিয়া নয়নৰ গা সিমান বেয়া নিশ্চয় নহয়। এতিয়া কেনেকুৱা
বুলি সুধিম নে নুসুধিম ভাবিলোঁ৷

তুমি কিবা কৰি আছিলা?”

 এই মেডিকেলৰ কাগজ-পত্ৰবোৰ৷ ঠিক-ঠাক কৰিব লাগে নহয়৷”

 আকৌ কেতিয়া মাতিছে ডক্টৰে?”

 আচলতে এতিয়া এওঁৰ ছাৰ্জাৰিটো কৰিবলৈ অলপ প্ৰব্লেম এটা হৈ
আছে৷ হিম
গ্লবিন লেভেলটোও খুব কমি আছে৷ সেয়ে এমাহৰ ক’ৰ্ছ এটা দিছে৷ সেই ক’ৰ্ছটো শেষ হোৱাৰ পাছত কেইটামান টেষ্ট কৰাব লাগিব৷
সেইখিনি টেষ্ট ইয়াতে কৰাব পাৰিম৷ ৰিপৰ্টখিনি মেইল কৰি দিম৷ কিন্তু মই ভাবিছোঁ এটা
ছেকেণ্ড অ
পিনিয়ন লৈ লওঁ নেকি৷

শ্ৰেয়াই কথাবোৰ কলে খুব ষ্পষ্ট উচ্চাৰণেৰে প্ৰতিটো শব্দত
জোৰ দি দি কয়৷ মিটিঙত কোৱাৰ দৰে লাগে শুনি৷ কিয় জানো মোৰ ভাল নালাগে কথা কোৱাৰ সেই
সুৰটো৷ কিন্তু ছোৱালীজনী খুব অন্তৰখোলা প্ৰকৃতিৰ৷ লগতে আনৰ প্ৰতি শ্ৰদ্ধা থকা৷
তাতে নয়ন মোৰ ইমান ক্ল

ফ্ৰেণ্ড৷ সেয়ে বেয়া পালেও শুনি থাকোঁ৷

বেয়া নহয়
কথাটো৷ ক
িন্তু
কাৰ লগত কন্ছাল্ট কৰিম বুলি
ভাবিছা?”
       শ্ৰেয়াই
কোনোবা এজন ডক্টৰৰ নাম ক
লে৷

মোৰ আচলতে মন গৈছিল নয়নক
এবাৰ চাওঁ৷ সিনো কেনে আছে
, অসুখৰ লগতে সি মানসিকভাৱেও ভাগি পৰিছে নেকি তাক লৈ মোৰ উৎকণ্ঠা
হৈছিল। কিন্তু শ্ৰেয়াই মোকো ভিতৰলৈ মতা নাই। নয়নো বাহিৰলৈ ওলাই অহা নাই

নয়নৰ ঘৰত বহু বছৰ থকা
বিজুৱে চাহৰ ট্ৰে
 লৈ আহিল৷ চাহ, কেক আৰু কিবাকিবি৷ নয়ন
খুবেই অতিথিপৰায়ণ৷ চাহ নুখুওৱাকৈ কাকো যাবলৈ নিদিয়ে৷ মই আহিলে সদায় সি তাৰ পঢ়া
কোঠাতে নি বহুৱায়৷ আলমাৰীবোৰৰ মাজে মাজে একো একোখন বিখ্যাত চিত্ৰকৰৰ পেইণ্টিং৷ নহ
লেবা টেৰাকোটাৰ একোটা শিল্পকৰ্ম৷ শাৰী
শাৰী কিতাপবোৰৰ সমুখভাগত মাটি বা চিৰামিকৰ সৰু সৰু পাত্ৰত স্নেক প্লেণ্ট
  বা জেদ প্লেণ্ট৷ ঘৰৰ সমুখৰ সৰু চোতালখনতো এসোপা ফুল৷ কিতাপ আৰু
পেইণ্টিঙৰ মাজত অহৰহ বুৰ গৈ থকা নয়ন কিন্ত অলপো সংসাৰবিৰাগী নাছিল৷ কাৰ্যালয়ৰ
কাম-কাজতো খুবেই নিখুঁত৷ কথাবোৰ ধীৰ, গম্ভীৰ৷ অফিচৰ ফাইল-পত্ৰৰ বেলিকাও চিজিল৷ তাক
লগ কৰিবলৈ অহা কোনো মানুহেই তাৰ পৰা কঠুৱা ব্যৱহাৰ নাপায়৷
  ব্যস্ততাৰ
মাজতো সি সকলোৰে কথা মন দি শুনে৷ অনবৰতে ব্যস্ত থাকিবলগা বিভাগ এটাৰ সি এক্জিকিউটিভ
ইঞ্জিনীয়াৰ৷
 ওপৰৱালা
বিষয়ায়ো তাক খুব বিচাৰে৷ সঁচা অৰ্থত এজন সফল ব্যক্তি৷ আলস্য
, অহংকাৰ, বিৰক্তি, অভিমান সকলোৰে পৰা ঊৰ্ধ্বত
নয়ন৷ দৈনন্দিন জীৱনৰো কোনো কথাতে সি বিৰাগ দেখুওৱা নাই৷ সুন্দৰ ঘৰ-দুৱাৰ
, ৰুচিসন্মত আচ্বাব-পত্ৰ,  তলৰ মহলাত মাক-দেউতাকৰ বাবে
এটা আহল বহল কোঠা
, ত চিৰিকেইটাও সুষম৷ কোঠাৰ কেবিনেটকেইটাও
এনেদৰে সাজিছে যাতে মাক-দেউতাকে হাউলিবও নালাগে
, বেঙা মেলিবও নালাগে৷
শ্ৰেয়ায়ো যঠেষ্ট যত্ন লয় শহুৰেক-শাহুৱেক দুয়োৰো৷ ৰিয়া-ৰোহণক লৈও কোনো সমস্যা
নাছিল৷ পঢ়া-শুনাত দুয়োটাই ভাল আছিল৷ তাৰ উপৰি ৰোহণে টেনিচ খেলে৷ ৰিয়াই কথক নাচে৷
বন্ধৰ দিনৰ সন্ধিয়াবোৰ বন্ধু বান্ধৱৰ সৈতে গান
বাজনা কবিতা আবৃত্তিৰে মুখৰ হৈ থাকে তাৰ ঘৰ৷ মোৰ ঘৰটো
আগতে ওচৰত থাকোঁতে মই
 নম্ৰতা আৰু বিব্লিক লৈ
প্ৰায়ে আহি আছিলোঁ৷ আজি কিছু দিন অহাটো পাতলিছে৷

