এটা ভৰুণ দুপৰৰ ‘ৰাইটাৰ্লি’ কথকতা

 ভাস্কৰ
জ্যোতি নাথ

 

কপৌৱে ৰুণ দিয়া
এটা ভৰুণ দুপৰীয়া৷ ৰদে জলমল পৃথিৱী৷ গল্পটো লিখিবলৈ লৈ মোৰ হঠাতে  ষ্টক হাউচেইনলৈ মনত পৰি গ
ল৷  কেনেকুৱা হব পাৰে বাৰু
হাউচেইনৰ ন
টছবোৰ ? শ্ৰোতাৰ কৰ্ণকূহৰত
শ শ পাইপাৰৰ স্বৰৰ বন্যা বোৱাই আনিব পৰা হাউচেইনৰ ন
টছবোৰ
যেনেকৈ মন যায় তেনেকৈ সজাই ল
ব পাৰি নেকি? আচলতে ষ্টক হাউচেইনক মই ব্যক্তিগতভাৱে লগ পোৱা নাই৷
কিন্তু এই মুহূৰ্তত হাউচেইনলৈ মোৰ তীব্ৰ খং উঠিল৷ ঠিক আছে ষ্টক হাউচেইনৰ ন
টছবোৰক পাৰ্ফমাৰে পিছত ৰি-এৰেঞ্জড্ কৰাৰ দৰে মোৰ এই
গল্পত তেনে কোনো সুৰুঙা নেথাকিল যেনিবা সেই বুলিয়েই গল্পটো নিলিখিম নেকি
? সময়েই য
ত কল্পনাপ্ৰসূত, এই কোৱাণ্টাম বিশ্বত কিমানে
মোৰ এই গল্পটো পঢ়িব? উ
চ্চ মধ্যবিত্ত আৰু খাটিখোৱা মানুহবোৰক
এই গল্পৰ কোনো দৰকাৰ নাই৷ কথাবোৰ ভাবি কপালখন কিঞ্চিৎ
কোঁচ
খাই গ
ল৷ গল্পটোৰ প্লট ইতিমধ্যে মই ঠি
কৰিছিলোঁৱেই৷ কেৱল কিছু সালসলনি
, সৰু সুৰা ডিটেইলছহে বাকী
আছেগৈ৷ দৰাচলতে মোৰ এই গল্পটো নপঢ়াকৈ অথবা মোৰ বিষয়ে নজনাকৈও এশকোটি মানুহৰ জীৱন
নি
ৰ্বিঘ্নে চলি যাব পাৰে৷ বাকী এক শতাংশ হতাশাগ্ৰস্ত,
জৰ্জৰ, মধ্যবিত্ত পাঠকে কি ভাবে তাক লৈ মোৰ কোনো মূৰৰ বিষ নাই৷ অৱশেষত মই গল্পটো নিলিখাৰ সিদ্ধান্ত ললো৷ এক
তীব্ৰ বিৰক্তি আৰু অস্বস্তিত গল্পটোৰ আধালিখা অংশ খিনি এপ

টৰ পৰা ক্ষিপ্ৰতাৰে ডিলিট কৰি পেলালোঁ৷ 

হঠাতে মোৰ আলপাইনিষ্ট্ জন ক্ৰাকাৰলৈ মনত পৰি গল৷ কিহৰ দুৰ্নিৰ্বাৰ তাড়নাত হাজাৰ প্ৰতিকূলতাকো নেওচি এভাৰেষ্ট আৰোহন কৰে বাৰু? জীৱনে দিয়া বিপুল প্ৰাচুৰ্যত পৰিতৃপ্ত নোহোৱা অতৃপ্ত দুখী আত্মাবোৰে কিবা এটা উল্লাস অথবা পৰিতৃপ্তিৰ
সন্ধানত এভাৰেষ্ট এক্সিপিডিশ্যন কৰিব খোজে৷ কিবা এটা অতৃপ্তি আৰু প্ৰাপ্তিৰ
অন্তহীন সম্ভাৱনাত খুম্বু আইছবাৰ্গ আৰু উদ্বায়ী তৰল অক্সিজেনৰ আৰু ডে
থ জনৰ ভীষণ
ট্ৰেফিক জামৰ মাজতো জীৱনৰ অতৃপ্ত মানুহবোৰে শিখৰত বগাই পৰিতৃপ্ত হ
ব খোজে৷ ভাব হল ময়ো যেন কিবা এটা বিচাৰি আছোঁ৷ কিবা এক অদ্ভুত দৈৱৰ প্ৰভাৱত কোনোবাদিনা
কৃত হৈ উঠিব পাৰে মোৰ এই  জীৱনো৷

আকৌ, অৱশেষত গল্পটো
লিখাৰ সিদ্ধান্ত ললোঁ৷ গল্পটোৰ ঘটনাস্থলী হ
ল ডিব্ৰুগড় চহৰ৷ আলতে গল্পটোৰ পৃষ্ঠভুমি ডিব্ৰুগড় অথবা হামৰেণ চহৰ হব লাগিবই বুলিও কথা নাই৷
সময়েই যেতিয়া অন্তহীন পেন্দুলাম
, এই পৰিদৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ যত আৰম্ভণি অথবা শেষ নাই, পৃথিৱীৰ যিকোনো চহৰ বা ঠায়েই এই গল্পটোৰ প্লট হব পাৰে৷ গেবনৰ চহৰ লিব্ৰেভাইলো হব পাৰে
বা কেন্দুকোনা অথবা কোলহাপুৰো হ
ব পাৰে৷ 

