পলী হাজৰিকা
অসমীয়া সাহিত্য-জগতৰ
এটি সুপৰিচিত নাম হ’ল যুগললোচন দাস৷ ১৯৮৫ চনৰ পৰাই তেখেতে সাহিত্যৰ ক্ষেত্ৰখনলৈ অৰিহণা
আগ বঢ়াই আহিছে৷ ২০১৮ চনৰ সাহিত্য অকাদেমিৰ শিশু-সাহিত্য বঁটা প্ৰাপক জনপ্ৰিয় লেখকগৰাকী
একাধাৰে শশিু-সাহিত্যিক, সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু গীতিকাৰ৷ অসমৰ ক্ৰীড়া-সাহিত্যক
জনপ্ৰিয় কৰি তোলাৰ মূলতেই হ’ল যুগললোচন দাস৷ বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ
সংখ্যা ৫০ খনৰো অধিক৷ শিশু-গ্ৰন্থ ৩৫ খন আৰু অন্য ১৫ খনতকৈও বেছি হ’ব৷ শিশুৰ পৰা বৃদ্ধলৈকে
তেখেতৰ সাহিত্যই এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে৷ দাসদেৱ এগৰাকী নীৰহংকাৰী মনৰ ব্যক্তি
তথা নৱ প্ৰজন্মৰ আদর্শস্বৰূপ৷ ‘আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ সহঃসম্পাদকৰ পদত কার্যনির্বাহ
কৰি থকা এইগৰাকী সাহিত্যিকৰ জীৱনত সাহিত্য-সাধনা আৰু সাফল্যৰ প্ৰেৰণাদায়ী কথাবোৰ পঢ়ুৱৈক
জনোৱাৰ আগ্ৰহেৰে আমি তেখেতৰ কাষ চাপি এটা সুদীর্ঘ সাক্ষাৎকাৰ গ্ৰহণ কৰি পঢ়ুৱৈলৈ আগ
বঢ়ালোঁ৷ (সাক্ষাৎ গ্ৰহণ: পলী হাজৰিকা)

![]() |
| যুগললোচন দাসৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণকৰোঁতা |
প্ৰশ্ন: শৈশৱৰ দিনবোৰক
সকলোৱে সোণোৱালী দিন বুলি কয়৷ আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে জনাওকচোন৷

