ক্যব্যশিল্প

কি মায়াত

ধ্ৰুৱকুমাৰ তালুকদাৰ
কি মায়াত বন্দী জীৱন
কালি ফুলি থকা ফুলবোৰ দেখি ভাবিছিলোঁ
ঘৰ নাবান্ধো
ফুলনি এখনকে পাতিম…
আজি ঘৰ বান্ধিবলৈ
ফুলনিখনতে দমাই ৰাখি‍লোঁ
শিল, বালি, ইটা
জীৱনে আমাৰ বহু কথাতে
খেলিমেলি লগায়
গণিতত কোনো দিনে ভাল নম্বৰ নোপোৱা
বপুৰাৰ ডায়েৰি
এতিয়া
এটাৰ পিছত এটা
শেষ নোহোৱা অংক
ঘৰেবাহিৰে
সকলোতে চহকী সময়ৰ
খোজ
ইটো বাট এৰি সিটো বাট
সকলো বাটতে পোহৰৰ হাট
কি মায়াত বন্দী জীৱন
এন্ধাৰৰ কথা শুনিলেই সাত জাঁপ মাৰি
ঘৰলৈ উভতি আহোঁ
অন্ধকাৰত ৰামৰাজ্য পতাৰ
নক্সা আঁকিবলৈ
কাগজ কলম লৈ বহোঁ॥*

ভ্ৰাম্যভাষ: ৮৬৩৮২৪৪৬৫০



শ্ৰেষ্ঠ কবিতাৰ কাহিনী
ৰাজীৱ বৰা   
উজাগৰ এন্ধাৰত দুৱাৰত টোকৰ নেমাৰি শ্ৰেষ্ঠ কবিতা এটা
হুৰ-মূৰকৈ মোৰ কোঠালৈ সোমাআহিল। টেবুলত বহিল।
কলমৰ আগত ওলমি থাকিল এটা কঁপনিপ্ৰথম যৌনজ শিহৰণৰ দৰে
বিভাগৰ দয়াত দুদিনকৈ বিদ্যুত নাই। এতিয়া আপোনালোকে প্ৰশ্ন কৰক
অদেখা এন্ধাৰত কবিতা শ্ৰেষ্ঠ বুলি কেনেকৈ চিনি পোৱা যায়?
        
মই মোকেই শ্ৰেষ্ঠ বুলি ভাবি থাকোঁ। সপোনতো দেখোঁ।
জানো, সপোন দেখাত দায় নাই। সপোন
সৰাব জানিলে দিঠকতে পায়।
যেনেকৈ দলং নেসাজিও মথাউৰি নেবান্ধিও ভুৱা বিলত আগতীয়া
ধন পায়ছপা
হোৱাৰ পূৰ্বেই নিলিখা কিতাপো বঁটাৰ যুদ্ধত জয়ী হয়।
এই কথা সোঁৱৰাই কবিতাটোৱে আৰম্ভ কৰিলে প্ৰথমটো শাৰী
‘‘মা নিষাদ প্ৰতিষ্ঠাং…।’’ আদি কবি বাল্মীকি। মোৰ আৰাও শুনি
কবিতাৰ গোঁজৰণি কবিতা কাৰো পৈত্ৰিক সম্পত্তি নহয়। সকলোৱে
গা ধোৱে একেখিনি লুইতৰ পানী। মই পিছে প্ৰবাদ মাতিলোঁএকেজনে
পাৰে জানো একেখন নৈৰ একেখিনি পানীতে দুবাৰকৈ জোবোৰা মাৰিব?
পাৰে। পাৰে অমুকক চা। তামুকক চা নিজে শালস্তম্ভকবিতাৰ ৰাজ্যত
ৰজাৰ পোৱালি বুলি সকলোতে কেলি।
ৰাইজ ভেবা। তাত সোঁতবোৰ ৰয়পুখুৰীবোৰ বয়।



এটা সময় আহে সকলো আঁতৰি যায় কাষৰ পৰা
ন্‌জিত গগৈ
এটা সময় আহে সকলো আঁতৰি যায় কাষৰ পৰা
বা হয় এদিন তেওঁলোক কাষত নাথাকিলে
সম্ভৱ হৈ নুঠিব জীয়াই থকাটো
        
প্ৰিয়জনৰ বিচ্ছেদৰ শংকাই বাৰে বাৰে
বা
তোলে সম্ভৱ নে
এখন সাগৰ সাঁতুৰি থকা?
        
