সম্পাদকলৈ চিঠি

 ‘এক আচৰিত সৌভাগ্য’
পঢ়ি

জুন মাহৰ অন্যযুগ’-
সঞ্জীৱ সভাপণ্ডিতৰ
 এক
আচৰিত সৌভাগ্য
 এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক বক্তব্য৷
লেখাটো পঢ়ি অভিভূত হৈ লেখকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ৷ তেখেতৰ লেখাটো পঢ়াৰ পাছত
কথাখিনিয়ে মনটো খুন্দিয়াই থাকোঁতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগা হ
 ভিড-১৯-ৰ বিপৰ্যস্ত সময়ত
সহায়ৰ হাত আগবঢ়াই এজনে মোলৈ বজাৰৰ সামগ্ৰী কিছুমান লৈ আহিছে৷ মানুহজনক দেখি হঠাতে
মনলৈ আহিল এইমাত্ৰ সভাপণ্ডিতে উল্লেখ কৰা সৌভাগ্যৰ অধিকাৰী এইজনেই নহয়নে
? প্ৰায় ডেৰ দশক জুৰি মানুহজনক
ওচৰৰ পৰা পাই আহিছোঁ
, দেহ-মনেৰে সুস্থ এগৰাকী তজবজীয়া ডেকা৷ মুখত
মিচিকীয়া হাঁহি আৰু কথাত আন্তৰিকতা নোহোৱাকৈ তেওঁক কাহানিও দেখা নাই৷ নতুন
চুবুৰিটোত দৈনিক খবৰ কাগজৰ যোগান ধৰিবলৈ গৈ এই পোন্ধৰ বছৰে কিহৰ যোগান নধৰাকৈ থকা
নাই তেওঁ! তেওঁৰ সেৱাৰ হিতাধিকাৰী কেৱল ময়ে নহয়
, ওচৰৰ-পাঁজৰৰ সকলো তেওঁৰ
সেৱা-ঋণগ্ৰস্ত৷ কিতাপ
, বহী, কাগজ, পেঞ্চিল, ডট্‌পেনৰ পৰা আৰম্ভ কৰি কৰিব পৰা
সকলো অনলাইন সেৱা তেওঁ অকণো আমনি নোপোৱাকৈ কৰি যায়৷ কেতিয়াবা দুই-এদিন ভাগৰুৱা যেন
লাগে। সুধিলে কয়
, লগৰজন বা লগৰজনৰ সম্বন্ধীয় কোনোবা হস্পিটেলত
আছে
, বেমাৰীৰ লগত থাকিবলগা হৈছে বা খোৱা-বোৱাৰ যোগাৰ দিবলগা হৈছে৷ লগৰ বুলিয়ে নহয়, চিনাকি যিকোনো লোককে সহায়
কৰিবলৈ যেন তেওঁ সদা প্ৰস্তুত! জীয়েক দুজনীকো সময় দিয়ে
, বছৰত এবাৰ দীঘলীয়াকৈ অসমৰ
বাহিৰলৈ সপৰিয়ালে ফুৰিবলৈ যাবলৈ বছৰৰ আৰম্ভণিতে আঁচনি যুগুত কৰে৷ আংশিক লক্‌ডাউনৰ
সময়ত দুপৰীয়াই ঘৰলৈ আহিবলগা হ
ল৷ দিনটো কি আমনি লগাই ঘৰত
এনেয়ে শুই-বহি থাকিব
? ওহোঁ নহয়, ঘৰটোত নতুনকৈ ৰং দিয়াৰ কাম আৰম্ভ কৰি দিলে৷
বাহিৰৰ গেট পৰ্যন্ত ৰং দি শেষ হোৱাৰ পাছত কাঠমিস্ত্ৰীৰ হাতুৰী-বটালি
, কৰতৰ বাকচ উলিয়াই ললে৷
এইবাৰ ঘৰৰ জোতাৰ ৰেক্
, পাকঘৰৰ মচলা থোৱা ৰেক্ আদি নতুন ডিজাইন দি
নিৰ্মাণ কৰা কামত লাগি গ
ল৷ গধূলি গধূলি অসমীয়া কিতাপ পঢ়াৰ নিচাতো আছেই যোৱা মাহত হোমেন বৰগোহাঞি আৰু
লক্ষ্মীনন্দন বৰাৰ কিতাপৰ নিৰ্বাচিত কিছুমানৰ পুনৰ পঠনেৰে সদ্যপ্ৰয়াত সাহিত্যিক
দুগৰাকীলৈ শ্ৰদ্ধা জনাইছে৷ বৰগোহাঞি তেখেতৰ অন্যতম প্ৰিয় লেখক৷ ডিব্ৰুগড়ৰ
সম্ভ্ৰান্ত প্ৰকাশক বনলতাৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্কৰ কাৰণে অনেক লেখক সাহিত্যিকৰ
লগত তেওঁৰ চিনাকি আছে৷ কাম কৰি যে অন্তৰৰ পৰা ভাল পায়
, যিমান সৰু ডাঙৰ কামেই নহওক
কাম শেষ হ
লে যি আনন্দপ্ৰাপ্তি হয় সেয়া তেওঁ অকপটে উপভোগ কৰে৷ 

সভাপণ্ডিতৰ লেখাটোৱে মোক জনালে, এই মানুহজনে কামত
গান বিচাৰিব
 জানে, কামৰ লগত গানৰ সম্পৰ্ক মানৱজাতিৰ আৰম্ভণিৰ পৰাই
যে! এই মানুহজনৰ
 দুয়োখন
হাত
, দুয়োটা চকু, দুয়োখন কাণ আৰু বুকুখন কামেৰে ভৰপূৰ হৈ থাকে, সেয়েহে এওঁ ইমান সৌভাগ্যৱান! May his tribe increase!

এনে এখন চকু গজোৱা ৰচনা লেখাৰ কাৰণে
সভাপণ্ডিতলৈ কৃতজ্ঞতা জনালোঁ৷ ৰচনাখনে কলেজত পঢ়া
 Miller of the Dee নামৰ কবিতাটোলৈ মনত পেলালে৷ 

ড° পৰমানন্দ মহন্ত

ডিব্ৰুগড়, ২৫ জুন,
২০২১