কেনে আছে যুৱক সংঘবোৰ?

 সত্যজিৎ গগৈ

যোৱা কেইটামান বছৰৰ আগলৈকে অসমৰ
গাৱেঁ-ভূঞে বহু যুৱক সংঘ আছিল৷ কোনো কোনো ঠাইত এখন গাঁওৰ মাজতে একো একোতা যুৱক সংঘ
আছিল৷ অন্য কিছু ঠাইত দুই/ তিনিখন গাঁও লগ হৈ একোটা যুৱক সংঘ আছিল৷ যুৱক সংঘ বুলি
কওঁতে কেৱল যুৱকসকলৰ হে সংঘ আছিল তেনে নহয়৷ গাঁওখনৰ বা অঞ্চলটোৰ সকলো যুৱক-যুৱতী
লগ হৈ একো
একোটা সংঘ প্ৰতিষ্ঠা কৰিছিল৷ যত আছিল
পুথিভঁৰালৰ সুবিধা
, কেৰম, ফুটবল,
ক্ৰিকেট, ভলীবল আদি খেলাৰ সুবিধা৷ যাৰদ্বাৰা
সমাজৰ শিশুসকলৰ মাজত
, জেষ্ঠসকলৰ মাজত বিভিন্ন সময়ত বিভিন্ন
ধৰণৰ কৰ্মশালা
, প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি অঞ্চলটো বা
গাঁওখনৰ শৈক্ষিক
, সাংস্কৃতিক, সামাজিক
অথবা খেলৰ দিশত আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰা হৈছিল৷ একো
একোটা
সংঘই এখন এখন সমাজ পৰিচালনা কৰিছিল৷ বিভিন্ন খেল
, সাহিত্য
আৰু সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হৈ সংঘৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই
আনিছিল৷ মাঘ বিহুৰ উদযাপনৰ বাবে জেষ্ঠসকলৰ পৰামৰ্শ লৈ সম্পূৰ্ণ প্ৰস্তুতি যুৱক সংঘসমূহে
কৰিছিল৷ বহাগ বিহুত হুঁচৰি গাই ৰাইজৰ গৃহত পদধূলি পেলাই উঠা টকাৰে গাঁও বা
অঞ্চলটোত বিভিন্ন ধৰণৰ সামাজিক কৰ্মত ব্যৱহৃত প্ৰয়োজনীয় সা-সামগ্ৰী সমূহ যেনে ৰভা
দিবৰ বাবে প্ৰয়োজনীয় তিৰ্পাল
, স্কীণ, ৰন্ধা-বঢ়াৰ
বাবে প্ৰয়োজনীয় কেৰাহী
, কৰ্চলি, গ্লাছ,
গামলা, ৰিংবল, থালী,
জাৰ, খন্টি, বহিবৰ বাবে
চকী আদি ক্ৰয় কৰি সংঘৰ নামত ৰাখিছিল৷ সমাজত যেতিয়াই যাক প্ৰয়োজন হৈছিল
, তেওঁলোকে সংঘৰ সম্পাদকৰ লগত যোগাযোগ কৰি নিজ নিজ অনুষ্ঠানসমূহলৈ লৈ যাব
পাৰিছিল৷ ইয়াৰ পৰা দুই ধৰণে লাভ হৈছিল৷ প্ৰথমে ৰাইজে সহজতে ওচৰতে আৰু কম খৰচতে
প্ৰয়োজনীয় সকলো সামগ্ৰী লাভ কৰিলে৷ দ্বিতীয়তে যুৱক সংঘইও সেই সামগ্ৰী সমূহ ভাড়ালৈ দি
পোৱা টকাৰে দুখীয়া শিক্ষাৰ্থীসকলক সহায় কৰিছিল আৰু সংঘ পৰিচালনাৰ ক্ষেত্ৰত সহায়
কৰিছিল৷ তদুপৰি যুৱক যুৱতীসকলে নাটক
, গীত-মাত আদিৰ অনুষ্ঠান
সমূহ পৰিৱেশন কৰি ৰাইজক আমোদ দিছিল৷ বহু সময়ত যুৱক সংঘ সমূহৰ উদ্যোগত
ভাগ্য-পৰীক্ষাৰ খেল অনুষ্ঠিত কৰিও সংঘৰ বাবে বৰঙণি সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা
ভ্ৰাম্যমাণ থিয়েটাৰ
, যাদু খেল, পুতলা
নাচ আদি  আমন্ত্ৰণ কৰি আনি প্ৰদৰ্শন কৰি
বৰঙণি সংগ্ৰহ কৰি সেই টকা সমাজৰ হিতৰ কাৰণে ব্যৱহাৰ কৰিছিল৷ যুৱক সংঘসমূহে সকলোকে
এক কৰি ৰাখিব পাৰিছিল৷ সমাজক ঘূণে ধৰিব
লৈ নিদিছিল৷ সৰুৱে
ডাঙৰক
, ডাঙৰে সৰুক কিদৰে মান-সন্মান কৰিব লাগে, সেই বিষয়েও আলাপ-আলোচনা কৰি জ্ঞান প্ৰদান কৰি শিষ্টাচাৰ শিকোৱা হৈছিল৷ আমি
পি
লৈ দেখিবলৈ পাইছিলোঁ যে সমাজত যদিহে কাৰোবাৰ ঘৰত মাটি
এনেই পৰি আছে৷ তেন্তে সেই মাটিখিনি  যুৱক
সংঘসমূহে  লৈ বিভিন্ন শস্যৰ খেতি কৰি
স্বাৱলম্বী হোৱাৰো চেষ্টা কৰিছিল আৰু বহুজনৰ আদৰ্শস্বৰূপ হৈ পৰিছিল৷

     
কিন্তু ইমানবোৰ কৰাৰ পিচতো বৰ্তমান সময়ত যুৱক সংঘ বুলিবলৈ একোৱেই নাই৷ আঙুলিৰ
মূৰত গণিব পৰা নামমাত্ৰ যি কেইটা যুৱক সংঘ আছে৷ তাৰ সভাপতি/সম্পাদকসকল বিবাহিত একো
একোজন পুৰুষ৷ য
ত এতিয়া সমাজৰ বাবে একো বিচাৰি পোৱা নাযায়৷ সন্ধিয়া হলেই সেই যুৱক সংঘসমূহত মদ আৰু যোৱাৰ আড্ডা বহে৷ ৰাজনীতিৰ বেয়া বেয়া কথাবোৰ
আলোচনা হয়৷ নহ
বইনো কিয়! চৰকাৰেও সেই যুৱক সংঘসমূহৰ
আন্তঃগাঁঠনিৰ বাবে টকা দিছে৷ গতিকে এতিয়া সেই তাহানিৰ যুৱক-যুৱতী সকলৰ তথা সমাজৰ
প্ৰিয় অনুষ্ঠান যুৱক সংঘ নাইকিয়া হ
ল৷ এতিয়া যুৱক সংঘৰ নামত
শীত-তাপ নিয়ন্ত্ৰিত একো একোটা কোঠালিহে দেখা যায়৷ সেয়েহে  বৰ্তমানৰ আমাৰ সমাজৰ অৱস্থা এইয়া৷ এতিয়া যুৱক
সংঘ কেৱল স্মৃতিৰ পাততহে৷

 

ঠিকনা:-

চাচনি-৭৮৬৬১০

নাহৰকটীয়া৷

ডিব্ৰুগড়৷

অসম৷

মো-৭৩৯৯৬৬২৮৬৭