পূজনী
বুলি পূজি
থাকোঁতে
হাতৰ মুঠি সুলকি বুকুত যেতিয়া অসীম বিশ্বাসবোৰে
পদাঘাকৰে
তা
তাৰ পাছতো দেখোন জীয়াই
থাকিবলগা হয়
        
হয়, কেৱল হেৰুৱাৰ বেদনাবোৰ
অসীম হৈ আহে
এদিন যিসকলে আৱৰি আছিল
তেওঁলোকো কাষত নথকা হোৱাৰ পৰা
        
খুবেছি
বাঢ়ি আহিব সীমাবদ্ধতা
যিটো উকি মাৰি যৌৱনৰ দিনবোৰত
লগাই আছিল তাল-ফাল
স্মৃতিৰ পটভূমিতে
সি এক দীঘলীয়া ভাষণৰ শাৰীৰ বাহিৰে
হয়নে কেতিয়াবা জীয়া কেঁচা উকি?
এটা সময় আহে
সকলো আঁতৰি যায় কাষৰ পৰা
সকলো এদিন হৈ পৰে বোজা!
ভাও দিবলগা হয় যি পাৰে যিমান পাকৈতভাৱে
বাঢ়ি অহা সীমাবদ্ধতাতকৈ
ঠেকাইকোঁচাই
যি নিজকে জীয়াই থকাৰ উপযোগী কৰি তোলে
বাঁহ বান্ধি অহা পকা মুগাৰ লেটাতকৈবিশাল নে
তাৰ পৰিধি?
অথচ যাৰ জ্যোতিয়ে অনেককে অহৰহ

