ভাস্কৰজ্যোতি নাথৰ সমালোচনাত্মক গ্ৰন্থ ‘পাঠ আৰু বীক্ষণ’ : পঠন আৰু পৰ্যালোচনা

অসীম কুমাৰ হাজৰিকা





অসমীয়া
সাহিত্য জগতত এক স্বকীয় অগতানুগতিক
, আপোচহীন
স্থিতিৰে ভাস্কৰজ্যোতি নাথ জিলিকি উঠিছে। নাথৰ সমালোচনাত্মক গ্ৰন্থ “পাঠ আৰু
বীক্ষণ” নির্মোহ সমালোচনাৰে সমৃদ্ধ এখন উল্লেখযোগ্য গ্ৰন্থ।
  বিশ্ব
সাহিত্যৰ কালজয়ী সাহিত্য কৰ্মৰ ওপৰত অধ্যয়ন পুষ্ট অৱলোকন আৰু
  বিংশ
শতিকাৰ সাহিত্য তত্ত্বৰ তাত্ত্বিক বিশ্লেষণ
 পাঠ আৰু বীক্ষণৰ মূল উপজীব্য। লগতে, উত্তৰ-পূব
ভাৰতীয় ইংৰাজী সাহিত্যৰ পৰ্যালোচনাই
 পাঠ আৰু বীক্ষণৰ পৃষ্ঠাত ঠাই পাইছে। অসমীয়া
কাব্য সাহিত্যত ৰমন্যাসবাদৰ যথাৰ্থতা
,
 সামাজিক চেতনা  ইত্যাদিৰ
দিশতো নাথ সচেতন। সমালোচকৰ সমালোচনাত সততে অগ্ৰাধিকাৰ নোপোৱা এনেধৰণৰ বিষয়বস্তুৰ
নিৰ্বাচন কৰি নাথে দেখুৱাইছে অসমীয়া সাহিত্যৰ প্ৰতি থকা গভীৰ দায়বদ্ধতা।
 পাঠ আৰু বীক্ষণৰ মাজত কিছুমান লেখাত উত্তৰ
ঔপনিৱেশিক তত্ত্ব
,
 মাৰ্ক্সবাদ, মনস্তত্ত্ব
ইত্যাদিৰ ভেঁজা লৈ নাথে আলোচনা কৰিছে অসমীয়া উপন্যাস আৰু গল্পৰ। এনেয়েও এনেধৰণৰ
গ্ৰন্থৰ সংখ্যা অসমীয়া ভাষাত খুব সীমিত।
 গভীৰ
অধ্যয়ন আৰু অনুসন্ধিৎসু গুণ নাথাকিলে এনেধৰণৰ বিশ্লেষণ সম্ভৱপৰ নহয়।
 পাঠ আৰু বীক্ষণৰ জড়িয়তে নাথে আমাক আশাৰ বাট
দেখুৱাইছে। আশা কৰিব পাৰি- বৌদ্ধিক চিন্তাৰ স্বকীয় মহিমাৰে অসমীয়া সমালোচনা জগতক
নাথে সমাগত সময়ত সমৃদ্ধ কৰিব।

