জিন্তু গীতাৰ্থ

আন্ধাৰ আৰু আন্ধাৰ।

নৈৰ ঘাটৰ এইছোৱা আন্ধাৰত ডুব
গৈ আছে। চেঁচা বতাহে চাবুকৰ দৰে নৈৰ পাৰক কোবাই গৈছে।
কে‍য়োপিনে কেৱল নিৰ্জন আৰু শূন্য।
কাহানিবাই শূন্য হৈ পৰিছে এই চহৰৰ বাট
পথ। চিকৰা লাগি ধৰাদি এতিয়া এই চহৰৰ গাত শূন্যতাই লাগি ধৰি
থাকে। যেন ৰৈ গৈছে এই চহৰ। মাত্ৰ এহাত দূৰত নিৰলস বৈ আছে এই নৈ। নে ৰৈ গৈছে এতিয়া!
নাই নাই
, ধৰিব পৰা নাযায়। এই
ঘি
ট্‌মিট্‌ আন্ধাৰত আচলতে
একোৱেই ধৰিব পৰা নাযায়।
সকলো কথাই ধূঁৱলী-কুঁৱলী এতিয়া।
চকুৰ সমুখতে থকা অথচ চুই চাব
নোৱৰা। যেন উৎসৱৰ ৰাতিৰ পাছৰ দৃশ্যহে এয়া।
উৎসৱেইতো আছিল সেয়া। জীৱনে
ৰং-ৰহইচেৰে পাতি দিয়া উৎসৱ। আচলতে কিছুমান কথা পৰিষ্কাৰ কৰি লোৱাটো একেবাৰেই দৰকাৰ
হৈ পৰিছিল। হয়তো সেইবাবেই পৰিচিত পৃথিৱীৰ পৰা আঁতৰলৈ যাবলৈ পোৱাৰ সুযোগটো পাই মই
ভালেই পাইছিলোঁ। প্ৰচণ্ড অৰ্থকষ্ট আৰু এক ধৰণৰ মনোকষ্টত ডাঙৰ হোৱাৰ
পাছত মই হৈ উঠিছিলোঁ
আচৰিত ধৰণে উচ্চাভিলাষী। হয়তো জেদীও। তাৰ বাবে যিকোনো পথেই গ্ৰহণ কৰিবলৈ মই নিজকে
সাজু কৰি তুলিছিলোঁ। তেনে অনেক পথৰ মাজৰেই এটা পথ হয়তো আছিল ৰাজীৱ। ৰাজীৱক মই লগ
পাইছিলোঁ এখন ছেমিনাৰত। মোৰ নিজৰ চহৰখনতে অনুষ্ঠিত হোৱা ইনক্লুছিভ্ এডুকেশ্যনৰ
ছেমিনাৰখনতে এই যু
কৰ সৈতে মোৰ প্ৰথম পৰিচয় ঘটিছিল। সেয়া ছে‍প্টেম্বৰ মাহৰ কথা। খুব
কম দিনৰ ভিতৰতেই আমি অন্তৰংগ হৈ উঠিছিলোঁ। চহৰখনৰ গছবোৰে মোট সলোৱা পৰত আমি ঘূৰি
ফুৰিছিলোঁ অলিয়ে
গলিয়ে।
আৰু সেই প্ৰথম লগ পোৱা দিনটো!
সি শুক্লেশ্বৰত ৰৈ আছিল। তাৰ
টোপোলাত আছিল ছেমিনাৰৰ দিনা আমি একেলগে উঠা এখন সুবৃহৎ ফ্ৰে
মিং কৰা ফট, গোলাপৰ থোপা, এখন জনগোষ্ঠীয় উত্তৰীয়, ডায়েৰী, নশ টকা দামৰ এটা কলম আৰু
অৰুন্ধতীৰ দ্য মিনিষ্ট্ৰি অব আ
ট্‌ষ্ট হেপিনেছ। আছে,
সকলো
কথাই ফ
ট্‌ফটীয়া হৈ আছে। এনেয়েও তেতিয়ালৈ মই পাৰ্থিৱ হিচাপ-নিকাচত পকি উঠিছিলোঁ। চাকি
নুমুওৱা বাতি জ্বলা সেই গধূলি সি মোক লৈ গৈছিল ফাঁচীবজাৰলৈ। তেতিয়া পূজাৰ বতৰ।
ফাঁচীবজাৰত দহৰম
মহৰম
লাগি আছিল। সেই ভিৰ-ভাৰৰ মাজতেই চোহমত এযোৰ কাপোৰ আৰু তাৰ পৰা চিধাই উজানবজাৰত
মিচিংগা’-ত এসাঁজ এথ্‌নিক। আস্, মই যে কিমান পুলকিত হৈ
উঠিছিলোঁ! যেনিবা ৰূপকথাৰ যাদুকৰী বুঢ়ীৰ
পিতাৰা’-ৰ চাবিকাঠিহে মোৰ হাতত
পৰিছিলহি।
তাৰ পাছৰ দিনবোৰ মোৰ বাবে