হলঘৰৰ পৰা ভিতৰলৈ যোৱা
দুৱাৰখন খোল খালে৷ এটা বগা টি শ্বাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি নয়ন দুৱাৰমুখত৷ মই এক মূহূৰ্ত
থত্মত্ খালোঁ৷ নয়ন যদি এনেকৈ ওলাই আহিব
 পৰা হৈ আছে অথনিৰে পৰা
শ্ৰেয়াই মই অহা কথা তাক কোৱা নাছিল কিয়
? কিন্তু
মইনো তাক কি কৈফিয়ৎ দিওঁ ইমান দে
ৰি তাক কিয় মাত দিয়া নাই?

আহ, মই আকৌ
তই শুই আছ বুলিহে ভাবিছিলোঁ৷

নয়নে একো নকৈ মোৰ সমুখৰ ছ’ফাখনত
বহিলহি৷
  শ্ৰেয়া
ইতিমধ্যে কান্ধত বেগটো আঁৰি ওলাই যাবলৈ সাজু হৈছিল৷ তাই এবাৰ নয়নৰ কাষলৈ আহিল৷
চুলিকিডালত হাত ফুৰাই ক
লে, “তুমি অলপ শ্যামন্তদাৰ লগতে কথা পাতাচোন, মই সোনকালে আহিম৷ দুৱাৰৰ ওচৰৰ পৰা আকৌ উভতি নয়নৰ একেবাৰে
কাষলৈ আহি কান্ধত হাতখন থৈ আকৌ ক
লে “কিবা খাবৰ মন গলে বিজুক কবা৷ নোখোৱাকৈ নাথাকিবা৷” মূৰত আকৌ যেনেকৈ হাতখন ফুৰাই
, তাই যেন আৰু বহু দিনলৈ নয়নক
লগেই নাপাব৷ নয়নে অৱশ্যে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷

আমাৰ কথা বতৰা শুনিয়েই নেকি
বিপৰীত ফালে থকা দুৱাৰ এখন খুলি ৰিয়া ওলাই আহিল৷ মই বহু দিন দেখা নাছিলোঁ তাইক৷
আগতকৈ বহুত ওখ হ
, চুলিখিনিও দীঘল হল। বিব্লিক তাইৰ ওচৰত বহুত সৰু যেন লাগিব
এতিয়া৷ কথা-বতৰাও ডাঙৰ ছোৱালীৰ দৰে হ
ল৷ নয়নৰ গাতে আঁউজি বহি তাই মোক বিব্লিৰ কথা সুধিলে৷ 

ৰিয়া ওচৰত থকাৰ বাবেই মই
নয়নক
 অসুখৰ
কথা একো নুসুধিলোঁ৷ দুই চাৰিটা কথা পাতি মই আহিবলৈ ওলালোঁ৷ আহিবৰ সময়ত
  মাত্ৰ কৈ
আহিলোঁ আকৌ মুম্বাইলৈ যাব লগা হ’লে
  যাতে খবৰ এটা দিয়ে৷ মই এবাৰ
আহি যাম৷

এসপ্তাহ-দুসপ্তাহকৈ দিনবোৰ
পাৰ হৈ গ
ল৷ নয়নৰ বিষয়ে জানিবলৈ মন গলে মই আন কিবা কথা উলিয়াই তাৰ সৈতে কথা
পতাৰ চেষ্টা কৰোঁ৷ সি সদায় পতাৰ নিচিনাকৈ সৰু সৰু মাতেৰে কথাবোৰ পাতে৷ “তোৰ গাটো
এতিয়া কেনেকুৱা পাইছ
 বুলি সুধিবৰ মন যায়৷ আকৌ ভাবোঁ, ঠিকেইতো আছে কিয়নো মনত
পেলাই দিওঁ অসুখৰ কথা
?