 এজন
ভাল সাহিত্য সমালোচকৰ কিছুমান প্ৰধান গুণ থাকিব লাগিব।
  সাহিত্যৰ
প্ৰতি গভীৰ বুজাবুজিৰ লগতে সাহিত্যৰ ইতিহাস
, তত্ত্ব, বিভিন্ন
ধাৰাৰ বিস্তৃত জ্ঞান থকাটো খুবেই প্ৰয়োজনীয়। বস্তুনিষ্ঠতা আৰু নিৰপেক্ষতা
এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ
, যাৰ ফলত
ব্যক্তিগত পক্ষপাতিত্ব অবিহনে ৰচনাসমূহৰ মূল্যায়ন কৰিব পাৰে।
  গ্ৰন্থৰ
ব্যাখ্যাত সূক্ষ্মতা
, স্পষ্ট অন্তৰ্দৃষ্টি  আৰু
বুজাব পৰাকৈ প্ৰকাশ কৰাৰ ক্ষমতাৰ লগতে সমালোচকৰ শক্তিশালী বিশ্লেষণাত্মক দক্ষতা
থাকিব লাগিব। এই ক্ষেত্ৰত ভাস্কৰজ্যোতি নাথে আমাক প্ৰত্যয় জন্মাব পাৰিছে।
 ভাস্কৰ
জ্যোতি নাথৰ “পাঠ আৰু বীক্ষণ”গ্ৰন্থই অসমীয়া সমালোচনা সাহিত্যৰ জগতত এক ৰ
দবৰণীয়া পথৰ সম্ভেদ দিছে। নাথে তত্ত্বক বাট দেখুওৱা পোহৰ হিচাপে
ব্যৱহাৰ কৰিছে। বাট হিচাপে তত্ত্বক আকোঁৱালি লোৱা নাই।
  দিকবিদিক
হেৰুওৱা এখন সমাজৰ
  নৈৰাজ্যৰ গতি
ৰোধ কৰিবৰ বাবে সমালোচনাৰ ক্ষেত্ৰতো মানবীয়তা
, ঐতিহ্য আৰু
শিপাৰ গুৰুত্বক প্ৰাধান্য দি তেওঁ বিশ্লেষণ কৰিছে। নাথৰ স্ব-ব্যাখ্যা আৰু
পৰ্যালোচনা মৌলিক চিন্তাৰ ফচল। এয়া কোনো প্ৰখ্যাত তাত্ত্বিকৰ শ্ৰুতলিপি নহয়। উত্তৰ
আধুনিক যুগীয় তিৰবিৰ চেতনাৰ পোহৰত উদ্ভাসিত নাথে লেখাসমূহত
  তুলনাত্মক
অধ্যয়নৰ প্ৰতি যি বিনম্ৰ আগ্ৰহ দেখুৱাইছে সেয়া নি:সন্দেহে পাঠক সমাজক আলোকৰ পথ
দেখুৱাব।
 

পাঠ আৰু বীক্ষণ গ্ৰন্থৰ এটা
মননশীল প্ৰবন্ধ
 বাদ আৰু বিবাদ, আমি
কি কৰিম”ৰ মাজত নাথে উপলব্ধি কৰিছে যে সাহিত্যৰ আলোচনা প্ৰসংগত
 তত্ত্ববোৰে আমাক সমৃদ্ধ কৰিব
সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত সম্প্রতি অলেখ তত্ত্ব প্রকাশ পাইছে যিবোৰৰ উপলব্ধি আৰু
বৌদ্ধিক কচৰৎে আমাৰ সাহিত্য সমৃদ্ধ কৰিব। নাথে একান্তই বিশ্বাস কৰে যে
 তত্ত্বই
সমালোচকসকলক সাহিত্যিক গ্ৰন্থসমূহ পদ্ধতিগতভাৱে বিশ্লেষণ আৰু ব্যাখ্যা কৰিবলৈ
কাঠামো আৰু পদ্ধতি প্ৰদান কৰে। তত্ত্বই
  সমালোচকসকলক
গভীৰ অৰ্থ উন্মোচন কৰাত
, বিভিন্ন দৃষ্টিভংগী অন্বেষণ কৰাত
আৰু উদাৰ সামাজিক
, ঐতিহাসিক আৰু সাংস্কৃতিক
প্ৰেক্ষাপটৰ গণ্ডীত ৰচনাসমূহক প্ৰসংগভিত্তিক কৰি তোলাত সহায় কৰে।
  নিৰ্গঠনবাদ, উত্তৰ-ঔপনিৱেশিক
তত্ত্ব
, মাৰ্ক্সবাদ, নাৰীবাদ, মনস্তাত্ত্বিক
বিশ্লেষণ আদি তত্ত্বই এক সুকীয়া লেন্স আগবঢ়ায় যাৰ জৰিয়তে সমালোচকসকলে
বিষয়বস্তু
, চৰিত্ৰৰ সংহত বিকাশ, ভাষাৰ
ব্যৱহাৰ পৰীক্ষা কৰিব পাৰে। এই তত্ত্বসমূহৰ ব্যৱহাৰ কৰি সমালোচক নাথে অধিক সূক্ষ্ম
, নিৰ্মোহ
বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিছে যিয়ে পাঠকক নব্য চিন্তাৰ খোৰাক যোগাব। আন এটা লেখাত
যুৱসমালোচক নাথে টি. এছ
 এলিয়টৰ “দ্য ৱেইষ্টলেণ্ডৰ প্ৰসংগ
উত্থাপন কৰি বৰ্তমান সময়ৰ আধ্যাত্মিক সংকটৰ পৰা পৰিত্ৰাণৰ যি উপায়ৰ ইংগিত প্ৰদান
কৰিছে
, সেই
সন্দৰ্ভ আৰু বহল পৰিপ্ৰেক্ষত চিন্তা কৰিবলগীয়া বিষয়।
 

