নিফুট পৰাণ

গীতিমণি গোস্বামী (বৰঠাকুৰ)

টানকৈ বন্ধা বক্ষবন্ধনীডালে তাক অসুবিধাত
পেলাইছে৷ দুঘণ্টা সময় তাৰ লগত লাগি থকা মেক্‌ আপৰ মানুহজনো আন
 ভাৱৰীয়াক
সজোৱাত ব্যস্ত৷ পিঙৰ পৰা এৰাই যোৱা চাদৰৰ আঁচলটো সযতনে এক ভঙ্গিমাৰে দাঙি লৈ সি
 ছোঁ-ঘৰৰ
ভগা আইনাখনত নিজক চালে৷ বৈ পৰা দীঘল ভ্ৰূ
, নীলা বৰণৰ দুটা আৱে‍দনময় চকু, ৰক্তিম অধৰ, উন্নত স্তনযুগল, খামুচীয়া কঁকাল… তাৰ
নিজকেই অচিনাকি যেন লাগিল৷ ভীমৰ ভাও লোৱা গজাননে হঠাৎ ক

পৰা আহি জানো তাৰ গালত শকত মোছকোচা ঘঁহাই কৈয়েই পেলালে
— ‘‘পাগল
কৰিহে এৰিবি দেই মইনা
!” সি লাজকৈ হাঁহিলে৷ পাঞ্চালৰ জীয়ৰী পাঞ্চালীৰ
ভাও তাৰ৷ তাৰ খোজত তাৰ মাতত পাঞ্চালী
, প্ৰেমিকা পাঞ্চালী আৰু বাস্তৱৰ আঘাতত ফণা তুলি উঠা পাঞ্চালী৷

নাৰীৰ ভাও দিবলৈ লোৱা অৱশ্যে তাৰ বেছি দিন হোৱা
নাই৷ তেজবেলি পুতনাৰ ভাও লোৱা অৰ্জুন হঠাৎ বেমাৰত পৰাত খৰখেদাকৈ তাকে দায়িত্ব
দিলে৷ বচন বৰ বেছি নাছিল
, কিন্তু নাৰীৰ পাৰ্ট! নাৰীৰ সাজ, মাতত নাৰী, খোজত নাৰী, অংগীভঙ্গীত নাৰী… সহজ
নাছিল৷ ঠুঁটিয়াবলৈ ধৰা দাঢ়ি-মোছবোৰ চু
চি-মাজি চিকুণ কৰি লোৱাৰ পাছত, সজাই পৰাই লোৱাৰ পাছত
মানুহেৰে গিজগিজাই থকা ভাওনাৰ খলাত প্ৰৱেশৰ মুহূৰ্তত তাৰ গোটেই হাত-ভৰিবোৰ অজান
আশংকাত জিনজিনাই উঠিছিল৷ থাপনালৈ দীঘল দি সেৱাভাগ আগ বঢ়াই উঠি কেনেকৈ জানো সি
দেহে-মনে পূৰ্ণাংগ নিখুঁত নাৰী হৈ পৰিল৷ কাঁহ পৰি জীণ গ

ভাওনাঘৰ৷ কোমল মাত
, আদৰ সনা ব্যৱহাৰ, শিশু কৃষ্ণলৈ সঁচা-মিছা মৰমৰ
ধাৰ থকা কুন্দত কটা এটা নাৰী ৰূপ৷
 ‘কোন? কোন! এইটো অ চেপা ফুচফুচনি দৰ্শকৰ মাজত৷’’

কেলেই,
আমাৰ মহেন্দ্ৰৰ পুতেক মইনা আক
’!” কাণৰ কাষত ফুচফুচাই জনাজনে নজনাজনক কবলগা
ল৷

