প্ৰয়াগ শইকীয়া
বৰ্ষাৰ
সময়ত বুদ্ধৰ বৰ্ষাবাস
সুৰক্ষিত
থাকক সেউজী সৃষ্টি
পদদলিত
নকৰোঁ আবাস
য’ত
পৰিছেহি জীৱনৰ বৃষ্টি।
প্ৰজ্ঞাৰ
ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থ
ভ্ৰমণৰ
পৰা ভিক্ষু বিৰত
বৰ্ষাৰ
প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থ
সৃষ্টি
শিপাৰ ঋদ্ধিত সৌৰভিত।
বৰ্ষাৰণ্যত
অনুভূত বুদ্ধ
বৰ্ষাবাসত
জীৱনৰ প্ৰাৰ্থনা
গতি
আৰু স্থিতিৰ মাজত সিদ্ধ
জীৱনক
কৰে প্ৰেমে বৰ্ণনা।
বৰ্ষাৰ
কবিতাত জীৱনৰ প্ৰকাশ
বৰ্ষাবাসত
পাওঁ বুদ্ধৰ আকাশ।
বৰ্ষাৰ
সময়ত বুদ্ধৰ বৰ্ষাবাস
সুৰক্ষিত
থাকক সেউজী সৃষ্টি
পদদলিত
নকৰোঁ আবাস
য’ত
পৰিছেহি জীৱনৰ বৃষ্টি।
প্ৰজ্ঞাৰ
ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থ
ভ্ৰমণৰ
পৰা ভিক্ষু বিৰত
বৰ্ষাৰ
প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থ
সৃষ্টি
শিপাৰ ঋদ্ধিত সৌৰভিত।
বৰ্ষাৰণ্যত
অনুভূত বুদ্ধ
বৰ্ষাবাসত
জীৱনৰ প্ৰাৰ্থনা
গতি
আৰু স্থিতিৰ মাজত সিদ্ধ
জীৱনক
কৰে প্ৰেমে বৰ্ণনা।
বৰ্ষাৰ
কবিতাত জীৱনৰ প্ৰকাশ
বৰ্ষাবাসত
পাওঁ বুদ্ধৰ আকাশ।