সমালোচক
° গোহাঁই সন্দৰ্ভত নাথে যিটো প্ৰবন্ধ লিখিছে সেয়া
গোহাঁইৰ ব্যক্তিত্বৰ সঠিক মূল্যায়ন ঠিক নহয়
; কিন্তু লেখকৰ
স্বকীয় চিন্তা আৰু ভাল লগা কিছুমান দিশ তাত উনুকিওৱা হৈছে। প্ৰবন্ধটো পঢ়িলে নাথ যে
গভীৰ অধ্যয়নশীল এই কথা প্ৰতিজন মনোগ্ৰাহী পাঠকে অনুধাৱন কৰিব পাৰিব। নির্গঠনবাদ
সন্দৰ্ভত নাথ সমালোচনাত্মক। নির্গঠনবাদক এটা পঠন কৌশল বুলি নাথে কেতিয়াও গণ্য
নকৰে। নাথে একান্তই বিশ্বাস কৰে যে এজন সমালোচকৰ ওপৰতো সামাজিক দায়িত্ব ন্যস্ত
থাকে। আন এটা প্ৰবন্ধত নাথে কবিতাক সমাজ পৰিৱৰ্ত্তন আৰু সংশোধনৰ অস্ত্ৰ হিচাপে
ব্যৱহাৰ হোৱাতো বিছাৰে। অসমীয়া কবিতাত সমাজ সচেতনা সম্পৰ্কে বিশ্লেষণ কৰিবলৈ যাওতে
নাথে
 টেৰী ঈগল্টনৰ প্ৰসংগ উত্থাপন কৰিছে। নাথে অসমীয়া
কবিতাক বিলাসিতাৰ সামগ্ৰী হিচাপে চাব খোজা নাই। এই ক্ষেত্ৰত নাথৰ স্থিতি সুস্পষ্ট।
কবিতা সমাজ-পৰিৱৰ্ত্তনৰ বাহক হ
ব লাগিব। নাথৰ মতে ইংৰাজী
ৰমন্যাসবাদ আমাৰ সাহিত্যত কৃত্ৰিম আৰু বলপূর্বক সংৰোপণ। এই প্ৰসংগত তেওঁ অসমীয়া
ৰমন্যাসিক
 কবিসকলৰ প্ৰসংগ আলোচনা কৰিছে। ১৮৩৫
চনৰ মেকলে মিনিটৰ পিছত ভাৰতত যেতিয়া ইংৰাজী শিক্ষাৰ সম্প্ৰসাৰণ হৈছিল
, ঠিক
তেতিয়াৰ পৰাহে আনুষ্ঠানিক শিক্ষাৰ মাধ্যমত অসমীয়া মানুহ ইংৰাজী
 সাহিত্যৰ
কাষ চাপিছে। ঔপনিৱেশিক শিক্ষাই অৱশ্যে কবিসকলক নিজৰ আধ্যাত্মিক পৰম্পৰাৰ লগত
সংপৃক্ত কৰিছিল। যুৱ সমালোচক নাথৰ পৰ্যবেক্ষণ সূক্ষ্ম। প্ৰখ্যাত কথা-সাহিত্যিক
 হোমেন
বৰগোহাঞিৰ কেইবাটাও গল্পৰ আলোচনা কৰোঁতে নাথে মনস্তাত্ত্বিক পৰ্যালোচনাত গুৰুত্ব
দিছে য
ত অৱস্থিতিবাদী সমস্যাক বিশেষভাৱে প্ৰাধান্য দিয়া দৃষ্টিগোচৰ  হৈছে।
লগতে
, এটা
গল্পৰ মাধ্যমত মানবীয় সংকট প্রসংগত মার্ক্সবাদী সমালোচনাৰ কথাও ব্যক্ত কৰিছে। ঠিক
একেদৰে সাহিত্যৰথী লক্ষ্মীনাথ
 বেজবৰুৱাৰ ব্যংগ
কবিতাৰ বিশ্লেষণ প্ৰসংগত সমালোচক নাথে বেজবৰুৱাৰ পৰা উদ্ধৃতি দি আঙুলিয়াই
দেখুৱাইছে যে দেশৰ সমস্যাত
  সচেষ্ট নহৈ, মৌনতা
অৱলম্বন কৰাৰ উপৰি
 সেই সময়ৰ কোনোবাই যদি দেশৰ প্রসংগত অলপ সচেষ্ট হৈছিল, তাকো
তেওঁ ঠাট্টাহে কৰিছিল।
 নাথৰ লেখাত বিষয়বস্তুৰ গভীৰতা-
উপলব্ধি আৰু স্পষ্ট ধাৰণা পৰলক্ষিত হয় যি সমালোচনাত্মক সাহিত্য-আলোচনাত খুবেই
জৰুৰী। নাথৰ সূক্ষ্ম অধ্যয়নত ঠাই পাইছে
 হৰেকৃষ্ণ ডেকাৰ
কবিতায়ো। ডেকাৰ দুটা কবিতা
 উত্তৰ পুৰুষ আৰু সমুদ্র ভীতিৰ ব্যাখ্যা নাথৰ নিজা। অৱশ্যে, হৰেকৃষ্ণ
ডেকাৰ কবিতাৰ এয়া সঠিক মূল্যায়ন বুলি ক
বলৈ নাযাওঁ কিয়নো
ডেকাৰ কবিতাক বহল প্ৰেক্ষাপটত আলোচনা কৰাৰ প্ৰয়োজন আছে। তথাপিও এই ক্ষেত্ৰত নাথে
দেখুওৱা আগ্ৰহৰ শলাগ লৈছোঁ। ঠিক একেদৰে
,
 পার্বতি
প্ৰসাদৰ গীত আৰু কবিতা বিশ্লেষন কৰোঁতে সমালোচক নাথে স্বকীয় চিন্তা-চেতনাৰে
উদ্বুদ্ধ হৈছে। এই ক্ষেত্ৰত নাথৰ বিশ্লেষণ অনন্য
, চিত্তাকৰ্ষক।
আন এটা প্ৰবন্ধত যোৱা শতিকাৰ সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা কবি আনিছ উজ জামানক নাথে
সেই সময়ৰ অন্যতম শ্ৰেষ্ঠ কবি বুলি আখ্যা দিছে। অৱশ্যে জামানৰ কবিতা সন্দৰ্ভত
সাহিত্য সমালোচকসকলে নাথৰ দৰে উচ্চ প্ৰশংসা কৰা নাই বা পাঠক সমাজৰ মাজতো জামানৰ
কবিতাই ভূয়সী প্ৰশংসা লাভ কৰা নাই। জামানৰ
 কবিতাৰ আলোচনা
কৰি সমালোচক নাথে কবিজনৰ স্বকীয় বিশিষ্টতাৰ দোহাই দি প্ৰশংসা কৰিছে।
 কবিতাৰ কথাত হেৰল্ড ব্লুমৰ প্ৰভাৱৰ
দুশ্চিন্তা
ৰ অৱতাৰণা কৰি কবিয়ে নিজা শৈলীৰে কাব্যসাধনাত ব্ৰতী
হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।
 

