কবিতা থাকে যুগপৎ…

উদয়
কুমাৰ বৰুৱা

 

যিবোৰ
ভাবনাই পৃথক কৰি ৰাখিছিল

অত কাল
সিয়েইচোন ক্ৰমাৎ ওচৰ চপাই আনিছে

 

প্ৰশ্ন
হয়:

অনুভৱ
কৰিবলে শিপাৰ অস্তিত্ব
,


লাগে নেকি মাজে মাজে

নিজৰ
পৰা বিচ্ছিন্ন

 

একাকি‍ত্বয়ো
কেতিয়াবা
  দিয়ে নেকি

বন্ধ
কৰি ৰাজপথলে খোলা দুৱাৰ

 

চকুত
এখন ৰামধেনু আঁকি

কোনে
কৈ যায়
, কৈ যায় কোনে

‘‘অ মোৰ মাটিৰ মানুহ

সকলো
নক্ষত্ৰ নুমাই যোৱাৰ পিচতো

সমস্ত
মেঘৰ ছাঁ শেষ হোৱাৰ পিচতো

কবিতা
থাকে যুগপৎ
’’

 

মৃত্যুৰ
দামামাই যেতিয়া কঁপাই থাকে চৌদিশ
, কবিতাই তেতিয়াও কয়:

ট্ৰেজেডিও
জীৱনৰে এটা

ষ্ট্ৰেটেজিক পইণ্ট

 

তাৰ
পৰাই নেদেখিও দেখি এন্ধাৰে-পোহৰে

নদীত
নমা দ্বিতীয়াৰ জোন…