ফুলাম কৰে মুগাৰ সাজৰ দৰে জক্‌মকীয়া জীৱন।



গোপথ ব্ৰাহ্মণ ১
অলকেশ কলিতা
(ক)
ফুলবোৰ ফুলোঁ ফুলোঁ কৰিছে
তুমি যে অহাৰ কথা আছিল সেয়ে।
অথচ তোমাৰ অহাত পলম হ
ফুল ফুলাৰ বতৰ উকলি গলে
মই তোমাক কেনেকৈ মনৰ কথা ক?
আমি সব অহৌবলিয়া, মই, ফুলৰ পাপৰি, চৰাইচিৰিকতি‍
আমাৰ হৃদয়ৰ দিব্য প্ৰেম অথলে গৈছে,
তুমি কাক কেনেকৈ মুখ দেখুৱাবা
তুমি অহাৰ আগতেই যদি পৃথিৱী উছন ?
(খ)
তোমাৰ লীলা ৰসৰেণু এয়া কিঞ্চিত পাইছোঁ
বৈকুণ্ঠৰ এছিঙা ঘাঁহকে হলোঁ
তোমাৰ খোজে বিদৰিলে
বৈকুণ্ঠৰ এটি পৰুৱাকে হলোঁ
তোমাৰ খোজে বিদৰিলে
তাৰ বাবেও হেনো কিবা বোলে সালোক্য সামীপ্য।
তোমাৰ কল্পনা মাথোঁ কৰিয়েই
লীলা ৰসত মূৰ্ছা যাওঁ
আৰু তেনেকৈয়ে এয়া এই জনমতো
তুমি বিদাৰি আছা এই হৃদয়।
(গ)
কি আৰু ছিঙি আনি দিম
সকলো ফুলেই
ফুলিছেতো তোমাৰ বাবেই।
এপাহ ফুলিছে মোৰ পাজৰৰ ভিতৰত
সেইপাহ ছিঙিলে তোমাৰ মনোকষ্ট হ
এতেকে ক্ষণিক এই
কবিতাৰ বৃক্ষ জোকাৰোঁ
শব্দৰ ফুল সৰে বা ভাল!
পাৰা যদি এই শব্দফুলৰ ভিতৰলৈকে যাবা
কবিতাৰ বুকুৰ মৌ
মাথোঁ অসাধাৰণ ভোমোৰাৰ বাবে।
(ঘ)
তোমাক অমুকে ভাল পালে মই ভাল পাওঁ
তোমাক তমুকে ভাল পালে মই ভাল পাওঁ
তোমাক জগত চৰাচৰে‍ভাল পাওক
মোৰ সেয়াই পৰম সুখ।
অথচ তুমি মোক ভাল নাপালে মই
তোমাক অকণো বেয়া নাপাওঁ;
এইখন কি বজাৰ মেলিছা
গোটেইখন ভালপোৱাৰ বেচাকিনা ?
মই যিদৰে দেউলীয়া হলোঁ
তাকে লৈ মোৰ গৌৰৱ।
(ঙ)
মোৰ কি হৈছে?
মোৰ কিজানি শিশুকাল হৈছে।
চোৱাচোন
এই বুঢ়া বয়সত
মই তোমাৰ সতে
উমলিবলৈ শিকিছোঁ।
(চ)
মোক গকিছা
কাৰণ মই মাটি।
সেয়াই তোমাৰ চেনেহ সঁচাই,
বাটেপথে
যাৰে এৰা
এৰি
তেওঁলোকৰ প্ৰতি।
(ছ)
তেওঁ মোৰ মালিক
নহয় তেওঁ মোৰহে মালিক
নহয় নহয় তেওঁ মোৰহে
মালিক
বই নোৱাৰে তেওঁ মোৰহে মালিক
আচ্ছা বাৰু তেওঁকেই
লগ পাই সুধি লওঁ ব
লা
এটা চৰ্তত, এই সমুখৰ কঠিন বাট
আমি মিলাপ্রীতিৰে
পাৰ কৰিম।
(জ)
জানা কি অথন্তৰ মিলিল?
তোমাক পাই হেৰুৱালোঁ।
যি বন্তিৰ পোহৰত দুনয়নে হাবিয়া কৰিবলৈ শিকিছিল
এটি এটিকৈ সব নুমাল;
অনন্ত জন্মৰ সঞ্চয় দুশ এম এল মিঠাতেল কিমতে অঁতাম?
এতিয়া এনেমান এন্ধাৰ যে তাত তিলেকো প্ৰদূষণ নাই।
ঠিকেই প্ৰদূষণ নাই।
কোৱা এতিয়া কি কবা আন্ধাৰ পোহৰ কোন
কাৰ অথন্তৰ
পোহৰ কি?
মায়িক মোৰ মনৰ এই স স্বপ্নদুঃস্বপ্নৰ এয়া জানো পোহৰ?
হোৱা হলে
তিলেকতে মোলান কৰিলেহেঁতেন তোমাকেই জানা
?
মই অন্ধ হৈ গৈছোঁ নিশ্চিতভাৱে
সংসাৰত কেতিয়াও কতো
ৰাতি পুওৱা নাই, আমি কৈছিলোঁ;
ওহোঁ তুমি ফেইল মাৰিছা;
ইয়াকে
মই তাত যোগ দিলোঁ।
তিলেক স্ফুলিংগৰ বাবে হলেও
মইহে নেকি কৰিব লাগিব তপস্যা?
(ঝ)
এয়া চোৱা
মই পোহৰ জ্বলোৱা নাই।
তুমি দিয়া অন্ধকাৰক
অৰণ্যৰ পশুপক্ষী
গছ
লতা জন্তু-জানোৱাৰৰ সৰল হৃদয়েৰে
আত্মাৰ জিৰণিকাল বুলি কৈছোঁ
মই নাজানো আকৌ পোহৰ হলে মোৰ চকু
ব্রহ্মচৰ্য, তিতীক্ষা, বৈৰাগ্য,
ভাল আৰু বেয়াৰ গুণবাচ্যৰ অন্তকাল …
জ্ঞানৰ পথ অঁতাই
আকৌ জ্ঞানৰ পথৰ অসীমত চকুৰ দিগন্ত…
তুমি একো শেষ কৰি পেলাব নোৱাৰা মই জানো।
পোহৰৰ প্ৰতিশ্ৰুতি এনেহে লাগে যেন
এদিন অলপো ছাঁ নোহোৱাকৈ ৰদ ফালিবা।
অথচ ছায়াই ছায়াই যি বননিত ময়ূৰ নাচিছে
সেই বননিহে তোমাৰ।
(ঞ)
(১)
পুৱতিৰ চৰায়ে আনন্দ উৎসৱ কৰে
চোৱা আমি সৱে
পাৰ হৈ আহিলোঁ অন্ধকাৰ।
(২)
মোৰ পিঠিৰ পোৰণিটোৱে মোক জগাই দিছে
কাহিলি পুৱাতে।
চোৱা কোনে কেনেকৈ সাৰ পায়
একেখন এই পৃথিৱীত।
(৩)
অন্ধকাৰ অইন কতো নাই
ইয়াতেই আছে
যেতিয়া তোমালোকে দৃষ্টি আঁতৰাই নিছা।
(৪)
এই অন্ধকাৰত
মই কেৱল এটা কামেই কৰিব পাৰোঁ: কৰুণা।
প্লীজ্ মোক বাধ্য কৰোৱা বাধ্য কৰোৱা
কৰুণা কৰিবলৈ।
(৫)
আমাক পাহৰাই ৰাখিবলৈকে
তুমি প্ৰেম লুকুৱাই ৰাখিছা।
এয়া তোমাৰ দুষ্টালি বুলি নজনা হলে
কোন কত আছেনাই হয়নহয় সঁচামিছা?



