পৰিস্মিতা বৰদলৈ
‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ
এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি মাজি চিকচিকিয়া
কৰি তোলাটোও কি ৰেহালগা কথা!’
মই যেতিয়া তাইক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, তাইৰ
চকুত এহেজাৰ জোনাকী পৰুৱাই ভিৰ কৰি আছিল৷ এন্ধাৰ বৰণীয়া শৰীৰ এটাৰ অধিকাৰী হ’লেও
তাইৰ মনৰ ভিতৰত ইমানেই পোহৰ আছিল যে সেয়ে তাইৰ দুচকুক উজলাই ৰাখিছিল৷ ব্যস্ত
চহৰখনৰ কোনোবা এটা ডিটিপি চেণ্টাৰত তাই ডিটিপি অপাৰেটৰ হিচাপে কাম কৰিছিল৷ সেই
সময়ত প্ৰায়ে মোৰ চাকৰিৰ বিজ্ঞাপন বিক্ৰী কৰা, তাইৰ ডিটিপি চেণ্টাৰটোৰ কাষৰ ফ’টোক’পিৰ দোকানখনলৈ যোৱা হৈছিল আৰু সেই সূত্ৰেই তাইৰ লগত চিনাকি৷ সেই সময়ত স্মাৰ্টফোন ওলোৱাই
নাছিল৷ এতিয়াৰ দৰে ডাটা অন কৰিলেই গোটেই ভাৰস্তৰ চাকৰিৰ খবৰ হাতৰ মুঠিতে পাব পৰাকৈ
সুচল নাছিল সেই সময়৷ ক’বলৈ গ’লে সেই
সময়ত আজিৰ দৰে ভালেমান কথাই সুচল নাছিল৷ তথাপি সময়বোৰ জটিল নাছিল আজিৰ দৰে৷ সৰল
আছিল মানুহৰ জীৱনবোৰ,মানুহৰ মনবোৰ৷ হয়তো সেই সৰলতাখিনিৰ বাবেই তাই মোৰ বুকুতে নিগাজীকৈ ঘৰ এখন বান্ধি পেলাইছিল৷
সময় সলনি হ’বলৈ ধৰিছিল৷
মোৰো কামৰ তাগিদাতেই গৃহচহৰ এৰি মহানগৰমুখী হ’বলগীয়া
পৰিস্থিতি আহিছিল৷ আমাৰ দৰে মধ্যবিত্ত মানুহবোৰে সপোন নেদেখাকৈও নোৱাৰোঁ আৰু পূৰণ কৰিব নোৱাৰিলে বিকল্পৰ ব্যৱস্থা এটাও
ততালিকে কৰি পেলাব পাৰোঁ৷ সেই কাৰণেই চাগে আমি ‘যোগাৰত
ভাল’ বুলি আন এচামে কয় যি মধ্যবিত্ততকৈ দুঢাপমান ওপৰত৷ চৰকাৰী
চাকৰি এটাৰ পিছত লাগি ফুৰাতকৈ সদ্যহতে নিজে টুক-টাককৈ চলি থাকি দূৰ-সংযোগী পাঠ্যক্ৰমতে
মাষ্টাৰ্ছ ডিগ্ৰীটো ল’বলৈ ঠিৰাং কৰিছিলোঁ৷
মহানগৰীলৈ যোৱাৰ আগদিনা দুপৰীয়া সময়ত দিয়া দোপালপিটা বৰষুণজাককো আওকাণ কৰি কেৱল
তাইক লগ পাবলৈকে মই ঘৰৰ বাহিৰ হৈছিলোঁ৷ আচলতে তাইৰ
সৈতে কিবা এটা আত্মিক সংযোগ হয়তো আছিল যাক মই নুই কৰিব পৰা নাছিলোঁ৷ মই
যামগৈ বুলি ক’লত প্ৰথমবাৰৰ বাবে জোনাকী পৰুৱাৰ দৰে
তিৰবিৰাই থকা চকুহাল সেমেকি উঠিছিল৷ তাই কিবা এটা ভাবি কাগজ এটুকুৰা উলিয়াই মোৰ
ডিটিপি চেণ্টাৰৰ মালিকজনৰ নাম্বাৰটো লিখি দিছিল৷ লগতে কৈছিল, “মোৰ