উত্তৰ: মানৱ-জীৱনৰ
আটাইতকৈ মধুৰতম সময়খিনিয়েই হ’ল শৈশৱৰ কালছোৱা৷ নিৰ্দোষ ধেমালি, অলীক কল্পনা আৰু বৈচিত্ৰ্যময়
মনৰ অধিকাৰী হৈ পৰা শিশুসকলক কোৱা হয় ‘দেৱশিশু’৷ কাৰণ, এওঁলোকৰ মনত কোনো পাপ,
বেয়া চিন্তা নাথাকে৷ অতি সৰল অন্তৰৰ হয়৷ মিছা কথাও ক’ব নাজানে৷ স্পষ্টবাদীও হয় আৰু
ভাল কথাবোৰ জনাৰ বাবে মনটো আগ্ৰহী তথা কৌতূহলপূর্ণ হৈ থাকে৷ সেইবাবেই শৈশৱৰ দিনবোৰ
সদায় সোণোৱালী হৈ থাকে৷ মোৰ জন্ম ১৯৮৮ চনৰ ১ জানুৱাৰিত শ্বিলঙৰ জোৱাইত৷ প্ৰয়াত
পিতৃ শিশুৰাম দাস চৰকাৰী চাকৰি সংক্ৰান্তত সঘনে বিভিন্ন ঠাইলৈ বদলি হৈ থাকিবলগীয়া হৈছিল৷
জোৱাইত থকা সময়তে মোৰ জন্ম৷ আমাৰ প্ৰয়াত মাতৃৰ নাম শশীপ্ৰভা দাস৷ আমাৰ পৰিয়ালটোত
সাতগৰাকী ভাই-ভনী৷ ময়েই সৰ্বকনিষ্ঠ৷ মোৰ ওপৰত তিনিজন দাদা আৰু তিনিগৰাকী বাইদেউ৷ জ্যেষ্ঠ
দাদা দুজন হ’ল কমললোচন দাস আৰু অৰুণলোচন দাস৷ ডাঙৰ দাদা এটা সময়ত সাংবাদিক আছিল৷
পাছলৈ ভাৰত চৰকাৰৰ পৰ্যতন বিভাগৰ সঞ্চালক হৈ অসম তথা ভাৰতৰ বাহিৰলৈ যাবলগীয়া হ’ল৷ অৰুণলোচন
দাদ অসমৰ এজন জ্যেষ্ঠ চিত্ৰ-সাংবাদিক বুলি সকলোৱে জানে৷ মোৰ শৈশৱৰ দিনবোৰ পাৰ হৈছিল
মঙলদৈত৷ মঙলদৈৰ যিটো পৰিৱেশত ডাঙৰ হৈছিলোঁ, তাক কোনো দিনেই পাহৰা সম্ভৱ নহয়৷ সাহিত্য-সংস্কৃতিৰ
ক্ষেত্ৰত দৰঙৰ এই ঠাইখন জাতিষ্কাৰ হৈ আছিল৷ মানুহবোৰো যথেষ্ট মৰমীয়াল৷ প্ৰখ্যাত ব্যৱসায়ী
সুন্নদৰাম ডেকাৰ বসগৃহৰ ওচৰতে আছিলোঁ আমি৷ তেখেতৰ জীৱন-সংগ্ৰাম আমি দেখা পাইছিলোঁ৷
মঙলদৈ টাউন বুনীয়াদী বিদ্যালয়ত মোৰ শিক্ষা-জীৱন আৰম্ভ হয়৷ মুক্ত মনে খেল-ধেমালি কৰিছিলোঁ৷
আমাৰ মইনা পাৰিজাত চ’ৰাৰ সভাপতি আছিল তেতিয়া প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী বাইদেউ৷
আমি বহু কথাই শিকিছিলোঁ বাইদেউৰ পৰা৷ ছবি আঁকিছিলোঁ প্ৰথমতে৷ মোৰ ছবি ছবি দেখি সকলোৱেই কৈছিল– ই
এদিন ভাল চিত্ৰকৰ হ’ব৷ কিন্তু পাছলৈ ৰং-তুলিকা এৰি কলমটোহে পছন্দ কৰিলোঁ৷ দেউতাৰ
অৱসৰৰ এবছৰৰ আগেয়ে মঙলদৈৰ পৰা নগাঁও চহৰ পালোঁহি৷ তাত এবছৰ কটাই দেউতাই নিজৰ পিতৃগৃহ
নগাঁও জিলাৰ ৰহা হাৰিয়ামুখ গাঁৱলৈ স্থায়ীভাৱে থাকিবলৈ আহিল৷ তেতিয়াৰ পৰা মই চহৰ এৰি
গাঁৱৰ ল’ৰা হৈ পৰিলোঁ৷ এক নতুন জীৱন৷ গাঁৱৰ বিনন্দীয়া প্ৰকৃতিৰ লগত একাত্ম হৈ গ’লোঁ৷
তাৰ সহজ-সৰল মানুহখিনিৰ সৈতে মিলি পৰিলোঁ৷ চহৰৰ স্কুলৰ ডেস্ক-বেঞ্চৰ সলনি গাঁৱৰ হাৰিয়ামুখ
চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত কঠত বহি শিক্ষা গ্ৰহণৰ এক বিচিত্ৰ অভিজ্ঞতাও অৰ্জন
কৰিলোঁ৷ তাৰ পাছত তিনি কিল’মিটাৰ দূৰৰ ৰহা টাউনত থকা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
হাইস্কুলীয়া শিক্ষা গ্ৰহণ৷ কলংপাৰৰ মথাউৰিৰে খোজ কাঢ়ি স্কুললৈ অহা-যোৱা কৰিলোঁ৷
অষ্টম মানতহে চাইকেলেৰে অহা-যোৱা আৰম্ভ কৰিছিলোঁ৷ চহৰ আৰু গাঁৱৰ দুটা ভিন্ন পৰিৱেশত
পাৰ হৈছিল মোৰ সোণালী শৈশৱৰ দিনবোৰ৷ তাৰ মাদকতাই আজি সুকীয়া৷ পথাৰ, নদী, নামঘৰ,
সত্ৰ, ভাওনা— এইবোৰৰ মাজত থাকি জীৱনটো সহজ-সৰলভাৱে আগুৱাই নিছিলোঁ৷

প্ৰশ্ন: অসমীয়া সাহিত্য-জগতত
যুগললোচন দাস এটি স্বনামধন্য নাম৷ সাহিত্যৰ প্ৰতি কেনেদৰে আসক্ত হৈছিল আৰু কেতিয়াৰ
পৰা সাহিত্য-জীৱনৰ পাতনি মেলিছিল? লেখক হ’ম বুলি ভাবিছিলনে?

