টেঙা-মিঠা

 অমৃত গোস্বামী

 

‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা
কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসমত যথেষ্ট পৰিমাণে পোৱা যায়৷‌
গৰমৰ দিনত আমি প্ৰায়েই খাওঁ, পেট ঠাণ্ডা কৰি ৰাখে৷” — এই বুলি কৈ পুণা নিবাসী হাজৰিকাৰ
মহাৰাষ্ট্ৰীয়ান পৰিবাৰে, আমি তেখেতসকলৰ ঘৰ গৈ পোৱাৰ পিচতে, সুন্দৰ, আলংকাৰিক, কাচৰ
ৰঙীন গিলাচত, শৰ্মা আৰু মোক পুৰণি কুঁজীথেকেৰাৰ চৰ্পত একো গিলাছকৈ আগ বঢ়াই দিছিল৷ বিজয়
হজৰিকা সেই সময়ত ঘৰত নাছিল, আমি তেখেতসকলৰ ঘৰ গৈ পোৱাৰ কিছু সময়ৰ পাছতহে তেখেত আহি
ঘৰ সোমাইছিলহি৷ আমাক চৰ্পত দিয়াৰ সময়ত হাজৰিকাৰ পৰিবাৰে আমিও যে অসমীয়া, হয়তো সেইটো
কথা পাহৰিয়েই গৈছিল৷
 

কেইদিনমান বেলিটোৱে ৰাতিপুৱাতে খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই‌
আছে৷ আজিও বেছ গৰম পৰিব চাগৈ৷ গৰমত পেটলৈ
ভাল বুলি কালি ৰাতিয়েই থেকেৰা কেইফুটামান চিঁচাৰ গিলাছ এটাত তিয়াই থৈছিলোঁ৷ আজি এয়া
খাবলৈ লওঁতে হাজৰিকাৰ পৰিবাৰে সুদূৰ পুণাত অসমৰ কুঁজী থেকেৰাৰ প্ৰশংসা কৰি, থেকেৰাৰ চৰ্পত আগ্ৰহেৰে খুউৱাৰ ছবিখন মনলৈ আহিল৷
 

থেকেৰা পেটৰ অগ্নিবৰ্ধক বা জীৰ্ণকাৰী শক্তিবৰ্ধক৷ সৰুতে পেটটো
চিকুট মাৰি ধৰিলে, মায়ে পিছদিনা খালিপেটত খুউৱাৰ কাৰণে থেকেৰা পানীত তিয়াই থয়৷ পাছদিনা
পুৱা তেনে থেকেৰা-পানী খায়েই তেতিয়া আমি পেট-কামোৰণি বা পেট চিকুট মাৰি ধৰা অসুখৰ পৰা
সকাহ পাইছিলোঁ৷
 

পুৰণি কালৰ পৰাই অসমীয়া মানুহে থেকেৰাক ঔষধ হিচাপে ব্যৱহাৰ
কৰি আহিছে৷ বৰ থেকেৰা, কুঁজী থেকেৰা‌ আৰু ৰূপহী থেকেৰা নামৰ তিনিবিধ থেকেৰাৰ ভিতৰত
কুঁজী থেকেৰাতে ঔষধী গুণ অধিক মাত্ৰাত পোৱা যায়৷‌  
 

ঔষধৰ উপৰিও অসমীয়া খাদ্য ৰন্ধনৰ বেলিকাও থেকেৰা উপকৰণ ৰূপে
ব্যৱহাৰ কৰা হয়৷ থেকেৰা এবিধ মিঠা সোৱাদযুক্ত টেঙা৷ সেইবাবেই থেকেৰাটেঙা দি ৰন্ধা অসমীয়া
মানুহৰ প্ৰিয়, মাছৰ টেঙা জোলখন খাবলৈ‌ বৰ  সুস্বাদু
হয়; টেঙা-মিঠা৷ 
 

আমাৰ পুৰণা ঘৰৰ বাৰীৰ উত্তৰ ফালৰ ঢাপটোত এজোপা প্ৰকাণ্ড কুঁজী
থেকেৰাৰ গছ আছিল৷ এনেকুৱা দিনত সেই থেকেৰাজোপাৰ পৰা কিছুমান থেকেৰা তল সৰি, আৰু কিছুমান
কেৰ্কেটুৱাই আধা খাই নষ্ট কৰি তলত পেলোৱা থেকেৰাৰে, গছজোপাৰ তলখন গেৰেকনি হৈ থাকে৷‌
‘বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে’  বোলা
আপ্তবাক্যষাৰ তেতিয়াৰ আমাৰ ঘৰৰ সেই থেকেৰাজোপাৰ থেকেৰাবোৰৰ ক্ষেত্ৰত সুন্দৰকৈ প্ৰযোজ্য হৈছিল৷‌ মাৰ বাহিৰে থেকেৰা যে কিবা এবিধ ভাল বস্তু, আদৰেৰে সাঁচি-ৰাখি থ’ব লগা বস্তু,
সেই কথা আন কোনোৱেই গ্ৰাহ্য নকৰিছিল৷ মায়েহে কেৱল, ‘থেকেৰাবোৰ গোটেই নষ্ট হ’ব এতিয়া,
পৰাব লাগিছিল, ৰ’দত দি শুকুৱাব লাগিছিল’ , ইত্যাদি ইত্যাদি কথাকৈ ইচ্ ইচাই থাকে৷
 

