স্মৃতিৰেখা
দেৱী
পাছত? মানে সংকলনৰ কথা ভবা নাই?’-
চালাডৰ
কাৰণে থোৱা বিলাহী এটা লিৰিকি–বিদাৰি
বেদে প্ৰশ্নটো সুধিছিল শাশ্বতীক; চেল্ফ্খনত
গা–টো ভেঁজা দি, ভৰি
দুটা কেৰেচীয়াকৈ লৈ।
‘না…ই
! সেইবোৰ ভবাই নাই।
এৰি
দিয়াৰ নিচিনাই হৈছে আজিকালি এইবোৰ…।’- শাশ্বতীৰ
কথাষাৰত যেন ৰিণি ৰিণি বিষাদৰ সুৰ ; এনেয়েও
গহীন মানুহজনী।
‘কিয়? কি কাৰণে বাদ দিবা
? তোমাৰ লেখাৰ style Uncommon, heart touching, sensitive… বেয়া
কথা, talent-বোৰ এনেকে নষ্ট কৰাটো ঠিক হোৱা নাই। এটা সময়ততো
তোমাৰ লেখাই…’
‘কিছুমান
কথা পাহৰি যোৱাই ভাল।’
– হঠাৎ বেদৰ কথাৰ ওপৰতে শাশ্বতীয়ে কৈ উঠিছিল।
নাই,
শাশ্বতীয়ে
মোক দেখা নাই। ইচ্ছা
কৰিয়েই মই তেওঁৰ পৰা অকণমান আঁৰ হৈ দিছিলোঁ। কাৰণ…
‘ঐ!
তোৰ
মানুহজনীয়ে কলম
বন্ধ কৰি দিছে যে! খবৰ আছেন্নাই তোৰ
? Bright future থকা ছোৱালী। পঢ়িছনে
নাই আক’
তেওঁৰ
লেখা? বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে আক’
ৰাহিও
নাহে নহয়…!’
উপায় নাই,
আৰু
মুখ মেলিবলৈ দিব নোৱাৰি এইটোক। বহুবল্কীটোৱে
কি কি বলকি দিব ঠিক নাই; আগবাঢ়ি
গ’লোঁ। নিৰ্লজ্জৰ
দৰে হাঁহি এটাৰে তাৰ বক্ৰোক্তিটো হজম কৰিবলৈ চেষ্টা এটা কৰিলোঁ। সেইটোকে
নকৰি কৰিম কি? শাশ্বতীয়ে যে লfখা–মেলা কৰে, সেইকথা
মই জানিবও লাগিব নহয়! আৰু এইটো!
গতি
মতি একেই আছে; স্বভাৱ
সলনি হোৱাই নাই, বায়’ডাটা
গোটাবলৈ আৰম্ভ কৰি দিলে ই। এইটোক সোনকালে
এইখিনিৰ পৰা আঁতৰাই নিব লাগিব, নহ’লে
ই কথা বহলাবলৈ হ’লে…
ক’লোঁ– আহ আক’, বাহিৰতে কথা
পাতোঁ! পাকঘৰতনো তোৰ কি কাম?’
‘মোক
তোৰ নিচিনা বুলি ভাবিছ নেকি? অকৰ্মণ্য!
পাকঘৰত
ভৰি দিলে সন্মান যাব তাৰ! তই যা। মই চালাডখিনি কাটি গৈ আছো।’
মই জানো, ভালদৰেই জানো তাক, বাধা দি
লাভ নাই।
উভতিব খুজিলোঁ।
হঠাৎ সি
কৈ উঠিল– ’অতীতক দুৰ্লভ পাথৰৰ দৰে সাঁচি ৰাখিব
লাগে। অতীতক
সাবটি লৈয়েইতো বৰ্তমান জিলিকি উঠে! বৰ্তমানতেই
ভৱিষ্যত লুকাই থাকে।’
এই উঁইচিৰিঙাটোৰ
মুখৰ কথাই নে এইষাৰ ? কাৰ পৰা ধাৰ কৰিলে সি কথাষাৰ ? কাক উদ্দেশ্যি বা ক’লে সি! শাশ্বতীক ? নে মোক? মোক নে শাশ্বতীক??
বিছনাত
পৰি পৰি কথাবোৰ পাগুলি আছোঁ, সে…ই
তেতিয়াৰ পৰাই। জগতখন
শুই নিঃপালি
দিলে চাগে’।
শাশ্বতীও
কেতিয়াবাই টোপনি গ’ল হ’ব
পায়। এনেয়ে
এবাৰ তেওঁৰ ফালে চালোঁ– নাই
,শোৱা নাই; হাত এখন
কপালৰ ওপৰত পেলাই লৈ ওপৰ মু-কৈ পৰি আছে।
‘টোপনি
অহা নাই ?’- সুধিলোঁ।
‘না…ই
, আহিব।’
হাঁহি উঠিল–
‘আহিব!’ যেন এটা
নিশ্চিত সম্ভাৱনা। আহিবতো!
গোটেই
নিশাটো টোপনি নহাকৈ নাথাকে নহয় ! আহিব
, আহিবই। পুৱতি
নিশা হ’লেও আহিব।
‘আহিব,
শুবলৈ
চেষ্টা কৰাচোন!’ – মই সিকাটি হ’লোঁ।
বেছি ভাগৰ
লাগিলেও হেনো টোপনি নাহে।
শাশ্বতীৰ
চাগে’ সেইটোৱেই হৈছে। এটা আলহীয়েও
দুটা কাম বঢ়ায়। কিন্তু
মোৰ! মোৰ কিহৰ ভাগৰ? আজিতো মইহে ‘আলহী’
‘আলহী’ হৈ আছিলোঁ,
নিজৰ
ঘৰখনতে! আঁতৰি আঁতৰি ফুৰিছিলোঁ শাশ্বতীহঁতৰ পৰা,
হয়তো
নিজৰ পৰাও। বৰঞ্চ
আজি মোতকৈ বেদহে বেছি ঘৰুৱা হৈ পৰিছিল।
এনেকুৱাই
সি; চবৰে লগতে চব সময়তে একেই ব্যৱহাৰ;
ঘৰুৱা। সঁচা কথা
ক’বলৈ গ’লে
তাৰতো ফৰ্মেল চাৰ্টেই নাই, মানে নাছিলেই। এবাৰ কোনোবা
এটা ফাংশ্বনলৈ সি মোৰ পৰাহে ফৰ্মেল চাৰ্ট এটা খুজি নিছিল। খুজি নিছিল
!