ঐশ্বৰ্যৰে ভৰি উঠিছিলহি। মই চখ পূৰাবলৈ কৰি থকা টিউশ্যনকেইটাও আনকি বাদ দি
দিছিলোঁ।
তেনেবোৰ দিনতেই জেণ্ডাৰ ষ্টাডিজৰ ওপৰত মোৰ পেপাৰ
এখন বাছনিত উঠিছিল। কৰ্ণাটক বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ সেই আন্তঃৰাষ্ট্ৰীয়
ছেমিনাৰৰ কাৰণে মই পূৰাদমে যো-জা চলাইছিলোঁ। তাৰ বাবে সি অত দিনে দি থকা
প্ৰস্তাৱটো মই মানি লৈছিলোঁ। তাক কথা দিছিলোঁ চোহৰালৈ যি সপোন দুহাতত
গুঁজি সি মোক লৈ গৈছিল, সেই সপোন নমাই আনিম বুলি।
চোহৰাত কি হৈছিল আপোনালোকেতো নাজানেই। বাৰু
, কৈয়েই থওঁ। আচলতে গুৱাহাটীৰ বাহিৰলৈ কৰবালৈ যোৱা সেয়াই আছিল মোৰ
প্ৰথম। মই প্ৰেমত পৰি
ছি‍লোঁ। লানি লানি পাহাৰ, চিম্‌নিৰে ধোঁৱা ওলাই থকা সৰু সৰু ঘৰবোৰ আৰু দূৰৈৰ পৰা চাব পৰা অথচ
চুই চাব নোৱৰা জলপ্ৰপাতবোৰৰ প্ৰেমত। সেই ট্ৰি
প্‌টোত সি তাৰ অফিচৰে বন্ধু এজন
আৰু চিনাকি ড্ৰাইভাৰক লৈছিল। বৰ উছাহেৰে সি সকলো আয়োজন কৰিছিল। অথচ এটা সময়ত তাৰ
সমস্ত উছাহ মই মাটি কৰি পেলাইছিলোঁ। শেষ
মুহূৰ্তত মই খেলিছিলোঁ আচল
খেলটো। সন্ধিয়া
হ’টেল ঠিক কৰোঁতে মোৰ পেন কাৰ্ড দি বুক কৰাইছিলোঁ চাৰিজনীয়া এটা সুবৃহৎ ফেমিলি ৰুম। সেই কাৰণেই, সেই কাৰণেই সি এইবাৰ যাবলৈ
জঁপিয়াই সাজু হৈ উঠিছিল।
সি সকলো ঠিকঠাক কৰিছিল। সেয়া মোৰ
প্ৰথম উৰণ
অভিজ্ঞতা
আছিল। বগা আৰু কেৱল বগা ধূসৰ প্ৰদেশৰ মাজেৰে উৰি গৈ আমি বাঙ্গালোৰ পাইছিলোঁগৈ আৰু
তাতে লৈছিলোঁ এটা
কাপ্‌ল ৰু
প্ৰথম ৰাতি মই ব্যস্ত হৈ
উঠিছিলোঁ
পাছদিনাৰ
ছেমিনাৰৰ প্ৰস্তুতিত। বিশ্বাস কৰক
, সি মোৰ সমুখতে কাপোৰ সলাইছিল। গা ধুই আহি মোৰ কাষতে বিছনাত পৰিছিলহি। মই পৰম
ধৈৰ্যৰে মোৰ গলৰ ৰুদ্ৰাক্ষডালত হাত বুলাই বুলাই পেপাৰখনত চকু ফুৰাই আছিলোঁ।
একেখিনি আখৰ
, শব্দ মোৰ মুখস্থ হৈ
গৈছিল। বিৰক্তিৰ চৰম পৰ্যায়ে মোৰ সমগ্ৰত থিতাপি লৈছিল। তথাপি মই অত্যন্ত অধ্যয়নশীল
এক ছাত্ৰৰ ভাও দিয়াত ওস্তাদ আছিলোঁ। কাষতে ম
বাইল পিটিকি পিটিকি সি এসময়ত শুই পৰিছিল। মই পেপাৰ সামৰি
শুবলৈ লওঁতেই মোলৈ এটা
মেছেজ আহিছিল।
–‘‘হু হেভ ৰিম্‌ড মাই প্লেচ।’’
এক অজান পুলক বাগৰি গৈছিল মোৰ
মনৰ মাজেদি। অৰণ্যৰ মেছেজ। অৰণ্য ডি শইকীয়া। বাঙ্গালোৰ মেডিকেলৰ এই ছাত্ৰটি মোৰ
বন্ধু আছিল। ফেই
চ্‌বুকৰ পৰা ৱাটছ্এপলৈ সলনি হোৱাকৈ আমি অন্তৰংগ হৈ উঠিছিলোঁ। অৱশ্যে অৰণ্যৰ কথা মই