কৰোঁতে পাঁচ বছৰমান বয়সৰ পৰাই সি শিশুকৃষ্ণ, প্ৰহ্লা, একলব্য আদিৰ ভাও লৈছিল৷
শিকাই বুজাই বিশেষ দিবলগা হোৱা নাছিল৷
 সত্ৰীয়া পৰিৱেশ, জন্মৰ পৰা দেখি অহা ৰাসভাওনা
সিহঁতৰ তেজতেই প্ৰৱাহিত৷ ৰাতি ৰাতি ভাওনাৰ আখৰা চোৱা, খেলৰ লগৰীয়াৰ লগত ভাওনা
ভাওনা খেলা
, ঘৰৰ চোতালত, মজিয়াত অসুৰ দৈত্য দানৱৰ খোজৰ ভংগিমাত খোজ কঢ়া, বচন মতা… শৈশৱৰ এছোৱা
তেনেকৈয়ে পাৰ হ
ল৷ কিন্তু নাৰীৰ ভাও লোৱা… সীতা, ৰুক্মিণী, ৰাধা হোৱাৰ অনুশীলন কেতিয়াও তাৰ কৰা হোৱা নাছিল৷ প্ৰথম বাৰ কৰা নিখুঁত অভিনয়ৰ
পাছতে তাৰ বোধ হ
ল ভিতৰত গজি উঠা পুৰুষ সত্তাটো অলপ সময়ৰ বাবেও
সলাই নাৰী হোৱাটো টানেই নহয় অক
ল্পনীয়ভাৱে জটিল বা দুৰূঢ়৷
অন্তৰ্ভাগৰ গোপন চামনি গুচাই নাৰীসুলভ কম
নীয়তাৰে নিজক সজোৱা কঠিন শিলাস্তৰৰ
ভিতৰত কোমলতা বিচৰাৰ লেখীয়া কথা৷ কিন্তু সি
 পাৰিছিল৷ তাৰেই পৰিণতিত ভাওনা
ঘৰ নিৰ্জন পেলাই সমন্বয়ৰ স্থলীত হাতত মালা লৈ অজুৰ্নৰ চকুত চকু থৈ পাঞ্চালীৰূপী সি
গাইছিল
— “হে প্ৰিয়ে! অতকালে কৰি থকা মোৰ পূজা, সাঁচি থকা অনন্ত হেঁপাহ আজি
পূৰ্ণ হোৱাৰ পথত…
 গিৰ্জনি মাৰি হাঁহিছিল ফুলকুমলীয়া
ৰাবোৰে৷ বিস্ফোৰিত সলাজ নয়নেৰে চাইছিল গাঁৱৰ গাভৰুজাকে৷
চাদৰৰ আঁচলেৰে
 মু
ঢাকি মিচিকিয়াইছিল গাঁৱৰ বুঢ়া
মেথাই৷ সীতাৰ বিলাপ যশোদাৰ
ভক্তিৰস বিগলিত প্ৰাৰ্থনাৰ অন্তৰস্পৰ্শী অভিনয়ত উচুপনিত বুৰ গৈছিল৷ ভাওনা ঘৰ৷
সেইখন গাঁও নালাগে সাতোখন গাঁও ভাগি আহিছিল তাৰ অভিনয় চাবলৈ৷ জাউ
ৰিয়ে‍ জাউৰিয়ে‍ হাত চাপৰিৰ শব্দত সি ক্ৰমাৎ
জীয়া নাৰী এজনী হৈ পৰিছিল৷ কিন্তু ভাওনাৰ অন্তত সি সেই নাৰী স
ত্তাৰ চাপটো
পাৰ্যমানে মোহাৰি অধিক পুৰুষ হ
ব বিচাৰিছিল৷

দিহিঙৰ সিপাৰে বিস্তৃত অঞ্চল জুৰি আছিল সিহঁতৰ
খেতিপামখন৷ ৰাতি ৰাতি সি পিতাকৰ লগত ৰখীয়া হৈ থাকে৷ পিতাক নথকা ৰাতিবোৰত সি লুকাই
চুৰকৈ ওচৰৰ মিচিং গাঁওখনলৈ গৈ ছাই
দৰ সোৱাদ লয়৷ অকটা, ভাল নলগা তথাপি সি খায়৷ পুৰুষ-পুৰুষ
গোন্ধটো হেৰাই যোৱাৰ আশংকাত গোলাপী গালৰ মিচিং গাভৰুকো জোকাই চায়৷ সিহঁতৰ সঁহাৰিয়ে
তাৰ পুৰুষত্বৰ এটা টোকৰ হৈ তাক প্ৰশান্তিৰ এচিকটা আনন্দ দিয়ে৷