উত্তৰ: আমাৰ ঘৰখনতেই
আছিল এটা সাহিত্য চৰ্চাৰ পৰিৱেশ৷ মা-দেউতাই প্ৰচুৰ গ্ৰন্থ অধ্যয়ন কৰিছিল৷ তদুপৰি মোৰ
দুয়োজন দাদাই কাকত-আলোচনীত নিয়মীয়াভাৱে লিখিছিল৷ তেওঁলোকৰ বাবেই আমাৰ ঘৰলৈ সেই সময়ৰ
স্বনামধন্য লেখক-সাহিত্যিক, কবি আৰু সাংবাদিকসকল আহিছিল৷ সৰুৰে পৰাই এই পৰিৱেশটো
দেখি সাহিত্যৰ প্ৰতি আকৃষ্ট হ’লোঁ৷ ময়ো এজন লেখক হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিলোঁ৷
দাদাহঁতে তেতিয়াই মোক উৎসাহিত কৰিবলৈ মৰমতে হাতত তুলি দিছিল শিশু-আলোচনীবোৰ৷ তেনে
দুখনমান আলোচনী আছিল— ‘কাকলি’ আৰু ‘আকাশ’৷
তাত থকা জ্ঞানগৰ্ভ লেখাবোৰ পঢ়ি আপ্লুত হৈছিলোঁ আৰু নিজেও লিখাৰ চেষ্টা চলাইছিলোঁ৷
ষষ্ঠ শ্রেণীৰ পৰাই মোৰ লেখক-জীৱনৰ পাতনি মেলে৷ পদ্য লিখিছিলোঁ বহুত৷ ‘অসম বাণী’-ৰ
মইনা চ’ৰা শিতানটো মোৰ খুব প্ৰিয় আছিল৷ তাতেই প্ৰকাশ হয় মোৰ প্ৰথমটো পদ্য ‘মোমাইৰ
তামোল-পাণ’৷ শিতানটো পৰিচালনা কৰা মোমাইদেউকে লৈ গণিতৰ সংখ্যা ক্ৰমত মই পদ্যটো
লিখিছিলোঁ৷ দুশাৰীমান মনত আছে—

এক আছিল মোমাই
বৰ তামোল খায়
দুই ওঁঠ ৰঙা কৰি
পিক লাগে সদায়
তিনিআলিত ঘৰ
তাতেই জীৱন কটাই
চাৰিটি পৰিয়ালেৰে
সুখেৰে দিন যায়…
এনেদৰেই লিখিছিলোঁ
পদ্যটো৷ প্ৰকাশ হোৱাৰ দিনা কিমান যে আনন্দ পাইছিলোঁ! ভোক-পিয়াহ সকলো পাহৰি ৰাস্তাৰে
যোৱা মানুহক ৰখাই পদ্যটো পঢ়ি শুনাইহে শান্তি পাইছিলোঁ৷ এই পদ্যটোৱে মোক লিখিবলৈ
অধিক প্ৰেৰণা দিলে৷ লগতে মা, দেউতা, দাদাহঁতৰ লগতে অন্যান্যসকলেও মোক প্ৰভূত উৎসাহ
দিয়াত লেখক হোৱাৰ লক্ষ্য স্থিৰ কৰি লওঁ৷ তাৰ আগতে কিন্তু এজন চিত্ৰকৰ হোৱাৰহে সপোন
দেখিছিলোঁ৷ যিহেতু মোৰ জ্যেষ্ঠ দাদ সেই সময়ত এজন বিখ্যাত চিত্ৰকৰ আছিল৷ পাছত কলমটোৱেই
মোৰ জীৱনৰ সাৰথি হৈ গ’ল৷

প্ৰশ্ন: আপুনি এগৰাকী শিশু-সাহিত্যিক৷ সঁফুৰা, ৰংমন, কণকণ,
জিলমিলকে ধৰি কেইবাখনো আগশাৰীৰ শিশু-আলোচনীত ধাৰাবাহিকভাৱে লিখি আহিছে৷ সম্পাদকৰ
দায়িত্বতো আছিল৷ শিশুসকলৰ বাবে লিখাৰ কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিছিল?

উত্তৰ: শিশুসকলক মই
বৰ ভাল পাওঁ৷ মই নিজেই মোৰ শিশুকালত লগৰীয়াসকলৰ সৈতে প্ৰচুৰ খেলা-ধূলা কৰিছিলোঁ৷
আমাৰ মাজত ঘটা ল’ৰালিৰ আমোদজনক তথা ধেমেলীয়া কথা-কাণ্ডবোৰ মোৰ মনত ৰৈ গৈছিল৷ শিশু-আলোচনীবোৰ
পঢ়াৰ পাছত সেই কথাবোৰ পদ্য আৰু গল্পৰ মাজেৰে লিখাৰ ইচ্ছা জাগিল৷ যি়হেতু শিশুসকলৰ
মনবোৰ বৈচিত্ৰ্যপূৰ্ণ, ৰসাল, সৰল আৰু নিৰ্দোষ দুষ্টালিৰে ভৰপূৰ৷ সেইবোৰকে লৈ লিখিবলৈ
আৰম্ভ কৰিছিলোঁ৷ মই এতিয়াও শিশুসকলৰ প্ৰতিটো কথা-কাণ্ড গভাৰভাৱে লক্ষ্য কৰোঁ৷ সিহঁতৰ মাজত চলা আলীক কল্পনা আৰু ৰসাল কথাবোৰ
মনত ৰাখি থৈ দিওঁ৷ তেনেকৈয়ে শিশুৰ ভাষাৰে কথাবোৰ গল্প-পদ্যত লিখোঁতে লিখোঁতে এজন
শিশু-সাহিত্যিক হৈ পৰিলোঁ৷

প্ৰশ্ন: ২০২৮ চনত
শেহতীয়াকৈ ‘সোণবালি বাগিচাৰ ভূত’ নামৰ সংকলনখনৰ বাবে সাহিত্য অকাদেমিৰ শিশু-সাহিত্য
বঁটা পাবলৈ সক্ষম হৈছে৷ আপোনাৰ সৃষ্ট ‘অঘাইটং ঘিটিলাইৰ অঘটন’ ছিৰিজৰ সংকলনখন পঢ়ুৱৈ-সমাজত
অধিক চৰ্চালৈ আহিছে৷ এই দুঃসাহসিক কাহিনীটোৰ কথা প্ৰথমে কেনেদৰে মনলৈ আহিছিল?