গল্পটোৰ কথক হল নীলাঞ্জলিহা৷ তেজোদ্দীপ্ত
তাৰুণ্যৰে ট
বগ ডেকা৷ নীলাঞ্জন চলিহা মহানগৰৰ আঢ্যৱন্ত বাসিন্দা আৰু এসময়ৰ প্ৰৱল প্ৰতাপী বিষয়া অমৃতাভ
চলিহাৰ ভতিজা৷ গাঁৱত শৈশৱৰ সময়খিনি পাৰ কৰা কথকৰ বৰদেউতাক চহৰত উচ্চ শিক্ষা ল
বলৈ
আহাৰ পাছতে চাকৰিসূত্ৰে চহৰৰ স্থায়ী বাসিন্দা হৈ পৰিল৷ চহৰৰ কাঞ্চন পথৰ বিশাল
প্ৰাসাদোপম অট্টালিকাত বাস কৰা বৰদেউতাক সমগ্ৰ চহৰৰ এজন মুধাফুটা ব্যক্তি৷ নীলাঞ্জনৰ
বাবেই বৰদেউতাকেই শেষ আশ্ৰয় অথবা সম্বল। বৰদেউতাকেই এজোপা বিশাল বৰগছ হৈ তাক সাবটি
আছিল৷ অপুত্ৰক বৰদেউতাক অমৃতাভ চলিহাৰ ইতিমধ্যে মৃত্যু হৈছে৷ তেওঁৰ পত্নীৰো
ইতেমধ্যে ছবছৰমান আগতেই মৃত্যু হৈছে৷ বৰদেউতাকৰ মৃত্যু এটা অপঘাতী মৃত্যু৷ ষাঠিৰো উৰ্ধ্বৰ সমাজ সেৱক
, মহানগৰৰ আগশাৰীৰ নাগৰিক, অৱসৰপ্ৰাপ্ত বিষয়া লিহাৰ মৃত্যুৰ শোক চাৰিওফালে বিয়পি পৰিছিল৷
এইডছ সজাগতা আৰু ড্ৰাগছ্ বিৰোধী সমাজৰ লগতে ভালেকেইটা স্বেচ্ছাসেৱী সংগঠনৰ উপৰিও
ভাৰতী নাৰী নিকেতনৰ দায়িত্বতো আছিল চলিহা৷ চলিহাৰ মৃত্যুত ৰাজ্যৰ
স্বয়ং মুখ্যমন্ত্ৰীয়েও শোক প্ৰকাশ কৰিছিল৷ চলিহাই মাজে মাজে বহাগী সন্মিলনৰ
মুখপত্ৰ, আদ্যশ্ৰাদ্ধৰ স্মৰণিকা আদিত লিখামেলা কৰি সাহিত্যিক ব্যুৎপত্তি প্ৰকাশ কৰি বহুজনক চমকৃত কৰিছিল৷ এই বিশাল
সাহিত্যিক প্ৰতিভা আৰু বৌদ্ধিক বুৎপত্তিৰ জহত চলিহাই ৰাজ্যখনৰ সম্ভান্ত্ৰ সাহিত্য
অনুষ্ঠান সাহিত্য সভাৰো আঞ্চলিকৰ সভাপতি পদত আসীন হৈছিল৷ চলিহাক এই সাহিত্য চৰ্চাত
বিশেষ সান্নিধ্য প্ৰদান কৰিছিল ৰিটায়াৰ্ড এছ পি প্ৰতাপ ফুকনে৷ তাহানিৰ প্ৰৱল প্ৰতাপী
মৌজাদাৰ ফুকনে নগদ বিছ লাখকৈ টকা দি আৰক্ষীৰ ডি এছ পি পদত মকৰল কৰোৱা প্ৰতাপ ফুকনে
পিছে ৰিটায়াৰ হ
বলৈ এবছৰমান থাকোঁতে পত্নীৰ সৈতে যৌথভাৱে কবিতা লিখিবলৈ লৈছিল৷ চেকগে,
চিণ্ডিকেট আৰু কয়লাৰ কলা ৰঙকে জীৱনৰ আছল ৰং বুলি ভবা, অসহায় দুৰ্বল মহিলা কনিষ্টবলৰ যৌৱনত জীৱনৰ ৰস বিৰা
ফুকনৰ হাতত কবিতাই সাংঘাতিক ৰূপ পাইছিল৷ প্ৰথমতে
ন্দ মিলা
কবিতা লিখিছিল৷ এছ পি ফুকনৰ আশীষধন্য হৈ তেওঁৰ গেষ্ট হাউছত তে
ওঁৰ এই অনুপম কবিতাৰ লগতে হাণ্ড্ৰেড পাইপাৰ্ছ আৰু
মুৰ্গীৰ ঠেং চোবাই ৰস লৈ থা
কোঁতে বিখ্যাত আলোচনীৰ এগৰাকী সম্পাদক আৰু এজন সমালোচকে
তেওঁৰ কবিতাক অসমীয়া সাহিত্যৰ মাইলৰ খুঁটি বুলি কোৱাত ফুকনৰ গাটো সাতখন আঠখন লাগিছিল৷
সেই প্ৰতাপ ফুকনো ৰিটায়াৰ হোৱাৰ পাছত চলিহাৰ সংগী হৈ পৰিছিল৷ 

এক বিশাল অট্টালিকাত হাহুমুনিয়াহেৰে সময় পাৰ কৰে চলিহাই৷ চলিহাৰ প্ৰাসাদোপম অট্টালিকাৰ কাষতে তেওঁৰ
অব্যৱহৃত মাটিখিনিত এটা চেল্টাৰ হ
ম খোলাৰো সিদ্ধান্ত লয় আৰু সেইমতে ভাৰতী নাৰী
নিকেতন গঢ় লৈ উঠে৷ কিন্তু ইমান স্বচ্ছন্দভাৱে সকলো চলি থকা অৱস্থাতে এদিন আচম্বিতে তেওঁৰ
সুদৃশ্যমান কোঠাত এডাল ৰচীত ওলমি থকা থকা দেখা গ
ল চলিহাক৷ তেওঁৰ
মৃত্যুৰ পাছতে মহানগৰখন যেন অস্বাভাৱিকভাৱে শান্ত হৈ পৰিল৷ চাৰিওফালে 
চলিহাৰ আত্মহত্যাৰ সৰৱ চৰ্চা হৈছিল৷ কাকতেপত্ৰই লিখিছিল যে
বয়োজ্যেষ্ঠৰ নিৰাপত্তা নোহোৱা হৈছে৷ অ
ল্ড এজ হমৰ কথা মানুহবোৰৰ মুখে মুখে ঘূৰি
ফুৰিছিল৷ ৰৌজাল-বৌজাল কৰি ফুৰা মানুহবোৰৰ মাজত ডন্ কিহ
টে চিণ্ড্ৰমে দেখা দিছিল৷
কাকতে
পত্ৰই লিখামেলা কৰি যেন
একেদিনাই সমাজৰ এই বিশাল নৈৰাজ্য আৰু পৰিৱৰ্তনৰ ধুমুহাজাকক যেন সলনি কৰি পেলাব৷ 

নীলাঞ্জনে ক্ৰমশঃ ইটোৰ পিছত সিটোকৈ বৰদেউতাকৰ মৃত্যুৰ ৰহস্যৰ পৰ্দা উন্মোছন কৰিব খোজে৷ সি পুলিৰ পষ্টমৰ্টেম্ ৰিপৰ্টত পঢ়ে “ডেথ কজদ ডিউ টু
এচফিক্সিয়া ৰিজাল্টিং হেম
ৰেজ’’৷ চুটি
কথাছবি নিৰ্মা
কৰি ভালপোৱা কথকৰ বাবে চলিহাৰ মৃত্যুও যেন তেওঁৰ
ছবিৰে এটা প্লট৷ মেল
ড্ৰেমেটিক থ্ৰিলাৰৰ দৰে৷ কথকেও কিবা এটা
পেৰেলেলবিচাৰি পায়৷ কথকৰো নিৰ্মীয়মাণ
ছবিৰে এইটোও যেন এটা জীয়া কাহি
নী৷ এই কাহিনীটোৰ ৰহস্যও কথকে বিচাৰি উলিয়াব লাগিব৷ বৰদেউতাক চলিহাৰ
এই আত্মঘাতী মৃত্যুও কথক নীলাঞ্জন চলিহাৰ এক অন্বেষণৰ অংশ৷ কনান ডয়ল অথবা আগাথা
ক্ৰিষ্টিৰ উপন্যাসৰ যেন এটা চৰিত্ৰ এই কথক৷ বৰদেউতাকৰ বিষয়ে সি সকলো সত্য উদ্ঘাটন কৰিবই লাগিব৷ 
মিতাভ চলিহাৰ জীৱনমৃত্যুৰ এই চাকনৈয়াত
অৱগা
ন কৰি থাকোঁতেই কথক নীলাঞ্জন চলিহাৰ
ভাব হ
, সিও হয়তো কিবা এটা বিচাৰি আছে৷ হঠাতে হোৱা এক চমৎকাৰে তাক উদ্ভাসিত কৰি তুলিব৷ 