ক’তনো
‘খুজি’
নিছিল?
‘আলমিৰা
খোল।’- ধুমুহা
এজাকৰ দৰে মোৰ ৰুমলৈ সোমাই আহিছিল সি।
‘হ’ল
কি?’- মই বিছনাতে পেট পেলাই আলোচনী এখনৰ পাত লুটিয়াই
আছিলোঁ।
‘তোক
যিটো কৈছোঁ সেইটো কৰ। নহ’লে
চাবিটো
দে।’
মোৰো দুটাই ফৰ্মেল চাৰ্ট; পঢ়ি থকা ল’ৰাহে !
জাপি থোৱা চাৰ্ট দুটা
দুখন হাতৰ তলুৱাত তুলি লৈ চকুৰ আগলৈ
দুবাৰমান অনা–নিয়া কৰি অলপ সময় তভক মাৰি ৰ’ল
সি। তাৰ
পাছত হঠাৎ এটা বিছনাখনত থৈ আনটো লৈ ধুমুহাজাক যোৱাদিয়েই ওলাই গ’ল।
‘কি
কৰ সেইটো?’- পিছফালৰ পৰা চিঞৰ এটা মাৰিছিলোঁ।
সি ৰিঙিয়াই
কৈ গ’ল– ‘দৰকাৰ
আছে, আহি ক’ম।’
নাই,
অকণোৱেই
সলনি হোৱা নাই মানুহটো।
নাই, টোপনি
অহাৰ উমঘামেই নাই। নাইতো
নায়েই, আগতকৈও বেছি ফ্ৰেশ্ব হৈ হে পৰি আছোঁ বিছনাত। ব্ৰহ্মাণ্ডৰ
দৰকাৰী–অদৰকাৰী কথা এসোপা ভাৱনাৰ জগতখনত ওলোৱা–সোমোৱা কৰি থাকিলে টোপনি আহিব কোনটো বাটেৰে?
কেতিয়াবাই
পলাই পত্ৰং দিলে।
শাশ্বতীয়ে
বাগৰ সলাই শুবলৈ চেষ্টা কৰিছে, হুমুনিয়াহ
একোটা হৈ বৃথা প্ৰচেষ্টাবোৰ ওলাই ওলাই আহিছে।
শাশ্বতীয়ে লেখা–মেলা
কৰে! বেদে কোৱা মতেতো এটা সময়ত ‘ভাল’
লিখিছিল। ক’তা!
মোকতো
কোৱা নাই কোনোদিনে! অভিমান এটা উকমুকাই উঠিল,
কাৰ
ওপৰত নাজানো; হয়তো বেদৰ ওপৰত,
হয়তো
শাশ্বতীৰ ওপৰত। শাশ্বতীৰ
বিষয়ে মই নজনা কথা বেদে জানে! কেনেকৈ
জানে সি? কিয় জানে? এতিয়া
কিয় নিলিখে শাশ্বতীয়ে? অথনি ‘এৰি দিয়াৰ নিচিনাই’
বুলি
কৈছিল, কিয় কৈছিল? ‘কিছুমান
কথা পাহৰি যোৱাই ভাল’ বুলি ক্ষোভ
কৰিছিল, কিয় কৰিছিল?
নাঃ। টোপনিয়ে
আজি মোৰ লগত শতৰু শালিছে।
এনেকৈয়ে, ছাটিফুটিকৈয়ে পাৰ হ’ব চাগে’
আজিৰ
ৰাতিটো। এই বেদ–বেদনিধি
বোলাটোক এতিয়া পোৱা হ’লে ডিঙি
মুচৰি মাৰিলোঁহেঁতেন।
ওফৰাজেংটোৱে
আহি গোটেইখন খেলিমেলি কৰি থৈ গ’ল। ধ্যেৎ !
যতচব…।
মোৰ হাতৰ
বজ্ৰ কঠোৰ চেপাত ধৰফৰাই ধৰফৰাই মৰা বেদৰ ছবি এখন চকুৰ আগত অহা–যোৱা
কৰি থাকিল … দুবাৰমান… সুবিধা
বুজি বুজি।
কিবা এটা নাম নজনা গোপন অভিমান
বিজড়িত দুখ এটা ঠেলি–হেঁচি বুকুৰ
গোপন খোটালি এটাত সুমুৱাই থৈ দলিয়াই পেলাইছিলোঁ দুৱাৰৰ বাদুলি সঁচাৰৰ সঁচাৰ কাঠী–
কাহানিও
নোখোলাৰ প্ৰতিজ্ঞা এটা লৈ।
সময়ে
লাহে লাহে তাৰ ওপৰত ধূলি–বালিৰ চামনি
পেলাই হাবি–বনেৰে ঢাকি ধৰিছিল। কাকো গম
নিদিয়াকৈ, মোকো ‘আমনি’
নকৰাকৈ,
আটাইৰে
অলক্ষিতে ক’ৰবাত পৰি ৰৈছিল দলিয়াই দিয়া সঁচাৰ কাঠীটো। থাওক,
একোটা
বিশেষ খোটালিৰ দুৱাৰৰ শলখা সদায় লগাই থোৱাই ভাল।
…কিন্তু আজি বেদনিধিয়ে হঠাৎ বুকুৰ গোপনৰো গোপন খোটালিটোৰ দুৱাৰখনত টুকুৰিয়াই
দিলেহি…
… নিস্তৰংগ জলৰাশিত যেন শিলগুটি এটাহে পেলাই
থৈ গ’ল সি– এতিয়া মোৰ বুকুৰ ভিতৰত সৰু–ডাঙৰ অলেখ ঢৌৰ উঠা–নমা…
… টোপনি খেপিয়াই খেপিয়াই
ভাগৰি পৰা মোৰ চকুৰ আগত এতিয়া আন এযুৰি চকুৱেহে অগা–ডেৱা কৰিবলৈ
ধৰিছেহি… জাউৰি জাউৰি হাত চাপৰিৰ মাজত চকামকাকৈ দেখা এযুৰি সিক্ত চকুৱে…
‘তুমি অনেক কথাই
গোপনে ৰাখিলা মোৰ
আজি দূৰৰ
পৰাই জনাবানে এটিবাৰ।
মঞ্চ হঠাতে…’
‘কোন ঔ সেইটো?’