দুমাহমানৰ পাছত এটা খবৰ আহিছিল, নয়নৰ অফিচতে কাম কৰা
নম্ৰতাৰ মাহীয়েকৰ ল
ৰা
অৰ্ণৱৰ পৰা। নয়নক নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰাইছে৷ মুম্বাইলৈ নিবলৈ ওলাইছিল৷
কিন্তু নাই৷ নিব পৰা অৱস্থাত নাই৷ সেয়ে ডক্টৰে ইয়াতে ভৰ্তি কৰাবলৈ কৈছে৷

নম্ৰতাও মোৰ লগতে যাবলৈ
ওলাল৷ তাই দুসপ্তাহ আগতে ৰিয়াৰ বাৰ্থডে
ৰ দিনা ফ’ন কৰিছিল শ্ৰেয়ালৈ৷ কিন্তু কতা একো তেনেকৈ কোৱা নাছিল দেখোন৷

স্পিটেল আহি পাই এঘণ্টামান সময় বাহিৰতে ৰব লগা হল৷ ভিজিটিং আৱাৰ্ছ চাৰি বজাৰ পৰা৷

কোঠাটো আহল-বহল৷ বিছনাৰ
শিতানৰ ফালে দুখলপীয়া টেবুলখনত এসোপা দৰৱ
, ছিৰিঞ্জ, এফালে এটা সৰু ফ্ৰীজ এটেণ্ডেণ্টৰ বিছনাৰ লগতে দুই-তিনিখন
চকীও আছে৷ নয়ন ওপৰমুৱাকৈ শুই আছিল৷ তাৰ বায়েক
  শিতানত থিয় দি  মূৰটো মোহাৰি
আছিল৷ আৰু দুই-এজন মানুহ ওলোৱা সোমোৱা কৰি
 আছিল৷ নয়নৰ বায়েক ৰুণা
বাইদেউ
 আহি মোৰ
কাষৰ চকীখনত বহিছিলহি৷ একো কথা নাই৷ নোকোৱাকৈয়ে যেন সকলো কোৱা হৈ গৈছে৷ বুজি
উঠিছিলোঁ যে কেতিয়াও ঘুৰি নাহে নয়নৰ চ
ৰাঘৰৰ প্ৰাণচঞ্চল মুখৰ সন্ধিয়াবোৰ৷ কিতাপৰ শাৰীৰ মাজে
মাজে থকা
  চিত্ৰবোৰৰ
দৰে ৰং-তুলিকাৰে ভাস্বৰ হৈ নুঠে মোৰ প্ৰিয় বন্ধুৰ জীৱনচৰ্যা৷

শ্ৰেয়াৰ মুখামুখি হবলৈ মোৰ এক প্ৰকাৰ ভয় লাগি আছিল৷ আগৰ বাৰ
ঘৰলৈ আহোঁতে তাইৰ বিবৰ্ণ মুখখন
, বিভ্ৰান্ত
চালচলনবোৰ মনত আছিল

শ্ৰেয়া ক?” নম্ৰতাই
সুধিলে৷
 

বায়েকৰ কথাৰ পৰা গম পালোঁ
শ্ৰেয়াৰ অৱস্থা খুবেই বেয়া৷ মানি ল
ব পৰা নাই এই সত্যটো৷ নয়নক হেনো শুশ্ৰূষাও তাই কৰিব
পৰা নাই৷ মাক-দেউতাকৰ বয়স হৈছে
 লগতে এনেকুৱা এটা অভাৱনীয় আঘাত৷ ৰিয়া-ৰোহণ
সৰু৷
  ডক্টৰৰ
লগত কথা-বতৰা পাতিব পৰা হোৱা নাই৷ সেয়েহে এতিয়া বায়েক-ভিনি
হিয়েক দুয়ো থাকি লবলগা হৈছে৷

কটনৰ শাৰীৰ আঁচলটো চকুলৈ
নিলে ৰুণা বাইদেৱে৷ চিকিৎসক এজন সোমাই আহিল৷ মই বাহিৰলৈ ওলাই বাৰাণ্ডাত থিয়া-থি
কৰি থাকিলোঁ