সি খিৰিকীৰে বাহিৰলৈ চালে৷ এজাক পাতলীয়া বতাহ বলিছে৷ সন্মুখৰ
এডেনিয়ামজোপাত মৃদু কম্পন৷ সন্মুখৰ দেৱালত ওলমি থকা ঘড়ীটোলৈ চকু গ
ল৷ বাৰ বাজি গল৷ সি ভাবে এতিয়া আৰু তাৰ বাবে সময়ৰ
অৰ্থ আছেনে
? সমগ্ৰ কোঠাটোৱেই যেন এটা বিশাল প্ৰাচীনকায় ঘড়ী৷
তাৰ সমস্ত দুখত অৱগা
ন কৰি জৰ্জৰ হৈ পৰা বিশাল ঘড়ী৷ কোঠাটোৰ চুকৰ ফালে ৱালত ওলমি থকা ক্ৰিষ্টিনাৰ পট্ৰেইটখন, অবিন্যস্ত হৈ পৰি থকা
কিতাপৰ দ
মটোৰ পৰা খিৰিকীৰ এডেনিয়ামজোপালৈকে যেন ক্ৰমশঃ
মিনিট অথবা ছেকে
ণ্ডৰ কাঁটাবোৰ দীঘল হৈ আহিছে৷ সি এটা বৃহদাকাৰ
ঘড়ীৰ ভিতৰলৈ সোমাই গৈছে৷ ক্ৰমশঃ ঘড়ীটোৰ বিশালকায় ৰূপত এক অদ্ভুত মেটামৰ্ফ
ছিছ হৈছে৷ এই
বিশাল ঘড়ীটোৰ মাজত থাকি সি সময়ৰ চেতনা হেৰুৱাইছে৷ কাঁটাবোৰ ক্ৰম
শঃ ধূসৰ হৈ আহিছে৷ তাৰ ৰিণিকি ৰিণিকি মনলৈ আহে ঘড়ীটোত তাৰিখ আৰু বাৰৰ এনালগ ছিষ্টেমটো আছিল৷ এতিয়া সকলো ধূসৰ৷
স্কুললৈ অহা পথাৰৰ বাটটোত সৰিয়হ ফুলিছে৷ চাৰিওফালে হালধীয়া সৰিয়হ ফুল৷ দ পথাৰত কোনোবাই
শুকান জাবৰত জুই জ্বলাইছে৷ সিপাৰে লানি নিছিগা
চাংঘৰৰ শাৰীৰ
পৰা মাইকত ঐনিতম বাজিছে৷ ঐইয়াহ ঐইয়া …. আকাংক্ষাই তাক মাতিছে৷ তাইৰ দুচকুত
দুষ্টালি৷ সি
হঁতৰে কাষতে থকা কোৱাৰ্টা
লৈছেহি৷ চহৰে
নগৰে চাকৰি সূত্ৰে চোং বদলাই ঘুৰি ফুৰা বিষয়া পিতৃৰ কন্যা আকাংক্ষা৷ সি তাতে আছে দেখোন৷ সময়বোৰ
দেখোন স্থিৰ-নিৰ্বিকাৰ-স্থবিৰ৷ লাহে 
লাহে সন্মুখৰ দৃশ্যপ এটা বিশাল আদিঅন্তহীন উকা ঘড়ীলৈ সলনি হৈছে৷ এই
বিশাল প্ৰাচীন ঘড়ীটোত সি অধৈৰ্য হৈ বি
চাৰি ফুৰে অতীত, বৰ্তমান আৰু ভৱিষ্যতলৈ যোৱা কাঁটাবোৰ৷ দীঘল চুটি
সৰু
বৰ অজস্ৰ কাঁটাৰ মাজত সি হেৰাই যায়৷ 

এই যে তাৰ তীব্ৰ জ্বৰ হৈছে, সি জ্বৰৰ প্ৰকোপত প্ৰলাপ বকিবলৈ
আৰম্ভ কৰিছে আৰু তাৰ চেনেহী মাকে কপাল
ত কাপোৰেৰে জলপটিয়াই দি শিতানত
বহি আছে৷ তাক কৈছে
একো নহয় অ সৰুমইনা৷ ভাল হৈ যাব অলপ পাছতে৷’’ স্‌! সেই সয়বোৰ
তাক লাগে৷ কত আছে সেই সময়বোৰ
? ভয়, দুশ্চিন্তা
আৰু কংক্ৰিটৰ পৃ
থিৱীখনত মাকৰ সেই প্ৰবোধ আৰু প্ৰশান্তিময়
আশ্বাসবাণী তাক লাগে৷ এই বিশাল ঘড়ীটোত
সাঁতুৰিনাদুৰি সি পৰিশ্ৰান্ত, ক্লেদাক্ত৷ এচি-টো অলপ বঢ়াই দি
ৰেক্লাইনিং চেয়াৰখনত তাৰ আড়স্ত দেহাটো এৰি দিলে৷ ক্ষণিকৰ বাবে ইত
স্ততঃবোধ কৰে৷ বতাহত কঁপি থকা এডেনিয়ামজোপাত ছাগৈ এচি-ৰ ক্ল’ৰ’ফ্লকাৰ্বনৰ বতাহো লাগিছে৷ সি চকু মুদি দিব খোজে৷ শুকাই অহা লেক পপ আৰু আৰাল সাগৰখন ক্ৰমশঃ সিহঁতৰ চহৰখনৰ ফালেও এদিন গুচি আহিব চাগৈ৷ তাৰ চিলমিল
টোপনি আহে৷ সি ভ্ৰম
বিভ্ৰমৰ মাজত অৱগাহন কৰি থাকোঁতেই দেখা পায় তাৰ প্ৰিয় চহৰখন এখন
বিশাল বালিময় মৰুভুমিলৈ পৰি
ণত হৈছে৷ বালিৰ ধুমুহা, ধূলি আৰু বাঢ়ি অহা তাপত লাহেলাহে তপত লাভাৰ উদ্গীৰণ
হৈছে৷ মানুহবোৰৰ দৌৰা
দৌৰি চৌপাশে৷ সি শশব্যস্ততাৰে গেৰেজৰ
পৰা পাজেৰ
খন উলিয়াই লৈছে আৰু তীব্ৰ গতিত তিনিশ বি এইছ পি-ৰ
পাজেৰ
খন পাৰে মানে দৌৰাইছে৷ তাৰ পিছেপিছে
উত্তপ্ত লাভা আৰু উত্তপ্ত গেছীয় ধুমুহা৷ 

ক্ৰিং ক্ৰিং… তাৰ ফোনৰ এমলেইড
স্ক্ৰীনত ভাহি উঠে অমৃত কলিং৷ সি খ
ক্‌ক্‌কৈ সাৰ পাই যায় ৷ সি ভাবে, যিকোনো প্ৰকাৰে অমৃতাভ চলিহাৰ মৃত্যুৰ ৰহস্য সি ফাদিল
কৰিবই৷  কোনোবা সময়ত তাৰ ভাব হয় সুতীব্ৰ নিঃসংগতা
আৰু বাৰ্ধক্যত পৰিশ্ৰান্ত চলিহাই নিজেই হয়তো বি
চাৰিছিল নেকি
সেই মৃত্যু
? মাৰ্ছি কিলিঙৰ দৰে একে অদ্ভুত আবদাৰত চলিহাক
মাৰি পেলোৱা হৈছিল নেকি বাৰু
?

হোৱাটছ
আপ বাদ্দি
?’’ ফোনত অমৃতৰ মাত৷ নাহ,
আছো এনেয়ে”৷ তাৰ জড়তা ভৰা উত্তৰ৷ ধুৎ কাম নাই তোৰ৷ কি এই ফটুৱা বায়ৰণিক ট্ৰেজেদিসোপা লৈ ঘূৰি ফুৰিছ৷ পিছে
এতিয়াও বৰদেউতাৰৰ ইনভেষ্টিগে
শ্বন কৰিয়েই আছ নেকি? সেইদিনা ক্লাবত যে লগ পাইছিলি ৰাছিয়ানজনী, ক্ৰিষ্টিনা৷ ব
ল এপাক মাৰি আহোঁ সি বিৰক্ত হৈ উঠে।