বাথৰুমত
গুণগুণাই আছিলোঁ। কাষৰ
বাথৰুমটোত গা ধুই থকা কোনোবা এটাই চিঞৰি উঠিল।
‘মই অ’!’
‘হে’ প্ৰভুজনা! অনুগ্ৰহ কৰি
আপোনাসৱৰ নামটি বেকত কৰিলে পৰম কৃতাৰ্থ হ’ম … ঐ, নাম ক ! কোন মই ? মই ! তই নহৈ মই নেকি?’
হোষ্টেলৰ
নিয়মেই এইটো; ‘তুমি–তামা’-ৰ
কাম নাই।
ক’লোঁ।
‘ওলাই
আহ, ভালে ভালে ওলাই আহ।’
‘ঢপং’-কৈ মাৰিলে বুকুখনে– ক’ত কি ভুল হৈ
গ’ল!
সিটো বাথৰুমৰ
দুৱাৰ খোলাৰ শব্দ শুনিলোঁ।
এটাই চখ
আছিল মোৰ, সেইটোকো যেনে–তেনেহে
পূৰাইছিলোঁ– স্ক’লাৰশ্বিপৰ
পইচাৰে এটা ৰেডিঅ’ কিনি লৈছিলোঁ। সেইটোৰে
চেণ্টাৰবোৰ ঊধৰ পৰা মূধলৈকে ঘূৰাই–পকাই কিবাকিবি
শুনিছিলোঁ, বেছিকৈ শুনিছিলোঁ গান। সেইবোৰকে
কেতিয়াবা গুণগুণাওঁ–
…’দৰ্জা খুলিবিনে
ভাঙিব লাগিব?’
বাপৰে! গতি দেখোন বেগতিক!
খুলি দিলোঁ
দুৱাৰ।
সমুখত কোন
আছে চাবলৈ সাহ হোৱা নাই, অৱনত হৈ
ৰৈ থাকিলোঁ।
‘কাপোৰ
সলাই আহ। ছেকেণ্ড
ফ্ল’ৰ, ৰুম
নম্বৰ থাৰ্টি টু; আধাঘণ্টাৰ ভিতৰত আহি যা।’
‘আধাঘণ্টাৰ
পাছত মোৰ ক্লাছ…’-ভয়ে ভয়ে ক’ব
খুজিছিলোঁ।
‘গুলি মাৰ তোৰ
ক্লাছ ! তাতকৈও দৰকাৰী কাম আছে তোৰ, ক’লোঁ নহয়!’
তাৰ পাছত!
বেলাটো পাৰ হ’ল কি নহ’ল– গোটেই হোষ্টেলতেই
ৰজনজনাই গ’ল –
মোৰ কণ্ঠত
যাদু আছে।
মোৰ গায়কীৰ
সুকীয়া স্বাদ আছে।
মই এদিন
‘ডাঙৰ’,
‘নাম কৰা’ গায়ক হম।…
কোনোবা এটাই কৈয়েই
পেলালে–
“তই দেখোন এটা
চুপা ৰুস্তম ঐ পোৱালি! মছলা দেখিছোঁ ইয়াৰ আছে, থাকেহে নিৰামুহীয়াটো
হৈ!”
কথাবোৰ অন্যফালে ঢাল
খাবলৈ বেছি সময় নালাগিল–
‘ই
এইবাৰ ‘কলেজ উইক’-ত
গান গাব, প্ৰাইজ আমাৰ হোষ্টেললে’
আহিব
লাগিব।’’
জ্বৰে ঘমাদি
ঘামিলোঁ মই। এইমখাক
এইকেইটা দিনতে ভালকৈ চিনি পাইছোঁ।
গুড়িপৰুৱা
অহা–যোৱা কৰা বাটটোত কিবা প্ৰকাৰে পোক এটা
সোমাই পৰিলে তাৰ কি গতি হয় দেখিছোঁ।
প্ৰথমতে
এটা বা দুটা পৰুৱাৰ কামোৰত তৰ্দ্ধৰণি হেৰুওৱা পোকটোক পাছ মুহূৰ্ততে জাক জাক পৰুৱাই
বেঢ়ি ধৰি কামুৰি কামুৰি আধামৰা কৰাও দেখিছোঁ। যন্ত্ৰণাত
চেঙালুটি পাৰি থকা পোকটোৱে এটা পৰুৱাক আঁতৰাব খুজিলে দহোটাই বেঢ়ি ধৰা দৃশ্য থৰ হৈ
চাই অদ্ভূত তৃপ্তি লাভ কৰিছোঁ।
আজি এইমখা গুড়িপৰুৱাৰ মাজত
ময়ো ভুলক্ৰমে সোমাই পৰা এটা পোক।
মোক
বখলিওৱাটোৱেই এই মুহূৰ্তত এইমখাৰ লক্ষ্য আৰু উদ্দেশ্য। এতিয়াই
এইজাকক বাধা নিদিলে মোৰ বিপদ অনিবাৰ্য।
লাভ নহ’ল;
আটাইমখাৰ
চিঞৰ বাখৰ হুলস্থূলবোৰত মোৰ সেমেকা আপত্তি–অনুৰোধবোৰ
তেনেই তল পৰিল। নিজকে
যেন দুই চৰ শোধাই দিম! কি কুক্ষণত
মই গান গাইছিলোঁ, কিহে পাইছিল মোক!
