নীলাভ সৌৰভ 
 
পূৱা
ঘুমটি ভঙা বেলি চৰাই
আৰু
আবেলি হাঁহিৰ ঘৰ
 
তাৰ
মাজত বাঘে খোৱা ৰ
দৰ ক্ৰিকেট পিট্‌ছ
ঘণ্টাই
ঘণ্টাই ৰান
 
এসেৰ
চাউলৰ দৰ কিমান
 
ৰান
আউটৰ ভয় এটা দিনৌ
পেটৰ
অসুখলৈ চৌদাখাৰ আৰু টোপনিলৈ চুলাই
 
আমাৰ
ইয়াতো মানুহ মৰে
 কবি
ফুকন

সৌ
গাঁৱত মোৰ ঘৰ
এখনেই
নহয় মাথোঁ মোৰ গাঁও প্ৰতিখন
 
ককাই
ধৰ্মকথাত কৈছিল
‘‘শতৰু নিজৰ ভিতৰতে থাকে
নিজৰ
শতৰুক নিজে মাৰিব লাগে
’’
 
চিনিছোঁ
ময়ো৷ মাৰি পেলাব নোৱাৰি
হাঁহিৰ
পুতলা কোলাত লৈ বাট চাই আছে মাকে
 
তেওঁ
জানিছিল আমাৰ সৈতে চয়তান হাৰে
বাহিৰে
ভিতৰে
ঘামতো
শীততো
তাৰ
পাছতো পাপে নুচুবলৈ আমাক ককা আছিল সজাগ
 
অলেখ
কাহিনী আছে প্ৰতিসেৰ চাউলত
শতৰুৱে
নুবুজে কাহিনী আৰু পৰিশ্ৰম
পাঠকৰো
সময় কম
 
দিনটোক
তিনিভাগ কৰি শতৰুৱে চাই থাকে
মোৰ
ডিঙি-বাট
সেই
বাটত নেৰোঁ যদি সুষম দ্ৰব্য
মোক
হত্যা কৰিব মোৰ শতৰুৱে
 
পাবলৈ
কাম নাই
পইচাৰ
দাম নাই
 
আঠিয়া
কল এটা খাবলৈও জেপে নুকুলায়
ৰজাৰ
কৰ-কাটল দি কৰা এমোনা বজাৰ
তিনিসাঁজত
সামৰি কলমতিয়াই পুনৰ
 
অলপতো
বুজিব লাগিছিল
কালিৰ
বজাৰখিনি আছিল কিমান হাহাকাৰৰ
 
আজি
উশাহটো ঘূৰি অহা নাই
জানি-শুনিও
শতৰু পাচনতন্ত্ৰই ওপৰমূৱাকৈ চাই আছে
জীৱনৰ
সীমান্ত-কণ্ঠৰ বাটলৈ
 
পিত
পানী উজায় বঁতিয়ায়
হালধীয়া
সেউজীয়া
 
পেটতে
পুহি আছোঁ শতৰু
ফুটা
থকা কলহত পানী ঢালি
 
চকৰি
চলি আছে
 

ঠিকনা :

দীঘলীআটি, ৰহা, নগাঁও

৭৮২১০৩

ভ্ৰাম্যভাষ:
৯৪৩৫০০৩৮২৪

শ্ৰব্য ৰূপ