জোন, পানী তোলা তিৰোতাহঁত আৰু এখন বুকু…

ধ্ৰুৱজ্যোতি দাস
 
বৰষুণ
এৰাৰ পাছত
জাৰত
কঁপি কঁপি জোনটো ওলাইছিল
কঁপি থকা জোনৰ
কঁপা জোনাকবোৰ ফালি
কেইজনীমান তিৰোতা
এখন বুকুত পানী তুলিবলৈ
আহিছিল
বুকুখন কাৰ
তিৰোতাহঁতে জনা নাছিল
আৰু বুকুখনে
তিৰোতাহঁতৰ মুখবোৰ দেখা
নাছিল
 
তিৰোতাহঁতৰ
প্রতিজনীয়ে ভৰিত
সুখৰ
নতুবা দুখৰ নূপুৰ পিন্ধিছিল
 
খোজত
নূপুৰবোৰ উকি হৈ বাজি উঠিলেই
বুকুখনে
তিৰোতাহঁত অহাৰ কথা
গম পাইছিল
 
আৰু
বুকুখন পাতি ৰৈ থাকিছিল
 
ইমান
দিন পানী তোলাৰ পাছতো
তিৰোতাহঁতে
গম নাপালে
বুকুখন
কাৰ
 
বুকুখনে
কাহানিও নেদেখিলে
পানী
তোলা তিৰোতাহঁতৰ মুখ
 
এদিন
 
বুকুখন
খা
লী হৈ পৰিল
 
ঠিক
পানী নোহোৱা মৰুভূমি নহ
লেও
মৰুভূমিৰ
দৰেই হৈ পৰিল
 
বুকুখন
 
তিৰোতাহঁত
নহা হ
ল আৰু
 
তাৰ
পাছত
 
জাৰৰ
দিন গ

ঘামত জোনটো তিতিবলৈ ধৰিলে
 
পিয়াহত
আতুৰ হৈ
 
বুকুখন
ওলাই আহিল
 
তিতা
জোনৰ
 
তিতা
জোনাকৰ সৈতে
অদূৰত হাঁহি হাঁহি পানী
তোলা তিৰোতাহঁতে
 
ৰাতিৰ
আইচক্রীম খাই আছিল
সিহঁতৰ
কোনোৱেই কিন্তু চিনি নাপালে
সিহঁতে
পানী তুলি তুলি
মৰুভূমি
কৰা বুকুখন…
 


ঠিকনা :

‘নোৱালি-মণি’

ভ্ৰাম্যভাষ: ৯৯৫৪৩৫৫২৯৯

শিৱ মন্দিৰ পথ, ৩ নং
ভৱানীপুৰ
নুনমাটি, গুৱাহাটি-৭৮১০২০