‘‘ভাওনাই
পেট নভৰায়, কিবা এটা কৰ
’’— মাকে কৈছিল৷ ভাওনা মতলীয়া উৰণ মনটোক বন্ধা টান
হৈছিল তাৰ বাবে৷ আৱেগৰ চাকনৈয়াত উটি-ভাহি মাজত বাস্তৱৰ কঠোৰ আ
ঘাতো লাগিবলৈ আৰম্ভ কৰিছিল৷ তিনিআলিৰ চাংখনত বহি আড্ডা মৰা বন্ধুমহলো হেৰাইছিল ক্ৰমে ক্ৰমে৷ জীৱনৰ
এটা স্থায়ী ঠিকনা বিচাৰি সিও চলাথ কৰিলে৷ অভিনয়ৰ এনে কৰ্কশ-
নিৰস
পাঠবোৰক অধিক গধুৰ কৰাত তাৰ শিক্ষা-
দীক্ষাও আধৰুৱা হল৷
নতুনকৈ গঢ় লোৱা চহৰখনৰ কাষতে সি ভাওনাৰ সামগ্ৰী পোৱা এখন দোকান খুলিলে৷ লখিমী
পোছাক ভাণ্ডাৰ
 নীলা ছাইনব’ৰ্ডত জিলিকি উঠিল সেই নাম৷

খেতি উঠাৰ পাছত গাঁৱে গাঁৱে নাট মেলা আৰম্ভ হয়৷
নাট ভাওনাৰ বতৰত তাৰ ব্যৱসায় ভাল চলে৷ আগেয়ে দূৰ-দূৰণিলৈ ভাওনাৰ পোছাক বিচাৰি
যোৱাসকলে ওচৰতে ভাওনা সামগ্ৰী পাই ভাল পালে৷ অৱশ্যে একেলগে তিনিখন ভাওনাত পোছাক
যোগান ধৰিব নোৱৰাত সি ব্যৱসায়টো
 বহলোৱাৰ কথাও ভাবিলে৷ তদুপৰি কিছুমান পোছাক
যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ এৰাৰ ব্যৱহাৰৰ পাছত পুনৰ ব্যৱহাৰৰ উপযোগী হৈ নাথাকে৷ অসুৰৰ
ভাবত ছিগা পাদুকা
, গাৰ পৰা অযথা লম্ফ-জম্ফত বাহিৰ হোৱা অকটা গোন্ধৰ কাপোৰ সাজ, অদক্ষ অভিনেতাৰ নিগ্ৰহত
মুণ্ডচ্ছিন্ন দাঢ়ি
, চুলি ভাগি-ছিগি যোৱা অস্ত্ৰ-শস্ত্ৰবোৰ ঘূৰাই
দিয়া কোনো কোনোখন গাঁৱলৈ সি পোছাক দিয়াই বন্ধ কৰে৷ ভাওনা বলিয়া তাৰ প্ৰাণটো কিবা
এক উদাসীনতাই আৱৰি ধৰে৷