“চা, তোৰ বাবে লকেলো এৰেঞ্জ কৰিব
পা
ৰোঁ৷ অলপ মেটাফিজিকেল ছে
ডনেছ থকা দীঘল চুলিৰ ছোৱালী সতকাই
পোৱা টান৷
’’ সি আলতে সহ্য কৰিব লগা হয়৷ প্ৰশান্ত বা ৰক্তিমৰ কেৱল টকাই গঢ় দিয়া চিন্তাবোৰ
আৰু পৃথিৱীখনক সি সহ্য কৰিব লগা হয়৷ সত্যই যেতিয়া বহু তৰপীয়া আৰু সকলোবোৰেই এই বিশাল
অন্তহীন টাইম এ
ণ্ড স্পেত আপেক্ষিক, তাত কোন
সঁচা, কোন মিছা সি ধৰিব নোৱৰা হৈ যায়৷ হয়তো প্ৰশান্তই শুদ্ধ, সি অশুদ্ধ৷ লাহে লাহে সি পয়ত্ৰিছৰ দেওনা পাৰ হবৰ হৈছে৷ হয়তো তাৰ মিডলাইফ ক্ৰাইছিছ আৰম্ভৰ উকমুকনি এয়া৷ মেজখনৰ পৰা সি
উঠি আহিল৷ টেবুলৰ ওপৰত অবিন্যস্ত হৈ পৰি থকা কাগজ
কলমবোৰ ঠিক লগাই ষ্টাডিৰূমকামলাইব্ৰেৰীটোত চকু ফুৰালে৷ একদিজ ইজ নট দ্য এণ্ড অৱ দ্য বুকখনত চকু পৰি এনেয়ে তাৰ হাঁহি উঠি গল৷ হাঃ হাঃ! কি কয় এই পক্ককেশী তীক্ষ্ণ মেধাৰ অশীতিপৰ বৃদ্ধ লেখকে৷ হয়তো ঠিকেই
কৈছিল মানুহটোৱে৷ এই যে জাপ জাপ কিতাপেৰে তাৰ ৰূমটো ভৰ্তি হৈ আছে আৰু সেইবোৰ চাই চাই সি পৰিতৃপ্ত হৈছে সেয়া স্বমেহনৰ বাদেনো কি
? স্বমেহনৰ দৰেই যে
এই সুখো একান্তই ব্যক্তিগত
, উত্তেজনাদায়ক আৰু সংগোপন এইটো কম
উপলব্ধি নাছিল এক
ৰ৷ অমৃতাভ চলিহাই বাৰু স্বমেহন কৰিছিলনে?
কিমান দিনলৈ অটুট থাকিব পাৰে বাৰু পৌৰুষ শক্তি ? এই যে গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প এটাত হতাশ নিঃসম্বল নায়কে হস্তমৈথুন কৰি
থাকে
? এদিন কথাৰ মাজতে সি প্ৰশান্তক এই কথাটো কৈছিল৷ প্ৰশান্তও
এসময়ত বিৰাট প্ৰচুৰ মেধাৰ ব্ৰিলিয়া
ণ্ট ৰাবোৰৰ ভিতৰত এটা আছিল৷ সময়ে হয়তো তাক সলাই পেলাইছে৷ “চা ভাই, মোৰ দুনিয়া এতিয়া কোনো ফিলফিকেল কাৰবাৰ নাই৷ ইটছ চিম্পল৷ ৱেলথ, ৱাইন এণ্ডমেন এই তিনিটা ডব্লিউৰ বাদে মোৰ বিশেষ দৰকাৰ নাই
৷ সি ব্যতিব্যস্ত হৈ অমৃতক প্ৰশ্ন কৰে সেই তাহানি
যে লিখিছিলি কবিতাবোৰ
? এই যে শিৰ ফুলাই ফুলাই তই ভাষণ দিছিলি?
সেইবোৰ কি আছিল?” তাক এক প্ৰকাৰ কটাক্ষ কৰাৰ
দৰে প্ৰশান্তই কৈছিল
– “বুইছ এইটোৱেই তহঁতৰ সমস্যা৷ আলতে সেইবোৰ এক ধৰ
পেৰানইয়া৷ এইবোৰো এক প্ৰকাৰৰ অপ
য়৷ সাহিত্যও বিশেষ একো নহয়৷
কাৰোবাৰ হতাশা
, ক্ৰমহাসমান চেৰটনিন বা ডপেমাইন সৃষ্ট এটা
মানসিক অৱস্থা৷ কাৰোবাৰ হতাশা
, বা ব্যৰ্থ মানুহ একোটাহঁতৰ পলায়নবাদী কল্পনাসৃষ্ট আগ-গুৰি নোহোৱা কবিতা এসোপাৰ সৈতে ৰিয়েলিটিৰ কি সম্পৰ্ক? চা,লিয়টৰ দেউতাক
যদি বিলিয়নেয়াৰ হ
হেঁতেন, পাঁচজনীমান উদ্ভিন্ন যৌৱনা তন্বী মানে হট বুষ্টী ব্ৰুনেটীক লৈ ৰিজৰ্ট বা ক্ৰুইজত
মজা ল
লেহেঁতেন। তেতিয়া এলিয়টে এইসোপা লিখি নমৰিলেহেঁতন আৰু তাৰ নিউৰলজিকেল ডিজঅৰ্ডাৰে জীৱন তছনছ নকৰিলেহেঁতেন? আৰু এতিয়াও সেইসোপা পঢ়ি আছ তই৷ এই ধুনীয়া আবেলিটো
তই নষ্ট কৰি দিছ৷ পৃথি
ৱীৰ নিৰানব্বৈ শতাংশ মানুহে হয়তো
লিয়টক নেজানে আৰু জনাৰ প্ৰয়োজনো নাই৷ এই য়ুনিভাৰ্ছখনৰ আদি
বা অন্তত কাৰো একো নিদিষ্ট স্থান নাই৷
ৱি অল আৰ ইকুৱেল৷’’

সাতামপুৰুষীয়া
নৈতিকতাৰ শিকলি
ডালে প্ৰচণ্ড জোৰেৰে মেৰিয়াই থকা নীলাঞ্জন
দ্বিধাগ্ৰস্ত হয়৷ ফিনিক্সত গধুলি হ
লেই হিপ হ, জাজৰ তালে তালে ভৰিৰ ছন্দৰে
সৰগ নমাই অনা ক্ৰিষ্টিনাৰ কাৰণে টু ছাম ফৰ ছাম কৰাটো হেনো ভাতৰ লগত পানী খোৱাৰ দৰে
কথা৷ নীলা
ঞ্জনে সেই বুলিয়েই শুনিছে৷ আৰে
ভাই তই আহি যাবি৷ তাইৰ কাৰণে গেং বেং কৰাটো ডাঙৰ কথা নহয় বুইছ৷ লাইফত প্ৰব্লেমৰ
অন্ত নাই বুইছ৷

আই যাষ্ট ৱান্না
পাৰ্টী এ
ভ্ৰিডে

পাফ পাফ পাফ
প্ৰিটী গাৰ্ল কাম হুৱাইন পন দি ক
কি

 লেট ইয়ৰ বাকা দু দা টকিং … টাকিং৷ হাঁ হাঁ’’

এটা অদ্ভুত ৰসাল
হাঁহি মাৰি সিমূৰত প্ৰশান্তই ফোনটো কাটি দিলে৷
প্ৰশান্তৰ দিনবোৰ আগতকৈও ভাল হৈছে৷ ক
ভিডৰ মেডিকেল ছাপ্লায়ৰ
লগতে হাইৱে
ৰো কোটি কোটি টকাৰ সি কনট্ৰেক্ট সৰকাইছে৷ এতিয়া গোটেই জীৱনটো তাৰ বাবে
কিডিৰ 
প্ৰিটী গাৰ্ল
কাম অন হুৱাইন অন পনী
তকৈ একো বেলেগ নহয়৷