নিজৰ
ভৰিত নিজে কুঠাৰ মাৰি মৰ এতিয়া ধৰফৰাই!
মোৰ অৱস্থাটো চাগে’ চাবলগীয়া হৈছিল
–
নহ’লেনো বাঘৰ আগতেল
খোৱা ‘সপ্তৰথী’ৰ এটাই হাঁহি হাঁহি ‘বিলাপ’ জুৰিবনে–
‘দিন
মণ্ড ভৈলা ঘোৰ ।
কিনো গতি
কৈলা মোৰ।।’
এটাতো টিংখোপত উঠিলগৈ– ‘best
singer’ হ’ব পাৰিবি নহয় ?’
পাগল নেকি ইহঁত?
‘কি
পাৰিবি ? হ’ব
লাগিব, অলবৎ হ’ব
লাগিব। হোষ্টেলৰ
ইজ্জতৰ কথা। ঐ,
শুন,
best singer-অৰ প্ৰাইজটো আনিব লাগিব। অনুৰোধ–চনুৰোধ
নহয় আক’ দেই সোণামুৱা ! সেইটো
ভুল নকৰিবি; দাবী, অৰ্ডাৰ। আমিও দেখুৱাই
দিম আমাৰ talent।’
মনতে ভোৰভোৰালোঁ– ‘তোৰ টেঁটুটোত
চেপা এটা দিওঁচোন, গাধৰ চিঞৰটোকে উলিয়াব পাৰনে নোৱাৰ সন্দেহ, লোকক best
singer-অৰ অৰ্ডাৰ দিবলে’ আহ ! ধেমালি পাইছ?’
‘তহঁতে
যে ইমান চিঞৰ–বাখৰ কৰি আছ, মোৰ
মুখত এটুকুৰা গান শুনিয়েই কেনেকে ভাবি ল’লি মই ভাল
গান গাওঁ বুলি?’- ছিনিয়ৰক নহয়, উপায়
নাপাই লগৰ এটাকে সৰুকৈ ধমক এটা দিয়াৰ চেষ্টা এটা কৰি চালোঁ। -‘এনেয়েহে
গুণগুণাওঁ, ভাল পাওঁ কাৰণে। Formally ক’তো
শিকা নাই। ক’ৰবাত
ইৰিক–বিৰিক হ’ব
লাগিলে লাজ নাপাম? বাদ দে এইবোৰ সপোন দেখিবলে’। আকাশত চাং
নাপাতিবি।’
‘ঐ! ভূপেন হাজৰিকাৰ
কেইটা ডিগ্ৰী আছিলে হাঁ মিউজিকত? পল ৰবচনক follow কৰি আমাৰ কেইটা ডিগ্ৰীৱালাই
গান গাইছে ? নেলছন মেণ্ডেলাৰ সমুখত কেইটা ডিগ্ৰীৱালাই গান গাইছে? কেইটা ডিগ্ৰীৱালাক foreign-অত চিনি পায়? জাপানী singer-জন যে, কি আছিল তেওঁৰ
নাম… এঃ, পাহৰিয়েই গৈছোঁ নহয়! কি আছিল অ’! ঐ! কি আছিল নামটো?’
‘হেই! মই জানো নেকি
সেইবোৰ? অসমীয়া singer কেইটাকে চিনি
পাওঁনে নাই ভালকে! ভূপেন, জয়ন্ত, দ্বীপেন, খগেন.. বচ, মোৰ capacity সিমানেইহে! সি আক’ একেবাৰে জাপান পালেগে !’
‘জান কি? হাঁ ? কি জান? ৰাতি ৰাতি চিনেমা
চাই আহি গাৰ্লছ হোষ্টেলৰ আগত ‘আ যাৰে আ যাৰে
অ’… নু উউৰী… নুউউৰী’ বুলি টেঁটু ফালিব জান? উকিয়াব জান?..নাম নাজানো..!.’
মই জানো,
জানিছিলোঁ,
নক’লোঁ,
‘চক্ৰবেহু’-ৰ পৰা ওলোৱাৰ
যদি কিবা অকণমানো সুৰুঙা
আছে, সিও বন্ধ
হ’ব।
‘অঁ,
কুৱাহাচিন, কুৱাহাচিন… সেইজনে হেনো নিজকে ‘জাপানৰ
ভূপেন হাজৰিকা’ বুলি কৈছিল, কেলেই
কৈছিল? ভূপেনদাৰ তেজত গান…
উশাহত
গান… কি গান শিকিব তেওঁ
? তেওঁ নিজেই এটা গান… আৰু ঐ!
তই
যে ৰেডিঅ’ডাল পকাই থাক, কি কৰিবলে’ ? হাঁ
? গান এটাও যদি গাব নোৱাৰ? ইণ্টাৰনেশ্যনেল
কেম্পতহে যেনিবা গান গাবলে’ দিছোঁ তাক। ডিগ্ৰী
নিজৰ ছাইডত, টেলেণ্ট নিজৰ ছাইডত। তোক যিটো
কৈছো, সেইটো কৰ। তোৰ নীতিশিক্ষাৰ
সদ্যহতে আমাৰ প্ৰয়োজন নাই বাচাধন!’
বাপৰে!