উত্তৰ: স্কুলত পঢ়ি
থাকোঁতে ৰেডিঅ’ত প্ৰচাৰ হৈছিল ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ধাৰাবাহিক নাট ‘শান্ত-শিষ্ট
হৃষ্ট-পুষ্ট মহাদুষ্ট’৷ এই নাটত থকা শশিু চৰিত্ৰকেইটাই মোক বৰকৈ আকৰ্ষণ কৰিছিল৷ কাৰণ
সিঙঁতৰ কাণ্ডবোৰ মি কৰি থকা কাণ্ডবোৰৰ সৈতে কোনো পাৰ্থক্য নাছিল৷ এনে ধৰণৰ চৰিত্ৰক
লৈ মোৰ নিজৰ কাহিনীও দেখোন লিখিব পাৰোঁ৷ তেনে চিন্তা এটা তেতিয়া মনলৈ আহিল৷ পাছত
গাঁৱৰ ঘৰলৈ অহাত গাঁৱত কিছুমান আমোদজনক নামৰ ল’ৰা-ছোৱালী লগ পাইছিলোঁ৷ নামবোৰ হ’ল— ঘিটিলাই,
পিলিঙা, গেন্ধেলা আদি৷ মোৰ মানসপটত ইতিমধ্যে সৃষ্টি কৰা চৰিত্ৰকেইটাক এই নামকেইটা
দি ১৯৯৩ চনত জন্ম দিলোঁ ‘অঘাইটং ঘিটিলাইৰ অঘটন’৷ কাহিনীটোৰ প্ৰথমটো গল্প৷ সেই যে
আৰম্ভ হ’ল, আজি ২৬ বছৰ বয়সতো ঘিটিলাইহঁতৰ অঘটন চলাই ৰাখিছোঁ৷ পঢ়ুৱৈৰ মাজত এই কাহিনীটো
অতি জনপ্ৰিয় হোৱাত মই নিজেও উৎসাহিত হৈছোঁ৷

প্ৰশ্ন: সাহিত্য-সংস্কৃতিৰ
যিকোনো দিশত সাধনা কৰিবলৈ এটা সুস্থ পৰিৱেশ অত্যন্তই প্ৰয়োজন৷ সাহিত্য সাধনাৰ বাবে
আপুনি তেনে এটা পৰিৱেশ পাইছিলনে?

উত্তৰ: সাহিত্য সাধনাৰ
বাবে পৰিৱেশটো মই ঘৰখনতেই পোৱা বুলি ইতিমধ্যেই কৈছোঁ৷ দাদাহঁতৰ জৰিয়তে ডক্টৰ মহেশ্বৰ
নেওগ, ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়া, গগনচন্দ্ৰ অধিকাৰী, নৱকান্ত বৰুৱা, অতুলচন্দ্ৰ বৰুৱা— এইসকল
নমস্য ব্যক্তিৰ সান্নিধ্য পোৱাৰ পাছত মোৰো সাধনা স্বয়ংক্ৰীয়ভাৱেই আৰম্ভ হৈছিল৷ ঘৰত
থকা কিতাপ-আলোচনীবোৰেও মোক সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত আকৰ্ষিত কৰিছিল৷ তদুপৰি সেইখিনি
সময়ত প্ৰতিটো ঘৰ আৰু প্ৰতিখন সমাজত এনেবোৰ চিন্তা-চৰ্চাৰ এটা সুস্থ পৰিৱেশ আছিল৷

প্ৰশ্ন: প্ৰত্যেকজন
পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে বুলি এটা ধাৰণা আছে আমাৰ মাজত৷ কি ক’ব বিচাৰে
এই বিষয়ে?