ভৰত বায়নৰ ভাগিনীয়েক ললিতাই নতুনকৈ স্থাপন হোৱা
স্কুলখনত মাষ্টৰনী চাকৰি পাইছে৷ মতাকালু ছোৱালী, গুৰু-গোসাঁই নমনা স্বভাৱ৷ ফোঁ
-ফোঁৱাই তাৰ দোকানৰ সমুখেদি চাইকেল চলাই স্কুললৈ যায়৷ ৰাতি ৰাতি বায়নে শিৱৰ প্ৰসাদ
এভাগ ধৰে৷ সিও লগৰীয়াৰ
 সৈতে তেওঁৰ জুহালতে বহেগৈ৷ ৰসৰ ভাণ্ডাৰ বায়ন৷ কথাত পাক লাগে৷ প্ৰসাদভাগিৰ কৃপাত মনটো ৰঙীয়াল হৈ
উঠে৷ নিচা ভাগে মানে ৰাতি দুপৰ হয়৷ কথা নাই বতৰা নাই বিস্ফাৰিত চকু এহালে এদিন
সিহঁতৰ মিঠা আমেজকণ ভাঙি দিলে৷ ছেদেলি-ভেদেলি হৈ ল
ৰামখা
পলাল৷ তল
মূৰ কৰি বায়নৰ কাষত সি বহি ৰল৷ দুঃশানৰ
সমুখত গৰজি উঠা জ্বালামুখী দ্ৰৌপদীহে যেন৷ তাৰ ভিতৰখনক জোকাৰি পেলাব পৰা ললিতাৰ
কথাবোৰ ভাওনাৰ সংলাপৰ দৰে সি মন দি শুনিলে৷
 কিয় খাবলৈ আহাঁ এই গেলাসোপা?” মাতটো খহটা, সাহটো কোমল৷
কঠুৱা হাতেৰে বন্ধা কোমল মহন লাডু যেন৷ খাওঁতে হাতখন মনত নপৰে৷ শিৱৰ প্ৰসা
ভাগি
দূৰৈত থৈ সি বায়নৰ খোলৰ ছেৱত হাত উজান দিয়ে৷ নিটাল মাৰি শুই থকা কোমলতাৰ
 আবিৰকণ মনত ঘঁহিবলৈকে ৰাতি ৰাতি বায়নৰ ঘৰলৈ বাট
লৈছিল সি৷ বায়নে তাৰ মনৰ কথা পঢ়িলেও পিছে
 সিহে মুখ খুলি একো নক’লে৷ এদিন ললিতাই নিজে
উলিয়ালে৷

মাইকী
নে মতা তুমি
? নিম বুলি ভাবিছা যদি মোমায়েৰাকক নোকোৱা কিয়?”

ভিতৰৰে সৈতে কঁপি উঠিল সি৷ নবজা তাঁৰ এডাল টেং কৰি বাজি উঠিল৷ লুকাই থকা ঘাডোখৰত আৰু আঘাত লগাৰ
ভয়ত পিছ নিশা চাইকেলৰ কেৰিয়াৰত বহুৱাই ললিতাক তাৰ ঘৰ পোৱালেগৈ৷ পিৰালিৰ
 মূৰত…
সংকোচ ক
ৰাৰ পৰিৰ্ৱতে বাহিৰত দুৱাৰখন হেচুকি ঠেলি সি বৰঘৰ পালেগৈ৷ হটঙা,
গায়ে-গাৰীয়ে মতা,
 ওখ-পাখ গজেন্দ্ৰ চেহেৰাৰ
ললিতাৰ গাত ললিতা বোলা শব্দৰ গোন্ধ মাত্ৰও যে পাবলৈ নাই কম সময়তেই সকলোৱে বুজি
পালে৷

মাষ্টৰনী ললিতাক যুক্তি-তৰ্কত বলে পৰা মানুহ
নাই৷ চিধা কথা
, অকাট্য যুক্তি, না বুৰিলে‍ টিঙৰ
পৰা ননমা স্বভাৱ৷ মাকৰ লগত চুপতা-চুপতি
 দগাপাল্লাৰ
মধ্যবিন্দুত যি বহি থাকে৷ না হা না না ঘৰখনৰ আয়ৰ প্ৰধান উৎস ললিতাই সাম্ৰাজ্ঞী হৈ
গপত
 ফন্দি
থাকে৷
 অস্বস্তিকৰ এই সময়বোৰত বায়নৰ ঘৰৰ শিৱৰ প্ৰসাদভাগি লৈ সি আৱেগত কৈ উঠে

বান্ধৈ
এইভাগ নহ
লে দিনতে এন্ধাৰ এন্ধাৰ লাগে অ’।”