‘ফটোৱা’-ই জাৰি
কৰি দিলে ‘ডন’টোৱে। ইজ্জতত লগাৰ কথা। আত্মসমৰ্পণ কৰাৰ বাহিৰে গত্যন্তৰ নাই। ‘হ’ব
বাৰু ,গাম। কি..ন্..তু..!
কিন্তু
এটা চৰ্তত – বজোৱা মানুহ মোক ভাল লাগিব; এনেয়ে, যেনেতেনে
পাল মাৰি কাম চলোৱা মানুহ হ’লে নহ’ব। মিছামিছি
লাজ পাই মৰিবলে’ নাই।’ –তথাপি শেষ
চেষ্টা এটা কৰি চালোঁ, ভাল ‘hands’
নোপোৱাৰ
অজুহাততে কিজানিবা সাৰি যাৱেঁই!
লাভ নহ’ল।
কোনে কেনেকৈ
‘hands’
গোটাই
আনিলে, একো নাজানিলোঁ। সোধোঁ বুলি
মুখ মেলিছিলোঁ, পিছে –
‘তোৰ
দৰকাৰ নাই সেইবোৰ। তোৰ
কাম প্ৰেক্টিচ কৰা। সেইটো
ভালকে কৰ, গান ভাল হ’ব
লাগিব।’- সেইটোৱেই
বেদ – বেদনিধি। মোৰ সহপাঠী
যদিও সি কলেজৰ পুৰণা ছাত্ৰ।
মইহে
ডিগ্ৰী ক’ৰ্ছত ইয়াত নাম লগাইছোঁহি।
বাইদেৱে
সংগীত চৰ্চা কৰিছিল (তাইৰ ভাষাত ‘গান
শিকিছিল’)। আচলতে
পৰীক্ষা–চৰীক্ষা দি আজৰি হৈ ‘কি
কৰোঁ কি নকৰোঁ’ কৈ থকাৰ কাৰণেই তাইক সেইটো ব্যৱস্থা কৰি
দিয়া হৈছিল।
কিন্তু
ক’তনো তাইৰ গান শিকা হৈছিল?
তাইতকৈ
বেছিকৈ ৰেৱাজ কৰিছিল মাষ্টৰেহে। থেৰোঁগেৰোঁকৈ,
‘গাওঁ নাগাওঁ’কৈ গুণগুণোৱা
তাইৰ বেছিভাগ স্বৰেই কিজানি ঠিক ঠাইত লগা নাছিল, বেসুৰা;
মই
দূৰৈৰ পৰা শুনিয়েই গম পাইছিলোঁ।
আচলতে
সঁচা কথা ক’বলৈ গ’লে
তাইতকৈ মোৰহে হেঁপাহ আছিল, কিন্তু
ঘৰত কথাটো ক’বলৈ সাহস নাছিল– আকৌ
এটা খৰচ..! বাইদেউৰ এইবোৰত বৰ এটা আগ্ৰহ নাছিল,
মই
ভালদৰেই জানো। ‘গানৰ
মাষ্টৰে’ দি থৈ যোৱা home
work তাইক মই কোনোদিনে কৰা দেখা নাছিলোঁ। বৰঞ্চ তাইতকৈ
মই বেচিকৈ গুণগুণাইছিলোঁ তাইক শিকোৱা ‘ছোটা খেয়াল’
– শুনি শুনিয়েই।
তাৰ মাজতে ঘৰখনত তাইৰ বিয়াৰ আয়োজন এটাই গা কৰি
উঠিছিল। হ’বলগীয়া
মিতিৰৰ আহ-যাহ, খা–খবৰ
কৰোঁতাৰ সঘন আহ–যাহ এইবোৰৰ মাজত সলনি হৈ অহা ঘৰখনৰ পৰিৱেশত
তাইৰ সংগীত চৰ্চা গৈ ধোঁৱাচাঙত উঠিল। এনেয়েও তাইৰ কাৰণে এইটো কোনো দৰকাৰী কাম নাছিল; আছিল time
pass কৰাৰ এটা মাধ্যম।
এতিয়া
আৰু তাইৰ কাৰণে গান নহয়, আন কিবাকিবিৰ
প্ৰস্তুতিৰহে বেছি দৰকাৰী।
গতিকেই–
‘হোঁ,
তয়ে
গান গাই ফাল। গান
শিকাবলে’ ক’লোঁ,
গোৱালে
এইসোপা!’ – সেইদিনাই গানৰ বহীখন মোৰ ফালে দলিয়াই
দি তাই বকিছিল। সেইখন বহীৰেই খেয়াল
গুণগুণাইছিলোঁ–
‘‘গুৰু
বিনা কেইছে গুণ গাৱে’ ।
গুৰু ন
মানে ত’ গুণ নহী আৱে’।”
এতিয়া! গুৰু নোহোৱাকৈ
আলাপ–আৰোহণ–অৱৰোহণ কৰি মিউজিক কম্পিটিশ্যন! কলেজৰ !!
মনে মনে
খাটিছিলোঁ– এই hands কেইটাৰ
কোনোবা এটাৰ এক্সিডেণ্ট হৈ… নাঃ,
মৰিব
নালাগে, অন্ততঃ হাত– ভৰি
এটাকে ভগা হ’লে! নিজৰ
কথা কিন্তু ভুলতো তেনেকৈ ভবা নাছিলোঁ, ভয় লাগে। নাই,
তেনেকুৱা
একো নঘটিল। নঘটিল
তো নঘটিলেই, সেইকেইদিন হোষ্টলত দগৰি দগৰি খাই সেইকেইটাৰ
চিৰী চেহেৰা ধৰিলহে।
‘প্ৰেক্টিচ’
আছিল
জানো সেয়া! এনেকুৱা মৰণ পণ চেষ্টা মই পঢ়া–শুনাৰ
ক্ষেত্ৰত কৰাহ’লে, চকু থৰ
কৰা ৰিজাল্টেৰে এতিয়া চাগে’ মই এটা
বিয়াগোম চাকৰিয়ালৰ গাদীত গজগজীয়াকৈ বহি থাকিলোঁহেতেন। বাপৰে!