নয়নৰ শেষ বিদায়ৰ দিনটোতো মই
তাতেই আছিলোঁ৷ বুকু চপৰিয়াই কান্দিছিল তাৰ অশীতিপৰ মাক-দেউতাকে৷ ৰিয়া-ৰোহণ জুপুকা
মাৰি গৈছিল৷ আগৰ দিনকেইটাত পৰিস্থিতি চম্ভালি থকা ৰুণা বাইদেৱো যেন অৱশ হৈ পৰিছিল৷
  কেঁচা
সূতাৰ চুৰিয়াখন পিন্ধা শুদা গাৰ ৰোহণক দেখি ৰুণা বাইদেউ মূৰ ঘূৰাই পৰি গৈছিল৷

খবৰ কৰিবলৈ যোৱা সকলোৰে আগত
শ্ৰেয়াই কৈছিল শহুৰেক-শাহুৱেকৰ বিয়াৰ আজি পঁচপন্ন বছৰ
  এদিনলৈকে এৰা-এৰি হোৱা নাই৷
তাইৰ মাক-দেউতাকো বিয়াৰ পঞ্চাছ বছৰ পাৰ হোৱালৈকে ইমান ভালকৈ আছে৷ মাত্ৰ নয়নহে তাইক
অকলশৰীয়া কৰি আঁতৰি গ
ল৷  কিয় তাইৰ
এনেকুৱা হ
ল বাৰু? দুবছৰ আগতে ৰুণা বাইদেউৰ
ভিনদেউৰ ইমান যোৱা-থোৱা হৈ গ
ল। চেন্নাইলৈ নি এঞ্জিঅগ্ৰাফি কৰোৱা, ফ্লাইটত
নটা ছিটৰ টিকেট কাটি লৈ যোৱা… এই সকলো দেখোন নয়নেই কৰিছিল৷ সকলোকে সহায় কৰি থকা
মানুহজন কিয় আঁতৰি গ
?

মানুহে কি উত্তৰ দিব? সকলো
ৰোগৰ প্ৰতিকাৰ চিকিৎসা বিজ্ঞানৰ ওচৰত যে নাই
 সেই কথা সাধাৰণ মানুহেই
বুজি পায়৷

শ্ৰাদ্ধৰ দিনা ৰাতিপুৱা
ৰুণা বাইদেউ কিছু সময় মোৰ কাষতে বহিলহি৷ মানুহ দুনুহ আহিবলৈ লোৱা নাই তেতিয়াও৷

এমাহতে ছমহীয়া, বছৰেকীয়াখিনিৰ লেঠা মাৰি
দিম বুলি ভাবিছোঁ বুজিছা৷ ল
ৰাটোৰ পঢ়া-শুনাৰ কথাও আছে৷ মা আৰু দেউতাক কিছু দিনৰ বাবে
ময়েই লৈ যাম৷ শ্ৰেয়াইচোন নিজকে চম্ভালিব পৰা নাই৷ মাহঁতকনো কেনেকৈ এৰি যাওঁ তাইৰ
লগত
?”

মই কি কম ভাবি নাপালোঁ৷

তাইক মই কালি বুজাইছিলোঁ, এতিয়াৰ পৰা তাই লৰা-ছোৱালীহালৰ কথা বেছিকৈ ভাবিব লাগিব৷
মাক-দেউতাক দুইজনৰ দায়িত্ব অকলে ল
ব লাগিব, তাই কি কলে জানানে?”

মই বাইদেউৰ মুখলৈ চাইছিলোঁ৷

কৈছে, ‘মোৰ দায়িত্ব কোনে ল?’  কি
ছোৱালী চোৱাচোন৷ দুটা
 growing  ৰা-ছোৱালীৰ মাক তাই!

মই পেটে পেটে আচৰিত হলোঁ৷ স্কুলত থকাৰ পৰাই পাই আহিছো ৰুণা
বাইদেউক৷ কাহানিও কাৰো কথাই বেয়াকৈ কোৱা শুনা নাই৷ নয়ন বাইদেউৰ বৰ মৰমৰ৷ শ্ৰেয়াকো
নিজৰ ভনীয়েকৰ দৰেই ভাবে৷ তেনে স্থলত আদ্যশ্ৰাদ্ধৰ স্থলীত শ্ৰেয়াৰ কথা তেনেকৈ ক
লে! তাইৰ দুখ নুবুজিবৰ  জোখাৰে
ৰুণা বাইদেউ কঠুৱা নহয়৷ কিহে তেওঁৰ ইমান খং তোলাইছে
?

