অমৃত গোস্বামী
‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত
চৰিত্ৰ৷
শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷ জন্মৰ সময়ত শিশুপালৰ দেহৰ লক্ষণ
আছিল অস্বাভাৱিক, তিনিটা চকু আৰু চাৰিটা বাহু৷ তেওঁৰ জন্মৰ সময়তে এক দৈৱবাণী শুনিবলৈ
পোৱা গৈছিল যে যিজনে এই বালক শিশুপালক কোলাত লওঁতে তেওঁৰ দেহৰ এই অতিৰিক্ত অংগবোৰ নোহোৱা
হৈ দেহটো স্বাভাৱিক অৱস্থাৰ হ’ব, পিছত সেইজনেই শিশুপালৰ মৃত্যুৰো কাৰণ হ’ব৷ বহু লোক,
ৰজা-মহাৰজাই কোলাত লোৱাৰ পাছতো শিশুপালৰ দেহৰ কোনো পৰিৱৰ্তন নহ’ল, কিন্তু কৃষ্ণই কোলাত
লোৱা মাত্ৰকে শিশুপালৰ অতিৰিক্ত হাত-চকু নোহোৱা হৈ পৰিল৷ তেতিয়াই শিশুপালৰ মাতৃয়ে
বুজিব পাৰিছিল যে এদিন কৃষ্ণৰ হাততেই তেওঁৰ পুত্ৰৰ মৃত্যু ঘটিব৷
শিশুপালৰ মাতৃৰ অনুৰোধত
শ্ৰীকৃষ্ণই প্ৰতিশ্ৰুতি দিছিল যে শিশুপালৰ এশটা লৈকে অপৰাধ তেওঁ ক্ষমা কৰিব৷
যুধিষ্ঠিৰে ৰাজসূয়
যজ্ঞ অনুষ্ঠিত কৰাৰ সময়ত যজ্ঞত উপস্থিত থকা সকলৰ মাজৰ বিশেষ এজনক বিশেষভাৱে সন্মানিত
কৰাৰ উদ্দেশ্যে এক প্ৰস্তাৱ লোৱা হৈছিল৷ এই বিষয়ৰ আলোচনাত পিতামহ ভীষ্মই ঘোষণা কৰিছিল
যে শ্ৰীকৃষ্ণই হৈছে এই সন্মানৰ বাবে আটাইতকৈ যোগ্য প্ৰাৰ্থী৷ এই প্ৰস্তাৱ শিশুপালে
সহ্য কৰিব নোৱাৰিলে৷ এই লৈ শিশুপালে যজ্ঞস্থলীতে উপস্থিত সকলো লোকৰ সন্মুখতে শ্ৰীকৃষ্ণক
বিভিন্ন ধৰণে সমালোচনা-কটাক্ষ কৰিছিল৷ শিশুপালৰ মতে কৃষ্ণ কোনো ৰজা বা মহাৰজা নহয়,
তেওঁ মাত্ৰ এজন সামান্য গোৱালৰ পুত্ৰ৷ গতিকে কৃষ্ণ এই সন্মানৰ অধিকাৰী হোৱাৰ যোগ্য
ব্যক্তি নহয়৷
শিশুপালে সভাৰ মাজতেই
কৃষ্ণক গালি-গালাজ পৰা আৰম্ভ কৰি এটা এটাকৈ বহু অপমানজনক কথা কৈছিল৷ কৃষ্ণই এইবোৰ সকলো
ধৈৰ্যসহকাৰে শুনি সহ্য কৰি গৈছিল৷ শ্ৰীকৃষ্ণই পেহীয়েকক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি
এশটালৈকে অপমান সহ্য কৰিলে৷ কিন্তু যেতিয়া এশটাৰো অধিক হ’ল, তেতিয়া কৃষ্ণই আৰু ক্ষমা
নকৰিলে; সুদৰ্শন চক্ৰৰ দ্বাৰাই শিশুপালৰ মুণ্ডচ্ছেদ কৰিলে৷
যদিও শিশুপাল এজন
শক্তিশালী বীৰ আছিল, তেওঁ মহা অহংকাৰী আছিল৷ মহাভাৰতত তেওঁক অধিকাৰ আৰু অহংকাৰৰ এক
প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে৷ অহংকাৰ, ঈৰ্ষা আৰু শ্ৰীকৃষ্ণক কৰা সীমাহীন অপমানে
তেওঁৰ পতন ঘটালে৷
শিশুপাল এনে এক চৰিত্ৰ,
যাক সাধাৰণতে খলনায়ক হিচাপে চিহ্নিত কৰা হলেও গভীৰ বিশ্লেষণত তেওঁক এজন বীৰ হিচাপেও