দিন–ৰাতিৰ
ছেদ–ভেদ
নাই, খোৱা–বোৱা
… অ’, খোৱা–বোৱাৰ
কাৰণে উঠি যাবলগীয়া নহয়েই, যোগাৰ সময়মতে
সমুখত হাজিৰ। খানাও
খানা একেবাৰে… ক’ত
সেই এটুকুৰা মাছৰ ফিছা, এডোখৰ মাংসৰ
‘হাড্ডি’-ৰ
কাৰণে ডেডাউৰিয়াই থকা হোষ্টেলৰ নিয়মীয়া দিনবোৰ, আৰু
ক’ত এই ‘বাদছাহী
খানা’ ! মোৰ নিজকে কিবা বলিশাললৈ নিয়াৰ আগতে
খুৱাই–বুৱাই নোদোকা কৰি লোৱা ছাগলীটোৰ দৰে লাগিছিল। বলিশাল
নহয়নো কি? বলিশালেইতো! বাকী
‘পাৰ্ছ’নেল’
কামৰ
কাৰণে অক্কণমান সময়; সেই নাওমান
সময়তো–
‘ঐ!
আৰু
পাঁচ মিনিট পাবি। দেৰি
কৰিলে কাইলে’ সিমান সময় কম।’
পাৰ হৈ
অহা জীৱনটোৰ বেছিভাগ সময় শুই শুই পাৰ কৰা মই মানুহটো বিছনাখনৰ হাবিয়াসত ছটফটাই থাকোঁ। নাই,
অত্যাচাৰীমখাৰ
সেইবোৰ খবৰ নাই। মাজনিশা
প্ৰেক্টিচ সামৰি বিছনালৈ যাওঁ, কাউৰীয়ে
নৌ ‘কা’ কৰোঁতেই
মৰিব নজনা মখাৰ গগন ফলা চিঞৰ– ‘ঐ!
তই
শুয়েই আছ যে! প্ৰেক্টিচ কৰিব লাগে খবৰ আছেন্নাই?
উঠ
উঠ, জলদি কৰ!’
হামিয়াই–হিঁকটিয়াই বিছনাত উঠি বহোঁ; চকু
মেলেই নাখায়।
সেই কাৰণেই, ‘প্ৰেক্টিচ’
নাছিল
সেয়া; আছিল আত্মসন্মান ৰক্ষাৰ্থে নামিবলগীয়া
এখন যুঁজৰ অনুশীলন– যেন পৰাজিত সৈনিকৰ গ্লানি লৈ জীয়াই থকাতকৈ
ছহীদ হোৱাই শ্ৰেয়।
তাৰপাছত?
জাউৰিয়ে জাউৰিয়ে হাতচাপৰি, এসোপা ল’ৰা–ছোৱালীৰ
উল্লাস–কিৰিলিৰ মাজত বেদকে ধৰি দুটামানৰ বোকোচাত
উঠি মঞ্চৰ পৰা নামি আহিছিলোঁ।
মোৰ
এহাতত চাৰ্টিফিকেট। ট্ৰ’ফিটো
সে… ই তেতিয়াই, মোৰ
হাতত দিওঁতেই যি চুবলৈ পাইছিলোঁ, তাৰ পাছৰে
পৰা সেইটোৱে ‘গুড়িপৰুৱা’জাকৰ হাতত পৰি ‘ত্ৰাহি
মধুসুদন’ সুঁৱৰিছিল চাগে’ ।
‘best
singer’ নহ’লোঁ,
নিকট
প্ৰতিদ্বন্দ্বীৰ সতে সমান নম্বৰ আৰ্জন কৰিলোঁ। সেই বছৰ
কোনো ‘best singer’ নহ’ল
।
মঞ্চৰ পৰা
নামিয়েই দেখিছিলোঁ এযুৰি চকু– অৰ্ধনিমীলিত, সকৰুণ, সিক্ত
।
মই মজিয়াত
ভৰি থ’লোঁ।
মোৰ দৃষ্টিয়ে
সিক্ত চকুযুৰিত অৱগাহন
কৰিলে।
কোনেও একো
নোকোৱাকৈয়ে মই বুজি উঠিছিলোঁ– এই কাৰুণ্যৰ উৎস মই– মোৰ
গান, মোৰ
কণ্ঠ। যোৱা
দুটা বছৰে সংগীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি তৃতীয়বাৰৰ বাবে সেই খিতাপ অৰ্জনেৰে
কলেজখনত এক ‘ইতিহাস’ গঢ়াৰ
সপোন এটা থন্থন্ কৈ ভাগি থাকিল। ভাগি থাকিল
এটা নিনাও, bathroom singer-ৰ নিৰ্মম কণ্ঠৰ আঘাতত,
যিটো
দুবছৰৰ শ্ৰেষ্ঠ সেইগৰাকী সংগীত শিল্পীৰ কাৰণে চৰম লজ্জাজনক, অপমানজনক,
বেদনাদায়ক
কথা।
‘ঐ! কথা এটা গম
পাইছনে নাই? দুই নম্বৰ গাৰ্লছ হোষ্টেলৰ সেইজনী, গান গোৱা ছোৱালীজনী
যে! বননি নে কি…’
‘ধ্যেৎ
!
বনানি,
বনানি
ভট্টাচাৰ্য।’
‘অঁ,
সেইজনীয়ে
হেনো এইবাৰ জান–প্ৰাণ দি প্ৰেক্টিচ কৰিছে,
হেটট্ৰিক
কৰিবই হেনো।’
‘তই ক’ত গম পালি?’