আচলতে বুজিছা ইয়াৰ গাতেই দোষ; তাইৰ গাত আজি ইমান দিন এটা
আঁচোৰো পৰিবলৈ নিদিলে
 তাইতো চাকৰিও কৰিছিল৷ বাছত যাব লাগে
বুলিয়েই চাকৰিও এৰিলে৷ সেইখিনি সময়ত সি এছ ডি অ
 আছিল৷ তাইক বেলেগে গাড়ী এখন
কিনি ড্ৰাইভাৰ ৰাখি দিব পৰাটো সম্ভৱ নাছিল৷ ইমান কষ্ট কৰিব নোৱাৰি বুলি তাই পাৰ্মানেণ্ট
চাকৰিটো
 এৰি
দিলে৷ সি একো নক
লে৷
যেতিয়াই
  মন যায়
কাপোৰ কিনে
, ফুৰিবলৈ যায়, ঘৰত পাৰ্টি দিয়ে৷ যি কৰ কৰি
থাক বুলি সি এৰি দিলে৷ সি
 চাকৰিৰ
ইমান ব্যস্ততাৰ মাজতো ল
ৰা-ছোৱালীৰ
পঢ়াৰ খবৰ ৰাখে৷ ঘৰৰ সকলো লেঠা মাৰে৷ এতিয়া মানুহটোৱেই নোহোৱা হৈ গ
ল৷ এই অভাগা দুটা এতিয়া কেনেকৈ…” 

পুৰোহিতৰ ওচৰত বহি অস্ফুট
স্বৰেৰে মন্ত্ৰ পঢ়ি থকা ৰোহণলৈ চাই ৰুণা বাইদেউৰ কণ্ঠৰোধ হ
ল৷

চিন্তা নকৰিব বাইদেউ৷ আপুনি আছে, ভিনদেউ আছে৷ সকলো ঠিক হৈ
যাব৷

এইকেইদিন তাইৰ কথা শুনি শুনি মোৰ মূৰে কাম
নকৰা হৈছে বুজিছা৷
 পাকে
প্ৰতি খালী একেটা কথা
, ভিনদেউৰ অসুখ ভাল হৈ গল নয়নৰ কিয় নহ? মোৰ লৰা-ছোৱালীও ডাঙৰ হল৷ তাইৰ লৰা-ছোৱালী সৰু হৈ আছে৷ কি কৈছে  কি
বুজাইছে
, তাইহে জানে৷”

ৰুণা বাইদেউৰ মাতত কোনো খং, আক্ৰোশৰ চিন নাই৷ কেৱল এটা
বেদনাহত কণ্ঠ৷

সকাম-নিকাম হৈ যোৱাৰ পাছত কিছু দিনলৈ শ্ৰেয়াহঁতৰ খবৰ পোৱা নাছিলোঁ৷ নয়নৰ পাবলগীয়া
টকা-পইচাৰ সংক্ৰান্তত অৰ্ণৱে মাত্ৰ এদিন ফ’ন কৰি কিবা কেইটামান কথা জানিব
খুজিছিল৷
 

দুদিনমানৰ পাছত কামখিনি হৈ
ল বুলিও গম পালোঁ৷ নয়নে
হেনো অসুখ আৰম্ভ হওঁতেই সকলো চিজিল কৰি থৈছিল৷ নয়নৰ জি পি এফ
, লীভ এনকেশ্বমেণ্ট, গ্ৰেছুইটি  সকলো
মিলি সাম্ভাৱ্য অংক এটা অৰ্ণৱে ক
লে৷ ইঞ্চিউৰেঞ্চো আছিল হেনো তাৰ বহু লাখ টকাৰ৷ মই অৱশ্যে
সেইবোৰলৈ আগ্ৰহ নেদেখুৱালো৷

নয়নৰ লগতে আমাৰ স্কুলৰ
বন্ধুবিলাকৰ এটা ৱাট্ছআপ গ্ৰুপ আছিল৷ গ্ৰুপটোৰ কোনোবাই কেতিয়াবা নয়নক মনত পেলাই
কিবা এটা কয়৷ নয়নৰ ফ’নৰ পৰা শ্ৰেয়াই মাজে মাজে কিছুমান ফট’ আপল
ড কৰে৷ বেছিভাগেই নয়ন আৰু তাইৰ যুগ্ম ফট’৷
বুজি পাওঁ তাইৰ খুব কষ্ট হৈছে৷ হঠাতে অহা এই ধুমুহাটো তাই চম্ভালি ল
ব পৰা নাই৷ শ্ৰেয়াৰ হাতত ফ’নটো থকাৰ বাবে
আমিও অলপ সাৱধান হ
লোঁ৷
প্ৰয়োজনীয় কথাৰ বাহিৰে
  লঘু কথা
শ্বেয়াৰ কৰা বাদ দিলোঁ৷