মোবাইল নোহোৱালৈকে এইটো নাম্বাৰতে কল কৰিব৷ দোকানত দাদা থাকিলে কেতিয়াবা কথা
পাতিম৷”৷ মোৰ তেতিয়ালৈকে কথা পাতিব পৰা মোবাইল
এটা হৈছিল৷ তাইক মোৰ নাম্বাৰটোও লিখি দিছিলোঁ৷
সেইদিনা তাইৰপৰা বিদায় লওঁতে গম নোপোৱাকৈয়ে মোৰ দুগাল, ডিঙি আৰু কান্ধ ভিজি গৈছিল৷
জোনাকী পৰুৱাৰ দৰে চকুহালি যি মোৰ বাবে কাষৰ ফ’টোক’পিৰ দোকানৰপৰাই চাকৰিৰ
আৱেদনপত্ৰ কিনি ৰাখিছিল, মোৰ চাকৰি এটা যেন তাইৰো লাহে লাহে সপোন হ’বলৈ
ধৰিছিল৷ এনেকৈও নিঃস্বাৰ্থভাৱে যে কোনোবাই কাৰোবাৰ ভাল বিচাৰিব পাৰে হয়তো তাইক লগ
নোপোৱ হ’লে মই গমেই নাপালোহেঁতেন৷
এটাৰ পিছত এটাকৈ সপোনবোৰক কবৰ দিয়াৰ পাছত আচলতে তাইৰ হাতত জীয়াই
থাকিবলৈ কি বাকী ৰৈছিল তাই নাজানিছিল৷ নাজানিছিল যদিও তাই কিন্তু নিজকে জীয়ন দিবলৈ
বাদ দিয়া নাছিল৷ যিকোনো প্ৰকাৰে হ’লেও তাই মৰহি নোযোৱাকৈ ৰাখিছিল মনটোক৷ কিহেনো আচলতে
সাৰ-পানী দি ৰাখিছিল তাইৰ মনটোক সেয়া বুজাৰ সাধ্য মোৰ নাছিল৷ কিয়নো ভালেমান দিন- আচলতে
ভালেমান বছৰ, প্ৰায় এটা যুগ তাইৰপৰা আঁতৰত আছিলোঁ, তাইৰ সংস্পৰ্শ বা সান্নিধ্য বহু দূৰৰে
কথা, যোগাযোগো ক্ৰমান্বয়ে কমি আহি শেষত একেবাৰেই বিচ্ছিন্ন হৈ পৰিছিলোঁ আমি৷ এই বিচ্ছিন্নতা
তাইক পাহৰি থাকিবলৈ জৰুৰী আছিল নে পাহৰি থকাৰ বাবেহে বিচ্ছিন্ন হৈছিলোঁ আমি সেয়া জনা
নাছিলোঁ৷ কিন্তু তথাপি কিয় জানো তাইৰ বাবে যেন বুকুৰ ভিতৰেৰে এটা প্ৰাৰ্থনা নিৰৱচ্ছিন্ন সুৰ বৈ
আছিল, তেনেকুৱা লাগিছিল৷
বছৰ বাগৰাৰ লগে লগে জীৱনলৈও যথেষ্ট পৰিৱৰ্তন আহিছিল৷
হাতে হাতে স্মাৰ্টফোন আহিছিল৷ আহিছিল ফে’চবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম৷ থাওকতেই ইজনে
আনজনৰ খবৰ পোৱা গৈছিল৷ মন গ’লেই ভিডিঅ’ কলৰ
জৰিয়তে পৰা গৈছিল আপোনজনক চাই চাই তেওঁৰ সৈতে কথা পাতিব৷ মুঠতে সেই সময়ত বহুল প্ৰচলিত
এডভাৰ্টাইজ এটাৰ দৰেই “কৰ ল’
দুনিয়া মুত্থি মে” ধাৰণাটোৱেই সৰ্বব্যাপ্ত হৈ উঠিছিল৷ এনেকুৱা
দিনবোৰতেই এদিন হঠাৎ ম’বাইলৰ স্ক্ৰীনখন স্ক্ৰল কৰি থাকোঁতে মোৰ আঙুলি ৰৈ গৈছিল
চিনাকি মুখ এখনৰ ওপৰত৷ ৰীল্ এটাত নৃত্যৰতা মেকআপৰ মাজৰ সেই কোমল মুখখন বিচাৰি