বৰ বেছি নাজানিছিলোঁ। মাত্ৰ সি এবাৰ মোক কোৱা মনত আছে
, ‘‘তোমাৰ লেখা পঢ়োঁ। তোমাৰ ফেইচ্‌বুকৰ কিছুমান পষ্ট খুব ইন্সপ্যায়াৰিং।’’
সেই ৰাতি আচৰিতভাৱে মই এক বৰ
ৰোমাঞ্চকৰ সপোন দেখিছিলোঁ। এখন নদীৰ ঘাটত লাগি থকা নাৱত মই বহি আছিলোঁ। আন্ধাৰৰ
মাজত ছয়াময়াকৈ সেয়া মোৰ লগত কোন বহি আছিল
? অৰণ্য! নাই নাই, অৰণ্যক চিনি পাব পৰাকৈ মই তেতিয়ালৈ দেখাই নাছিলোঁ। তাৰ ফেইচ্‌বুকত থকা ফট’বোৰ আছিল ধূসৰ আৰু
ছায়াভৰা। বিক্ষিপ্ত কিছুমান কলাজৰ দৰে। আচৰিতভাৱে সেই নিৰ্জন ঘাটত কোনোবাই বৰ
কৰুণকৈ লগ্নজিতা গাইছিল
প্ৰেমে পড়া বাৰণ, কাৰণে অকাৰণ…
পাছদিনা ছেমিনাৰত ৰাজীৱে
দিনটো মোৰ লগে লগেই আছিল। ছেমিনাৰ শেষ কৰি
হ’টেল পাওঁতে বেলিয়ে পশ্চিম
আকাশত থিতাপি লৈছিলহি। ৰাজীৱে বাথ
ৰুমত সোমোৱা ছেগতে মই কাপোৰ সলাই লৈছিলোঁ। তেতিয়াই অৰণ্যৰ
মেছেজ আহিছিল। সি মোক লগ পাবলৈ আহি আছিল। মই পুলকিত হৈ উঠিছিলোঁ। পুলকিত নহৈ পাৰোঁ
নে! সি ইমান আকুলতাৰে কৈ উঠিছিল

‘‘
তোমাক
মই লগ পাবই লাগিব।
’’
ৰাজীৱ ওলাই অহাৰ পাছতে মই
বাথৰুমত সোমাইছিলোঁ। বাল্টিটোত সি গা ধুই এৰি যোৱা আধাবাল্টি পানী। ইস্
, কি হৈছিল মোৰ! পানীখিনিলৈ চাই
মোৰ কিবা যেন লাগিছিল। যেন কিবা এক তিতা-টেঙা-খাৰ মিহলি অখাদ্য ক
ক্‌টেইল মই মুখত দিছোঁ আৰু
মোৰ জিভা বিদাৰি গৈছে। মই বাল্টিটো মজিয়াত বগৰাই দিছিলোঁ। পানীবোৰে মোৰ ভৰি
চুইছিলহি। বগৰাই দিওঁতে দুই
এক পানীৰ কণা মোৰ গায়ে-মুখে ছিটিকিও পৰিছিল। মোৰ গা সিৰ্‌সিৰাই আহিছিল। মই থিয়
হৈ সমুখৰ আইনাত মোৰ নিৰ্বস্ত্ৰ দেহটোলৈ চাইছিলোঁ। বুকুলৈ দেখা যায় মাত্ৰ আয়নাখনত।
এয়া এয়া
, মোৰ চকু, কাটি দুটুকুৰা কৰা মাংসৰ দৰে
ওঁঠ
, এই মসৃণ ডিঙি। মই হাত
বুলাইছিলোঁ। মোৰ চকুৰ সমুখত বাৰে বাৰে ৰাজীৱ ভাহি উঠিবলৈ ধৰিলে। তাৰ গেঞ্জী-টাৱেল
পিন্ধা সেই কটা জাতিলাওৰ ৰংহেন দেহ
নাই নাই, এনে পুৰুষ মোৰ প্ৰিয়
নহয়
; ছিঃ ছিঃ। মই খক্‌খকাই বেছিনটোতে বমি কৰি
দিছিলোঁ। খুব পাতল লাগিছিল গাটো। এইবাৰ মই শ্বাৱাৰৰ তলত থিয় দিছিলোঁ।
কিছু পৰৰ মূৰত মই জয়ানগৰৰ
আলিয়েদি অৰণ্যৰ লগত খোজ কাঢ়িছিলোঁ। ৰাজীৱক কৈ আহিছিলোঁ বন্ধুক দেখা কৰোঁ বুলি।
প্ৰথমতে সি মেমেৰাৰ দৰে না না কৰিছিল যদিও মানা কৰিব নোৱাৰিলে।
আৰু এয়া মই খোজ কাঢ়িছোঁ
অৰণ্যৰ সৈতে। ওখ
, হটঙা, জলফাই বৰণৰ এই যুৱকৰ দেহৰ পৰা