ৰিয়াৰ  হায়াৰ
ছেকেণ্ডেৰি ৰিজাল্টৰ পাছত মাত লগাওঁ বুলি নম্ৰতা মই দুয়ো আহিছিলোঁ৷ কিন্তু
মাক-জীয়েক দুয়ো কোনোবা ফালে ওলাই গ
ল বাবে লগ নাপালোঁ৷ ক্লাছ টেনত পঢ়া ৰোহণ আছিল ঘৰত, আমাৰ লগত কিছু সময় বহি
সিয়েই কথা পাতিলে৷ বিজুৱে সদায় কৰাৰ দৰে চাহ কে
ক্, কটা নিম্কি
খুৱালে৷ বায়েকক বাংগালোৰৰ এখন ব্যক্তিগত খণ্ডৰ কলেজত এড্মিছন দিয়া বুলি ৰোহণে
  লে৷  কলেজ কোনখন  সি ইমান
ভালদৰে নাজানে৷ মাত্ৰ জানে তাত ফীজ বহুত বেছি৷ দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ মন আছিল
ৰিয়াৰ৷ নয়নেও তাকেই ভাবি থৈছিল৷ কিন্তু অলপ দিনৰ ভিতৰতে চব ওলট-পালট হৈ গ
ল৷  দিল্লী বিশ্ববিদ্যালয়ত ছিট
পাবৰ জোখাৰে নম্বৰ নাপালে ৰিয়াই৷

ককাআইতা ক?”

ককাআইতা শিৱসাগৰৰ ঘৰলৈ গল৷”

এ হয় নেকি? কেতিয়া?

বহু দিন হল৷ বৰ্ত্তা আহি লৈ গলহি৷”

ৰোহনৰ মাতটোত এটা ৰিক্ত
হতাশাৰ সুৰ৷ ককাকৰ বৰ মৰমৰ আছিল সি৷
 

সি টেনিচ ক্লাবলৈ যাবলৈ
ওলাল৷

কিহত যাবা?”

ড্ৰাইভাৰ দাদাজন আছে নহয়৷ গাড়ীতে যাম৷
ৰোহণৰ পৰাই গম পালোঁ দুখন গাড়ীৰ
 এখনত সিহঁত দুটাৰ স্কুল টিউশ্বন আৰু আনখন মাকে অলৈ-তলৈ যায়৷ দুইখনতে আগৰ ড্ৰাইভাৰ দুজনো আছে৷ শ্ৰেয়াৰ তাৰ
মানে ঘৰৰ কাম কাজত একো অসুবিধা হোৱা নাই৷ ভালেই৷

শ্ৰেয়াৰ ঘৰৰ পৰা ওলাই আমি ছুপাৰমাৰ্কেট
এখনত সোমালোঁ৷ কিবাকিবি কিনিবলগা আছিল৷ অলপ সময় ঘূৰোঁতেই দেখিলোঁ সমুখত দুগৰাকী
মানুহ৷ পিছফালৰ পৰা ধৰিব পৰা নাই৷ কিন্তু মাতকেইটা যেন চিনি পাওঁ৷ ছোৱালীজনী ঘূৰি
দিওঁতে চকুৱে চকুৱে পৰিল৷

শ্যামন্ত আংকল!” ৰিয়াৰ উচ্ছ্বসিত কণ্ঠ৷

শ্ৰেয়াই ঘূৰি চালে৷ জাঁপ
মাৰি অহাদি আহি নম্ৰতাক সাবটি ধৰাৰ দৰে ধৰিলে৷

আমি তোমালোকৰ ঘৰৰ পৰাই আহিলোঁ৷”

কি? ফ’ন এটা
কিয় কৰি নাহিলা
?”

নম্ৰতাই মোৰ ফালে চালে অলপ
অসহায় হৈ চোৱাৰ দৰে৷ আচলতে ওলাই অহাৰ আগতে মই কৈছিলোঁ ফ’ন কৰাৰ কথা৷ নম্ৰতাই হাক
দিলে৷
 নালাগে দিয়া৷ যাম বুলি গম পালে আকৌ কিবাকিবি কৰি থব৷ পাম চাগে ঘৰতেই৷ সিহঁত নাথাকিলেও
মাহীদেউ আৰু মহাদেউতো থাকিবই৷

আচলতে হঠাতে অহাটো হল৷ ৰোহণক লগ পালোঁ নহয়৷

শ্ৰেয়াই তাইৰ চুলিৰ ষ্টাইল
বেলেগ কৰিছে৷ পিন্ধনত শ্বৰ্ট কুৰ্তা আৰু জীন্ছ৷ মুখৰ চেহেৰাও আগতকৈ বেলেগ
 ৰিয়াই এটা শ্লিভলেছ টপ আৰু
আঁঠুৰ তলতে পৰা জীন্ছ৷ আঁঠুৰ ওপৰৰ অংশত ফটা ফটা৷ হাতৰ কেৰী বেগটোত বিভিন্ন
ডিজাইনৰ কাপোৰ-কানি
, আন বস্তু৷ খুব উচ্ছ্বসিতভাৱে
দুইজনীয়ে আমাৰ লগত কিছু সময় কথা পাতিলে৷
 

উভতি আহোঁতে প্ৰায়
গোটেইখিনি সময় নম্ৰতা মনে মনে আহিছিল৷

কি ভাবিছা?”