উলিয়াওঁতে মোৰ এক ছেকেণ্ডো লগা নাছিল৷ হেৰোৱা কিবা এটা হঠাতে
পাই যোৱাৰ দৰেই অৱস্থা হৈছিল মোৰ৷ এনেকুৱা লাগিছিল মই সেইমাত্ৰই ম’বাইলৰ স্ক্ৰীন
ভেদি তাইক আকোঁৱালি লওঁ আৰু হেঁপাহ পলুৱাই কথা পাতোঁ৷ কিন্তু কথাবোৰ বাস্তৱিকতেই
সিমান সৰল নাছিল৷ তথাপি আনে আপলোড কৰা সেই নিৰ্দিষ্ট ৰীলটোৰ পম খেদি গৈয়েই
তাইক আৱিষ্কাৰ কৰি পেলাইছিলোঁ
তাইৰ ইনষ্টাগ্ৰাম একাউণ্টত৷ পৰম উৎসাহেৰে বিচাৰি উলিওৱাৰ পাছতেই তাইলৈ মে’ছে’জ কৰিছিলোঁ আৰু
অতি আগ্ৰহেৰে তাইলৈ বাট চাইছিলোঁ৷ প্ৰায় তিনিদিনলৈকে
তাইৰপৰা একো উত্তৰ নাপাই মোৰ দস্তুৰমত খং উঠিছিল, হয়তো জাগিছিল অলপ অভিমানো৷
চতুৰ্থদিনৰ দিনা ইনবক্সত এটা নাম্বাৰ আহিছিল৷ বেলেগ একো কথাৰ অৱতাৰণা নকৰাকৈ মাথোঁ
নাম্বাৰটো দিছিল তাই আৰু লিখিছিল ‘ফোন কৰিব’৷
মোৰ মন গৈছিল সেই মুহূৰ্ততেই তাইলৈ যেন ফোন কৰিম আৰু তাইৰ ঠিকনা সুধিম যেন পৃথিৱীৰ য’তেই
নাথাকক তাইক মই বিচাৰি উলিয়াম৷ কিন্তু অফিচৰ ব্যস্ততাত মনটোক গধূলিলৈকে বান্ধি ৰাখিলোঁ আৰু
অফিচৰপৰা ওলায়েই অ’ভাৰব্ৰীজৰ ওপৰতে বহি পকেটৰপৰা ম’বাইলটো উলিয়াই ডায়েল কৰিলোঁ৷
ইফালৰপৰা হেল্ল’ হেল্ল’ কৰি
কাট খাই গ’ল৷ হেল্ল’
শব্দটোতকৈ খুব জোৰেৰে বাজি থকা মিউজিকৰ শব্দইহে মোৰ কাণ তাল মাৰি ধৰিলে৷ অন্যথা
ফোনটো বিচ্ছিন্ন কৰিলে৷ ভাবিলোঁ আৰু
এবাৰ কৰা যাওক নেকি! তাৰ পাছত সেই ইচ্ছাক একাষৰীয়া কৰি চিগাৰেট এটা জ্বলাই ল’লোঁ
আৰু নেট অন কৰিলোঁ৷ টিলিং টালাংকৈ অহা এসোপা ন’টিফিকেচনৰ শব্দই বিৰক্তি জন্মালে
যদিও তাইৰপৰা অহা এটা মেছেজে আশ্বস্ত কৰিলে ‘কল য়ু লে’টাৰ’।
মেছেজটো পোৱাৰ পাছত মোৰ অপেক্ষাৰ বাদে বিকল্প নাছিল৷ সেয়ে আধাহোপা চিগাৰেটটো জোতাৰে মোহাৰি মই উভতি খোজ লৈছিলোঁ গাড়ীখন ৰখাই থোৱা ঠাইলৈ৷
নিশা হয়তো দুইমান
বাজিছিল তেতিয়া৷ ম’বাইলটো হঠাৎ ভাইব্ৰেট কৰি উঠিল আৰু মই খপজপাই সাৰ পাই চিনাকি নামটো
দেখি ৰিচিভ কৰিলোঁ৷ সেই গভীৰ নিশাত অত বছৰৰ মূৰত শুনিবলৈ পোৱা চিনাকী মাতষাৰে যেন মোক
লৈ গৈছিল আৰু গভীৰলৈ৷ সিদিনা বেছি কথা নহ’ল আমাৰ৷ মাত্ৰ ৰবিবাৰৰ কোনোবা এটা আবেলিত
আমি লগ হোৱাৰ ঠিৰাং হ’ল৷
কমলাবুলীয়া আকাশখনে নৈৰ কজলা পানীখিনিত পেইণ্টিং এখন