নীলাঞ্জনে ভাবে বিশ্ববহ্মাণ্ডৰ গতিধাৰা যিদৰে টলেমিয়ে কোৱাৰ
দৰে যিদৰে জিঅ
চেণ্ট্ৰিক নহয় সেইদৰে সত্যও কোনো ঐককেন্দ্ৰিক
ব নোৱাৰে চাগৈ৷ প্ৰচুৰ ঐশ্বৰ্যসম্পদৰ গৰাকী হোৱা নাৰীদেহৰ ভূগোলতে সমগ্ৰ পৃথিৱী
আছে বুলি ভবা প্ৰশান্তৰ কথাই তাক ভবাই তুলিলে৷ সি কি কথা কয়
? টকাৰ তুলীত শোৱা প্ৰশান্তয়ো কি অস্তিস্তৰ সংকটৰ মৰ্ম বুজি পায় ? সি ভাবে, প্ৰশান্তই য়ুনিভাৰ্ছিটি এৰাৰ পাছত কিতাপৰ সংসৰ্গলৈ আহিছেনে
বাৰু
? এই যে প্ৰশান্ত সিও কেতিয়াবা ছাৰ্ত্ৰে পঢ়িছিল নেকি বাৰু ? নে জীৱনে তাক শিকাইছে ? ছাৰ্ত্ৰেই তাক লগ পোৱা হলে হয়তো তাৰ কথাকে শলাগিলেহেঁতেন৷ ফৰ ডাইমেঞ্চনেল টাইমত যদি পোহৰৰ গতিবেগত সিহঁত যায়, তেতিয়া হয়তো ছাৰ্ত্ৰে
লগ ধৰি সুধি আহিব পাৰিলে
হেঁতেন ? এটা অবাস্তৱ
বিভ্ৰমে তাৰ মগজুত খেলায়৷ সি নিজৰ ভিতৰতে গু
গুণাএক্সিছটেঞ্চ্ প্ৰিছিডছ এছেন্স’’৷ এই যে খ্ৰীষ্টফাৰ নলানৰ ণ্টাৰষ্টেলাৰত নায়কে জীয়েকক লগ ধৰিবলৈ স্পেছৰ পৰা আহে ঠিক তদ্ৰুপ দৃশ্য এটা
তাৰ মনলৈ আহিল৷

নীলাঞ্জনক
প্ৰগলভ তাৰ্কিক প্ৰশান্তই কৈ গ
ল। কৈছিল সময় সলনি হৈছে৷ কেমেৰাই কিদৰে
মুড আৰু ব
ডি লেংগুৱেজ চিনাক্ত কৰিব পৰা হৈছে৷ ক্ৰিপ্টকাৰেঞ্চি, ডিজিটেল ৱালেট, চি চি টি ভি-ৰ
দিনত আ
লতে কথকৰ বৰদেউতাক আছিল এটা প্ৰাচীন মান্ধাতা যুগীয় মানুহ ৷ কি ঠিক বৰদেউতাক অমৃতাভ চলিহাৰ প্ৰচুৰ সাসম্পত্তিৰ
লোভতো কোনোবাই মাৰ্ডাৰ কৰি ছুইচাইডৰ ৰূপ দিবও পাৰে৷ প্ৰশান্তৰ কথাত পৰম আ
শ্চৰ্যচকিত হৈ উঠে নীলাঞ্জন৷ বৰদেউতাক অমৃতাভ চলিহাই আজৰি সময়ত বেলকনিত
ৰেক্লাইনিং চেয়াৰখনত বহি মাজে মাজে বিশাল চহৰখন থৰ হৈ ৰোৱা দেখিছিল সি৷ কোনোবা সময়ত
কোনো কথা-বতৰা নোকোৱাকৈ নিশ্চুপ হৈ থকা সি প্ৰত্যক্ষ কৰিছিল৷ সি ভয় খাইছিল এয়া
চেনাইল ডিমেঞ্চিয়াৰ উকমুকনি নহয়তো৷ চাৰি বাজিবৰ হ
ল৷ অলপ
পিছত চাগৈ বাবুপট্টিৰ মছজিদৰ পৰাও স্পীকাৰত ভাহি আহিব আজান – সংশয়াছন্ন দোদোল্যমান
মানুহৰ আত্ৰাণি আৰু আৰাও৷

খিৰিকীৰে সি
বাহিৰলৈ চাই দেখে গীৰ্জাটোত ভিৰ হৈছে৷ কেৰলৰ শব্দবোৰ তাৰ কোঠালৈকে ভাহি আহিছে৷ আ
চ্ছা, এই মানুহবোৰে বিচাৰি ফুৰা ভগৱান বা দেৱ-দেৱীবোৰৰ চেহেৰাবোৰ কিয় কেৱল
মানুহৰে নিচিনা হয়
? হাজাৰ হাজাৰ লিভিং স্পে
চিছ বাস কৰা
বিশ্বব্ৰহ্মা
ণ্ডখনৰ সকলোকে ছুপাৰভাইজ কৰা ভগৱানজন আল্লাৰ দৰে
দাঢ়ি থকা শান্ত
সৌম্য চেহেৰা  অথবা বিষ্ণু বা যীশুৰ দৰে
নিষ্পাপ সৰল যন্ত্ৰণা
তো প্ৰশান্তিময় নিলিপ্ত চেহেৰাৰ
দুঠেঙীয়া প্ৰা
ণীয়েই হব লাগিব বুলি কথা আছে নেকি ? কিয় মানুহে কল্পনা কৰা ভগৱানবোৰ প্ৰাণীজগতৰ সকলোকে
বাদ দি কেৱল মানুহৰ ঠাঁ
তে গঢ় লয় ? কোঠাটোৰ
ভিতৰত তাপমান বাঢ়িছে৷ তেইছ ডিগ্ৰী চেলছিয়াছ৷ এ 
চি-টো অলপ বঢ়াই
দি সি টি ভি-টো অন কৰি দিলে৷ টিভিৰ এ
ণ্ড্ৰয়ড স্ক্ৰীনত এমাজন
প্ৰাইম দৃশ্যমান হয়৷ মিৰ্জাপুৰত চেইথ জীয়ে দুই পুত্ৰক ব্যৱসায়ৰ কিটিপ শিকাই আছে৷
বেটা ব্যাপাৰ মে  কান কে বীচ মে জহেঁ ওচকা ইস্তেমাল কৰনা,  টাংগো
কে বীচ মে জ
হেঁ ওচকা নহী৷ সি বিৰক্ত
ল আৰু টিভিটো অফ্ কৰি দিলে৷ একান্তই অকলশৰীয়া কোঠাটোত সি তাৰ
নিজা অস্তিত্ব উপলব্ধি কৰি পুলকিত হ
ল৷ সি জীয়াই আছে৷ উশাহ
নিশাহ লৈ আ
ছে সি ৷ এই সসাগৰা পৃথিৱীত কেৱল
নীলাঞ্জন চলিহা এটাই আছে৷ সি বিকল্পহীন৷ ই
ৰিপ্লেছেবল৷ ভাবি
ভাল লাগি যায় তাৰ৷ তাৰ ফ্লেটৰ নাতি
দূৰতে থকা চহৰখনলৈ চকু
যায়৷ মৌন মৃত মহানগৰখনলৈ প্ৰা
ঘূৰি আহিছে৷ অজান ঘাতকৰ ভয়ত ত্ৰস্ত গৃহবন্দী মানুহবোৰ ওলাই আহিছে৷ হাঁহিছে৷ স্ফূৰ্তি কৰিছে৷ সৰু অকমানিজনীয়ে হাতত এটা ৰঙীন বেলুন
লৈ ফুটপাথেৰে দেউতাকৰ সৈতে খোজ দিছে৷ খোজতো এটা আনন্দ
উল্লাসৰ
ন্দ৷ আচলতে এটা ভগৱান লাগে৷ ভগৱান থাকক অথবা নাথাকক৷ হম ৰূদলফেনিছ,
হমইৰেকটাছৰ দিনৰ পৰা হ ছেপিয়েন্সে ভগৱান এটাক
এনেয়ে গঢ় দিয়া নাই৷ সি কিন্তু এন্থপ
মৰ্ফিক গডৰ ধাৰণাটোতে বিশ্বাস কৰে৷ কিন্তু মানুহক দোষত দণ্ড বিহা, মানুহৰ কাতৰ
প্ৰাথনাত
সহাঁৰি দিয়া মানুহৰূপী ভগৱান এটা নিশ্চয়কৈ নাই
৷ শ্বপিং মলটোৰ
ওচৰত লানি নি
ছিগা মানুহবোৰৰ মাজত ক্ষণিকৰ বাবে সি দেখা পায়
সাইলাখ আকাংক্ষাৰ দৰে এজনী মহিলাই হাতত শিশুপুত্ৰক ধৰি ম
লৰ
ভিতৰলৈ সোমাই গৈছে ৷ তাৰ দেহত এশ এটা ৰ
ণুৱা ঘোঁৰা তগবগাই পাৰ হৈ গল৷ সি যেন ক্ৰমশঃ টাইম মেচিনেৰে ঘূৰি গৈছে দশকৰ আগৰ সেই কৈশোৰলৈ৷
এড্ৰিলেনাইন নে ডপেমাইন সি ক
ব পৰা নাই৷ তেজৰ গতি ক্ষিপ্ৰ
হৈছে৷ বুকুৰ ধপধপনি বাঢ়িছে৷ কছমিক এনাৰ্জি যদি আছে এয়াই হ
ব৷
দেহৰ ভিতৰত থকা আত্মাটো৷ ইথাৰত থাকি যোৱাৰ দৰে তাৰ আত্মাৰ এই আকুল আহ্বান আৰু চিৰ
প্ৰশান্তিও এয়ে, ইয়াতে থাকি যাব৷ এতিয়া সি ক
ত আছে ? এয়া কি সময়? সময়ৰো অতীত-বৰ্তমান-ভৱিষ্যত থাকেনে
বাৰু
? থাকেনে বাৰু ইয়াৰ আৰম্ভণি অথবা শেষ ?