উত্তৰ: সকলো বস্তুৰে সাধনাৰ আঁৰত কোনো কোনো ব্যক্তি
থাকে৷ সেয়া পুৰুষো হ’ব পাৰে, অথবা নাৰীও৷ কোন কাৰ কেনেকৈ প্ৰেৰণাৰ উৎস হ’ব পাৰে সেয়া
সাহিত্যিকজনৰ ব্যক্তিগত কথা৷ নাৰীক যিহেতু প্ৰকৃতি লগত তুলনা কৰা হয় বা সৌন্দৰ্যৰ
প্ৰতীক হিচাপে ভবা হয়, সেয়ে সাহিত্যচৰ্চাত কোনো বিশেষ নাৰীৰ প্ৰভাৱ পৰিব পাৰে৷ মোৰ
ক্ষেত্ৰত মোক যথেষ্ট উৎসাহ দিছিল আমাৰ মাতৃয়ে৷ পাছত মোৰ প্ৰতিটো কৰ্মত ছাঁৰ দৰে
থাকি সহায় কৰি আহিছে পত্নী স্মৃতিৰেখাই৷

প্ৰশ্ন: বৰ্তমান দেখা
গৈছে , সাহিত্যক লৈ এচাম সাহিত্যিকে ব্যৱসায় আৰম্ভ কৰিছে৷ টকা আৰু বঁটাৰ সম্বন্ধ গাঢ়
হৈছে৷ আপোনাৰ মতামত?

উত্তৰ: এনেবোৰ কথা-বাৰ্তা
চেনেল বা কাকতত পঢ়িবলৈ পাওঁ৷ এইবোৰে এটা নেতিবাচক প্ৰভাৱ পেলায় আৰু প্ৰকৃত সাহিত্য
চৰ্চা কৰি থকাসকলৰ মনত আঘাত দিয়ে৷ অৱশ্যে যিসকলে প্ৰচাৰবিমুখ হৈ নীৰৱে সাধনা কৰি আছে,
তেওঁলোকে যথাযোগ্যভাৱে স্বীকৃতি লাভ কৰি আছে আৰু থাকিব৷

প্ৰশ্ন: এগৰাকী লেখক
হিচাপে আপুনি যেনেদৰে সামাজিক স্বীকৃতি পাইছে, তাক লৈ আপুনি সুখীনে?

উত্তৰ: নিশ্চয় সুখী৷
ৰাইজৰ স্বীকৃতি আমাৰ বাবে ডাঙৰ আশীৰ্বাদ৷ কাৰণ, পাঠক ৰাইজে বিচৰা ধৰণে মই লেখাৰে সেইখিনি
দিবলৈ সক্ষম হৈছোঁ৷ লেখাৰ মাজেৰে সমাজলৈ যি বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ,
ৰাইজে তাক গ্ৰহণ কৰিছে আৰু সেয়াই আমাৰ বাবে পৰম সন্তুষ্টি৷

প্ৰশ্ন: সাহিত্যৰ
ক্ষেত্ৰত পোৱা আপোনৰ বঁটাসমূহ?
ক্ষেত্ৰত পোৱা আপোনৰ বঁটাসমূহ?
উত্তৰ: ২০১৬ চনত
‘দুঃসাহসী চাংটনৱে’ নামৰ শিশু-উপন্যাসখনৰ বাবে বৰপেটা সাহিত্য সভাই প্ৰদান কৰিছিল
‘কৰুণা দত্ত সোঁৱৰণী শিশু-সাহিত্য বঁটা’, ২০১৭ চনত নগাঁৱৰ অকণিৰ সাহিত্য সভাই মোক
দিছিল ‘অসম শিশু-সাহিত্য বঁটা’, ২০১৮ চনত সাহিত্য অকাদেমিৰ ‘শিশু-সাহিত্য বঁটা’-ই মোক
দিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি ‘সোনবালি বাগিচাৰ ভূত’ নামৰ শিশু-উপন্যাসখনৰ বাবে৷ গুৱাহাটীৰ
এটা সংগঠনে দিছিল ‘য়ুথ আইকন’ বঁটা৷ তদুপৰি সমগ্ৰ অসমৰ বিভিন্ন স্থানত পাইছোঁ মৰম-সম্বৰ্ধনা৷
সদৌ অসম ছাত্ৰ সন্থাৰ পৰাও ৰঙালী বিহুত পালোঁ সম্বৰ্ধনা৷ এনেকৈ ৰাজিৰ পৰা মৰম আৰু
আশীৰ্বাদ পাই আছোঁ৷

প্ৰশ্ন: বৰ্তমানলৈকে
শিশুৰ পদ্য ৫০০-ৰো অধিক সৃষ্টি কৰিছে৷ সমান্তৰালভাৱে শিশু-গল্প, উপন্যাসৰ লগতে অন্যান্য
গল্প-উপন্যাসো লিখিছে৷ সমূহ সৃষ্টিৰাজিৰ ভিতৰত
কোনটো গল্প বা কোনখন উপন্যাসক উৎকৃষ্টতম সৃষ্টি বুলি ক’ব?

উত্তৰ: পিতৃ-মাতৃৰ
চকুত সকলো সন্তানেই সমান৷ সেইদৰে মোৰ কলমৰ পৰা সৃষ্ট সকলো ৰচনাই মোৰ বাবে সমান৷
তাৰ মাজতো ৰাইজৰ দৃষ্টিৰে কোনোবা এখন বা দুখন গ্ৰন্থই বঁটা-সন্মান লাভ কৰিছে৷ মই
এতিয়াও লিখি আছোঁ, লিখি থাকিম৷ ভৱিষ্যতেও আৰু গল্প, উপন্যাস, পদ্যৰ সৃষ্টি হ’ব৷

প্ৰশ্ন: আপোনৰ প্ৰিয়
ব্যক্তি? লেখক?
ব্যক্তি? লেখক?
উত্তৰ: প্ৰিয় ব্যক্তি
ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰিয় লেখক ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়া৷

প্ৰশ্ন: আপুনি এগৰাকী
জ্যেষ্ঠ সাংবাদিকো৷ সাংবাদিকতাৰ দিশটো কিয় বাছি ল’লে?

