লজেঞ্চ দিয়া লʼৰাজন

অমৃত গোস্বামী

 

       
আমাৰ ঘৰৰ আটাইকেইজন ল
ʼৰা-ছোৱালীয়ে‌ দহোটীয়া
হাইস্কুলত পঢ়া-শুনা কৰা।‌ দহোটীয়া হাইস্কুললৈ‌ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং ৰাষ্ট্ৰীয়
ঘাইপথেদি দুই কিলোমিটাৰমান যোৱাৰ পাছত, আকৌ ডেৰ কিলোমিটাৰমান গাঁৱলীয়া ৰাস্তাৰে সোমাই
যাব লাগে। মোক মোৰ মাজুদাদাই কোৱামতে, মাজুদাদা প্ৰথমদিনা স্কুললৈ যাওঁতে, সেইখন স্কুলতে
আগৰে পৰা ওপৰ ক্লাছত পঢ়ি থকা আমাৰ সৰু বাইদেউৰ লগত গৈছিল। আৰু লগত আছিল বাইদেউৰে বান্ধবী
নিৰু বাইদেউ।‌ সেইদিনা মাজুদাদা আৰু বাইদেউ যেতিয়া স্কুল গৈ পাইছিল, তেতিয়া স্কুলৰ
দীঘল বাৰান্দাখনৰ এটুকুৰা ঠাইত এজন ডাঙৰ চকুৰ বগা ঘূৰণীয়া মুখৰ মৰম লগা ল
ʼৰা থিয় হৈ আছিল, আৰু সেই অচিনাকি লʼৰাজনে মোৰ মাজুদাদাক গৈ পোৱা মাত্ৰকে  এটা লজেঞ্জ উপহাৰ দিছিল। পাছত দাদাই জানিব পাৰিছিল
যে সেই ল
ʼৰাজনৰ নাম আখতাৰ, আৰু তেৱোঁ সেইদিনা প্ৰথম
বাৰৰ বাবে স্কুলখনলৈ আহিছে, আৰু দাদাৰ সৈতে একে ক্লাছতে নাম ভৰ্তি কৰিছে। লাহে লাহে
আখতাৰদা আৰু মাজুদাদাৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল।

          সিদিনা  মাজুদাদাই তেওঁৰ হাইস্কুলৰ প্ৰথম দিনটোৰ উপলদ্ধি
মোক এনেদৰে কৈছিল :

       
“শিল দিয়া ছেউনী আলিৰে ডেৰমাইলমান গৈ বাওঁফালে ঘূৰি বাইদেউৰ (লগত  নিৰু বাইদেউ) পিছে পিছে খোজ কাঢ়ি দহবছৰ বয়সৰ অমুকাই
দহোটীযা  হাইস্কুল পোৱাৰ সেই দিনটো দিগ্বিজয়
কৰাৰ দিন এটাৰ দৰে মনত এতিয়াও সঞ্চিত হৈ আছে। স্কুলৰ দীঘল বাৰাণ্ডাৰ ইটো মূৰত ডাঙৰ
চকুৰ বগা ঘূৰণীয়া মুখৰ আখতাৰে নি:শব্দে হাঁহি হাঁহি তাৰ হাতৰ মুঠিত থকা ভালেকেইটা
লজেঞ্জৰ এটা মোকো দিয়াৰ সেই ছবিখনো মোৰ সোঁৱৰণি চিত্ৰপটত আঁকি থোৱা আছে। পাঠকে বুজিবলৈ
যত্ন কৰা উচিত যে সেই কালত আমাৰ সেই বয়সত দোকানৰ লজেঞ্জ এটা একেবাৰেই সুলভ বস্তু নাছিল
। ডেকাকালত সাধাৰণতে বগা পেণ্ট আৰু ৰঙীন ছাৰ্ট পিন্ধা অনবৰতে হাঁহিমুখীয়া আখতাৰ আমাৰ
সেই অঞ্চলত আমাৰ প্ৰজন্মৰ প্ৰথম এম্বেচেদৰ গাড়ী চলোৱা যুবক আছিল। মই কলেজৰ দিনত অনবৰতে
পঢ়াশুনা লৈ চিন্তিত হৈ থকা বাবে আখতাৰে মোৰ মন ভাল লগাবলৈ সদায় চেষ্টা কৰিছিল।”

 

 

       
পাছলৈ আখতাৰদা আমাৰ ঘৰলৈ কেইবাবাৰো আহিছিল আৰু নিশ্চয় মাজুদাদাও একেদৰে  আখতাৰদাহঁতৰ ঘৰলৈ অহা-যোৱা কৰিছিল।

       
মোৰ মাজুদাদা আৰু আখতাৰদা স্কুলত সদায় একেখন বেঞ্চতে  বহিছিল।‌ আখতাৰদাই  ভূগোলৰ 
কথাবোৰ বৰ ভালদৰে জানিছিল। ছাণ্টাক্ৰুজ যে তেতিয়াৰ বোম্বাইৰ বিমানঘাটি, সেইটো
কথা আখতাৰদাই তেতিয়াই জানিছিল, আৰু মাজুদাদাকো জনাইছিল।

       
পাছলৈ আখতাৰদা  আৰু আমাৰ মাজুদাদাৰ মাজৰ
বন্ধুত্ব স্থায়ী হৈ পৰিছিল। আখতাৰদাই পঢ়া-শুনা শেষ কৰাৰ পাছত টেক্সিগাড়ীৰ ব্যৱসায়
কৰিছিল। আখতাৰদাই মাজুদাদাৰ বিয়াত দৰা যাবৰ কাৰণে বেলেগ গাড়ী ভাৰাত লʼবলৈ দিয়া নাছিল।
আখতাৰদাদাই  নিজে চলোৱা গাড়ীতেই মাজুদাদাই
দৰা সাজি আমাৰ ঢাপকটা সত্ৰৰ পৰা পুৰোহিত, দৰাধৰা আদি সমন্বিতে, ৰোষেশ্বৰ বৰুৱা আলিয়েদি
ডিফলু সত্ৰৰ, কইনাঘৰলৈ গৈছিল।‌

       
তেতিয়াৰ দিনতে আমাৰ অঞ্চলৰ আখতাৰদা, চাহাজাদাদা, তয়বুৰদা, জয়দা আদিৰ লগত
আমাৰ দাদাহঁতৰ এক ঘৰুৱা আৰু মিলাপ্ৰীতিৰ সম্বন্ধ আছিল। আৰু আমাৰ সেই মিলাপ্ৰীতিত ধৰ্মৰ
ভিন্নতাই কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল। আনকি আমাৰ ধৰ্মপ্ৰাণ মা-দেউতাহঁতেও আমাৰ
সেই মিলাপ্ৰীতি অতি সহজভাৱেই গ্ৰহণ কৰিছিল। 
বিবিধ ধৰ্ম যেন  মানুহৰ সামাজিক বৈচিত্ৰ্যৰ
কথাহে আছিল, বিভেদৰ কথা নাছিল!

 

ঠিকনা :

চাৰ্ভে, গুৱাহাটী -৭৮১ ০২৮

ফোন নং: ৯৪৩৫০ ১৪৪৫৫