নাথৰ পাঠ আৰু বীক্ষণৰ মাজত তুলনাত্মক আলোচনাই
বিশেষভাৱে প্ৰাধান্য লাভ কৰিছে।
 তুলনামূলক
বিশ্লেষণে বিষয়সমূহৰ মাজত সুক্ষ্ম বৈসাদৃশ্য আৰু সাদৃশ্যসমূহ বিৱেচনা কৰিবলৈ এক
গাঁথনিগত কাঠামো প্ৰদান কৰি সমালোচনাত্মকভাৱে সহায় কৰে
, যাৰ
ফলত গভীৰ আৰু অধিক ব্যাপক বুজাবুজিৰ পোষকতা হয়। এই পদ্ধতিৰ দ্বাৰা পাঠকসকলে
তথ্যসমূহক প্ৰসংগক্ৰমে ৰাখিব পাৰে
, যাৰ ফলত প্ৰতিটো
বিষয়ৰ সুকীয়া গুণ আৰু অন্তৰ্নিহিত বিষয়বস্তুৰ মূল্যায়ন কৰাৰ ক্ষমতা বৃদ্ধি
পায়। তুলনামূলক বিশ্লেষণে জটিল ধাৰণাসমূহ কেৱল স্পষ্ট কৰাই নহয়
, পাঠকসকলক
সমালোচনাত্মক চিন্তাধাৰাত লিপ্ত হ’বলৈ
, অনুমানক প্ৰশ্ন
কৰিবলৈ আৰু অধিক সূক্ষ্ম আৰু সুষম দৃষ্টিভংগী গঢ়ি তুলিবলৈও প্ৰত্যাহ্বান জনায়।
ফলস্বৰূপে এই পদ্ধতিয়ে তথ্যৰ নিষ্ক্ৰিয় ব্যৱহাৰক এক সক্ৰিয়
, বিশ্লেষণাত্মক
প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত কৰে
, যাৰ ফলত
সামগ্ৰিকভাৱে পঠনৰ অভিজ্ঞতা সমৃদ্ধ হয়।
 নাথে পাঠ আৰু বীক্ষণৰ পৃষ্ঠাত চিনুৱা আচেবিৰ থিংছ
ফল এপার্ট আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুঈঙ্গম- এই উপন্যাস দুখনৰ
তুলনামূলক অধ্যয়ন কৰিছে। নাথৰ উদ্দেশ্য মহৎ যদিও ঔপনিৱেশিকতাবাদী উপন্যাস হিচাপে
এই উপন্যাস দুখন আৰু অধিক পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব পৰাৰ থল আছিল।
 