উত্তৰ: মোৰ দুয়োজন
দাদা সাংবাদিক বুলি ইতিমধ্যে কৈছোঁ৷ ডাঙৰ দাদাই চৰকাৰী চাকৰিৰ বাবে এই পেছা ত্যাগ
কৰিলেও মাজু দাদাই সাংবাদিকতা এৰি নিদিলে৷ তেওঁলোকৰ সংবাদ-জগতত দেখি অহা একনিষ্ঠ সেৱাৰ
প্ৰতি আকৰ্ষিত হৈ ময়ো সাংবাদিক জীৱনকে আঁকোৱালি ল’লোঁ আৰু বৰ্তমান ‘আমাৰ অসম’ কাকতৰ
সহ:সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰি আছোঁ৷

প্ৰশ্ন: জীৱন সম্পৰ্কে
আপেনাৰ ধাৰণা?
আপেনাৰ ধাৰণা?
উত্তৰ: জীৱন অতি সুন্দৰ৷
সহ চিন্তা-কৰ্মৰে জীৱনটো সুন্দৰকৈ আগুৱাই নিব লাগে৷ সকলোৰে লগত মিলি থকাটোৱেও জীৱন
সুন্দৰ কৰে৷

প্ৰশ্ন: জীৱনৰ স্মৰণীয়
দিনটো?
দিনটো?
উত্তৰ: ২০১৮ চনৰ
১৪ নৱেম্বৰ, শিশু দিৱসৰ দিনটো মোৰ বাবে স্মৰণীয়৷ এই দিনটোতে ছিকিমৰ গেংটকৰ সাহিত্য
অকাদেমিৰ ‘শিশু-সাহিত্য বঁটা’-টি গ্ৰহণ কৰিছিলোঁ৷

প্ৰশ্ন: ঠিতাতে পদ্য
লিখিব পৰাটো আপেনাৰ অন্যতম প্ৰতিভা৷ কেনেকৈ সম্ভৱ হয়?

উত্তৰ: মই অনৱৰতে
সৃষ্টি-কল্পনাৰ জগততে বিচৰণ কৰি ফুৰোঁ৷ সেইবাবেই স্বতঃস্ফূৰ্তভাৱে অনুভৱবোৰ শব্দলৈ
ৰূপান্তৰিত হৈ পৰে৷ মন আৰু মগজু নতুন সৃষ্টিৰ তাড়নাত সক্ৰিয় হৈ থাকে বাবেই হঠাতেই লিখা
সম্ভৱ হৈ যায়৷

প্ৰশ্ন: আপুনি নৱ
প্ৰজন্মৰ এক আদৰ্শস্বৰূপ৷ যথেষ্ট সংখ্যক নতুন লেখক-লেখিকাই আপোনৰ অনুপ্ৰেৰণাত সাহিত্য
চৰ্চা কৰি গৈছে৷ নৱ প্ৰজন্মলৈ আপোনাৰ পৰামৰ্শ?

উত্তৰ: নৱ প্ৰজন্মৰসকলক
লৈ মই সদায় আশাবাদী৷ তেওঁলোকৰ সৃষ্টি মই আগ্ৰহেৰে পঢ়োঁ আৰু পাৰ্যমানে উৎসাহ দিবলৈ
চেষ্টা কৰোঁ, লগতে দিহা-পৰামৰ্শও দিওঁ প্ৰয়োজনসাপেক্ষে৷ তেওলোক মোৰ ওচৰলৈ আহে শিকিবলৈ৷
তুমিও তেনেকৈ আহিছা৷ বৰ্তমান ভাষা-সংকটৰ সময়ত নৱ প্ৰজন্মৰ দায়িত্ব বহুত আহি পৰিছে৷
অধিক অধ্যয়ন কৰি নিজৰ ভাষাটোক শক্তিশালী কৰিবলৈ সাহিত্য চৰ্চা অটুট ৰাখিব লাগে৷

প্ৰশ্ন: বৰ্তমান অসমীয়া
ভাষা-সাহিত্যৰ অতি সংকটময় অৱস্থা৷ গ্ৰন্থ অধ্যয়নৰ বাবেও আন্দোলন কৰিবলগীয়া এক দুখজনক
বাৰ্তা৷ন ৱ প্ৰজন্মৰ
হাতত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সুৰক্ষিত হ’ব বুলি ভাবেনে? সাহিত্যৰ এই শেহতীয়া
ধাৰাটোক লৈ আপেনাৰ মতামত?