এক ধৰণৰ অনন্য গোন্ধ ভাহি আহিছিল। ঠিক তামৰ পাত্ৰত পানী আৰু কথনা ফুল থোৱাৰ
পাছত ওলোৱা গোন্ধৰ দৰেই
আছিল এই গোন্ধ।
তাতকৈও আশ্চৰ্যকৰ কথাটো আছিল
যে তিনি ঘণ্টাৰ দূৰত্ব বাটকুৰি বাই সি মোক লগ কৰিবলৈ আহিছিল। সেই সন্ধিয়া তাৰ হাতত
ধৰি মই ভৰি দিছিলোঁ এক অনন্য দুনিয়াত। সি আটাইতকৈ দামী শ্ব
পিং চেণ্টাৰটোলৈ মোক লৈ
গৈছিল। অথচ আমি তাত একো কিনা নাছিলোঁ। বৰঞ্চ সি মোক তাৰ সপ্তম মহলাৰ ওপৰত থকা এক
বিস্ময়কৰ পৃথিৱীলৈ লৈ গৈছিল। চকুৰ সমুখত ওপঙি আছিল এক বিস্তৃত জলাশয়। কৃত্ৰিম
জলপ্ৰপাতৰ পৰা হোৰাহোৰে পানী সৰি আছিল। দূৰলৈকে পানীৰ কণিকাবোৰ ছিটিকি পৰিছিল।
মাজে মাজে সৰু সৰু ঘাঁহনি আৰু বেঞ্চ। ওপৰত ৰাতিৰ মুকলি আকাশ। সেই সুবিশাল জলাশয়ত
যেন আকাশৰ পৰা আহি সৰি পৰিছেহি কোনো অনামী খৰস্ৰোতা জুৰি। মোৰ মুখলৈ চাই সি কৈ
উঠিছিল
— ‘‘মই জানিছিলোঁ, তুমি ইয়ালৈ আহি ভাল পাবা।’’
আস্, তাৰ মুখখনত বিয়পি পৰা সেই হাঁহিটো তেনেই সৰল আৰু নিষ্পাপ
আছিল। আমি গাতে গা লগাই অলপ পৰ সেই জলধি আগত লৈ বহিছিলোঁ। সি কোৱা কথাৰ আঁত ধৰি মই
তাক সুধি পেলাইছিলোঁ
— ‘‘তেনেহলে তুমি আৰু অসমলৈ কেতিয়াও
নোযোৱা
?’’
— ‘‘তেনেকৈতো কোৱা নাই।’’ সি ঈষৎ হাঁহি উঠিছিল।
— ‘‘নহয়, তুমিয়েই দেখোন কলা মা-দেউতাই তোমাক মানা কৰিছে বুলি।’’
— ‘‘মা-দেউতাৰ এইটোক লৈ একো
সমস্যা নাই। কিন্তু তেওঁলোকে মই তাত কষ্ট পাম বুলিহে ইয়াতে থাকি যোৱাৰ কথা কৈছে।
’’
— ‘‘তুমি ভাবানে তেওঁলোকে তোমাক ক্‌চেপ্ট্কৰিব পাৰিছে বুলি?’’
— ‘‘মোক নহয় অ’; মোৰ আইডেণ্টিটিক। তেওঁলোকৰ প্ৰব্লেম নাই। কিন্তু
তুমিতো জানাই আমাৰ তাত কিমান বেছি
কনজাৰ্ভেটিভ্। বাৰু কি খাবা কোৱা?
মই একো কোৱা নাছিলোঁ। সি মোক
ইণ্ড
’-চাইনীজ ৰেষ্ট্যুৰেণ্ট এখনলৈ লৈ গৈছিল। তাৰ
পৰা ঘূৰি আহোঁতে সি মোক বিখ্যাত ফালুদা খুৱাইছিল। জয়ানগৰ মেট্ৰ
ষ্টেশ্যনত নমাই হ’টেললৈ অট এখন বুক কৰি দি সি
গুচি গৈছিল। অট

বহি তাক মেছেজত ধন্যবাদ যাচিছিলোঁ। সি কৈছিল আকৌ লগ পোৱাৰ কথা। মই তাক কৈছিলোঁ
চুমা এটাও নিদিয়াৰ কথা। সি উত্তৰ দিছিল
— ‘‘হেই, য়ু আৰ ষ্টিল্ ইন
ইণ্ডিয়া ড্যুড
দেচ্ বদ্‌লে হ্যেঁ, লোগ নহী।’’
বুকুৰ ভিতৰত এক অনন্য শ্ৰদ্ধা
লৈ মই বাহিৰলৈ চকু দিছিলোঁ। ইমান টকা খৰচ কৰিলে সি আজিৰ সন্ধিয়াটোত। বিনিময়ত! ইমান
সৰল মানুহো থাকেনে এই দু
নিয়াত?