সৃষ্টি কৰা চাই চাই সিদিনা আমি এটা সন্ধ্যা কটাই দিলোঁ পিপলজোপাৰ তলৰ বেঞ্চখনত৷ তাইৰ
মে’কআপেৰে আৱৰি ৰখা মুখখন নিৰাভৰণ হৈ পৰিছিল মোৰ সন্মুখত৷ মাজে মাজে টিচু পে’পাৰেৰে
গাল আৰু চকুৰ কোণ দুটা হেঁচা মাৰি ধৰা তাই এটা সময়ত হুকহুকাই কান্দি পেলাইছিল মোৰ
আগত৷ মই বাধা দিয়া নাছিলোঁ৷ ভাবিছিলোঁ বৈ যাওক তাইৰ দুখবোৰ চকুলো হৈ সৌ নৈখন বৈ
যোৱাৰ দৰেই৷ কান্দি কান্দি এটা সময়ত তাই শান্ত হৈছিল, হয়তো অত বছৰে গাপ দি ৰখা
কষ্টবোৰে মুকলি হ’বলৈ পাই উশাহ পাইছিল৷ মই জানিছিলোঁ তাইৰ
আঘাতবোৰ মই নোহোৱা কৰিব নোৱাৰিম৷ নোৱাৰিম হেৰাই যোৱা সপোনবোৰক পুনৰ তাইৰ দুচকুত আঁকি
দিব, কিন্তু যি বাটেৰে তাই বৰ্তমান বাট বুলিছে তাৰপৰা ওভতাই অনাটো মোৰ দায়িত্ব, অন্ততঃ
তেনেকুৱাই অনুভৱ হৈছিল সেই সময়ত মোৰ৷
আচলতে আঘাতৰ চোক কিমান বেছি হ’লে
চিঞৰবোৰ নিৰৱতালৈ পৰিণত হয় সেয়া কেৱল ভুক্তভুগীয়েহে জানে৷ তাইৰ দৰে সদা হাস্যমুখৰ
ছোৱালীজনীৰ এই নিমাত ৰূপ মোৰ সহ্য হোৱা নাছিল৷ মই তাইক প্ৰথম লগ পাওঁতে মাত্ৰ
জানিছিলোঁ অসুখীয়া মাক-দেউতাকৰ সৈতে তাহাঁতৰ তিনিজনীয়া পৰিয়ালটিৰ ভৰণ-পোষণৰ দায়িত্ব
স্ব-ইচ্ছাৰেই মূৰ পাতি লোৱা তাই এগৰাকী স্বাৱলম্বী তথা স্বাভিমানী ছোৱালী৷ উচ্চতৰ
মাধ্যমিকলৈকে পঢ়া-শুনা কৰা তাই আৰু আগুৱাবলৈ সুবিধা বা পৰিৱেশ এটাও পোৱা নাছিল৷
পিছে তাকে লৈ তাইৰ আক্ষেপ বা অভিমান কোনোটোৱেই নাছিল৷ জীৱনৰ বাটত বাট বুলিবলৈ শিকি
লৈছিল তাই৷ কিন্তু হঠাতে মাত্ৰ দুটা বছৰৰ পূৰ্বে অহা সেই কালিকা লগা সময়ে তাইৰ মূৰৰ
ওপৰৰ আকাশখন আৰু তাইৰ ভৰিৰ তলৰ পৃথিৱীখন ছাৰখাৰ কৰি পেলালে৷ ক’ভিড-১৯ নামৰ
ৰাক্ষসটোৱে মাত্ৰ দুটা ৰাতিৰ ভিতৰতে মাক-বাপেকক যেতিয়া একোটা শৱলৈ পৰিণত কৰিলে, তাই
দুচকুৰ আগত এটা বৃহৎ শূন্যৰ বাদে একো বিচাৰি পোৱা নাছিল৷ তাইৰ এনে লাগিছিল তাইৰ
জীয়াই থকাৰ আৰু কোনো অৰ্থই বাকী ৰোৱা নাই৷ যাৰ বাবে তাই কষ্টবোৰক কষ্ট নুবুলি হাঁহিমুখে
জীৱনক গ্ৰহণ কৰিবলৈ শিকিছিল, যাৰ বাবে অহৰ্নিশে হলাহল পান কৰিও অমৃত নিগৰাবলৈ
সক্ষম হৈছিল মুখেৰে, সেই দুইজনেই যেতিয়া নাথাকিল, তাই কি কৰিব, কাৰ বাবে জী থাকিব!