উত্তৰ: আমি এতিয়া
অসমৰ প্ৰতিটো ক্ষেত্ৰতে আন্দোলন কৰিবলগীয়া হৈছে৷ জাতি, মাটি, ভাষাকে ধৰি আপুৰুগীয়া
সম্পদ তথা বন্যপ্ৰাণী এশিঙীয়া গঁড়ৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে৷ ইংৰাজী
মাধ্যমৰ আগ্ৰাসনৰ বাবে অসমীয়া ভাষাৰ আদৰ হ্ৰাস পোৱাটো চিন্তাজনক৷ ভষা শিকাত আপত্তি
নাই৷ কিন্ত নিজৰ মাতৃভাষাক কেতিয়াও অৱহেলা কৰিব নালাগে৷ অভিভাৱকসকলে নিজৰ সন্তানক অসমীয়া
কিতাপ পঢ়িবলৈ আগ্ৰহী কৰাব লাগে৷ যদি কোনোৱে এই বিষয়ে গুৰুত্ব নিদিয়ে, তেন্তে এদিন
জাতি, ভাষা সকলো হৈ যাব৷ সেয়ে নৱ প্ৰজন্মই ভাষাটোক আদৰ কৰি অসমীয়া কিতাপ পঢ়াৰ অভ্যাস
কৰিব লাগিব৷ সেইদৰে অসমীয়া বাৰেবৰণীয়া সংস্কৃতিও ৰক্ষা কৰিব লাগিব৷ সময়ৰ পৰিৱৰ্তনত
সকলো সলনি হ’লেও নিজৰ সংস্কৃতিৰ মূল শিপাডাল হেৰুৱাই পেলাব নালাগে৷ আমি আশাবাদী, আমাৰ
ভাষা কাহানিও লুপ্ত হৈ নাযায়৷ নতুন নতুন লেখকে নিত্যনতুন চিন্তাৰে সাহিত্য সাধনা কৰি
আছে৷ প্ৰতিদিনেই গ্ৰন্থ উন্মোচন হৈছে৷ কিন্তু সেইবোৰ বৌদ্ধিক দিশত কিমান সফল হৈছে,
তাক পঢ়ুৱৈয়ে বিচাৰ কৰিব৷ বৰ্তমানৰ ধাৰাটোত বৌদ্ধিক চেতনা, সমাজ চেতনা আৰু ইতিহাসৰ
তথ্য আছেনে নাই, সেইটোও বিচাৰ কৰি চাব লাগিব৷ কাৰণ, গ্ৰন্থবোৰ সামাজিক, অৰ্থনৈতিক
আৰু ইতিহাসৰ দলিলস্বৰূপ৷

প্ৰশ্ন: আপুনি এজন
ক্ৰীড়াভিত্তিক গল্পকাৰ তথা ঔপন্যাসিকো৷ খেলৰ প্ৰতি কেনেদৰে আকৰ্ষিত হৈছিল?

উত্তৰ: মই খেলুৱৈ নহয়৷ কিন্তু খেলবোৰ ভাল পাওঁ৷ বিশেষকৈ ফুটবল,
ক্ৰিকেট আৰু টেনিছ৷ সৰুতে পৃথিৱীৰ বিখ্যাত খেলুৱৈসকলৰ জীৱনী পঢ়িছিলোঁ৷ কেনেকৈ দুখীয়া
অৱস্থাৰ পৰা গৈ নিজৰ সাধনা, একাগ্ৰতা আৰু পৰিশ্রমৰ ফলত এদিম চেম্পিয়ন হৈছিল৷ সেই কথাবোৰে
মোৰ মনত ৰেখাপাত কৰিছিল৷ পাছত মই হিন্দী, ইংৰাজী আৰু বাংলা ভাষাৰ আলোচনীত ক্ৰীড়াভিত্তিক
গল্প-উপন্যাসবোৰ পঢ়ি তেনে গল্প লিখাৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলোঁ৷ তদুপৰি এখন খেলত
হোৱা ৰোমাঞ্চকৰ মুহূৰ্ত, উত্থান-পতনবোৰ দেখি তাক সাহিত্যৰ ৰূপ দিবলৈও চেষ্টা কৰিলোঁ৷
বিখ্যাত খেলুৱৈসকলৰ মাজত চলা তীব্ৰ প্ৰতিদ্বন্দ্বিতাবোৰ মই গল্পৰ ৰূপ দিবলৈ আৰম্ভ
কৰিলোঁ৷ মোৰ প্ৰথম প্ৰকাশিত ক্ৰীড়াভিত্তিক উপন্যাসখন হ’ল ‘অগ্নিযুদ্ধ’৷ ১৯৯৮ চনত
প্ৰকাশিত এই উপন্যাসখন পঢ়ুৱৈয়ে আদৰি লোৱাৰ পাছত বিস্ময়, ৰহস্য, মায়া আদি আলোচনীত
নিয়মীয়াকৈ ক্ৰীড়াভিত্তিক গল্প-উপন্যাস লিখিবলৈ ল’লোঁ৷ এই পৰ্যন্ত মোৰ পোন্ধৰখনৰো
অধিক ক্ৰীড়াভিত্তিক গ্ৰন্থ প্ৰকাশ পাইছে৷

প্ৰশ্ন: সাহিত্যিক
হিচাপে আপোনাক সকলোৱে জানে, কিন্তু গীতিকাৰ হিচাপে বহুতেই নাজানে৷ আপুনি একাধিক গীতো
ৰচনা কৰিছে৷ গীত লিখাৰ কথাটো মনলৈ কেনেকৈ আহিলে?