ভাস্কৰজ্যোতি
নাথৰ
 পাঠ আৰু বীক্ষণৰ আন এটা উল্লেখযোগ্য প্ৰবন্ধ হ টনী
মৰিছনৰ
 বিলাভেড উপন্যাসখনৰ বহল সামাজিক আৰু
ঐতিহাসিক ধাৰাভাষ্যৰ পৰাও উপন্যাসখনে আলোচনাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।
আফ্ৰিকান-আমেৰিকান অভিজ্ঞতা আৰু দাসত্বৰ উত্তৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি
মৰিছনে পাঠকসকলক আমেৰিকাৰ ইতিহাসৰ এটা বেদনাদায়ক অংশৰ সন্মুখীন হ’বলৈ
প্ৰত্যাহ্বান জনাইছে।
 বিলাভেড”-এ কেৱল এটা
বাধ্যতামূলক কাহিনী কোৱাই নহয়
,
 বৰ্তমান আৰু
ভৱিষ্যতৰ ওপৰত ইয়াৰ প্ৰভাৱ বুজিবলৈ অতীতৰ অন্যায়বোৰ মনত ৰখা আৰু স্বীকাৰ কৰাৰ এক
সোঁৱৰণী হিচাপেও কাম কৰে।
 এই কালজয়ী গ্ৰন্থখন আলোচনা কৰোঁতে
নাথে মন্তব্য পোষণ কৰে যে দাসত্ব
 আৰু অস্তিত্ত্বৰ
সংকট আৰু সংঘাতৰ বিষয় বিলাভেদৰ প্ৰধান বিষয়। গ্ৰন্থখন আলোচনাৰ প্ৰসংগলৈ টানি অনাৰ
বাবে নাথ ধন্যবাদৰ পাত্ৰ। নাথৰ আন এটা প্ৰবন্ধ
 উত্তৰ-পূব ভাৰতত ইংৰাজী সাহিত্যৰ চৰ্চা আৰু ভবিষ্যৎ’-ৰ মাজত বৰ্তমান সময়ত সুনাম অৰ্জন কৰা উত্তৰ-পূবৰ
প্ৰায় সকলো সাহিত্যিকৰ পৰিচয়ৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে। নাথৰ মতে
 উত্তৰপূবৰ
ইংৰাজী সাহিত্য ভাৰতীয় ইংৰাজী সাহিত্যৰ পৰা পৃথক নহয়। উত্তৰ-পূব ভাৰতীয় ইংৰাজী
সাহিত্যক পৃথককৈ আলোচনা কৰাৰ ক্ষেত্ৰত নাথ সন্মত নহয়।
 উত্তৰ-পূব ভাৰতৰ ইংৰাজী সাহিত্যৰ ধাৰণা শিৰোনামটোৰ
ক্ষেত্ৰত
  সমালোচক নাথৰ আপত্তি আছে । টেমচুলা আওৰ
পৰা আৰম্ভ কৰি মামাং দাইলৈকে উত্তৰপূবৰ বহুকেইজন সাহিত্যিকে ইংৰাজী ভাষাত সাহিত্য
ৰচনা কৰি ভাৰতীয় ইংৰাজী সাহিত্যক সমৃদ্ধ কৰিছে
, গতিকে তেনে
প্ৰেক্ষাপটত
 উত্তৰ-পূব
ভাৰতীয় ইংৰাজী সাহিত্য
 আৰু ভাৰতীয় ইংৰাজী সাহিত্য ইত্যাদি
সুকীয়া নামেৰে নামাকৰণ কৰাত নাথৰ আপত্তি আছে। এই ক্ষেত্ৰত অৱশ্যে নাথৰ যুক্তিক
সঠিক বুলি ক
ব পাৰি। 