আস্, এনে আদৰ কৰিছিল নে কোনোবাই
মোক
? — মোৰ মনত পৰি গৈছিল
মোৰ চহৰখনৰ প্ৰেমিকবোৰলৈ। সকলোৱে য
ত মাত্ৰ ৰৈ থাকিছিল গোপন সময়বোৰলৈ। ৰেষ্ট্যুৰেণ্টত এসাঁজ অথবা একোটা
তিনিমহীয়া ম
বাইল ৰিচাৰ্জৰ বাবদ
সকলোৱে খাপ পিটিছিল আন্ধাৰৰ বিছনালৈ।
— ‘‘আপ য়হা কে হো?’’
অটৱালাটোৱে হয়তো মোক লক্ষ্য কৰি
আছিল। কথন-মথনত পাৰ্গত অট
ৱালাটোৱে লাহে লাহে জাল এখন গুঁঠি আনিছিল। আৰু, আৰু শেষত সি আগ বঢ়াইছিল সেই
মাৰাত্মক প্ৰস্তাৱ। মই মিচিকিয়াই মিচিকিয়াই কথা সলাইছিলোঁ। তাক ফ
নৰ নম্বৰ দিছিলোঁ।
হয়তো মোহৰ আন এক ৰহস্যময় জালেৰে ময়ো তাক বান্ধি পেলাইছিলোঁ। হ
টেলৰ সমুখত নামি ভাড়া
দিওঁতে মই ইচ্ছা কৰিয়েই তাৰ হাতখন চুইছিলোঁ। ছেগ বুজি সি মোৰ হাতত ধৰিছিল। মই আকৌ
আহিলে খুব ওচৰৰ পৰা তাক লগ পোৱাৰ আশ্বাস দিছিলোঁ। সি আলফুলে তাৰ ওঁঠ মোৰ দুহাতত
লগাই বিদায় লৈছিল।
টেলৰ কোঠাত মোৰ বাবে ৰৈ আছিল
জগতৰ অভিমান আৰু খঙেৰে ভৰা এখন মুখ। মই কাপোৰ সলাই বিছনাত পৰিছিলোঁ। পৰম আৱেশ আৰু
অধীৰ অপেক্ষাৰ অন্তত সি মোৰ গাত উজাৰ খাই পৰিছিলহি। তাৰ অস্থিৰ ওঁঠ
, হাতে মোৰ শৰীৰৰ মাৰাত্মক
স্থান কিছুমানত হাত বুলাবলৈ ধৰিছিল। মই গাৰুৰ তলত মুখ লুকুৱাব খোজোঁতেই সি গাৰুটো
আঁতৰাই দিছিল। মোৰ ওচৰত পলাবলৈ আন একো বাট নাছিল। তথাপি মই মোৰ শেষ অস্ত্ৰপাট
উলিয়াইছিলোঁ।
মোৰ গলত ওলমি থকা ৰুদ্ৰাক্ষধাৰ
চুই কৈছিলোঁ
— ‘‘এৰ। এইডাল দেৱী
ছিন্নমস্তাৰ ৰুদ্ৰাক্ষ। এইডাল গাত লৈ এইবোৰ নাপায়।
’’
সি পলকৰ বাবে ৰৈ গৈছিল। পাছ
মূহূৰ্ততে কৌশলেৰে তড়িত গতিত সি ৰুদ্ৰাক্ষডাল খুলি পেলাইছিল। মোৰ কি জানো হৈছিল!