‘পালো আৰু! ইনফৰ্মাৰ ৰাখি থৈছোঁতো !’
‘হ’ব দে, তোৰ ইনফৰ্মাৰ
কোন ভালকেই জনা আছে, তোৰ চিৰীমতীহে!…’
‘চুপ্! আম খা, গুটি হিচাপ
কৰিছ কেলেই?’
সেয়া গানৰ
প্ৰেক্টিচৰ সময়ত কেইটামানে পাতি থকা কথা; গুৰুত্ব
দিয়া নাছিলোঁ, দিবলগীয়া বুলি ভবাও নাছিলোঁ। দৰকাৰ কি?
ইহঁতমখাৰহে
উৎপাত!
কিন্তু…
সেইদিনা
মোক সমুখত দেখি সিক্ত চকুযুৰিৰ পাৰ ভাগি গ’ল। বৰ কষ্টকৈ,
ভগা
ভগা এটা শব্দ মোলৈ বুলি ভাহি আহিল–
‘অভিনন্দন!’
অভিনন্দনো ইমান কৰুণ! ধন্যবাদসূচক
শব্দেৰে প্ৰত্যুত্তৰো দিব নোৱৰাকৈ!
চকুযুৰিয়ে যেন মোক
বহু কথাই ক’ব খুজিছিল–
‘এইটো
খিতাপ মোক পাবলৈ দিয়া হ’লে তোমাৰ
কি ক্ষতি হ’লহেঁতেন? ধূমকেতুৰ
দৰে আহি মোৰ বছৰজোৰা সাধনা থানবান কৰি, মোৰ মনটো
ভাঙি কি পালা তুমি? তুমি যি পালা, তাতোকৈ
মই বেছি হেৰুৱালোঁ… বহুত বেছি…।’
.কি
নো পালোঁ মই? একোৱেইতো নাপালোঁ!
বৰঞ্চ
যি আছিল, সেয়াও হেৰুৱাই থৈ হে আহিলোঁ– মোৰ অনাঘ্ৰাত হৃদয়খন – কৰুণ,
সিক্ত
চকুযুৰিৰ ওচৰত।
‘এই ছোৱালীবোৰ!
চকুপানীবোৰ যেতিয়াই তেতিয়াই উলিয়াওঁ
উলিয়াওঁকৈয়ে থাকে নেকি জা–নো!
খঙতো
চকুপানী, ৰঙতো চকুপানী– পেনপেনীয়া
কাৰবাৰ চব!’ – চিনেমা এখন চাই থাকোঁতে ভাবিছিলোঁ এদিন। অথচ মোৰ
সমস্ত আৱেগ এযুৰি সজল চকুত এক লহমাতে নিৱদ্ধ হৈ গ’ল
।
ট্ৰফি–চাৰ্টিফিকেটবোৰ
ফালি–চিৰি দলিয়াই থৈ আহিবলৈ মন গৈছিল। কিহে পাইছিল
মোক আধাবলীয়ামখাৰ কথা শুনিবলৈ ! সিহঁতে
পাবলগীয়াখিনি পালে, ৰং–ৰহইচ
কৰিলে, দুদিনতে পাহৰিও যাব। মইহে ৰৈ
গ’লোঁ বলিৰ পঠা হৈ।
পাছদিনাই
কলেজলৈ গৈ লগ কৰি কৈ পেলাম যেন লাগিছিল– ‘মই জনা
নাছিলোঁ এটা তিনিবছৰীয়া গোপন সপোনৰ কথা।
নহ’লে
কেতিয়াও চখ পূৰাবলৈ বুলিয়েই ষ্টেজত নুঠিলোহেঁতেন৷’
সঁচাকৈ,
জানি–শুনি কাৰোবাৰ অশ্ৰুৰ বন্যাত মই বিলাসৰ নৌকা
বিহাৰ কৰিব নোখোজোঁ। ইমানো
নিষ্ঠুৰ নহওঁ মই। কাৰোবাৰ
সপোনৰ সমাধিত বিজয় ধ্বজা উৰুৱাই নিজৰ সপোনৰ কাৰেং সজাৰ অধিকাৰ আছেনে মোৰ?
… অথচ মই ক্ষমা বিচাৰি মানসিক সন্তুষ্টি প্ৰাপ্তিৰ আশা কৰিবলৈ ইমান
স্বাৰ্থপৰো নহওঁ মই।
এসপ্তাহ
কলেজলৈ তাঁত-বাতি কৰিও খহাব নোৱাৰিলোঁ বুকুৰ ভাৰ। নিয়মীয়া
ক্লাছবোৰো কেতিয়াবাই আৰম্ভ
হৈছিল।
ল’ৰা–ছোৱালীবোৰৰ
হাঁহি–খিকিন্দালিৰে গিজগিজাই আছিল কমন ৰূম,
ক্লাছ
ৰূম, কলেজৰ উদ্যান– ‘বৃন্দাবন’। নাছিল,
সেইজুৰি চকু কিন্তু ক’তো
নাছিল।
…তাৰ পাছত কোনোদিনে
সেইখন কলেজত সেইজুৰি চকু মই দেখিবলৈ পোৱা নাছিলোঁ …
…বুকুৰ মাজত
কোনোকালে নিৰাময় হ’ব নোৱৰা ‘বিষ’ এটাই লাহে লাহে
গজালি মেলিবলৈ ধৰিছিল… বিষণ্ণতাত জৰ্জৰিত নিশাবোৰৰ যন্ত্ৰণা ক্ৰমশঃ বাঢ়ি
আহিছিল… ইমান অভিমান!!