খেতিৰ অন্তত গাঁৱত নাট মেলে৷ মাজৰাতি
আখৰাৰ পৰা উভতি আহোঁতে কিবা এক বিকৰ্ষণে তাৰ ভিতৰখনক লেহেম আৰু গতিহীন কৰি তোলে৷
শৰতৰ শুকুলা ডাৱৰ বি
চ্ছুৰিত ৰাতিৰ
আকাশখনলৈ চাই তাৰ নিজকে ডেউকা ভগা চৰাই যেন লগা হয়৷ ভাওনাৰ চৰিত্ৰবোৰ হৈ সি সমস্ত
আৱেগ-আকুলতা অন্তৰ উজাৰি ঢালি দিয়ে৷ ভিতৰৰ ৰসেৰে লুতুৰি-পুতুৰি হৈ জীৱন্ত হয় তাৰ
সংলাপ প্ৰক্ষেপণ৷ গৰ্ভৱতী সীতাক
 ফুৰাৰ ছলেৰে লৈ আহিছে ভাতৃ লক্ষ্মণে উজ্জ্বল শ্ৰীকান্তিময়
বদন নিমিষতে শুকাই বৈ আহিছে চকুলোৰ নিছিগা ধাৰ৷ লক্ষ্মণে জনাই দিছে বনাগমনৰ প্ৰকৃত
লক্ষ্য আৰু সত্য৷ জড়তাহীনভাৱে সীতাৰূপী তাৰ চকুৰ পৰা কলিজা ফাটি বৈ আ
হিছে
চকুলো৷ পি
তৃপৰিচয়হীন লৱ-কুশই মাতৃ সীতাৰ পৰা
পিতৃৰ পৰিচয় বিচাৰিছে৷ দুহাতেৰে বুকুত সাবটি হুক্‌হুকাই কান্দিছে সীতাই৷ মাতৃৰ
ক্ষমতাৰে কাতৰ হৈ পৰিছে তাৰ পুৰুষ প্ৰাণ৷ শিশুপ্ৰাণৰ কোমল
 গোন্ধত বিগলিত হৈছে পুৰুষ বুলি তাৰ মনত লাগি থকা
সকলো কঠোৰতা৷
 

পুঁৱতি নিশা ভাওনাৰ অন্তত শিশুৰ কোমল গোন্ধ এটা
মন-মগজুত ৰোপণ কৰি সি শোৱ
নি কোঠাত সোমালহি৷ বেৰলৈ মুখ কৰি শুই থকা ললিতাক
তাৰ ক
লা গোণামহ এটা যেন লাগিল৷ এক কঠিন, এক অসহ্যকৰ
বাস্তৱ৷ হঠাৎ ক
ৰ পৰা জানো সাতোটা দৈত্যৰ অপাৰ শক্তিৰে সি
অদমনীয় পুৰুষ হৈ পৰিল৷ কঠিনতাৰ বুকু খান্দি বিচৰা এখন খৰস্ৰোতা নিজৰাত সি ঘণ্টা
জুৰি উটি-ভাহি ভাগৰত শুই পৰিল৷

এদিন কোমলমতীয়া বগা লৰা
এটাৰ সি বাপেক হ
ল৷ পুৰুষৰ সকলো অধিকাৰেৰে সি ঠন ধৰি উঠিলেও
ললিতাই তাৰ হতুৱাই কৰোৱা
 কামবোৰে তাক খহাই আনে৷ পুৱাতেই চাকৰিলৈ ওলাই যোৱা
ললিতাৰ তিয়নি মেলাৰ পৰা ল
ৰাৰ আলপৈচান ধৰা, পাকঘৰৰ দায়িত্ব লোৱা… কৰবাত
ভাগৰি পৰে সি৷ কিবা এক আঘাত আঘাত…। সি নিজক ঢাকিবৰ নাটক ৰচিলেও অৱশেষত চিৰন্তন
কোমল
 মতাময়ী
মাতৃৰূপটোৱেই প্ৰকট হৈ পৰে৷ জঠৰতাহীনভাৱে দুগুণ জীৱন্ত ৰূপত ধৰা দিয়ে নাৰী চৰিত্ৰৰ
ভাও৷ যুগাৱধি বৰ্তি থকা নাৰীমনৰ ক্ৰন্দন
, দ্বন্দ্ব, বেদনা আখৰা নকৰাকৈ স্বতঃস্ফূৰ্তভাৱে তাৰ নিজৰ
ভিতৰৰ পৰাই ওলাই আহে৷
 