কবিতা:
ঊনৈছ/ বিছ  
       
চন্দন গোস্বামী
 (এক)
পৃথিৱীৰ প্ৰাচীন বিষাণু
তেজ-মঙহৰ কাষলৈ
বায়ুৰ পোছাকত
জলজ
কথাৰ ৰাম নাম
সময় নে অসময়
উশাহ-নিশাহ
ছালৰ স্পৰ্শ
মায়া-মোহ
নাই নাই মঙহত
জীৱনৰ  বাহটোলৈ আঙুলিয়াই
ধৰি লওঁ
পদ্যত বিষ
গন্তিৰ বাহিৰৰ উপপাদ্য
চৰ্বি থাকিব নে বিয়োগ
নিৰামিষৰ গাত বীজাণু যোগ
বঙহৰ মঙহ কোনে ধোৱে
হাড়েছালে
ওলমি ত্ৰিশংকু
উটিবলৈ শোণিতৰ নৈ
তৃতীয় শ্ৰেণীৰ নাগৰিক
যিমানেই ক্লিষ্ট নহওক
কংকালসাৰজনৰো থাকে মঙহৰ মায়া
মাথোঁ কঢ়িয়াই ফুৰে পীড়কৰ উৎপীড়ন
নেপাহৰে
পাহৰে
জুইত জঁপিয়া
পাৰমাণৱিক বুদ্ধি
কলিৰ বাবে যুগে যুগে
শিয়ালে হোৱা দিলেও
জীৱাণুৰ  মূল কাউৰীয়ে বুজে
বীজাণুৰ হাড়ত বন গজিলেও
ই কিমান যে কি নিবিচাৰে
ৰুভূমিৰ
সময় আগ বাঢ়ি আহে লাহে লাহে
যুদ্ধ বিষাণুৱে
পালন কৰা উৎসৱ
নিয়তিয়ে  কুটে মহানগৰৰ জীৱন
ই নুবুজে ৰদৰ প্ৰাৰ্থনা
বৰষুণৰ মন্ত্ৰধ্বনি
পথাৰ
গুণে মঙহ টানি টানি
হাড়ৰৰ দমৰ চূড়াত
বিষাদবোধত ডুবি থকা উপত্যকাত
নামি আহে পঁইতাচোৰাৰ সমদল
আৰু এইদৰেই
ভাৰ বৈ থকা ধৰণীয়ে
সহি নে নসহি
নসহি নে সহি
                         