একে আঁজোৰে তাক ওফৰাই পেলাইছিলোঁ। হয়তো বলপ্ৰমথিনী দেৱী ছিন্নমস্তাই সিদিনা
সঁচাকৈয়ে আহি মোৰ মাজত অৱস্থান কৰিছিলহি। আচলতে ঠিক কাৰ ওপৰত খং উঠিছিল মোৰ ক
ব নোৱাৰোঁ।
ব পৰা নাছিল সিও। ক্ৰোধ আৰু বিৰক্তিৰে ৰঙা হৈ উঠা মোৰ দুচকু
দেখি সি থমকি ৰৈছিল। মোৰ প্ৰবল ইচ্ছা হৈছিল
, এই যেন ঠাচ্  কৰে চৰ
বহুৱাই দিম তাৰ গালত। অথচ কোনোবাই মোৰ কাণৰ ওচৰত ফু
চ্‌ফুচাই কৈ উঠিছিল— ‘‘ধৈৰ্য ধৰ, ধৈৰ্য ধৰ। অলপমান শ্লিপ্
কৰিলেই সকলো হেৰুৱাবি। হেৰুৱাই পেলাবি ইচ্ছাপূৰ্তি যাদুকৰী
পিতাৰাৰ সোণালী চাবি-কাঠী।
— ‘‘আয়্যাম ছৰি বেবি’’
মই একো নামাতি ফনটো হাতত লৈছিলোঁ। ফন লগাইছিলোঁ ছবীৰ
পাঁচালৈ। সি ওচৰতেই আছিল। মই পিন্ধি
উৰি ৰাজীৱক এটা শব্দও নমতাকৈ ওলাই আহিছিলোঁ। হটেলৰ বাহিৰত পাঁচা ৰৈ
আছিল। তাৰ অট

পিছফালে বহি তাক কৈ উঠিছিলোঁ

‘‘
তই যতেই পাৰ মোক ঘূৰা। কেৱল গৈ
থাক।
’’
পাঁচাৰ মোৰ প্ৰতি কৌতূহল আৰু
মোহৰ অন্ত নাছিল। ৰাতিৰ প্ৰশস্ত নিৰ্জন বাটেৰে অলিয়ে
গলিয়ে ঘূৰাই সি ঠাইবোৰৰ কথা
কৈ গ
ল। সেই ৰাতি খুব জোৰে
বতাহ বলিছিল। বতাহজাকে মোৰ গালে মুখে কোবাইছিল। হয়তো পৃথিৱীয়ে গোপনে বাগৰ সলোৱাৰ
যো-জা কৰিছিল।
পুৱতি নিশা মই ৰুম সোমাইছিলোঁ। ৰাজীৱে
শোৱা নাছিল। সি আকুল হৈ কৈ উঠিছিল
— ‘‘আয়্যাম ৰিয়েলি ছৰি’’
মই একো নকৈ মাজত গাৰু এটা দি
শুই পৰিছিলোঁ। সেই ৰাতি সপোনত আচৰিত ধৰণে মই ৰামধেনু বৰণৰ এটা বৃহৎ ছাতি
দেখিছিলোঁ। পাছদিনা পুৱা উঠি মই মুখত হাঁহি এটা আঁকি লৈছিলোঁ। তাক সাবটি ধৰিছিলোঁ
আৰু ওলাই আহিছিলোঁ বিমান বন্দৰলৈ। বাটত লগ পোৱা বতাহজাক
, উজ্জ্বল পৰিচ্ছন্ন ৰদ আৰু আকাশৰ অত ওলমি থকা শুকুলা মেঘবোৰক
মনে মনে কৈ আহিছিলোঁ
, আকৌ আহিম। অৰণ্যৰ এই
দেশলৈ আকৌ আহিম। তোমালোকে বাট চাই থাকিবা।
তাৰ পাছত বহু দিন পাৰ হৈ গল।
ডিপাৰ্টমেণ্টত গাইডৰ প্ৰশংসাত
পঞ্চমুখ হাঁহি
, ঘৰে-পৰে আত্মীয়ৰ ফন। অস্, এনেদৰে অকলে বাহিৰলৈ ছেমিনাৰ
দিবলৈ যোৱাটো তাৰ মানে পৰিয়ালত এক প্ৰকাৰ
ডাঙৰ কথাই হৈ পৰিছিল। আনকি
মা
দেউতায়ো সঘনে ফন কৰা হৈছিল। নদীৰ
দৰেই আচাৰ-বিচাৰৰ এই পুতেকক লৈ লাজৰ অন্ত নোহোৱা দেউতাৰ গৰৱৰ হাঁহিটো মই ভিডিঅ
কলত ঠিকেই লক্ষ্য কৰিছিলোঁ।
কিন্তু এই সকলোৰে মাজতো যেন কিবা এটাৰ অভাৱ আছিল। অ
নৱৰতে এক ধৰণৰ শূন্য শূন্য ভাবে
নিজানে নিৰৱে মোক সাবটি ধৰা হৈছিল।
কি নাই, কি নাই! এই প্ৰশ্নটো
মই বহু দিন নিজকে সুধি থাকিলোঁ। আৰু এদিন হঠাৎ আৱিষ্কাৰ কৰি উঠিলোঁ
, সেই গোন্ধটো নাই। সেই অনন্য
গোন্ধ।
বিস্ময়কৰ!