‘‘নাই, একো নাই৷”

অলপ ৰৈ আকৌ কলে, ৰোহণটোলৈহে মনত পৰি আছে৷

হুম”৷ 

প্ৰকাশ নকৰাকৈ যেন আমাৰ
দুয়োৰে মনত শ্ৰেয়াৰ প্ৰতি থকা নিশ্ছিদ্ৰ সমবেদনাৰ ঠাইত নাম নোহোৱা কিবাকিবি অনুভৱে
ভিৰ কৰিলেহি৷

আৰু কিছু দিন পাৰ হৈ গল৷ এদিন  পাচলিৰ বজাৰত কোনোবাই ভিৰৰ
মাজৰ পৰা মাত দিলে

“ছা

মই মুখলৈ চাওঁতে মাস্ক্খন
আঁতৰাই ক
লে

মই ছাৰ বিজু, নয়ন ছাৰৰ ঘৰত যে আছিলোঁ৷ মোৰ ঘৰ ইয়াৰ ওচৰতে৷

মই আকৌ এবাৰ  আকাশৰ
পৰা পৰিলোঁ৷ বিজুৰ বেলেগ
 এখন ঘৰ
থাকিব পাৰে বুলি যেন মই জনাই নাছিলোঁ৷ ৰিয়া কেঁচুৱা হৌ থাকোঁতেই তাই নয়নৰ ঘৰত কামত
সোমোৱা৷ ৰোহণকতো জন্মৰ পৰা তায়েই ডাঙৰ কৰিছে৷ অকলশৰীয়া ছোৱালীজনীয়ে সেইখন ঘৰকে
নিজৰ বুলি লৈ দৰমহাৰ টকাকেইটা ভায়েকৰ লগত থকা মাকৰ হাতত তুলি দিছিল৷ যাতে মাকে
ভাইবোৱাৰীয়েকৰ কেটেৰা-জেঙেৰা শুনিব নালাগে৷ আমাৰ গান-কবিতাৰ সন্ধিয়াবোৰত চাহ-পকৰিৰ
যোগান ধৰি থকা বিজুক দেখুৱাই নয়নে কেইবাদিনো কৈছিল,
  শ্বি ইজ মৰ দেন এ ছিষ্টাৰ টু মি৷” নম্ৰতাই কৈছিল, শ্ৰেয়াই
হেনো ঘৰ-সংসাৰৰ কোনো কথাতে মন পুতি লাগি থাকিব নোৱাৰিছিল৷ সেইবোৰক তাই বান্ধোন
বুলি ভাবিছিল৷ চাকৰি নকৰিলেও তাই সদায় গাড়ীখন লৈ ওলাই যায়৷ বজাৰত সোমায়
; লেডিজ ক্লাব, শ্বপিং মল নহলেবা লগৰ কাৰোবাৰ লগত ৰেষ্ট্যুৰেণ্টত খোৱা,  চিনেমা, পিকনিক একোৰে অন্ত নাই৷
ৰিয়া-ৰোহণক
 সময় মতে
স্কুললৈ পঠিওৱা
, টিউচনলৈ পঠিওৱা, ঘৰৰ বস্তু
সামৰা
, ৰন্ধা-বঢ়া সকলো বিজুৰ ওপৰত৷
সিহঁতৰ ভোক লাগিলেও বিজুমাহী
, বস্তু
বিচাৰি নাপালেও বিজুমাহী
, লগৰ বন্ধু-বান্ধৱী ফুৰিবলৈ
আহিলেও বিজুমাহী৷

ইমানখিনি জনাৰ পাছত তাইক মই
নুসুধিলেও বেয়া হ
ব তাইনো
কিয় গুচি আহিল৷ কিন্তু বিজুৱে নিজেই ক
লে

মই যোৱা মাহতে আহিলোঁ তাৰ পৰা৷ নাযাওঁ
আৰু৷”

কিয়?”

বাইদেৱেই কলে৷ মোৰো মন নগল থাকিবলৈ৷ ৰোহণ বাবাটোৰ মুখলৈ চায়েই
আছিলোঁ
 ছাৰ৷ মই অহাৰ দিনা সি খুব কান্দিলে৷ কি কৈছে জানে ছা? কৈছে  বিজুমাহী মই চাকৰি কৰিলে তোমাক আকৌ লৈ আহিম
চকুৰ
কোণত পানী লৈ বিজুৱে হাঁহিবলৈ যত্ন কৰিলে৷

হয় দিয়া তুমি কম কৰিলা জানো সিহঁতৰ কাৰণে?”

