অন্যযুগ’-ৰ প্ৰতিটো সংখ্যাই ভাল লাগিছে।
অনলাইনতো বৰ্তমান এনেদৰে পঢ়িবলৈ পাই
 ভাল লাগিছে। অন্যযুগৰ তৰফৰ পৰা যুৱ প্ৰজন্মৰ মাজত  বিভিন্ন ধৰণৰ সাহিত্য  প্ৰতিযোগিতা একোটি মাজে মাজে
পাতিব
 পাৰে। স্হানপ্ৰাপ্তসকলৰ লেখা প্ৰকাশ কৰিব পাৰি।
প্ৰণৱ গোস্বামী


অন্যযুগ আলোচনীখন বহুত ভাল লাগিছে মোৰ। এগৰাকী ফটগ্ৰাফাৰ হিচাপে মোৰ ভাল  লাগিছে ফটোগ্ৰাফি শিতানটো থকা বাবে। মই আশা কৰোঁ, এই
আলোচনীখনৰ জৰিয়তে উদীয়মান
 
ফটগ্ৰাফাৰসকল উপকৃত হব।
 শেষত
আলোচনীখনৰ উজ্জ্বল ভৱিষ্যৎ
 কামনা কৰাৰ লগতে 
অভিনন্দন জনালোঁ।
সঞ্জয় বৰ্মন, বৰপেটা


জীয়নীয়া জেঠীনজীয়া এক ভিন্নস্বাদৰ গল্পৰ আমেজত ডুব গ’লোঁ৷ বিশেষকৈ  ফুলেশ্বৰী কুঁৱৰীৰ পৰা আৰম্ভ কৰি চিনেমা, গহনা, ব্ৰিটিছ— এই সকলো সামৰি এক  সাংঘাতিক যোগসূত্ৰ স্থাপন কৰাত গল্পকাৰ সফল হৈছে৷
পৰিস্মিতা বৰদলৈ


পৰিস্থিতি সাপেক্ষে অনাকাংক্ষিতভাৱে কেইবাটাও সংখ্যা বন্ধ হৈ থকাৰ পাছত  অন্যযুগে ইণ্টাৰনেট সংস্কৰণ ৰূপত
আমাৰ মাজলৈ অহাত নথৈ সুখী
হৈছোঁ৷ ইণ্টাৰনেট
  সংস্কৰণটো সুগঢ়ি, চকুৰোৱাকৈ সজাইছে৷ কিন্তু বৰ্ণাশুদ্ধিৰ
ক্ষেত্ৰত আসোঁৱাহ
 পাইছোঁ৷
কেইবাটাও কবিতাত বহুকেইটা ভুল প্ৰত্যক্ষ হ’ল৷ আন আন লেখাসমূহতো অনুৰূপ
 ই পঢ়ুৱৈ
বিৰক্ত কৰিব পাৰে! আগলৈ সচেতন হ’ব বুলি আশা ৰাখিলোঁ৷

অন্যযুগ অনন্য হওক, দীৰ্ঘজীৱী হওক৷


ঋতুবাস্তৱ হাজৰিকা


আদিত্য পলিক্লিনিক, মানকটা ৰোড, 
ডিব্ৰুগড় (অসম)


চাকৰি সংক্ৰান্তত ইফালেসিফালে যাবলগীয়া আৰু একান্ত ব্যক্তিগত সমস্যাত পৰাত অনিয়মীয়া হৈছিল অন্যযুগ আলোচনীখন পঢ়াত৷ সেয়ে ইসংস্কৰণটো পা ভাল পালোঁ৷
পূর্ণনাথ বৰা