নীলাঞ্জনে ক্ৰমশঃ এক হতাশাত ভুগিবলৈ আৰম্ভ কৰে৷ গাঁ এৰি অহা দিন ধৰি সি বৰদেউতাক অমৃতাভ চলিহাৰ ঘৰতে ডাঙৰ হৈছে৷ এই
বৰদেউতাকেই কত কিমান অসহায় অৱলা কেও কিছু নোহোৱা মাইকী মানুহ আৰু গাভৰুক আশ্ৰয় দিছে৷
জীৱনৰ বাট দেখুৱাইছে৷ বৰদেউতাকৰ বাবেই বিভিন্ন শিতানত চৰকাৰী সাহায্য লাভ কৰি এন
জি অ
’-কেইটা স্বচ্ছলভাৱে চলি আছে৷ নাগৰিক
কমিটীৰ সভাপতিৰ পৰা সাহিত্য সভাৰ আঞ্চলিক সভাপতিলৈকে কিমানবোৰ আসন শুৱনি কৰি
মহানগৰখনলৈ অৱদান আগ বঢ়াইছে৷ এই বিশাল বটবৃক্ষৰ ছায়াত কিমানে মহাজীৱনৰ সন্ধান আৰু
জীৱনৰ অৰ্থ বিচাৰি পাইছে৷ কথক নীলাঞ্জনে ভাবে, বৰদেউতাকে আত্মহত্যাৰ আগমুহূৰ্তত কি
ভাবিছিল বাৰু
? নে গল্পত পঢ়াৰ দৰে উদগ্ৰ অন্তিম হস্তমৈথুনৰ
ইন্দ্ৰিয়জ স্বাদত মগ্ন হৈছিল৷ পুলিচে তাক কৈছিল, বৰদেউতাকৰ কোঠাত কিছুমান ৰঙীন
আলোকচিত্ৰ থকা আলোচনী আৰু কিতাপ পাইছিল৷
আপাতত ডিঙিত বা শৰীৰত আঘাতৰ চিহ্ন নোপোৱাত পুলিচে সন্দেহ নকৰি এটা টিপিকেল
ছুইচাইড কেছ বুলিয়েই এটা ইউ ডি কেছ ৰেজিষ্টাৰ কৰিছিল৷ পাছত সংবাদ মাধ্যমৰ হেঁচাত কোঠাটোত থকা দুখনমান নটবুক আৰু কিতাপ জব্দ কৰি লৈ গৈছিল পুলিচে৷ নীলাঞ্জনৰ ভাব
হয়
, কি থাকিব পাৰে পুলিচে জব্দ কৰা টোপোলাটোত৷ পুলিচজনৰ কথা কোৱাৰ সুৰটো তাৰ ভাল লগা নাছিল৷ তাৰ সমস্ত চেতনা আৰু প্ৰজ্ঞাক নেওচি সি ভাবিছিল কি ঠিক কেনে ধৰৰ আলোচনী
পঢ়িছিল৷ তাৰ মনত ডেৱনিয়াৰ
, মাৰ্মেইডৰ ৰঙীন বেটুপাত, বালিয়ৰী বীচ্চত পৰি ৰোৱা নগ্ন আৱেদনময়ী দেহৰ তন্বী মডেলবোৰলৈ মনত পৰি গল৷ তেনেকুৱা আলোচনী পঢ়ি নাছিলতো বৰদেউতাকে ? নহলে ব্লেকমেইলড্‌ বাই বছ’’
বা শ্লিপিং উইথ হিজ ৱাইফ’’ পঢ়িছিল নেকি ? তাতকৈ ওখ খাপৰ সাহিত্য অমৃতাভ চলিহাৰ
বাবে কি থাকিব পাৰে
? তাৰ বৰদেউতাকতো উমবেৰ্ট এক’-ৰ কিতাপ পঢ়ি হমাৰ হব খোজা মানুহ নাছিল ? সি দ্বিধাগ্ৰস্ত হল৷ আছাম ট্ৰিবিউনত ৰাঘৱেন্দ্ৰ
বৰুৱাই লিখা
অবিশ্যূৱেৰী’’-টো সি
পঢ়িছে৷ ভাৰতী নাৰী নিকেতনৰ অন্যতম সচিব বৰুৱাই দুখেৰে লিখিছে জীৱনৰ নিঃসংগতাই চলিহাক
গভীৰভা
ৱে পীড়িত কৰিছিল৷ যাৰ বাবে ইমান ইতিবাচক চিন্তাৰ
অধিকাৰী হোৱা সত্তেও চলিহাই মৃত্যুকামনা কৰিছিল আৰু শেষত আত্মহত্যা কৰিছিল৷ 