… তাৰ
পাছত আৰু মই কোনোদিনে, কেতিয়াও
গান গোৱা নাই, গুণগুণোৱাও নাই; বাথৰূমতো। শাশ্বতীয়ে
মোক ‘গান’ বোলা
বিষয়টোৰ চাৰিঢাপৰ বাজত বিচৰণ কৰা এটা বেসুৰা (নে
সুৰবিহীন?) মানুহ বুলিয়েই জানে।
শাশ্বতীয়ে
খচমচাই আছে, টোপনি অহাই নাই। নামাতিলোঁ; থাকক।
হাজাৰ বিনিদ্ৰ
ৰজনীৰ চকুপানী গোটখাই থাকিলেও বুকুৰ ভিতৰত, নিভৃতত
এখন আছুতীয়া ঠাই কেৱল সেই চকুজুৰিৰ বাবেই থাকি গ’ল৷
চকুপানীৰ
বৰষুণত তিতি-বুৰিও মই কৃতজ্ঞ– কাহানিও
দেখিম বুলি আশা নকৰা, এখন মোহময,
আলফুলীয়া
পৃথিৱীৰ ৰুদ্ধ দুৱাৰ খুলি সেইজুৰি চকুৱে মোৰ সমুখত উন্মোচন কৰি দিলে সাতৰঙী ৰামধেনুৰে
সজ্জিত এখন বৰ্ণিল আকাশ। গান
বাদ দিও মই এটা বিনন্দীয়া, অথচ কাকো
শুনাব নোৱৰা সুৰৰ মায়াজালত আৱদ্ধ হৈ পৰিলোঁ। নিজকে হেৰুৱায়ো
কিবা এটা প্ৰাপ্তিৰ ঔজ্জ্বল্যত মই যেন ভাস্বৰ হৈ উঠিলোঁ।
মোৰ জীৱনে
মোট সলাইছিল।
মই চাকৰিত
যোগ দিছিলোঁ।
এদিন ঘৰত
মোৰ বিয়াৰ কথা–বতৰাই উকমুকনি তুলিলে। সেইদিনা
আকৌ চকুলোৰে সিক্ত বিষণ্ণতাই মোক এটা উজাগৰী নিশা ‘উপহাৰ’
দিলে।
শাশ্বতীয়েতো
বিয়াৰ নাম শুনি কন্দা–কটা কৰি
হুলস্থূল এটাই কৰি দিছিল– জানিব পাৰিছিলোঁ। ছোৱালীবোৰে
হেনো প্ৰথমতে এনেকুৱা কৰেই, পাছত চব
ঠিক হৈ যায়। এনেকুৱা
কিয় কৰে ছোৱালীবোৰে?
শাশ্বতীকো সুধি চাবলৈ মন আছিল –
‘কিয় কৰিছিলা
তেনেকুৱা?’
কিছুদিন
অসহজ হৈ থকা শাশ্বতী সঁচাকৈয়ে এদিন ‘ঠিক’
হৈ
গৈছিল।
… বুকুৰ গোপনৰো
গোপনত আলফুলীয়া অনুভৱটো শুৱাই থ’লোঁ… থৈছিলোঁ..
… বেদে
আজি জগাই দিলে ‘মে’ছে’জ’টোৰে–
‘লুকুৱাই থোৱা মানেই বেছিকৈ মনত ৰখা, ট্ৰফিটোৰ
কথা কৈছোঁ… সজাই থ’বি..
নিজৰ
পৰা লুকাই সাৰিব পাৰিবি জানো?… জীৱনটোত
আশা নকৰাবোৰেই ঘটে,
এইটোৱেই challenge
জীৱনৰ।
কথাবোৰ
সহজ কৰি ল ; জীৱনটোও.’
মই তেজ–মঙহৰ,
আৱেগ-অনুভূতি থকা মানুহ। এটা
অত্যন্ত স্পৰ্শকাতৰ সোঁৱৰণিক মোৰ সমুখলৈ ওভতাই আনি দিয়াৰ পাছত মই আগৰ মানুহটো হৈ
থকাটো অসম্ভৱ, থাকিব নোৱাৰোঁ; নিবিচাৰোঁও,
কোনেও
নোৱাৰে।
… বহুদিনৰ
পাছত, আজি মই এটা আলফুলীয়া,
মায়াময়
নিশালৈ বাট চাম– সীমাহীন আকুলতাৰে। এই ধুনীয়া
নিশাটোত মই সোঁৱৰণিৰ নীলিম সাগৰখনত অৱগাহন কৰিম। সাগৰতলিৰ পৰা উলিয়াই আনিম মুকুতাহেন
এযুৰি সিক্ত নয়ন। মোৰ চকুলোৰে
বিধৌত সেইখন সাগৰত মই প্ৰাণভৰি, হেঁপাহ
পলুৱাই নিজকে পখালিম, সাঁতুৰিম,
তিতিম…
বুৰিম…
আজি মই এটা মধুৰ সপোনলৈও বাট চাম, বাট চাম সেইযুৰি
সিক্ত নয়নৰ বাবে, যাক মই অতদিনে সাঁচি ৰখা গুপুত কথাবোৰ কম, কাহানিও নোগোৱা
গানবোৰ গুণগুণাম…
সেইটো সপোনত
শাশ্বতী নাথাকে।
আৰু শাশ্বতী!
তেৱোঁতো তেজ–মঙহৰ মানুহ!!
জানো, মই ভালদৰেই
জানো, শাশ্বতীয়েও আজি এটা আলফুলীয়া সপোনলৈ হেঁপাহেৰে বাট চাব, সোঁৱৰণিৰ লুণীয়া
সাগৰখনত উমলিব, নোকোৱা কথাবোৰ, নোগোৱা গানবোৰ গুণগুণাব…
মই এইটোও
জানো, শাশ্বতীৰ সেইটো সপোনত অৱধাৰিতভাৱেই মোৰ
প্ৰৱেশ নিষেধ।
***
ঠিকনা :
‘সেউজ পাম’, যোৰহাট।
ভ্ৰাম্যভাষ – ৯৪৩৫১৫৯০২১।