 (দুই)
নিনাদিত   অণু
চৌদিশে দামামা
ভুৱন
নে
ত্ৰিভুৱনৰ বেলাদ
কাল নে মহাকাল
ভৰিৰ তল কঁপে
ত্ৰাহি ত্ৰাহি
নাম   নে   অপৰাধ
অপৰাধ  নে  নাম
নাম অপৰাধ
চৌদিশে অকালতে  তিল  ফুল ফুলে
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
সিৰাউপসিৰাত
নীৰৱেনিতালে
কোনে মাতে কাৰ হৈ
মন্ত্ৰধ্বনি
শংধ্বনি
আকালৰ খুদকণ;
দিনপ্ৰতিদিন
পৰাণৰ লয়
আৰু
দূৰ বহু দূৰলৈ
ৰিণি ৰিণি
সূৰ্যস্তুতিৰ অপেক্ষাত
জাহাজখন
গৈ
গৈ
নীলাভ
নীলকণ্ঠ
সুৰ
লয়
সুৰ
লয়
আকৌ
চন্দন গোস্বামী, পঞ্চৱতী, বাৰপূজীয়া, মৰিগাঁও, অসম
9854790167




আইনা
উদয় কুমাৰ বৰুৱা
শুভবাৰ্তাই কঢ়িয়াই অনা
অভিব্যক্তি এটা চাই পাতলাবলৈ
দুখৰ ভাৰ
নতুবা, মচি পেলাবলৈ দুঃসময়ৰ ক্লান্তি
আইনা এখন নিতান্তই প্ৰয়োজন
তেজোময় ভানা
এটাৰে নিজক
লগ পোৱাৰ গোপন বাসনা এটা
মোৰো আছে, থাকক
আইনাৰ পৰিধি মোৰ মনৰো পৰিধি
দুপৰৰ বেলি আৰু মাজনিশাৰ জোনে
বাট লয় নেমুফুলৰ গোন্ধ এটাৰে
(ক্ৰমশঃ) ক্ষীয়মান আৱেগৰ
মেঘ গলি গলি আইনা এতিয়া মোৰ
ৰূপ-বৰ্ণ-বাকৰ এখন পানীৰঙী আকাশ…
উদয় কুমাৰ বৰুৱা
৮ – কুঁ‌হিৰাম পথ ,
অম্বিকাগিৰী নগৰ
ৰাধাগোবিন্দ বৰুৱা পথ
গুৱাহাটী – ২৪

ভ্ৰাম্যভাষ: ৯৪৩৫৫৬৩৫৭৫



বাটত মানুহ
ঋষভ নাথ
বাটত মানুহজন
সৌ সিদিনাও তেওঁ
নে আন এজনকেই দেখি
বিচাৰি নাপালোঁ
পৃথিৱীৰ প্ৰথম পথিক
নজৰে ঢুকি পোৱাৰ আগমুহূৰ্তত
যদি কোনোবাই চাই আছিল
অপৰিচিত বাটত কোন
তেওঁ চিনি পাইছিলনে
মোৰ খিৰিকী-ঘড়ী
দুলি থকা বেলি
বাটক ভৰি দিলে
গন্তব্য নি থব পাৰে
আন এটা বাটৰ মূৰত
যদিও মই গৈ পোৱা নাই
কিজানি এই বাটেই
সেই সাগৰৰ সুঁতি
ত ঠেকা খোৱাৰ সুৰুঙা
আছিল
কলম্বাছ আৰু নাপলেয়ঁৰ নাও
একেটা বাটতেই পাব পাৰিনে
আডাম-মাৰ্ক্সৰ সোঁ-বাঁ
সজ হাত পালে বাটে
হিটলাৰী টোপধ্বনি নি
শিলতে সিঁচে গান্ধীবাণী
এতিয়াও এইপিনেদি যদি
আন্ধাৰ ভাঙি আহে হাতী
সমুখত আলেকজেণ্ডাৰ
খালী
হাতেৰে তেৱোঁ
বিচাৰি যাবলৈ বাধ্য
ঋষি-ৰদৰ পথ
তথাগত বাটৰ ঘাঁহে কাটে
আঙ্গুলিমালৰ আঙুলি
যি দস্যু বাটৰ ভীতি
তেৱেঁই উঁই-গছ
ফুলে ফলে
ৰাম-নীতি
কাৰ বাটে ঠিক কৰে
মন কোনফালে?
যোৱাঅহাত
ব্যয় হয় মানুহ
কেৱল বাটে পাতে পাতে
ৰাখে খোজৰ হিচাপ
—————
ঋষভ নাথ, বাপুজীনগৰ,ডাকঘৰ-গোৱালপাৰা, জিলা- গোৱালপাৰা,অসম,৭৮৩১০১,
ভ্ৰাম্যভাষ-৯৮৫৯৯৭৬৬৪৩,
rhikhab.nath@gmail.com