শেষত যেনিবা খৰি ফালিবলৈ বা জেওৰা-জপনাৰ কাম কৰিবলৈ ঘৰলৈ অহা
কোনোবা মানুহৰ হতুৱাই থেকেৰাবোৰ মায়ে গছৰ পৰা পৰোৱাৰ ব্যৱস্থা এটা কৰে৷ পাছত মায়ে সেই
থেকেৰাবোৰৰ ভিতৰৰ গুটিবোৰ গুচাই, থেকেৰাবোৰ চকল-চকলকৈ কাটি ৰ’দত ডাঙৰ বাঁহৰ ঢাৰি
এখন পাৰি, তাতে কেইবাদিনো ধৰি শুকাবলৈ মেলি দিয়ে৷ এইদৰে শুকাবলৈ দিয়া থেকেৰাবোৰ প্ৰথমৰ
দুদিনমান বৰ যত্ন ল’ব লাগে৷‌ চকলা-চকলকৈ কটা এঠাযুক্ত থেকেৰাবোৰ ঢাৰিখনত কেইদিনমানলৈ
লাগি লাগি ধৰে৷‌ প্ৰতেক দিনা এইদৰে ৰ’দত দিয়া থেকেৰাবোৰ, আবেলি পৰত তামোলকটাৰী এখনৰ
আগটোৰে, বা বাঁহৰ এবেগেতমান দীঘল কাঠি এডালৰে খুঁচি 
খুঁচি ঢাৰিখনৰ পৰা এৰুৱাই, খৰাহি বা অন্য
কিবা এটা পাত্ৰত থ’ব লাগে৷ পাছদিনাখন আকৌ আগদিনাৰ দৰে ঢাৰিখনত ৰ’দত দি শুকুৱাব লাগে৷
এইদৰে ৰ’দত দি শুকুওৱা থেকেৰাখিনিৰ পাছলৈ অৱশ্যে এই এঠা লাগি ধৰাটো ক্ৰমান্বয়ে কমি আহে৷
একে লেঠাৰিয়ে কেইবাদিনো ধৰি শুকুওৱাৰ‌ পাছত, ৰ’দত শুকাই থেকেৰাখনিৰ পৰিমাণটোও কমি আহে৷
প্ৰথম অৱস্থাত কাটি ৰ’দত দিয়াৰ সময়ত এপাচিমান হোৱা থেকেৰাখিনি, পাছলৈ শুকাই কমি নাওমান
খৰহি এটাৰ এখৰাহিমানহে হয়গৈ৷‌ কেইবাদিনো ধৰি এনেদৰে টান ৰ’দত দি শুকুওৱা থেকেৰাবোৰৰ
বৰণটো পাছলৈ কিচকিচিয়া ক’লা হৈ পৰে৷ শুকাই কৰ্কৰীয়া মৰা শুকান থেকেৰাবোৰ একেবাৰে শেষত
গৈ যেতিয়া চিঁচাৰ ডাঙৰ বৈয়াম এটাতে অঁটা হয়, মায়ে তেতিয়া থেকেৰাখিনত মিঠাতেল অকণমান
সানি বৈয়াম এটাত ভৰাই থয়৷ এনেদৰে মিঠাতেল সানি বৈয়ামত ভৰাই থোৱা থেকেৰাবোৰ বোলে
কেইবা বছৰলৈও
  ভালে থাকে৷ 

থেকেৰা পুৰণি হ’লেহে বেছি ভাল হয়৷ চোকো বৃদ্ধি পায়, ঔষধী গুণো
বৃদ্ধি পায়৷‌ —ওচৰৰ মানুহে তেওঁলোকৰ ব্যৱহাৰৰ বাবে সদায় পুৰণি থেকেৰাহে বিচাৰে৷

“কুঁজী থেকেৰাৰ চৰ্পত যে মানুহে উৎকৃষ্ট ঔষধী পানীয় বুলি আৱিষ্কাৰ
কৰিলে, কোনে কৰিলে ৰেক
ৰ্ড নাই বুলিয়েই সেইটো তুচ্চ আবিষ্কাৰ বুলিমনে?” 

 

ঠিকনা :                                 

চাৰ্ভে, চন্দন নগৰ,
বেলতলা, গুৱাহাটী -৭৮১০২৮
 

ভ্ৰাম্যভাষ – ৯৪৩৫০
১৪৪৫৫