তেনেকুৱা কিছু দোমোজাৰ মাজত দুলি থাকোঁতেই তাইৰ চিনাকি হৈছিল মালাইকা দিৰ সৈতে, চকুত
ডাঠকৈ আইলাইনাৰ অঁকা ডাঙৰ চকুৰ মানুহজনীয়ে যেন তাইক কিবা মোহিনী বাণহে মাৰিছিল৷
তাই গুচি আহিছিল মাক-বাপেকৰ ভেটিটো এৰি, শূন্যতাবোৰ এৰি (নে আচলতে বুকুত বান্ধি!)
মালাইকা দিৰ সৈতে৷ তাইৰ ওচৰত আগৰ চাকৰিটোও নোহোৱা হৈছিল৷ ক’ভিডৰ বাবে দোকান-পোহাৰবোৰ বন্ধ হৈ গৈছিল৷ তথাপি মালাইকা দিৰ কৃপাতে তাই দুবেলা দুসাজ খাবলৈ পাই আছিল৷
পুৱাতে ওলাই যোৱা মালাইকা দি যেতিয়া ৰাতি দুপৰত ঘৰ সোমায়হি তাই তেতিয়া টোপনিত
লালকাল দিয়ে৷ দিনবোৰ গৈ আছিল তেনেকৈয়ে৷ তথাপি তাইৰ মনত মালাইকা দি প্ৰতিদিনে
ৰহস্যময়ী হৈ ধৰা দিছিল৷ এদিন দুপৰীয়াতে মালাইকা দি এজন মানুহক লৈ ঘৰ সোমাইছিল৷ কোনো
কথাৰ অৱতাৰণা নকৰাকৈয়ে তাইৰ ওচৰত মানুহটো ৰাখি মালাইকা দি ফোঁ-ফোঁৱাই গুচি গৈছিল৷ সেই নিজম দুপৰীয়াটো ঘৰ্মাক্ত আৰু বিষাক্ত হৈ পৰিছিল৷ মানুহটোৰ হেঁচাত তাই চেপেটা
লাগিছিল৷ চকুপানী আৰু যন্ত্ৰণাত তাই উঠিব পৰা নাছিল৷ পৰি ৰৈছিল কোঠাটোৰ এচুকত৷
গধূলিলৈ মালাইকা দি আহিছিল আৰু তাই খুব জোৰেৰে থু মাৰি পঠিয়াইছিল মালাইকা দিৰ মুখৰ
ফালে৷ মালাইকা দিয়ে তাইৰ চুলিকোছাত ধৰি ঘটালি দিছিল আৰু কৈছিল, “ৰে…,
ফ্ৰিতে দুইবেলা পেট ভৰাই খাবলৈ পাম ভাবিছিলি৷ মই আনৰ লগত শুই শুই তাইক খোৱা যোগাৰ
দি থাকিম আৰু তাই মহাৰাণীয়ে ফস্তি মাৰি শুই থাকিব আৰামত৷” তাই
আৰু ৰৈ থকা নাছিল আৰু গুচি আহিছিল একেবাৰে।
আৰু এতিয়া তাইৰ পৰিচয় এগৰাকী ‘বাৰগাৰ্ল’৷
ভিন্ন বেশভূষাৰে সজাই আনক ৰং-ৰহইচ দিয়া ছোৱালীজনীৰ ভিতৰখন ৰংহীন৷
তাইৰ কথাবোৰ শুনি
মই মুক হৈ পৰিছিলো৷ কিন্তু মনে মনে প্ৰতিজ্ঞা কৰিছিলো এই নৰকৰপৰা তাইক মই উদ্ধাৰ
কৰিম,কৰিবই লাগিব৷
… যোৱা এটা মাহে যথেষ্ট যুঁজ-বাগৰ কৰিবলগীয়া হৈছে তাই নিজৰ
বিবেকৰ ওচৰত৷ তাইক সেই সন্ধিয়াটোৰ পাছত একেবাৰেই মোৰ ওচৰলৈ লৈ আনিছিলোঁ৷
তাই প্ৰথমে থেৰোঁ-গেৰোঁ নকৰা নহয়৷ কিন্তু মোৰ ওপৰত অত বছৰে ৰাখি অহা সেই আস্থা আৰু