মই তামৰ থাল এখন কিনি আনি শিতানত
ফুল আৰু পানী দি থোৱা কৰিলোঁ। নাই নাই
, তথাপি মোৰ ভিতৰত কিহবাৰ প্ৰতি অধীৰ অপেক্ষা মৰুভূৰ দৰে বাঢ়ি গৈ থাকিল। এনে
অধীৰ অস্থিৰ বিহফুলবোৰৰ পকনীয়াত পৰিয়েই মই অৰণ্যলৈ ফোন লগাইছিলোঁ। লগাবৰেই কথা।
সেইদিনাই অচিন-অজান এক হাত বাগৰি ফুৰা অদৃশ্য দৈত্যৰ কৱলত ছবীৰ পাঁচা বন্দী হোৱাৰ
খবৰ পাইছিলোঁ। অকল পাঁচায়েই নে! কত মানুহ মানুহৰ ভিৰত নীৰৱে এই দৈত্যৰ কৱলত পৰিছিল
আৰু জাগতিকতা সামৰি থ
বলৈ বাধ্য হৈছিল।
অৰণ্যই কৈছিল পাৰিলে সোনকালেই ঘূৰি অহাৰ খবৰ দিয়াৰ কথা।
দিনবোৰ চকুৰ সমুখতে সলনি
হৈছিল। নিতৌ দূৰ প্ৰান্তৰ পৰা ভয় লগা খবৰ ভাহি অহা হৈছিল। অথচ তেতিয়াও এই চহৰৰ
বতাহ আছিল নিৰ্ভেজাল। তাৰ পাছতো অপেক্ষাৰ একোটা গধুৰ ভাৰ লৈ মই যন্ত্ৰৱৎ দিন
নিয়াবলৈ ধৰিছিলোঁ।
ৰাজীৱে মোক সুখী কৰাৰ সকলো
চেষ্টাই কৰিছিল। মই য
লৈ যাওঁ বুলি কওঁ, তালৈকে লৈ যায়। লাগ বুলিলেই
অফিচৰ পৰা দৌৰি আহে। সেই ৰাতিও আহিছিল।
সেই ৰাতি নদীৰ পাৰত এক উৎসৱ
হৈছিল। অনেক জনগোষ্ঠীয় খাদ্য-সম্ভাৰ আৰু পানীয়ৰ কেইখনমান দোকান বালিচৰত বহিছিল।
চৌপাশে অনেক কাৰুকাৰ্য কৰা লোককলাৰ ই
ন্‌ষ্টলেশ্যন্‌ছ বহুওৱা হৈছিল। আলো-ছায়াময় সেই পৰিৱেশত গা-মন
টলমলাই উঠা গান বাজিছিল। সেয়া আছিল উৎসৱৰ শেষ ৰাতি। আমি শেষ সময়ত গৈ পাইছিলোঁ। মই
খুব স্ফূৰ্তিত আছিলোঁ সেইদিনা। থাকিবৰেই কথা। দুদিন পাছত  আহি পাব বুলি অৰণ্যই খবৰ দিছিল। মই তাক কৈছিলোঁ
একেলগে নদীৰ পাৰত বহালৈ ৰৈ থকাৰ কথা। সি ধেমালিকৈ কৈ উঠিছিল বোলে
— ‘‘এয়াৰপৰ্টত স্ক্ৰীনিঙত ৰাখি নথলেহে।’’
তাক লগ পাবলৈ মোৰ তন-মন
উন্মুখ হৈ আছিল। সেই উত্তেজনাত মই পোৰা গাহৰিৰ মঙহ
, মিছামাছৰ বটন আৰু সাজপানী একেলগে জিভাত দিছিলোঁ। জলাৰ তাপত
মোৰ দুচকুত পানী জমা হৈ গৈছিল। ৰাজীৱে মুগ্ধতাৰে মোলৈ চাই চাই এচলু
দুচলুকৈ মুখত দিছিল।
নৈপৰীয়া বতাহৰ কোবত মোৰ নিচা লাগি আহিছিল। সকলো সম্ভাৰ বিকি উদং হোৱাৰ
পাছত আনন্দতে নাচিব ধৰা
অৰুণাচলী মহিলা দুগৰাকীৰ লগত মই নাচিবলৈ ধৰিছিলোঁ। মোৰ গা তেতিয়া আনন্দত টলমল
টলমল। পাজৰত থকা মানুহবোৰ নিচাত হালিব
জালিব লাগিছে। তাৰ মাজতেই মই উফৰি পৰিছিলোঁ ৰং চাই ওচৰ চাপি
অহা এক নৱযুৱকৰ দলৰ মাজত। হয়তো এই দলটো আছিল প্ৰতিৰোধহীন পুৰুষ পৰম্পৰাৰে প্ৰতিভূ।
এইবাৰ দলটোৰ এক যুৱকে মোৰ সৈতে নাচি নাচি পিঠিত হাত বুলাবলৈ ধৰিছিল।
ৰাজীৱে মোক মাতি আছিল। অথচ
নাচ এৰিবলৈ মোৰ একেবাৰেই মন নাছিল। সি উঠি আহি হাতত ধৰি টানি নি মোক চকীত বহুৱাই
দিছিল। সি থ
ক্‌ক্‌কৈ‍ কঁপিছিল আৰু আঙুলিৰে টিলিকি মাৰি গৰজি উঠিছিল। নাচি থকা দলটোৰ দুইএকে আমালৈ ঘূৰি
চাইছিল। মোৰ চকু ফাটি সৰসৰকৈ পানী বৈ আহিছিল।
কি কৈছিল? কি কৈছিল সি?