বৰদেউতাকৰ
মৃতদেহৰ কাষতে এটা
ছুইচাইড নোট উদ্ধাৰ কৰিছিল পুলিছে৷ টোকাটোত
অমৃতাভ চলিহাই লিখিছিল তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয়৷ নীলা
ঞ্জনে বাৰে বাৰে পিটিকি পিটিকি চাইছিল ছুইচাইড নোটটো৷
তাৰ কিবা এটা ভাল লগা নাছিল৷ বৰদেউতাকে লিখা
মেলা কৰা কাগজপত্ৰবোৰত থকা আখৰবোৰ আৰু ছুইচাইড নোটৰ আখৰবোৰ একে
যদিও ক
ৰবাত যেন কিবা বৈসাদৃশ্য আছে৷ অমৃতাভ চলিহাৰ মৃত্যু
লাহে লাহে ইতিহাস হৈ কালৰ গৰ্ভত হেৰাই গ
ল৷ বহুতৰ বাবে
বিস্মৃতিত পৰি
ত হল৷ নিকেতনৰ সচিবকে
ধৰি কেইবাজনো সদস্যই তাক তেতিয়া বুজাইছিল যে চৰম হতাশাগ্ৰস্ত হৈয়েই চলিহাই
আত্মহত্যা কৰিছিল৷ আৰক্ষী অধীক্ষকো পতিয়ন গৈ অধিক তদন্ত নকৰাত বিষয়টো সিমানতে ইতি
পৰিল৷ এতিয়াও নীলাঞ্জনৰ মনত আছে যে বৰদেউতাকৰ ডিঙিৰ লিগেছাৰ মাৰ্কবোৰ যেন আৰু
ভালকৈ চাব লাগিছিল৷
ছুইচাইদ নোটটোৰ হাতৰ আখৰৰ এংগ, স্পে
চিং আৰু শ্লাণ্টিং ভালদৰে পৰীক্ষা কৰা নহল৷ চিন্তা আৰু সংশয়ৰ এক দোদুল্যমান অৱস্থাত অৱগাহন কৰিলে সি৷ বৰদেউতাকে কিয়
আত্মহত্যা কৰিবলৈ উদ্যত হ
ল এই কথাটোৱে
কথক নীলাঞ্জন
অহৰ্নিশে খুন্দিয়াই থকা হল৷ টায়াৰ্ড অৱ লাইফ’’ বুলি কিয়
ছুইচাইড নোট লিখিবলগীয়া হল৷ পত্নীৰ
মৃত্যুৰ পাছতো বৰদেউতাক অতি জীৱনমুখী
, আশাবাদী আৰু প্ৰাচঞ্চল আছিল৷ সি বৰদেউতাকে আত্মহত্যা কৰা কোঠাটোত কৌতূহলবশতঃ পুলি যোৱাৰ পাছতো তন্ন তন্নকৈ চাইছিল৷ ভাৰতী নাৰী
নিকেতনৰ সচিব ৰাঘবেন্দ্ৰই লিখা
অশ্বথামা হত কিন্তু ইতি গজ’’ নামৰ মহাভাৰতৰ কাহিনীভিত্তিক
শিশু উপন্যাস এখনো পাইছিল৷ বৰদেউতাকে হয়তো পঢ়িছিল৷ কুৰুক্ষেত্ৰৰ মহাযুদ্ধত অশ্বথ্বামা
নমৰাকৈয়ে মৃত্যু হোৱাৰ এটা নেৰেটিভ নিৰ্মা
কৰি দ্ৰোণাচাৰ্যক হত্যা কৰা হৈছিল৷ আছাম ট্ৰিবিউনৰ অৱিশূৱ্যেৰী”-টোতো জীৱনৰ নিঃসংগতা, বাৰ্ধক্যত ক্লান্ত হৈ চলিহাই
আত্মহত্যা কৰা বুলি শোক প্ৰকাশ কৰিছিল৷ হঠাৎ কিতাপখনত থকা সৰু নোট এটাত চকু পৰিল তাৰ৷
আখৰবোৰৰ এংগল বা শ্লাণ্টিং বৰদেউতাকৰ
ছুইচাইড নোটটোৰ সৈতে
হুবহু মিল আছে৷ কথাবোৰৰ মাজত কোনোবা সময়ত আঁত হেৰাই যায়৷ কথক নীলাঞ্জনৰ ভাব হয় যে
সি লা মাঞ্চাৰ নাইট  ডন কিহ
টেৰ দৰে এক
অদ্ভুত অসম্ভৱ এডভেঞ্চাৰত যেন পাৰাপাৰহীন সমুদ্ৰত জাহাজ মেলি দিছে৷ অথবা উত্তৰহীন
সাঁথৰৰ সন্ধানত বলগনাৰ প্ৰাচীন চহৰত ঘুৰি ফুৰা সি এটা
পুৰাকথাৰ নায়ক৷ বিশাল ৰহস্যৰ সন্ধানত ৰাব টিট ষ্ট্ৰিটৰ এখন বেঞ্চত সি বহি আছে৷ কি
অদ্ভুত নামৰ এই প্ৰাচীন ৰাজপথ ! ৰাজপথত খোজকঢ়া আৰু স্তন্য ঘৰ্ষণ (ৰাব টিট ষ্ট্ৰিট
যে ! ) কি যে এক সাংঘাতিক বৈপৰীত্য৷ কি হ
ব পাৰে ? কনট্ৰাষ্ট
নে পেৰেলেলিজম
? ৰাজপথেদি তাৰ উপস্থিতিক অৱজ্ঞা কৰি অজস্ৰ মানুহৰ অহাযোৱা আৰু উচ্চঅনুচ্চ কথোপকথন৷
ৰে
স্তোৰাঁৰ পৰা কেইগৰাকীমান যুৱতী ওলাই আহিছে৷ মাইকেল এঞ্জেল’ৰ বিষয়ে কথা পাতিছে৷ উচ্ছ্বল হাঁহিৰ জোৱাৰ উঠিছে৷ কথক তেনেকুৱা পৰিস্থিতিত আচৰিত হৈ পৰাটো স্বাভাৱিক৷ যৌৱৰ এই
পাৰ ভঙা দিনত তৰু
ণী তন্বী লাস্যময়ী যুৱতীয়ে কিয় বা মাইকেল এঞ্জেৰ কথা পাতিব৷ এতিয়া হোঁকা বাৰত কোনো আঢ্যৱন্ত ঘৰৰ
ডেকাৰ সৈতে সিহঁতৰ খৰছত চোৱা শেহতীয়া
চিনেমা বা জিনছৰ ডিজাইনৰ বিষয়ে কথা পতাৰ দিন৷ অন্ত
তঃ কথকৰ
চহৰত তেনেকুৱাই হয়৷ যৌৱনে বিদায় লোৱাৰ পৰত বহুতৰে ভাটিৰ জুইত উম লৈ এসময়ত পৰিশ্ৰান্ত
আৰু গলদঘৰ্ম যুৱতীয়ে  (যি মাজে মাজে কমৰেড
হোৱাৰ বিলাসিতা আৰু পৰাকাষ্ঠা প্ৰদৰ্শন কৰিছিল) আকৌ 
বুঢ়া-মেথা এটাক বিয়া পাতি থোৱাৰ প্ৰাচীন সামাজিক পৰম্পৰাও শ্ৰদ্ধাৰে পালন
কৰে৷ কথকৰ চহৰ এই ৰাব টিট ষ্ট্ৰিটৰ চহৰতকৈ বহুত বেলেগ৷ আগ
গুৰি
নোহোৱা ভাবৰ কিমান যে অৱগুন্ঠন৷

হঠাতে আত্মসচেতন
হৈ উঠে কথক নীলাঞ্জন চলিহা৷ ৰাঘৱেন্দ্ৰ বৰুৱাৰ কিতাপত থকা সৰু টোকাটোৰ কথা সি
ভাবে৷ লাহে লাহে সি বুজিবলৈ যত্ন কৰে৷

অমৃতাভ চলিহাৰ
মৃত্যুত শোকবাৰ্তা
, শোকসভা, আদ্যশ্ৰাদ্ধৰ ধামখুমিয়াত বহুদিন পাৰ হৈ গল৷ আগশাৰীৰ নাগৰিক চলিহাৰ মৃত্যুত খোদ মুখ্যমন্ত্ৰী, সাহিত্য সভা, নাগৰিক সমিতিকে ধৰি বহুতো সংগঠনে শোক
প্ৰকাশ কৰিলে৷ নাৰী নিকেতনৰ অন্যতম সচিব ৰাঘৱেন্দ্ৰ বৰুৱাই আগভাগ ল
লে৷