নামহীন ভালপোৱাই শেষত তাইক মান্তি কৰোৱাইছিল মোৰ সৈতে গুচি আহিবলৈ৷ পিছে তাইৰ এষাৰ
কথাই মোক বান্ধি পেলাইছিল, “মই আপোনাক
বিশ্বাস কৰোঁ৷ সেয়ে আপোনাৰ কথামতেই আপোনাৰ ওচৰলৈ আহিছোঁ হয়৷ কিন্তু মোৰ থকা–খোৱাৰ
নামত যি খৰচ হয় সেয়া মই নিজেই বহন কৰিম, অন্ততঃ যিমান
দিনলৈ আপোনাৰ লগত থাকিম৷” মই বুজি পাইছিলোঁ সেইষাৰ তাইৰ আগৰ অভিজ্ঞতাৰপৰা হোৱা শিক্ষাৰ ভিত্তিত কোৱা কথা৷ মালাইকা দি নামৰ
চৰিত্ৰটোৱে দি যোৱা সেই ক্ষতক তাই কোন সতেৰে পাহৰিব পাৰে! এয়া সঁচা যে তাই আজিও
স্বীকাৰ কৰে ভুল তাইৰ আছিল৷ দুষাৰ মৰমসনা মাততে তাই গলি গৈ গুচি আহিছিল মালাইকা
দিৰ সৈতে, তাকো নিজৰ পিতৃ-মাতৃৰ ভেঁটিটো এৰি৷ হয়তো সেই সময়খিনিত বয়স আৰু অভিজ্ঞতা
উভয় দিশৰেপৰাই তাই অপৈণত আছিল বাবেই সেই ভুল সিদ্ধান্ত লোৱা
গৈছিল, কিন্তু আজি তাইৰ সেই ভুল নহয়৷ তাইক
আশ্বস্ত কৰিবলৈকে মই তাইৰ কথাত হয়ভৰ দিলোঁ যদিও মোৰ ভিতৰি ভিতৰি শংকা এটাও নোহোৱাকৈ থকা
নাছিল৷ কিজানিবা তাই পুনৰ…
পিছে মোৰ ভাৱনাত যতি পেলাই তাই কৈ উঠিছিল, “আপুনি
চিন্তা নকৰিব৷ মই ভুল পথত ভৰি নথওঁ৷ কিবাকিবি হাতৰ কাম শিকিছিলোঁ মই৷ তাকেই কামত
লগাব পৰা যাব৷ আপোনাৰ সহযোগিতা লাগিব মাত্ৰ৷” মই
হাঁহি পেলাইছিলোঁ৷ কিন্তু তথাপি আন এটা সুন্দৰ পৰিকল্পনাই পোখা মেলিছিল মোৰ
কল্পনাত৷
মোৰ নয়ডাত থকা অনুলেখা বাইদেউলৈ মনত পৰিছিল৷ অনুলেখা বাইদেউৰ
সৈতে মোৰ তেজ-মঙহৰ সম্পৰ্ক নাই সঁচা কিন্তু আমাৰ মাজৰ যি আত্মিক টান সিয়েই আন কোনো
সম্পৰ্কৰ লগতে ফেৰ মাৰিব নোৱাৰে৷ বৰ নাটকীয়ভাৱে বাইদেউক লগ পাইছিলোঁ মই৷ সেই
নাটকীয়তাই পাছলৈ ৰূপ লৈছিল গাঢ় আত্মীয়তাৰ৷ অনুলেখা বাইদেউ যেন এছাটি জুৰ মলয়াৰ দৰে
কোমল, জোনাকৰ দৰে স্নিগ্ধ, কোনো কলুষতাই যেন চুব নোৱাৰিব সেই মহান ব্যক্তিত্বক৷
বৌদ্ধ দৰ্শনত বিশ্বাসী বাইদেৱে জীৱনৰ দুখ-বেদনাবোৰৰ সৈতে জীয়াই থাকিবলৈ আৰু জীৱনক মহাৰ্ঘ্য কৰি তুলিবলৈ সদায়ে প্ৰেৰণা যোগাই থাকে৷ বাইদেউহঁতৰ এটা এন জি অ’ আছে