গ্ৰাহ্য কৰা হয়৷ তদুপৰি শিশুপালৰ ব্যক্তিত্ব দাৰ্শনিকভাৱে গুৰুত্বপূৰ্ণ হিচাপে উদ্ভাসিত
হৈছে৷
যদিও শিশুপালৰ পতনৰ
মূল কাৰণ অহংকাৰ আৰু অসহিষ্ণু মানসিকতা, জন্মৰ সময়ৰ ভৱিষ্যদ্বাণীয়েই তেওঁৰ জীৱনক
আৰম্ভণিৰ পৰাই এক সংঘাতৰ দিশে ঠেলি দিছিল৷
শ্ৰীকৃষ্ণৰ মহিমা,
জনপ্ৰিয়তা আৰু ৰাজনৈতিক প্ৰভাৱ শিশুপালে সহ্য কৰিব পৰা নাছিল৷ এই অসহিষ্ণুতাই ধীৰে
ধীৰে বিদ্বেষৰ ৰূপ লয়৷ তদুপৰি শিশুপালৰ ভাষা আছিল তীক্ষ্ণ, ব্যঙ্গাত্মক আৰু অপমানসূচক৷
কিন্তু লক্ষ্যণীয় বিষয় এইটো যে তেওঁৰ সকলো অপমান আৰু ক্ৰোধ কেৱল শ্ৰীকৃষ্ণক কেন্দ্ৰ
কৰিহে আছিল৷ অৰ্থাৎ তেওঁ সচেতন বা অবচেতনভাৱে কৃষ্ণক নিজৰ চেতনাৰ একমাত্ৰ কেন্দ্ৰ কৰি
লৈছিল৷
শিশুপালৰ মৃত্যুৰ
ঘটনাটো মহাভাৰতৰ এক গভীৰ দাৰ্শনিক ঘটনা৷ মৃত্যুৰ পিছত শিশুপালৰ আত্মা কৃষ্ণৰ লগত বিলীন
হোৱা বুলি কোৱা হয়৷ এনেদৰে বিদ্বেষৰ পিছতো এজনৰ আত্মা ভগৱানৰ লগত বিলীন হোৱা কাৰ্যৰ
তত্ত্বটোক ভক্তি–বিদ্বেষ তত্ত্ব বুলি কোৱা হয়৷ এই তত্ত্ব অনুসাৰে ঈশ্বৰক সম্পূৰ্ণভাৱে
স্মৰণ কৰিলে, সেয়া ভক্তিৰেই হওক বা বিদ্বেষেৰেই হওক, আত্মাৰ মুক্তি সম্ভৱ৷ শিশুপালৰ
ক্ষেত্ৰত বিদ্বেষেই তেওঁৰ মুক্তিৰ বাবে কৰা সাধনাৰ পথ হৈ পৰে৷ হিৰণ্যকশিপু, ৰাৱণ আৰু
কংসৰ চৰিত্ৰ এই ভক্তি-বিদ্বেষ তত্ত্বৰ অৰ্থাৎ বৈৰীভাৱে ভগৱানক চিন্তা কৰা চৰিত্ৰৰ শ্ৰেণীত
পৰে৷
সংস্কৃত সাহিত্যৰ
‘শিশুপালবধ’ কাব্যত শিশুপালক কেৱল খলনায়ক হিচাপে নহয়, বৰঞ্চ এজন বাকপটু, সাহসী আৰু
আত্মমৰ্যাদাবোধসম্পন্ন চৰিত্ৰ হিচাপে অংকন কৰিছে৷ ইয়াত তেওঁৰ পতনক এক বিয়োগাত্মক
নায়কৰ পতন হিচাপে দেখুওৱা হৈছে—য’ত গুণ আৰু দোষৰ একেলগে উপস্থিতি দেখিবলৈ পোৱা যায়৷
উপসংহাৰত ক’ব পাৰি
যে শিশুপালৰ চৰিত্ৰই মহাভাৰতৰ দাৰ্শনিক গভীৰতাৰ স্পষ্ট ইংগিত বহন কৰে৷ কাহিনীটোৱে আমাক
শিকায় যে অহংকাৰ মানৱ পতনৰ মূল কাৰণ৷ তদুপৰি ইয়াকো শিকায় যে যদি কোনোবাই ঈশ্বৰক
অস্বীকাৰ কৰিও তেওঁক চেতনাৰ কেন্দ্ৰৰ পৰা আঁতৰাব নোৱাৰে, তেন্তে সেই অস্বীকাৰেই এদিন
মুক্তিৰ পথলৈ পৰিৱৰ্তিত হৈ উঠিব পাৰে৷
ভক্তি-বিদ্বেষ তত্ত্ব
মূলতঃ বৈষ্ণৱ দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা৷ ইয়াৰ যোগেদি কোৱা হয় যে ভগৱানৰ প্ৰতি
অত্যন্ত কেন্দ্ৰীভূত চিত্ত যদি হয়, সেয়া প্ৰেম বা ভক্তিভাৱেৰে হওক অথবা তীব্ৰ বিদ্বেষ
বা ঘৃণাভাৱৰেই হওক, তেন্তে তাৰ ফলস্বৰূপে জীৱই মুক্তি লাভ কৰিব বা ঈশ্বৰত বিলীন হ’ব
পাৰে৷
অপৰাধ বিনাশন!