নাই, মনত নাই। মাত্ৰ মনত আছে তাৰ ভাবাৰ্থ। হয়তো সি কব বিচাৰিছিল এই খেলখনত তাৰ
টুটি অহা ধৈৰ্যৰ কথা অথবা সি এৰি দিলে মোৰ উদ্বাস্তুৰ দৰে হ
ব পৰা বিলাইৰ সংকেত।
মোৰ তেজত জুই জ্বলিছিল। মই কৈ
উঠিছিলোঁ
— ‘‘মই নদীৰ দৰে। ডুবিবৰ
মন আছে যদি ডুবিবি। বান্ধি ৰাখিব খুজি লাভ নাই।
’’ কৈয়েই গপাগপ খোজ লৈছিলোঁ নদীৰ পাৰে পাৰে। সি খপ্‌জপাই উঠি আহি মোৰ
পিছে পিছে খোজ লৈছিল। তেতিয়ালৈ মই আহি আহি উৎসৱথলীৰ পৰা দূৰত মূল বাটলৈ যোৱাৰ মাজৰ
আন্ধাৰছোৱা পাইছিলোঁহি। সি হয়তো মোক হেৰুৱাব খোজা নাছিল। মোৰ একেবাৰে কাষলৈ আহি সি
সাবটি ধৰিব খুজিছিল। আৰু মই! মই তাৰ পৰা আঁতৰিবলৈ নৈৰ কাষ চাপি গৈছিলোঁ। খুব বতাহ
বলিছিল। বতাহ আৰু আন্ধাৰৰ যুগপৎ প্ৰতিদ্বন্দ্বিতাৰ মাজত কোনোবা ধহকৈ নদীৰ বুকুত
সৰি পৰিছিল।
কিন্তু মৃত্যু কি ইমান সহজ?
নহয় নহয়। দেখি থকা আৰু বুজি
থকা পৃথিৱীৰ সিপাৰেও থাকে অনেক ৰহস্য। এখন পৃথিৱীৰ পৰা আন এখন পৃথিৱীৰ মাজৰ সুৰংগত
থাকে ছয়াময়া ৰহস্যৰে ভৰা অনেক
কেঁকুৰি। জীৱনৰ শেষ দুৱাৰৰ পৰা মৃত্যুৰ দেশলৈও থাকে অনেক ছিৰি।
তেনে ছিৰিতেই বহি বহি মই পাৰ কৰিব লাগিছোঁ অধীৰ অপেক্ষাৰ এই অন্তহীন যাত্ৰা। বাট
চাই ৰৈছোঁ মাথোঁ সেই গোন্ধৰ বাবে।
বতাহৰ বেগ বাঢ়ি আহিল। আন্ধাৰ
নিৰ্জন মহানগৰীৰ দাঁতিৰ এই ঘাট প্ৰবল বৰষুণে তিয়াই পেলালে। কি আচৰিত! বৰষুণৰ
মাজতেই বিজুলীৰ পোহৰত দেখিলোঁ এটা ছাতি। নৈৰ বুকুৰে উটি আহি পাৰত লগা ছাতিটো মই
মেলি ধৰিলোঁ। ৰামধেনু বৰণৰ ছাতিটো আকাশ ধিয়াই ক্ৰমশঃ ওপৰলৈ উঠি গ
ল। মোৰ দুবাহুত নকৈ গজি উঠা লাহী পাখি
কোবাই পাৰি দিলো মুক্তিৰ দেশলৈ।
কিন্তু মুক্তি কত!
মুক্তি বিচাৰি জাঁপ দিয়া
বতাহৰ নৈৰ সীমনাত ৰৈ আছে অৰণ্য। মই পৰম আকুলতাৰে তাৰ কাষ চাপি যাওঁতে কৈ উঠিল
— ‘‘দূৰৈত থাকা। দেহলম্ভা সেই
দৈত্যকণা কিজানি আহিছেই লগতে।
’’
মই মাত্ৰ তাক সাবটি ধৰিলোঁ।
কিন্তু মই আচলতে কাক সাবটি ৰ
লোঁ? অৰণ্যক? ৰামধেনু বৰণৰ ছাতিটোক? নে শূন্যতাক?

গল্পটোৰ শ্ৰব্য ৰূপ



ভ্ৰাম্যভাষ: ৯৩৬৫৪৫০৮২১
Jintuthakuria98@gmail.com