উত্তৰ: কবিতাৰেই মোৰ
সাহিত্য সাধনা আৰম্ভ হৈছিল ‘কলংপৰীয়া সাহিত্য চ’ৰা’-ত৷ সেই কবিতাবোৰৰ মাজৰে দুই-এটাক
সুৰ দি গীতলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা নকৰা নহয়৷ কিন্তু সেয়া মোৰ নিজৰ মাজতেই ৰৈ গ’ল৷ মেল’ডিধৰ্মী গীতবোৰৰ প্ৰতি মোৰ আকৰ্ষণ বেছি৷ মোৰ
কবিতা এটা পঢ়ি তুমিয়েই এদিন কৈছিলা— ‘‘দাদ, আপুনি গীত লিখকচোন৷ তেতিয়াই মই গীত লিখিবলৈ
পুনৰ আৰম্ভ কৰি দিলোঁ৷ খুব সোনকালেই হয়তো মোৰ ৰচিত গীতত শিল্পীয়ে কণ্ঠদান কৰাৰ
সম্ভাৱনা আছে৷ এই ক্ষেত্ৰত তোমাৰ প্ৰেৰণা
মই সদায় মনত ৰাখিম৷

প্ৰশ্ন: যিহেতু আপুনি
এজন জনপ্ৰিয় গল্পকাৰ, বাস্তৱ জীৱনৰ সম্পৰ্কতে লিখে গল্পসমূহ৷ শেহতীয়াকৈ গল্প-সংকলন
এখনো প্ৰকাশ হৈছে৷ কি ক’ব এই বিষয়ে?

উত্তৰ: গল্প পঢ়ি খুবেই
ভাল পাওঁ৷ সৰুৰে পৰাই অসমৰ ন-পুৰণি সকলো গল্পকাৰৰ গল্পৰ সোৱাদ লৈ নিজেও গল্প লিখাৰ
কথা ভাবিছিলোঁ৷ শিশুৰ বাবে গল্প লিখিলেও বাস্তৱ পটভূমিৰ গল্প লিখাৰ চেষ্টা চলাত বিভিন্ন সময়ত সন্মুখীন হোৱা কিছুমান ঘটনা
আৰু মানুহৰ সংঘাতবোৰ দেখি তাক গল্প ৰূপ দিয়াৰ চেষ্টা কৰাৰ ফলত কেইটামান গল্পৰ জন্ম
হৈছিল৷ সেইবোৰ ‘অসম বাণী’, ‘আমাৰ অসম’, ‘সাদিন’, ‘দৈনিক জনমভূমি’, ‘প্ৰতিদিন’ আদি
কাকত আৰু কিছু আলোচনীত প্ৰকাশ হোৱাত যথেষ্ট উৎসাহ পালোঁ৷ তেনেকৈয়ে এজন গল্পকাৰ হিচাপে
পঢ়ুৱৈ সমাজৰ পৰাও যথেষ্ট সমাদৰ পালোঁ৷ যোৱা বছৰ মোৰ নিৰ্বাচিত ষোল্লটা গল্পৰ এখন
সংকলন ‘জাহাজঘাটৰ মাছ’ প্ৰকাশ কৰে ৰেখা প্ৰকাশনে৷ আচলতে আমাৰ দৈনন্দিন জীৱনৰ কথাবোৰ
মই জনাবলৈ বিচাৰোঁ, য’ত এটা বাৰ্তা দিয়াৰ প্ৰয়াস কৰোঁ৷ সেইবাবেই হয়তো পঢ়ুৱৈয়ে মোৰ
গল্পবোৰ আদৰি লৈছে৷ এই বছৰ মোৰ আন দুখন গল্প সংকলনৰো প্ৰস্তুতি চলি আছে৷

অত্যন্ত ব্যস্ত মানুহ৷ ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনালোঁ,
লগতে আপোনৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷

উত্তৰ: সাহিত্য ৰচনাৰ
ক্ষেত্ৰত আটাইতকৈ জটিল বিষয়টোৱেই হ’ল শিশু-সাহিত্য ৰচনা৷ মোৰ জীৱন আৰু সাহিত্য সাধনাৰ
সম্পৰ্কত তুমি যিখিনি কথা ৰাইজক জনোৱাৰ আগ্ৰহ কৰিলা, তাৰ বাবে তোমাকো আন্তৰিক ধন্যবাদ
জেনালোঁ৷

……….০……..