সেই ক্ৰন্দনৰ নেগুৰত ধৰি সি গৈ থাকিল বহু বছৰ৷
অন্ধ গান্ধাৰী হৈ সি সাতখুন মাফ কৰিলে ক্ৰমাৎ ললিতাৰ আদৰত উদণ্ড হোৱা তাৰ
পুত্ৰধনক৷ বুকুত খোপনি পুতি থোৱা লৱ-কুশৰ
, শিশু কৃষ্ণৰ কোমল অধৰ আৰু দেহ-মন জুৰোৱা সুৰভিৰ
ঠাইত সি তাৰ পুত্ৰৰ শৰীৰত পালে মাদক দ্ৰব্যৰ নিকৃষ্ট গোন্ধ৷ গৰ্বিত
 দুৰ্যোধন, বেইমান, দুঃশাসনৰ ৰূপ লোৱা পুত্ৰক তাৰ
ভীম হৈ ভাঙি দিবৰ মন গ
ল উৰু৷ কিন্তু সি নোৱাৰিলে, বৰং কুন্তী হৈ সুতপুত্ৰ কৰ্ণৰ ওচৰত
উচুপি বিচাৰিলে পুত্ৰ পঞ্চপাণ্ডৱৰ জীৱন৷ পুত্ৰমো
হত অন্ধ ললিতাৰ লগত সুৰ মিলাই অন্ধ গান্ধাৰী ৰূপী সি আত্মগ্লানি
আৰু আত্মদ্বন্দ্বত এদিন নামঘৰৰ মজিয়াত পুত্ৰৰ কৃতকৰ্মৰ বাবে ৰাইজৰ আগত আঁঠু ল

লগাও হ
ল৷ ভৰ ৰাজসভাত বিবস্ত্ৰা দ্ৰৌপদীৰ কঠোৰ বাণীত লজ্জানত
ভীষ্মৰ দৰে
 মু
হৈ পৰিল অৱশিষ্ট পুৰুষত্ব তাৰ৷

ক্ৰমাৎ সাংসাৰিক এক নিৰাসক্তিয়ে, এক বৈৰাগ্য চেতনাই
তাক বেঢ়ি ধৰিলে৷ ইতিমধ্যে বাঢ়ি গৈছিল পুত্ৰৰ নৈতিক
 স্খলন৷
অসহায় পুতিগন্ধময় ঘৰুৱা পৰিৱেশ৷ বিপৰীতে ঈশ্বৰতত্ত্বৰ ছত্ৰছায়াত সি অনুভৱ কৰিলে
প্ৰশন্তিৰ এক বিমল আনন্দ৷ জলসদৃশ মোহৰ নিছিগা জলধাৰত নিজক উটুৱাই দিয়াতকৈ তেওঁ যেন
গাখীৰ প্ৰস্তুত
 দৈ হৈ কেৱল পঙি
ল৷ মিহলি হোৱাৰ ইচ্ছা এটাও লাহে লাহে নোহোৱা হল৷
কৃষ্ণৰ আকুল সুৰ-তৰংগত মত
লীয়া হোৱা গোপীৰ দৰে বান্ধৱক দলিয়াই সদানন্দময়
ঈশ্বৰ প্ৰীতিত সি মতলীয়া হৈ পৰিল৷ পোছাক ভাণ্ডাৰৰ ওচৰত চালি এখন সাজি আৰম্ভ হ

তাৰ এ
কাকী জীৱন৷ বৈষয়িক জঞ্জাল, সামাজিক গ্লানি, তিৰোতা
সেৰুৱা
চাপৰ
পৰা বহু দূৰত এক নিৰাপদ
, নিজৰ ধৰণেৰে জীয়াই থাকিব খোজা জীৱন৷