পেণ্ডুলাম
কৌশিক জ্যোতি বৰা
এইমাত্ৰ মই মোক হেৰুৱাই আহিলোঁ
ঠিকনাহীন চহৰখনৰ এটা ফলকহীন গলিত
খিৰিকী খুলি ওলাই যোৱা বতাহজাকে নাজানে
নৈখনৰ নেজত ধৰি কিয় বুৰ যায়
দুপৰীয়া এটাৰ দুপতীয়া ওঁঠ
নিজে নমৰিলে মাৰিব নোৱাৰে কালে
কালক মাৰিব পাৰেনে কালে
এইমাত্ৰ উৰি যোৱা কপৌটোৱে নাজানে
বোবা সন্ধিয়া এটাৰ সৈতে কথা পাতি ওভতোঁতে‍
পদূলিতে গধূলি হ
আন্ধাৰ হলেই
হেৰাই যাওঁ ঠিকনাহীন চহৰ এখনৰ
ফলকহীন গলিত
কঁপা কলিজাৰ কঁপনিত উচুপি উঠা
বাঁহতীয়া
জোনে অনুবাদ কৰিব নোৱাৰে
দোলক এটাৰ যন্ত্ৰণা
দোলনহীন জীৱনমৃত পেণ্ডুলাম
মই এইমাত্ৰ মোক হেৰুৱাই আহিলোঁ
ঠিকনাহীন চহৰখনৰ এটা ফলকহীন গলিত।


কৰ্ণ
গুণ মৰাণ
        
কৃষ্ণৰ হাতত
মোৰ মৃত্যু নিশ্চিত
        
মোৰ মৃত্যুৰ আগলৈকে
কৃষ্ণ পক্ষৰ সহস্ৰ সৈনিকক এফালৰ পৰা বধ কৰিছোঁ
        
কৃষ্ণই বাধা দিয়া নাই
কৃষ্ণ ভগৱান
কৃষ্ণ সৰ্বজান
        
তেওঁৰ পক্ষতো আছে
অনেক অধৰ্মী দুৰাত্মা
সিহঁতক বধ কৰি কৃষ্ণই অপৱিত্ৰ হব নোখোজে
        
মই সিহঁতক বধ কৰি প্ৰকৃততে
কৃষ্ণৰ ধৰ্ম সংস্থাপনত সহায়কহে হৈছোঁ
        
কোনেও নজনানভবা
কথাটো
কৃষ্ণ আৰু মোৰ মাজত এখন অলিখিত চুক্তি
মোৰ পক্ষৰ অধৰ্মীহঁতক অৰ্জুনে বধ কৰিব
কৃষ্ণ পক্ষৰ দুৰাচাৰবোৰ মোৰ হাতত নিপাত যাব
লাভ মোৰো নহয়
লাভ অজুৰ্নৰো নহয়
লাভ  মাথোঁ ভগৱান কৃষ্ণৰ
যিদিনা অৰ্জুনৰে মোৰ সমুখ সমৰ হ
কৃষ্ণই মোক হত্যা কৰিব
অৰ্জুনে ভাবিব তেওঁহে মোক বধ কৰিলে
        
ভ্ৰাতৃ অৰ্জুনলৈ মোৰ
মৰম লাগে
পুতৌ পজে
        
সমুখত স্বয়ং ঈশ্বৰবহুৱাই লৈ যুদ্ধ কৰিছে
মই তাৰ লগত নহয় ভগৱানৰ লগতহে যুদ্ধ কৰিছোঁ।
সেই কথাটোৱেই নহয়
তাৰ জ্যেষ্ঠ ভ্ৰাতৃয়ে অৰ্জুনক হত্যা কৰি জয়ী হব নোখোজে
        
অৰ্জুনে  সদায় শ্ৰেষ্ঠ হবলৈকে শিকিলে যুঁজিলে
কাহানিও বীৰ হবলৈ নিশিকিলে
বীৰ নোহোৱাকৈ বীৰগতি অসম্ভৱ
সেইবাবে সি স্বৰ্গযাত্ৰাত খহি পৰিব
        