প্ৰতিপত্তিশালী
ব্যক্তি
,
সমাজ সচেতন নাগৰিক চলিহা নাৰী নিকেতনৰ অধ্যক্ষ হোৱাৰ সুবাদত নাৰী
নিকেতনৰ যুৱতী
, নাৰীৰ সঘন অহা যোৱা আছিল চলিহাৰ ঘৰলৈ৷ নিঃসংগ,
উদাস চলিহাৰ ঘৰত ইটোসিটো লাচনি-পাচনিও কৰি
দিছিলহি৷ এতিয়াৰ দৰে ছেটেলাইট টিভি
, ছ’চিয়েল মিডিয়া নথকা পৌৰাণিক চহৰখনত চলিহা আছিল বটবৃক্ষ সদৃশ৷ তেওঁ কাঞ্চন নগৰেই নহয়, মহানগৰখনতে চলিহা হৈ পৰিছিল সকলোৰে পিতৃ স্বৰূপ৷ উদাৰ, বিশাল মনৰ এজোপা বটবৃক্ষসদৃশ চলিহায়ো এসময়ত ঘৰতে চোফাত বহি চাবলৈ লৈছিল
নেশ্যনেল জিঅ
গ্ৰাফিক বা ডিস্কভাৰী
চেনেল৷ অৱশ্যে মিৰ্জাপুৰৰ কৰণ অংশুমানক চলিহাই চিনি পাইছিলেনে নাই সেইটো ক
ব পৰা নাযায়৷ তগবগীয়া তৰুণ হৰিণীজনীক তীব্ৰ গতিৰে চোঁচা লৈ হিংস্ৰ শ্বাপদৰ
দৰে ফালি-ছিৰি পেলোৱাৰ দৃশ্য চলিহাই পৰম উত্তেজনাৰে উপভোগ কৰিছিল৷ ধমনীৰ ৰক্ত
সঞ্চালন বাঢ়ি গৈছিল ক্ৰম
শঃ৷ বিশাল বালিময় সমুদ্ৰ সৈকতত
স্ফীত বক্ষ আৰু উৰু প্ৰকট কৰি চকুত সহস্ৰ আকুল অতীন্দ্ৰিয় আৱেদন সানি পৰি ৰোৱা
মডেলবোৰ
আলোচনীৰ পাত লুটিয়ালে তেজৰ গৰম সোঁত বৈছিল চলিহাৰ
দেহত৷ তেওঁৰ বেছিকৈ ভাল লাগিছিল লানা ৰ
জ আৰু মিঞা খলিফাক৷ অৱশ্যে মেৰিলীন মনৰোৰ উৰি থকা উদং ফ্ৰকটোৰ সৈতে ৰাজপথত
থকা ভাস্কৰ্যটোৱেও তেওঁ তৃপ্তি প্ৰদানৰ পৰা বঞ্চিত কৰা নাছিল৷ এই যে এদ
ম মানুহে
বৰষু
লে মনৰোৰ ফ্ৰকটোৰ তলত সোমাই
থাকে সেই কথাটোৱে চলিহাক ৰোমাঞ্চিত কৰিছিল৷

তেনে এটা বৰ্ষণমুখৰ
সন্ধিয়াতে নাৰী নিকেতনৰ পৰা ষোড়শী ৰেংছিবন কাৰ্দম ইংতিপি তেওঁৰ কোঠালৈ কাম
বন
কৰিবৰ বাবে আহিছিল৷ নৈতিকতা
, বয়স অথবা সামাজিক প্ৰস্থিতি
সকলো আও
কাণ কৰি চলিহা হৈ পৰিছিল নেশ্বনেল
জিঅ
গ্ৰাফিকৰ এটা হিংস্ৰ শ্বাপদ৷ ৰেংছিবনক সজোৰে ধৰি ফালি-ছিৰি
পেলাবলৈ উদ্যত হ
ওঁতেই ক্ৰমশঃ চলিহাই
অনুভৱ কৰিছিল যে তেওঁৰ গাৰ জোৰ কমি আহিছে
, উশাহ ক্ষী হৈ আহিছে৷ তেওঁৰ ডিঙিত ষোড়শীৰ প্ৰচণ্ড হেঁচা৷ আকস্মিকভাৱে হৈ যোৱা ঘটনাত ভীত, ত্ৰস্ত হৈ তাই একো নাই হৈ দৌৰিছিল৷ ফোঁপাই-জোঁপাই তাই ৰাঘৱেন্দ্ৰ
বৰুৱাৰ কোঠাত ওলালছিলগৈ৷ ঘটনাৰ পাকচক্ৰত বৰুৱায়ো একো ধৰিব পৰা নাছিল৷ এফালে মহানগৰৰ
শাৰীৰ আশ্ৰমখনৰ ভাবমূৰ্তি আৰু চলিহাৰ
কুকাৰ্যই আশ্ৰমখনৰ আৱাসীৰ মাজত সৃষ্টি কৰিব পৰা ভীতি আৰু শংকাই বৰুৱাক কথাতো বেলেগ
ৰূপত ভাবিবলৈ বাধ্য কৰালে৷ আগশাৰীৰ নাগৰিক অমৃতাভ চলিহাক এজন ব
লাৎকাৰী, ঘৃনীয় মানুহ হিচাপে
চিহ্নিত হ
বলৈ দিব নোৱাৰে৷ আশ্ৰমখনৰ লগতে কেইবাটাও এন জি অ
’-ৰ দায়িত্বত থকা চলিহাৰ
এই ঘটনাই এন জি অ
’-কেইটাৰ ফাণ্ডিঙকে ধৰি তেওঁলোকৰ সামাজিক গ্ৰহযোগ্যতা সন্দৰ্ভতো প্ৰশ্নৰ সৃষ্টি কৰিব৷ লগতে বেচেৰী নিস্পাপ ছোৱালীজনীয়ে
চিৰদিনৰ বাবে জে
লৰ বন্ধ কুঠৰীত দিন পাৰ কৰিব লাগিব৷ নাই,
বৰুৱাই সেইটো হ
বলৈ দিব নোৱাৰে৷ বৰুৱাই ইতিমধ্যে মনৰ ভিতৰতে
এটা সিদ্ধান্ত লৈ পেলালে৷ বৰুৱা স
ন্তৰ্পণে কোঠালৈ আহি এডাল ৰছীৰে চিলিং ফেনখনত ওলোমাই দিলে চলিহাৰ মৃতদেহ৷ কাষতে থকা নোটবুকখনৰ পাত এটা
ফালি তাত চলিহাৰ দৰে আখৰেৰে লিখে- 
“ আই এম ৰেছপঞ্চিবল ফৰ মাই
ডে
থ৷ আই এম টায়াৰ্ড অৱ লাইফ’’৷ চলিহাৰ কাষত তেতিয়াও থৰথৰকৈ
কপি আছিল ৰেংছিবন কাৰ্দম ইংতিপি৷

উপসংহাৰ :  বাতৰি
কাকতত বৰ বৰ হৰফেৰে হেডলাইন ছপা হয়৷ নিঃসংগতা আৰু বাৰ্ধক্যত বিশিষ্ট নাগৰিকৰ
আত্মহত্যা৷ দুই এখন কাকতত চৰ্চা হয় যে চলিহাৰ মৃত্যু আত্মহত্যা নহয়৷ ই হৈছে সম্পত্তিৰ
লোভত ঘনিষ্ঠৰ দ্বাৰা সংঘটিত হত্যাকা
ণ্ড৷ ৰাঘৱেন্দ্ৰ বৰুৱাৰ
উপন্যাসখনৰ এ
ণ্টি হিৰইক নায়কো আচলতে চলিহাৰ
দৰেই৷ কথক নীলা
ঞ্জনে ভাবে,লতে বৰুৱাই এই সকলোৰে প্ৰত্যক্ষদৰ্শী। সেয়ে হয়তো বৰুৱাৰ প্লটতো এই ঘটনাৰ
পেৰেলেলবিদ্যমান৷ ৰাঘৱেন্দ্ৰ
বৰুৱায়ো হয়তো তেওঁৰ
অশ্বথামা হতউপন্যাসৰ
কাহিনীটো বহুতকে শুনাব৷ হয়তো ৰাব টিট ষ্ট্ৰিটটো তেওঁৰ উপন্যাসৰ চৰিত্ৰৰ আলমত পো
ছাক পৰিধান কৰি মানুহবোৰ গোট খাই উপন্যাসৰ চৰিত্ৰবোৰৰ সংলাপ আওৰাব৷ ছালমান
ৰুশ্বডিয়ে কোনোবা লেখকৰ প্লট আৰু থিম-
ত অতিষ্ঠ হৈ আই হে’ট ইট ৰীডাৰ্ছ’’ বুলি কোৱাৰ দৰে বৰুৱাৰ
কাহিনীকো কোনোবাই
দাঁত ভঙা যেন পাব পাৰে৷ কিন্তু ৰাঘৱেন্দ্ৰ
বৰুৱাৰ তাক লৈ কোনো মূৰৰ বিষ
 নাই৷

***

ফোন : ৯৮৬৪৪৫০০৬৪