নিজৰ বুলি ভাবিছিলোঁ যে ছাৰ, সেই কাৰণেই এদিন বাইদেউক কৈছিলোঁদেউতাক ঢুকুৱাৰ এবছৰ
নোহোৱাকৈ ছোৱালীজনীক অ
ত-তত যাবলৈ দিব নালাগে৷ বাহিৰত খাবলৈও দিব
নালাগে৷ বাইদেউৰ খং উঠিল তাতেই৷ বহুত গালি দিলে৷ মোৰ খুব বেয়া লাগিল৷ সোতৰ বছৰ এটা
টান মাত নুশুনাকৈ আছিলো যে
 ছাৰ৷”

এইবাৰ দোপাট্টাৰ চুকটো চকুলৈ নিলে বিজুৱে৷ ৰোহণ বুলি  কিবা কব খুজিও  নোলাল মুখৰ পৰা৷

মই তাইৰ লগত কথা দীঘলীয়া
নকৰিলোঁ৷

আঠ মাৰ্চৰ দিনা আবেলি।
নম্ৰতা কলেজত এটা অনু্ষ্ঠানৰ পৰা আহি বাথৰুমত সোমাইছে৷ মই লেপটপটো খুলি অফিচৰ
ৰিপৰ্ট এটাৰ কাম কৰি আছোঁ
 কলিং বেলটো বজাত অলপ বিৰক্তই হলোঁ৷ উঠি গৈ দুৱাৰ খুলি দেখোঁ
শ্ৰেয়া৷ লগত ৰিয়াও আছে৷ হাতত এথোপা ফুল৷

ছাৰ প্ৰাইইইই জ! হাঁহি
হাঁহি ক
লে শ্ৰেয়াই৷

আও, কি মনত
পৰিলনো আজি
?”

আজি আঠ মাৰ্চতো৷ ইণ্টাৰনেশ্যনেল ৱিমেন্ছ
ডে
৷ ভাবিলোঁ দিনটো কটাম ৱিথ ছাম
ৰিয়েলি ব্ৰিলিয়াণ্ট আৰু টেলেণ্টেড
  ৱিমেন৷ ৰাতিপুৱা গলোঁ এগৰাকীৰ ওচৰলৈ৷ লাঞ্চ কৰিলোঁ আন
এগৰাকীৰ লগত৷ এতিয়া আহিছোঁ নম্ৰতা বাৰ ওচৰলৈ৷

মাক-জীয়েক দুইগৰাকীৰ
পৰিধানত টিক্টিকীয়া ৰঙা সাজ৷ প্ৰসাধন
, সাজসজ্জা ঠিক টিভি শ্বত ওলোৱাৰ দৰে৷ ইতিমধ্যে নম্ৰতাও বাথৰুমৰ
পৰা ওলাই আহিল৷

হাই নম্ৰতাবা, হেপী ৱিমেন্ছ ডে টু ছামৱান ৰিয়েলি স্পেশ্যাল টু মিই …”

হাতৰ ফুলথোপা আগবঢ়াই দিলে
নম্ৰতালৈ৷ ৰিয়াই ফট’ ল
লে হাতত
থকা আইফ’ন টেনৰ কেমেৰাৰে৷

মাক জীয়েকৰ পোছাক-প্ৰসাধন
দেখি নম্ৰতাই থত্মত্ খাইছিলেই৷ তাৰ ওপৰত সেই আকস্মিক সম্ভাষণত দস্তুৰমত অবাক হ
ল৷

আচলতে  কি জানে ফ’ন কৰি যোৱাৰ কথা
লে দেখোন সকলোৰে  কিবা এটা
লেঠাই থাকে৷ সেয়ে ভাবিলোঁ আজি ফ’ন নকৰাকৈয়ে যাওঁ৷”

মই সিহঁতক কথা পাতিবলৈ দি
সোমাই আহিলোঁ৷ সুধিবলৈ ইচ্ছা থকাটো নুসুধিলোঁ নয়নৰ মাক-দেউতাকৰ কথা৷ ৰিয়াৰ কলেজ
আৰম্ভ হৈছে নে তাকো নুসুধিলোঁ৷ সদ্য পিতৃহাৰা ল
ৰাটোক ঘৰত অকলে এৰি এনেকৈ কিয় ঘূৰি ফুৰিছে
সেইটোও নুসুধিলোঁ৷ বিজুক কিয় পঠিয়াই দিলে সেয়াও নুসুধিলোঁ৷ কাৰণ মই জানো এই
গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এটাই
 শ্ৰেয়াৰ অত্যধিক আত্মপ্ৰীতি৷ তাই নিজৰ
বাহিৰে কাকো ভাল পাব নোৱাৰে৷ নয়নকো তাই ভাল পোৱা নাছিল
তাই ভাল পাইছিল নয়নে উপহাৰ
দিয়া তাইৰ স্বচ্ছন্দ জীৱনটোকহে৷ সেই স্বচ্ছন্দতা হেৰাই যাব বুলিহে তাই ভয় খাইছিল৷