মোৰ অব্যৰ্থ অস্ত্ৰৰে‍অবিৰাম যুঁজিছোঁ
ধাৰাল
অস্ত্ৰৰ তীক্ষ্নতাত পাৰ্থসাৰথিৰ
থ পিছ হোঁহকি গৈছে
ঈশ্বৰৰ এনে পৰাজয় মোৰ কাম্য নহয়
ভ্ৰাতৃ অৰ্জুনৰো মৃত্যু মোৰ কাম্য নহয়
যুদ্ধক্ষেত্ৰত যুদ্ধ নকৰি মোৰ পৌৰুষ গৰ্বক অপমান কৰিব নোৱোৰোঁ
পৰম মিত্ৰ দুযোৰ্ধনকো প্ৰতাৰণা কৰিব নোৱাৰোঁ
মই নিৰুপায়
হে কেশৱ!
মোক মৃত্যু দিয়া
        
অজুৰ্নৰ অগোচৰে ভগৱান কৃষ্ণই
ঈষৎ হাঁহিৰে‍মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে
লগে লগে মেদিনীয়ে মোৰ থ গ্ৰাস কৰিলে
        
কৃষ্ণৰ নিদেৰ্শত অৰ্জুনে সুযোগৰ সদ্ব্যৱহাৰ কৰিলে
অৰ্জুনৰ কাঁড়ৰ শীৰ্ষত কৃষ্ণই অদৃশ্য সুদৰ্শন চক্ৰ গুঁজি দিলে
মুহূৰ্ততে মই ঢলি পৰিলোঁ
স্বয়ং ভগৱান মোৰ প্ৰতিদ্বন্দ্বী
ত্ৰিলোকৰ পতিৰ হাতত মোৰ মৃত্যু
দুৰ্ভগীয়া কৰ্ণক ইয়াতকৈনো লাগিছে কি!
ভগৱানৰ অৱতাৰ গুৰু পৰশুৰামে মোক
অভিশাপ দিয়াৰ সময়ত তুমিয়েই সাক্ষী আছিলা
সেই সময়!
অনাগত কৰ্ণৰ বাবে তুমি সাক্ষী হৈ থাকা



বেপাৰী
লিংকন কলিতা 
উশাহ বঢ়াবৰ বাবে
উশাহ বেচাকিনা
কৰে
বেপাৰীয়ে
পদূলিয়ে পদূলিয়ে
কাণ চোৱাই
উশাহৰ  কথা
আচৰিত এই বেপাৰ
আমৃত্যু
কাৰোবাৰ
*****
ছাত্ৰবি.ফাৰ্মনেইমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটগুৱাহাটী
ভ্ৰাম্যভাষ: ৭০৯৯৪৩৩১৩৩
ইমেইল-kalitalingkan123@gmail.com




জোনৰ বুকুতে থাকে ৰদৰ মৰল
কবি-ৰঞ্জিত ভট্টাচাৰ্য,
বন্দনা কৌশিক
বৰদলৈ
, স্বপ্নালী কলিতা, ভাস্কৰ জে.নাথ, মুনমুন চৰকাৰ শইকীয়া
শূন্যতাক ভাঁজ দি যদি মই
সাজিব পাৰোঁ এখন চিলা,
তেন্তে মোৰ চকুলোৰ ৰং নীলা
নীলা চকুযুৰি ভাঁজ দি ললোঁ,
উৰুৱাবা?
বতাহক সুধিলোঁ
উৰা চিলাখনে শূন্যতাক খেদি আছে,
আকাশখনো এতিয়া
এচপৰা নীল বৰণৰ শিলা
শূন্যতাই বাঁহগছডালৰ দৰেই
আকাশ ধিয়ায়
কোনে ক?
কি সাৰপানী
পাই
বাঢ়ি উঠিছে এনেদৰে লহ-পহাই!
এঙামুৰি এটাত ভাঁজখোৱা সপোন,
বতাহে কলেহি চিলাৰ কাহিনী গোপন।
যদি চকুলোৰ ৰং নীলা
তুমি তেনে এজোপা সৰল
আহা! এডাল শূন্যতাৰ ৰছী টানো!

জোনৰ বুকুতে থাকে ৰদৰ মৰল