যি সমাজৰ হিতাৰ্থে বিভিন্ন ধৰণৰ আঁচনি হাতত লয়৷
বাইদেউৰ সৈতে তাইৰ বিষয়ে মোৰ যেতিয়া
কথা হৈছিল, তেওঁ তাইক এন জি অ’-ৰ সৈতে সংযুক্ত
কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷ মই যেন পৰম স্বস্তি পাওঁ৷ তাই মোৰ মৰমৰ তথা আদৰ্শ
বাইদেউ এগৰাকীৰ সৈতে থাকিব তাতকৈ ভাললগা কথা একোৱেই হ’ব
নোৱাৰে! কিন্তু এইখিনি কথাকে তাইক বুজাবলৈ যথেষ্ট কঠিন হৈছে৷ এবাৰ
সাপে খালে লেজুলৈকো ভয়৷ এবাৰ যাক বিশ্বাসভংগৰ আঘাতে কোঙা কৰিছে তেওঁ দুনাই আনক বিশ্বাসত
লয়নো কেনেকৈ! কিন্তু তাইৰ মোৰ ওপৰত থকা গভীৰ আস্থাই অৱশেষত সিদ্ধান্ত লোৱাত সহায়
কৰিলে৷ অৱশেষত তাই সুখী সুখী মন এটাৰে ওলাবলৈ মান্তি হ’ল
নয়ডালৈ৷ সিদিনা আকস্মিকভাৱে মোক লগ পাই
যাওঁতেও তাই কৈছিল, “আপুনি জানেনে কিয় জানো সকলো সপোন মৰি শৱ
হোৱাৰ পাছতো মোৰ বাবে জীৱনটো নতুনকৈ সজোৱাত সহায় কৰিবৰ বাবে ক’ৰবাত
নহয় ক’ৰবাত কোনোবা এজন আছে বুলি বিশ্বাস আছিল৷
সেইবাবেই চাগে মই জীয়াতু ভুগি আছিলোঁ যদিও মৰি যোৱা
নাছিলোঁ৷ বিশ্বাস আছিল এদিন নহয় এদিন মই ফুলি
উঠিমেই৷ এতিয়া চাওক মই আপোনাক লগ পাই গ’লোঁ৷ এতিয়া আৰু মোৰ
চিন্তা নাই৷” মোৰ ওপৰত তাই ৰখা আস্থা আৰু বিশ্বাসে
মোক দুগুণ সাহসী কৰি তুলিছিল৷
তাই ফুলি উঠিবৰ বাবে অন্ততঃ সাৰ-পানী অলপমান যোগাৰ
কৰি দিবলৈকে নিজকে বদ্ধপৰিকৰ কৰিছিলোঁ৷ যেন সুদূৰ
নয়ডাৰপৰা এখন তপোবনে তাইক হাত বাউল দি মাতি আছে য’লৈ
আমি এতিয়া উৰণ ধৰিছোঁ৷ পিছে এই মুহূৰ্তত তাইক অত বছৰে ক’ব
নোৱৰা, আচলতে হয়তো নিজকো নিজে কোনোদিনে সুধি নোচোৱা কথাষাৰো কৈ দিবলৈ মন
গৈছে৷ কৈ দিবলৈ মন গৈছে যে শতসহস্ৰ মৃত সপোনৰ মাজতো যিয়েই তাইক জীয়ন দি ৰাখিলে
সেয়া হয়তো এখিনি সেউজীয়া আছিল, যিখিনি আজিৰপৰা বহু বছৰৰ আগেয়ে ঠিক তাইৰ দুচকুত
জোনাকী পৰুৱাৰ ভিৰ দেখা দিনবোৰতে দুয়োৰে হৃদয়ৰ অটলত গভীৰভাৱে শিপাইছিল আৰু যাৰ ৰং
আজিও তিলমানো ম্লান পৰা নাই৷
ফোন : ৯১০১৩০৪৫৯০