পাঠ আৰু বীক্ষণ গ্ৰন্থৰ আন
কেইটামান প্ৰবন্ধ
 বিংশ শতিকাত বেকেট আৰু
এলিয়ট
’,
 কৃষ্ণাংগ আন্দোলনৰ সামাজিক পটভূমি আৰু
আফ্রিকান আমেৰিকান সাহিত্য
’,
 কাফকা আৰু মেটামর্ফছিছ’, ‘নির্গঠনৰ নৈৰাজ্য
আৰু ডেৰিদা
’, ‘উত্তৰ সংযুক্তিবাদ’, ‘উত্তৰ ঔপনিৱেশিকতাবাদ’, ‘উত্তৰ আধুনিকতাবাদ’,
মার্ক্সবাদ’, ‘লিংগ অধ্যয়ন আৰু নাৰীবাদ
 আদিৰ
মাজত লেখকৰ গভীৰ অধ্যয়ন প্ৰকাশ পাইছে। নাথে সমালোচনাক বিলাসিতা হিচাপে লোৱা নাই।
নাথৰ বাবে সমালোচনা জীৱনৰ সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু গভীৰ অধ্যয়ণৰ বহিৰ্প্ৰকাশ।
নিশ্চিতভাৱে ক
ব পাৰি নাথৰ গ্ৰন্থ পাঠ আৰু বীক্ষণ  পঢ়িলে
পাঠকসমাজ কেতিয়াও নিৰাশ নহয়।
 ভৱিষ্যতে এই
গ্ৰন্থখনে সাহিত্যৰ ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰিব। নি:সন্দেহে “পাঠ আৰু বীক্ষণ”
 অসমীয়া
সমালোচনাত্মক সাহিত্যৰ ক্ষেত্ৰত
 এক অনন্য অভিনৱ
সংযোজন।

 

____________

 

ভ্ৰাম্যভাষ : ৬০০০০৬২১৩৯