হঠাৎ মহামাৰীৰ সংক্ৰমণৰ বাবে দেশজোৰা তলাবন্ধ৷
ভাওনা-সবাহ দোকান-পোহাৰ সকলো বন্ধ৷ কলিৰ শেষত যেন
 কল্কি আৰ্বিভাৱৰ সময় সমাগত৷ বন্ধ পোছাক ভাণ্ডাৰ৷ প্ৰাচীন শিলা
হৈ ওলমি থাকিল পোছাক ভাণ্ডাৰ কাপোৰবোৰ৷ স্পৰ্শহীন ধূলিৰ চামনি অভিনেতাবোৰৰ চুলি
, মোছ, পাদুকাত৷ ভাগৰুৱা যেন সকলো প্ৰাচীন মিথ্‌, ধৰিত্ৰী কঁপোৱা কণ্ঠ, হৃদয়স্পৰ্শী
সংলাপ৷ ক
ৰবাত ৰৈ গ’ল সি৷ ভূমিৰ পৰা ভূমালৈ‍ উধা খোজা খোজবোৰ তাৰ বাৰে বাৰে খহি পৰিছে৷ এদিন আহি
ললিতাই কোনো দিনে ঘৰৰ পিনে
 মূৰ নকৰিবলৈ দবিয়াই থৈও গলহি৷
ক্ৰূৰ দৃষ্টি
, খহটা কণ্ঠৰ আগত তাৰ বৈৰাগ্যৰ পোছাকযোৰ কৰবাত
ফিচিকি পৰিল৷ ৰাতি ৰাতি ওলোমাই থোৱা খোলটো নমাই বহু ৰাতিলৈকে বজাই থকা হ

সি৷ ভক্তি ৰসেৰে সিক্ত প্ৰাৰ্থনাবোৰ ক
ৰবাত খুন্দা খাই উচুপনি হৈ
ৰৈ
 গ’ল৷

শৰতৰ জোনালী পৃথিৱী৷ ৰাস পূৰ্ণিমা, স্নিগ্ধ ধৱল ৰাতিৰ নীৰৱতাত
কেৱল অপাৰ প্ৰকৃতিৰৰ শব্দৰ পয়োভৰ৷ দোকানৰ দুৱাৰ খুলি সি ওলাই আহিল৷ মোহন কৃষ্ণৰ
প্ৰেমৰূপত জন্ম সমৰ্পণ কৰিব আজি অসুৰ আত্মাই৷ কং

পোছাকযোৰ পিন্ধি সি
 হাতত তুলি ললে অসুৰৰ গদা আৰু তৰোৱাল৷ ওলমি থকা খোলটো
কান্ধত লৈ আৰম্ভ কৰিলে দ্ৰুত পদচালনাৰ যুদ্ধৰ ছন্দোময় ছেও৷ আবিৰত খোলৰ ছেওৰ তালে
তালে অন্তহীন যুদ্ধৰ গতি৷ চকুৰ আগত ভাহি আহিল নামঘৰত গিজগিজাই থকা ভাওনাবলীয়া অনেক
চিনাকি মুখ
, হাত চাপৰিৰ শব্দত তল-ওপৰ কৰা মাটি, উৎসুক উৎকৰ্ণ কাণ, বিষ্ফাৰিত চকু৷ হাত ফাটি তেজ
বিৰিঙি উঠিল তাৰ। টনটনাই উ
ঠিল ভৰিৰ আঙুলি, কলাফুলৰ মাংসপেশী৷ কিন্তু
স্তব্ধ নহ
ল সি৷ আজি অসুৰ ব ভাওনা অসুৰৰ তেজৰ সমুখত ছিটিকি
পৰিব লাগিব তাৰ কোমল প্ৰাণ৷
 

ই কি ভুৱন ভুলোৱা কৃষ্ণৰ হাঁহিৰ ঠাইত গোণা মলৰ
বৰণৰ ললিতা আৰু তাইৰ পুত্ৰ
! সৰ্বশক্তিৰে প্ৰহাৰ কৰিলে সি৷ একাধিকবাৰ৷ উবুৰি
খাই পৰি গ
ল সি৷ কোৱাৰি ফাটি বৈ আহিল তেজ৷ অৰ্ধনিমিলিত চকুৰ আগত ভাহি
উঠিল সুদৰ্শন চক্ৰধাৰীৰ মোহন ৰূপ৷ দো
ৰোল খাই যোৱা জিভাত অস্পষ্ট
দেৱ ভটিমা
 কাল বাঁহীৰ এক অচিন সুৰ তাৰ বুকুৱেদি তেতিয়া
সৰকি গ
ল৷